মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / ধানৰ জৈৱিক কীট-পতংগৰ নিয়ন্ত্ৰণ ব্যৱস্থাপনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ধানৰ জৈৱিক কীট-পতংগৰ নিয়ন্ত্ৰণ ব্যৱস্থাপনা

ধানৰ জৈৱিক কীট-পতংগৰ নিয়ন্ত্ৰণ ব্যৱস্থাপনাৰ বিষয়ে লিখা হৈছে

 

ধানৰ জৈৱিক কীট-পতংগৰ নিয়ন্ত্ৰণ ব্যৱস্থাপনা-

 

অসমৰ অধিকাংশ মানুহে কৃষিৰ জৰিয়তে জীৱন নিৰ্বাহ কৰা স্বত্তেও ব্যাপক হাৰত হোৱা জনসংখ্যা বিস্ফোৰণে খাদ্য সমস্যাকে ধৰি এশ এবুৰি সমস্যাৰ সৃষ্টি কৰিছে ৷ গতিকে চহা কৃষক সকলে কম মাটিত অধিক ফচল লাভ কৰিবৰ বাবে কৃষি প্ৰণালী অৱলম্বন কৰিবলৈ ধৰিছে ৷ তাৰ ভিতৰত কীট-পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাও অন্যতম ৷ সেউজ বিপ্লৱে কৃষি ক্ষেত্ৰত ৰাসায়নিক কীটনাশক দ্ৰব্য প্ৰয়োগৰ যুগ সূচনা কৰাৰ ফলত খেতিয়কে অধিক উৎপাদন লাভৰ আশাত যধে-মধে ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য প্ৰয়োগ কৰি ফলত মাটিৰ গুণাগুণৰ লগতে পৰিৱেশ প্ৰদূষণৰ সৃ্ষ্টি আৰু প্ৰাকৃতিক ভাৰসাম্যতা বিনষ্ট কৰা পৰিলক্ষিত হৈছে ৷মানুহ,জীৱ-জন্তু,মাছ আৰু মৌমাখি আদিৰ স্বাস্থ্য ওপৰতো ঋনাত্মক প্ৰভাৱ দেখা গৈছে ৷


অসমত জৈৱিক কৃষিৰ অন্তৰ্গত মাটিকালিৰ পৰিমাণ ২২৯৫.৪২ হেক্টৰ য’ত খেতি হিচাপে জহাধান ,সুমথিৰা টেঙা ,আদা আৰু হালধিক সামৰি লোৱা হৈছে ৷ জৈৱিক ভাৱে উৎপাদিত জহাধানৰ ১৭.৫০ মেট্ৰিক টন চাউল ইউৰোপ মহাদেশলৈ পঠোৱাৰ লগতে স্থানীয় বজাৰত প্ৰায় ১৪ মেট্ৰিক টন বিক্ৰী কৰা হয় ৷জৈৱিক ভাৱে উৎপাদিত সামগ্ৰীৰ বজাৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান কেন্দ্ৰীয় চৰকাৰে জৈৱিক কৃষি ব্যৱস্থাপনাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা দেখা গৈছে ৷ চিকিমকে ধৰি উত্তৰ পূব ভাৰতবৰ্ষক জৈৱিক কৃষিৰ এলেকা হিচাপে গণ্য কৰি এই অঞ্চলৰ সামাজিক পৰিৱেশ আৰু অৰ্থনৈতিক বিকাশৰ ব্যৱস্থা হাতত লৈছে ৷কেন্দ্ৰীয় চৰকাৰে প্ৰধা্ন পথাৰ শস্য,শাক-পাছলি আৰু ফল-মূলৰ জৈৱিক কৃষি প্ৰণালী যুগুত কৰিবলৈ ৰাজ্য সমূহৰ কৃষি বিশ্ববিদ্যালয় কেইখনক ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে ৷কৃষকসকলৰ মাজতো জৈৱিক কৃষিৰ প্ৰতি সচেতনতা বৃদ্ধি পোৱা দেখা গৈছে,কাৰণ এই ক্ষেত্ৰত মানুহৰ স্বাস্থ্যজনিত কাৰক জড়িত হৈ আছে ৷ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি উৎপাদন কৰা খাদ্য সামগ্ৰীৰ চাহিদা জৈৱিক প্ৰণালীৰে উৎপাদিত সামগ্ৰীৰ চাহিদাৰ তুলনাত হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ৷ জৈৱিক চাহপাত,জহাধান,ক’লাধান,ফল-মূল,শাক-পাছলি আদিৰ চাহিদা বজাৰত বৃদ্ধি পোৱাৰ ফলত কৃষক ৰাইজ আৰ্থিকভাৱে অধিক লাভৱান হবলৈ সক্ষম হৈছে ৷

জৈৱিক পদ্ধতিৰে পতংগ নিয়ন্ত্ৰণ কৰিবলৈ হ’লে কঁঠীয়া তলিত কঁঠীয়া সিঁচাৰ পৰা মূল পথাৰলৈকে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ কঁঠীয়া সিঁচাৰ সময়ত কঁঠীয়াখিনি ২৪ঘন্টা ভেকুঁৰনাশক দ্ৰৱ ছিউড’মনাচ ফ্লৰ’ছেন্সত ডুবাই ৰাখি পিছদিনা কঁঠীয়াতলিত সিঁচি দিব লাগে ৷ কঁঠীয়াতলি ভালদৰে চহাই কেঁচু সাৰ,সৰিয়হ নাইবা নিম কেক নাইবা সেউজ সাৰ কঁঠীয়া সিঁচাৰ ৩০দিন মানৰ আগতে মাটিৰ লগত মিহলি কৰি দিব লাগে ৷ইয়াৰ উপৰিও অসম কৃষি বিশ্ববিদ্যালয়ত এজ’স্পাইৰিলাম আৰু ফছফেট দ্ৰৱীভূত বেক্টেৰিয়াৰ দ্ৰৱণ আদি জীৱাণু সাৰ প্ৰস্তুত কৰা হৈছে ৷মূল পথাৰত ৰোৱাৰ আগ মূহূৰ্ত্তত কঁঠীয়াৰ শিপা এই দ্ৰৱণত জুবুৰিয়াই পথাৰত ৰুলে কীট পতংগৰ উপদ্ৰৱ হ্ৰাস পোৱাৰ উপৰিও মাটিৰ গুণা গুণো অক্ষুন্ন থাকে ৷প্ৰয়োজন সাপেক্ষে কঁঠীয়াতলিত ফেৰ’মন ফান্দ পতাৰ ব্যবস্থা কৰিব পাৰি ৷

মূল পথাৰত ৰাসায়নিক সাৰৰ পৰিবৰ্তে ২.৫ টন প্ৰতি হেক্টৰত কেঁচু সাৰ বা গোৱৰ সাৰ প্ৰয়োগ কৰিলে পোক -পৰুৱাৰ উপদ্ৰৱ অলপ পৰিমাণে হ’লেও কম হয় ৷কেন্দ্ৰীয় চৰকাৰে নিম যুক্ত ইউৰিয়া প্ৰয়োগ কৰাত গুৰুত্ব আৰোপ কৰিছে, যাতে গছ জোপাই উচিতভাৱে নাইট্ৰোজেন ল’ব আৰু নিম থকা বাবে কীট পতংগৰ আক্ৰমণ হ্ৰাস পাব পাৰে ৷ ঠিক তেনেদৰে সেউজ সাৰ,এজ’লা,এজটোবেক্টাৰ,নীলা-সেউজীয়া শেলাই আদিয়ে পৰোক্ষ ভাৱে পতংগৰ উপদ্ৰৱ ৰোধ কৰাত সহায় কৰে ৷
ধাননি পথাৰখনি এক জৈৱ বৈচিত্ৰ্যতাৰ নিৰ্দশন ৷ ধাননি পথাৰত অপকাৰী কীট-পতংগ আৰু পতংগভোজী চৰাই সহিতে নানা প্ৰজাতিৰ উপকাৰী প্ৰাকৃতিক শত্ৰুও থাকে ৷ প্ৰাকৃতিক শত্ৰুসমূহে অনিষ্টকাৰী কীটপতংগসমূহ চিকাৰ কৰি ভক্ষণ কৰে ৷ খাদ্যশৃংখলৰ প্ৰক্ৰিয়াটি অবিৰত ভাৱে চলি থাকে, ফলত প্ৰকৃতিত ভাৰসাম্যতা নিয়ন্ত্ৰণ হৈ থাকে ৷গতিকে ধান অনিষ্টকাৰী পতংগ সমূহৰ আক্ৰমণ ৰোধ কৰিবলৈ অতিমাত্ৰা হাৰত পথাৰত কীটনাশক দ্ৰব্য প্ৰয়োগ কৰিবলৈ কোনো কাৰণতে অনুমতি দিব নোৱাৰি ৷কাৰণ পথাৰখনৰ চৌপাশে থকা জলাশয়ৰ মাছ,কাছ আৰু খেতি পথাৰৰ বাবে উপকাৰী মৌমাখি,প্ৰাকৃতিক শত্ৰু যেনে, বিভিন্ন প্ৰজাতিৰ জীয়া পখিলা,ফুটফুটীয়া পোক, যাক ইংৰাজীত লেডী বাৰ্ড বিটল বুলি জনা যায়,বিভিন্ন প্ৰজাতিৰ মকৰা,নানা তৰহৰ মৌমাখি গোত্ৰৰ পৰজীৱী কীটপতংগসমূহক ৰক্ষনাবেক্ষন দিয়াটো অতিকে প্ৰয়োজনীয় ৷ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ প্ৰয়োগে ক্ষীপ্র গতিত অস্থায়ীভাৱে খেতিডৰাক পতংগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰিলেও অধিক হাৰত ৰাসায়নিক দৰৱ প্ৰয়োগ কৰাৰ ফলস্বৰূপে পতংগবিধে কীটনাশক দৰৱবিধৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা সৃষ্টি কৰি লোৱাৰ ফলত আশানুৰূপ ফল পোৱা নাযায় ৷ তাৰ বিপৰীতে পতংগবিধৰ উপদ্ৰৱ বৃদ্ধিহে পোৱা দেখা যায় ৷পৰিমিত হাৰত দৰব প্ৰয়োগ নকৰাৰ ফলত নিতে নতুন নতুন পতংগৰ প্ৰাদুৰ্ভাৱ হোৱা পৰিলক্ষিত হৈছে ।

ধাননি পথাৰত ১০০বিধতকৈও অধিক কীট-পতংগই অনিষ্ট কৰে ৷ তাৰ ভিতৰত ধানৰ গা -গছ বিন্ধা কৰা পোক ,পাত খোৱা,ধানৰ থোক ভক্ষণ কৰা,পাত শোহা পোক আদি ভাগত ভাগ কৰিব পাৰি ৷ধানৰ গা-গছ বিন্ধা কৰা পোকৰ ভিতৰত মজা খোৱা পোকেই অন্যতম ৷অসমত পাঁচ প্ৰজাতিৰ মজা খোৱা পোক পোৱা যায় ৷ তাৰ ভিতৰত হালধীয়া আৰু বগা বৰণৰ মজা খোৱা পোকা সংখ্যাই সৰহ ৷ মজা খোৱা পোকে ধানৰ পুলি অৱস্থাৰ পৰা ধান চপোৱাৰ আগলৈকে যিকোনো অৱস্থাতে আক্ৰমণ কৰিব পাৰে ৷ই ধানৰ গা-গছত বিন্ধা কৰি সোমাই ভিতৰৰ অংশ খোৱা বাবে ধান গছ জোপা ৰঙচুৱা বৰণৰ হৈ শুকাই যায় ৷ধান গছৰ বাঢ়ন কালছোৱাত ইহঁতে গছজোপাৰ তলত আৰু পৈণত অৱস্থাত ধানগছৰ ওপৰৰ গাঁঠি-পাবত যায়। বেছি পৰিমাণৰ ইউৰিয়া সাৰ ছটিয়ালে এই পোকৰ উপদ্ৰৱ বৃদ্ধি পায় ৷আক্ৰান্ত গছজোপা সহজতে উঘালি আনিব পৰা যায় ৷মজাখোৱা পোক লগা ধানৰ থোক বগা বৰণৰ পতান হৈ পৰে ৷ধানৰ পাতখোৱা পোকৰ ভিতৰত পাত মেৰিওৱা পোকৰ নাম লব লাগিব ৷ইহঁতে ধানৰ পাতৰ মাজত সোমাই পাতৰ সেউজীয়া অংশ খাই দিয়ে ৷পিয়াঁজীপতীয়া পোক,চেলেকা পোক আদি পা খোৱা পোকবোৰেও ধানৰ সেউজীয়া অংশ খাই উৎপাদিকা শক্তিত প্ৰভাৱ পেলায় ৷ঠিক সেইদৰে, চৰহা পোকেও পাতৰ সেউজীয়া খিনি বগা বৰণৰ কৰি দিয়ে ৷ অসমৰ শিৱসাগৰ জিলাকে ধৰি বহু কেইখন জিলাত এই পোকৰ উপদ্ৰৱ বেছি পৰিমাণে হয় ৷ধানৰ পাত শোহা পোকৰ ভিতৰত মুগা ,বগা আৰু অকোঁৱা -পকোঁৱা ফুটি জাতীয় পোকৰ উপদ্ৰৱ দিনে দিনে বৃদ্ধি পাব ধৰিছে ৷অতিমাত্ৰা হাৰত ৰাসায়নিক সাৰ আৰু কীট নাশক দৰৱ প্ৰয়োগ কৰাৰ ফলতে যোৱা কেইবছৰমান ধৰি এইকেইবিধ পোকৰ উপদ্ৰৱ বৃদ্ধি পাইছে ৷ধানৰ থোক খোৱা পোকৰ ভিতৰত গান্ধী পোক প্ৰধান ৷ইহঁতে ধানৰ গুটিত সৰু ফুটা কৰি ভিতৰৰ অংশৰ ৰস শুহি খাই দিয়াৰ ফলত ধান বগা বৰণৰ পতানযুক্ত হৈ পৰে ৷
সুখজনকভাৱে, জৈৱিক প্ৰণালীৰে কৰা খেতি ডৰাত তুলনামূলক ভাৱে কীট পতংগৰ উপদ্ৰৱো হ্ৰাস পায় বুলি গৱেষণা অধ্যয়নৰ দ্বাৰা ঠাৱৰ কৰা হৈছে ৷গতিকে, কেৱল এটা পদ্ধতি অৱলম্বন কৰি ধাননি ডৰাত পোকপৰুৱাৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ নহয় ৷ জীৱকূলৰ মাজত ভাৰসাম্যতা অক্ষুন্ন ৰাখি কীট-পতংগ নিয়ন্ত্ৰণ কৰিবলৈ হ’লে সুসংহত ভাৱে জৈৱিক পদ্ধতিসমূহ একত্ৰিত কৰি পথাৰত প্ৰয়োগ কৰিলে উদেশ্য সফল হ’ব ৷


জৈৱিক কীট-পতংগৰ নিয়ন্ত্ৰণ ব্যৱস্থাপনাসমূহ


১) জাত নিৰ্বাচন : কীট পতংগৰ আক্ৰমণ প্ৰতিৰোধী ক্ষমতা সম্পন্ন ধানৰ জাত সমূহ নিৰ্বাচন কৰা উচিত ৷সতক্ষৰঞ্জন ,বসুন্ধৰা ,জয়মতী আদি মজা খোৱা ,পাত মেৰিওৱা ,পিয়াঁজীপতীয়া পোকৰ প্ৰতিৰোধ ক্ষমতাসম্পন্ন জাত ৷ৰত্না,টি কে এম-৬,আই আৰ -২০,২৬ ,পি টি বি-১২,২০ আদি মজাখোৱা ,পাত মেৰিওৱা পোকৰ প্ৰতিৰোধী ক্ষমতাসম্পন্ন জাত ৷

২) প্ৰাকৃতিক শত্ৰুৰ ব্যৱহাৰ: ধাননি পথাৰখনিত অনিষ্টকাৰী কীট-পতংগৰ লগতে উপকাৰী কীট-পতংগও সহৱাস কৰে ৷চিকাৰী আৰু পৰজীৱী কীট-পতংগ আৰু পতংজৰ দেহত ৰোগ সৃষ্টিকাৰী অনুজীৱ সমূহক প্ৰাকৃতিক শত্ৰুৰ শ্ৰেণীত ধৰা হৈছে ৷চিকাৰী পতংগ আৰু বিভিন্ন প্ৰজাতিৰ মকৰাই অনিষ্টকাৰী কীট-পতংগ নিয়ন্ত্ৰণ কৰে ৷লেডী বাৰ্ড বিটল,গ্ৰাউণ্ড বিটল,বিভিন্ন প্ৰজাতিৰ জীঁয়া পখিলা,ফৰিং জাতীয় পোক আদি চিকাৰী পতংগসমূহ ধাননি পথাৰত সততে পোৱা যায় ৷ চিকাৰী মকৰাই পতংগৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি দিনে ৫-১০টা পৰ্যন্ত পোক ভক্ষণ কৰে ৷গতিকে এই প্ৰাকৃতিক শত্ৰুসমূহ সংৰক্ষণ কৰি ধাননি পথাৰত অনিষ্টকাৰী কীট-পতংগৰ আক্ৰমণৰ পৰা হাত সাৰিব পাৰি ৷কৃষি বিজ্ঞানী সকলে মজাখোৱা,পাত মেৰিওৱা আদি পতংগৰ পৰজীৱী পতংগ কেইবিধমান চিনাক্ত কৰিছে ৷এনে পৰজীৱী পতংগই অনিষ্টকাৰী পোকবিধৰ দেহত পৰজীৱী হিচাপে সহৱাস কৰি পতংগৰ জীৱন চক্ৰ,কণী ,পলু বা লেটা আদি অৱস্থা নিষ্ক্ৰিয় কৰি দিয়ে । মজাখোৱা আৰু পাত মেৰিওৱা পোকৰ কণীৰ পৰজীৱী হিচাপে ট্ৰাইক’গামা জাপ’নিকাম আৰু ট্ৰাইক’গামা কাইল’নিছ নামৰ পতংগ দুবিধ ব্যৱহাৰ কৰি সুফল পোৱা গৈছে৷ ধানৰোৱাৰ ৩০দিনৰ পিছত প্ৰতি হেক্টৰত সপ্তাহে প্ৰতি ৬ৰ পৰা ৮ বাৰলৈ ৫০হাজাৰ পৰজীৱী পতংগ পথাৰত মেলি দি এই দুবিধ পোকৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷অনুৰূপভাৱে লাইক’ছা প্ৰজাতিৰ মকৰা আৰু মিৰিড জাতীয় পাত শোহনি পোক আদি ধাননি পথাৰৰ ওচৰে -পাজৰে সংৰক্ষণ কৰিব পাৰিলে মুগা বৰণৰ পাত শোহা ফুটি পোকৰ পৰা ৰক্ষা পাব পৰা যায়। খেতিডৰাৰ মাজৰ আলিবোৰত নাইবা পথাৰ খনৰ চৌপাশে কিছুমান ফুল ফুলা গছ যেনে-নাৰ্জি ,কছমছ,তিলগছ,সূৰ্যমুখী ফুল আৰু আনকি অপতৃণো ৰোপন কৰিব পাৰি ৷ইয়াৰ দ্বাৰা কীট-পতংগৰ প্ৰাকৃতিক শত্ৰুসমূহে বাৰেৰহনীয়া গছবোৰৰ ফুলৰ ৰস চুহিবলৈ স্বাভাবিকতে আকৰ্ষিত হয় ৷তাৰ ফলত শত্ৰুৰ ভয়ত অনিষ্টকাৰী কীট-পতংগ অলপ হ’লেও বিকৰ্ষিত হোৱা দেখা যায় ৷

৩) অনুজৈৱিক নিয়ন্ত্ৰণ : কীট-পতংগৰ দেহত ৰোগ সৃষ্টিকাৰী অনুজীৱ যেনে-বেক্টেৰিয়া ,ভাইৰাছ,ভেঁকুৰ আদি অনিষ্টকাৰী অণুজীৱসমূহ কীট-পতংগ নিয়ন্ত্ৰণৰ হেতু কাৰ্যকৰী কৰাটোকে অনুজৈৱিক নিয়ন্ত্ৰণ বুলি কোৱা হয় ৷পতংগৰ দেহত ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ ভিতৰত বেছিলাছ থুৰিনজিয়েনছিছ নামৰ বেক্টেৰিয়াবিধ পখিলাজাতীয় পতংগ নিয়ন্ত্ৰণ ৰোধ কৰিবলৈ ব্যৱহাৰ কৰা হয় ৷এইবিধ বেক্টেৰিয়া বজাৰত পানীত দ্ৰৱণীয় ৰূপত পোৱা যায় যেনে-ডেলফিন ৮৫%, ডাইপেল ৩.৫ % আদি পাত মেৰিওৱা আৰু মজা খোৱা পোক ৰোধ কৰিবৰ বাবে উপযোগী বুলি কৃষি বিশেষজ্ঞ সকলে মতামত আগবঢ়াইছে ৷কিন্তু এই বিধ দৰৱ মুগা আৰু এৰী পলু পোহা অঞ্চলৰ আশে পাশে ব্যৱহাৰ কৰিব পৰা নাযায় ৷পতংগৰ দেহত ভেঁকুৰজাতীয় অনুজীৱ যেনে- বগা বৰণৰ মাছকেৰাডাইন ভেকুঁৰবিধে ধানখেতিৰ চৰহা পোক ৰোধ কৰিবৰ বাবে প্ৰয়োগ কৰি সুফল পাইছে । ঠিক তেনেদৰে, সেউজীয়া বৰণৰ মাছকেৰাডাইন ভেকুঁৰবিধে কীট-পতংগৰ দেহত সেউজীয়া ঘাঁহৰ দৰে আৱৰণ সৃষ্টি কৰে ৷অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভিদৰ ৰোগতত্ব বিভাগে এই ভেকুঁৰ কেইবিধৰ দ্ৰৱণ প্ৰস্তুত কৰি বজাৰত বায়’মেটা,বায়’গ্ৰীন আদি নামেৰে বজাৰত মুকলি কৰি দিছে ৷

৪) উদ্ভিদ জাত কীটনাশক দ্ৰব্যৰ প্ৰয়োগ : উদ্ভিদজাত সামগ্ৰীৰ ভিতৰত নিমগছৰ গুটি অন্যতম ৷ নিমগুটিৰ ৰস নিষ্কাশন কৰি ২৫কিলোগ্ৰাম ধানৰ বাবে ১% আৰু ৫%হাৰত প্ৰয়োগ কৰি মজাখোৱা পোকৰ পৰা হাত সাৰিৱ পাৰি ৷নিমৰ উপৰিও ধপাত গছ, পাইৰিথ্ৰাম, ৰোটিনন আদিৰ ৰস নিষ্কাশন কৰি ধাননি পথাৰত প্ৰয়োগ কৰি কীট-পতংগৰ পৰা নিস্তাৰ পাব পাৰি ৷ তাৰোপৰি নহৰু, নৰসিংহ গছৰ পাতৰ ৰস খুন্দি পথাৰত ছটিয়ালে কিছু পৰিমানে পোকৰ উপদ্ৰৱৰ পৰা হাত সাৰিব পাৰি ৷ বজাৰত বিভিন্ন ব্যৱসায়িক নাম যেনে-নিমাজল,নিম্বেছিডিন,নিম তেল, মাল্টি নিম আদি নিমযুক্ত কীটনাশক দ্ৰব্য কিনিবলৈ পোৱা যায় ৷

৫) ফেৰ’মন ফান্দ ব্যৱহাৰ: মজাখোৱা পোকৰ বাবে নিৰ্দিষ্ট এবিধ ফেৰ’মনৰ লিউৰ বজাৰত উপলব্ধ ৷ ধাননি পথাৰত প্ৰতি হেক্টৰত ২০টাকৈ ফেৰ’মন ফান্দ স্থাপন কৰিব লাগে ৷ গোটেই কৃষিকালটোতে ২০ দিনৰ অন্তৰত ৫ মাইক্ৰগ্ৰাম লিউৰটো ৩-৪ বাৰ সলনি কৰি থাকিলে নিশ্চিতভাৱে মজা খোৱা পোকৰ পৰা হাত সাৰিব পাৰি ৷

৬)পতংগভোজী চৰাইৰ ভূমিকা : খেতি পথাৰ আৰু ভৰাঁলৰ অনিষ্টকাৰী চৰাই আমাৰ সকলোৰে চিনাকী যেনে- কপৌ,পাৰ,ভাটৌ,শৰালি হাঁহ,বুলবুলি চৰাই ইত্যাদি ৷ খেতিপথাৰত কিছুমান পতংগভোজী চৰাইও থাকে ৷সৰহ সংখ্যকে পোৱালিবোৰ পতংগৰ কোমলদেহী পলু -লেটা খুৱাই ডাঙৰ কৰে ৷অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত লক্ষীমপুৰস্থিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত চৰাইৰ ওপৰত এটি প্ৰকল্প চলি আছে৷ গো-বগলী, শালিকা আৰু কাউৰীয়ে মাটিত থকা শুৰপোক,হাতীপোক আদি নিয়ন্ত্ৰণত প্ৰধান ভূমিকা লৈ আহিছে ৷বছৰৰ বসন্ত ঋতুৰ আগমনৰ লগে লগে কীট-পতংগৰ উপদ্ৰৱ বৃদ্ধি পায় আৰু এই সময়ছোৱাত পোৱালীৰ বাবে পৰ্য্যাপ্ত পৰিমাণৰ খাদ্য উপলব্ধ হোৱা বাবে চৰাইয়ে কণী পাৰি পোৱালী জগায় ৷ধাননি পথাৰৰ আশে-পাশে চৰাইয়ে জিৰণি লবলৈ কিছুমান গছ,বাঁহৰ জেং পুতি দিব লাগে ৷পথাৰত ইংৰাজী টি আখৰটোৰ দৰে বাঁহৰ খুটি পুতি পতংগৰ আক্ৰমণৰ পৰা কিছু পৰিমাণে হ’লেও ৰোধ কৰিব পৰা যায় ৷

৭) থলুৱা প্ৰযুক্তি জ্ঞানৰ প্ৰয়োগ: চহা খেতিয়কসকলে কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে কিছুমান থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰা দেখা যায় ৷ধাননি পথাৰত খেতিয়ক সকলে নিজৰ ব্যৱহাৰিক জ্ঞান প্ৰয়োগ কৰি নানা উপায় উদ্ভাৱন কৰা দেখা যায় ।
ক) থ্ৰিপছ,চৰহা পোক ,চেলেকা পোকৰ পৰা ৰক্ষা পাবলৈ কেঁচা গোৱৰ পথাৰত ছটিয়াব লাগে যাতে কেঁচা গোৱৰৰ গোন্ধত পতংগবোৰ পথাৰৰ পৰা বিৰ্কষিত হ’ব ৷
খ)কেৰাচিন তেলৰ দ্বাৰা ৰছী এডাল তিয়াঁই ধান গছৰ ওপৰ অংশত লগাই দিলে চেলেকা পোকবোৰ পানীত সৰি পৰে আৰু খেতিডৰাৰ পৰা পানী উলিয়াই দিয়াৰ ব্যৱস্থা কৰিলে সুফল পোৱা যায় ৷
গ) ছজিনা গছৰ বাকলি মেলি দি আৰু কিছুমান ঢেঁকীয়া গছ পথাৰত ৰুই মজাখোৱা পোকৰ পৰা ৰক্ষা পাব পাৰি ৷
ঘ) ছাগলীৰ বিষ্ঠা ছটিয়াই ধাননি পথাৰত পোক পতংগৰ উপদ্ৰৱ কিছু লাঘৱ কৰিব পাৰি ৷
ঙ) চকলা বা ৰবাব টেঙাৰ বাকলি পথাৰত থৈ দিলেও চৰহা পোকৰ পৰা ৰক্ষা পাব পাৰি ৷
চ) ফুটুকা গছৰ পাত কাটি পথাৰত মেলি দিলে মজাখোৱা পোকৰ উপদ্ৰৱ হ্ৰাস পায় ৷
ছ) ধাননি পথাৰৰ ওচৰত হাঁহৰ গঁড়াল সাজি দিলে নাইবা হাঁহ চৰিবলৈ দিও চৰহা পোকৰ পৰা ৰক্ষা পাব পাৰি ৷

৮)পঞ্চগৰ্ভা আৰু অম্ৰুথাজলন : গৰুৰ মূত্ৰ আৰু গোৱৰ ব্যৱহাৰ কৰি পঞ্চগৰ্ভা আৰু অম্ৰুথাজলন নামৰ দুবিধ জৈৱ সংমিশ্ৰণ পথাৰত প্ৰয়োগ কৰি কীট-পতংগৰ পৰা নিস্তাৰ পাব পাৰি ৷
শেহতীয়া ধাৰণা মতে জৈৱিক কৃষি হ’ল, এহাতে দৰ্শন আৰু আনহাতে ই এক পদ্ধতি য’ত পাৰিপাৰ্শ্বিক ,সামাজিক আৰু অৰ্থনৈতিক স্ব-নিৰ্বাহিতা বৰ্তি থাকে ৷কৃষি বিজ্ঞানী সকলে পৰিৱেশ বিনষ্ট নকৰাকে কৃষিভূমিৰ গুণাগুণ অটুট ৰাখি উত্তৰ পুৰুষক বহন ক্ষমতা বিশিষ্ট সেউজী ধৰণী এখন উপহাৰ দি যাব পৰাকে কীট-পতংগ আদি নিয়ন্ত্ৰণ কৰিবলৈ জৈৱিক ব্যৱস্থাপনা গ্ৰহণ কৰিছে ৷ কৃষিৰ জৰিয়তে উৎপাদন প্ৰক্ৰিয়াৰ ধাৰাবাহিকতা দীৰ্ঘকালীন সময়ৰ বাবে বজাই ৰাখিবলৈ জৈৱিক কৃষি এক দিশ হিচাবে গণ্য কৰা হৈছে ৷

 

উৎস-কৃষক বন্ধু,ময়ূৰী বৰুৱা
আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ
অসম কৃষি বিশ্ববিদ্যালয়
তিতাবৰ-৭৮৫৬৩০

3.10256410256
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top