মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / ডিচেম্বৰ মাহৰ কীট-পত্ংগৰ ব্যৱস্থাপনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডিচেম্বৰ মাহৰ কীট-পত্ংগৰ ব্যৱস্থাপনা

ডিচেম্বৰ মাহৰ কীট-পত্ংগৰ ব্যৱস্থাপনাৰ বিষয়ে লিখা হৈছে

 

*এতিয়া ধান চপোৱাৰ সময় হোৱা হেতুকে পথাৰৰপৰা এন্দুৰ,কাষৰ ঘৰ বা ভঁৰাললৈ প্ৰব্ৰজন ঘটিব।ধান চপোৱাৰ সময়ত এন্দুৰৰ উপদ্ৰৱ ধানখেতিতো বৃদ্ধি পায়।সেয়েহে এই সময়ত এন্দুৰ নিয়ন্ত্ৰণৰ বাবে সজীৱ গাঁতৰ মুখত বাঁহেৰে নিৰ্মিত চিটিকা পাতিব লাগে।গাঁতৰ মুখত জলকীয়াৰ ধোৱা দিলেও এন্দুৰে পলাই পত্ৰ্ং দিয়ে।ধান,শাক-পাচলি শস্যক্ৰমত এন্দুৰৰ উপদ্ৰৱ অধিক হ’লে জিংক ফছফাইডৰ টোপ ব্যৱহাৰ কৰি নতুবা ফান্দ পাতি ইহঁতক নিয়ন্ত্ৰণ কৰিব পাৰি।৯৬০ গ্ৰাম খুদ চাউল,২০ মিলিলিটাৰ সৰিয়হ তেল আৰু ২০ গ্ৰাম জিংক ছফফাইড মিহলাই টোপ তৈয়াৰ কৰি,ইয়াৰে ১০-১৫ গ্ৰামকৈ পথাৰৰ প্ৰতিটো সজীৱ গাঁতৰ মুখত দিব লাগে।ধান সংৰক্ষণ কৰাৰ আগত ভালদৰে দুই-তিনি দিনমান ৰ’দত শুকুৱাব লাগে।ভঁৰাল ঘৰ ভালদৰে পৰিষ্কাৰ কৰি ভঁৰালৰ বেৰ তলিখনত মালাথিয়ন ৫০ ই চি ঔষধৰ এক চাহ চামুচ প্ৰতি লিটাৰ পানীত মিশ্ৰণ কৰি স্প্ৰে কৰিব লাগে।তেনে কৰিলে কিছুদিনলৈ ভঁৰালত,অন্যান্য কীট-পতংগৰ লগতে এন্দুৰৰ প্ৰৱেশ ৰোধ কৰিব পৰা যায়।ধান বস্তাত ৰাখিবলৈ হ’লে খালী বস্তাবোৰ ওপৰোক্ত ঔষধৰ মিশ্ৰণত ডুবাই ছাঁত শুকুৱাই লৈহে বস্তাত ভৰাই সংৰক্ষণ কৰিব লাগে।

*সৰিয়হ শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে,কৃষক আৰু মৌ-পালকসকলে,ভাৰতীয় সঁচৰ মৌ-বাহ প্ৰতি হেক্টৰত পাঁচটাকৈ নতুবা পশ্চিমীয়া সঁচৰ মৌ-বাহ দুটাকৈ সৰিয়হৰ পথাৰত স্থাপন কৰিব লাগে।সৰিয়হত দেখা দিব পৰা মোৱা পোক আৰু সৰিয়হৰ ক’লা পলুৰপৰা ৰক্ষা পাবলৈ অক্সিডিমেটন মিথাইল ২৫ ই চি দৰবৰ এক চাহ চামুচ পাঁচ লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগে।নিমজাতীয় ঔষধ ব্যৱহাৰ কৰিও কৃষকসকল উপকৃত হ’ব পাৰে।

*এই সময়ছোৱাত আলুত ৰঙা পৰুৱাৰ আক্ৰমণ পৰিলক্ষিত হ’ব।ৰঙা পৰুৱাই গছৰ গুৰিত মাটিৰে বাহ সাজি,ভিতৰত সোমাই থাকি আলুবোৰ খাই নষ্ট কৰে।ৰঙা পৰুৱাৰ উপদ্ৰৱৰপৰা হাত সাৰিবলৈ বালিচহীয়া মাটি অথবা আগেয়ে ৰঙা পৰুৱাৰ আক্ৰমণ দেখা দিয়া অঞ্চলক নিৰ্বাচন কৰা অনুচিত।বিঘাই প্ৰতি পাঁচ কিলোগ্ৰাম মালাথিয়ন পাউডাৰ ৰোপণৰ পুৰ্বে লোৰবোৰত প্ৰয়োগ কৰি ল’ব লাগে।লোৰবোৰত এক চাহ চামুচ ক্ল’ৰপাইৰিফছ ২০ ই চি দুই লিটাৰ পানীত মিহলাই (বা ক্ল’ৰপাইৰিফছ ৩০০ গ্ৰাম প্ৰতি হেক্টৰ)ত প্ৰয়োগ কৰি বীজ ৰোপণ কৰিবলেও ৰঙা পৰুৱাৰ উপদ্ৰৱৰপৰা হাত সাৰিব পাৰি।এইক্ষেত্ৰত কৃত্ৰিম ৰাসায়নিক পৰিৱৰ্তে বিঘাই প্ৰতি ২০ কিলোগ্ৰামতকৈ খলিহৈ প্ৰয়োগ কৰিলেও সুফল পোৱা যায়।

*মাহ খেতিত পাত আৰু কুমলীয়া গা-গছ খোৱা বিভিন্ন প্ৰত্ংগৰ প্ৰাদুৰ্ভাৱ দেখা যায়।এই পত্ংগবোৰক নিয়ন্ত্ৰণ কৰিবলৈ ইমিডাক্ল’ৰপ্ৰিড ১৭.৮ এছ এল দৰবৰ এক চাহ চামুচ দহ লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগে নতুবা চাইপাৰমেথ্ৰিন ২৫ ই চি দৰবৰ এক চামুচ পাঁচ লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগে।

*বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোকৰ নিয়ন্ত্ৰণৰ বাবে ডিম্ব পৰজীৱী ট্ৰাইক’গ্ৰামা কাইল’নিজযুক্ত ট্ৰাইক’কাৰ্ড,বিলাহীৰ ফল বিন্ধোৱা পোকৰ বাবে ট্ৰাইক’গ্ৰামা প্ৰিটিঅ’ছামযুক্ত ট্ৰাইক’কাৰ্ড আৰু কবিৰ পখিলাজাতীয় পোকৰ ডিম্ব ধ্বংস কৰিবৰ বাবে ট্ৰাইক’গ্ৰামা পিৰিডিযুক্ত ট্ৰাইক’কাৰ্ড ব্যৱহাৰ কৰিও সুফল লাভ কৰিব পাৰি।এই উপকাৰী ট্ৰাইক’কাৰ্ড ব্যৱহাৰ কৰিও সুফল লাভ কৰিব পাৰি।এই উপকাৰী ট্ৰাইক’গ্ৰামা,বিঘাই প্ৰতি ১৫০০০ কৈ ১০ দিনৰ অন্তৰালত ছবাৰ প্ৰয়োগ কৰিব লাগে।আঠাযুক্ত হালধীয়া আকৰ্ষক কাৰ্ড (Yellow Sticky Trap বা YST)ব্যৱহাৰ কৰিও মোৱা পোক, শোহনি পোক আৰু বগামাখি নিয়ন্ত্ৰণ কৰিব পাৰি।অৱশ্যে নিমজাতীয় কীটনাশক ঔষধ এক চাহ চামুচ প্ৰতিলিটাৰ পানীত মিহলাই গছত প্ৰয়োগ কৰিও এই কীট-পত্ংগক খেতিডৰাৰপৰা বিকৰ্ষণ কৰিব পাৰি।

*বিন,লেছেৰা,মাহ,মটৰ মাহ,লাই,পালেং আদি পাচলি জাতীয় শস্যত আৰু নাৰ্জি,গোলাপ,ইন্দ্ৰমালতি,টিউবৰোজ,জাৰবেৰা আদি ফুলজাতীয় গছ-গছনিত ৰঙা চাঁহীপোকৰ আক্ৰমণ হ’ব পাৰে।ইয়াৰ প্ৰতিকাৰৰুপে প্ৰপাৰজাইট ৫৭ ই চি দৰবৰ এক চাহ চামুচ প্ৰতি পাঁচ লিটাৰ পানীত মিহলাই আবেলিৰ সময়ত ছটিয়াব লাগে।

লেখক:ড° আটাউৰ ৰহমান ,ৰুদ্ৰ নাৰায়ণ বৰকাকতি (দৈনিক অসম)

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top