মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / জৈৱিক পদ্ধতিৰে ধানৰ অনিষ্টকাৰী কীট-পতংগ নিবাৰণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জৈৱিক পদ্ধতিৰে ধানৰ অনিষ্টকাৰী কীট-পতংগ নিবাৰণ :

জৈৱিক পদ্ধতিৰে ধানৰ অনিষ্টকাৰী কীট-পতংগ নিবাৰণৰ বিষয়ে লিখা হৈছে ।

 

অসমত আহু, শালি, বৰো আৰু বাও হিচাপে ধানৰ খেতি কৰা হয় যদিও   প্রায় ১৭ লাখ হেক্টৰ মাটিত কৰা শালিখেতিটোৱেই ৰাজ্যখনৰ প্রধান খেতি। আহাৰ-শাওণৰ পৰা আঘোন-পুহলৈ কৰা এই খেতিটোৰ সময়চোৱাত ৰাজ্যখনৰ জলবায়ু কীট-পতংগৰ বংশ বৃদ্ধিৰ বাবে অতি উপযোগী হৈ উঠে। সেয়ে কঠীয়া সিঁচাৰ পৰা  চপোৱালৈকে নানানবিধ কীট-পতংগই পথাৰত ধানৰ যথেষ্ট অনিষ্টসাধন কৰে। আনহাতে পথাৰতে দেখা দিয়া কিছুমান কীট-পতংগ ধানৰ লগতে ভঁৰালত প্রৱেশ কৰি  ভঁৰালৰ ধান নষ্ট কৰে।  কীট-পতংগৰ এনে উপদ্রপৰ পৰা ধাননীডৰা ৰক্ষা কৰিবলৈ অনেক  উপায় আছে। ৰাসায়নিক ঔষধ প্রয়োগ তাৰ ভিতৰত এটা। কিন্তু প্রায় সকলো কৃষকে আন উপায়বোৰ প্রয়োগ নকৰি  ঔষধৰ ওপৰত অধিক নিৰ্ভৰ কৰা দেখা যায়।  আনহাতে বহুতো কৃষকে ঔষধ প্রয়োগৰ বিষয়ে ভালদৰে বুজি নুঠাৰ বাবে ঔষধৰ অপ্রয়োগ হয়,যাৰ বাবে পৰিৱেশৰ ওপৰত বহুতো কু-প্রভাৱ পৰে। সততে চকুত পৰা এনে এক কু-প্রভাৱ হ’ল পথাৰবোৰত মাছ-পুঠি প্রায়  নোহোৱা হৈ পৰাতো। পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে পথাৰত প্রয়োগ কৰা বেছি ভাগ ৰাসায়নিক ঔষধৰ বাবে পথাৰত মাছ-পুঠিৰ লগতে সাপ,বেং আদিবোৰ লাহে লাহে কমি গৈছে। ইয়াৰউপৰি অধিক মাত্রাত ঔষধ প্রয়োগ কৰাৰ বাবে মকৰা,জিঁয়া আদিৰ লগতে ভালেমান কীট-পতংগ ভক্ষণ কৰা চৰাই-চিৰিকতি পথাৰবোৰত নোহোৱা হৈ পৰিছে। ৰাসায়নিক ঔষধৰ বাবে দেখা দিয়া এনে বহুতো সমস্যাৰ পৰা হাত সাৰিবলৈ  বৰ্তমান বিজ্ঞানীসকলে জৈৱিক পদ্ধতি অৱলম্বন কৰি ধানৰ লগতে আন শস্যত দেখা দিয়া অনিষ্টকাৰী কীট-পতংগ নিবাৰণ কৰিবলৈ পৰামৰ্শ দিয়ে। এইখিনিতে উল্লেখযোগ্য যে জৈৱিক পদ্ধতিত কৃষকে পৰম্পৰাগত ভাবে প্রয়োগ কৰা থলুৱা পদ্ধতিৰ গুৰুত্ব যথেষ্ট বেছি। সেয়েহে জৈৱিক পদ্ধতি সৰ্বসাধাৰণ কৃষকৰ   গ্রহণযোগ্য হৈ পৰা দেখা গৈছে। আমাৰ এই লেখাটিত ধাননী পথাৰত প্রয়োগ কৰিব পৰা জৈৱিক কৃষি পদ্ধতিৰ কেতবোৰ কৌশলৰ বিষয়ে উল্লেখ কৰা হ’ল।

শালিখেতিৰ পাছত আহু কৰা অঞ্চলত পুহ-মাঘ মাহত নাইবা কেৱল শালি কৰা অঞ্চলত মাঘ-ফাগুন মাহত দ’কৈ হাল বাই নৰাবোৰ নষ্ট কৰি দিব লাগে। এনে কৰিলে নৰাৰ মাজত নাইবা মাটিৰ তলত লুকাই থকা  কীটবোৰ মৰি যাব।

শালি খেতিয়েই যিহেতু অসমৰ প্রধান খেতি সেয়েহে যিবোৰ অঞ্চলত আহু আৰু শালি দুয়োবিধৰ খেতি কৰা হয় সেই অঞ্চলবোৰত আহুৰ জাত এনেহোৱা উচিত যাতে আহাৰৰ প্রথম ভাগত আহু চপাই শাওণৰ প্রথম পষেকত শালি ৰুই শেষ কৰিব পৰা যায়। এনে কৰিলে মজ্জাখোৱা, পিয়াজী পোক, চৰহা আদিৰ আক্রমণৰ মাত্রা কম হ’ব।

ধানৰ কৃষিকাল অনুযায়ী সঠিক সময়ত কঠীয়া ৰোব লাগে। কেৱল শালিখেতি কৰা অঞ্চলত কমদিনীয়া জাত আগতীয়াকৈ ৰুলে ডৰাটোত গান্ধীপোক বেছিকৈ পৰেহি। আনহাতে দীৰ্ঘদিনীয়া জাত পলমকৈ ৰুলে মজ্জাখোৱা,পিয়াঁজী পোক,চৰহা আদি বেছি হয়।

সাধাৰণতে ৩-৫ কিঃমিঃ বহল পথাৰ এখনত প্রায় একে সময়তে ধান ৰুই শেষ কৰিবলৈ যত্ন কৰিব লাগে। নহ’লে প্রথমে ৰোৱা ডৰাবোৰৰ পৰা পোক-পৰুৱা পাছত ৰোৱাখিনিলৈ বিয়পি পৰিব আৰু এই ডৰাবোৰত বেছি অনিষ্ট কৰিব।

ৰোৱাৰ আগেয়ে কঠীয়াৰ আগবোৰ ছিঙি ল’ব লাগে। এনে কৰিলে পাতৰ আগভাগত থকা মজ্জাখোৱা আদিৰ কণীবোৰ পথাৰলৈ বিয়পিব নোৱাৰে। অৱশ্যে পাত দেইযোৱা ৰোগৰ (Bacterial Leaf Blight) প্রাদুৰ্ভাৱ থকা অঞ্চলত আগ ছিঙি ৰুব নালাগে।

গোছাবোৰ অনুমোদিত দূৰত্বত ৰুব লাগে। ৰুই উঠাৰ পাছত পথাৰত ঘনাই জেং পুতি দি পোক খোৱা চৰাই বহিবলৈ সুবিধা কৰি দিব লাগে। অৱশ্যে ফুল ফুলাৰ পাছত জেংবোৰ আঁতৰাই দিব লাগে।

ৰবাবটেঙাৰ বাকলি, কচু , নিম গছৰ পাত আদি পথাৰত ছটিয়াই থলে বহুতো পোক-পৰুৱাৰ আক্রমণ কম হয়। টুপলিকটা আদি পাত খোৱা পোক দেখিলে কেৰাচিন আৰু পানীৰ ১:১ অনুপাতৰ মিশ্রণত তিয়াই লোৱা ৰচি এডাল দুজনে সুমূৰে ধৰি ডৰাটোৰ ওপৰেদি চলাই দিলে ইবোৰৰ আক্রমণ কম হয়।

চৰহাৰ আক্রমণ  দেখিলে আক্রান্ত পাতবোৰ কাটি পথাৰৰ পৰা আঁতৰত পুতি দিব লাগে আৰু পাছত বগৰি আদি কাঁইটীয়া গছৰ ডালেৰে দুদিনমানৰ অন্তৰে  অন্তৰে ধানগছবোৰ কোবাই থাকিলে চৰহাৰ আক্রমণ কমিব। আক্রমণৰ মাত্রা বেছি দেখিলে ( গোছে প্রতি ১-২ আক্রান্ত পাত নাইবা এটা পূৰ্ণাঙ্গ কীট) Beauveria bassiana (bals.) নামৰ জৈৱ কীটনাশকবিধৰ ৫ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বৰ্তমান কেইবাটাও নামত এইবিধ কীটনাশক বজাৰত পোৱা যায়। এবিঘা মাটিৰ বাবে এনে কীটনাশকৰ ৪০০-৫০০ গ্রাম আৱশ্যক হ’ব।

মজ্জাখোৱাৰ আক্রমণ  কম কৰিবলৈ  পৰজীৱী পোক কৃত্রিমভাৱে পথাৰত মেলিব লাগে। তাৰবাবে  Tricho card ব্যৱহাৰ কৰিব পৰা যায়। বিকল্প হিচাপে মজ্জাখোৱাৰ কণী দেখিলে সেইবোৰ পাতেৰে সৈতে ছিঙি টেমা এটাত ভৰাই টেমাৰ মুখখন জালি নাইবা আঁঠুৱাৰ কাপোৰেৰে ঢাকি পথাৰৰ মাজত থব লাগে। পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে পথাৰত পোৱা কণীৰ থোপাবোৰত পৰজীৱী পোকে কণী পাৰি থয়।  সময়ত এইবোৰ টেমাৰ জালিৰ মাজেৰে বাহিৰ হৈ মজ্জাখোৱাৰ কণী নষ্ট কৰে। তদুপৰি মজ্জাখোৱাৰ মতা মথবোৰক আকৰ্ষণ কৰা Pheromone বা টোপ ব্যৱহাৰ কৰিও এইবিধ পোক নিয়ন্ত্রণ কৰিব পাৰি। এনেবোৰ ব্যৱস্থা লোৱাৰ পাছতো যদি ফুল ফুলাৰ আগেয়ে ৫% আক্রান্ত পোখা দেখা যায় নাইবা ফুল ফুলাৰ পাছত প্র্তি বৰ্গ মিটাৰত এজনী পখিলা দেখা যায় তেন্তে অনুমোদিত ঔষধ সঠিক পৰিমাণত প্রয়োগ কৰিব লাগে।

আহু আৰু আগতীয়াকৈ কৰা শালিখেতিত গান্ধীপোকৰ আক্রমণ বেছি হয়। মৰা বেং, গেলা মাছ আদি পথাৰত ওলোমাই থৈ গান্ধীপোক আকৰ্ষণ কৰিব পাৰি। থোপ খোৱা গান্ধীখিনি পাছত ঔষধ ছটিয়াই নাইবা পুৰি মাৰিবলৈ সহজ হয়। গেঁৰ ধৰাৰ পাছৰে পৰা ৰাতি পথাৰত জোঁৰ দি গান্ধীপোকৰ আক্রমণ কম কৰিব পাৰি।

ভঁৰালত দেখা দিয়া পোক-পৰুৱাবোৰ কম কৰিবলৈ ধান চপোৱাৰ আগেয়ে কিছুমান ব্যৱস্থা ল’ব লাগে। সাধাৰণতে কৃষকসকলে ধান পুৰঠ হোৱাৰ বহুত পাছত চপোৱা দেখা যায়।পুৰঠ ধান বেছি দিনলৈকে পথাৰত থাকিলে সূৰ্যৰ তাপত ফাট মেলে। ভঁৰালত দেখা দিয়া বহুকেইটা পোকে এনে ফাট মেলা গুটিত পথাৰতে কণী পাৰে আৰু গুটিৰ লগত ইহঁত ভঁৰালত প্রৱেশ কৰে। তদুপৰি পথাৰত বেছি শুকালে মৰণাত গৰুৰ খোজত গুটিত ফাট মেলে, যাৰ বাবে পোকে কণী পাৰিবলৈ সুবিধা পায়। পৰীক্ষাৰ দ্বাৰা দেখা গৈছে ডৰাটোৰ  ৫০%গোছাত ফুল ফুলাৰ এমাহৰ পাছৰে পৰা ধান চপাব পৰা হয়। সেয়েহে এই দিশটোলৈ বিশেষ ভাবে মন দিব লাগে।

চপোৱা ডাঙৰিবোৰ ভালদৰে শুকাবলৈ দিব লাগে। ধান গোছা নাইবা গুটি হিচাপে ভঁৰালত থব পাৰি। সাধাৰণতে গুটি ধানত পোক-পৰুৱা বেছি হোৱা দেখা যায়। ধান শুকুৱাওঁতে টান চোকা ৰ’দত বেছি সময় ৰাখিব নালাগে আৰু শুকুৱাই থাকোতে মাজে মাজে লৰাই থাকিব লাগে।ৰ’দ টান হোৱাৰ লগে লগে ধান ভিতৰলৈ নিব লাগে। এইদৰে ৭-১০ দিন ৰ’দত ধান শুকুৱালে গুটিত ফাট নেমেলে।

পৰাপক্ষত ধান ১২% আৰ্দ্রতালৈ শুকুৱাব লাগে। কিন্তু অসমৰ দৰে বৰষুণ বেছি হোৱা ঠাইত ১৪%মানলৈ শুকুৱাই ভালদৰে সংৰক্ষণ কৰি থলে পোক-পৰুৱাৰ আক্রমণ কম হয়। অভিজ্ঞ কৃষকে কাণৰ কাষত পথালিকৈ ধান এটা টিপা মাৰি শুকুৱাৰ বুজ লয়। টিপামাৰি দিলে যদি শব্দ এটা শুনে তেতিয়া ধান ভালদৰে শুকাইছে বুলি ধৰে। পৰীক্ষাৰ দ্বাৰাও এনে গুটিৰ আৰ্দ্রতা প্রায় ১৪% হোৱা দেখা যায়।

ধান ভৰোৱাৰ আগেয়ে ভঁৰালটো ভালদৰে পৰিষ্কাৰ কৰি বোকাৰে লেপি ল’ব লাগে। লিপাৰ পাছত নিমগছৰ পৰা প্রস্তুত কৰা ঔষধ নাইবা  মালাথিয়ন ৫০ ইচিৰ দুচামুচ এক লিটাৰ পানীত মিহলাই শুকান বেৰত স্প্রে কৰিব লাগে। প্র্তি বৰ্গ মিটাৰৰ বাবে তিনি লিটাৰ পানীৰ আৱশ্যক হ’ব। ভঁৰালৰ ধানত কেতিয়াও ঔষধ নছটিয়াব। ধানখিনিৰ লগত নিমপাত মিহলাই ওপৰত তুঁহ ছটিয়াই থব পাৰি। মাজে মাজে ধান ৰ’দত শুকুৱাই আগৰ দৰে নিমপাত মিহলাই ওপৰত তুঁহ ছটিয়াই থব লাগে। অৱশ্যে বীজৰ বাবে ৰখা ধানৰ লগত নিমগছৰ পৰা প্রস্তুত কৰা ঔষধ মিহলাব পাৰি।  এইদৰে ৰাসায়নিক ঔষধ বৰ্জন নাইবা সীমিত ৰূপত ব্যৱহাৰ কৰি আৰ্থিক ভাবে লাভবান হোৱাৰ লগতে আমাৰ পৰিৱেশ প্রদূষণমুক্ত কৰিব পাৰি। ইয়াৰ বাবে কৃষক তথা পৰিৱেশ সচেতন প্রতিজনেই আগভাগ ল’ব লাগিব।

লেখক : ডঃ চাদিকুল হুছেইন
উৎস :- সেউজী ধৰণী

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top