মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / বিলাহী, বেঙেনা আৰু জলকীয়াৰ বেক্টেৰীয়াজনিত গছ লেৰেলি যোৱা (উইল্ট) ৰোগ নিয়ন্ত্ৰণৰ বাবে জৈৱ-কীটনাশক চিউড’ম’নাচ ফ্লৰেন্স আৰু ট্ৰাইক’ডাৰমা প্ৰজাতি -
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিলাহী, বেঙেনা আৰু জলকীয়াৰ বেক্টেৰীয়াজনিত গছ লেৰেলি যোৱা (উইল্ট) ৰোগ নিয়ন্ত্ৰণৰ বাবে জৈৱ-কীটনাশক চিউড’ম’নাচ ফ্লৰেন্স আৰু ট্ৰাইক’ডাৰমা প্ৰজাতি -

বিলাহী, বেঙেনা আৰু জলকীয়াৰ বেক্টেৰীয়াজনিত গছ লেৰেলি যোৱা (উইল্ট) ৰোগ নিয়ন্ত্ৰণৰ বাবে জৈৱ-কীটনাশক চিউড’ম’নাচ ফ্লৰেন্স আৰু ট্ৰাইক’ডাৰমা প্ৰজাতিৰ বিষয়ে লিখা হৈছে ।

 

ভাৰতবৰ্ষত জৈৱিক পদ্ধতিগত সমন্বিত কীট-নিয়ন্ত্ৰণ ব্যৱস্থাত জৈৱ-নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জৈৱিক কীট-নাশকৰ ব্যৱহাৰ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈ আহিছে। শস্যৰ অপকাৰী কীট দমন আৰু শস্যডৰাৰ ক্ষতি হ্ৰাস কৰিবৰ বাবে বিভিন্ন পদ্ধতি আছে যদিও সহজে প্ৰয়োগ কৰিব পৰা কৃত্ৰিম ৰাসায়নিক দ্ৰব্যবোৰহে পচন্দ কৰে। কিন্তু সঘনাই এই ৰাসায়নিক দ্ৰব্যবোৰ ব্যৱহাৰ কৰাৰ ফলত কীটবোৰৰ সহ্যশক্তি বৃদ্ধি হৈছে, নতুন ৰূপত পুনৰ আবিৰ্ভাব, কীটনাশকৰ প্ৰতিৰোধী প্ৰজাতিৰ আবিৰ্ভাব আৰু শস্যত কীটনাশকৰ অৱস্থিতি ইত্যাদি বিসংগতিবোৰ হৈছে। তদুপৰি শস্যত বিষক্ৰিয়াৰ লগতে অপকাৰী কীটৰ প্ৰাকৃতিক শত্ৰ, আৰু অন্যান্য উপকাৰী কীটবোৰৰ ক্ষতিসাধন হৈছে।
অন্যহাতে, জৈৱিক নিয়ন্ত্ৰণৰ কৌশলবোৰ অৰ্থনৈতিকভাৱে লাভদায়ক, পৰিবেশ-প্ৰিয় আৰু উপযুক্ত। সাম্প্ৰতিক সময়ত জৈৱ-নিয়ন্ত্ৰণ ব্যৱস্থাই যথেষ্ট গুৰুত্ব লাভ কৰিছে। কিয়নো, মৃতজীৱী শত্ৰু অণুজীৱবোৰ আৰু প্ৰাকৃতিক শত্ৰু কীটবোৰৰ চাহিদা বৰ্তমান বৃদ্ধি হৈছে। সেইকাৰণে এই জৈৱিক কীটনাশকবোৰক সৰহীয়াকৈ বৃদ্ধি কৰি কৃষকে উপযুক্ত মূল্যত পোৱাৰ ব্যৱস্থা কৰিব লাগিব যাতে শস্যৰ প্ৰধান ৰোগ আৰু অনিষ্টকাৰী কীটৰ বিৰুদ্ধে এইবোৰ ব্যৱহাৰ কৰিব পাৰি। এইক্ষেত্ৰত, যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ে জৈৱ-কীটনাশকৰ গৱেষণা আৰু উৎকৰ্ষ সাধনত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে পৰিগণিত হৈছে। এই বিশ্ববিদ্যালয়ৰ শস্য ৰোগ বিজ্ঞান বিভাগ আৰু পতঙ্গ বিজ্ঞান বিভাগৰ জৈৱ-কীটনাশক কেন্দ্ৰত বিভিন্ন জৈৱ-নিয়ন্ত্ৰকবোৰৰ মান নিৰূপন তথা এইবোৰ সৰহীয়াকৈ বৃদ্ধি কৰা হৈছে। এইবোৰৰ ভিতৰত আটাইতকৈ উপযুক্ত আৰু জনপ্ৰিয় জৈৱ-কীটনাশক হ’ল- চিউড’ম’নাচ ফ্লৰেন্স (Pseudomonas fluorescens) আৰু ট্ৰাইক’ডাৰমা প্ৰজাতি (Trichoderma spp.) অণুজীৱৰ পৰা তৈয়াৰ কৰা জৈৱ-কীটনাশক ক্ৰমে বায়’ফৰ-পি এফ-২ (Biofor-Pf) আৰু বায়’জিন-পি টি বি (Biozin-PTB), যিবোৰ শাক-পাচলিৰ মাটিত হোৱা ৰোগবোৰ নিয়ন্ত্ৰণ কৰাৰ বাবে ব্যৱহাৰ কৰা হয়।

বায়’ফৰ-পি এফ-২ কেনেকৈ তৈয়াৰ হয় ?

এই বায়’ফৰ-পি এফ-২ দুবিধ শক্তিশালী শত্ৰু অণুজীৱ চিউড’ম’নাচ ফ্লৰেন্স (Pseudomonas fluorescens) আৰু ট্ৰাইক’ডাৰমা ভিৰিডি (Trichoderma spp.) ৰ মিশ্ৰণ আৰু জৈৱিক পদাৰ্থত ইয়াৰ বৃদ্ধি কৰা হয়। এই জৈৱ-কীটনাশকবিধ বিলাহী, বেঙেনা, জলকীয়া, আলু আদিৰ মাটিৰ পৰা হোৱা ৰোগ তথা গছ লেৰেলি যোৱা (উইল্ট) ৰোগ আৰু আদাৰ ৰাইয’ম পচা ৰোগ নিয়ন্ত্ৰণত পৰিবেশীয়ভাৱে সুৰক্ষিত, অতি ফলদায়ক আৰু অৰ্থনৈতিকভাৱে লাভজনক। অন্যহাতে, বায়’ফৰ-পি এফ-২ য়ে (P. fluorescens @1x107 cfu/gm আৰু T. Harzianum @1x109 cfu/gm ) মাটিৰ পৰা হোৱা বিভিন্ন ৰোগ নিয়ন্ত্ৰণ কৰাৰ উপৰিও মাটিত পুষ্টিমৌলৰ যোগান ধৰে আৰু শস্যৰ বৃদ্ধি হোৱাত সহায় কৰে। ইয়াৰ লগত মিহলোৱা জৈৱিক পদাৰ্থবোৰ হ’ল- নিৰ্দিষ্ট অনুপাতত মিহলোৱা কেঁচুসাৰ, পাম সাৰ, ধইনচা গছৰ পাউদাৰ আৰু সৰিয়হৰ খলিহৈ মিশ্ৰণ। এই মিশ্ৰণটোত আঠাজাতীয় পদাৰ্থ মিহলাই অধিক ফলপ্ৰসূ কৰা হৈছে যাতে শস্যৰ শিপাৰ সংস্পৰ্শলৈ বেক্টেৰীয়াবোৰ আহিব পাৰে। এই মিশ্ৰণটো সাধাৰণ কোঠাৰ উত্তাপতে ১ বছৰলৈকে নষ্ট নোহোৱাকৈ ৰাখিব পাৰি।

বায়’ফৰ-পি এফ-২ কেনেকৈ ব্যৱহাৰ কৰিব ?
১) বীজ শোধনৰ বাবে – প্ৰতি ১০০ গ্ৰাম বীজত ১০ গ্ৰাম বায়’ফৰ-পি এফ-২ দৰকাৰ হয়। উক্ত বায়’ফৰ-পি এফ-২ খিনি ১০০ মিলিলিটাৰ ভাতৰ নিসনিৰ (মাৰ) লগত মিহলাই থেপথেপীয়া কৰি লব লাগে আৰু তাত ১০০ গ্ৰাম শাক-পাচলিৰ বীজ (বিলাহী, বেঙেনা, জলকীয়া ইত্যাদি) মিহলাই ১ ঘন্টাৰ বাবে ছাঁত ৰাখিব লাগে।
২)শিপা শোধন- প্ৰতি ১০০০ পুলিৰ বাবে ১ কিলোগ্ৰাম বায়’ফৰ-পি এফ-২। বীজ শোধনৰ দৰেই তৈয়াৰ কৰা ভাতৰ নিসনিত পুলিৰ শিপা ১ ঘন্টাৰ বাবে ভিজাই ৰাখিব লাগে।
৩) মাটিত প্ৰয়োগ- প্ৰতিজোপা গছৰ বাবে ১০ গ্ৰাম বায়’ফৰ-পি এফ-২, ১০০ গ্ৰাম শুকান গোৱৰৰ বা কেঁচুসাৰৰ লগত মিহলাই ৰোপন কৰাৰ ৪৫ দিনৰ পিছত শস্যৰ শিপাৰ ওচৰৰ মাটিত মিহলাই দিব লাগে। ফলদায়ক নিয়ন্ত্ৰণৰ বাবে উক্ত তিনিওবিধ প্ৰয়োগ পদ্ধতি অৱলম্বন কৰিব লাগে।

লেখকৰ ঠিকনা: শস্য ৰোগ নিদান বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট, অসম

উৎস: সেউজ চিন্তা

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top