মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / কলখেতিৰ অনিষ্টকাৰী কীট-পতংগ নিয়ন্ত্ৰণঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কলখেতিৰ অনিষ্টকাৰী কীট-পতংগ নিয়ন্ত্ৰণঃ

কলখেতিৰ অনিষ্টকাৰী কীট-পতংগ নিয়ন্ত্ৰণৰ বিষয়ে লিখা হৈছে

 

অসমৰ পাহাৰে-ভৈয়ামে সকলো ঠাইতে বহু অতীজৰে পৰা কলৰ খেতি কৰি আহিছে। উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ু আৰু মাটি কলখেতিৰ বাবে অতি উপযোগী। অৱশ্যে অসমত অতিমাত্ৰা বৰষুণৰ লগতে জলবায়ুৰ আৰ্দ্ৰতা অধিক হোৱা হেতুকে পোক-পৰুৱাৰ আক্ৰমণ আৰু বংশবৃদ্ধি সাধাৰণতে বেছি। সেয়েহে অন্য শস্যৰ দৰে কলগছতো বিভিন্ন ধৰণৰ পোক-পৰুৱাই আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰে। অসমৰ কলখেতিত আক্ৰমণ কৰা পোক-পৰুৱাৰ ভিতৰত গা-গছ বিন্ধা পোক, মূঢ়া বিন্ধা পোক, ফল আৰু পাত আঁচোৰা পোক, মোৱা পোক, ওকণি পোক আৰু শস্যকৃমিয়েই প্ৰধান। কলখেতিৰ প্ৰধান পোক-পৰুৱাবোৰৰ আক্ৰমণৰ লক্ষণ আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থাসমূহ বিশদভাৱে আলোচনা কৰা হ’ল-

গা-গছ বিন্ধা পোকঃ

 

এইবিধ পোকে প্ৰায় বছৰৰ ১২ মাহেই আক্ৰমণ আৰু বংশবৃদ্ধি কৰে যদিও বাৰিষা বতৰত ইহঁত অধিক সক্ৰিয় হৈ থাকে। এই পোকৰ আক্ৰমণৰ ফলত পাতবোৰ হালধীয়া পৰে আৰু ফল ধৰিলেও ফলবোৰ আকাৰত যথেষ্ট সৰু হয়, তদুপৰি গছজোপাৰ গা-গছডাল দুৰ্বল হৈ গেলিবলৈ আৰম্ভ কৰে। ফলস্বৰূপে সাধাৰণ এজাক বতাহতেই গছজোপা মাজভাগতে ভাগি পৰা দেখা যায়। এই পোকৰ আক্ৰমণ চেনিচম্পা, মালভোগ, জাহাজী কলত বেছিকৈ হোৱা পৰিলক্ষিত হয়।

নিয়ন্ত্ৰণ ব্যৱস্থাঃ

 

কলবাৰীখন পাতিবলৈ হ’লে গা-গছ বিন্ধা পোকে আক্ৰমণ কৰিব নোৱাৰাকৈ নিৰ্বাচন কৰি ৰোৱাৰ ব্যৱস্থা কৰিব লাগে।

-কলবাৰীখন বছৰৰ ১২ মাহতেই বন-বাত চিকুণোৱাৰ লগতে এই পোকৰ দ্বাৰা আক্ৰান্ত হোৱা গছবোৰ গুৰিতে কাটি টুকুৰা-টুকুৰ কৰি দ’ গাঁতত পুতি পেলাব লাগে আৰু গছৰ শুকান পাতবোৰ আঁতৰাই পৰিষ্কাৰ কৰি সেইবোৰ কলগছত মাটিৰ ঢাকোন হিচাপে ব্যৱহাৰ কৰিব পাৰি।

-কলবাৰীখন সম্পূৰ্ণকৈ পৰিষ্কাৰ কৰি ৰখাৰ উপৰি ৩ বছৰৰ অন্তৰে অন্তৰে পৰাপক্ষত স্থান পৰিৱৰ্তন কৰি নতুবা বাৰী স্থাপন কৰি এই পোকৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ লগতে ফচলো যথেষ্ট পৰিমাণে লাভ কৰিব পাৰি, যিহেতু উপযুক্ত পৰিচৰ্যাবিহীন কলবাৰীত এই পোকৰ আক্ৰমণ বেছিকৈ হয়।

-কলবাৰীত পুলিবোৰ ৰোৱাৰ পূৰ্বে এটা ডাঙৰ আকাৰৰ পাত্ৰ বা গাঁতত পানী আৰু মাটি মিহলাই পাতল ঘনত্বৰ বোকা প্ৰস্তুত কৰি ল’ব লাগে। পূৰ্বে পৰিষ্কাৰ কৰি লোৱা পুলিবোৰৰ মূঢ়াবোৰ বোকাত লেটিয়াই লৈ ৪০ গ্ৰাম কাৰ্ব’ফুৰাণ ৩ জি নামৰ ঔষধৰ দানা সমভাৱে গোটেই মূঢ়াটোৰ ওপৰত ছটিয়াই দিব লাগে। এনে কৰিলে ঔষধৰ দানাবোৰ মূঢ়াটোৰ ওপৰত থকা বোকাৰ প্ৰলেপত লাগি ধৰিব। ইয়াৰ পাছত কিছুসময় বোকাখিনি শুকাবলৈ দি পুলিটো কলবাৰীত খান্দি থোৱা গাঁতত ৰোৱাৰ ব্যৱস্থা কৰিব লাগে। এনে কৰাৰ ফলত গা-গছ বিন্ধা পোকৰ আক্ৰমণৰ পৰা কলগছবোৰ ৰক্ষা কৰিব পাৰি।

-কলগছৰ ফুল ফুলা তথা কলৰ থোক মেলাৰ সময়ত গা-গছ বিন্ধা পোকৰ আক্ৰমণ বেছিকৈ হোৱাৰ বাবে থোক মেলাৰ ১৫ৰ পৰা ২০ দিনৰ আগতে ‘কাৰ্ব’ফুৰাণ ৩ জি’ নামৰ দানাজাতীয় ঔষধ ৫০ গ্ৰাম প্ৰতিজোপা গছৰ চাৰিওফালে ঘূৰণীয়া আকৃতিৰ নলা খান্দি প্ৰয়োগ কৰিলে সুফল পোৱা যায়।

-ইয়াৰ উপৰি কলগছজোপাই থোক নৌ মেলোতেই নাইবা মেলাৰ ঠিক পাছতেই ম’ন’ক্ৰট’ফছ ৪০ ইচি নাইবা দাইমিথয়েট ৩০ ইচি নামৰ যিকোনো এবিধ ঔষধ ১৫ মিলিলিটাৰ প্ৰতি ১০ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে। তদুপৰি কুইনালফছ ২৫ ইচি নামৰ ঔষধ ২০ মিলিলিটাৰ প্ৰতি ১০ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিলেও উত্তম ফল পোৱা যায়।.....

(উৎসঃ খবৰ, ৰাজ্যিক কৃষি বিভাগৰ পুস্তিকাৰ পৰা উদ্ধৃত)।

2.96296296296
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top