মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / বেঙেনা, বিলাহী আৰু আলু খেতিৰ বিভিন্ন নিয়ন্ত্ৰণঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বেঙেনা, বিলাহী আৰু আলু খেতিৰ বিভিন্ন নিয়ন্ত্ৰণঃ

বেঙেনা, বিলাহী আৰু আলু খেতিৰ বিভিন্ন নিয়ন্ত্ৰণৰ বিষয়ে লিখা হৈছে

বেঙেনা, বিলাহী আৰু আলু খেতিৰ  নিয়ন্ত্ৰণঃ

 

অসমৰ শীতকালীন শাক-পাচলিৰ ভিতৰত বেঙেনা আৰু বিলাহী হ’ল দুবিধ উল্লেখনীয় শাক-পাচলি। আনহাতে আলু খেতি যদিও অসমত শীতকালীন পাচলি হিচাপে কৰা হয়, গোটেই বছৰজুৰি কৰা ব্যৱহাৰৰ পৰিপ্ৰেক্ষিতত এইবিধ পাচলিয়ে সদায়েই অদ্বিতীয় হিচাপে স্থান লাভ কৰি আহিছে। আজিৰ আলোচনাত এই তিনিওবিধ শাক-পাচলিক অনিষ্ট কৰা প্ৰধান ৰোগসমূহৰ বিষয়ে আলোচনা কৰি এই বিলাকৰ নিয়ন্ত্ৰণৰ ব্যৱস্থাৱলী উল্লেখ কৰা হ’ল-

আলু আৰু বিলাহীৰ লেটব্লাইট ৰোগঃ

 

দুয়োবিধ শস্যৰ ক্ষেত্ৰত লেটব্লাইট হৈছে এবিধ মাৰাত্মক ব্যাধি। জাৰকালি যদি বতৰ ডাৱৰীয়া হৈ কিনকিনিয়া বৰষুণ হৈ থাকে, তেনে অৱস্থাত এই বেমাৰবিধৰ বিস্তাৰ অতি খৰতকীয়া হৈ পৰে। এই ৰোগৰ প্ৰথমাৱস্থাত পাতৰ আগ আৰু দাঁতিত কিছুমান জলসিক্ত দাগৰ সৃষ্টি হয় আৰু শেষলৈ এই দাগবোৰ ক’লা পৰি মৰহি যায়। পাতৰ তলফালে ক’লা দাগৰ ওচৰত কপাহৰ দৰে বগা বৰণৰ বৃদ্ধি দেখা যায়। ডাল আৰু গা-গছতো ক’লা বৰণৰ দাগ কিছুমান লক্ষ্য কৰা হয়। বতৰ অনুকূল হ’লে এই ৰোগ আলুগুটি তথা বিলাহীৰ ফললৈকে সম্প্ৰসাৰিত হয়। বিলাহীৰ থোকবোৰত আক্ৰান্ত বিলাহীসমূহ ঈষৎ ক’লা বৰণৰ হয় আৰু আক্ৰান্ত অঞ্চলসমূহ আক্ৰান্ত নোহোৱা অঞ্চলতকৈ ডাঠ হয়। এই ৰোগ আৰম্ভ হোৱাৰ আগৰ পৰাই প্ৰতিষেধক ব্যৱস্থা হিচাপে ঔষধৰ ব্যৱহাৰ কৰিব লাগে, কাৰণ এই ৰোগে এবাৰ আক্ৰান্ত কৰিলে তাক নিৰাময় কৰাটো কষ্টসাধ্য তথা ব্যয়বহুল হৈ পৰে। ৰিদোমিল এম জেদ-৭১ নামৰ ঔষধবিধ এই বেমাৰৰ বাবে অতি সুফলদায়ক বুলি প্ৰমাণিত হৈছে। এই ঔষধবিধৰ দুই গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলি কৰি ১২-১৪ দিনৰ অন্তৰত স্প্ৰে’ কৰিব লাগে। ইয়াৰ উপৰি ইন্দোফিল এম-৪৫ ঔষধবিধ ২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই ব্যৱহাৰ কৰিও সুফল পাব পাৰি। অৰ্থনৈতিক দিশটোৰ কথা লক্ষ্য কৰিলে এই দুয়োবিধ ঔষধ সলনা-সলনিকৈ ব্যৱহাৰ কৰিব লাগে।

আলু, বিলাহী আৰু বেঙেনাৰ লেৰেলি যোৱা ৰোগঃ

 

আলু, বিলাহী আৰু বেঙেনাৰ আনবিধ মাৰাত্মক ৰোগ হ’ল লেৰেলি যোৱা ৰোগ। পুলিৰ পৰা পৈণত অৱস্থালৈকে যিকোনো স্তৰতেই এই ৰোগে আক্ৰমণ কৰিব পাৰে। লহপহকৈ বাঢ়ি অহা পুলি অথবা গছবোৰ হঠাৎ লেৰেলিবলৈ আৰম্ভ কৰে। এনে লক্ষণযুক্ত পৈণত গছৰ ছালত ক’লা বৰণৰ বহল দাগৰ সৃষ্টি হয় আৰু গুৰিৰ পৰা বহুতো অস্থানিক মূল (কণ কণ শিপা আকৃতিৰ বৃদ্ধি) ওলায়। এনে গছৰ ডাল এটা কাটি এগিলাচ পৰিষ্কাৰ পানীত কটা অংশ ডুবাই ৰাখিলে সেই অংশৰ পৰা চাউলধোৱা পানীৰ দৰে ঈষৎ বগা ৰঙৰ জুলীয়া পদাৰ্থ নিঃসৰণ হোৱা দেখা যায়, যিয়ে এই ৰোগ বেক্টেৰিয়াৰ দ্বাৰা হোৱাটো প্ৰমাণ কৰে। ৰোগৰ পৰা হাত সাৰিবলৈ এক ফলপ্ৰসূ ব্যৱস্থা হিচাপে প্ৰতিৰোধক্ষম জাত ব্যৱহাৰ কৰিব লাগে। বিলাহীৰ বাবে আৰকা আলোক, বি টি-১, ভি চি ৪৮-১ আৰু বেঙেনাৰ বাবে পল্ট সম্ৰাট, বি ডব্লিউ আৰ-৩৪, জে চি-৫, জে চি-৩ আদি উল্লেখনীয়। ষ্টেপ্ট’চাইক্লিন নামৰ ঔষধ এচামুচ ৫০ লিটাৰ পানীত মিহলাই প্ৰতি ১৫ দিনৰ ব্যৱধানত পুলি ৰোৱাৰ পৰা ফুল ফুলাৰ সময়লৈকে প্ৰয়োগ কৰিব লাগে।

পুলিৰ গুৰি পচা ৰোগঃ

 

শাক-পাচলি আৰু শস্যৰ পুলিত এই ৰোগ হয়। বীজতলীৰ উপৰি এই ৰোগ কোনো কোনো সময়ত মূল খেতিপথাৰতো দেখা যায়। গজালি ওলোৱাৰ আগতে আক্ৰান্ত হ’লে বীজ অংকুৰণৰ সময়তেই গজালি বা অঙ্কুৰ লগে লগে আক্ৰান্ত হৈ মৰি যায়। গজালি ওলোৱাৰ পাছত ৰোগটোৱে দেখা দিলে সাধাৰণতে পুলিবোৰ আক্ৰান্ত হৈ পুলিবোৰৰ গুৰিত জলসিক্ত, কোমল আৰু ডাঠ মুগা ৰঙৰ দাগৰ সৃষ্টি হয়। আক্ৰান্ত গছ দুৰ্বল হৈ মাটিৰ ওপৰত হালি পৰে। কোনো কোনো ক্ষেত্ৰত আক্ৰান্ত অঞ্চলত পুলিটো ছিঙি যায়। এই ৰোগৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে পুলিবোৰ পাতলকৈ সিঁচিব লাগে। ইন্দোফিল এম-৪৫ বা বেভিষ্টিনেৰে (৩ গ্ৰাম প্ৰতি কিলোগ্ৰাম বীজত) নাইবা দুয়োবিধ ভেঁকুৰনাশকৰ মিশ্ৰণত বীজবোৰ সিঁচাৰ আগেয়ে শোধন কৰি ল’ব লাগে। আক্ৰান্ত পুলি দেখা মাত্ৰেই বীজতলীৰ মাটি তিতি যোৱাকৈ ০.১ শতাংশ চোকৰ বেভিষ্টিন আৰু ০.২৫ শতাংশ চোকৰ ইন্দোফিল এম-৪৫ স্প্ৰে’ কৰিব লাগে।

বিলাহীৰ পাত মুজুৰা পৰা ৰোগঃ

 

আক্ৰান্ত গছৰ পাতবোৰ ওপৰমুৱাকৈ কোঁচ খাই শোতোৰা-শোতোৰ হৈ পৰে। পাতৰ তলৰ সিৰবোৰ বেঙুনীয়া বৰণৰ আৰু কিছু শকত হয়। গছবোৰ চুটি-চাপৰ জোপোহা হয় আৰু পাতবোৰৰ আকাৰ যথেষ্ট সৰু হয়। এই ৰোগ ভাইৰাছজনিত। এই ৰোগবিধো ভেণ্ডীৰ সিৰা হালধীয়া পৰা ৰোগৰ দৰে হোৱাইট ফ্লই (বগা সৰু মাখি) নামৰ মাখিবিধে বিস্তাৰ কৰে। ইয়াৰ পৰা হাত সাৰিবলৈ ৰগৰ নামৰ ঔষধ ১.৫ মিঃ লিঃ প্ৰতি লিটাৰ পানীত মিহলাই পুলি ৰোৱাৰ ৭ দিনৰ পৰা ১০-১৫ দিনৰ অন্তৰত ফল ধৰালৈকে স্প্ৰে’ কৰিব লাগে। ইয়াৰ উপৰি ফুৰাডন নামৰ দৰবৰ ৩গ্ৰাম প্ৰতি বৰ্গমিটাৰ মাটিত গুটি সিঁচাৰ সময়ত বীজতলীত প্ৰয়োগ কৰিব লাগে।

বেঙেনাৰ ফল গেলা ৰোগঃ

 

আক্ৰান্ত গছৰ ফলবোৰত প্ৰথমতে জলসিক্ত দাগৰ সৃষ্টি হয় আৰু ক্ৰমে বহল হৈ গোটেই ফলটোত বিয়পি পৰে। কোনো কোনো ক্ষেত্ৰত এনে আক্ৰান্ত ফলবোৰ গছৰ পৰা সৰি পৰাও দেখা যায়। এই ৰোগৰ নিৰাময়ৰ বাবে এডৰা মাটিতে বছৰৰ পাছত বছৰ ধৰি বেঙেনাৰ খেতি কৰিব নালাগে। আনহাতে বেভিষ্টিন নামৰ ঔষধবিধেৰে (০.২৫ শতাংশ চোক) বীজবোৰ শোধন কৰি লোৱাৰ উপৰি পুলি ৰোৱাৰ সময়ত ০.১ শতাংশ বেভিষ্টিনত শিপাবোৰ ৩০ মিনিটৰ বাবে ডুবাই ৰখাৰ পাছতহে ৰুব লাগে।

(উৎসঃ অসমীয়া খবৰ, ৰূপক কুমাৰ নাথ)।

2.85
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top