মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / শস্যত ব্যৱহৃত কীটনাশকে ৩৯ শতাংশ কমাইছে মৌমাখিৰ শুক্ৰাণু
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শস্যত ব্যৱহৃত কীটনাশকে ৩৯ শতাংশ কমাইছে মৌমাখিৰ শুক্ৰাণু

দিনে দিনে মৌমাখিৰ সংখ্যা কমি আহিবলৈ ধৰিছে যাৰ কাৰণে কৃষকসকল বেছ চিন্তিত হৈছে। কাৰণ শস্যত বীজ ধাৰণ কৰিবলৈ হ’লে পৰাগ-ৰেণুৰ

দিনে দিনে মৌমাখিৰ সংখ্যা কমি আহিবলৈ ধৰিছে যাৰ কাৰণে কৃষকসকল বেছ চিন্তিত হৈছে। কাৰণ শস্যত বীজ ধাৰণ কৰিবলৈ হ’লে পৰাগ-ৰেণুৰ সংযোগ সাধন হ’বই লাগিব। মৌমাখিৰ সংখ্যা কমি যোৱাৰ কাৰণটো হৈছে-খেতি পথাৰত কীটনাশক ঔষধৰ ব্যৱহাৰ। ইউৰোপৰ দেশবোৰত কীটনাশক ঔষধৰ ব্যৱহাৰক নিষেধ কৰা হৈছে যদিও আমেৰিকাত কীটনাশক ঔষধৰ ব্যৱহাৰ এতিয়াও চলিয়েই আছে। অলপতে চলোৱা এক বৈজ্ঞানিক সমীক্ষাত ধৰা পৰিছে যে, সততে ব্যৱহাৰ কৰা ‘নিয়নিক’টিন’ইড’ কীটনাশক ঔষধবিধৰ বাবে মৌমাখিবোৰ ভয়ানক, দুৰাৰোগ্য ৰোগত আক্ৰান্ত হয়, সিহঁত মৃত্যুমুখত পৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত উৎপাদিত হোৱা বিলিয়ন ডলাৰ মূল্যৰ শস্যবোৰে পৰাগ সংযোগৰ কাৰণে মৌমাখিৰ দৰে পতংগবোৰৰ ভিতৰত নিৰ্ভৰ কৰিবই লাগে। মতা মৌমাখিৰ সংগ নাপালে ৰাণী মৌমাখিয়ে কণী পাৰিব নোৱাৰে। সেয়েহে মৌমাখিৰ বংশ বৃদ্ধিৰ কাৰণে মতা মৌমাখিবোৰ অপৰিহাৰ্য। নিয়নিক’টিন’ইড নামৰ কীটনাশক ঔষধবিধ খেতি পথাৰত প্ৰয়োগ কৰাৰ পিচত প্ৰমাণিত হৈছে যে, উক্ত কীটনাশকবিধে মতা মৌমাখিবোৰৰ শুক্ৰাণু প্ৰায় ৩৯ শতাংশলৈকে কমাই দিয়ে, যাৰ ফলত সিহঁতৰ সন্তান উৎপাদন ক্ষমতা কমি গৈছে। বান বিশ্ববিদ্যালয়ৰ লাৰ্ছ ষ্ট্ৰাউব নামৰ গৱেষকজনৰ মতে-মৌমাখি বিশেষজ্ঞসকলে মতা মৌমাখিবোৰৰ স্বাস্থ্য পাতি সম্পৰ্কে সদায় অৱহেলা কৰি আহিছে। দেখা গৈছে যে, কোনো কোনো দেশৰ কৃষকসকলে খেতি পথাৰৰ মাজতে মৌমাখিও পোহে যাতে পথাৰত শস্যৰ উৎপাদন বৃদ্ধি হয়।

উৎস: সাদিন।

3.07317073171
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top