মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / ফুলকবি-বন্ধাকবিৰ ঘোঁৰা পোক ৰোগ আৰু নিয়ন্ত্ৰণৰ উপায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ফুলকবি-বন্ধাকবিৰ ঘোঁৰা পোক ৰোগ আৰু নিয়ন্ত্ৰণৰ উপায়

ফুলকবি-বন্ধাকবিৰ ঘোঁৰা পোক ৰোগ আৰু নিয়ন্ত্ৰণৰ উপায়ৰ বিষয়ে লিখা হৈছে ।

কবিজাতীয় পাচলিত বিভিন্ন পোকে আৰম্ভ কৰে। ইয়াৰ মাজত এবিধ পোক হ’ল ঘোঁৰা পোক। ঘোঁৰা পোকে সাধাৰণতে কবিৰ পাত খায়। ফুলকবি আৰু বন্ধাকবিৰ পাতবোৰ ঘোঁৰাপোকে খায় যথেষ্ট ক্ষতি কৰে। পূৰ্ণবয়স্ক ঘোঁৰা পোকৰ মূৰ অংশটো ধূসৰ বাদামী ৰঙৰ। মাইকী পোকে এইবিধ পাচলিৰ পাতত একোটাকৈ কণী পাৰে। কণী ওপৰ অংশ মসৃণ আৰু সামান্য চেপেটা। তিনি দিনৰ ভিতৰত কণীৰ পৰা ওলায়। তাৰ পাছত সেই পোকটোৱে নিজৰ দেহৰ চৌপাশে ৰঙা ৰং বেৰ তৈয়াৰ কৰে। তেনে অৱস্থাতে সেই পোকটোৱে কবিজাতীয় পাচলিৰ ক্ষতি কৰে। বিশেষকৈ সেই পোকবিধে তেতিয়াৰ পাতটোৰ অগ্ৰাংশ খাই প্ৰায় পাতশূন্য কৰি পেলায়।

  • ফুলকবি,
  • বন্ধাকবি,
  • ওলকবিৰ বাহিৰেও
  • বীট,
  • বিলাহী,
  • আলু,
  • মটৰ,
  • চয়াবিন,
  • বাদাম,
  • পালেং শাক আদিও ঘোঁৰা পোকে খাই তহিলং কৰে।

ঘোঁৰা পোক নিয়ন্ত্ৰণৰ বাবে নিয়মিত পাচলিৰ পথাৰবোৰ পৰিদৰ্শন কৰাৰ লগতে পোকটোৰ কণী বা পোক দেখাৰ লগে লগে সেইবোৰ হাতেৰে সংগ্ৰহ কৰি আক্ৰান্ত পোকসমূহ নষ্ট কৰি পেলাব লাগে। পোকৰ দ্বাৰা আক্ৰান্ত পাতসমূহত বেচিলাছ থুৰিনঞ্জিয়েনছিছ ব্যৱহাৰ কৰিব পাৰে। এই কীটনাশকবিধ ব্যৱহাৰ কৰিলে পোক সহজে নমৰে যদিও পোকবোৰত অৰুচিৰ সৃষ্টি কৰে আৰু দুৰ্বল কৰি মাৰি পেলায়। যেতিয়া প্ৰতি দহজোপা পাচলিত একোটাকৈ পোক বা কণী দেখা যায়, তেতিয়াই ফেনিট্ৰ’থিয়ন অথবা চাইপাৰমেথ্ৰিনজাতীয় কীটনাশক ব্যৱহাৰ কৰিব লাগে। পাচলিৰ পথাৰৰ পৰা যিবোৰ গছত সাময়িকভাৱে সেই গছজোপা আঁতৰাই পেলাব লাগে। উল্লেখ্য যে ঘোঁৰা পোক প্ৰাকৃতিকভাৱে এইবিধ ৰোগত আক্ৰান্ত হৈ প্ৰথমে হালধীয়া আৰু ধূসৰ ৰঙৰ হৈ পৰে। সেই ৰোগত আক্ৰান্ত পোকটো সংগ্ৰহ কৰি পানী ছটিয়াই দিলে অন্যান্য পোকসমূহো সেই ৰোগত আক্ৰান্ত হৈ মৰি যায়। কবিজাতীয় ফচলৰ বীজ ৰোপণৰ সময়ত সঠিক দূৰত্ব বজাই ৰাখিব লাগে তেতিয়া এজোপা গছৰ পৰা আনজোপা গছত পোকে সহজে আক্ৰমণ কৰিব নোৱাৰে। আনকি ঔষধ ছটিয়াই দিয়াৰ সময়ত কবিৰ পাতৰ ওপৰ আৰু তলফালে ভালদৰে ঔষধ ছটিয়াব লাগে।

লেখক: মনজিৎ তালুকদাৰ(নিয়মীয়া বাৰ্তা)

2.42857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top