মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / ধানখেতিত দেখা দিয়া শূঁৰপোক নিয়ন্ত্ৰণৰ উপায়ঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ধানখেতিত দেখা দিয়া শূঁৰপোক নিয়ন্ত্ৰণৰ উপায়ঃ

ধানখেতিৰ পথাৰত আজি কিছু বছৰৰ আগলৈকে লঘু-গুৰুত্বৰ পতংগৰূপে বিবেচিত হৈ অহা শূঁৰপোক বা আৰ্মী ৱৰ্ম,

চমু বিৱৰণ

ধানখেতিৰ পথাৰত আজি কিছু বছৰৰ আগলৈকে লঘু-গুৰুত্বৰ পতংগৰূপে বিবেচিত হৈ অহা শূঁৰপোক বা আৰ্মী ৱৰ্ম, কাট ৱৰ্ম বা ধানৰ থোৰ কটা পোক বৰ্তমান সময়ত খেতিয়কৰ কাৰণে ডাঙৰ সমস্যা হিচাপে পৰিগণিত হৈছে। হয়তো ই জলবায়ু পৰিৱৰ্তনৰ ফল। এই পতংগই আৰ্মীৰ দৰে মাৰ্চ কৰি এঠাইৰ পৰা আন ঠাইলৈ গতি কৰে বাবে ইয়াক আৰ্মী ৱৰ্ম বোলা হয়। ই এবিধ বহুভক্ষী পতংগ।

Help


Armyworm Attack

শুঁৰপোকৰ উপদ্ৰৱ

এই পতংগই ধান, মাকৈকে ধৰি আন কেইবাবিধো শস্যৰ ক্ষতি কৰে। পোকবিধৰ অনিষ্টকাৰী লক্ষণৰ ওপৰত ভিত্তি কৰি ইয়াক বিভিন্ন নামেৰে জনা যায়। প্ৰত্যেক বছৰেই শূঁৰপোকে সামান্য মাত্ৰাত ক্ষতিকাৰী হৈ ধাননি পথাৰত থাকে যদিও যোৱা কেইটামান বছৰত নামনি অসম আৰু উজনি অসমৰ কেইবাখনো জিলাত ই মাৰাত্মক ৰূপত ধানখেতিৰ অনিষ্ট কৰি কৃষকক মাধমাৰ শোধালে। এইবাৰ ইয়াৰ উপদ্ৰৱে ভয়াৱহ ৰূপ লৈছে। গৰ্ভৱতী পতংগই ধানৰ পাতৰ তলফালে কণী পাৰে। কণী ফুটি ওলোৱা পলুৱে পাতৰ সেউজীয়া অংশ ভক্ষণ কৰে। তদুপৰি ইহঁত ধানত থোক ধৰাৰ সময়ত অধিক মাৰাত্মক হৈ থোক কাটি দিয়া পৰিলক্ষিত হয়। প্ৰতি বৰ্গমিটাৰ খেতি পথাৰত ৪ টা পলুৰ উপস্থিতিক অৰ্থনৈতিকভাৱে ক্ষতিকাৰক স্তৰ বুলি ধৰা হয়, এনে স্তৰত নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰা অতি প্ৰয়োজনীয়। এই পতংগৰ প্ৰাদুৰ্ভাৱ বঢ়াৰ লগে লগে নাইট্ৰ’জেন সাৰ (যেনে- ইউৰিয়া)ৰ ব্যৱহাৰ সম্পূৰ্ণ বন্ধ কৰিব লাগে। যোৱা বছৰ ধানত পক ধৰাৰ সময়ত থোৰ কাটি অনিষ্ট কৰাৰ ফলত অঞ্চলবিশেষে কিছু কৃষকে ধানত কাচি লগাবলৈ নাপালেই, মাথোঁ লেছেৰি বুটলিয়ে ক্ষান্ত থাকিব লগা হৈছিল। এইবাৰ শূঁৰপোকৰ ভয়াৱহতাৰ পৰা ৰক্ষা পাবলৈ কৃষকসকলে আগতীয়াকৈ সাৱধানতা অৱলম্বণ কৰাৰ সুযোগেই নাপালে। এইবাৰ এই পোকে পূৰ্বে ক্ষতি নকৰা অঞ্চললৈও বিয়পি পৰি সমগ্ৰ ৰাজ্যজুৰি তাণ্ডৱ চলাইছে।

এই পোকবোৰৰ মূল লক্ষ্য উদ্ভিদৰ সেউজীয়া অংশহে, ধানৰ থোকটো নহয়। কিন্তু গছৰ পাতবোৰ খাই পেলোৱাৰ পাছত খাদ্যৰ অভাৱত ধানৰ থোক গুৰিত কাটি দিয়ে। এই পোকবোৰ নিশাৰ ভাগত সক্ৰিয় আৰু দিনৰবেলা সূৰ্যৰ পোহৰৰ পৰা ৰক্ষা পাবলৈ মাটিৰ তলত লুকাই থাকে। এই পোকৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ৰাসায়নিক দৰব, কুইনালফছ ২৫ ই চি, মন’ক্ৰট’ফছৰ ভিতৰত যিকোনো এবিধৰ ৫ মিঃ লিঃ (প্ৰায় ১ চাহ চামুচ) ২ লিটাৰ পানীৰ সৈতে মিহলাই ধান গছৰ গুৰিত স্প্ৰে’ কৰা প্ৰয়োজন। যদি উপলব্ধ হয়, পতংগবিনাশী কৃমি ‘নিওপ্লেকতাৰা এছপি.(ডিডি-১৩৬)’ ব্যৱহাৰ কৰিলে অধিক সুফল পাব। ইয়াৰ উপৰি ‘ফেৰমন ট্ৰেপ’ ব্যৱহাৰ কৰিও সুফল পাব পাৰি।

শুঁৰপোকৰ পৰা প্ৰতিকাৰ

এই পতংগ নিয়ন্ত্ৰণৰ বাবে আগতীয়া প্ৰস্তুতি হিচাপে প্ৰথমতে, শালি খেতি কৰা পথাৰখন দকৈ চহাই ৰ’দত মাটিখিনি শুকাবলৈ দিব লাগে। এনে কৰিলে লেটা অৱস্থাত থকা পতংগবোৰ নষ্ট হয় আৰু পৰৱৰ্তী খেতিত ইহঁতৰ আক্ৰমণ কমি যায়। দ্বিতীয়তে, পথাৰৰ আলিবোৰ পৰাপক্ষত সৰু হোৱা দৰকাৰ, লগতে আলিত থকা অপতৃণসমূহ নিৰাই আগেয়ে উল্লেখ কৰা ৰাসায়নিক দ্ৰব্যৰ যিকোনো এবিধ একেধৰণে পানীত মিহলাই প্ৰয়োগ কৰা উচিত। কিয়নো এই অপতৃণসমূহত ধান নথকা বতৰত ধানৰ পোকবোৰ আশ্ৰয় লৈ থাকে আৰু ধানখেতি আৰম্ভ হোৱাৰ লগে লগে ধাননিলৈ গতি কৰে। আলি কাটি সৰু কৰিলে এই অনিষ্টকাৰী পতংগবোৰৰ আশ্ৰয়স্থল ধ্বংস হয় আৰু ফলত খেতিত ইয়াৰ উপদ্ৰৱ কমি যায়।

লেখক:ৰুদ্ৰ নাৰায়ণ বৰকাকতি

উৎসঃ অসমীয়া খবৰ

2.9
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top