মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / অসমৰ খেতিপথাৰত ত্ৰাস সৃষ্টিকাৰী শূঁৰ পোক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ খেতিপথাৰত ত্ৰাস সৃষ্টিকাৰী শূঁৰ পোক :

অসমৰ খেতিপথাৰত ত্ৰাস সৃষ্টিকাৰী শূঁৰ পোকৰ বিষয়ে লিখা হৈছে ।

 

শূঁৰ পোকৰ আক্ৰমণ বৃদ্ধি হোৱাৰ কাৰণসমূহ -

১)দীঘলীয়া সময়ৰ খৰাং বতৰৰ পিছত প্ৰবল বৰষুণ।

২)বতাহ আৰু ধুমুহা বৰষুণে প্ৰাপ্তবয়স্ক পোকবোৰক বহুদূৰলৈ উৰুৱাই নি ইয়াক ন ন অঞ্চলত বিয়পাই তোলে।

৩)ধানখেতিৰ অবৰ্তমানত ই বিকল্প আশ্ৰয়স্থলীত থাকি বাৰিষা কালত হোৱা শালিধানৰ খেতিত আক্ৰমণ কৰে।

৪)প্ৰবল বৰষুণে এই পোকৰ পলু অৱস্থাৰ যথেষ্টখিনি ধ্বংস কৰিব পাৰে।

৫)ধানগছ পূৰঠ হোৱাৰ লগে লগে এই পোক ওচৰৰ ঘাঁহ বননিলৈ আঁতৰি যায় আৰু তাতে আশ্ৰয়স্থলী হিচাপে লৈ পিছৰ বছৰৰ ধানখেতিৰ বাবে অপেক্ষা কৰে।

নিয়ন্ত্ৰণৰ বাবে কি কৰা উচিত -

বিভিন্ন ধৰণৰ তথ্য আৰু গৱেষণাৰ পৰা দেখা গৈছে যে শূঁৰ পোক নিয়ন্ত্ৰণৰ বাবে এক সমন্বিত কীট নিয়ন্ত্ৰণ পদ্ধতিৰেহে(Integrated Pest Management) ইয়াক নিয়ন্ত্ৰণ কৰাটো সম্ভৱ।

বিশেষকৈ, এইবিধ পোক যিহেতু ধানৰ বাহিৰেও বিকল্প আশ্ৰয়স্থলীত জীয়াই থাকে, এডৰা খেতিৰ পৰা আনডৰা খেতিলৈ বিয়পি পৰে আৰু তাৎক্ষণিকভাৱে খেতিডৰা অনিষ্ট কৰি পেলাই সেইহেতুকে ইয়াক নিৰীক্ষণ কৰি থকাটো অতি দৰকাৰী।

ইয়াৰ বাবেই ৰাজ্যৰ কৃষি বিভাগ, কৃষি বিশ্ববিদ্যালয়, কৃষি গৱেষণা প্ৰতিষ্ঠান, কৃষি বিজ্ঞান কেন্দ্ৰ আৰু গ্ৰামাঞ্চলৰ কৃষকৰ মাজত এক শক্তিশালী যোগসূত্ৰ থাকিব লাগে।

অসমৰ কৃষি বিভাগত এনে যোগসূত্ৰৰ বাবে বিভিন্ন কৃষি মণ্ডলভিত্তিক মাণ্ডলিক কৃষি কৰ্মশালা, জিলাভিত্তিক মাহেকীয়া কৃষি বিষয়াৰ প্ৰশিক্ষণ, মহকুমাভিত্তিক পষেকীয়া কৃষি প্ৰশিক্ষণ ইত্যাদি ব্যৱস্থাসমূহ ইতিমধ্যেই আছেই। কেৱল সেইবোৰক যথোপযুক্ত কাৰ্যক্ষম কৰি তুলিব লাগে।

সমন্বিত কীট নিয়ন্ত্ৰণ ব্যৱস্থাত সামৰি লোৱা বিষয়বস্তুসমূহ হ’ল- নিয়মিতভাৱে অনিষ্টকাৰী কীটসমূহক নিৰীক্ষণ কৰা পৰম্পৰাগত আৰু দৈনিক পদ্ধতিগত অৱলম্বন কৰা, শূঁৰ পোকৰ প্ৰাকৃতিক শত্ৰু যেনে, চৰাই-চিৰিকটি, পৰভোজী পোক, ভেঁকুৰ বেক্টেৰিয়া আদি সংৰক্ষণ কৰাৰ লগতে পথাৰত এইবোৰৰ আগমন ঘটোৱা আৰু পৰিসীমিতভাৱে কীটনাশক স্প্ৰে’ কৰা।

সমন্বিত কীট নিয়ন্ত্ৰণ ব্যৱস্থাত নিয়মিতভাৱে অনিষ্টকাৰী কীটসমূহক নিৰীক্ষণ কৰি সংবেদনশীল এলেকাসমূহ আগতীয়াকৈয়ে চিনাক্ত কৰাটো অতি জৰুৰী। আগতীয়াকৈ নিৰীক্ষণ কৰিব পাৰিলে থিতাতে এইবিধ পোকক অতি কম গাঢ় কীটনাশকৰে নিয়ন্ত্ৰণ কৰিব পাৰি আৰু পৰিৱেশ প্ৰদূষণৰ পৰাও ৰক্ষা পাব পাৰি।

অনিষ্টকাৰী কীটসমূহক নিৰীক্ষণ কৰিবৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত কৃষি বিষয়া-কৰ্মচাৰী আৰু প্ৰগতিশীল খেতিয়কৰ দল বান্ধি জৰীপ আৰু নিৰীক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে। প্ৰাৰম্ভিক অৱস্থাত বিকল্প আশ্ৰয়স্থলীত যেনে- দলঘাঁহ, এৰালি ঘাঁহ আদিত নিৰীক্ষণ কৰিব লাগে, যিবোৰত ই পাতবোৰ খাই পেলোৱাৰ দৃশ্য প্ৰতীয়মান হয়।

তেতিয়াই বুজিব লাগিব ইয়াত শূঁৰ পোকৰ বাসস্থান আছে। অধিক প্ৰতীয়মান হ’বৰ বাবে স্থানডোখৰৰ মাটিৰ ৬-৯ ইঞ্চি তলত ইয়াৰ লেটাবোৰ সন্ধান কৰিব পাৰি যিহেতু প্ৰাপ্তবয়স্ক শূঁৰ পোক পোহৰৰ প্ৰতি আকৰ্ষিত হয় সেইবাবেই পোহৰ ফান্দৰ জৰিয়তেও এই পোকৰ অৱস্থিতি নিৰীক্ষণ কৰিব পাৰি।

কিমানসংখ্যক প্ৰাপ্তবয়স্ক শূঁৰ পোক পোহৰ ফান্দত পৰে তাৰ ওপৰত নিৰ্ভৰ কৰিও এই পোকৰ ভয়াৱহতা সম্পৰ্কে অনুমান কৰিব পাৰি।

শূঁৰ পোক নিয়ন্ত্ৰণৰ পৰম্পৰাগত পদ্ধতিসমূহ -

সঘনাই শূঁৰ পোক হোৱা অঞ্চলসমূহত শস্যাৱৰ্তন কৰা। অৰ্থাৎ একেডৰা মাটিতে কেৱল ধানখেতি নকৰি সলাই পেলাই মৰপাট নাইবা অন্য শস্যৰ খেতি কৰা।

গ্ৰীষ্মকালত দ’কৈ মাটি চহোৱা যাতে পলু বা লেটাবোৰ ৰ’দত ওলাই পৰে আৰু চৰাই-চিৰিকটিয়ে সেইবোৰ খাই অনিষ্ট কৰে।

অলাগতিয়াল বন-বাত নাইবা অদৰকাৰী কঠীয়াতলী পথাৰৰ আৰু আলিবোৰৰ পৰা আঁতৰাই পেলোৱা।

কঠীয়াতলী নাইবা শস্য পথাৰত পানী সুমুৱাই দিলে পলু নাইবা লেটাবোৰ ওপঙি পৰে আৰু চৰাই-চিৰিকটিয়ে সেইবোৰ খাই অনিষ্ট কৰে। পথাৰৰ মাজত হাঁহৰ জাক মেলি দিলেও সিহঁতে পলুবোৰ খাই পেলায়।

পথাৰত জেং পুতি দিলে চৰাই বহিবলৈ সুবিধা হয়।

বেছিকৈ আক্ৰান্ত ধানখেতিৰ পথাৰত সৰু সৰু ডৰাবোৰ খালি খান্দি পৃথক কৰিব লাগে, যাতে সিহঁতে সহজে অন্য এডৰা পথাৰলৈ বিয়পিব নোৱাৰে।

শূঁৰ পোক নিয়ন্ত্ৰণৰ দৈহিক পদ্ধতিসমূহ -

এই পোকবিধে পানীত সাঁতুৰিবলৈ অসুবিধা পাই বাবে ধানৰ গছত বগাই থাকিহে পাত খায়। সেয়ে ধানখেতিৰ আলিবোৰৰ মাজত আবদ্ধ হৈ থকা পানীত কেৰাচিন তেল ঢালি(প্ৰতি বিঘাত ২৭০ মিঃলিঃ), দুজন মানুহে এডাল ৰছীৰে দুমূৰে ধৰি ধানগছবোৰৰ ওপৰেদি জোৰেৰে টানি দিব লাগে যাতে পোকবোৰ পানীত পৰি যায়। তেতিয়া পোকবিধৰ বহুলাংশে নিধন হয়।

ধানখেতিৰ আলিবোৰ মালাথিয়ন ৫ শতাংশ গুড়ি বা ক্ল’ৰপাইৰিফছ ১.৫ শতাংশ গুড়ি(বিঘাইপতি ৩.৩ কিঃগ্ৰাঃ) ছটিয়াব লাগে, যাতে এডৰা পথাৰৰ পৰা আন এডৰা পথাৰলৈ ই বগাই যাব নোৱাৰে।

পোহৰ ফান্দৰ জৰিয়তে প্ৰাপ্তবয়স্ক শূঁৰ পোক আবদ্ধ কৰি ইয়াৰ বংশ বৃদ্ধি নিয়ন্ত্ৰণ কৰিব পাৰি।

শূঁৰ পোক নিয়ন্ত্ৰণৰ জৈৱিক আৰু প্ৰাকৃতিক পদ্ধতিসমূহ -

কিছুমান পৰাশ্ৰয়ী পোকে শূঁৰ পোকৰ কণীৰ থূপত কণী পাৰি সেইবোৰ ঘোলা পেলাই অকামিলা কৰে। গতিকে তেনে পৰাশ্ৰয়ী পোকৰ কণী পথাৰত মেলি দি শূঁৰ পোকক জৈৱিকভাৱে নিয়ন্ত্ৰন কৰিব পাৰি।

এন পি ভি ভাইৰাছ নামৰ এবিধ ভাইৰাছ উদ্ভাৱন হৈছে, যি শূঁৰ পোকক আক্ৰমণ কৰি সিহঁতক অনিষ্ট কৰে, কিন্তু অন্য উপকাৰী কীত বা শস্যৰ কোনোধৰণৰ ক্ষতি নকৰে।

বিদেশত এই দিশত ব্যৱহাৰিকভাৱেও এই ব্যৱস্থা প্ৰয়োগ কৰি সুফল পোৱা গৈছে যদিও আমাৰ দেশত এইক্ষেত্ৰত এতিয়াও গৱেষনাগাৰতে ই আবদ্ধ হৈ আছে। অসমত তাতকৈ চালুকীয়া অৱস্থাত আছে, কিয়নো এই ব্যৱস্থাবোৰৰ ওপৰত এতিয়াও কাৰ্যকৰী ব্যৱস্থা লোৱা নাই।

পৰভক্ষীপ্ৰাণী যেনে- কাউৰী, শালিকা, কাণকুৰিকা, কণামুচৰি, বগলী, মইনা চৰাই আদিয়ে শূঁৰ পোকৰ লেটাবোৰ খহি খাই অনিষ্ট কৰে।

শূঁৰ পোক নিয়ন্ত্ৰণৰ ৰাসায়নিক পদ্ধতিসমূহ -

প্ৰতি হেক্টৰ মাটিত ক্ল’ৰপাইৰিফছ ২০ ইচি ২.৫ মিঃলিঃ(বিঘাইপ্ৰতি প্ৰায় ৩৩৩ মিঃ লিঃ) বা কুইনালফছ ২৫ ইচি লিঃ(বিঘাইপ্ৰতি প্ৰায় ২৬৬ মিঃ লিঃ) স্প্ৰে’ মেচিনৰ ক্ষেত্ৰত মিশ্ৰণৰ পৰিমাণ ২০ৰ পৰা ৩০ লিঃহে লাগে।

সেয়ে, কীটনাশকৰ মিশ্ৰণ পদ্ধতিটো অতি সংবেদনশীল আৰু অভিজ্ঞ ব্যক্তিৰ উপস্থিতিতহে এই মিশ্ৰণ কৰা উচিত। পোকৰ আক্ৰমণৰ প্ৰাথমিক অৱস্থাতে কীটনাশক স্প্ৰে’ কৰিলে যথেষ্ট সুফল পোৱা যায়।

শেষত আমি ইয়াকে ক’ব বিচাৰোঁ যে বিজ্ঞান হ’ল চিৰন্তন সত্য। ইয়াক কেতিয়াও ফাঁকি দিব নাইবা হীন-দেঢ়ি ঘটাব নোৱাৰি। অন্যথা ই হৈ পৰে অপবিজ্ঞান।

আধুনিক কৃষি বিজ্ঞানো হ’ল সুদীৰ্ঘ বছৰ ধৰি মানৱে অৰ্জন কৰা অভিজ্ঞতা আৰু পৰীক্ষা-নিৰীক্ষাৰ ফল।

গতিকে ইয়াৰো এক সুনিৰ্দিষ্ট গতি আৰু প্ৰণালী আছে। সেয়ে, শূঁৰ পোক নিয়ন্ত্ৰণৰ বাবে সময়োচিত উপযুক্ত নিয়ন্ত্ৰণ ব্যৱস্থাৰে কৃষক ৰাইজক ইয়াৰ পৰা সকাহ দিব পাৰি। লাগে মাথো সংশ্লিষ্ট সকলো পক্ষৰে আন্তৰিক সদিচ্ছা আৰু দায়িত্বশীলতা।

ৰাষ্ট্ৰীয় সমন্বিত কীট নিয়ন্ত্ৰণ ব্যৱস্থাপনা কেন্দ্ৰৰ দ্বাৰা প্ৰকাশিত প্ৰযুক্তিকৌশল পুস্তিকাৰ সহায়ত এই লেখাটি ৰচনা কৰা হৈছে- নয়ন কুমাৰ বৰা।

 

 

3.05263157895
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top