অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শস্যৰক্ষা (Plant Protection)-

শস্যৰক্ষাৰ বিষয়ে লিখা হৈছে ।

প্ৰকৃতিৰ অন্যান্য জীৱৰ দৰে উদ্ভিদো বিভিন্ন আৰকৰ বাবে ৰোগাক্ৰন্ত হয়, অকালতে মৰি যায় নাইবা ইয়াৰ উৎপাদন ক্ষমতা কমি যায়। যাৰ ফলত কৃষকৰ অৰ্থনৈতিক অৱস্থা ভাগি পৰে আৰু ইয়েই দেশৰ অৰ্থনৈতিক অৱস্থাতো প্ৰভাৱ পেলায়। কেতিয়াবা শস্যৰ বেমাৰ নাইবা অন্য পোকৰ আক্ৰমণৰ বাবে একোটা বৃহত এলেকাৰ শস্যৰ ক্ষতি কৰে আৰু সমাজত দুৰ্ভিক্ষ আৰু অভাৱ অনাটনে দেখা দিয়ে। সৌ সিদিনা ব্লাইট বেমাৰত আলু খেতি সমুলঞ্চে ধ্বংস হোৱাৰ ফলত আয়াৰলেণ্ডত হোৱা দুৰ্ভিক্ষ ব্লাষ্ট বেমেৰত ধানৰ ব্যাপক ক্ষতি হোৱাৰ ফলত বঙ্গ দেশত হোৱা দুৰ্ভিক্ষই শস্যৰক্ষাৰ গুৰত্ব বঢ়াই তুলিলে। এহাতে জনসংখ্যাৰ বোজা, আনহাতে সীমিত মাটিয়ে শস্য উৎপাদন বৃদ্ধি কৰাটো অপৰিহাৰ্য কৰি তুলিলে।

বিভিন্ন কাৰকৰ হেতু শস্যৰ অনিষ্ট হয়, যিবোৰক আমি শত্ৰু বুলি ক’ব পাৰো।

কাৰকবোৰ হ’ল-

অনিষ্টকাৰী পোক-পৰুৱা, কৃমি, চৰাই-চিৰিকতি, প্ৰাণী আদি

অনিষ্টকাৰী ভেঁকুৰ

অনিষ্টকাৰী বেক্টেৰীয়া

অনিষ্টকাৰী ভাইৰাছ

পৰাশ্ৰয়ী/ পৰজীৱি উদ্ভিদ

এই কাৰক সমূহৰ ভিতৰত কিছুমান কাৰক হ’ল যেনে, অনিষ্টকাৰী পোক-পৰুৱাৰ আক্ৰমণ আমাৰ প্ৰত্যক্ষ দৃষ্টিগোচৰ হয়। কিন্তু, ভেঁকুৰ, বেক্টেৰীয়া, ভাইৰাছ আদিৰ আক্ৰমণ আমাৰ প্ৰত্যক্ষ দৃষ্টিগোচৰ হনয়, লক্ষণসমূহে দেখা যায়।

আলোচনাৰ সুবিৰ্থাতে আমি কাৰকসমূহক ২টা ভাগত বিভক্ত কৰি আলোচন কৰিম।

শস্যৰ অনিষ্টকাৰী পোক-পৰুৱা

অমেৰুদণ্ডী প্ৰাণীৰ বিভিন্ন পৰ্বৰ ভিতৰত সন্ধিপদী প্ৰাণীৰ ইনচেক্টা নামৰ শ্ৰেনীটোৱেই সৰ্বধিক অনিষ্টকাৰী কীট পতঙ্গ আছে। কীট-পতঙ্গৰ দেহটো স্বাভাৱিকতে ৩ ভাগত বিভক্ত- মূৰ, ডিঙি আৰু পাকস্থলী। সিঁহতৰ এযোৰ যুগ্ম চকু, এযোৰ এন্মো বা শুং, দুযোৰ পাখি আৰু ৩ যোৰ ঠেং থাকে। প্ৰজনন অঙ্গ পেতৰ শেষৰফালে সংলগ্ন থাকে। তদুপৰি ইহঁতৰ মূৰত কিছুসংখ্যক সৰল চকু (১-৩) থাকিব পাৰে। মতা আৰু মাইকী বেলেগ বেলেগ হয়। মাইকীবোৰে সাধাৰণতে কণী পাৰে।

যদিও বহুসংখ্যক কীট-পতঙ্গ শস্যৰ অপকাৰী, কিছুমান পতঙ্গ আকৌ উপকাৰীও হয়। যেনে. মৌ-মাখি, ৰেচম পলু, লা পলু আদি। পতঙ্গইপৰাগ সংযোগতো সহায় কৰি উদ্ভিদৰ বংস বিস্তাৰতো সহায় কৰে।

সৰহ সংখ্যক অনিষ্টকাৰী কীট-পতঙ্গই শস্যক নিম্নোক্তধৰণে সহায় কৰে-

শস্যৰ বহিঃঅংশত থকা পাত, ফল-ফুল আদি চিঙি খাই অনিষ্ট কৰে।

শোষক অংগৰ জৰিয়তে শস্যৰ বিভিন্ন অংগৰ কোষৰ ৰস শুহি খায় আৰু ইয়াৰ জীৱনি শক্ত হ্ৰাস কৰে

বিভিন্ন অনুজীৱ বহণ কৰি ৰোগৰ সৃষ্টি কৰাৰ লগতে মাটিৰ তলত বাস কৰি শস্যৰ আলু, শিপা আদিৰ অনিষ্ট কৰে।

শস্যৰ মাজুত ভঁৰাকতো কিছুমান কীট-পতঙ্গই আক্ৰমণ কৰি অনিষ্ট কৰে।

অনিষ্টকাৰী কীট পতঙ্গৰ প্ৰকাৰঃ

১) নিয়মীয়া কীটঃ সাধৰণতে খেতিৰ বতৰৰ সময়ত এইবোৰ দেখা যায়। যেনে- মোৱা পোক পাত ওকনী ফুটি পোক।

২) মাজে-সময়ে আবিৰ্ভাৱ হোৱা পোকঃ এই পোকবোৰ সাধাৰণতে শস্যত থাকেই, কিন্তু ইহঁতে খুউন বেছি পৰিমাণে ক্ষতি কৰে। সেইবাবে সিঁহতক উপেক্ষা কৰা হয়। কিনতু কেতয়াবা হঠাৎ ইহঁত ক্ষৰিকাৰক হৈ পৰে।

শস্যৰ ৰোগ

মানুহ বা প্ৰাণীৰ নিচিনাকৈ শস্যৰো বিভিন্ন জৈৱিক আৰু অজৈৱিক কাৰকৰ ফলত বিভিন্ন ৰোগ বা বেমাৰে দেখা দিয়ে। জৈৱিক কাৰক সমূহৰ ভিতৰত বিভিন্ন অপকাৰী অণুজীৱ যেনে, শেলাই, ভেকুৰ, বেক্টেৰীয়া, ভাইৰাছ, নিমটড (শস্যকৃমি) মাইকপ্লাজমা, পৰজীৱি উদ্ভিদ আদিৰ আক্ৰমণৰ ফলত শস্যৰ শ্ৰীবৃদ্ধি বাধাপ্ৰপ্ত হয় আৰু ৰোগ গুৰুতৰ হ’লে উৎপাদন হ্ৰাস হয় নাইবা শস্য একেবাৰে মৰি যায়। অজৈৱিক কাৰকসমূহৰ ভিতৰত শস্যৰ বাবে প্ৰয়োজনীয় পুষ্টিমৌলসমূহৰ অভাৱ, পোহৰ, মাটিৰ অৱস্থা, মাটিৰ সিক্ততা, বায়ুমণ্ডলত থকা ক্ষতিকাৰক পদাৰ্থ আদি।

বেক্টৰীয়া

বেক্টেৰীয়াবোৰ হ’ল- ঘুৰনীয়া, পাকখোৱা বা ৰড আকৃতিৰ এককোষী অণুজীৱ যাৰ কোষাৱৰণ কিছুমানত থাকে আৰু কিছুমানত নেথাকে। যদি কোষাৱৰণ থাকে, তেতিয়া ইহঁতে কলনি হিচাপে থাকে আৰু ফ্লেজলাৰ সহায়ত লৰচৰ কৰে। সাধাৰণতে মাটি পানী জৈৱিক পদাৰ্থ, উদ্ভিদ নাইবা প্ৰানীৰ দেহত স্বজীৱি বা পৰজীৱি বা মৃতজীৱি হিচাপে বাস কৰে।

উদ্ভিদৰ অনিষ্টকাৰী বেক্টেৰীয়াৰ কিছুমান প্ৰজাতি হ’ল- এগ্ৰবেক্টেৰূয়াম, বেছিলাছ, ক্লষ্টিডিয়াম, কৰিনেবেক্টেৰীয়াম, আৰউইনিয়া, চিউডমানছ, ষ্টেপ’মাইছিন, ঝেন’থ’মনাছ আদি।

বেক্টেৰীয়াজনিত ৰোগৰ লক্ষণসমূহ হ’ল-

ব্লাইট বা পাতত জ্বলি বা দেই যোৱা

পাত পচি যোৱা

পাতত ফুটুটীয়া দাগ পৰা

শিপা, ডাল আদি ওফন্দি উঠা বা টিউমাৰ

কেঙ্কাৰ বা ডাল-পাতবোৰ শুকাই যোৱা

উদ্ভিদৰ পৰিবাহিকা নলীৰ ভিতৰত সোমাই যোৱাৰ ফলত গছ মৰহি যোৱা

ভেঁকুৰ

ভেঁকুৰ হ’ল পত্রহৰিৎবিহীন, কোশসকেন্দ্ৰযুক্ত, এককোষী বা বহুকোষী, ফিলোমেনযুক্ত এবিধ ক্ষুদ্ৰাকৃতিৰ উদ্ভিদ, জাক অণিবীক্ষণ যন্ত্রৰ সহায়তহে প্ৰত্যক্ষ কৰিব পাৰি। এই ভেঁকুৰবোৰ মৃতজীৱি বা পৰজীৱি হ’ব পাৰে। ইয়াৰ বংশবৃদ্ধি বাঢ়ক। কোষৰ বিভক্ত হৈ নাইবা ৰেণুৰ দ্বাৰা যৌণ অযৌণ প্ৰক্ৰিয়াৰে হয়।

ভেঁকুৰজনিত ৰোগৰ লক্ষণঃ

মিলডিউঃ

ৰোগাক্ৰান্ত উদ্ভিদৰ পাত, কোমল ডাল বা ফলত বগা, কজলা মুগা বা বেঙুণীয়া ৰংৰ বিভিন্ন আকাৰৰ বাহ্যিক বৃদ্ধিৰ লক্ষণ দেখা যায়। যেনে, জিকা, তিঁয়হৰ ডাউনিড, লাওৰ পাউদাৰী মিলডিউ ৰোগ।

ৰাষ্ট বা মামৰে ধৰাঃ

আক্ৰান্ত উদ্ভিদৰ পাত, ডাল আদিত ৰঙা, মুগা, হালধিয়া বা কলা ৰঙৰ ফোহা সদৃশ লক্ষণ দেখা যায়। ঘেহু মাহ শস্যত হোৱা ৰাষ্ট ৰোগ।

স্মাট বা মাহীঃ

উদ্ভিদৰ ফুল আগলি অংশ আদিত কলা বা এঙাৰ বৰণীয়া পাউদাৰ সদৃশ পদাৰ্থ পোৱা যায়।  যেনে, ধান, ঘেহুৰ মাহীপৰা ৰোগ।

বগা ওখোহাঃ

উদ্ভিদৰ আক্ৰান্ত পাতত ওখহা অংশ দেখা যায় আৰু ইয়াৰ ভিতৰত বগা ৰঙৰ মানৰ সদৃশ পদাৰ্থ দেখা যায়। সৰিয়হত এনে ৰোগ দেখিবলৈ পোৱা যায়।

স্কেবঃ

আক্ৰান্ত অংশ বা খৰ বা খহুৰ দৰে খহটা হয়।

স্কেলৰচিয়াঃ

কলা গাঢ় মুগা বা বেঙুণীয়া ৰঙৰ সুপ্ত অৱস্থাত থকা ভেঁকুৰৰ অংশ যিবোৰ অটিল, টান হয়। বেঙেনাৰ গছ মৰহি যোৱা ৰোগত এনে স্কেলৰচিয়া দেখা যায়।

ব্লটছঃ

আক্ৰন্ত গছৰ পাত ডাল ফল আদিত দাগ পৰে। যেনে, পিঁয়াজৰ পাৰপল ব্লটছ ৰোগ।

ফলধাৰকঃ

কাঠ পচাব পৰা কিছুমান ভেঁকুৰে মঙহহাল ৰেণু ধাৰণ কৰা আকৃতিৰ লক্ষণ দেখুৱাই।

ভাইৰাছ

ভাইৰাছ হ’ল এবিধ প্ৰটিনজাতীয় জটিল অণু বা সৰল অণুজীৱ, যিবোৰৰ বৃদ্ধি বা বংশবৃদ্ধি হয়। সাধাৰণ অণুবীক্ষণ যন্ত্রৰে ইয়াক চাব নোৱাৰি। কেৱল ইলেট্ৰনিক মাইক্ৰস্কপ যন্ত্রৰ সহায়তহে চাব পাৰি। এই ভাইৰাছে উদ্ভিদৰ দেহত বিভিন্ন ৰোগৰ সৃষ্টি কৰে।

ভাইৰাছজনিত ৰোগৰ লক্ষণসমূহঃ

বাহ্যিক লক্ষণসমূহঃ

) ৰঙৰ পৰবৰ্তনঃ

আক্ৰন্ত উদ্ভিদৰ পাতত পাতল সেউজীয়া বা হালধীয়া ৰঙৰ ফুটফুটীয়া দাগ পৰা (মাজইক), পাতৰ পত্রহৰিৎ নাইকীয়া হৈ মশৃণ হালধীয়া ৰং (ক্লৰ’ছিছ), পাতৰ কাষবোৰ দেইযোৱা (স্কৰটছিং), পাতৰ সিৰাবোৰ সেউজীয়া বা হালধীয়া হৈ স্পট হোৱা, ৰিং আকৃতিৰ নাইবা কলা ৰঙৰ দাগ পৰা ইত্যাদি।

) উদ্ভিদ বৃদ্ধিৰ ধৰণৰ পৰিবৰ্তনঃ

পাতৰ কাষবোৰ ঘোৰ খাই যোৱা, পাত গোটা হৈ পৰা, পাতবোৰ সৰু সৰু হৈ পৰা, পাৱবোৰ ছুটি হৈ পৰা, গছ চাপৰ হৈ থকা, কোনো অংশ ওফন্দি উঠা বা সোমাই যাোৱা, গছ মৰহি যোৱা আদি।

আভ্যন্তৰীণ লক্ষণঃ

আব্যন্তৰীণ লক্ষণসমূহৰ পৰিবৰ্তন কেৱল ইলেট্ৰনিক মাইক্ৰস্কপ যন্ত্রৰ সহায়তহে চাব পাৰি। কোশসৰ ভিতৰত হোৱা এই পৰিবৰ্তনসমূহে উদ্ভিদজোপাক ৰুগীয়া কৰি তোলে।

কিছুমান ভাইৰাছজনিত ৰোগঃ

আলু বা বিলাহীৰ পাত ঘোৰ খাই যোৱা, আলু বা বিলাহীৰ পাতত ফুটফুটীয়া দাগ পৰা, ভেণ্ডিৰ পাতৰ সিৰা হালধিয়া পৰা ৰোগ, পাত ছুটী ছুটী হৈ কলগছ চাপৰ হোৱা ৰোগ, মাটিমাহ বা মগুমাহৰ পাতত হালধীয়া ৰঙৰ ফুটফুটীয়া দাগ পৰা ইত্যাদি।

মাইকপ্লাজমাজাতীয় অণুজীৱ

মাইকপ্লাজমা হ’ল বেক্টেৰিয়াসদৃশ কিছুমান অণুজীৱ, যিবোৰৰ কোষাৱৰণ নেথাকে। এই জাতীয় অণুজীৱবোৰেও উদ্ভিদত বিভিন্ন ৰোগৰ সৃষ্টি কৰে। ঝজেনে, বেঘগেনোৰ সৰু সৰু পাত হোা ৰোগ, কুঁহিয়াৰৰ ঘাঁহ সদৃশ পোখা হোৱা ৰোগ আদি।

নিমাটড বা শস্যকৃমি

উদ্ভিদকো কিছুমান পেলু না কৃমিয়ে আক্ৰমাণ কৰি ৰুগীয়া কৰি তুলিব পাৰে। বিলাহী বা বেঙেনাৰ শিপাত শস্য আক্ৰমন কৰিলে শিপাবোৰত টেমুনাৰ সৃষ্টি  আৰু গছজোপা নিশকটিয়া হয়।

পৰজীৱি বা পৰাশ্ৰয়ী উদ্ভিদ

আকাশীলতা ৰঘূমলা জাতীয় কিছুমান উদ্ভিদে অন্য উদ্ভিদৰ ওপৰত আশ্ৰয় লৈ সিঁহতৰ বৃদ্ধি বাধাপ্ৰাপ্ত কৰে নাইবা মাৰি পেলায়।

কীট-পতঙ্গ আৰু ৰোগ বৃদ্ধিত কি কি কাৰকে প্ৰভাৱ পেলায়ঃ

কীট-পতঙ্গ বৃদ্ধিত জীৱিত আৰু জড় দুয়ো প্ৰকাৰৰ কাৰকে প্ৰভাৱ বিস্তাৰ কৰে। জড় কাৰকসমূহ সাধাৰণতে ভৌতিক। যেনে, উষ্ণতা, আদ্ৰতা, পোহৰ, বতাহ, কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ আদি। অন্যহাতে জীৱিত কাৰকসমূহ হ’ল- খাদ্য প্ৰাকৃতিক শত্রু আদি।

কীট-পতঙ্গ আৰু ৰোগ-ব্যাধি নিয়ন্ত্রণঃ

শস্যত কীট-পতঙ্গ দেখিলেই যে ইয়াক নিধন কৰিব লাগিব এনে ধাৰণা কেতিয়াও হ’ব নেলাগে। কিয়নি সকলো কীট-পতঙ্গই আৰু ৰোগেই অনিষ্টকাৰী নহয়। তদুপৰি ই শস্যৰ কিমান পৰিমাণে ক্ষতি কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিহে নিয়ন্ত্রণৰ ব্যৱস্থা ল’ব লাগে। খাদ্য শস্যৰ অপৰহাৰ্য উৎপাদন বৃদ্ধিৰ কথাটোলৈ লক্ষ্য ৰাখি অনিষ্টকাৰী কীট-পতঙ্গ বা ৰোগ নিয়ন্ত্রণ কৰাটো প্ৰয়োজনীয় হৈ পৰে। কিন্তু পাৰিপাৰ্শ্বিক অৱস্থা আৰু প্ৰকৃতিক ভাৰাসাম্যতাৰ প্ৰতি গুৰত্ব নিদিয়াকৈ কীট-পতঙ্গ বা ৰোগ নিয়ন্ত্রণ কৰিলে পৰিস্থিতি ভয়াৱহ হয়, প্ৰাকৃতিক জীৱ-জন্তু জীয়াই থকাটোও কঠিন হৈ পৰে।

কীট-পতঙ্গ আৰু ৰোগ নিয়ন্ত্রণৰ মূল নীতিঃ

ইতিমধ্যে আমি আলোচনা কৰিছো যে, জধে-মধে কীটনাশক দ্ৰব্য প্ৰয়োগ কৰাটো সঠিক নহয়। ইয়াৰবাবে আমি কিছুমান নিয়ম-নীতি মানি চলাটো দৰকাৰ।

১মই অতি দৰকাৰী কথা হ’ল- এডৰা মাটিত থকা শস্যৰ অৰ্থনৈতিক আক্ৰমণৰ পৰিসীমা() আৰু অৰ্থনৈতিক ক্ষতিৰ পৰিসীমা() নিৰ্দ্ধাৰণ কৰি লোৱাটো অৰ্থনৈতিক আক্ৰমণৰ পৰিসীমা () হ’ল- শস্যডৰাক অৰ্থনৈতিকভাৱে ক্ষতি কৰিব পৰা নিম্নতম সংখ্যক কীট-পতঙ্গৰ সংখ্যা আৰু অৰ্থনৈতিক ক্ষতিৰ পৰিসীমা () হ’ল- শস্যএডৰা অৰ্থনৈতিক আক্ৰমণৰ পৰিসীমাত উপনিত হোৱাৰ পৰা ৰক্ষা পাবৰ বাবে, কীট-পতঙ্গ নিয়ন্ত্রণৰ ব্যৱস্থা ল’বৰ বাবে থাকিবলগীয়া নিম্নতম কীটৰ সংখ্যা।

প্ৰথমতে, কীট-পতঙ্গৰ চিনাক্তকৰণ কৰা কাৰ্যটো অতি দৰকাৰী কথা। কিয়নো, নিয়ন্ত্রণৰ বাবে কীট-পতঙ্গৰ খাদ্যাভাস, বাসস্থান, বংশবৃদ্ধি ইত্যাদি বিষয়বোৰ পৰিষ্কাৰভাৱে জনাটো অতি দৰকাৰ।

দ্বিতীয়তে,  অন্যান্য পাৰিপাৰ্শ্বিক কাৰকবোৰ যেনে, বায়ুৰ উষ্ণতা, পোহৰ বতাহ, আদ্ৰতা আদিৰ বিশসয়েও বিতংভাৱে জানিব লাগিব। কিয়নো, পৰিৱেশৰ কেনেকুৱা অৱস্থাত কীটৰ আক্ৰমণ বৃদ্ধি হয় তাৰ বিষয়ে জানিলেহে নিয়ন্ত্রণৰ পদ্ধতিসমূহ লোৱাত সুবিধা হয়।

তৃতীয়তে, উৎপাদনি খৰছ আৰু লাভ এই কথা ২টাৰ ওপৰত নিৰ্ভৰ কৰিহে নিয়ন্ত্রণৰ ব্যৱস্থা লোৱাটো দৰকাৰ। কিয়নো. কোনো এটা নিয়ন্ত্রণ পদ্ধতি অৱলম্বন কৰাৰ পিছত যদি লাভতকৈ লোকচানৰ পৰিমাণহে বাঢ়ি যায়, তেতিয়া তেনেকুৱা নিয়ন্ত্রণৰ পদ্ধতি গ্ৰহণ কৰাটো অৰ্থহীন হৈ পৰে।

লেখক : নয়ন কুমাৰ বৰা

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top