মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / শালিধানত কীটনাশক প্ৰয়োগৰ শেহতীয়া ধ্যান-ধাৰণা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শালিধানত কীটনাশক প্ৰয়োগৰ শেহতীয়া ধ্যান-ধাৰণা

শালিধানত কীটনাশক প্ৰয়োগৰ শেহতীয়া ধ্যান-ধাৰণাৰ বিষয়ে লিখা হৈছে ।

 

ধানৰ কীট-পতংগ নিয়ন্ত্ৰণত অন্যান্য বিকল্প পদ্ধতিবোৰ পৰাজয় স্বীকাৰ কৰিলেও ৰাসায়নিক কীটনাশকসমূহে ক্ষিপ্ৰতাৰে সফলভাবে নিয়ন্ত্ৰণ কৰি কৃষকসকলক সকাহ দিব পাৰে । ৰাসায়নিক কীটনাশকবোৰ পৰিৱেশ প্ৰতিকূল হ’লেও কৃষকসকলে পোকটোৰ যিকোনো জীৱনকালত প্ৰয়োগ কৰি সহজতে দমন কৰিব পাৰে ।

ধান আৰু ঘেঁহুৰ অৰ্ধচাপৰ আৰু উচ্চ উৎপাদনক্ষম জাতৰ আৱিষ্কাৰৰ যোগেদি আৰম্ভ হোৱা সেউজ বিপ্লৱৰ কালছোৱাত খেতিপথাৰত ৰাসায়নিক সাৰ আৰু কীটনাশক অধিক হাৰত প্ৰয়োগ কৰা হৈছিল । সেই কালছোৱাত ৰাসায়নিক কীটনাশকসমূহে পৰিৱেশ, পশুধন, মানুহ আৰু প্ৰকৃতিৰ জৈৱ- বৈচিত্ৰ্যৰ ওপৰত পেলোৱা কু-প্ৰভাৱবোৰৰ বিষয়ে মানৱ সমাজ অৱগত নাছিল । সেউজ বিপ্লৱ আৰু উক্ত কালছোৱাত সঘনাই প্ৰয়োগ কৰা প্ৰথম প্ৰজন্মৰ কীটনাশক ডি ডি টি, বি এইচ চি, লিনদেন, এলড্ৰিন, ক্লৰডেন, এণ্ডোছালফান আদিয়ে পাৰিপাৰ্শ্বিকতা, জৈৱ- বৈচিত্ৰ্য আৰু মানৱ স্বাস্থ্যৰ ওপৰত যথেষ্ট কু-প্ৰভাৱ পেলাইছিল । আশী আৰু নব্বৈৰ দশকত এনে বহুত কীটনাশকে জীৱকুলৰ ওপৰত অনা কু-প্ৰভাৱৰ কথা জানি খেতিপথাৰত প্ৰয়োগ কৰাত বাধা আৰোপ কৰা হৈছিল । আনহাতে ধানৰ কীট-পতংগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেইবিধমান পুৰণা কীটনাশক মনক্ৰ্ট’ফছ, ক্লৰ’পাইৰিফছ, কুইনালফছ, ফৰেট, কাৰ্বাৰিল, কাৰ্বফুৰান আদি আজিও কৃষকৰ মাজত জনপ্ৰিয় হৈ আছে ।

নব্বৈ দশকৰ পৰা ২০০০ চনৰ ভিতৰত আৱিষ্কাৰ হোৱা কীটনাশকসমূহ লক্ষ্য নিৰ্ধাৰিত, কম সময়ত অৱক্ষয় হোৱা আৰু অতি কম পৰিমাণে প্ৰয়োগ কৰি ভাল ফল পোৱাবিধৰ । ধাৰণশীল কৃষিৰ ধাৰণাৰে অধিক উৎপাদন পাবলৈ অপকাৰী কীট-পতংগসমূহৰ প্ৰাকৃতিক শত্ৰু আৰু আন জীৱকুলৰ অপকাৰ নকৰাকৈ ধানৰ অনিষ্টকাৰী কীট-পতংগ নিয়ন্ত্ৰণ কৰিব পৰা কীটনাশক নিৰ্বাচন কৰাতো কৃষিৰ লগত জড়িত প্ৰত্যেকৰে কৰ্তব্য হোৱা উচিত । ইমিডাক্লপ্ৰিড, থাইয়ামেথ’ক্সাম, ইথ’ফেনপ্ৰক্স, স্পাইন’চাদ, ফ্লুবেনদিয়ামাইড, ইণ্ডোক্সাকাৰ্ব, ছালফক্সিমাইন আদি ন ন বিশেষ গুণসম্পন্ন কীটনাশকসমূহে ধানৰ কীট-পতংগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট বৰঙণি আগবঢ়াইছে ।

গছৰ ভিতৰত লুকাই আক্ৰমণ কৰা মজাখোৱা আৰু পিঁয়াজী পোক নিয়ন্ত্ৰণৰ বাবে দানাজাতীয় কীটনাশক কাৰ্বফুৰান, ফিপ্ৰ’নিল, আইচাজ’ফছ, কাৰ্বছালফান আদিৰ নাম উল্লেখ কৰিব পাৰি । মজাখোৱা পোকৰ লগত পাত মেৰোৱা পোকৰ আক্ৰমণ থকা পথাৰত কাৰ্টাপ হাইড্ৰ’ক্লৰাইড আৰু ৰাইনাক্সইপিৰ প্ৰয়োগ কৰিলে বেছি সুফল পোৱা যায় । স্প্ৰে’ কৰি প্ৰয়োগ কৰা কীটনাশকতকৈ দানাজাতীয় কীটনাশকসমূহ ধানৰ কীট নিয়ন্ত্ৰণৰ বাবে বেছি উপযোগী বুলি প্ৰমাণিত হৈছে । তথাপি ধাননি পথাৰত যদি মজাখোৱা, পাত মেৰোৱা, টুপলিকটা, চৰহা, শোহনী, কেওকটা, শুঁৰ পোক আদি বহুকেইবিধ পোকৰ আক্ৰমণ দেখা যায়, তেনে পৰিস্থিতিত মন’ক্সটফছ, ক্লৰ’পাইৰিফছ আদি কীটনাশক স্প্ৰে’ কৰাৰ প্ৰয়োজন হৈ পৰে । শোহনী পোকৰ আক্ৰমণ থকা পথাৰত নিয়’নিকটিনয়িডজাতীয় কীটনাশক ইমিডাক্ল’প্ৰিড, থাইয়ামেথ’ক্সাম, ক্লথিএনডিন আদি বেছি ফলপ্ৰসূ হোৱা দেখা যায় । আজিকালি দুবিধ সক্ৰিয় উপাদান একেলগে থকা কীটনাশক বজাৰত উপলব্ধ হৈছে । বু প্ৰফেজিন এচিফেট, ফ্লু বেনডিয়ামাইদবু প্ৰফেজিন, ইমিডাক্লপ্ৰিডএথিপ্ৰল, ফ্লুবেনডিয়ামাইদ ফিপ্ৰ’নিল আদি দুটাকৈ সক্ৰিয় উপাদান থকা কীটনাশকে ধানত একেলগে আক্ৰমণ কৰা দুই বা ততোধিক কীট-পতংগক নিয়ন্ত্ৰণ কৰিব পাৰে ।

ধানৰ কঠীয়াতলী আৰু ৰোৱাৰ আগত কঠীয়াৰ শিপা কীটনাশকৰ মিশ্ৰণত ডুবাই মূল পথাৰত প্ৰায় এমাহলৈকে কীট-পতংগৰ আক্ৰমণৰ পৰা হাত সাৰি থাকিব পাৰি । কঠীয়াতলীৰ পৰা কঠীয়া উঠোৱাৰ পাঁচদিন আগত ফুৰাডন নাইবা কাৰ্টাপ হাইড্ৰ’ক্লৰাইড নামৰ কীটনাশক কঠীয়াতলীত প্ৰয়োগ কৰা হয় । কঠীয়াৰ শিপা শোধনৰ বাবে ক্লৰ’পাইৰিফছ নামৰ কীটনাশকবিধ ব্যৱহাৰ কৰিলে মূল পথাৰত কিছুদিনৰ বাবে পিঁয়াজী, মজাখোৱা আৰু অন্যান্য পাত খোৱা পোকৰ পৰা হাত সাৰি থাকিব পাৰি ।

একেবিধ কীটনাশক বিস্তৃত এলেকাত বহুদিন প্ৰয়োগ কৰাৰ ফলত কীট-পতংগবোৰে কীটনাশকবিধৰ বিপৰীতে প্ৰতিৰোধ ক্ষমতা অৰ্জন কৰে । তদুপৰি নিৰ্দিষ্ট পোকটোৰ প্ৰাকৃতিক শত্ৰু পোকবোৰ কীটনাশকবিধে ধ্বংস কৰাৰ পাছত পোকবিধ নিয়ন্ত্ৰণৰ বাহিৰত অৱস্থান কৰি কৃষকৰ মূৰৰ কামোৰণি হৈ পৰে । কৃষকে ধাননি পথাৰত সঘনাই প্ৰয়োগ কৰা কৃত্ৰিম পাইৰেথ্ৰইডজাতীয় ডেলটামেথ্ৰিন, চাইপাৰ মেথ্ৰিন, ফেনভেলাৰেট, লেমডা চাইহেল’থ্ৰিন আদি কীটনাশকসমূহৰ প্ৰতি বাদামী শোহনী পোকে প্ৰতিৰোধ ক্ষমতা অৰ্জন কৰিছে আৰু পোকবিধৰ আক্ৰমণ হঠাতে বাঢ়ি গৈ ধান খেতিত যথেষ্ট ক্ষতিসাধন কৰিছে । অত্যধিক কাৰ্বফুৰান আৰু ফৰেট প্ৰয়োগ কৰা ধাননি পথাৰত শোহনী আৰু পাত মেৰোৱা পোকৰ আক্ৰমণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ।  বজাৰত উপলব্ধ হোৱা নিয়’নিকটিনয়িড জাতৰ কীটনাশক ইমিডাক্লপ্ৰিড, থাইয়া মেথক্সাম আদিয়ে কিছুমান ঠাইত আগৰ দৰে বাদামী শোহনী পোক নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈছে । প্ৰাকৃতিক শত্ৰু পোকবোৰৰ অনিষ্ট সাধন নোহোৱাকৈ কম পৰিমাণে সক্ৰিয় উপাদান প্ৰয়োগ কৰি নিৰ্দিষ্ট কীট-পতংগবিধক সফলভাৱে নিয়ন্ত্ৰণ কৰাটোৱে সুসংহত কীট-পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনাৰ উদ্দেশ্য হোৱা উচিত ।

জৈৱিক কৃষি পদ্ধতিৰে বিশ্বৰ বৰ্ধিত জনসংখ্যাৰ অন্নৰ চাহিদা পূৰণ কৰাত সক্ষম হ’বলৈ যথেষ্ট গৱেষণাৰ প্ৰয়োজন হ’ব । অন্নৰ চাহিদা, জৈৱ-বৈচিত্ৰ্য, পাৰিপাৰ্শ্বিকতা আৰু জীৱকুলৰ ওপৰত ৰাসায়নিক কীটনাশকৰ কু-প্ৰভাৱ আদি সকলো দিশ চালিজাৰি চাই কৃষকসকলে কৃষিত কীটনাশক প্ৰয়োগ কৰাৰ প্ৰতিটো খোজত কৃষি বিজ্ঞান কেন্দ্ৰ আৰু কৃষি বিভাগৰ বিষয়াসকলৰ পৰামৰ্শ লৈ আগবঢ়াইছে বুদ্ধিমানৰ কাম হ’ব ।

লেখক :- গুণাঢ্য কুমাৰ উপমন্য

উৎস :- অসমীয়া খবৰ

3.13333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top