মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / ধানৰ প্ৰধান ৰোগ আৰু নিয়ন্ত্ৰণ ব্যৱস্থা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ধানৰ প্ৰধান ৰোগ আৰু নিয়ন্ত্ৰণ ব্যৱস্থা

ধানৰ প্ৰধান ৰোগ আৰু নিয়ন্ত্ৰণ ব্যৱস্থা

নানাবিধ ৰোগৰ আক্ৰমণৰ ফলত ধানৰ উৎপাদন সাধাৰণতে ১০-১৫ শতাংশ হ্ৰাস পায় ৷ এই ৰোগ সমূহৰ ভিতৰত ব্লাষ্ট, চিথ ব্লাইট্, চিথ ৰট্, বেক্টেৰীয়েল ব্লাইট্, বাকানী, টুংৰ আদিৰ নিচিনা ৰোগে ধানত আক্ৰমণ কৰি কোনো কোনো বছৰ কৃষকৰ অশেষ ক্ষতি কৰে ৷ সেয়েহে ধানৰ প্ৰধান ৰোগ সমূহ চিনাক্তকৰণ কৰিবলৈ ইয়াৰ নিৰাময়ৰ বাবে সময়োপযোগী ব্যৱস্থা গ্ৰহণ কৰিলে আমাৰ কৃষক ৰাইজ যথেষ্ট উপকৃত হ’ব ৷

ব্লাষ্ট

ধানৰ ব্লাষ্ট ৰোগ (Pyricularia grisea) নামৰ এবিধ ভেঁকুৰৰ আক্ৰমণৰ বাবে হয়৷ এই ৰোগে ধান গছত বিভিন্ন বয়সত আক্ৰমণ কৰি বেলেগ বেলেগ ধৰণৰ লক্ষণ দেখুৱায় ৷

() লিফ্ ব্লাষ্ট

কঠীয়াতলি বা সজাল ধৰা ৰোৱাত এই ৰোগে আক্ৰমণ কৰি পাতবোৰত মাকৌটোৰ নিচিনা দুই মূৰ জোঙা, দীঘল আৰু মাজৰ অংশ বহল গাঢ় মূগা দাগৰ সৃষ্টি কৰে৷ ডাঙৰ দাগবোৰৰ মাজৰ অংশটো গাঢ় মূগাৰ পৰা লাহে লাহে মটিয়া বৰণৰ হয়৷ কেইবাটাও দাগ লগলাগি একোটাহঁত ডাঙৰ দাগৰ সৃষ্টি কৰে আৰু পাতবোৰ শুকাই যাব পাৰে৷ ইয়াকে লিফ্ ব্লাষ্ট বোলে৷

 

() দেল ব্লাষ্ট

মাজ বয়সত এই ৰোগে ধানৰ কাণ্ডৰ গাঁঠিত আক্ৰমণ কৰি ইয়াৰ ওপৰত লাগি থকা পত্ৰ আৱৰণী খন পঁচাই, ঈষৎ ক’লা ৰঙলৈ সলনি কৰি তলৰ গাঁঠিটোত পচায় আৰু সেয়ে আক্ৰান্ত গাঁঠিত গছডাল সহজে চিঙি পৰে ৷ ইয়াকে ন’দেল ব্লাষ্ট (Nodal blast) বা গাঁঠি ব্লাষ্ট বোলে ৷

() নে ব্লাষ্ট

ধান ওলোৱাৰ আগে পিচে এই ৰোগে শিহৰ গুৰিৰ গাঁঠিটো বা ডিঙিত আক্ৰমণ কৰি নে’ক ব্লাষ্ট ৰোগৰ সৃষ্টি কৰে ৷ প্ৰথমতে শিহৰ গুৰিটোৰ চাৰিওফালে কজলা-ক’লা ৰঙৰ ভেলভেটৰ দৰে কোমল আৱৰণ এটাৰে ঘেৰি ধৰি তাৰ পিচত চিঞা কৰি পেলায় আৰু লাহে লাহে আক্ৰান্ত অংশ মূগা বৰণৰ হৈ পঁচিবলৈ আৰম্ভ কৰে ৷ ঠোক ওলোৱাৰ আগে পিচে এই ৰোগে ডিঙি অংশত আক্ৰমণ কৰিলে ঠোকবোৰৰ ধান পতান বা কাঠ পতান হ’ব পাৰে আৰু পুৰঠ ঠোকৰ সময়ত আক্ৰমণ কৰিলে ঠোকবোৰ ডিঙিতে চিগি সৰি পৰে৷

প্ৰতিকাৰ

() সঁচ নিৰ্বাচন : ব্লাষ্ট ৰোগৰ প্ৰাদুৰ্ভাব থকা ঠাইত গোবিন্দ, কাবেৰী, আই আৰ ৩৬, কালচাৰ ৯, চিনা ৬৩, পঙ্কজ আদি ব্লাষ্ট ৰোগ প্ৰতিৰোধৰ ক্ষমতা থকা সঁচৰ খেতি কৰিব লাগে ৷ মাচুৰী ধান অতি সহজে এই ৰোগৰ দ্বাৰা আক্ৰান্ত হয় বাবে এনে ঠাইত এই সঁচৰ খেতি কৰিব নালাগে ৷

() বীজ শোধন : ধানৰ কেৱল ব্লাষ্ট ৰোগেই নহয়, অন্যান্য ৰোগ যেনে : গুৰি পঁচা, মূগা দাগ পৰা, বাকানী আদি বহুত ৰোগৰ উৎপত্তি স্থল হৈছে আক্ৰান্ত বীজ ৷ সেইকাৰণে কঠীয়াতলিত বা পথাৰত ধানৰ বীজ সিঁচাৰ আগতেই ভালকৈ শোধন কৰি লোৱাটো বাধ্যতামূলক হ’ব লাগে ৷ কেতিয়াবা আক্ৰান্ত বীজৰ পৰা হোৱা ৰোগে ধানৰ অশেষ ক্ষতি কৰিব পাৰে ৷ আনহাতে বীজ শোধন কম খৰচী, উজু হোৱাৰ উপৰিও শোধিত বীজৰ পৰা গজা পুলিবোৰ প্ৰথম অৱস্থাত ৰোগৰ হাত সাৰি লহপহকৈ বাঢ়ি পাহোৱাল হোৱাৰ বাবে পিচলৈও ৰোগে ইহঁতক সহজে আক্ৰমণ কৰিব নোৱাৰে আৰু কৰিলেও বিশেষ হানি কৰিব নোৱাৰে ৷

বীজ শোধন পদ্ধতি

() শুকানে শোধন : সিঁচা আহুৰ ক্ষেত্ৰত বীজ সিঁচাৰ আগতে এটা টিঙৰ মুখবন্ধ পাত্ৰত আধামানলৈকে বীজ ঢালি তাৰ লগত প্ৰতি কিলোগ্ৰাম বীজৰ বাবে ২.৫ গ্ৰাম পৰিমাণৰ ইন্দ্ৰফিল্ এম্-৪৫, কেপটাফ্, ফলটাফ্ ঔষধৰ যেই কোনো এবিধ মিহলাই, টিঙৰ মুখখন ভালকৈ বন্ধ কৰি ৫ মিনিট সময় ভালকৈ জোকাৰি বীজৰ লগত সমভাবে মিহলি কৰি ল’ব লাগে ৷ অথবা এই একে প্ৰক্ৰিয়াৰে বেভিস্তিন্/ডেৰচাল্ ঔষধ ২ গ্ৰাম প্ৰতি কিলোগ্ৰাম বীজত সিঁচাৰ আগতে মিহলাই ল’ব লাগে ৷

() তিয়াই শোধন কৰা : বৰো, ৰোৱা আহু আৰু শালি ধানৰ ক্ষেত্ৰত কঠীয়াতলিত বীজ সিঁচাৰ আগতে পৰিষ্কাৰ পানীত বীজবোৰ ডুবাই পতান খিনি পেলাই দি এনে বীজ তলত উল্লেখিত যি কোনো  ঔষধৰ মিশ্ৰণত ২৪ ঘন্টা তিয়াই ৰাখি তাৰ পিচত পানীখিনি নিগৰাই লৈ ৪৮ ঘন্টা গাপ দি ল’ব লাগে ৷ এককি'লো বীজ তিয়াই শোধনৰ বাবে একলিটাৰ মিশ্ৰণৰ প্ৰয়োজন হব ৷

ঔষধৰ নাম

পৰিমাণ

ইন্দফিল্ এম্-৪৫/ দাইথেন্ এম্-৪৫

২.৫ গ্ৰাম/লিটাৰ পানীত

কেপটাফ্

২.৫ গ্ৰাম/লিটাৰ পানীত

ফলটাফ

২.৫ গ্ৰাম/লিটাৰ পানীত

ডেৰচাল্/বেভিস্তিন্

১.০ গ্ৰাম/লিটাৰ পানীত

() পথাৰত ৰোগ নিয়ন্ত্ৰণ : পাতত এটা বা দুটা দাগ্ দেখিলে বা ওপৰৰ পাঁচটা পাতত শতকৰা পাঁচ ভাগ মান অংশত ৰোগৰ লক্ষণ দেখিলেই ডেৰচাল/বেভিস্তিন, জে কে ষ্টেইন্, বা টপচিন্ এম্ ঔষধৰ যেইকোনো এবিধ ঔষধ ১ গ্ৰাম পৰিমাণে প্ৰতি লিটাৰ পানীত মিহলাই বিঘাই প্ৰতি ৭০-১০০ লিটাৰ মিশ্ৰণ ছটিয়াই ১০-১৫ দিনৰ পিচত আকৌ এবাৰ ছটিয়ালে ৰোগ নিয়ন্ত্ৰণত থাকিব ৷

ব্লাষ্ট ৰোগাক্ৰান্ত অঞ্চলত ঘনাই পোখা মেলাৰ সময়ত (ৰোৱাৰ ৩০ দিনৰ পিছত) প্ৰথমবাৰ, বেভিস্তিন/ডেৰচাল বা জে কে ষ্টেইন্ বা টপচিনএম্ ঔষধ প্ৰতিলিটাৰ পানীত এক গ্ৰাম পৰিমাণে মিহলাই স্প্ৰে কৰি আৰু ধানে গেৰ ধৰাৰ সময়ত দ্বিতীয়বাৰ তথা ঠিক্ ঠোক ওলাবৰ সময়ত তৃতীয়বাৰ হিনচান্ ঔষধ ১ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই বিঘাই প্ৰতি ৭০-১০০ লিটাৰকৈ স্প্ৰে কৰিলে ব্লাষ্টৰোগে সম্পূৰ্ণ নিয়ন্ত্ৰণত থাকিব ৷

() চিথ্ ব্লাইট

ৰাইজক্টনীয়া চ’লেনি (Rhizoctonia solani) নামৰ এবিধ ভেঁকুৰে ধানৰ চিথ্ ব্লাইট ৰোগ কৰে ৷ এই ৰোগে ধান গছৰ পানীৰ ঠিক ওপৰত থকা বৌখা বোৰত আক্ৰমণ কৰে আৰু উপযুক্ত আদ্ৰ পৰিবেশ পালে কেতিয়াবা এই ৰোগ পাতলৈও বিয়পিব পাৰে ৷ প্ৰথম অৱস্থাত এই ৰোগে আক্ৰমণ কৰি পত্ৰ আৱৰণীত কিছুমান সেউজীয়া-মটিয়া ৰঙৰ উপবৃত্তাকাৰ বা ডিম্বাকৃতিৰ ১ চে:মি: - ২-৩ চে:মি: দীঘল চকলা চকল দাগৰ সৃষ্টি কৰে ৷ দাগবোৰ ক্ৰমাম্বয়ে বাঢ়িগৈ ইটোৱে সিটোৱে লগ লাগি একোটাহঁত ডাঙৰ চকলা কৰে আৰু পত্ৰ আৱৰণ তথা গছৰ বাঢ়নত বাধা দিয়ে ৷ কাষত থকা নিৰোগী গছ আক্ৰান্ত গছৰ সংস্পশলৈ আহিলে এই ৰোগ বিয়পে ৷ ধানৰ ফুল ধৰা আৰু ইয়াৰ পিচৰ সময়চোৱাত এই ৰোগৰ লক্ষণ সমূহ বিশেষ ভাবে প্ৰকট হয় ৷ বেছিকৈ আক্ৰান্ত গছৰ উৎপাদন কমে আৰু ধানৰ ভিতৰত চাউল সম্পূৰ্ণকৈ নাবাঢ়ে৷

প্ৰতিকাৰ

১)ব্লাষ্ট ৰোগৰ ক্ষেত্ৰত কৰাৰ দৰে বীজ শোধন ৷

২)ৰোগাক্ৰান্ত পথাৰৰ পৰা ধান চপোৱাৰ পিচতে নৰা কাটি পুৰি হালবাই ৰ’দত শুকাবলৈ দিব লাগে আৰু মুঢ়াবোৰ পুৰি পেলাব লাগে ৷

৩)মাচুৰী, আই আৰ ৫০ আদি সঁচৰ ধান এই ৰোগৰ দ্বাৰা সহজে আক্ৰান্ত হয় বাবে এইবোৰ সঁচৰ সলনি চিথ্ ব্লাইট ৰোগ প্ৰতিৰোধৰ ক্ষমতা থকা সঁচ যেনে জয়া, পঙ্কজ, আই ই টি ৬৬৬৬ আদি সঁচৰ খেতিহে ৰোগাক্ৰান্ত অঞ্চলত কৰিব লাগে ৷

৪)ৰোগাক্ৰান্ত পথাৰ ডৰাৰ পৰা পানী কাষৰ পথাৰলৈ উলিয়াই দিব নালাগে৷

৫)পথাৰত এই ৰোগৰ লক্ষণে দেখা দিয়াৰ লগে লগে বেভিস্তিন/ ডেৰচাল ঔষধ ০.৫ শতাংশ (১ গ্ৰাম ২ লি: পানীত গুলি) এনে মিশ্ৰণ বিঘাই প্ৰতি ৭০-১০০ লিটাৰ মানকৈ ছটিয়াই আকৌ এবাৰ দহ দিন মানৰ পিচত ছটিয়াব লাগে ৷ এই একেধৰণেৰে ইন্দফিল্ এম্ ৪৫ (২.৫ গ্ৰাম/লিটাৰ পানীত) অথবা কনটাফ্ ৫ ই:চি: (২ মি:লি:/লিটাৰ পানীত গুলি) ছটিয়ালেও ভাল ফল দিয়ে৷

() চিথ্ ৰট

ধানৰ আন এটা মাৰাত্মক ৰোগ হৈছে Sarocladium oryzae নামৰ এবিধ ভেঁকুৰে কৰা চিথ্ ৰট বা পত্ৰ আৱৰণ বা বৌখা পঁচা ৰোগ ৷ চিথ্ ব্লাইট আৰু চিথ্ ৰট বেমাৰৰ লক্ষণ সমূহ প্ৰায় একে দেখিলেও চিথ্ ব্লাইট ৰোগে ধানৰ প্ৰায় সকলোবোৰ বৌখা আক্ৰমণ কৰিব পাৰে ৷ কিন্তু চিথ্ ৰট ৰোগে ধান গছৰ একেবাৰে ওপৰত থকা বৌখা খন (যাৰ মাজেদি শিহটো ওলায়) হে আক্ৰমণ কৰে, অন্য বৌখা বা পাতত এই ৰোগে আক্ৰমণ কৰা দেখা নাযায়৷ চিথ্ ৰটে আক্ৰমণ কৰিলে

একেবাৰে ওপৰৰ বৌখা খনত প্ৰথমতে চেগা চোৰাকাকৈ কিছুমান ০.৫-১.৫ চে:মি: মান দৈঘ্যৰ আয়তাকাৰ মূগা ৰঙৰ চকলা চকল দাগ দেখা যায় আৰু পিচলৈ কেইবাটাও দাগ্ বাঢ়ি লগ লাগি ডাঙৰ চকলাৰ সৃষ্টি কৰি প্ৰায় গোটেই বৌখাটোকে আৱৰি ধৰে আৰু ফলত বৌখাটো বাঢ়িব নোৱাৰি ধানৰ শিহ ওলোৱাত বাধাপ্ৰদান কৰে ৷ ধানৰ চিৰা আংশিক ভাবেহে ওলাব পাৰে, যাৰ কাৰণে ধান চিৰা বেছিভাগেই পতান হয়৷ আমাৰ কৃষকে ধানৰ এনে লক্ষণক বোন্দা লগা বুলি কয়৷ আক্ৰান্ত পত্ৰ আৱৰণখন এৰুৱাই আনিলে ভিতৰত থকা ধান চিৰা পঁচা দেখা যায় আৰু পত্ৰ আৱৰণখনৰ ভিতৰফালে পাউদাৰৰ গুৰিৰ দৰে কিছুমান ভেঁকুৰ দেখা যায়৷ মূগা ৰঙৰ চকলা চকল দাগবোৰ বুঢ়া হ’লে চকলাটোৰ কাষটো মূগা হৈয়ে থাকে কিন্তু মাজৰ অংশ মটীয়া ৰঙৰ হয়৷

প্ৰতিকাৰ

চিথ্ ব্লাইট ৰোগৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাৱলীয়েই এই ৰোগৰ ক্ষেত্ৰটো প্ৰযোজ্য হব ৷

() বাকানী ৰোগ

ধানৰ বাকানী ৰোগ Fusarium moniliforme নামৰ এবিধ ভেঁকুৰৰ আক্ৰমণৰ বাবে হয় ৷ ই বিশেষকৈ ধানৰ এবিধ বীজজনীত ৰোগ৷

এই ৰোগে আক্ৰমণ কৰিলে কঠীয়াতলি বা পথাৰত ধান থকাৰ দৰে লাগে – যেন শালী ধানৰ কঠীয়াৰ লগত লাহি ধান মিহলি হৈ শালীতকৈ লাহি কঠীয়াবোৰ লাহি আৰু দীঘল হৈছে ৷ কিন্তু ভালকৈ লক্ষ্য কৰিলে দেখিব যে কঠীয়াৰ সঁচ মিহলি হোৱা নাই ৷ কঠীয়াতলী বা ৰোৱাৰ মাজত দেখা পোৱা ওখ লেহুকা গছবোৰ আচলতে বেমাৰী গছ হে ৷ ৰোগাক্ৰান্ত গছবোৰৰ পোখা নিৰোগী গছৰ পোখাতকৈ আগতে লেংলংকৈ বাঢ়ি ওখ হয়, বৰণটো সামান্য শেঁতা হয়, অকালতে গাঁঠি ধৰে ৷ এনে দৰে আক্ৰান্ত গছবোৰ কিন্তু পথাৰত বুঢ়া নোহোৱালৈকে জীয়াই থাকে কিন্তু শিহবোৰ সম্পূৰ্ণ পতান বা আংশিক ভাবেহে পূৰ্ণ হয়৷ এই ৰোগ চিনিবৰ বাবে আটাইতকৈ উত্তম উপায় হৈছে যে প্ৰথম অৱস্থাত ৰোৱা কুমলীয়া হৈ থাকোতে নিৰোগী গছত গাঁঠি ধৰা নাপায় কিন্তু একে গোচতে থকা আক্ৰান্ত গছজোপাত কেইবাটাও গাঁঠি ধৰা দেখিবলৈ পাব ৷ আমি জানো যে ধানৰ গছৰ মাটিৰ ওপৰত থকা গাঁঠিৰ পৰা কেতিয়াও শিপা নোলায়৷ কিন্তু বাকানী ৰোগাক্ৰান্ত গছ এজোপা উভালি আনি বৌখাখন এৰুৱাই চালে মাটিৰ ওপৰত থকা গাঁঠিৰ পৰাও শিপা ওলোৱা দেখা যাব আৰু এইটোৱেই বাকানী ৰোগৰ বিশেষ লক্ষণ৷

প্ৰতিকাৰ

১)বাকানী ৰোগাক্ৰান্ত পথাৰৰ পৰা কেতিয়াও সঁচৰ বাবে বীজ সংগ্ৰহ কৰিব নালাগে ৷

)বেনলেট্ বা টপচিনএম্ নামৰ ঔষধ ১ গ্ৰাম পৰিমাণৰ প্ৰতি লিটাৰ পানীত গুলি এই মিশ্ৰণত সিঁচাৰ আগতে বীজবোৰ ২৪ ঘন্টা দুবাই ৰাখি তাৰপিচত ৪৮ ঘন্টা গাঁপ দি সিঁচিলে বীজজনীত ৰোগৰ অৱসান হ’ব ৷ আক্ৰান্ত পথাৰৰ অশোধিত বীজ ব্যৱহাৰ কৰিলে বছৰি বছৰি এই ৰোগ বাঢ়ি যাব ৷

) পথাৰত আক্ৰান্ত  গছ দেখা মাত্ৰেই উভালি আঁতৰত পুতি পেলাব লাগে ৷

() বেক্টেৰীয়েল লিফ্ ব্লাইট

ধানৰ বেক্টেৰীয়েল লিফ্ ব্লাইট ৰোগ Xanthomonas oryzae নামৰ এবিধ এককোষী বেক্টেৰীয়াৰ আক্ৰমণৰ কাৰণে হয় ৷ সাধাৰণতে হোলা আৰু বেচি দ’ মাটিত য’ত অন্য সাৰৰ তুলনাত নাইট্টোজেন সাৰ বেছিকৈ থাকে তেনে পথাৰতএই ৰোগ বেছিকৈ হোৱা দেখা যায় ৷

কঠীয়াতলিত বা পোখামেলাৰ প্ৰথম অৱস্হাত এই বেক্টেৰীয়াবোৰে শিপা বা গুৰিয়েদি সোমাই ধান গছ আক্ৰমণ কৰিলে তেনে অৱস্হাত গছ জোপাৰ পাত হালধীয়া পৰি লেৰেলি শুকাই যাব পাৰে ৷ এনে অৱস্থাত পথাৰখনৰ একোখণ্ডৰ ধান পাতলীয়া হোৱা দেখা যাব ৷ তাৰ আগতে পথাৰখনৰ ঠায়ে ঠায়ে দেই যোৱাৰ নিচিনা দেখাব আৰু এই বিশেষ লক্ষণটোক ক্ৰেচেক লক্ষণ (Kresek) বুলি কোৱা হয় ৷ ধান গছৰ মাজৰ ঠোৰটো হালধীয়া পৰি লেৰেলি ঘোৰখাই থকা দেখিলে এই ক্ৰেচেক লক্ষণটোক বহুতে আকৌ মজাখোৱা পোকৰ আক্ৰমণ বুলিও ভাবিব পাৰে৷ মজাখোৱাৰ আক্ৰমণ হ’লে ঠোৰটোত ধৰি টানি দিলেই সহজে ওলাই আহে কিন্তু ক্ৰেচেক ৰোগৰ বেলিকা নাহে৷

বয়স্থ ধান গছৰ পাতত এই ৰোগে আক্ৰমণ কৰিলে এটা বিশেষ ধৰণৰ লক্ষণ দেখা যায় যাৰ দ্বাৰা ৰোগটো সহজে চিনিব পাৰি৷ প্ৰথমতে পাতৰ আগৰ পকা পত্ৰফলকৰ দুয়ো কাষে কিছুমান দীঘল দীঘল, হালধীয়া-বগা ৰঙৰ দাগ্ দেখা যায়৷ এই দাগবোৰ বাঢ়িগৈ ইটোৱে সিটোৱে লগ লাগি দীঘল দীঘল দাগৰ সৃষ্টি কৰে আৰু লাহে লাহে পাতৰ গুৰি অংশলৈ আগুৱাই আহে৷ এই হালধীয়া বগা দাগবোৰৰ এটা বিশেষত্ব আছে৷ বিশেষত্বটো এয়ে যে দীঘল দাগবোৰৰ যিটো ফাল পাতৰ ফলকৰ ভিতৰফালে থাকে সেই ফালটো পোন নহয়, সদায় একাবেকা বা ঢৌ খেলোৱা হয় আৰু দাগবোৰৰ ওপৰত পানীৰ কণিকাৰ নিচিনা কিছুমান খহুলা খহুল টোপোৰা দেখা যায়৷

প্ৰতিকাৰ

এই ৰোগৰ উৎপত্তি স্থল হৈছে ধানৰ খেৰ, নৰা, আক্ৰান্ত পথাৰত থকা ধানৰ মুঢ়া, তাৰ পৰা ওলোৱা গজালি, বীজ আৰু ৰোগ বাহক অপতৃণ সমূহ৷

১) আক্ৰান্ত পথাৰৰ পৰা সঁচৰ বাবে বীজ সংগ্ৰহ কৰিব নালাগে৷ নিৰ্দ্ধাৰিত পদ্ধতিৰে বীজ শোধনৰ নিতান্ত আৱশ্যক৷

২) ধান চপোৱাৰ পিচতে আক্ৰান্ত পথাৰখনৰ পৰা নৰা, মুঢ়া আদি গোটাই পুৰি দুচাহ মান হাল বাই মাটি শুকাবলৈ দিব লাগে৷

৩) আক্ৰান্ত অঞ্চলত গোবিন্দ, মনোহৰ শালী আদি ৰোগ প্ৰতিৰোধৰ ক্ষমতা থকা সঁচ ব্যৱহাৰ কৰিব নালাগে৷ নতুবা আই ই টি ৬৬৬৬, মাচুৰী আদি ৰোগ সহ্য কৰিব পৰা সঁচ ৰুব লাগে ৷

৪) আক্ৰান্ত পথাৰৰ পানী কাষৰ পথাৰলৈ মেলিব নালাগে ৷

৫) বেক্টেৰীয়েল ব্লাইট ৰোগে পথাৰত দেখা দিলে ইউৰীয়া টপ ডেচিং কৰাটো বন্ধ কৰিব লাগে ৷

৬) এই ৰোগৰ দ্বাৰা আক্ৰান্ত পথাৰত নতুন কেঁচা গোবৰ প্ৰতিকিলো ১০-১৫ লিটাৰ পানীত গুলি ছটিয়াই দিলে ভাল কামত আহে৷

৭) হোলা বা বৰ দ' মাটিত ৰাসায়নিক সাৰ দিলে পটাচ সাৰৰ পৰিমাণ বঢ়াই দিব লাগে ৷

() ব্ৰাউন স্পট

ধানৰ ব্ৰাউন স্পট বা মূগা দাগ্পৰা ৰোগ Dreahstera oryzae নামৰ এবিধ ভেঁকুৰৰ আক্ৰমণৰ বাবে হয়৷ এই ৰোগে কঠীয়াতলি, পথাৰৰ ৰোৱাৰ পাতত আৰু ধানত আক্ৰমণ কৰে৷ শালী ধানতকৈ লাহি ধানৰ কঠীয়াতলিত এই ৰোগ সাধাৰণতে বেছিকৈ হোৱা দেখা যায়৷

কঠীয়াৰ পাতত এই ৰোগে আক্ৰমণ কৰি পাতবোৰত অসংখ্য সৰু সৰু ঘুৰণীয়াৰ পৰা ডিম্বাকৃতিৰ, গাঢ় মূগা ৰঙৰ দাগ্ পেলায় ৷ প্ৰথমতে পাতবোৰত মূগা সূতাৰে বুটা বছাৰ নিচিনা লাগে৷ দাগবোৰ ডাঙৰ হয় আৰু পাতৰ বেছিভাগ ঠাই আগুৰি ধৰি পাতবোৰ শুকুৱাই পেলায়৷ এই ৰোগে প্ৰথমতে তলৰ পাতত আক্ৰমণ কৰি ক্ৰমাম্বয়ে ওপৰলৈ যায়৷

পথাৰৰ ৰোৱাবোৰৰ পাতত হোৱা দাগবোৰৰ আকাৰ ডাঙৰ ডাঙৰ হয়, আকৃতি প্ৰায়ে ডিম্বাকৃতিৰ বা চকুৰ আকৃতিৰ গাঢ় মূগা বৰণৰ ৷ ডাঙৰ দাগবোৰৰ কাষটো গাঢ় মূগা আৰু মাজৰ অংশ মটিয়া বা ঈষৎ বগা-মূগা বৰণৰ হয় লগতে দাগবোৰৰ চাৰিওকাষে একোটাহঁত পাতল হালধীয়া ৰঙৰ মণ্ডলে আগুৰি থকা দেখা যায়৷

এই ৰোগে অপৈণত অৱস্হাৰ বীজ আক্ৰমণ কৰিলে বীজবোৰ সোতোৰা সোতোৰী হয়, ভালৈক পুৰঠ নহৈ কাঠ পতান হয়৷ পুৰঠ ধানৰ বাকলীত এই ৰোগে গাঢ়-মূগা ৰঙৰ ঘুৰণীয়া দাগ্ কৰে৷

প্ৰতিকাৰ

১) ব্ৰাউন ষ্পট্ ৰোগৰ মূল উৎপত্তি স্থল হৈছে আক্ৰান্ত বীজ৷ সেয়ে ব্লাষ্ট ৰোগৰ ক্ষেত্ৰত উল্লেখ কৰা মতে বীজ শোধন কৰি ল’লে এই ৰোগৰ ব্যাপকতা বহু পৰিমাণে হ্ৰাস পায়৷

২) ব্ৰাউন ষ্পট্ ৰোগ বিশেষকৈ শুদ্ধ পদ্ধতি অনুসৰণ কৰি নকৰা আৰু অযত্নপালিত ধাননি পথাৰত হোৱা ৰোগহে ৷ সঠিক পদ্ধতি আৰু ভালদৰে প্ৰতিপালন কৰা পথাৰত এই ৰোগে কেতিয়াও গা কৰিব নোৱাৰে, এই কথা একেবাৰে ধূৰূপ৷

পৰ্য্যাপ্ত পৰিমাণৰ গোৱৰ জাবৰ, সাৰ প্ৰয়োগ কৰি ভালকৈ প্ৰস্তুত কৰা কঠীয়াতলিত পাতলকৈ শোধিত বীজ সিঁচি, প্ৰয়োজনীয় পৰিমাণৰ সাৰ প্ৰয়োগ কৰি ভালকৈ চহাই সমান কৰা পথাৰত উপযুক্ত বয়সৰ কঠীয়া নিদিষ্ট ব্যৱধানত ৰুই, সময়মতে টপ্ দ্ৰেচিং, নিধনী, পানী যোগান আদি কামবোৰ নিয়াৰীকৈ কৰি গ’লে এই ৰোগ সদায় নিয়ন্ত্ৰণৰ ভিতৰতে থাকিব ৷

৩) পথাৰত এই ৰোগ দেখা দিলে যদি নিয়ন্ত্ৰণ কৰিবলৈ ইচ্ছা কৰে তেন্তে ইন্দফিল্ এম্ ৪৫ নামৰ ঔষধ ২.৫ গ্ৰাম/লিটাৰ পানীত গুলি স্প্ৰে কৰিব পাৰে ৷

() টুংৰ ভাইৰাচ

কোনো কোনো বছৰত গ্ৰীষ্ম মণ্ডলৰ ধাননী পথাৰত টুংৰ ভাইৰাচৰ আক্ৰমণ বেছিকৈ হোৱা দেখা যায়৷

টুংৰ ভাইৰাচৰ আক্ৰমণৰ প্ৰথম লক্ষণ হ’ল গছবোৰৰ উচ্চতা অস্বাভাৱিক ভাবে কম হয় আৰু আক্ৰান্ত গছবোৰৰ পৰা খুব কম পৰিমাণে পোখা ওলায়৷ ইয়াৰ পিচত পুৰঠ পাত বোৰত এই ৰোগৰ লক্ষণে দেখা দিয়ে৷ পুৰঠ পাতত ৰোগৰ লক্ষণ প্ৰথমে পাতৰ আগৰ পৰা আৰম্ভ হয়৷ প্ৰথমতে পাতৰ ৰং সেউজীয়াৰ পৰা পাতল হালধীয়া আৰু তাৰ পিচত এই ৰং কমলা হালধীয়াৰ পৰা মূগা হালধীয়া হয়৷ কুমলীয়া পাতৰ হালধীয়া ৰঙৰ মাজে মাজে শিৰাৰ সমান্তৰাল ভাৱে নানা দীঘৰ সেউজীয়াৰ পৰা বগা আঁচ দেখা যায়৷ নতুন পাত ওলাওঁতে পত্ৰ আৱৰণীয়ে বাধা দিয়াৰ কাৰণে পাতবোৰ সামান্যভাবে পাকখোৱা বা মেৰখোৱা অৱস্হাত থাকে৷

আক্ৰান্ত গছবোৰ বুঢ়া নোহোৱা পৰ্য্যন্ত বাচি থাকে৷ ৰোগাক্ৰান্ত গছত ঠোক পলমকৈ ওলোৱাৰ বাবে ধান দেৰীকৈ পুৰঠ হয় ধানৰ শিহবোৰ চুটি চুটি, প্ৰায়ে পতান হয় আৰু পত্ৰ আৱৰণী ভেদ কৰি সম্পূৰ্ণ ওলাব নোৱাৰে৷

ধানৰ টুংৰ ভাইৰাচ ৰোগৰ লক্ষণৰ লগত পুষ্টিহীনতা ৰোগৰ বহুতো সাদৃশ্য আছে, বিশেষকৈ পটাচ হীনতা ৰোগৰ সৈতে ৷ ধাননী পথাৰখন পুষ্টি হীনতা ৰোগত ভুগিছেনে টুংৰ ভাইৰাচ ৰোগত ভুগিছে এইটো ঠিৰাং কৰিবৰ বাবে ধাননীখন প্ৰথমৰ পৰা ভালকৈ লক্ষ্য কৰিব লাগিব ৷ পুষ্টি হীনতা ৰোগত ভুগি পাতৰ ৰং সলনি হ’লে গোটেই পথাৰখনতে সমভাৱে হোৱা দেখা যাব, চেলেকা চুবুৰীয়াকৈ নহয় ৷ আনহাতে টুংৰ ভাইৰাচ ৰোগে আক্ৰমণ কৰিলে ধানৰ পাতৰ ৰং সলনি হোৱাটো প্ৰথমতে পথাৰখনত অ’ত ত’ত চেগা চোৰোকাকৈহে দেখা যাব আৰু তাৰ পিচতহে অন্য ঠাইত দেখা যাব ৷ লগতে টুংৰ ভাইৰাচৰ ক্ষেত্ৰত আক্ৰান্ত পথাৰত সেউজীয়া চগা পোকৰ অৱস্থান, অস্বাভাৱিক ভাবে গছৰ চাপৰ হৈ থকা আৰু অতি কম পোখা মেলাৰ কথা কিটাও সন্নিবিষ্ট হৈ থাকে৷

প্ৰতিকাৰ

১)পথাৰখনত দুই এজোপা টুংৰ ভাইৰাচৰ দ্বাৰা আক্ৰান্ত গছ দেখিলেই উভালি আনি পুতি পেলাব লাগে৷

এই টুংৰ ভাইৰাচ বিধ আক্ৰান্ত গছৰ পৰা কাষৰ নিৰোগী গছলৈ Nephotettix malayanus, N. migropictus, N. parvus, N. virescens, Zigzag leaf hopper আদি কেইবাবিধো চগাই বিয়পাব পাৰে৷ আক্ৰান্ত গছৰ ৰস সুহি এই চগাবোৰে নিৰোগী গছৰ পৰা ৰস সুহিলেই ৰোগটো নিৰোগী গছলৈ বিয়পে৷ সেই কাৰণে ওপৰোক্ত চগাবোৰে যাতে এইৰোগ বিয়পাব নোৱাৰে তাৰ বাবে ইহঁতক নিয়ন্ত্ৰণত ৰাখিবলৈ Chloropyriphos 20 E.C. জাতীয় ঔষধ যেনে : ডাৰ্চবেন, কোৰাবান, ডাৰমেট আদিৰ যেই কোনো এটা ঔষধৰ ২.৫ মি:লি:/ লিটাৰ পানীত মিহলাই বিঘাই প্ৰতি ৫০-৬০ লিটাৰ মিশ্ৰণ ছটিয়াব লাগে৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
2.98529411765
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top