অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কুঁহিয়াৰৰ ৰঙা পৰা ৰোগ :

কুঁহিয়াৰৰ ৰঙা পৰা ৰোগ :

 

পৰিৱৰ্তিত জলবায়ুৰ দৰে ৰোগৰ অনুকূল পৰিৱেশে কুঁহিয়াৰ খেতিৰ যথেষ্ট ক্ষতি কৰে। ভাৰতৰ জলবায়ু কুঁহিয়াৰৰ ৰোগ বিস্তাৰ আৰু প্ৰসাৰ লাভৰ বাবে অত্যন্ত উপযোগী। কুঁহিয়াৰত আক্ৰমণ কৰা কেইবিধমান ৰোগৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

কুঁহিয়াৰৰ ৰঙা পৰা ৰোগ -

ৰোগৰ কাৰণ:

কোলেটোট্ৰিকাম ফ্যালকাটাম নামৰ বীজাণুৰ আক্ৰমণত এই ৰোগ হয়। এই ৰোগে সাধাৰণতে কুঁহিয়াৰৰ প্ৰতিটো গাঁঠিত থকা চকুত আক্ৰমণ কৰে। তাৰ পিছত এই ৰোগ সমগ্ৰ কুঁহিয়াৰজোপাতে সিঁচৰিত হৈ পৰে। বিশেষকৈ পত্ৰফলক আৰু গা-গছত এই ৰোগে আক্ৰমণ কৰা দেখা যায়।

মিড ৰিব ৰেড ৰ’ট -

প্ৰথমতে কুঁহিয়াৰৰ মধ্য সিৰাত ক্ষুদ্ৰ ক্ষুদ্ৰ ৰঙা দাগৰ সৃষ্টি হয় আৰু গা-গছজোপা সৰ্বদিশতে বিস্তৃত হৈ পৰে। জুন-জুলাই মাজত এই ৰোগৰ বিস্তাৰ অধিক হোৱা দেখা যায়।

লেমিনা ৰেড ৰ’ট:

যেতিয়া কুঁহিয়াৰৰ বয়স কম থাকে, তেতিয়া কুঁহিয়াৰজোপাৰ পত্ৰফলকত অসংখ্য ৰঙাৰ পৰা বাদামী ৰঙৰ দাগৰ সৃষ্টি হয়। আনকি পাতৰ ওপৰত ৰঙা-বাদামী আৱৰণো দেখা যায়। পৰৱৰ্তী পৰ্যায়ত আন আন পাতলৈও বিস্তাৰিত হয় এই ৰোগৰ বীজাণু।

কাণ্ডৰ ৰঙা পৰা ৰোগ -

বৰ্ষা কালৰ শেষৰফালে কুঁহিয়াৰৰ গাঁঠিত থকা চকু অৰ্থাৎ মাটিত থকাৰ পৰাই এই ৰোগৰ লক্ষণ প্ৰকাশ পায়। কাণ্ডত অৱস্থিত পাতৰ গুৰি খণ্ড, বৃদ্ধিজনিত কাৰণত অথবা যিকোনো ক্ষতৰ মাধ্যমেৰে এই ৰোগৰ বীজাণু কুঁহিয়াৰৰ ভিতৰলৈ প্ৰৱেশ কৰে। এই ৰোগৰ প্ৰাথমিক লক্ষণ হিচাপে পাতত হালধীয়া ৰং ধাৰণ কৰে আৰু সেই পাতবোৰ শুকাবলৈ ধৰে। এই ৰোগৰ প্ৰধান বৈশিষ্ট্য হ’ল- কুঁহিয়াৰ এডাল যদি দীঘলে দীঘলে ফালি দিয়া হয়, তেনেহ’লে ভিতৰত ৰঙা দাগৰ লগতে মাজে-মাজে বগা দাগো দৃশ্যমান খয়। এই ৰোগত আক্ৰান্ত চকুৰ কাণ্ড পচিবলৈ আৰম্ভ কৰে আৰু আক্ৰান্ত গ-গছ কিছুদিনৰ পিছতে মৰি যায় বা শুকাই যায়। সাধাৰণতে আগষ্ট-ছেপ্টেম্বৰ মাহৰ ভিতৰত এই ৰোগৰ প্ৰাদুৰ্ভাৱ সৰ্বাধিক হয়।

প্ৰতিকাৰ -

ৰোগ প্ৰতিৰোধ ক্ষমতাসম্পন্ন জাতৰ কুঁহিয়াৰহে সাধাৰণতে ৰোপণ কৰিব লাগে। কুঁহিয়াৰ ৰোপণ কৰাৰ আগতে চাৰি ঘন্টা আৰ্দ্ৰ গৰম বতাহত শোধন কৰিব লাগে। ৰোপণৰ পূৰ্বে কাৰ্বেনডাজিম অথবা কাৰ্বক্সিনৰ লগত থিৰাম নামৰ কীটনাশক পানীত মিহলি ৩০ মিনিট কুঁহিয়াৰৰ বীজসমূহ ডুবাই ৰাখি পিছত ৰোপণ কৰিব লাগে। তদুপৰি ৰোগাক্ৰান্ত গছ দেখিলে তাক শিপাসহ সম্পূৰ্ণ গা-গছ তুলি পেলাব লাগে। লগে লগে কুঁহিয়াৰৰ বীজ ৰোপণৰ আগতে মাটিখিনি সম্পূৰ্ণ পৰিষ্কাৰ কৰি ল’ব লাগে আৰু চাব লাগে যাতে বীজ ৰোপণ কৰা মাটিত পানী নিষ্কাষনৰ ব্যৱস্থা থাকে। যদিহে সেই মাটিত ৰোগৰ লক্ষণ দেখা যায়, তেনেহ’লে প্ৰোপিকোনাজোল এক লিটাৰ পানীত এক মিলিলিটাৰ হাৰত মিহলি কৰি সাত দিন পিছত তিনি-চাৰিবাৰ স্প্ৰে কৰিব লাগে।

উৎস: নিয়মীয়া বাৰ্তা

2.88888888889
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top