মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / কৃত্ৰিম ৰাসায়নিক কীটনাশক অবিহনে শস্যৰ উৎপাদন বৃদ্ধি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃত্ৰিম ৰাসায়নিক কীটনাশক অবিহনে শস্যৰ উৎপাদন বৃদ্ধি :

কৃত্ৰিম ৰাসায়নিক কীটনাশক অবিহনে শস্যৰ উৎপাদন বৃদ্ধিৰ বিষয়ে লিখা হৈছে ।

 

‘খাদ্য শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ গত্যন্তৰ আছে নে নাই? বৰ্তমান সময়ত বিশ্ববাসীৰ সন্মুখত ই এটা অতি গুৰুত্বপুৰ্ণ প্ৰশ্ন। যধে-মধে প্ৰয়োগ কৰা কৃত্ৰিম ৰাসায়নিক দ্ৰব্যবোৰে যে বৰবিহৰ বাদে আন একো নহয় সেয়া বিশ্ববাসীক, ১৯৬২ চনৰ ২৭ চেপ্টেম্বৰত প্ৰকাশিত, মাৰ্কিন লেখিকা ৰাছেল কাৰ্চনে ‘চাইলেণ্ট স্প্ৰিং’ নামৰ গ্ৰন্থৰ জড়িয়তে অৱগত কৰিছিল। গৱেষণাধৰ্মী এই গ্ৰন্থখিনি সাধাৰণ মানুহে সহজে বুজিব পৰাকৈ এখন উপন্যাসৰ দৰেই কাৰ্চনে, ইয়াৰ প্ৰথম অধ্যায় ‘A fable for tommorrow’ ত এখন কাল্পনিক গাঁৱৰ কথা বৰ্ণনা কৰিছে।

‘আমেৰিকাৰ এক অঞ্চলত এখন সৰু চহৰ আছিল , য’ত সকলো মানুহেই খুব সুখ-শান্তিৰে বাস কৰিছিল। বিভিন্ন চৰাই চিৰিকতি, জীৱই মানুহৰ লগত সমানে বাস কৰা শস্যশ্যামলা এই গাওঁখনত, এসময়ত ভীষণ পৰিৱৰ্তন পৰিলক্ষিত হ’ল। অসংখ্য পক্ষীৰ ৰম্যভুমি এই চহৰৰ পৰা চহৰৰ পৰা চৰাইবোৰ হঠাৎ নাইকিয়া হৈ পৰিল। কুলি-কেতেকীৰ কাকলীবিহীন এটি বসন্তত পামৰ গৰাকীয়ে লক্ষ্য কৰিলে, কুকুৰাই কণী পাৰে, কিন্তু উমনি দিলে পোৱালী নোপজে, গাহৰিৰ পোৱালীবোৰ তেনেই সৰু আৰু বেছিদিন জীয়াই নাথাকে, আপেলত ফুল ফুলিছে, কিন্তু পৰাগ-সংযোগৰ বাবে মৌ-মাখি নাই, মাছ নথকা পানীৰ মৃত সুঁতিত ভেকুলীৰ টোৰটোৰণিও নাই, মুঠতে সকলো নিৰৱ-নিস্তব্ধ। গাঁৱৰ মানুহে ঘৰৰ টিঙৰ খলা-বমাবোৰত বগা পাউডাৰ (ডি.ডি.টি) কিছুমান দেখাৰ কেইসপ্তাহমানৰ পাছত উক্ত বিভিষিকা পৰিলক্ষিত হৈছিল। আকাশীযানেৰে প্ৰয়োগ কৰা ডি.ডি.টি. সম্বনিতে অন্যান্য কীটনশকবোৰ প্ৰয়োগৰ ফল কিমান ভয়াৱহ হ’ব পাৰে তাৰ বিৱৰণ থকা প্ৰথমটো অধ্যায়ৰ সামৰণিত লেখিকাই উল্লেখ কৰিছে যে, যধে- মধে প্ৰয়োগ কৰা কীটনাশক দ্ৰব্যই পৰিবেশ বিনষ্ট কৰি প্ৰত্যেক জীৱক নিৰ্বাক কৰি পেলাইছে। এই কাল্পনিক চহৰখনৰ খেখিয়া বহুত গাওঁ বা চহৰ বাস্তৱিকতে অকল আমেৰিকাতেই নহয়, সমগ্ৰ পৃথিৱীত বিচাৰিলে অজস্ৰ ওলাব।

ডি.ডি.টিৰ খ্যাতি আৰু কুখ্যাতি: দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত মেলেৰিয়া আৰু টাইফাচ ৰোগে বিশ্বৰ বিভিন্ন প্ৰান্তত ত্ৰাসৰ সৃষ্টি কৰিছিল। মেলেৰিয়াৰ বাহক যিদৰে মহ, ঠিক সেইদৰেই টাইফাচৰ বাহক হ’ল ওকনি। যুদ্ধত প্ৰত্যক্ষভাৱে লিপ্তহোৱা দেশকেইখনে লাহ লাহে বুজি উঠিল যে যুদ্ধত বোমা-বাৰুদতকৈ কীট-পতঙ্গৰ আক্ৰমণহে বেছি মাৰাত্মক। সেয়েহে প্ৰতিখন দেশেই নিজস্ব সৈনিকৰ সুৰক্ষাৰ বাবে এবিধ সুফলদায়ক কীটনাশকৰ সন্ধানত ব্যস্ত থাকিল। চুইজাৰলেণ্ডৰ ৰাসায়নবিদ, পল হাৰমান মুলাৰে ১৯৩৯ চনত ডি.ডি.টি. ৰ কীটনাশকত্ব আৱিষ্কাৰ কৰে, ই আছিল সকলোৰে বাবে আশাব্যঞ্জক। যুদ্ধক্ষেত্ৰৰ সৈনিকৰ পৰা নৱজাত শিশুলৈকে প্ৰত্যেকেই মকৰধ্বজৰুপী ডি.ডি.টি ৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিল। উল্লেখযোগ্য যে ছাল-ওকনিৰ পৰা পৰিত্ৰাণ পাবলৈ কেঁচুৱাৰ পৰা বৃদ্ধলৈ, সকলোৱে দেহত প্ৰসাধনৰ পাউডাৰৰ দৰেই ডি.ডি.টি. ও ঘহিছিল। যুদ্ধৰ পৰৱৰ্তীকালত, পোক-পতঙ্গৰ পৰা শস্যৰক্ষাৰ নিমিত্তে কৃষিক্ষেত্ৰটো অপৰ্যাপ্ত পৰিমাণত ডি.ডি.টি. ব্যৱহাৰ কৰা হৈছিল। ক্ষীপ্ৰভাৱে ফলদায়ী এই কীটনাশকৰ চমৎকাৰী আৱিষ্কাৰৰ স্বীকৃতি হিচাপে ১৯৪৮ চনত মুলাৰক নোবেল বঁটাৰ বিভুষিত কৰা হয়। কিন্তু ডি.ডি.টি. ৰ এই জয়যাত্ৰা বেছিদিন নিটিকিল। মানুহ লাহে লাহে ডি.ডি.টি.ৰ পৰা উদ্ভৱ হোৱা ক্ষতিকাৰী দিশৰ সম্পৰ্কে অৱগত হ’বলৈ ধৰিছে। উল্লেখযোগ্য যে ডি.ডি.টি. ৰ সমান্তৰালকৈ আন আন বহুতো কীটনাশক আৱিষ্কাৰ হ’বলৈ ধৰিছে। অৱশ্যে, সেউজবিপ্লৱক বাস্তৱায়িক কৰি অলেখ ভোকাতুৰ দুবেলাৰ দুসাঁজ যোগান ধৰাৰ কৃতিত্ব এই কীটনাশকৰ নিশ্চয়কৈ প্ৰাপ্য।

কীটপত্ংগ নিয়ন্ত্ৰণেৰে শস্যক সুৰক্ষা প্ৰদান কৰা এই কীটনাশকবোৰ আমাৰ বাবে কেনেকৈ ক্ষতিকাৰক? েই প্ৰশ্নৰ উত্তৰ কাৰ্চনে এনেকৈ বৰ্ণনা কৰিছে-“ধৰক, এখন পথাৰৰ শস্যক আক্ৰমনকাৰী কীট-পত্ংগ নিয়ন্ত্ৰণৰ বাবে কীটনাশক (ডি.ডি.টি) প্ৰয়োগ কৰা হ’ল। অধ্যয়নৰ পৰ প্ৰমাণিত হৈছে যে যিকোনো কীটনাশকৰ প্ৰায় ১% মানুহে লক্ষ্যত মানে অপকাৰী কীট-পতংগৰ দেহত পৰে, বাকী ৯৯ শতাংশই উপকাৰী পতংগকে ধৰি অন্যান্য জীৱক হত্যা কৰাৰ লগতে পৰিবেশ প্ৰদুষিত কৰে। অৰ্থাৎ প্ৰয়োগ কৰাৰ সময়ত কীটনাশকৰ কিছু অংশ চিটিকি গৈ কাষৰ ঘাঁহ- বনত পৰিব। ফলত, ওচৰৰ ঘাঁহনিত চৰি থকা গাইগৰুৱে প্ৰত্যক্ষভাৱে ডি.ডি.টি. ক ঘাঁহৰ লগত উদৰস্থ কৰিব। পৰ্যায়ক্ৰমে ডি.ডিটি. গৰুৰ গাখীৰৰ যোগেদি মানুহৰ দেহত প্ৰৱেশ কৰিব আৰু মাতৃদুগ্ধৰ মাধ্যমেৰে নৱজাত শিশুৱেও মাৰাত্মক ডি.ডি.টি. ৰ সংস্পৰ্শলৈ আহিব”।

কীটপতংগক নিমিষতে নাশ কৰিব পৰা ডি.ডি.টি. ক মানৱদেহত প্ৰয়োগ কৰাৰ লগে লগে কোনো শাৰীৰিক বিসংগতি দৃষ্টিগোচৰ নহয়। সেয়েহে বহুতদিনলৈ ইয়াক মানুহৰ বাবে নিৰাপদ বুলি গণ্য কৰি থকা হ’ল। এইখিনিতে আন এটা কথা ক’ব বিচাৰিম যে ডি.ডি.টি. চৰ্বিত দ্ৰবীভুত হয়, সেয়ে খাদ্যৰ লগত পেটলৈ যোৱা এই কীটনাশক, মানৱ দেহৰ চৰ্বি থকা অংশত সঞ্চিত হ’ব পাৰে। কেনেবাকৈ ডি.ডি.টি. গ্ৰাস কৰিলে, ইয়াক খাদ্যনলীয়ে শোষণ কৰিব পাৰে, তাৰোপৰি হাওঁফাওৱেও অৱশোষণ কৰিব পাৰে আৰু পাছত ই গৈ যকৃত, বৃক্ক, অগ্নাশয়, অণ্ডাশয় আদি অংগৰ ওপৰিও এড্ৰিনেল আৰু থাইৰয়ড গ্ৰন্থীত জমা হয়। এই বিষয়ত আমাৰ জ্ঞান অৱশ্যে সীমিত।

এতিয়া চাওক, দহলিটাৰ গাখীৰত যদি এক মিলিগ্ৰাম কীটনাশক মিহলি হৈ থাকে, সাধাৰণ দৃষ্টিত ই তেনেই নগণ্য আৰু তেনেকুৱা কম মাত্ৰাৰ কীটনাশক যি কোনো খাদ্যযোগ্য বস্তুৰ মাধ্যমেৰে মানুহৰ দেহত প্ৰৱেশ কৰে। প্ৰথমাৱস্থাত স্বাস্থ্যত ইয়াৰ পৰা সৃষ্ট কোনো বিৰুপ প্ৰভাৱ চকুত নপৰে যদিও যেতিয়া লাহে লাহে দেহৰ বিভিন্ন অংগত জমা হৈ শৰীৰৰ বাবে ক্ষতিকাৰী মাত্ৰাত সঞ্চিত হয়, তেতিয়াই বিভিন্ন শাৰীৰিক বিসংগতিয়ে দেখা দিয়ে। জন্তুৰ দেহত কৰা পৰীক্ষাৰ পৰা দেখা গৈছিল যে, দৈহিক ওজনৰ প্ৰতি কিলোগ্ৰাম ৩ মিলিগ্ৰামকৈ ডি.ডি.টি. উপস্থিত থাকিলে হৃদপিণ্ডৰ কোনো এক মাংসপেশী পৰিচালনা কৰা উৎসেচকৰ নি:সৰণ বন্ধ হয়, আনহাতে ৫ মিলিগ্ৰামকৈ থাকিলে যকৃতক ক্ষতি কৰিব। এতিয়া যদি জন্তুটোৰ ওজন ২০ কিলোগ্ৰাম, তেন্তে খাদ্যৰ মাধ্যমেৰে কম কমকৈ প্ৰবেশ কৰি যিদিনা ৬০ মিলিগ্ৰাম কীটনাশক জমা হ’ব সেইদিনাই ডি.ডি.টি.য়ে হৃদপিণ্ডক আক্ৰমণ কৰিব আৰু ১০০ মিলিগ্ৰাম  সঞ্চয় হোৱাৰ লগে লগেই যকৃতক অনিষ্ট কৰিব। অৰ্থাৎ কীটনাশকৰে ক্ষতিকাৰী মাত্ৰা লাভ কৰাৰ পাছতহে শৰীৰৰ নানান উপসৰ্গবোৰে দেখা দিয়ে, যাৰ বাবে সাধাৰণ মানুহে এইবোৰ নিৰাপদ বুলি ভুল কৰে।

কীটনাশকৰ মানৱদেহত প্ৰৱেশ পথ -

এই ৰাসায়নিক দ্ৰব্যবোৰ যে অকল খালেই বিপদ হ’ব তেনে নহয়, উশাহতো কীটনাশক আমাৰ দেহত প্ৰৱেশ কৰি বিপদ ঘটাব পাৰে। এণ্ড্ৰিন নামৰ কীটনাশকবিধ কিমান মাৰাত্মক হ’ব পাৰে ইয়াৰ বৰ্ণনা দি কাৰ্চনে এটা উদাহৰণ দিছে-“ভেনেজুৱেলাত বাস কৰা এহাল মাৰ্কিন দম্পতীয়ে পইতাচোৰাৰ উপদ্ৰৱৰ পৰা নিজৰ বাসগৃহ মুক্ত কৰিবলৈ এণ্ড্ৰিন চটিয়ালে। পুৱা ৯ বজাত কীটনাশক প্ৰয়োগ কৰাৰ পুৰ্বেই নিজৰ এবছৰীয়া সন্তান আৰু পোহনীয়া কুকুৰটোকে বেলেগ সুৰক্ষিত জেগালৈ স্থানান্তৰ কৰিলে। দুপৰীয়া ঘৰটো পানীৰে ধুই চাফ-চিকুণ কৰাৰ অন্তত সন্তান আৰু কুকুৰটোক ঘৰলৈ ওভোতাই আনিলে, কিন্তু এঘণ্টামানৰ পাছত কুকুৰটোৱে বতিয়াবলৈ ধৰিলে আৰু কেইমুৰ্হুতমান ধৰফৰাই থাকি মৰি থাকিল। ইফালে, সন্ধ্যালৈ কেছুৱাটোৱেও বমি কৰি, অলপ সময় ধৰফৰাই অচেতন হৈ পৰিল। সংজ্ঞা ঘুৰাই পোৱাৰ পাছত পিতৃ-মাতৃয়ে আৱিষ্কাৰ কৰিলে যে, তেওঁলোকৰ সন্তানে দৃষ্টিশক্তি আৰু শ্ৰৱনশক্তি সম্পুৰ্ণৰুপে হেৰুৱাই পেলাইছে। এনেকুৱা বহুত উদাহৰণ থকা এই ‘চাইলেণ্ট স্প্ৰিং’ হ’ল ডি.ডি.ডি. কে ধৰি বিভিন্ন কীটনাশকৰ দু:গাঁথাৰ এখন জীৱন্ত দলিল”।

সেউজ বিপ্লৱ আৰু কীটনাশক -

সত্তৰ দশকত ক্ষুধা নিবাৰণৰ হকে সেউজ বিপ্লৱৰ সুচনা হোৱাৰ সময়তে, বহুল পৰিমাণে কৃত্ৰিম ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ হৈছিল। পৰৱৰ্তী সময়ত বিশ্বৰ বিদ্বৎ সমাজ কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ অপকাৰীতাৰ বিষয়ে সজাগ হ’বলৈ ধৰিলে।

ভাৰতীয় পটভুমিত, সেউজ বিপ্লৱেৰে গোটেই দেশৰ দুৰ্ভীক্ষ নিবাৰণত নেতৃত্ব লোৱা পঞ্জাৱ-হাৰিয়ানাত যধে-মধে কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ অপব্যৱহাৰৰ ফলত মাটি পানী-বায়ু সকলো প্ৰদুষিত হৈ পৰিছে। পত্ংগ নিয়ন্ত্ৰণৰ আমোঘ অস্ত্ৰ ডি.ডি.টি. কৃষিক্ষেত্ৰত কোন কাহানিবাই নিষিদ্ধ কৰাৰ পাছতো, হাৰিয়ানাৰ সদ্যজাত শিশুৱে এতিয়াও মাতৃদুগ্ধৰ লগত খাদ্যশৃংখলেৰে সোমাই পৰা এই কীটনাশক পান কৰে। এই দুখন ৰাজ্যৰ মাটি-পানী প্ৰদুষণমুক্ত কৰিবৰ বাবে তেওঁলোকৰ চৰকাৰে ডেইৰী খণ্ডক গুৰুত্ব দি গোৱৰেৰ কৃষি কৰাত প্ৰাধান্য দিছে।

পৰিবেশ প্ৰদুষণৰ অন্যতম কাৰক এই ৰাসায়নিক কীটনাশকবোৰে, ব্যৱহাৰৰ প্ৰাৰম্ভিক পৰ্যায়ত পত্ংগ নিয়ন্ত্ৰণত সফলতা দেখুওৱালেও, পৰৱৰ্ত্তী সময়ত এইবোৰৰ সক্ৰিয়তা হ্ৰাস হৈ ফুটুকাৰ ফেনত পৰিণত হৈ পৰে। আন এক গুৰুত্বপুৰ্ণ কথা হ’ল- অঞ্চলবিশেষে ভাৰতীয়সকলৰ খাদ্যাভাস বেলেগ বেলেগ আৰু বেছিভাগ কৃষকৰ নিজস্ব খেতি মাটি তেনেই নগণ্য হোৱাৰ পৰিপ্ৰেক্ষিতত কম কমকৈ ভিন ভিন খেতি, সামান্যতম যান্ত্ৰিকীকৰণেৰে কৰাৰ ফলত, এটা খেতি নষ্ট হ’লেও আন এটা খেতিৰ উৎপাদনে আমাক দুৰ্ভীক্ষ মুক্ত কৰি ৰাখিবলৈ সক্ষম। মন কৰিবলগীয়া কথাটো হৈছে- বিশালাকাৰ পথাৰত মাথোঁন একেটা খেতি কৰিলে পোক-পতংগ , বেমাৰ-আজাৰৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাই আৰু ইয়াৰ লগত সংগতি ৰাখি, কৃত্ৰিম ৰাসায়নিক দ্ৰব্য প্ৰয়োগৰ মাত্ৰা বঢ়াই গৈ থাকিলে পোক-পতংগবোৰ প্ৰতিৰোধ ক্ষমতা ক্ৰমশ: বৃদ্ধি হৈ গৈ থাকে আৰু এসময়ত কৃত্ৰিম ৰাসায়নিক দ্ৰব্যবোৰ অপকাৰী কীট-পতংগৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াহীন হৈ পৰে। উদ্বেগৰ বিষয় এয়ে যে, কৃষিভুমিত দেখোন- ন অপকাৰী কীট-পতংগৰ বাবে মুলত: জলবায় পৰিবৰ্তনৰ লগতে নভবা-নিচিন্তাকৈ যধে- মধে প্ৰয়োগ কৰা কৃত্ৰিম ৰাসায়নিক পদাৰ্থই দায়ী। কেইবছৰমান আগতে অসমলৈ আগমন ঘটা কপাহী পোকৰ আক্ৰমণৰ পৰা অমিতাকে ধৰি কেইবাবিধো শস্যই নিস্তাৰ পোৱা নাই। বিলাহীৰ বাবে অত্যন্ত অনিষ্টকাৰী টুটা (Tuta absoluta) নামৰ চকৰী অসমত এতিয়াও প্ৰৱেশ ঘটা নাই যদিও ভাৰতৰ বিভিন্ন প্ৰান্তত ইয়াৰ উপদ্ৰৱ আৰম্ভ হৈছে। ২০১৬ চনত অসমত শুঁৰপোকৰ তাণ্ডৱ হোৱাৰ সময়তে তামিলনাডুৰ নাৰিকল উদ্যান আৰু পঞ্জাৱ হাৰিয়াণা- ৰাজস্থানৰ কপাহ খেতিত বগামাখি (whitefly) ৰ উপদ্ৰৱ পৰিলক্ষিত হয়।

সঠিক সময় আৰু উপযুক্ত মাত্ৰাত কীটনাশকেই মকৰধ্বজ -

অধিক শস্য উৎপাদনেৰে বৰ্ধিত জন-গণক খাদ্য সংকটৰ পৰা মুক্তি দিবলৈ বহুত সমস্যা আছে। কিন্তু, এই সকলোবোৰ সমস্যা নেওচি অধিক ফচল লাভৰ বাবে আমি জৈৱ নিৰ্ভৰ ‘সমন্বিত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা’ (Integrated Pest Management) বা চমুকৈ (IPM) ৰ লগতে ‘ইক’লজিকেল ইঞ্জিনীয়াৰিং’(Ecological Engineering) ৰ সহায় ল’লে নিশ্চয়কৈ সুফল পাবলৈ সক্ষম হ’ম। কৃষি ক্ষেত্ৰত পোক-পতংগ নিৰ্মুলৰ বাবে ১৯৬৭ চনৰ পৰা বিশ্ব খাদ্য ও কৃষি সংস্থাই গুৰুত্ব প্ৰদান কৰা IPM  ৰ মুল ভিত্তি হ’ল-পতংগ নিয়ন্ত্ৰনৰ বিভিন্ন কৌশলসমুহ যথাযথভাৱে ব্যৱহাৰ কৰি কৃত্ৰিম ৰাসায়নিকৰ ব্যৱহাৰ হ্ৰাসকৰণ। অপকাৰী পতংগৰ নিয়ন্ত্ৰণৰ বাবে শস্য পৰিচৰ্যা (ৰোগ বা পতংগৰ আক্ৰমণ প্ৰতিৰোধী বীজৰ ব্যৱহাৰ , সঠিক সময়ত পুলি ৰোপন), যান্ত্ৰিক (পতংগৰ ডিম্ব বা পলু দেখা মাত্ৰেই নিধন, ফেৰ’মন ফান্দ বা আকাশ বাতি জ্বলাই পতংগ নিয়ন্ত্ৰণ), থলুৱা প্ৰযুক্তি কৌশল (বাঁহৰ জেং ধাননিত পুতি পৰভোজী চৰাইক জিৰণিৰ সুবিধা কৰা, কেৰাছিনত নাৰিকলৰ ৰছি ডুবাই ধাননিৰ ওপৰেদি চুচৰাই চেলেকা পোক নিয়ন্ত্ৰণ আদি। পতংগই অৰ্থনৈতিক ক্ষতিকাৰী সীমা (Economic Threshold Level) বা  মানে পতংগনাশক ব্যৱহাৰৰ লক্ষ্মণৰেখা) ত উপনীত হয়, তেতিয়াহে কৃত্ৰিম ৰাসায়নিক দ্ৰব্য উপযুক্ত মাত্ৰাত ব্যৱহাৰৰ অনুমতি দিয়া হয়। ভাৰত চৰকাৰে ১৯৮৫ চনৰ পৰা ক, চৰকাৰী যোজনাৰ অন্তৰ্ভুক্ত কৰিছে।

উপসংহাৰ-আমি এটা কথা মনত ৰখা প্ৰয়োজন যে যিকোনো পৰিৱেশত অপকাৰী কীট- পতংগৰ সমান্তৰালকৈ এইবোৰক প্ৰাকৃতিকভাৱে ধ্বংসকাৰী কিছুমান জীৱও আছে, যিবোৰ কৃষকৰ পৰম মিত্ৰ। ইফালে পতংগ নিয়ন্ত্ৰণৰ অন্যান্য ব্যৱস্থাপনাৰ ফলাফল মানুহৰ তৎক্ষণাৎ দৃষ্টিগোচৰ নহয় বাবে, কৃষকে সেইবোৰ অৱলম্বন নকৰি চিধাই কৃত্ৰিম ৰাসায়নিক ব্যৱহাৰতহে কৃষকসকলে গুৰুত্ব প্ৰদান কৰে। আমি সকলোৱে এতিয়া উপলব্ধি কৰিছোঁ যে কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ অপপ্ৰয়োগে আমাৰ পৰিবেশতন্ত্ৰৰ যথেষ্ট ক্ষতি কৰিছে। ৰাসায়নিক কীটনাশকৰ অবিবেচকী ব্যৱহাৰে অপকাৰীৰ লগতে মিত্ৰ পতংগবোৰকো ধ্বংসৰ গৰাহলৈ ঠেলি দিয়ে আৰু ৰাসায়নিক দৰৱৰ সক্ৰিয়তা হ্ৰাস হোৱাৰ পাছত অপকাৰী পতংগই ইহঁতৰ দমনকাৰী মিত্ৰ পতংগৰ অনুপস্থিতিত বেছিকৈ বাঢ়িবলৈ সুবিধা পায়। সেয়েহে জৈৱ নিৰ্ভৰ  IPM ত পৰজীৱি বা পৰভোজী জীৱক অধিক মাত্ৰাত ব্যৱহাৰেৰে, ৰাসায়নিক শুণ্য কৃষি ব্যৱস্থাপনাত গুৰুত্ব দিয়া হয়। দ্বিতীয়তে, কম কমকৈ বেলেগ বেলেগ খেতি কৰিলে অপকাৰী পোক-পতংগক প্ৰাকৃতিকভাৱে দমন কৰি থকা মকৰা, জিঞা আদি জীৱবোৰৰ সক্ৰিয়তা বৃদ্ধিৰ ফলত এটোপাল ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈয়ে শস্য ৰক্ষা কৰিব পৰা যায়। উদাহৰণস্বৰুপে, পোক পতংগৰ বিকৰ্ষক উদ্ভিদৰ কেইটামান শাৰী মুখ্য খেতিৰ মাজে মাজে লগাব পাৰি। খেতিৰ চৌপাশে অতি স্পৰ্শকাতৰ গছ ৰোউ পোক পৰুৱাক তালৈ আকৰ্ষিত কৰি নিয়ন্ত্ৰণ কৰিব পাৰি। জিঁয়া, গাগিনী, মকৰাই শস্যৰ অপকাৰী পোক-পতংগক খাদ্যৰ ৰুপত গ্ৰহণ কৰে, ফলত এই স্পৰ্শকতাৰ গছৰ ওপৰত অপকাৰীৰ লগতে উপকাৰী পতংগৰ উপস্থিতিও বাঢ়ে। এতিয়া ধৰক-বন্ধা কবিৰ প্ৰধান শত্ৰু ‘ডাইমণ্ড বেক মথ’ সৰিয়হৰ প্ৰতি বেছি দুৰ্বল। গতিকে বন্ধা কবিৰ চাৰিকাষে সৰিয়হ সিঁচি এই পোকক তালৈ আকৰ্ষিত কৰি, তাতেই নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰিলে গোটেই কবিডৰাক কৃত্ৰিম ৰাসায়নিক কীটনাশক ব্যৱহাৰ নকৰাকৈ ৰক্ষা কৰিব পাৰি। সেইদৰে, বিলাহীৰ শত্ৰু ‘হেলিক’ভাৰ্পা আৰ্মিজেৰা’ নামৰ কীটৰ পৰা ৰক্ষা কৰিবলৈ বিলাহী ডৰাৰ চাৰিওকাষে নাৰ্জীফুল প্ৰায় এপষেক মানৰ আগতে ৰুব লাগে। ইফালে শস্যকৃমিৰ আক্ৰান্ত অঞ্চলত খেতিৰ মাজে মাজে নাৰ্জেফুলৰ ৰুব লাগে, কিয়নো এই ফুলৰ শিপাত শস্যকৃমিক নিয়ন্ত্ৰণ কৰিব পৰা ৰসায়ণ থাকে। আনহাতে নহৰু, পিয়াজ, পদিনা আদি উদ্ভিদবোৰে বিভিন্ন প্ৰকাৰৰ কীট-পতংগক বিকৰ্ষণ কৰে। এইদৰে মুলখেতিৰ লগত  ন্যান্য স্পৰ্শকাতৰ বা বিকৰ্ষক উদ্ভিদ উচিত পৰিকল্পনাৰে , কৰ্ষণৰ দ্বাৰা পোক-পতংগ নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াক ‘ইক’লজিকেল ইঞ্জিনীয়াৰিং’ বুলি কোৱা হয়। ইয়াৰ ফল ততাতৈয়াকৈ দেখা পোৱা নাযায় যদিও ক্ষুৰ্ধাতু জনতাক খাদ্য যোগান ধৰিবলৈ এই পদ্ধতি দুটি নিশ্চয়কৈ সমৰ্থবান।

লেখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি (সেউজ সোপান)

 

 

 

2.96296296296
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top