মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / ধানৰ মজা খোৱা পোক নিয়ন্ত্ৰণৰ পৰিৱেশ অনুকূল প্ৰযুক্তি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ধানৰ মজা খোৱা পোক নিয়ন্ত্ৰণৰ পৰিৱেশ অনুকূল প্ৰযুক্তি

ধানৰ মজা খোৱা পোক নিয়ন্ত্ৰণৰ পৰিৱেশ অনুকূল প্ৰযুক্তিৰ বিষয়ে লিখা হৈছে ।

ভাৰতবৰ্ষৰ কৃষকসকলে ধান খেতিত অনিষ্টকাৰী কীট-পতংগৰ বাবে ৪০ শতাংশ পৰ্যন্ত লোকচান ভৰিবলগীয়া হয় । ধান খেতিৰ অনিষ্টকাৰী কীট-পতংগসমূহৰ ভিতৰত মজা খোৱা পোকবিধে ৩-৯৫ শতাংশ পৰ্যন্ত ক্ষতিসাধন কৰে । মজা খোৱা পোক প্ৰতিৰোধী উৎকৃষ্ট জিনৰ অভাৱৰ বাবে বিজ্ঞানীসকলেও উন্নত প্ৰতিৰোধী জাত উদ্ভাৱন কৰাত সম্পূৰ্নৰুপে সফল হ’ব পৰা নাই । কৃষকসকলেও অধিক উৎপাদনৰ স্বাৰ্থত বিভিন্ন ৰাসায়নিক কীটনাশক প্ৰয়োগেৰে এই অনিষ্টকাৰী পোকবিধ নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হৈছে । কীটনাশকসমূহে উপকাৰী কীট-পতংগ, উদ্ভিদ আৰু জীৱ-জন্তুৰ ওপৰত কু-প্ৰভাৱ পেলাই জৈৱ-বৈচিত্ৰ্য আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি আনিছে । এই কু-প্ৰভাৱবোৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষিবিজ্ঞানীসকলে ৰাসায়নিক কীটনাশকৰ বিকল্পৰ সন্ধানত অহৰহ গৱেষণা চলাই আছে ।

এনেবোৰ গৱেষণাৰ সুফল হিচাপে পৰিৱেশ অনুকূল প্ৰযুক্তি ফেৰ’মন ফান্দৰ ব্যৱহাৰ সফলভাৱে কৃষকৰ পথাৰত প্ৰয়োগ কৰা হৈছে ।

ফেৰ’মন কি ?

মাইকী পখিলাই মতা পখিলাক আকৰ্ষণ কৰাৰ বাবে এক বা ততোধিক ৰাসায়নিক পদাৰ্থ নি:সৰণ কৰে । এই পদাৰ্থবোৰক ফেৰ’মন নামেৰে জনা যায় । কীট-পতংগৰ বংশবৃদ্ধিৰ বাবে ফেৰ’মনসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ফেৰ’মনসমূহৰ মূল বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি কৃষিবিজ্ঞানীসকলে বিভিন্ন গৱেষণাৰ দ্বাৰা অনিষ্টকাৰী কীট-পতংগবোৰৰ বংশবৃদ্ধিত বাধা দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে ।

ফেৰ’মন ফান্দ ব্যৱহাৰ কৰি এটা নিৰ্দিষ্ট সময়ত বন্দী হোৱা মতা পখিলাৰ সংখ্যা অধ্যয়ন কৰি পোকটোৱে ভৱিষ্যতে কৰিব পৰা আক্ৰমণৰ প্ৰাবল্য নিৰ্ধাৰণ কৰিব পাৰি ।এই অধ্যয়নৰ সহায়ত পোকটোৰ সম্ভাব্য আক্ৰমণ ৰোধ কৰিবলৈ কৃষকে আগতীয়াকৈ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে । অন্য এক পদ্ধতিত ফেৰ’মন ফান্দত মতা পখিলাবোৰক আকৰ্ষিত কৰি ৰাসায়নিক কীটনাশকৰ দ্বাৰা পখিলাবোৰ মাৰি পেলোৱা হয় । ইয়াৰ দ্বাৰা প্ৰজনন প্ৰক্ৰিয়াত বাধা আৰোপ কৰি অনিষ্টকাৰী পোক নিয়ন্ত্ৰণ কৰা হয় ।

ফেৰ’মনৰ আধুনিক গৱেষণাই প্ৰযুক্তিটোত নতুন সংস্কৰণ সংযোজিত কৰিছে । অট’ কনফিউজন প্ৰযুক্তিত ফেৰ’মনৰ টোপটো বৈদ্যুতিক আধানসম্পন্ন মমৰ গুড়িৰ লগত মিহলাই লোৱা হয় । মতা পখিলাবোৰে ফেৰ’মনৰ টোপৰ ফালে আকৰ্ষিত হৈ টোপটোত পৰাৰ লগে লগে পখিলাটোৰ গাত মমৰ গুড়িৰ লগত ফেৰ’মনবিধ লাগি ধৰে । অন্য মতা পখিলায়ো ফেৰ’মন লাগি থকা মতা পখিলাবোৰক মাইকী পখিলা বুলি ভুল কৰি মিলনৰ বাবে স্পৰ্শ কৰাৰ লগে লগে ফেৰ’মনবিধ নতুন পখিলাবোৰৰ গাত লাগি ধৰে । এইদৰে মতা পখিলাবোৰে কৃত্ৰিম ফেৰ’মনযুক্ত হৈ গোটেই অঞ্চলটোতে বিভ্ৰান্তিৰ সৃষ্টি কৰি প্ৰজননত ব্যাঘাত ঘটাব আৰু পোকবিধ আপোনা-আপুনি নিয়ন্ত্ৰণলৈ আহিব ।

ধানৰ মজা খোৱা পোক নিয়ন্ত্ৰণত ফেৰ’মনৰ  ব্যৱহাৰ -

  • ফেৰ’মন ফান্দ ব্যৱহাৰ কৰি ধানৰ মজা খোৱা পোকৰ পৰা হ’ব পৰা লোকচানৰ পৰিমাণ আগতীয়াকৈ নিৰ্ধাৰণ কৰিব পাৰি । উদাহৰণস্বৰুপে প্ৰতিটো ফান্দত প্ৰতি সপ্তাহত ৩০ টা বা ততোধিক মজা খোৱা পোকৰ মতা পখিলা আবদ্ধ হ’লে ৰাসায়নিক কীটনাশক প্ৰয়োগৰ আৱশ্যক হৈ পৰে । এইদৰে সঠিক সময়ত মজা খোৱা পোক নিয়ন্ত্ৰণ কৰিবলৈ কীটনাশকৰ প্ৰয়োজনীয়তাৰ আভাস ফেৰ’মন ফান্দে দিব পাৰে ।
  • প্ৰতি বিঘা মাটিত তিনিটাকৈ ফেৰ’মন ফান্দ ব্যৱহাৰ কৰি অতি কম খৰচতে ধানৰ মজা খোৱা পোক নিয়ন্ত্ৰণ কৰিব পাৰি । এই পদ্ধতিত প্ৰতিটো ফান্দতে ৫ মি:গ্ৰা:কৈ মজা খোৱা পোকৰ ফেৰ’মন টোপ ব্যৱহাৰ কৰা হয় । ফান্দত থকা টোপবোৰ তিনি সপ্তাহৰ মূৰে মূৰে আঁতৰাই নতুন টোপ সংস্থাপন কৰা হয় । ফেৰ’মনৰ আকৰ্ষণত মতা পখিলাবোৰ বন্দী হৈ ফান্দত থকা কীটনাশকৰ সংস্পৰ্শত আহি মৰি যায় । মতা পখিলাৰ সংখ্যা কমি যোৱাৰ ফলত মাইকী পখিলাবোৰে বংশ বৃদ্ধি কৰিব নোৱাৰে আৰু পোকবিধ নিয়ন্ত্ৰণ হয় । আজিকালি ফেৰ’মনৰ অট’কনফিউজন কৌশল ব্যৱহাৰ কৰিও ধানৰ মজা খোৱা পোক নিয়ন্ত্ৰণ কৰা হয় ।

পৰিৱেশ, পশুধন আৰু মানৱ স্বাস্থ্যৰ প্ৰতি ভাবুকি অনা ৰাসায়নিক কীটনাশকৰ বিকল্পৰ সন্ধানত কৃষি বিজ্ঞানীসকলৰ গৱেষণা অব্যাহত আছে । ধান খেতিৰ কীট-পতংগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ফেৰ’মন ফান্দৰ ব্যৱহাৰ দক্ষিণ ভাৰতৰ কৃষকৰ পথাৰত ইতিমধ্যে সফলতাৰে প্ৰয়োগ কৰা হৈছে । আমাৰ অসমৰ কৃষকসকলেও ধানখেতিৰ কীট-পতংগ নিয়ন্ত্ৰণ কৰিবলৈ ফেৰ’মন ফান্দৰ কথা চিন্তা কৰিব পাৰে । এই প্ৰযুক্তি ব্যৱহাৰৰ পদ্ধতিৰ বিষয়ে ভালদৰে জানিবলৈ কৃষকসকলে জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব পাৰে ।

উৎস :- অসমীয়া খবৰ

3.28571428571
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top