মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / কলগছৰ অনিষ্টকাৰী পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কলগছৰ অনিষ্টকাৰী পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা :

কলগছৰ অনিষ্টকাৰী পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনাৰ বিষয়ে লিখা হৈছে ।

বৰ্তমান কৃষকে কলৰ খেতি ব্যৱসায়ভিত্তিত কৰিবলৈ লৈছে। কিন্তু বিভিন্ন ধৰণৰ কীট-পতংগই কলখেতিৰ যথেষ্ট অনিষ্ট সাধন কৰে। অসমত কলত আক্ৰমণ কৰা পতংগসমূহ হ’ল- কলৰ গা-গছ বিন্ধোৱা পোক(Pseudostem borer), কলৰ মূঢ়া বিন্ধোৱা পোক(Corm borer), কলৰ পাত আৰু ফল ফপৰীয়া কৰা পোক(Leaf and fruit scarring beetle), কলৰ মোৱা পোক(Banana aphid)।

কলৰ গা-গছ বিন্ধোৱা পোক আৰু মূঢ়া বিন্ধোৱা পোকৰ দৈহিক গঠন আৰু অনিষ্ট কৰা প্ৰক্ৰিয়া প্ৰায় একে। দুয়োবিধ পতংগই গুৱৰুৱা জাতীয়, গাৰ বৰণ ক’লা। দুয়োবিধ পতংগই কলগছৰ বাহিৰৰ পতুৱাবিলাকৰ ভিতৰৰ ফালে কণী পাৰে। কণীৰপৰা বাহিৰ হোৱা পলুৱে কলগছৰ পতুৱাবিলাক বিন্ধা কৰি ভিতৰি ভিতৰি খায়। গা-গছ বিন্ধোৱা পোকবোৰ কলগছৰ ভিতৰতে সোমাই থাকে আৰু ভিতৰত লেটা বান্ধে। আনহাতে, মূঢ়া বিন্ধোৱা পোকে গা-গছ ডালত বিন্ধা কৰি তললৈ আহি কলৰ মূঢ়াত লেটা বান্ধে। দুয়োবিধ পতংগৰ আক্ৰমণৰ বাবে গছৰ বৃদ্ধিত ব্যাঘাত জন্মে, কলৰ আকাৰ সৰু হয়। আক্ৰমণ বেছি হ’লে গছ মৰি যায় বা মাজভাগতে কলগছজোপা ভাগি যায়। সাধাৰণতে গা-গছ বিন্ধোৱা পোকৰ আক্ৰমণৰ বাবে কল পৈণত হোৱাৰ আগেয়েই কলজোপা ভাগি যোৱা দেখা যায়। মূঢ়া বিন্ধোৱা পলুৱে লেটা হোৱাৰ পূৰ্ণ কলৰ মূঢ়া খাই অনিষ্ট কৰা মূঢ়া অংশ ভিতৰি ভিতৰি গেলি যায়। কলৰ মূঢ়াৰ এই গেলা অংশ খাবলৈ মাটিৰপৰা কেঁচু উঠি আহে বাবে বহুতে ইয়াক কেঁচুৱে খোৱা বুলি কয়।

কলৰ পাত আৰু ফল ফপৰীয়া কৰা পোকবিধ গুৱৰুৱা জাতীয় পতংগ। দেখাত সৰু আৰু গাৰ বৰণ ক’লা। এইবিধ পতংগই কলগছৰ গুৰিত কণী পাৰে। কণীৰপৰা ওলোৱা পলুৱে কলগছৰ ওচৰে-পাজৰে থকা ঘাঁহ-বহনৰ শিপা খাই পলু অৱস্থাৰপৰা লেটা অৱস্থা লাভ কৰে। লেটাৰপৰা বাহিৰ হোৱা পূৰ্ণাংগ পতংগই কলগছৰ পাত আৰু নতুনকৈ ওলোৱা কলৰ কুমলীয়া বাকলিসমূহ খাবলৈ ধৰে। দিনৰ ভাগত এই পতংগই কলগছৰ মেৰখাই থকা কোঁহ-পাতখিলাৰ মাজত সোমাই থাকে, নিশাৰ ভাগত ওলাই আহি কলৰ পাত আৰু কলৰ বাকলি খাই অনিষ্ট কলৰ বাকলি কুটি খোৱাৰ বাবে বাকলিত ক’লা দাগ পৰে, যাক ফাপৰে ধৰা বুলি কোৱা হয়। এই পতংগৰ আক্ৰমণৰ বাবে কলৰ উৎপাদন হ্ৰাস নহয় যদিও এনে কলৰ বজাৰ দৰ কমি যায়। অৱশ্যে কলৰ পাতত আক্ৰমণ বেছি হ’লে গছৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়া বাধাপ্ৰাপ্ত হয় আৰু এনেক্ষেত্ৰত উৎপাদন কমি যায়।

কলৰ মোৱাপোক, আন শস্যৰ মোৱাপোকৰ নিচিনাই। এই পোক কলপাতত থোপা বান্ধি থাকে আৰু পাতৰ ৰস শুহি খায়। মোৱাপোকৰ আক্ৰমণৰ বাবে কলৰ বিশেষ ক্ষতি নহয় যদিও ইহঁতে কলগছৰ তৰাপতীয়া(Bunchy top) নামৰ বেমাৰবিধৰ বিস্তাৰ কৰে। এই বেমাৰ ল’লে কলগছৰ পাতবিলাক সৰু সৰু হয় আৰু খুউব ঘন হয়। পাতবিলাক হালধীয়া পৰিবলৈ ধৰে। পাতবিলাক দেখিবলৈ থূপ খাই জটাবন্ধাৰ দৰে হয়।

নিয়ন্ত্ৰণৰ ব্যৱস্থা -

*কলবাৰীখন বন-বাত চিকুণাই সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে। কাৰণ কলৰ পাত আৰু ফল ফপৰীয়া পতংগৰ পলুৱে কলৰ বাৰীত থকা বন-বাতৰ শিপাতে পলু অৱস্থা সম্পূৰ্ণ কৰে।

*গা-গছ আৰু মূঢ়া বিন্ধোৱা পোকৰ আক্ৰমণৰ ফলত মৰি যোৱা বা ভাগি যোৱা গছবিলাক কাটি দ গাঁতত পুতি পেলাব লাগে। এনে কৰিলে আক্ৰান্ত গছত থকা পতংগ দুবিধ সুস্থ গছলৈ যাব নোৱাৰে।

*কল ফপৰীয়া কৰা পতংগৰপৰা ৰক্ষা পাবলৈ কলৰ ফুল ওলাই আহোঁতেই সৰু সৰু কৰি ডাঙৰ পলিথিনৰ মোনা বা বজাৰত পোৱা পিয়াঁজৰ বস্তা কলৰ থোকটোত ভৰাই মূৰটো বান্ধি ফুল সৰালৈকে ৰাখিব লাগে। এনে কৰিলে কল ফপৰীয়া পোকে কলত দাগ লগাব নেলাগে।

*তৰাপতীয়া বেমাৰ আক্ৰমণ কৰা গছবোৰ কাটি পেলাব লাগে আৰু এনে গছৰ গুৰিত থকা পুলি ব্যৱহাৰ কৰিব নালাগে।

*কলগছৰ গুৰিৰ চাৰিওফালে মাটিত প্ৰতিজোপা গছৰ চাৰিওকাষে কাৰ্বফোৰাণ ৩ জি ঔষধ ৫০ গ্ৰামকৈ প্ৰয়োগ কৰিব লাগে। এনে কৰিলে গছ বিন্ধোৱা আৰু মূঢ়া বিন্ধোৱা পোকক নিয়ন্ত্ৰণ কৰিব পাৰি। এই ঔষধে কলগছক আক্ৰমণ কৰা শস্যকৃমিকো নিয়ন্ত্ৰণ কৰে।

*কল ফপৰীয়া কৰা আৰু মোৱা পোক নিয়ন্ত্ৰণৰ বাবে এক চাহচামুচ মালাথিয়ন ৫০ ই চি ঔষধ প্ৰতি লিটাৰ পানীত মিহলাই গছত প্ৰয়োগ কৰিব লাগে। প্ৰথমবাৰ ঔষধ ব্যৱহাৰ কৰাৰ পিছত দ্বিতীয়বাৰ ঔষধ প্ৰয়োগ কৰিব লাগে।

উৎস: দৈনিক অসম(ড° দিলীপ কুমাৰ শইকীয়া, ৰুদ্ৰ নাৰায়ণ বৰকাকতি)

2.94117647059
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top