মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / গ্ৰীষ্মকালীন শাক-পাচলিৰ শস্য ৰক্ষাৰ কিছু ব্যৱস্থাৱলী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ্ৰীষ্মকালীন শাক-পাচলিৰ শস্য ৰক্ষাৰ কিছু ব্যৱস্থাৱলী

গ্ৰীষ্মকালীন শাক-পাচলিৰ শস্য ৰক্ষাৰ কিছু ব্যৱস্থাৱলীৰ বিষয়ে লিখা হৈছে ।

 

পাৰিপাৰ্শ্বিক সংগঠনেৰে কীট নিয়ন্ত্ৰণ ব্যৱস্থাপনা -

কৃষ্টিগত নাইবা পৰিচৰ্যামূলক ব্যৱস্থাৰে কীট-নিয়ন্ত্ৰণ কৰি জৈৱিক নিয়ন্ত্ৰণ পদ্ধতিসমূহ বঢ়াই তোলা হয়।

মাটিৰ ওপৰভাগত:

*শস্য পথাৰৰ চাৰিসীমাত ফুল শস্য বা সোনকালে চপাব পৰা নগদী শস্য ৰোপণ কৰিব লাগে যাতে অনিষ্টকাৰী কীটৰ প্ৰাকৃতিক শত্ৰু কীটক আক্ৰমণ কৰিব পাৰি।

*শস্যৰ মাজত ঢাপ(বান্ধ) দি তাত ফুল গছ ৰোপণ কৰিব লাগে।

*প্ৰাকৃতিক শত্ৰু কীটবোৰে ফুলৰ পৰা ৰস শুহিবৰ বাবে প্ৰাকৃতিকভাৱে গজা কাষৰীয়া বনবাতবোৰ জধে-মধে উভালি পেলাব নেলাগে।

*কীট: শত্ৰুকীটৰ অনুপাত সঠিক ৰাখিবৰ বাবে বহল ক্ৰিয়াৰ ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰিব নেলাগে।

মাটিৰ তলভাগত:

*’ছেঁই ধৰা জাতীয়’ শস্যৰ লগত শস্যাৱৰ্তন কৰি মাটিত নাইট্ৰজেন মৌলৰ পৰিমাণ বৃদ্ধি কৰা।

*গোটেই বছৰ জুৰি খেতি কৰা মাটিখিনি আবৃত শস্য/শস্যৰ অৱশিষ্ট অংশৰে পৰিপূৰ্ণ কৰি ৰাখিব লাগে।

*পাম সাৰ, কেঁচু সাৰ, শস্যৰ অৱশিষ্ট অংশ আদি মাটিত প্ৰয়োগ কৰি জৈৱিক ক্ৰিয়া খৰতকীয়া কৰিব লাগে।

*কীটৰ প্ৰাকৃতিক শত্ৰুক ৰক্ষা কৰিবলৈ মাটিখিনি বেছিকৈ খুচুৰি থাকিব লাগে।

*জীৱাণুসাৰৰ লগতে সুষম মাত্ৰাত অন্যান্য মৌল প্ৰয়োগ কৰিব লাগে।

*জৈৱিক কীটনাশক যেনে- ট্ৰাইক’ডাৰমা প্ৰজাতি ভেঁকুৰ, চিউড’মনাচ ফ্লৰেন্স বেক্টেৰীয়াক বীজ শোধন আৰু পুলিবাৰীত প্ৰয়োগ কৰাৰ উপৰিও মূল পথাৰত প্ৰয়োগ কৰিব লাগে।

সমন্বিত কীট-নিয়ন্ত্ৰণ ব্যৱস্থাপনা -

মাটি প্ৰস্তুতিৰ সময়ত:

*বীজ সিঁচাৰ ২-৩ সপ্তাহ আগতে বিঘাই প্ৰতি কমেও ১০-১৫ কুইন্টল গোৱৰ বা পচন সাৰ প্ৰয়োগ কৰিব লাগে।

*মাটি সৌৰকৰণ: বীজ সিঁচাৰ আগতে ভেটিবোৰ পলিথিনেৰে(০.৪৫ মিলিমিটাৰ ডাঠ) ৩ সপ্তাহৰ বাবে ঢাকি ৰাখিব লাগে। এনে কৰিলে মাটিত থকা অনিষ্টকাৰী বীজাণুবোৰ কমি যায়।

*নিম/কৰচ গুটিৰ খলিহৈ(বিঘাই প্ৰতি প্ৰায় ৩০ কিলোগ্ৰাম) শেষৰ চাহ হালবোৱাৰ সময়ত প্ৰয়োগ কৰিলে শস্যকৃমি আৰু মাটিত বাহ সাজি থকা কীট নিয়ন্ত্ৰণ হয়।

*জৈৱিক কীটনাশক যেনে, ট্ৰাইক’ডাৰমা প্ৰজাতি ভেঁকুৰ(প্ৰতি বিঘাত ২.৫ কিলোগ্ৰাম) পচন সাৰৰ লগত মিহলাই মাটিত প্ৰয়োগ কৰিব লাগে।

*এই পোকৰ লেটা, কণী আদি মাটিতে থাকে বাবে খেতি কৰাৰ আগতেই মাটিডৰা দ’কৈ চহাব লাগে যাতে সেইবোৰ মাটিৰ ওপৰত ওলাই ৰ’দৰ তাপত অনিষ্ট হয়।

*নিম গুটিৰ খোলাৰ পৰা নিষ্কাষিত ৰস(৫%) পুলিবোৰত স্প্ৰে কৰিব লাগে।

বাঢ়ন অৱস্থাত:

*শস্য জোপা যাতে অণুপুষ্টি মৌলৰ অভাৱত নুভোগে তাৰবাবে অণুসাৰ(প্ৰতি লিটাৰ পানীত ৩-৫ গ্ৰাম) পাতত স্প্ৰে কৰিব লাগে।

*মতা আৰু মাইকী ফুলৰ অণুপাত সঠিক ৰাখিবৰ বাবে বৰণ সাৰ(১ গ্ৰাম প্ৰতি লিটাৰ পানীত) পুলি দুপতীয়া অৱস্থাতে স্প্ৰে কৰিব লাগে।

*পুলি ৩০ দিনীয়ালৈকে  বন-বাত চাফা কৰিব লাগে।

*বেমাৰী পুলি আৰু বেমাৰী ডাল-পাতবোৰ আঁতৰাই পেলাব লাগে।

*গুৰিত পানী জমা হ’বলৈ দিব নেলাগে।

*পাতত সুৰঙ্গ সৃষ্টকাৰী পোক(Serpentine leaf miner) নিয়ন্ত্ৰণৰ বাবে শস্যডৰাৰ কাষত এৰা, বিলাহী বা নাৰ্জী ফুল প্ৰতিৰোধী শস্য হিচাপে ৰোপণ কৰিব লাগে।

*হালধীয়া আঠাযুক্ত কাৰ্ড বা ফান্দ(প্ৰতি বিঘা মাটিত ৩ খনকৈ) আঁৰি দিব লাগে।

*প্ৰাকৃতিক শত্ৰু পোক যেনে, মকৰা, লেডি বাৰ্ড বিটল, লেচ উইং আদিক সংৰক্ষণ কৰিব লাগে।

*নিম গুটিৰ খোলাৰ পৰা নিষ্কাষিত ৰস(৫%) পুলিবোৰত স্প্ৰে কৰিব লাগে।

*মোৱা পোক নিয়ন্ত্ৰণৰ বাবে শস্যডৰাৰ কাষত উৰহী, নিজে গুটি সৰি পৰা ফুল বৰ্ষীয় আৰু বহুবৰ্ষীয় শস্য আদি ৰোপণ কৰিব লাগে।

*অতিমাত্ৰা আক্ৰমণিত হ’লে ‘ইমিডাক্লপিদ’ ৭০% ডব্লিউ জি(প্ৰতিবিঘাৰ বাবে ৫ গ্ৰাম ৬৫ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে।

*পাতত ফুটফুটীয়া দাগ পৰা ৰোগ নিয়ন্ত্ৰণৰ বাবে ঝিনেব ৭৫% ডব্লিউ পি(প্ৰতিবিঘাৰ বাবে ১০০-৩০০ মিলিলিটাৰ ২০০-২৫০ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে।

*’তিয়ঁহ মজাইক ভাইৰাছ’ ৰোগ নিয়ন্ত্ৰণৰ বাবে ইয়াক বাহক মোৱাপোক নিয়ন্ত্ৰণ কৰিব লাগিব।

*’পাউদাৰী মিলডিউ’ ৰোগ নিয়ন্ত্ৰণৰ বাবে কাৰ্বানডাজিম ৫০% ডব্লিউ পি(৪০ গ্ৰাম ৮০ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে।

*’ডাউনিমিলডিউ’ ৰোগ নিয়ন্ত্ৰণৰ বাবে ঝিনেব ৭৫% ডব্লিউ পি(২০০-২৬৫ গ্ৰাম ১০০-১৩০ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে।

কালি ধৰা অৱস্থাত:

*অণুপুষ্টি মৌলৰ অভাৱ দূৰ কৰিবলৈ অণুসাৰ(প্ৰতি লিটাৰ পানীত ৩-৫ গ্ৰাম) পাতত স্প্ৰে কৰিব লাগে।

*বৰল জাতীয় ফল মাখি নিয়ন্ত্ৰণৰ বাবে আক্ৰমণিত ফলবোৰ সংগ্ৰহ কৰি আঁতৰত ধ্বংস কৰি পেলাব লাগে।

*ফল চপোৱাৰ পিছত চাঙৰ তলত মাটিখিনি পাতলীয়াকৈ খুচুৰি-মেলি দিব লাগে।

*মিথাইল ইউজেনল(০.১%) ফান্দ ব্যৱহাৰ কৰিব লাগে। (এইবিষয়ে সবিশেষ লিখনিৰ লগত সংলগ্ন ফটো চাওক)।

*নিম গুটিৰ খোলাৰ পৰা নিষ্কাষিত ৰস(৫%) পুলিবোৰত স্প্ৰে কৰিব লাগে।

উৎস: সেউজ চিন্তা

 

2.94117647059
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top