মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / শীতকালীত হোৱা শস্যৰ ভেকুঁৰজনিত আৰু বেক্টেৰিয়েলজনিত ৰোগৰ লক্ষণ আৰু ইয়াৰ সমিধান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতকালীত হোৱা শস্যৰ ভেকুঁৰজনিত আৰু বেক্টেৰিয়েলজনিত ৰোগৰ লক্ষণ আৰু ইয়াৰ সমিধান

উদ্যানশস্যৰ ৰোগৰ লক্ষণ আৰু ইয়াৰ নিয়ন্ত্ৰণ প্ৰণালী

জলবায়ু পৰিৱৰ্তন,পৰিৱেশৰ তাৰতম্যৰ ফলত বৰ্তমান সময়ত শস্যৰ ৰোগৰ প্ৰাৰ্দূভাৱ দিনক দিনে বাঢি যোৱা দেখা গৈছে । ইয়াৰ উপৰিও আজিকালি বহুতো খেতিয়কে শস্যৰ ৰোগ নিয়ন্ত্ৰণত বিভিন্ন ধৰণৰ ৰাসয়নিক ঔষধ অত্যাধিক পৰিমাণৰ প্ৰয়োগ কৰা দেখা যায় । ইয়াৰ ফলস্বৰূপে আজিকালি বিভিন্ন ধৰণৰ নতুন ৰোগে শস্যত আক্ৰমণ কৰে ।  অত্যাধিক পৰিমাণৰ ৰাসয়নিক দৰৱ প্ৰয়োগ কৰা শাক-পাচলিৰ পৰা মানৱ শৰীৰত অপকাৰ কৰাৰ উপৰিও বহুতো ৰোগৰ সৃষ্টি কৰিছে । তাৰোপৰি আজিকালি দেখা যায় যে নিৰ্দিষ্ঠ শস্যৰ ৰোগৰ বিপৰিতে অন্য ৰোগৰ ঔষধ প্ৰয়োগ কৰি খাদ্যশস্যৰ মানদণ্ড নষ্টৰ লগতে বিষাক্ত কৰাৰ উপৰিও মাটিৰ গুণাগুণ আৰু পৰিৱেশ বিনষ্ট কৰিছে । কিছুমান অতি গুৰুত্বপূৰ্ণ অতি দৰকাৰী উদ্যানশস্যৰ ৰোগৰ লক্ষণ আৰু ইয়াৰ নিয়ন্ত্ৰণ প্ৰণালী-

১। গুৰি পচা ৰোগ ( Root rot):

জলকীয়া, বিলাহী, বেঙেনা, ওলকবি, বন্ধাকবি আৰু ফুলকবি ইত্যাদি ।এই ৰোগ বিধ Rhizoctonia, Pythium, Fusarium আদি ভেকুঁৰেই আক্ৰান্ত কৰে।

ৰোগৰ লক্ষণ (Symptoms):

গুটি বিলাক সিঁচাৰ পিছত গুটিৰ পৰা গজালি ওলোৱাৰ আগতেই গজালি বিলাক গেলি-পচি শুকাই যোৱা  যায় ইয়াক কোৱা হয় আগতিয়া ডেম্পিং অফ্ (Pre-damping off)। দুই ছাৰি খিলা পাত ওলোৱা পুলিবিলাকৰ গুৰিত মুগা বৰণৰ দাগ, জলসিক্ত হৈ সম্পূৰ্ণ পুলি বোৰ বীজতলীতে মৰহি শুকাই যায়। ইয়াক কোৱা হয় পাছতিয়া ডেম্পিং অফ্ (Post damping off)। কিছুমান পুলি আকৌ গুৰিটো চিয়াঁ হৈ ক্ৰমাৎ সেই অংশটো শুকাই তাঁৰৰ নিচিনা হৈ পৰে। পুলি বিলাক দুৰ্বল হৈ হালি গৈ অৱশেষত মৰি যায়। ইয়াক কোৱা হয় ৱাইৰ স্টেম  (wire stem) ৰোগ।

নিয়ন্ত্ৰণ প্ৰণালী:

. বীজ শোধন (Seed Treatment):

বীজবিলাক পুলিবাৰীত সিঁচাৰ আগতে এক গ্ৰাম বেভিষ্টিন বা দুই গ্ৰাম থিৰাম একলিটাৰ পানীত ডুবাই শোধিত কৰি লব লাগে। জৈৱিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জৈৱ-ভেকুঁৰনাশক  ব্যৱহাৰ কৰিব পাৰি। ট্ৰাইক'ড্ৰামা যুক্ত কিছুমান জৈৱিক ঔষধ বজাৰত পোৱা যায়। ই কেৱল ৰোগ প্ৰতিৰোধ ক্ষমতাই নহয় ইয়াৰ উপৰিও পুলিবিলাকক সোনকালে শ্ৰীবৃব্দিত সহায় কৰে।

. পুলি বা শিপা শোধন (Seedling treatment):

পুলিবাৰীৰ পৰা পুলিবিলাকৰ শিপাবিলাক নিচিঙাকৈ উঘালি আনি এক গ্ৰাম বেভিষ্টিন ১ লিটাৰ পানীত ১৫-২০ মিনিত সময় পুলি ৰোৱাৰ আগত ডুবাই ৰাখিব লাগে। একেদৰেই জৈৱিক ভেকুঁৰ-নাশক ৫ গ্ৰাম ১ লিটাৰ পানীৰ লগত মিহলি কৰি ৰোৱাৰ আগতে শিপা শোধন কৰি লব লাগে।

2. ভেকুঁৰজনিত আৰু বেক্টেৰিয়েলজনিত ৰোগৰ বাবে বিলাহী, বেঙেনা আৰু জলকীয়াৰ লেৰেলি বা শুকাই যোৱা বেমাৰ:

. ভেকুঁৰজনিত ৰোগ

ফিউজাৰিয়াম অক্সিস্পৰাম ফৰ্মিস্প্ৰেচিয়েলিচ লাইকপাৰছিকি (Fusarium oxysporum fsp lycopersici) নামৰ ভেকুঁৰবিধে গছজোপাৰ সংবহন নলিকাবোৰ আক্ৰমণ কৰি খাদ্যমৌল সমূহ চলাছলত বাধাৰ দিয়াৰ বাবই মৰহি শুকাই যায়।

ৰোগৰ লক্ষণ:

এই ৰোগবিধ অতি মাৰত্মক হিচাপে কৃষকৰ পথাৰত দেখা দিয়ে|আক্ৰান্ত গছজোপাৰ পাত ডাল বিলাক অলপ মৰহি বা বৰণহীন অৰ্থাৎ পাতল হালধীয়া হৈ পৰে। কেইদিনমানৰ পাছত লাহেকৈ গছজোপা লেৰেলি যাব আৰম্ভ কৰে আৰু অৱশেষত শুকাই মৰহি যায়। ইয়াৰ কাৰন হল যে আক্ৰান্ত গছবোৰৰ গুৰি অংশ আৰু শিপা বোৰত আক্ৰমণ কৰাৰ ফলত উদ্ভিদৰ সংবহন কলাবোৰ নষ্ট কৰি মুগা আৰু কলা বৰণৰ সৃষ্টি কৰে। ইয়াৰ বাবে উদ্ভিদৰ মৌল, পানী পৰিৱাহিত হব নোৱাৰি লাহে লাহে হালধীয়া হৈ মৰি যায়।

নিয়ন্ত্ৰ্ণ প্ৰণালী:

. পুলিবাৰিত বীজ সিঁচাৰ আগতে পুলিবাৰী খন ০.৪ শতাংশ ফৰমেলিন দ্ৰৱণ (Formalin) বা ০.৩ শতাংশ কেপ্টান প্ৰয়োগ কৰিব লাগে।

. বেভিষ্টিন (Bavistin) ১ গ্ৰা:১ লি: পানীত মিহলি কৰি বীজবিলাক শোধিত কৰি ছটিয়াব লাগে।

. লেৰেলি বা মৰহি যোৱা গছবিলাক উঘালি আতঁৰাই পুৰি বা পুতি পেলাব লাগে।

. ভেকুঁৰজনিত প্ৰতিৰোধী জাত নিৰ্বাচন কৰিব লাগে।

. জৈৱিক জীৱাণুৰ সহায়ত এই ৰোগ নিয়ন্ত্ৰ্ণ কৰিব পাৰি।

. বেক্টেৰিয়েলজনিত ৰোগ লক্ষণ আৰু চিনাক্তকৰণ:

এই ৰোগবিধ ৰালষ্ট'নিয়া ছ'লানাছিয়েৰাম নামৰ বেক্টেৰিয়াৰ আক্ৰান্ত হয়। স্বাস্থ্যৱান, লহপহকৈ বাঢ়ি থকা সম্পূৰ্ণ গছবোৰ হঠাতে মৰহি বা লেৰেলি যায়। এই ৰোগত আক্ৰান্ত সহজতে চিনাক্ত কৰিব পাৰি। ইয়াক অ'জ পৰীক্ষা (ooze test) বুলি জনা যায়। বেমাৰী গছজোপাৰ এটা পৰিস্কাৰ ডাল চোকা কটাৰীৰে কাটি স্বচ্ছ কাচৰ গিলাছত থকা পানীত কটাৰীৰে কটা অংশতো লৰচৰ নকৰাকৈ ডুবাই ৰাখিব লাগে। ঠিক ১০-১৫ মিনট মানৰ পিছত হেলনীয়াকৈ কটা মূৰটোৰ পৰা আঁচ বা ধোৱা বৰণৰ কিছুমাণ বগা পদাৰ্থ পানীৰ বাহিৰলৈ ওলাই আহে। এইখিনিকে বেক্টেৰিয়া বুলি কোৱা হয়। এনেকৈয়ে বেক্টেৰিয়া জনিত ৰোগ চিনাক্ত কৰিব পাৰি। ভেকুঁৰজনিতৰ বাবে আক্ৰান্ত গছ বিলাকৰ পৰা এইধৰণৰ পদাৰ্থ নিগৰ্ত নহয়।

নিয়ন্ত্ৰণ প্ৰণালী:

ক। এই ৰোগ নিৰাময়ৰ বাবে হিং (১ গ্ৰাম) আৰু হালধিৰ গুৰি (১০ গ্ৰাম) ভালদৰে ১ লিটাৰ পানীৰ লগত মিহলি কৰি গছবিলাকৰ গুৰি  অংশত শিপাবোৰ তিতি যোৱাকৈ তিনিবাৰ ক্ৰমে ১৫,৩০ আৰু ৪৫ দিনৰ ব্যৱধানত প্ৰয়োগ কৰিব লাগে।

খ। প্ৰতিৰোধক্ষম বা উন্নতজাতৰ বীজ বাৰ্চনি কৰিব লাগে।

গ। এগ্ৰমাইচিন বা ষ্ট্ৰপ্টমাইচিন (১০০ পি পি এম) ১ গ্ৰাম ১০ লি: পানীৰ লগত ভালদৰে মিহলি কৰি গছৰ গুৰিৰ অংশত প্ৰয়োগ কৰিব লাগে।

ঘ।জৈবিক জীৱাণু ছিউডমনাছ ফ্লৰছেনছ ব্যৱহাৰ কৰি এই ৰোগৰ পৰা ৰক্ষা পাব পাৰি।

যুগুতালেঃ
মনোজ গগৈ
পি এইছ ডি ছাত্ৰ
উদ্ভিদ ৰোগ বিজ্ঞান বিভাগ
অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট-১৩

3.8125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top