মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / থলুৱা প্ৰযুক্তি জ্ঞানেৰে পতংগ নিয়ন্ত্ৰণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

থলুৱা প্ৰযুক্তি জ্ঞানেৰে পতংগ নিয়ন্ত্ৰণ

থলুৱা প্ৰযুক্তি জ্ঞানেৰে পতংগ নিয়ন্ত্ৰণৰ বিষয়ে লিখা হৈছে ।

 

মানৱ সভ্যতাৰ ইতিহাসত কৃষি পদ্ধতি উদ্ভাৱনৰ এক সুকীয়া স্থান আছে । আমাৰ মাংসভোজী চিকাৰী পূৰ্বপুৰুষে বীজৰ পৰা শস্য সৃষ্টি হোৱা পৰিঘটনাতো লক্ষ্য কৰি, তেওঁলোক কৃষিক্ষেত্ৰখনলৈ আকৰ্ষিত হৈ পৰিছিল । সেই সময়ৰ মানুহৰ মগজুৰ বিকাশৰ অনুপাতে কৰ্ষণ পদ্ধতিৰ এনে আৱিষ্কাৰ , চকাৰ যুগান্তকাৰী আৱিষ্কাৰতকৈ কোনোগুনে কম নাছিল । সময় আগবঢ়াৰ লগে লগে কৃষি পদ্ধতিৰো যথেষ্ট বিকাশ হ’ল । কৃষিক্ষেত্ৰত ন ন প্ৰযুক্তি সংযোগ হ’ল । সেই প্ৰযুক্তি কৌশলবোৰৰো সময়ে সময়ে বিৱৰ্তন হ’ল । তথাপি কেঁকোৰা নাঙলৰ গুৰুত্ব অদ্যাপি বিদ্যমান । ইয়াৰ পৰাই ভালকৈ ধাৰণা কৰিব পাৰি যে কৃষিক্ষেত্ৰত আমাৰ থলুৱা প্ৰযুক্তিৰ গুৰুত্ব এতিয়াও প্ৰাসংগিক হৈয়েই আছে ।

অসমৰ সাৰুৱা ভূমিভাগ গুটিশস্য, শাক-পাচলি আৰু ফলমূল উৎপাদনৰ বাবে উপযোগী । যথেষ্ট সম্ভাৱনাপূৰ্ণ এই কৃষি বা উদ্যান শস্যখণ্ডৰ পৰা কম আয়াসতে অধিক উপাৰ্জন পাব পৰা যায় । একোজন কৃষকৰ মাহিলি আয়ৰ এক বুজন অংশ ফলমূল, শাক-পাচলিৰে ভৰি থকা বাৰীখনৰ পৰাই আহে । এজন সহজ-সৰল অসমীয়া কৃষকে এডৰা কৃষিভূমিৰ পৰা সৰ্বাধিক পৰিমাণৰ ফচল উৎপাদনৰ নিমিত্তে যিবোৰ সমস্যাৰ সন্মুখীন হয় তাৰ ভিতৰত কীট-পতংগৰ আক্ৰমণ অন্যতম । বছৰ বছৰ ধৰি কৃষিৰ লগত জড়িত হৈ থাকোতে, কৃষকসকলে নিজস্ব অভিজ্ঞতাৰে এনে অপকাৰী কীট-পতংগৰ বিৰুদ্ধে কিছুমান কিছুমান ৰণ-কৌশল উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে । এই কৌশলসমূহক থলুৱা প্ৰযুক্তি জ্ঞান বুলি কোৱা হয় । কীট-পতংগ নিয়ন্ত্ৰণৰ নামত এজন পেটে-ভাতে খাই থকা কৃষকৰ বাবে দামী কীটনাশক দৰব প্ৰয়োগ কৰাটো সাধ্যৰ বাহিৰত । তদুপৰি বিষাক্ত কীটনাশকে পৰিৱেশ প্ৰদূষিত কৰাৰ লগতে মানুহ তথা মানুহৰ উপকাৰী জীৱৰ বাবেও বিপজ্জনক । সেয়েহে ৰাসায়নিক দ্ৰব্যবোৰৰ বিকল্পৰুপে কৃষক সমাজৰ অভিজ্ঞতালব্ধ থলুৱা প্ৰযুক্তিজ্ঞানৰ গুৰুত্ব বৰ্তমানে বাঢ়িব ধৰিছে, যিবোৰ পাৰিপাৰ্শ্বিকতাৰ ফালৰ পৰা সম্পূৰ্ণ বিপদমুক্ত তথা কীট-পতংগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সুফলদায়ক । কৃষিৰ লগত জড়িত এই থলুৱা প্ৰযুক্তি জ্ঞানৰ কিছুমান বিজ্ঞানসন্মত যুক্তি আছে । বৰ্তমান কৃষিৰ গৱেষণা আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত থলুৱা প্ৰযুক্তি জ্ঞানৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে ।

শীতকালীন পাচলিত ব্যৱহৃত কেইটিমান থলুৱা প্ৰযুক্তি জ্ঞান পদ্ধতি -

আলু খেতিৰ বাবে মাটিডৰা চহ কৰাৰ সময়ত সৰিয়হৰ খলিহৈ মাটিৰ লগত মিহলোৱা উচিত । পুলি অৱস্থাত খেতিডৰাত সামান্য মাত্ৰাত নিমখ প্ৰয়োগ কৰাৰ লগতে খেতিডৰাৰ মাজে মাজে সামান্য দূৰত্বৰ অন্তৰালত ভীমকলৰ সৰু টুকুৰা সামান্যকৈ পুতি থ’ব লাগে ।

উদ্দেশ্য :-

ৰঙা পৰুৱাকে ধৰি মাটিত থকা অন্যান্য পতংগক ধ্বংস কৰাত বিশেষভাৱে সহায়ক হয় ।

মূল কথা:-

খলিহৈ আৰু নিমখে প্ৰত্যক্ষভাৱে ধ্বংস কৰাৰ লগতে ৰঙা পৰুৱাবোৰ কলৰ প্ৰতি আকৰ্ষিত হয় আৰু তেতিয়া অতি সহজেই ইহঁতক নাশ কৰিব পাৰি ।

পদ্ধতি :-

ধানৰ পতান আৰু তুঁহৰ ছাইক আলু গছৰ গুড়িত প্ৰয়োগ কৰা ।

উদ্দেশ্য :-

ৰঙা পৰুৱাৰ পৰা আলু খেতিক বচাব পাৰি ।

মূল কথা :-

ছায়ে খেতিডৰাক পতংগৰ বিৰুদ্ধে প্ৰতিৰোধক্ষম কৰি তোলে ।

পদ্ধতি :-

খেতি আৰম্ভ কৰাৰ আগতেই পানীমেটেকা, পুনি, বৰপুনি আৰু সৰুপুনি আদি পুখুৰীৰ পৰা সংগ্ৰহ কৰি আলু খেতিৰ পথাৰত জমা কৰি আহিন মাহত জ্বলাই দিব লাগে ।

উদ্দেশ্য :-

মাটিত থকা পতংগ ধ্বংস কৰাত ভূমিকা লয় ।

মূল কথা :-

পানীমেটেকা আৰু সৰুপুনিত পটাছিয়াম যথেষ্ট পৰিমাণে থাকে । ইয়াৰ ফলত উদ্ভিদৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে ।

পদ্ধতি :-

ধঁপাতৰ পাত খুন্দি পানীত তিয়াই, সেই ৰস শাক-পাচলিৰ পাতবোৰত ছটিয়াই দিয়া হয় ।

উদ্দেশ্য :-

মোৱা পোকৰ আক্ৰমণ প্ৰতিৰোধ কৰে ।

মন্তব্য :-

ধঁপাতত থকা নিক’টিন নামৰ বিষাক্ত পদাৰ্থবিধে কীট-পতংগ নিয়ন্ত্ৰণ কৰিব পাৰে ।

পদ্ধতি :-

বেঙেনা গছত ফুট ছাই ছটিয়াই দিয়া ।

উদ্দেশ্য:-

বেঙেনাৰ ফল আৰু কাণ্ড ফুটা কৰা পোকৰ আক্ৰমণ ৰোধ কৰে ।

মন্তব্য :-

ছায়ে খেতিডৰাক পতংগৰ বিৰুদ্ধে প্ৰতিৰোধক্ষম কৰি তোলে ।

লেখক :- ৰুদ্ৰ নাৰায়ণ বৰকাকতি

উৎস :- অসমীয়া খবৰ

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top