মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / বিলাহী খেতিৰ সমন্বিত কীট-পতংগ নিয়ন্ত্ৰণৰ ব্যৱস্থাপনা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিলাহী খেতিৰ সমন্বিত কীট-পতংগ নিয়ন্ত্ৰণৰ ব্যৱস্থাপনা :

বিলাহী খেতিৰ সমন্বিত কীট-পতংগ নিয়ন্ত্ৰণৰ ব্যৱস্থাপনাৰ বিষয়ে লিখা হৈছে ।

শীতকালীন শাক-পাচলিৰ ভিতৰত বিলাহী এবিধ উল্লেখনীয় পাচলি। অৱশ্যে আজি কালি বিলাহী গ্রীষ্মকালীনো পোৱা যায়। বিভিন্ন শাক-পাচলিৰ পৰাই আমি আমাৰ দেহৰ পৰিপুষ্টি আৰু গঠনৰ বাবে আৱশ্যক হোৱা প্রায়বোৰ লাগতিয়াল ভিটামিন, প্ৰ’টিন, শ্বেতসাৰ, লৌহ পদার্থ আদি আহৰণ কৰি লওঁ। তেনেদৰে বিলাহীতো পৰিমাণ অনুযায়ী পটাছিয়াম, খনিজ পদার্থৰ লগতে ভিটামিন ‘ক’ আৰু ‘খ’ থাকে। বিলাহীত বিভিন্ন পোকে আক্রমণ কৰা দেখা যায়। এই ক্ষেত্ৰত কৃষকসকলে অনিষ্টকাৰী কীট পতংগসমূহ সঠিক সময়ত নিৰাময় কৰিলে সুফল পাব পাৰি।

বিলাহীৰ প্ৰধান কীট-পতংগ -

ফল ফুটা কৰা পোক

পলুৱে প্ৰথম অৱস্থাত গছৰ পাতবোৰ খায় আৰু পিছত ফলটোত আক্রমণ কৰে।

বগা মাখি

বগা মাখিবিলাক পাতৰ তলফালে একগোট হৈ থাকি পাতৰ সৰ শুহি খোৱাৰ বাবে আক্রান্ত পাত বিলাকত প্রথমে সৰু সৰু শেতা দাগ কিছুমান দেখিবলৈ পোৱা যায়। পিছলৈ এই দাগবোৰ ঈষৎ হালধীয়া বৰণ হৈ যায়।

পাত সুৰংগী পোক

পলুৱে পাতবোৰ সুৰুঙা কৰি দিয়ে, বেছিকৈ আক্রমণ কৰাৰ পাছত পাতবোৰ শুকাই যোৱা দেখা যায়।

পাত ওকণী

অপৈণত আৰু পূৰ্ণাংগ উভয়ে পাতৰ ৰস শুহি খোৱাৰ ফলত লাহে লাহে পাতবোৰ ওপৰৰ ফালে মেৰ খাই যায়। আক্রমণ কৰা গছজোপাৰ পাতবোৰ সৰি যায়, সতেজ কলিবোৰ টান হৈ পৰি যায় আৰু গছৰ শ্ৰীবৃদ্ধি নোহোৱা হয়।

চাহী

অপৈণত আৰু পূৰ্ণাংগ দুয়োবিধে পাতৰ তলফালে খোৱা দেখা যায়, লাহে লাহে পাতবোৰ তলফালে মেৰ খাই, ওলোটা নাওখনৰ দৰে আকাৰ লয়।

কীট-পতংগৰ নিয়ন্ত্রণৰ ব্যৱস্থা -

১. খেতিডৰা শস্য সিঁচা বা পুলি ৰোৱা পূর্বে মাটিডোখৰ ভালদৰে চহাই মাটিৰ ওচৰে পাজৰে থকা বন-বাত ভালকৈ চিকুনাই ল’ব লাগে। এনে কৰিলে মাটিৰ তলত লেটা বান্ধি থকা বন-বাতত আশ্রয় লৈ থকা কীট-পতংগসমূহ কমি যায়।

২. কীট পতংগৰ আক্রমণ প্ৰতিৰোধী উচ্চ ক্ষমতাসম্পন্ন বীজৰ ব্যৱহাৰ কৰিব লাগে।

৩. বিলাহী খেতিত উপযুক্ত সময়ত সঠিক পৰিমাণৰ সাৰ-জাবৰ প্রয়োগ কৰিব লাগে।

৪. হালধীয়া আঠাযুক্ত ফান্দ ব্যৱহাৰ কৰি বগা মাখিৰ পৰা পৰিত্ৰাণ পাব পাৰি।

৫. খেতিৰ প্ৰথম আৰু শেষৰ শাৰীত নাজীফুল ৰোৱা উচিত। প্রতি ১৬ শাৰী বিলাহী পুলিৰ মাজে মাজে ওখ জাতৰ নাৰ্জীফুলৰ এটাকৈ শাৰী ৩০ দিনৰ পূর্বে ৰোপণ কৰিব লাগে। এনে কৰিলে ফল বিন্ধা কৰা পোকবিধ নাৰ্জীফুলৰ প্ৰতি আকৰ্ষিত হয়, ফলত গছজোপাই ৰক্ষা পায়।

৬. নিমজাতীয় কীটনাশক ঔষধ প্রয়োগ কৰিব পাৰি।

৭. ফুটছাই ব্যৱহাৰ কৰিও পাতখোৱা পতংগসমূহ নিয়ন্ত্ৰণ কৰিব পাৰি।

৮. “হেলিলিউৰ’ যুক্ত ফেৰলন ফান্দ ব্যৱহাৰ কৰিও গছজোপা আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি।

লেখিকা: সংঘমিত্ৰা শৰ্মা, দৈনিক জনমভূমি।

2.8275862069
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top