মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / ভোট জলকীয়াৰ খেতিত ৰোগ আৰু কীট-পতংগ নিয়ন্ত্ৰণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভোট জলকীয়াৰ খেতিত ৰোগ আৰু কীট-পতংগ নিয়ন্ত্ৰণ

ভোট জলকীয়াৰ খেতিত ৰোগ আৰু কীট-পতংগ নিয়ন্ত্ৰণৰ বিষয়ে লিখা হৈছে ।

ভোট জলকীয়াক জলকীয়াৰ ৰজা বুলি কোৱা হয় । ভোট জলকীয়াক অসমৰ এক নিজস্ব ভৌগালিক সম্পদ বুলি মানি লোৱা হৈছে । ভোট জলকীয়াৰ ঔষধি গুণৰ উপৰি ই এবিধ অৰ্থকাৰী শস্য । তদুপৰি, এইবিধ জলকীয়াত তীব্ৰ গোন্ধ থকা হেতুকে ইয়াৰ পৰা কেপচিচিন আহৰণ কৰিবলৈ যথেষ্ট সুবিধা হয় । অসমৰ বিভিন্ন ঠাইৰ মানুহে কেছুমূৰীয়া আৰু মেলিনাৰ ঔষধ হিচাপেও ভোটজলকীয়াক মহৌষধি বুলি ব্যৱহাৰ কৰে । অসমৰ জলবায়ুৰ বাবে ভোটজলকীয়াৰ খেতি অতিকৈ উপযোগী আৰু সেয়েহে এই খেতিৰ দ্বাৰা অৰ্থনৈতিকভাৱে যথেষ্ট লাভৱান হ’ব পৰা যায় ।

ভোটজলকীয়াৰ খেতিৰ বাবে মাটি নিৰ্বাচন আৰু মূল পথাৰ প্ৰস্তুতি এক গুৰুত্বপূৰ্ণ বিষয় । এই খেতিৰ বাবে সহজে পানী নিষ্কাশন হ’ব পৰা বালিচহীয়া মাটি নিৰ্বাচন কৰিব লাগে । মাটিডৰাত যথেষ্ট পৰিমাণে জৈৱিক মৌল থকাৰ উপৰি পানী ধৰি ৰাখিব পৰা ক্ষমতা সম্পন্ন হ’ব লাগে । এইবিধ জলকীয়াৰ খেতি কৰিবলৈ মাটিডৰাৰ অম্লতাৰ মান ৬.০-৬.৫ ৰ ভিতৰত হ’ব লাগে । ভোটজলকীয়াৰ খেতি কৰিবলৈ লোৱা মাটিডৰা ভালদৰে হাল বাই, মৈয়াই সমান কৰি ল’ব লাগে । মাটি একেবাৰে গুৰি হৈ মিহি হোৱাটো প্ৰয়োজনীয় কথা । তাত গোবৰ সাৰ বা পচনসাৰ দিব লাগে । দুটা পুলিৰ মাজত ১ মিটাৰ আৰু শাৰীৰ মাজত ব্যৱধান ৭৫ চে: মি: হ’ব লাগে ।

ভোটজলকীয়াৰ খেতিত মৰহি যোৱা বেমাৰ সঘনাই হোৱা দেখিবলৈ পোৱা যায় । এই বেমাৰ ভেঁকুৰ অথবা বেক্টেৰিয়াৰ দ্বাৰা হ’ব পাৰে ।

ভেঁকুৰৰ দ্বাৰা আক্ৰমণ হ’লে প্ৰথমে গছৰ তলৰ পাতবোৰ লেৰেলিবলৈ ধৰে আৰু লাহে লাহে হালধীয়া পৰি ওপৰৰ পাতবোৰো লেৰেলি যায় । এই বেমাৰৰ প্ৰতিকাৰৰ বাবে কেপটান নাইবা বেভিষ্টিন নামৰ ঔষধ ২ গ্ৰাম প্ৰতিলিটাৰ পানীত হিলাই গছৰ গুৰি অংশ তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগে ।

আনহাতে, বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত গছৰ প্ৰথমে ওপৰৰ পাতবোৰ লেৰেলিবলৈ ধৰে আৰু ২-৩ দিনৰ ভিতৰত গোটেই গছজোপা শুকাই যায় । এই বেমাৰৰ পৰা প্ৰতিকাৰ পাবলৈ হ’লে ‘ষ্ট্ৰেপট’ মাইচিন ছালফেট নতুবা এগ্ৰোমাইচিন নামৰ ঔষধ ২০০ মিলিগ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই গছৰ গুৰিৰ শিপা অংশ তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগে । বেছি অম্লযুক্ত মাটিত বেক্টেৰিয়াৰ দ্বাৰা হোৱা বেমাৰ ব্যাধি বেছি হয় । সেয়েহে মাটিৰ অম্লতা কমাবৰ বাবে কঠাই প্ৰতি ২০০ কিল’গ্ৰাম চূণ ৩ বছৰৰ মূৰে মূৰে মাটিত প্ৰয়োগ কৰিব লাগে ।

বৰ্তমান সময়ত জৈৱিক কৃষিপ্ৰণালী বহুলভাৱে চৰ্চিত আৰু ব্যৱহৃত হৈছে । জীৱাণুনাশী শক্তিসম্পন্ন বেক্টেৰিয়া ব্যৱহাৰ কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভিদ ৰোগ বিজ্ঞান বিভাগত গৱেষণাৰ জড়িয়তে এক উপযুক্ত জৈৱিক নিয়ন্ত্ৰণ পদ্ধতিৰ উদ্ভৱ হৈ ছে যাক বায়’ফাৰ পি এফ বা জৈৱিকৰণ হিচাপে নামকৰণ কৰা হৈছে । এক কিল’গ্ৰাম বায়’ফাৰৰ সৈতে দহ কিল’গ্ৰাম শুকান গোবৰ বা কেঁচুসাৰ মিহলাই এই মিশ্ৰণৰ ১০ গ্ৰাম বা এমুঠিকৈ প্ৰতিটো গাঁতত দি পুলি ৰোপণ কৰিব লাগে ।

গুটি পচোৱাৰ বাবে প্ৰতি গ্ৰাম গুটিৰ বাবে ১০ গ্ৰাম বায়’ফাৰৰ প্ৰয়োজন । মিহলোৱাৰ সময়ত ভাতৰ মাৰ বা তেনেকুৱা আঠাজাতীয় দ্ৰব্য মিহলাই ল’লে বায়’ফাৰ গুটি লাগি ধৰাত সহায় হয় ।

এই বেক্টেৰিয়াজনিত লেৰেলিযোৱা বেমাৰৰ অন্য এক নিয়ন্ত্ৰণ ব্যৱস্থা হৈছে ব্লিচিং পাউদাৰ ৪ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই প্ৰতিজোপা গছত ৫০০ মিলিলিটাৰ হিচাপে পুলি ৰোৱাৰ পৰা ১৫,৩০ আৰু ৪৫ দিনত ভোট জলকীয়াৰ খেতিডৰাত প্ৰয়োগ কৰিব লাগে । ইয়াৰ উপৰি মাটিত খলিহৈ, নিমকেক আদি প্ৰয়োগ কৰিলে মাটিডৰা সাৰুৱা কৰাৰ উপৰি মাটিত থকা জীৱাণুৰ পৰিমাণ হ্ৰাস হয় ।

ভোট জলকীয়াৰ ফলপচা বেমাৰ এক ভেঁকুৰজনিত বেমাৰ । এই বেমাৰ প্ৰতিৰোধ কৰিবলৈ ৰক্ষণাত্মক ব্যৱস্থা হিচাপে সিঁচাৰ আগতে প্ৰতি কিল’গ্ৰাম বীজ ৩ গ্ৰাম কেপটাফ বা বেভিষ্টিনেৰে শোধন কৰা উচিত ।

অন্য এক উপায় হ’ল, পুলিবোৰ ৰোৱাৰ আগতে বেভিষ্টিন ২ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই পুলিবোৰ তাত কিছুসময় বুৰাই ৰুব লাগে ।

ৰোগাক্ৰান্ত জলকীয়াৰ বীজ ৰাখিব নালাগে । এই ভেঁকুৰবিধে ভোটজলকীয়াৰ পাততো মুগাবৰণৰ দাগ সৃষ্টি কৰে । বেমাৰৰ লক্ষণ দেখাৰ লগে লগে ১.৫ মিলি লিটাৰ বেভিষ্টিন প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে । অথবা ইন্দ’ফিল এম- ৪৫ নামৰ ঔষধবিধৰ ২.৫ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে । ১ শতাংশ বৰড’ মিশ্ৰণ সিঞ্চন কৰিও এই ৰোগ ৰোধ কৰিব পাৰি ।

ভোট জলকীয়াৰ বগা পচা বা সিক্ত পচন ৰোগ অন্য এক ভেঁকুৰজনিত বেমাৰ । এই বেমাৰ ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীত মাহত বেছিকৈ হোৱা দেখা যায় । গছৰ ঠাৰু, পাত বা ফলত কপাহৰ দৰে ভেঁকুৰ গজা দেখা যায় । আক্ৰান্ত অংশ কোমল হৈ পচা আৰম্ভ হয় । প্ৰতিকাৰ হিচাপে শস্য চপোৱাৰ পাছত বা শস্যৰ বীজ সিঁচাৰ আগত মাটিডৰা ভালদৰে কোৰ মাৰি বা হাল বাই ৰ’দত শুকুৱাই ল’ব লাগে যাতে ভেঁকুৰবোৰ আংশিক বা সম্পূৰ্ণভাৱে নষ্ট হয় । বেমাৰৰ দ্বাৰা আক্ৰান্ত অংশ কাটি জ্বলাই পেলাব লাগে । বীজ সিঁচাৰ আগতে বীজবোৰ বেভিষ্টিন বা ইন্দফিল এম-৪৫ নামৰ ঔষধেৰে শোধন কৰিব লাগে । জৈৱিক নিয়ন্ত্ৰণ ব্যৱস্থা হিচাপে ট্ৰাইক’ডাৰমা নামৰ ভেঁকুৰবিধ প্ৰয়োগ কৰাৰ নিৰ্দেশনা দিয়া হয় ।

পুলি অৱস্থাত ভোট জলকীয়াত গুৰি পচা বা শিপা পচা বেমাৰ সচৰাচৰ দেখা যায় । এই ৰোগ নিয়ন্ত্ৰণৰ বাবে কেপটান ৩ গ্ৰাম ঔষধ প্ৰতি কিল’গ্ৰাম বীজৰ লগত মিহলি কৰি বীজ সিঁচাৰ আগেয়ে শোধন কৰি ল’ব লাগে ।

পুলিতলীত কেপটাফ, মেনকোজেৱ অথবা ইন্দফিল এম ৪৫ ঔষধ আঢ়ৈ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগে । ট্ৰাইক’ডাৰমা ভিৰিদি নামৰ ভেঁকুৰবিধ গুটি সিঁচাৰ সময়ত প্ৰয়োগ কৰিও এই ৰোগ নিৰাময় কৰিব পাৰি । এই ভেঁকুৰ বজাৰত ট্ৰাইক’ডাৰমিন, ডিৰিদিন, ভিৰিকন এল আৰু ইক’ফিট নামেৰে কিনিবলৈ পোৱা যায় ।

ভোট জলকীয়াৰ খেতিত যাতে ফল বিন্ধা কৰা পোকে উপদ্ৰৱ কৰিব নোৱাৰে তাৰ বাবে ৰোৱাৰ ২০ দিন পিছতেই ফৰেট বা ফুৰাদন ৩ জি নামৰ ঔষধবিধ আঢ়ৈ গ্ৰাম প্ৰতিজোপা গছত  ৰিং পদ্ধতিত প্ৰয়োগ কৰিব লাগে । পোকে আক্ৰমণ কৰা দেখা পোৱাৰ লগে লগে ইমিদাক্লপ্ৰিদ নামৰ ঔষধ এক মিলি লিটাৰ প্ৰতি ৩ লিটাৰ পানীত মিহলাই পুলি অৱস্থাত প্ৰয়োগ কৰিব লাগে । মালাথিয়ন ৫০ ই চি ২ মিলি লি প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিও এই পতংগৰ পৰা হাত সাৰিব পাৰি ।

পোকৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ ভোট জলকীয়াৰ খেতিৰ মাজে মাজে নহৰুৰ খেতি কৰিলে ভাল ফল পোৱাএ সম্ভাৱনা থাকে ।

ভোট জলকীয়াৰ ভাইৰাছজনিত বেমাৰ মজাইক বেমাৰ বিয়পোৱা মোৱা পোকজাতীয় পতংগৰ পৰা শস্যডৰাক ৰক্ষা কৰিবলৈ ইমিদাক্লপ্ৰিদ বা ৰগৰ নামৰ ঔষধ পুলি অৱস্থাত ২ মি লি লিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে ।

ভাইৰাছজনিত ৰোগৰ প্ৰতিকাৰক হিচাপে বিভিন্ন উদ্ভিদ ভাইৰাছ সংক্ৰমণ ঘটোৱা পতংগসমূহৰ নিমন্ত্ৰণৰ নিৰ্দেশনা দিয়া হয় ।

পাত মুজুৰা পৰা আৰু হালধীয়া হৈ পৰা বেমাৰবিধ ভোট জলকীয়াত সচৰাচৰ দেখা যায় যি এক ভেঁকুৰজনিত বেমাৰ । এই বেমাৰত ভোট জলকীয়াৰ পাতবোৰ মেটুৰা মেটুৰ হৈ সৰু হৈ যায় । আক্ৰান্ত গছজোপাৰ শ্ৰীবৃদ্ধি নহয় আৰু গছজোপা জোপোহা হৈ চাপৰ হৈ পৰে । প্ৰতিকাৰ হিচাপে বীজ সিঁচাৰ আগতে ইমিদাক্লপ্ৰিদ ২.৫ গ্ৰাম প্ৰতি কিল’গ্ৰাম বীজত মিহলাই শোধন কৰিব লাগে । খেতিডৰাৰ চাৰিওফালে মাকৈ ৰুব লাগে । ৰোগী গছৰ পৰা যাতে নিৰোগী গছলৈ বেমাৰ বিয়পিব নোৱাৰে তাৰ বাবে ২ মি লি লি: ৰগৰ ৩৫ ই চি এক লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে । এই স্প্ৰে’ ১৫ দিনৰ অন্তৰে অন্তৰে দুবাৰ কৰিলে সুফল পোৱা যায় ।

অন্য এক পতংগ পাতৰ চাঁহী বা মাইট পলিথিন ঘৰৰ প্ৰধান সমস্যা । ইহঁত যথেষ্ট অনিষ্টকাৰী ।

ইহঁতে পাতৰ ঠাৰি, পাত আদিৰ পৰা ৰস শুহি খায় । আক্ৰান্ত পাতবিলাক মেটুৰা মেটুৰ হয় । অৱশেষত ডাল-পাতবোৰ মুগাবৰণৰ হৈ শুকাই যায় ।

নিয়ন্ত্ৰণৰ বাবে স্পাইৰ’মাছিফেন বা অন্য একাৰিচাইদ ২ মিলিলিটাৰ প্ৰতি তিনিলিটাৰ পানীত মিহলাই ১৪ দিনৰ অন্তৰে অন্তৰে স্প্ৰে’ কৰিব লাগে । নিয়মিতভাৱে পানী যোগান ব্যৱস্থা কৰিব লাগে, কাৰণ মাটিত পানীৰ সংকট অৱস্থাত এই চাঁহীবিধৰ আক্ৰমণ বেছি হয় । তদুপৰি খেতিডৰাত বা তাৰ ওচৰে পাজৰে সৰিয়হ, নাৰ্জীফুল আদি শস্য ৰোপণ কৰিলে বিভিন্ন ৰোগ আৰু অনিষ্টকাৰী পতংগৰ আক্ৰমণ কম হোৱা দেখা যায় ।

লেখিকা :- ড° মুনমী বৰা

উৎস :- দৈনিক জনমভূমি

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top