মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / গ্ৰীষ্মকালীন শাক-পাচলিৰ সমন্বিত কীট-পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাৱলীঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ্ৰীষ্মকালীন শাক-পাচলিৰ সমন্বিত কীট-পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাৱলীঃ

গ্ৰীষ্মকালীন শাক-পাচলিৰ সমন্বিত কীট-পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাৱলী সমূহ লিখা হৈছে

গ্ৰীষ্মকালীন শাক-পাচলিৰ সমন্বিত কীট-পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাৱলী সমূহ-

 

আমাৰ দৈনন্দিন জীৱনৰ খাদ্য তালিকাত শাক-পাচলিৰ প্ৰয়োজনীয়তা অপৰিসীম। বিভিন্ন শাক-পাচলিৰ পৰাই আমি আমাৰ দেহৰ পৰিপুষ্টি আৰু গঠনৰ বাবে আৱশ্যক হোৱা প্ৰায়বোৰ লাগতিয়াল প্ৰ’টিন, ভিটামিন আদি আহৰণ কৰি লও। শাক-পাচলিৰ খেতিক ঋতু অনুযায়ী প্ৰধানকৈ গ্ৰীষ্ম আৰু শীতকালীন হিচাপে দুটা ভাগত ভাগ কৰিব পাৰি। সাধাৰণতে মাৰ্চ মাহৰ পৰা আৰম্ভ কৰি আগষ্ট মাহৰ ভিতৰত খেতি কৰিবলৈ লোৱা সকলোবিধ শস্যকে গ্ৰীষ্মকালীন শস্যৰ ভিতৰত সাঙুৰি লোৱা হয়। গ্ৰীষ্মকালীন শাক-পাচলিৰ ভিতৰত প্ৰধানকৈ জিকা, ভেণ্ডি, তিয়ঁহ, ভাত কেৰেলা, জাতিলাও, ৰঙালাও, কোমোৰা, পটল আদিৰ খেতিকে ক’ব পাৰি।

গ্ৰীষ্মকালীন শাক-পাচলিৰ প্ৰধান অনিষ্টকাৰী কীট-পতংগৰ ভিতৰত পাত ফুটা কৰা পোক, ফুটুকী পোক, ভূঁৰ পোক, মোৱা পোক, বৰলীয়া পোক, গছৰ আগ আৰু ফল বিন্ধা কৰা পোক আদিয়েই প্ৰধান।

অনিষ্টকাৰী কীট-পতংগ নিয়ন্ত্ৰণৰ ব্যৱস্থাঃ

 

অনিষ্টকাৰী কীট-পতংগ নিয়ন্ত্ৰণ কৃষি কৰ্মৰ এক এৰাব নোৱাৰা অংগ। শাক-পাচলিৰ কীট-পতংগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাসায়নিক ঔষধ ব্যৱহাৰত আমি যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে। অনিষ্টকাৰী কীট-পতংগ দেখা মাত্ৰকে ৰাসায়নিক ঔষধ প্ৰয়োগ কৰিবলৈ যোৱাতকৈ সমন্বিত কীট-পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাৰ ভিতৰত থকা আন উপায়সমূহৰ ওপৰত অধিক জোৰ দিব লাগে। তলত উল্লেখ কৰা বিভিন্ন ব্যৱস্থাসমূহ অৱলম্বন কৰি শাক-পাচলিৰ অনিষ্টকাৰী কীট-পতংগসমূহ কমাব পাৰি।

-  গ্ৰীষ্মকালীন পথাৰত দ’কৈ হালবাই মাটিৰ   ওচৰে পাঁজৰে থকা বন-বাত ভালকৈ চিকুণাই ল’ব লাগে। এনে কৰিলে মাটিৰ তলত লুকাই বা বন-বাতত আশ্ৰয় লৈ থকা পোকৰ লেটাবোৰ বাহিৰলৈ ওলাই আহে আৰু সিবিলাক ৰ’দৰ পোহৰত বা চৰাই-চিৰিকতিয়ে খাই ধ্বংস কৰে। সচৰাচৰ বৰলীয়া পোকৰ লেটা অৱস্থা সদায় মাটিত থাকে।

-  শস্যৰ অনিষ্টকাৰী পতংগৰ পলু দেখিলে সেইবিলাকক হাতেৰে ধৰিও মাৰিব পাৰি।

- কীট-পতংগৰ আক্ৰমণ প্ৰতিৰোধ কৰা জাতসমূহৰ খেতি কৰাত গুৰুত্ব দিব লাগে।

-  অনুমোদিত পৰিমাণৰ ৰাসায়নিক সাৰ প্ৰয়োগ আৰু নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি বীজ ৰোপণ কৰিব লাগে। মনত ৰাখিব লাগে যে শস্যত আৱশ্যকতকৈ অধিক নাইট্ৰ’জেনযুক্ত সাৰ প্ৰয়োগ কৰিলে কীট-পতংগৰ বংশ বৃদ্ধি বেছি হয়।

-  খেতিৰ আৰম্ভণিতে কীট-পতংগই আক্ৰমণ কৰা গছবোৰ আঁতৰাই পুৰি বা পুতি পেলাব লাগে। এনে কৰিলে পতংগৰ বংশবৃদ্ধি হৈ অধিক অনিষ্ট কৰাৰ সম্ভাৱনা দূৰ হয়।

ৰাসায়নিক পদ্ধতিঃ

 

- পাত ফুটা কৰা পোক, মোৱা পোক, ফুটুকী পোক নিয়ন্ত্ৰণ কৰিবলৈ মালাথিয়ন ৫০ ই চি দৰবৰ ২ মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই ১৫ দিনৰ অন্তৰে দুবাৰ বা তিনিবাৰ স্প্ৰে’ কৰিব লাগে।

-  গছৰ আগ আৰু ফল বিন্ধা কৰা পোকৰ ক্ষেত্ৰত এণ্ড’ছালফন ৩৫ ই চি দৰব ২ মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই গছত ফুল ধৰাৰ পূৰ্বে এবাৰ স্প্ৰে’ কৰিব লাগে।

-  ভূঁৰ পোক নিয়ন্ত্ৰণৰ বাবে শস্য ৰোৱাৰ পূৰ্বেই মাটি চহোৱাৰ সময়ত পাঁচ ভাগ শক্তিৰ মালাথিয়ন পাউডাৰ বিঘাই প্ৰতি ৩-৪ কেজি প্ৰয়োগ কৰিব লাগে।

-  বৰলীয়া পোক নিয়ন্ত্ৰণ কৰিবলৈ মালাথিয়ন ৫০ ই চি দৰব, এক চাহ চামুচ ৫ লিটাৰ পানীত মিহলাই ৫ দিনৰ মূৰে মূৰে লাওজাতীয় শস্যত স্প্ৰে’ কৰিব লাগে। এইক্ষেত্ৰত ৫ লিটাৰ পানীত ৫০ গ্ৰাম গুড় মিহলাই ল’লে বৰলীয়া পোক আকৰ্ষিত হৈ সোনকালে নিধন হয়। বৰলীয়া পোকৰ দ্বাৰা আক্ৰান্ত হোৱা ফলবোৰ ছিঙি আনি পুতি পেলাব লাগে।

থলুৱা পদ্ধতিঃ

 

-  গা-গছ আৰু ফল বিন্ধা পোক, পাত ফুটা কৰা পোক, মোৱা পোক আদি নিয়ন্ত্ৰণ কৰিবলৈ ফুট-ছাই ব্যৱহাৰ কৰি সুফল লাভ কৰিব পাৰি।

-  ধঁপাতৰ পাত কেইখিলামান এৰাতি পানীত ডুবাই ৰাখি প্ৰস্তুত কৰা মিশ্ৰণটো পাছদিনা বিশেষকৈ মোৱাপোকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিলে বহুক্ষেত্ৰত সুফল পাব পাৰি।

 

(উৎসঃ অসমীয়া খবৰ, ৰূপক কুমাৰ নাথ, প্ৰতিভা বৰ্মন)।

3.05
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top