মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / ধান খেতিত পোক-পৰুৱা আৰু ল’বলগীয়া ব্যৱস্থা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ধান খেতিত পোক-পৰুৱা আৰু ল’বলগীয়া ব্যৱস্থা

ধান খেতিত পোক-পৰুৱা আৰু ল’বলগীয়া ব্যৱস্থাৰ বিষয়ে লিখা হৈছে

 

বৰ্তমান অসমৰ কেইবাখনো জিলাৰ বিস্তৃৰ্ণ ধানখেতি শুৰপোকৰ আক্ৰমণে নষ্ট কৰিছে আৰু ক্ৰমাৎ অন্যান্য জিলাসমূহলৈও প্ৰসাৰ লাভ কৰাৰ সম্ভাৱনা দেখা দিছে।

এইক্ষেত্ৰত আগতিয়াকৈ ল’ব লগা ব্যৱস্থাপনা-


(১) শস্য চপোৱাৰ পাছত চ’ত-বহাগ মাহত মাটিডৰা দ-কৈ চহাই মাটিৰ তলত আশ্ৰয় লৈ থকা বিভিন্ন কীট পতংগৰ লেটাকে ধৰি অন্যান্য নিষ্ক্ৰিয়স্তৰ বোৰক পৰভোজী চৰাইৰ দ্বাৰা ভক্ষণৰ বাবে উন্মুক্ত কৰি দিব পাৰি৷ এইধৰণৰ গ্ৰীষ্মকালীন কৰ্ষণৰ দ্বাৰা মাটিত থিতাপি লৈ থকা বিভিন্ন কীটপতংগৰ ওপৰিও শস্যৰোগ সৃষ্টিকাৰী বিজানুৰ আক্ৰমণৰ পৰা পথাৰখন কিছু পৰিমানে মুক্ত কৰিব পাৰি৷

(২) শস্যৰ পথাৰত গজা বন-বাতবোৰ নিৰাই চাফা কৰিব লাগে৷ শস্যৰ পথাৰৰ মাজৰ আলিবোৰ যথা সম্ভৱ সৰু কৰি বোকাৰে লেপি দিব লাগে আৰু ইয়াত গজা অপতৃনত আশ্ৰয় লোৱা কীট-পতংগৰ বিৰুদ্ধে কীটনাশক প্ৰয়োগ কৰা উচিত৷

(৩) ধানৰোৱাৰ পাছত কৃষকসকলে অন্ততঃ এসপ্তাহৰ অন্তৰালত খেতিডৰা ওপৰৰ পৰা তললৈ নিৰীক্ষণ কৰা উচিত৷ ইয়াৰ দ্বাৰা পোক পতংগৰ আক্ৰমণৰ প্ৰাৰম্ভিক অৱস্থাতে চিনাক্ত কৰি খেতিৰ প্ৰকৃত-লাভ বৃদ্ধি কৰিব পাৰি৷

(৪) নিশা জুই জ্বলাই বা আকাশ বাতি জ্বলাই নিশাচৰ চকৰীবোৰক আকৰ্ষণ কৰিব পাৰি৷ ফেৰমন ফান্দ ব্যৱহাৰ কৰিও শুৰপোকৰ অৱস্থিতিৰ বিষয়ে আগতিয়াকৈ অবগত হ’ব পাৰি৷ ফান্দত পৰা চকৰীৰ ওপৰত ভিত্তি কৰি নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ সহজ হয়৷ অৰ্থনৈতিকভাৱে ক্ষতিকাৰী সীমা অতিক্ৰম কৰাৰ পাছত পতংগ-নিয়ন্ত্ৰণৰ বাবে বিভিন্ন ব্যৱস্থাৱলী গ্ৰহণ কৰিলেও আৰ্থিকভাৱে কৃষকজন লাভান্বিত নহ’ব৷

(৫) মুলপথাৰত ধান ৰোপনৰ পাছত কেইবাদিনলৈ বৰষুণ নিদিয়াকৈ থাকিলে আৰু পথাৰৰ মাজত চিৰাল ফাট দেখা দিলে, এই পোকৰ উপদ্ৰৱ হোৱাটো খাটাং ৷ শুৰপোকৰ পলুবোৰ দিনৰভাগত মাটিৰ তলত থাকি কৃষকৰ অলক্ষিতে ৰাতি ৰাতি ধাননিডৰা আক্ৰমণ কৰে আৰু বৰষুণ দিয়াৰ পাছত ধানগছৰ তলত আশ্ৰয়ৰ জেগা নাপাই গছৰ ওপৰলৈ উঠি আহে৷ লমালমে এই পোকবোৰ ধাননিত আকষ্মিকভাৱে দেখিলে এনে লাগে যেন কোনোবাই ওপৰৰ পৰা এই পোকবোৰ চটিয়াইহে থৈছে৷ সেয়েহে এনে পৰিস্থিতিৰ মুকাবিলা কৰিবলৈ কৃষক সকলে ধান ৰোপনৰ পাছতেই ৰাসায়নিক কীটনাশক দ্ৰব্য উচিত মাত্ৰাত চটিওৱাৰ প্ৰয়োজন৷

(৬) ধানখেতিত বহুত পানীৰ প্ৰয়োজন৷ ধান ৰোৱাৰ পৰা মণিধৰালৈকে পথাৰত পৰ্যাপ্ত মাত্ৰাত পানী থাকিলে শুৰপোকে আক্ৰমণ কৰিবলৈ সুবিধা নাপায়৷ কিন্তু বৰষুণৰ অভাৱত পথাৰখন চিৰালফটা দিলে, মণিধৰাৰ পাছতো Mythimna separata নামৰ আন এবিধ পখিলাজাতীয় পোকে গুটেই পথাৰ তহিলং কৰাৰ লগতে ধানৰ থোকবোৰৰ গুৰিতে কাটি দিয়ে৷ এই প্ৰজাতিৰ পোকৰ পৰা হাত সাৰিবলৈ, ধানৰ মণিধৰাৰ সময়ত, উপযুক্ত ৰাসায়নিক কীটনাশক ধানৰ গুছা তিতি যোৱাকৈ স্প্ৰেমেছিনৰ মুখাগ্ৰভাগ (নজল) সুমুৱাই বিয়লি বেলা প্ৰয়োগ কৰিব লাগে৷

(৭) ধানৰোৱাৰ পাছত কৃষকসকলে পথাৰখন মাজে মাজে গৈ পৰিদৰ্শন কৰিব লাগে ৷ যিহেতু শুৰপোকবোৰ দিনৰভাগত ধাননিৰ গুৰিত লুকাই থাকে, সেয়েহে বৰষুণ কেইবাদিনলৈ নাহিলেই কৃষকে ধাননিৰ গুছাবোৰৰ তলত শুৰপোকৰ পলু বা লেটা আছে নেকি, সেয়া পৰীক্ষা কৰা উচিত৷ এইপোকৰ আক্ৰমণ পৰিলক্ষিত হোৱাৰ লগে লগে কৃষক সকলে সমুহিয়াকৈ নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰা উচিত৷ ইয়াৰ আক্ৰমণ অকলে প্ৰতিৰোধ কৰা অসম্ভৱ৷ তদুপৰি, আনৰ পথাৰত শুৰপোকে আক্ৰমণ কৰিছে কিন্তু মোৰ পথাৰত নাই, সেইবুলি হাত সাবটি বহি থাকিলে নিজৰেই অপকাৰ হ’ব৷

পোক দেখাৰ পাছত লব লগা ব্যৱস্থাপনা


বিনা কৃত্ৰিম ৰাসায়নিক নিয়ন্ত্ৰণ ব্যৱস্থাপনা


(১) তিনিটাকৈ বাহৰ জেং প্ৰতিবিঘা মাটিত স্থাপন কৰিব লাগে, ই পৰভোজী চৰাইক জিৰণি ল’বলৈ সুবিধা দিব আৰু অনিষ্টকাৰী পতংগ নিয়ন্ত্ৰণত জৈৱনিয়ন্ত্ৰকৰ ভুমিকা পালন কৰে৷

(২) কেৰছিন তেল আৰু পানীৰ মিশ্ৰনত নাৰিকলৰ ৰছি ডুবাই আক্ৰান্ত ধাননিৰ ওপৰেদি চোচৰাই নিব লাগে৷ কেৰছিনৰ পৰিবৰ্তে, নিম্নোক্ত কীটনাশক সমুহত ডুবাইও এই পদ্ধতি ব্যবহাৰ কৰিব পাৰি৷

(৩) যদি নিমতেল উপলব্ধ হয়, তেন্তে শুৰপোকে আক্ৰমন নকৰা পথাৰত প্ৰয়োগ কৰিলে, পোক বিকৰ্ষিত হ’ব৷ তাৰোপৰি, পতংগনাশক ভেঁকুৰ (বিউভেৰিয়া বেচিয়ানা আৰু নিমুৰিয়া ৰিলাই) আৰু পতংগনাশক ভাইৰাচ (এন. পি. ভি.) যদি সহজলভ্য হয় তেন্তে প্ৰয়োগ কৰি সুফল পাব৷ জৈৱিক কৃষিৰ কৃষকে এইবোৰ ব্যৱহাৰ কৰিব পাৰিব৷

কৃত্ৰিম ৰাসায়নিক নিয়ন্ত্ৰণ ব্যৱস্থাপনা


(৪)পতংগনাশক প্ৰয়োগ কৰিলে এই পোক জাক পাতি আন পথাৰলৈ পলায়ন কৰিব পাৰে৷ সেয়েহে পথাৰৰ মাজত কীটনাশক চটিওৱাৰ আগতে, পথাৰৰ চৌপাশে পাউডাৰ জাতীয় কীটনাশক মালাথিয়ন ৫%/কুইনলফচ ১.৫%/ক্ল’ৰপাইৰিফচ ১%) ৩- ৪ কিলোগ্ৰাম প্ৰতি বিঘা মাটিৰ আলিবোৰত প্ৰয়োগ কৰিব লাগে৷

(৫) পথাৰৰ চৌপাশে কীটনাশক প্ৰয়োগ কৰাৰ পাছত, কুইনলফচ ২৫ ই. চি./ক্ল’ৰপাইৰিফচ ২০ ই. চি. /প্ৰফেন’ফচ ৫০ ই. চি./মনক্ৰট’ফচ ৩৬ এচ. এল. এইকেইটা কীটনাশকৰ যিকোনো এটা  ধাননিৰ মাজত প্ৰয়োগ কৰা উচিত৷ ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰা পথাৰত বা কাষত গৰু-ছাগলী-হাঁহ আদি চৰিবলৈ দিয়া অনুচিত৷

লিখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি।

 

3.0487804878
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top