মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / পতংগৰ আক্ৰমণৰ পৰা গ্ৰীষ্মকালীন পাচলিৰ সুৰক্ষা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পতংগৰ আক্ৰমণৰ পৰা গ্ৰীষ্মকালীন পাচলিৰ সুৰক্ষা

পতংগৰ আক্ৰমণৰ পৰা গ্ৰীষ্মকালীন পাচলিৰ সুৰক্ষাৰ বিষয়ে লিখা হৈছে

আমাৰ দৈনন্দিন খাদ্য তালিকাত শাক-পাচলিৰ এক অতি গুৰুত্বপূৰ্ণ স্থান আছে৷ শাক-পাচলিৰ পৰাই আমাৰ দেহৰ বাবে অত্যাৱশ্যকীয় বিভিন্ন ভিটামিন, মাংসসাৰ, শ্বেতসাৰ, লৌহপদাৰ্থ আদি আহৰণ কৰো৷ শাক-পাচলিৰ খেতিক ঋতু অনুযায়ী প্ৰধানকৈ গ্ৰীষ্ম আৰু শীতকালীন এই দুভাগত ভাগ কৰা হয়৷ আমি আদিৰ আলোচনাত গ্ৰীষ্মকালীন শাক-পাচলিৰ পোক-পতংগ নিয়ন্ত্ৰণৰ বিভিন্ন দিশসমূহ আলোচনা কৰিম৷ গ্ৰীষ্মকালীন শাক-পাচলি বুলিলে লাওজাতীয় পাচলি বিশেষকৈ জাতিলাও, ৰঙালাও, জিকা, কোমোৰা, ভোল, তিতাকেৰেলা, ভাতকেৰেলা ,চিৰাল, ধুন্দুলি আৰু কুন্দলিৰ লগতে ভেণ্ডি, তিয়হ, লেচেৰা, পটল, মৰিছা আদিয়েই প্ৰধান৷

গ্ৰীষ্মকালীন শাক-পাচলিৰ প্ৰধান অনিষ্টকাৰী পোক সমূহঃ


(১) মোৱাপোক: লেচেৰা মাহত মোৱাপোকৰ আক্ৰমণ সৰ্বজনবিদিত৷ জলকীয়া, ফ্ৰেন্সবিন আদিৰ বাবেও ই ক্ষতিকাৰক৷ মোৱাপোক দেখিবলৈ ওকনিৰ নিচিনা৷ দেহৰ বৰণ পাতল সেউজীয়া বা কজলা বৰণৰ৷ পূৰ্ণাংগ আৰু পলু উভয়েই শস্যৰ কুমলীয়া পাত, গা-গছ, ফুল আৰু নতুনকৈ আৰম্ভ হোৱা ছেইবোৰৰ গাত লাগি থাকি ৰস শোষণ কৰে ৷ পোকৰ আক্ৰমণ বেছি হ’লে পাতবিলাক কোঁচখাই কেকোৰা-কেকুৰী হৈ পৰে৷ পুলি অৱস্থাত আক্ৰমণ কৰিলে গছবিলাক শুকাই যায়, ইপিনে ফুলত আক্ৰমণ কৰিলে ফুল শুকাই যায় আৰু ফুলৰ পৰা ছেই উৎপন্ন নহয়৷ আনহাতে নতুনকৈ ওলোৱা ছেইত আক্ৰমণ কৰিলে ছেঁইত গুটি পুৰঠ নহয়৷ মোৱাপোকে নিঃসৰণ কৰা মৌৰস জাতীয় এবিধ ৰসৰ ওপৰত কলা ভেঁকুৰ জাতীয় বস্তুৱে গা কৰি উঠাৰ ফলত আক্ৰমণ কৰা গছৰ সেউজীয়া অংশ ঢাকি ধৰে আৰু ফলত গছৰ বাঢ়ন ক্ষমতা লোপ পায়৷
(২) চগা বা শোহণি পোক (Jassid) : ভেন্দি, বেঙেনা আদি শস্যৰ বাবে চগা এক অতি গুৰুত্বপূৰ্ণ পতংগ৷ গৰমকালি চগাৰ বৰণ ঈষৎ হালধীয়া আৰু জাৰকালি পাতল ৰঙচুৱা বৰণৰ হয়৷ অপৈনত চগাবোৰ পাতৰ তলতে লাগি থাকে, যিহেতু ইঁহতৰ গাত পাখি নাথাকে৷ কিন্তু পূৰ্ণাংগ চগাবোৰ এজোপা গছৰ পৰা আন এজোপালৈ জাপ মাৰি যায়৷ চগাৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৩ মিঃমিঃ৷ পূৰ্ণাংগ আৰু অপৈনত উভয়ে শস্যৰ পাতৰ ৰস শোষণ কৰিাৰ ফলত আক্ৰান্ত পাতবোৰ হালধীয়া হৈ শেষত মূগা বা ইটা বৰণীয়া হৈ যায়৷ প্ৰচূৰ ৰস শোহাৰ ফলত পাতবোৰ তলমূৱাকৈ মেৰ খাই যায় আৰু পাছত শুকাই সৰি পৰে৷ লাহে লাহে গছবোৰ বাঢ়িব নোৱৰা হয় আৰু উৎপাদনো যথেষ্ট হ্ৰাস পায়৷ পিয়াঁজৰ ক্ষেত্ৰত পোকৰ আক্ৰমণৰ বাবে পাতবোৰৰ ৰং ৰূপালী বৰণৰ হৈ পৰে৷ পিছলৈ পাতবিলাক শুকাই কেকুৰা-কেকুৰী হৈ পৰে৷
(৩) বগা মাখি বা হোৱাইট ফ্লাই (White fly): পাচলি জাতীয় শস্যৰ বাবে বগামাখি এবিধ অত্যন্ত অনিষ্টকাৰী পতংগ৷ চগাৰ লেখিয়াকৈ পৈনত আৰু অপৈনত উভয়ে পাতৰ ৰস শোহি খায়৷ অৱশ্যে, জাৰকালি ইয়াৰ উপদ্ৰৱ গৰমকালিতকৈ বেছি৷ পূৰ্ণাংগ অৱস্থাত ইঁহত ১-১.৫ মিঃমিঃ দীঘল৷ গাত লাগি থকা পাখি দুখন ঢকঢকূয়া বগা৷ অপৈনত অৱস্থাত ইঁহত মোৱা পোকটোৰ নিচিনাকৈ শেঁতা হালধীয়া৷ ইঁহত পাতৰ তলফালে একগোট হৈ থাকে৷ পাতৰ ৰস শুহি খোৱাৰ বাবে আক্ৰান্ত পাতবিলাকত প্ৰথমে সৰু সৰু শেঁতা দাগ কিছুমান দেখিবলৈ পোৱা যায়৷ পিছলৈ এই দাগবোৰ আকাৰত বাঢ়ি হালধীয়া বৰণৰ হয়৷ আক্ৰমণ বেছি হ’লে পাতত কেৱল মাথো শিৰাবিলাকহে সেউজীয়া হৈ থাকে৷ চগাৰ দৰে এই পোকেও পাতত নিঃসৰণ কৰা ৰসত এবিধ ভেঁকুৰ উৎপন্ন হৈ গছৰ খাদ্য প্ৰস্তুত কৰা প্ৰণালীত ব্যাঘাট জন্মায়৷ সাধাৰণতে, বগা মাখিয়ে গছৰ “মোজাইক” নামৰ বেমাৰ এবিধৰ বাহক হিচাপে কাম কৰে৷
(৪) ফ্লি-বিটল বা পাত ফুটা কৰা পোক (Flea beetle): এই পোকে লাওজাতীয় শস্যৰ পুলি আৱস্থাত কুমলীয়া পাতবোৰ সৰু ছিদ্ৰৰ লেখিয়াকৈ ফুটাই অনিষ্ট কৰে৷ ইহতৰ পৈনত আৰু অপৈণত দুয়োটা স্তৰেই শস্যৰ ক্ষতি কৰে৷ পূৰ্ণাংগ পোকবোৰ দীঘে প্ৰায় ২ মি.মি., গাৰ বৰণ ঈষৎ নীলা বা কজলা বৰণৰ হয় আৰু এজোপা গছৰ পৰা আনজোপালৈ অনায়াসে উৰি যাব পাৰে৷ পাতত ফটা কৰাৰ ফলত সালোক সংশ্লেষণ বাধাপ্ৰাপ্ত হয় আৰু পুলিবিলাক লেৰেলী যায়৷
(৫) ফুটুকী পোক বা এপিলেকনা বিটল (Epilachna beetle): বেঙেনা জিকা, তিয়হ তথা অন্যান্য লাওজাতীয় শস্যৰ ই এক অতি গুৰুত্বপূৰ্ণ পোক৷ ইয়াৰ পূৰ্ণাংগ আৰু পলু উভয়েই একোখিলা পাতৰ দুইপিঠিৰ সেউজীয়া অংশ খাদ্যৰূপে গ্ৰহণ কৰাৰ পৰিণতিত পাতখন চালনিৰ দৰে হয় আৰু মাত্ৰ সিৰাবোৰহে ৰয়গৈ৷ ইয়াৰ আক্ৰমণ ফলত উদ্ভিদৰ বাহন আৰু লাগন ক্ষমতা হ্ৰাস হয়৷ এই পোকৰ পূৰ্ণাংগবোৰৰ বকলাখন লেতেৰা ৰঙা বৰণৰ আৰু হালধীয়া পলুবিলাকৰ গাটো শুঙেৰে আবৃত হয় লগতে পাতৰ তলৰফালে আশ্ৰয় লোৱা পৰিলক্ষিত হয়৷ পূৰ্ণাংগ পতংগবোৰ এজোপা গছৰ পৰা আনজোপালৈ অতি সহজে উৰি যাব পাৰে৷
(৬) বৰলীয়া পোক (Fruit fly): ভাতকেৰেলা, তিতাকেৰেলা, জিকা, জাতিলাও, ৰঙালাও, তিয়হ আদি শস্যৰ বাবে এই পোকবিধ অত্যন্ত ক্ষতিকাৰী৷ পূৰ্ণাংগ পোকবোৰ দেখাত মৌমাখিৰ নিচিনা, গাৰ বৰণ ৰঙা-মুগা তথা দেহৰ পিছফালে এডাল জোঙা শুং থাকে৷ মাইকী বৰলীয়া পোকে লাওজাতীয় শস্যৰ কুমলীয়া ফলবিলাকত সৰু সৰু গাঁত কৰি কণী পাৰে আৰু প্ৰথমাৱস্থাত ইয়াৰ আক্ৰমণ পৰিলক্ষিত নহয়৷ কনী ফুটি পলু সৃষ্টি হৈ ফলৰ শাঁহ অংশ খাই সুৰংগ কৰি ভিতৰ ভাগলৈ গৈ থাকে৷ পলুৰ আক্ৰমণ অধিক হ’লে ফলবোৰ গেলি পনীয়া হৈ পৰে৷ ফলৰ শাঁহ অংশ সম্পূৰ্ণৰূপে খোৱাৰ ফলত কেতিয়াবা মাত্ৰ বাকলিখনহে থাকেগৈ৷ কেৰেলাৰ ক্ষেত্ৰত পোকৰ আক্ৰমণৰ ফলত ফলবোৰ ৰঙা পৰি সৰি যায়৷ লাও, তিয়হ, জিকা আদিৰ ক্ষেত্ৰত পোকে কনী পৰা অংশ বেকা আৰু মেটুকা- মেটুকী হয়৷ গোটেই বছৰ সক্ৰিয় যদিও জুলাই-আগষ্ট মাহত ইয়াৰ উপদ্ৰৱ অধিক হয়৷
(৭) গছৰ আগ আৰু ফল বিন্ধা পোক (Shoot and fruit borer): বেঙেনা আৰু ভেন্দি গছত এই পখিলাজাতীয় পোকবিধৰ আক্ৰমণ পৰিলক্ষিত হয়৷ যদিও দুইবিধ শস্যৰ আক্ৰমণকাৰী পতংগৰ প্ৰজাতি ভিন্ন তত্ৰাচ ইহতৰ অনিষ্টকাৰী প্ৰক্ৰিয়া কম-বেছি পৰিমানে একে৷ বেঙেনাৰ ক্ষেত্ৰত অনিষ্টকাৰী পলুৰ সৰু অৱস্থাত বগা আৰু ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ লগে লগে পাতল ৰঙা বা গুলপীয়া হৈ পৰে৷ পলুৱে কুমলীয়া পাতৰ ঠাৰি বা গা-গছৰ কাষেদি ফুটা কৰি ভিতৰলৈ সোমাই গা-গছৰ ভিতৰৰ কোমল অংশ পৰ্যায়ক্ৰমে খাই পেলোৱাৰ বাবে প্ৰথমে আক্ৰান্ত পাতৰ সৈতে গা-গছৰ ঠাৰিডাল শুকাই লেৰেলি যায়৷ পুলি অৱস্থাত আক্ৰমণ কৰিলে গছৰ আগ অংশ শুকাই যোৱাৰ ফলত গোচেই গছজোপা মৰি যোৱা দেখা যায়৷ অৱশ্যে পূৰঠ গছত পোকে আক্ৰমণ কৰিলে গছৰ আগ অংশ মৰি গলেও গছজোপা মৰি নাযায় কিন্তু গছৰ ফল নধৰে বা কমকৈ ধৰে৷ গছত বেঙেনা লাগিলে পলুৱে গা-গছতকৈ বেঙেনাতহে আক্ৰমণ বেছিকৈ কৰে৷ আক্ৰান্ত বেঙেনাবোৰ বাহিৰৰ পৰা চালে ধৰিব নোৱাৰে, কাটি চালেহে ভিতৰৰ পলু দেখা যায়৷ পলুৱে বেঙেনাৰ ভিতৰৰ শাঁহ অংশ খাই সুৰংগ কৰাৰ ফলত ই মানৱ খাদ্যৰ অনুপযোগী হৈ পৰে৷ বেঙেনাৰ ভিতৰৰ পলু লেটা হবলৈ ফুটা কৰি যেতিয়া বাহিৰলৈ ওলাই , তেতিয়াহে বাহিৰৰ পৰা বেঙেনাবোৰ আক্ৰান্ত হৈছে বুলি ধৰিব পাৰি৷

 

ভেন্দিৰ ক্ষেত্ৰত এই পোকবিধে বেঙেনা গছৰ নিচিনাকৈয়ে গছৰ আক্ৰমণ কৰে ফলস্বৰূপে আক্ৰান্ত গছৰ আগটো লেৰেলি শুকাই যায়৷ আক্ৰান্ত কৰা ভেন্দিবিলাক পলুৱে ফুটা কৰি ভিতৰলৈ সোমাই যোৱা ঠাইতে বেঁকা হৈ পৰে৷ পোকে অনিষ্ট কৰা ভেন্দিবিলাক খোৱাৰ বাবে অনুপযোগী হয়৷ ভাৰতৰ আন প্ৰদেশৰ তুলনাত এই পোকৰ আক্ৰমণ এসমত বেছি৷

কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় দিহাঃ


(১) পাচলিশস্য ৰোপনৰ পূৰ্বেই মাটিডোখৰ ভালদৰে চহাই লোৱা আৱশ্যক ৷ ইয়াৰ ফলত মাটিৰ তলত আশ্ৰয় লৈ থকা, পলু বা লেটা স্তৰৰ কীট-পতংগক পৰভোজী জীৱৰ দ্বাৰা ধ্বংস কৰিব পাৰি৷
(২) কীট- পতংগৰ আক্ৰমণ ৰোধ কৰিবলৈ সক্ষম জাত নিৰ্বাচন কৰি খেতি কৰা উচিত৷
(৩) পাচলি বাগিচা খনৰ পৰা আৰম্ভণি অৱস্থাত কীট-পতংগই আক্ৰমণ কৰা পুলি বোৰ উভালি নিৰাপদ স্থানত পুৰি বা পুতি পেলালে কীট-পতংগৰ বংশ বৃদ্ধি ৰোধ হয়৷
(৪) পাচলি জাতীয় শস্যৰ বাবে প্ৰয়োজনীয় সাৰ-জাৱৰ সঠিক মাত্ৰাত সঠিক সময়ত প্ৰয়োগ কৰিলে শস্যৰ শ্ৰীবৃদ্ধি ঘটে আৰু কীট-পতংগৰ আক্ৰমণৰ বিৰুদ্ধে উদ্ভিদজোপাই প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবলৈ সক্ষম হয়৷ মাত্ৰাধিক নাইট্ৰোজেনযুক্ত সাৰে কীট- পতংগৰ আক্ৰমণ বৃদ্ধি কৰাৰ বিপৰীতে পটাছ সাৰ প্ৰয়োগে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷
(৫) শস্যাৱৰ্তনৰ যোগেদিও কীট- পতংগৰ আক্ৰমণ হ্ৰাস কৰিব পাৰি৷

কীট-পতংগৰ আক্ৰমণৰ প্ৰতিকাৰঃ


পতংগৰ আক্ৰমণৰ পৰা সকাহ পাবলৈ নিম্নোক্ত পৰিচৰ্যাখিনি অতি প্ৰয়োজনীয়
(ক) পাচলিগছৰ পাতেই হওক বা আন অংশই হওক, দেখাৰ লগে লগেই যথাসম্ভৱ প্ৰাপ্তবয়স্ক পতংগ বা পলু বা ডিম্ব আৰু প্ৰয়োজন সাপেক্ষে লেটা সংগ্ৰহ কৰি ধ্বংস কৰিব লাগে৷
(খ) বৰলীয়া পোকেৰ গাভিনী মাইকীজনীয়ে লাওজাতীয় ফলত ডিম্ব প্ৰসৱ কৰে আৰু ইয়াৰ পূৰ্ণাংগবোৰে ফলৰ ৰস, ফুলৰ নিৰ্যাস, চৰাইৰ বিষ্ঠা আদিক খাদ্যৰূপে গ্ৰহণ কৰি খেতিৰ কাষত থকা বিভিন্ন অপতৃনবোৰত আশ্ৰয় লয়৷ গতিকে অপতৃন সমূহ নিৰাই পৰিষ্কাৰ কৰি ৰখা অতি প্ৰয়োজনীয়৷ হেদালিৰ কাষত ফেৰমন ফান্দ (কিউ লিউৰ বা মিথাইল ইউগিনল যুক্ত) স্থাপন কৰি সুফল পাব পাৰি৷ ইয়াৰ বাবে প্ৰতিবিঘা মাটিত ৫ টাকৈ ফান্দ ব্যৱহাৰ কৰক৷
(গ) ভিনেগাৰ আৰু চেনিৰসৰ মিশ্ৰণ ঘটাই বৰলীয়া পোকৰ পূৰ্ণাংগবোৰক নিৰ্মূল কৰিব পাৰি৷
(ঘ) বৰলীয়া পোকৰ পলুৱে লাওজাতীয় ফলৰ শাঁহ অংশ খাই অনিষ্ট কৰা বাবে ফলটো গেলি সৰি মাটিত পৰে আৰু ভুমিৰ অভ্যন্তৰত লেটা সাজে৷ গতিকে আক্ৰান্ত ফল যাতে হেদালিৰ তলত বা ওচৰে পাজৰে নপৰে তাৰ বাবে ধ্যান দিব লাগে আৰু এইবোৰ দেখিলে বহু দূৰত নি পুৰি পেলাব লাগে৷
(ঙ) মাটিত বগোৱা লতাজাতীয় পাচলি (যেনেঃৰঙালাও)ক খেৰেৰে ঢাকি বৰলীয়া পোকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি৷
(চ) জেং গুজি চৰাইক আকৰ্ষিত কৰি পোক-পতংগৰ অপত্যস্তৰ বোৰ খাদ্যৰ ৰূপত গ্ৰহণ কৰিবলৈ সহায় কৰিও পতংগ নিয়ন্ত্ৰণৰ সহায়ক হয়৷
(ছ) মুৱাপোক বা শোহনিপোকক নিয়ন্ত্ৰণৰ বাবে হালধীয়া আঠাযুক্ত ফান্দ ব্যৱহাৰ কৰিব পাৰি ৷
(জ) বজাৰত উপলব্ধ বিউভেৰীয়া বেচিয়ানা নামৰ ভেকুৰ ছটিয়াই ৰেডপাম্পকিনবিটল ধ্বংস কৰিব পাৰি৷
(ঝ) ৰেড পাম্পকিন বিটলৰ নিয়ন্ত্ৰণৰ বাবে ক্ল’ৰপাইৰিফছ ১০০ গ্ৰাম প্ৰতিহেক্টৰ মাটিত প্ৰয়োগ কৰা উচিত৷
(ঞ) বৰলীয়া পোকৰ বিৰুদ্ধে ২ মিঃলিঃ মালাথিয়ন ৫০ ই.চি. আৰু ১০ গ্ৰাম গুড় প্ৰতি লিটাৰ পানীত মিহলাই এই দ্ৰৱনক লাওজাতীয় গছৰ পাতৰ তলপিঠিত ছটিয়াই সুফল পাব পাৰি৷ এই দ্ৰৱন মাটিচাকিত ভৰাই হেদালীৰ বিভিন্নস্থানত স্থাপন কৰিলেও যথেষ্ট সুফল পাব পাৰি৷
লেখক-ৰুদ্ৰ নাৰায়ণ বৰকাকতি

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top