মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / নাৰ্জীফুলৰ ফান্দত বিলাহীৰ অনিষ্টকাৰী কীট-পতংগ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নাৰ্জীফুলৰ ফান্দত বিলাহীৰ অনিষ্টকাৰী কীট-পতংগ

বিলাহী খেতিৰ মাজত নাৰ্জী পুলিৰ ৰোপণ প্ৰ্ণালী

বিলাহী হৈছে আটাইতকৈ গুৰত্বপূৰ্ণ পাচলি তাৰোপৰি ইয়াত অত্যাধিক পৰিমাণৰ ভিটামিন 'চি' থকাৰ বাবে মানৱ দেহৰ বিভিন্ন ৰোগত ব্যৱহাৰ কৰা দেখা যায়। তাৰোপৰি চৰ্ম ৰোগৰ বাবে অতি উপকাৰী। অসমৰ পৰিৱেশত এই খেতিত বিভিন্ন ৰোগৰ উপৰিও অত্যাধিক পৰিমাণে কীট-পতংগই আক্ৰ্মণ কৰে। কীট-পতংগৰ আক্ৰ্মণ্ৰ বাবেই ভাৰতবৰ্ষত কমেও ৫-৮০ শতাংশ বিলাহী খেতি অনিষ্টসাধন কৰা দেখা গৈছে। সেইবাবেই খেতিয়ক সকলে কীট-পতংগ নিয়ন্ত্ৰৰ বাবে অত্যাধিক পৰিমানৰ কীটনাশক ঔষধ প্ৰয়োগ কৰে। ই মানৱ শৰীৰ বাবে অপকাৰিতা লগতে ইয়াৰ দ্বাৰা বিলাহীৰ গুণাগুণ আৰু খেতি মাটিৰ অনিষ্ট কৰে। অত্যাধিক পৰিমাণৰ প্ৰয়োগৰ ফলত এটা সময়ত কীটনাশক বিলাক কীট-পতংগৰ প্ৰ্তিবন্ধক হিচাপে দেখা দিয়ে, ই অতি ভয়ানক কিয়নো এটা সময়ত কীটনাাশক বোৰে কীট-পতংগক নিয়ন্ত্ৰ্ণ কৰিব নোৱাৰা হৈ পৰে। সেই গতিকে প্ৰাকৃতিক ভাৱে কীট-পতংগ নিয়ন্ত্ৰ্ণ কৰাতো অতি দৰকাৰী। উপৰোক্ত কথাবিলাকৰ মনত ৰাখিয়ে আমি কীত-পতংগৰ নিয়ন্ত্ৰৰ ক্ষেত্ৰ্ত খেতিয়ক সকলে মূলপথাৰত বিলাহীৰ অন্তৱতী হিচাপে নাৰ্জী ফুলৰ খেতি কৰাতো অতি প্ৰয়োজনীয়। ইয়াৰদ্বাৰা কীত-পতংগ বিলাকে বিলাহী গছত আক্ৰ্মণ কৰাৰ পৰিৱৰ্ততে নাৰ্জী ফুলক আক্ৰ্মণ কৰিব। এনকৈয়ে আামি প্ৰাকৃতিক ভাৱে কীত-পতংগৰ আক্ৰ্মণৰ পৰা ৰক্ষা পাব পাৰি। ই হৈছে আদৰ্শগত বৈজ্ঞানিক কৃষি পদ্ধতি। ইয়াৰ দ্বাৰা খেতিয়ক সকলে অতি কম খৰছতে অধিক সুফল লাভ কৰিব পাৰে।

বিলাহী খেতিৰ মাজত নাৰ্জী পুলিৰ ৰোপণ প্ৰ্ণালী:

ক। মূল পথাৰত বিলাহীপুলি ৰোৱাৰ থিক ১৫-২০ দিন মানৰ আগতে নাৰ্জীফুলৰ পুলিবিলাক ৰোপন কৰিব লাগে যাতে কীত-পতংগবোৰে নাৰ্জী ফুলক আক্ৰ্মণ কৰি বিলাহী পুলিবিলাকক ৰক্ষা কৰিব পাৰে।

খ। নাৰ্জীফুলৰ পুলি ৰূপন কৰা অনুপাত ক্ৰমে এটা শাৰী নাৰ্জীফুলৰ বিপৰতীতে ১০-১৫ শাৰী বিলাহী পুলি ৰূপন কৰিব পৰা যায়। তাৰপৰি নাৰ্জী ফুল বিক্ৰী কৰিও উপাজন কৰিব পৰা যায়।

যুগুতালেঃ

মনোজ গগৈ (Monuj Gogoi)

পি.এইচ.ডি. ছাত্ৰ

উদ্ভিদ ৰোগ বিজ্ঞান বিভাগ

অসম কৃষি বিশ্ববিদ্যালয়।

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top