অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জৈৱিক পদ্ধতিৰে শস্য ৰক্ষা :

জৈৱিক পদ্ধতিৰে শস্য ৰক্ষাৰ বিষয়ে লিখা হৈছে ।

জৈৱিক পদ্ধতি হ’ল, একোটা নিৰ্দিষ্ট পৰিৱেশত এবিধ নতুন প্ৰজাতিৰ কীট সংস্থাপিত কৰি নাইবা ইতিমধ্যে পৰিৱেশত থকা কিছুমান প্ৰজাতিৰ কীটৰ সক্ৰিয়তা বৃদ্ধি কৰি সেইবোৰক শস্যৰ অনিষ্টকাৰী কীটৰ বিৰুদ্ধে প্ৰাকৃতিক শত্ৰু হিচাপে ঠিয় কৰাই শস্যডৰাক ৰক্ষা কৰা।

পৰজীৱী বা পৰভক্ষী পতঙ্গ, সন্ধিপদী প্ৰাণী, পৰভক্ষী মেৰুদণ্ডী প্ৰাণী, পৰজীৱী ভেঁকুৰ, শস্যকৃমি, বেক্টেৰীয়া, ভাইৰাছ আদিৰ দ্বাৰা শস্যৰ অনিষ্টকাৰী কীট-পতঙ্গ আৰু ৰোগ-ব্যাধি নিয়ন্ত্ৰণ হয়।

সন্ধিপদী প্ৰাণী যেনে, মকৰাবোৰ হ’ল পৰভক্ষী আৰু চাহিপোকবোৰ হ’ল পৰজীৱি।

পতঙ্গবোৰৰ শতকৰা ২৫-৩০ শতাংশই হ’ল কৃষকৰ বন্ধু। বহু কীট-পতঙ্গই অনিষ্টকাৰী কীটৰ বংস কৰে। যেনে, অশ্ব ফৰিং(Mantid)।

লেডি বাৰ্ড বিটল, টাইগাৰ বিটল আৰু বৰল জাতীয় বিভিন্ন পতঙ্গ। মেৰুদণ্ডী প্ৰাণীৰ ভিতৰত মাছ লালুকী, বেং, চৰাই, সাপ, নেউল আদিয়েও প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত সহায় কৰে।

কিছুমান শস্যকৃমিয়েও পঁইতাচোৰা, ফৰিং, বিটল, চগা আদিৰ শৰীৰত পৰজীৱিৰূপে বাস কৰি সেইবোৰ নিয়ন্ত্ৰণ কৰে।

এই জৈৱিক পদ্ধতিত তিনিটা প্ৰধান অৱলম্বন কৰা হয়-

১)সংস্থাপন(Introduction),

২)সংৰক্ষণ(Conservation),

৩)বৃদ্ধি(Augmantation)।

১)সংস্থাপন(Introduction):

অন্য এঠাইৰ পৰা কিছুমান পোক-পতঙ্গ সৰবৰাহ কৰি আনি কোনো এক স্থানত সংস্থাপন কৰি প্ৰাকৃতিকভাৱে সেই স্থানৰ অনিষ্টকাৰী পোক নিয়ন্ত্ৰণ কৰা হয়।

বৰ্তমান এখন দেশৰ পৰা অন্য এখন দেশলৈ সেই দেশৰ আইন অনুযায়ী উপকাৰী কীট-পতঙ্গ সৰবৰাহৰ ব্যৱস্থা আছে।

২)সংৰক্ষণ(Conservation):

প্ৰাকৃতিক উপকাৰী কীটবোৰ যাতে প্ৰকৃতিৰ পৰা বংস হৈ নেযাই তাৰবাবে কিছুমান ব্যৱস্থা লোৱা হয়।

সেই ব্যৱস্থাবোৰ হ’ল- উপকাৰী কীটবোৰৰ সুপ্ত অৱস্থা যেনে, কণী, লেটা আদি সংৰক্ষণ কৰা, ক্ষতিকৰ কৃষি পদ্ধতি অৱলম্বন নকৰা, জীৱবিচিত্ৰতা ৰক্ষা কৰা, প্ৰাকৃতিক আৰু কৃত্ৰিম খাদ্য যোগান, কীট-নাশকৰ পৰা পক্ষা কৰা ইত্যাদি।

৩)বৃদ্ধি(Augmantation):

কোনো এক নিৰ্দিষ্ট অঞ্চলত থকা প্ৰাকৃতিক উপকাৰী কীটবোৰৰ সংখ্যা বৃদ্ধি কৰা হয় আৰু সেইবোৰৰ কাৰ্যকাৰিতা বৃদ্ধিৰ বাবে কিছুমান উপায় লোৱা হয়।

কীট আৰু ৰোগ নিয়ন্ত্ৰণৰ জৈৱিক উপায়সমূহ -

মেৰুদণ্ডী প্ৰাণী :

মাছ, লালুকী, বেং, ভেকুলী, জেঠী আদিয়ে মহ আৰু বিভিন্ন পোকৰ কণী আদি খাই বংস কৰে বুলি আমি সকলোৱে জানো।

পৃথিৱীত থকা বিভিন্ন প্ৰজাতিৰ সাপৰ ভিতৰত প্ৰায় ৭০ শতাংশই বিষাক্ত নহয়। এইবোৰে এন্দুৰ, নিগনি আদি প্ৰাকৃতিক বাৰসাম্য ৰক্ষা কৰে। ঠিক সেইদৰে বিভিন্ন প্ৰজাতিৰ চৰায়েও শস্য অনিষ্টকাৰী কীট-পতঙ্গ খাই সেইবোৰৰ নিয়ন্ত্ৰণত সহায় কৰে।

বলয়ী প্ৰাণী:

গুৱৰুৱা, ফৰিং, পঁইতাচোৰা, চগা আদিৰ দেহত বিভিন্ন প্ৰজাতিৰ কৃমিয়ে পৰজীৱি হিচাপে বাস কৰি সিহঁতক বংস কৰে। নিয়’এপ্লেকটানা দাটকি নামৰ কৃমিবিধ(DD-136) বৰ্তমান বিভিন্ন অনিষ্টকাৰী কীট-পতঙ্গ নিয়ন্ত্ৰণ কৰিবলৈ পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰি থকা হৈছে।

সন্ধিপদী প্ৰাণী:

মকৰা, চাহি আৰু বিভিন্ন পৰভক্ষী কীটে জৈৱিকভাৱে কীট-পতঙ্গ নিয়ন্ত্ৰণত সহায় কৰে। লেডি বাৰ্ড বিটল নামৰ কীটবিধে ফুলকবি, বন্ধাকবি আদিৰ মোৱাপোক খাই তাক নিয়ন্ত্ৰণ কৰে।

অন্যান্য পৰভোজী পতঙ্গ কিছুমান হ’ল- গাগিনী(প্ৰেয়িং মেনটিড), ক্ৰাইচ’পাৰলা প্ৰজাতি, ট্ৰাইক’গ্ৰামা প্ৰজাতি আদি।

বৰ্তমান ট্ৰাইক’গ্ৰামা প্ৰজাতিৰ ক’লা বৰণৰ সৰু বৰলজাতীয় পোকৰ কণীয়ে ধানৰ মজাখোৱা নাইবা পাতমেৰোৱা পোকৰ কণী খায়।

মাইকী পোকবোৰে আশ্ৰয়দাতা অনিষ্টকাৰী পোকৰ কণীৰ ভিতৰত ২০-৪০ টা কণী পাৰে আৰু আশ্ৰয়দাতা কণীৰ পৰা খাদ্য আহৰণ কৰি শেষত পূৰ্ণবয়স্ক পৰাশ্ৰয়ী পোক ১০-১৪ দিনত ওলাই আহে। আজিকালি এইবিধ পোকৰ কণী গৱেষণাগাৰত সংৰক্ষণ আৰু বৃদ্ধি কৰি কৃষকৰ পথাৰত মেলি দিয়াৰ ব্যৱস্থা কৰা হৈছে।

ট্ৰাইক’কাৰ্ড নামেৰে উপলব্ধ এই কণীবোৰ প্ৰতি বিঘাত প্ৰতি সপ্তাহত প্ৰায় ৭০০০ কৈ ধাননি পথাৰত মেলি দিব লাগে।

ইয়াৰবাবে ধানৰোৱাৰ ৩০ দিনৰ পিছৰে পৰা প্ৰতি সপ্তাহতে ট্ৰাকি’কাৰ্ডখন ৬-১২ টুকুৰা কৰি পাতত আঠা দি লগাব লাগে যাতে কণীবোৰ গোটেই পথাৰতে সমানে বিয়পি পৰে।

আদ্যপ্ৰাণী:

আদ্যপ্ৰাণীবোৰৰ প্ৰায় ২০০ বিধ প্ৰজাতিয়ে অনিষ্টকাৰী কীট-পতঙ্গক আক্ৰমণ কৰি সেইবোৰক নিঃশেষ কৰে। ফৰিংজাতীয় পোক নিয়ন্ত্ৰণৰ বাবে নচিমা লকাচটি নামৰ আদ্যপ্ৰাণীবিধ ব্যৱহাৰ কৰা হয়।

অণুজীৱৰ দ্বাৰা কীট আৰু ৰোগ নিয়ন্ত্ৰণ -

কিছুমান প্ৰজাতিৰ ভেঁকুৰ, বেক্টেৰীয়া, ভাইৰাছে অনিষ্টকাৰী কীটক আক্ৰমণ কৰি সিহঁতক নিঃশেষ কৰে।

ব্যুভেৰিয়া বেছিয়ানা, মেটাৰিঝিয়াম এনিচপ্লি, বেছিলাচ থুৰিনজিয়েনচিছ এন.পি.ভি. ভাইৰাছ আদি ভেঁকুৰ ব্যৱহাৰ কৰি বিভিন্ন অনিষ্টকাৰী কীট নিয়ন্ত্ৰণ কৰিব পাৰি।

ব্যুভেৰিয়া বেছিয়ানা:

বিছা আৰু পলুজাতীয় পোকৰ নিয়ন্ত্ৰণত এইবিধ ভেঁকুৰৰ মিশ্ৰণ স্প্ৰে কৰিব পাৰি।

মেটাৰিঝিয়াম এনিচপ্লি:

এই ভেঁকুৰবিধে অনিষ্টকাৰী পোকৰ শৰীৰত ৰোগৰ সৃষ্টি কৰি সিহঁতক মাৰি পেলায়। যেনে, উঁই পোক নিয়ন্ত্ৰণৰ বাবে এইবিধ ভেঁকুৰ ব্যৱহাৰ কৰিব পাৰি।

বেছিলাচ থুৰিনজিয়েনচিছ:

এই প্ৰজাতিৰ বেক্টেৰীয়াৰ পৰা তৈয়াৰ কৰা জৈৱিক কীট-নাশকবিধে বন্ধাকবি, ফুলকবিৰ ডায়মণ্ড ব্ল্যাক মথ, আৰ্মি ৱৰ্ম, চেমিলুপাৰ, বিলাহীৰ ফলবিন্ধা কৰা পোক, বেঙেনাৰ ডাল আৰু বিন্ধা কৰা পোক, নেমুটেঙাৰ পখিলাজাতীয় পোক আদিৰ বিৰুদ্ধেও ব্যৱহাৰ কৰি ভাল ফল পোৱা গৈছে।

এন.পি.ভি. ভাইৰাছ(নিউক্লিয়েৰ পলিহেড্ৰছিছ ভাইৰাছ):

বিলাহী, বেঙেনা আদিৰ ফল বিন্ধা কৰা পোক, মটৰ মাহ, সৰিয়হ, মগুমাহ, মাটিমাহ আদিৰ চেঁই বিন্ধা কৰা পোক, ধানৰ পাত মেৰোৱা পোক আদি নিয়ন্ত্ৰণৰ বাবে এইবিধ ভাইৰাছ ব্যৱহাৰ কৰিব পাৰি।

চিউড’মনাছ ফ্লৰেন্স:

বিলাহী, বেঙেনা আদিৰ বেক্টেৰিয়া আৰু ভেঁকুৰজনিত লেৰেলি যোৱা ৰোগ নিয়ন্ত্ৰণৰ বাবে এই প্ৰজাতিৰ বেক্টেৰীয়াৰ পৰা তৈয়াৰ পৰা জৈৱিক কীট-নাশকবিধ ব্যৱহাৰ কৰা হয়।

ট্ৰাইক’ডাৰমা প্ৰজাতিৰ ভেঁকুৰ:

শাক-পাচলিৰ গুৰি পচা ৰোগ নিয়ন্ত্ৰণৰ বাবে এইবিধ ভেঁকুৰ ব্যৱহাৰ কৰা হয়।

লেখক: নয়ন কুমাৰ বৰা

উৎস: সেউজ চিন্তা

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top