মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / শুঁৰ পোক ঘাতক: বতৰ, যান্ত্ৰিকীকৰণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শুঁৰ পোক ঘাতক: বতৰ, যান্ত্ৰিকীকৰণ

পৰম্পৰাগত জ্ঞান আৰু কৃষি ব্যৱস্থা পৰিহাৰ কৰা, বতৰৰ পৰিৱৰ্তন, একাংশ কৃষকৰ সচেতনতাৰ অভাৱ, কৃষি

চমু বিৱৰণ

পৰম্পৰাগত জ্ঞান আৰু কৃষি ব্যৱস্থা পৰিহাৰ কৰা, বতৰৰ পৰিৱৰ্তন, একাংশ কৃষকৰ সচেতনতাৰ অভাৱ, কৃষি বিভাগে কৃষকক সজাগ নকৰা তথা মিত্ৰ পক্ষী, কীট-পতংগ হ্ৰাস পোৱাৰ বাবেই এইবাৰ অসমৰ পথাৰত শুঁৰপোকৰ উপদ্ৰৱ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে| নিশাচৰ এই পোকে নিশাটোৰ ভিতৰতে শালিধানৰ বিস্তীৰ্ণ পথাৰ খাই তহিলং কৰিছে| ইয়াৰ পূৰ্বে ১৯৬৭ চনত শুঁৰপোকে অসমৰ পথাৰত ভয়াবহভাৱে আক্ৰমণ চলাইছিল| ওপৰত উল্লেখিত কাৰক কেইটাৰ বাবে ধানৰ থোক ওলোৱাৰ সময়ত পুনৰ কেঁউকটা পোকে আক্ৰমণ কৰিব পাৰে| প্ৰকৃতিত শুঁৰপোক থাকেই যদিও প্ৰাকৃতিকভাৱে ই নিয়ন্ত্ৰিত হৈ থাকে| এইবাৰ শুঁৰপোকে অসমত জীৱনচক্ৰৰ ষষ্ঠ স্তৰ পাইছে| সাধাৰণতে শুঁৰপোকৰ জীৱন চক্ৰ পাঁচটা স্তৰত যদিও এইবাৰ বতৰৰ বাবেই শুঁৰপোকে ষষ্ঠ স্তৰ পাইছে| এই স্তৰত শুঁৰপোক যথেষ্ট ডাঙৰ দীঘল হয় বাবে যথেষ্ট খাদ্যৰ প্ৰয়োজন হয়| শুঁৰপোকৰ বাবে বতৰ অনুকূল হোৱা বাবে এই পোকবিধৰ বংশবৃদ্ধি সাধাৰণ অৱস্থাৰ তুলনাত বেছি হৈছে| উল্লেখ্য যে নাছাই ২০১৬ ৰ আগষ্ট মাহ ১৩৬ বছৰৰ ভিতৰত বেছি গৰমৰ মাহ বুলি উল্লেখ কৰিছে|

বিভিন্ন কাৰণ আৰু প্ৰতিকাৰ

অসমত এইবাৰ বানপানী সময়তকৈ আগতে আহিছে, বেছি সময়ৰ বাবে আছে| উদ্বেগৰ কথাটো হ’ল এইবাৰৰ বানপানী, বৰষুণৰ সমানুপাতিক নহয়| এই প্ৰাক্‌ মৌচুমী সময়ছোৱাত অসমত ডাঙৰ বৰষুণ আৰু সামগ্ৰিকভাৱে বেছি বৰষুণ হৈছে| কিন্তু মৌচুমী বায়ুৰ সময়ছোৱাত বৰষুণৰ পৰিমাণ কম হৈছে| বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, মাৰ্চ-এপ্ৰিলত অসমত ২১ শতাংশ বেছি বৰষুণ হৈছিল| আনহাতে, ১ জুনৰ পৰা ১৬ আগষ্ট পৰ্যন্ত ২৫ শতাংশ স্বাভাৱিকতকৈ কম বৰষুণ হৈছে| এপ্ৰিলৰ শেষৰ পৰা আৰম্ভ হোৱা বানপানী এৰা-ধৰাকৈ আগষ্টৰ প্ৰথম সপ্তাহ পৰ্যন্ত আছে| ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে এইবাৰ অসমত মাত্ৰ জুলাই মাহত ৬টা দিনত অতি বেছি (২৪ ঘণ্টাৰ ভিতৰত ১২৪.৫-২৪৪.৫ মিলিমিটাৰ বৰষুণ হ’লে বতৰ বিজ্ঞানে অতি বেছি বৰষুণ হোৱা বুলি ধৰে) বৰষুণ হৈছে| জলবায়ু পৰিৱৰ্তনৰ ৰাজ্যিক কৰ্মসূচীৰ প্ৰতিবেদন মতে অসমত ২০২১-২০৫০ চনৰ ভিতৰত অভাৱনীয় বৰষুণৰ ঘটনা ৫-৩৮ শতাংশ আৰু বানপানীৰ পৰিমাণ ২৫ শতাংশ বৃদ্ধি পাব পাৰে| বতৰৰ পৰিৱৰ্তনে এইবাৰ ৰাজ্যত বানপানীৰ মাত্ৰাই যে বৃদ্ধি কৰিছে এনে নহয়, পোকৰ উপদ্ৰৱো বহুলাংশে বৃদ্ধি কৰিছে| এইবাৰ জুলাই মাহত প্ৰচুৰ বৰষুণ হ’ল, আগষ্টত একেলেথাৰীয়ে বহুদিন ৰ’দ দিলে, গৰম বেছি হ’ল| আগষ্টৰ শেষৰ পৰা কেইদিনমান পাতলীয়া বৰষুণ হ’ল| ২০১৫ চনৰ আগষ্টত ২৪ দিন বৰষুণ হোৱাৰ বিপৰীতে এইবাৰ ৫ দিনহে হ’ল| এই পৰিৱেশত শুঁৰপোকৰ অভাৱনীয় বংশবৃদ্ধিৰ বাবে অনুকূল হ’ল| আনহাতে, পৰম্পৰাগত কৃষি পদ্ধতি পৰিহাৰ কৰি আধুনিক কৃষি পদ্ধতি বা যান্ত্ৰিকীকৰণৰ সহায় লোৱা বাবেও বিভিন্ন পোক-পতংগৰ বংশবৃদ্ধিৰ হাৰ দ্ৰুতগতিত বাঢ়িবলৈ ধৰিছে| উত্তৰ লখিমপুৰৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° কিশোৰ শৰ্মাই কয়, ‘আজিকালি হাল বোৱা সংখ্যা কমি গ’ল| ট্ৰেক্টৰ-পাৱাৰ টিলাৰ হোৱা বাবে হাল বোৱাৰ কেইদিনমানৰ ভিতৰতে ৰুই দিয়ে| ফলত মাটিৰ তলত থকা লেটা, কণী আদি মৰি নাযায়| পৰম্পৰাগত কৃষি পদ্ধতিত মাৰ্চ মাহত এচাহ মাৰে| আকৌ এপ্ৰিল মাহত ব’হাগৰ আগে আগে এচাহ মাৰে| এসপ্তাহমানৰ মূৰে মূৰে এচাহ এচাহ মাৰি ৪-৫ চাহ মাৰে| ফলত পোকৰ কণী, লেটা আদি বহু সূৰ্যৰ পোহৰত আহি মৰি যায়| আজিকালি জধে-মধে কীটনাশক মাৰে| ফলত কৃষকৰ মিত্ৰপোক বা প্ৰাকৃতিক শত্ৰু পোক মৰি যায়| ওচৰৰ চাহ বাগিচাৰ কীটনাশকো পথাৰলৈ আহে| মকৰাজাতীয়, জিঞা জাতীয় পোক মাৰি যায়| এইবাৰ শুঁৰপোকৰ বাবে বতৰো অনুকূল হয়| ফলত শুঁৰপোকৰ জীৱন চক্ৰ এইবাৰ ষষ্ঠ স্তৰলৈ গ’ল| এই অৱস্থাত শুঁৰপোকৰ আকাৰ সাধাৰণ অৱস্থাতকৈ ২-৩ গুণ ডাঙৰ হয় আৰু বহু বেছি খাবলৈ লয়| পৰম্পৰাগত কৃষি পদ্ধতিত ছাগলীৰ লাদ, গোবৰ ছটিওৱা হৈছিল| বহু পোক-পৰুৱা প্ৰতিৰোধ হৈছিল| আজিকালি পথাৰৰ আলি ভাঙি নিদিয়ে| আলি বোকাৰে লিপি নিদিয়ে| লিপি দিলে ভিতৰত থকা পোক-পৰুৱাবোৰ বতাহ নাপাই মৰি যায়| আলি ভাঙি নিদিলেও পোক-পৰুৱাবোৰ থাকি যায়| ড° শৰ্মাই আৰু কয় যে আজিকালি বহুতেই অইনৰ দ্বাৰাই খেতি কৰায়| সাধাৰণতে পথাৰলৈ নাযায়| তেওঁ কৃষকক অন্তত: ৪-৫ দিনৰ মূৰে-মূৰে পথাৰখন ভালদৰে পৰ্যবেক্ষণ কৰিবলৈ পৰামৰ্শ দিছে| পথাৰত পোকৰ আক্ৰমণ কম হৈ থকাৰ সময়তে নিয়ন্ত্ৰণ কৰিলেহে    কৃষকৰ খৰচ কম হয়| অন্যথা কীটনাশকৰ নামত বহুত ব্যয় কৰিবলগীয়াত পৰে| কৃষকজন সচেতন হ’লে, পথাৰত অতি কম পৰিমাণে পোক থাকিলে জৈৱ কীটনাশক (নিম তেল, গোমূত্ৰ আদি) ব্যৱহাৰ কৰি পোক নিয়ন্ত্ৰণ কৰিব পাৰি বুলি কয় মুখ্য বিজ্ঞানী ড° শৰ্মাই| অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগবিদ্যা বিভাগৰ বিজ্ঞানী ৰুদ্ৰ নাৰায়ণ বৰকাকতিয়ে কয় যে ১ বৰ্গমিটাৰত এটা পোক-পলু দেখিলেই কৃষকে ব্যৱস্থা ল’ব লাগে| ৪ টা দেখিলে যিমান কীটনাশক ব্যৱহাৰ কৰিব লাগিব কৃষকৰ খৰচ অনুপাতে আয় নহ’ব| কেৰাচিন তেলত ৰচী লগাই এই পোকৰ ওপৰেৰে চোঁচৰাই লৈ গ’লেও সুফল পোৱা যায় বুলি মন্তব্য কৰি বৰকাকতিয়ে কয়, ‘কম পলু থাকিলেহে এই ব্যৱস্থা কাৰ্যকৰী’| বিজ্ঞানী বৰকাকতিয়ে আৰু কয়, ‘বতৰ আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত খেতিপথাৰৰ গৌণ পোকবোৰ বাঢ়ি মুখ্য পোক হব’লৈ লৈছে| লেটা পোক, শুঁৰ পোক আদিবোৰ বাঢ়িবলৈ লৈছে| মজাখোৱা, চৰহা আদি পোক আদি কমিবলৈ ধৰিছে| বিষয়টো চিন্তনীয়|’ আনহাতে, গেৰুৱাত থকা অঞ্চলিক বৰষুণ নিৰ্ভৰশীল দ ভূমিৰ ধান গৱেষণা কেন্দ্ৰৰ জ্যোষ্ঠ বিজ্ঞানী (পতংগতত্ব) ড° কাঞ্চন শইকীয়াই কয়, ‘চৰহা পোক, মজা খোৱা পোক কমিছে যদিও পাতে মেৰিওৱা পোক, মিলিবাগ বা কপাহী পোক খেতিপথাৰত বতৰৰ পৰিৱৰ্তনৰ বাবেই বাঢ়িবলৈ লৈছে|’ ধুবুৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ (শস্য সুৰক্ষা) ড° ভৱেশ চন্দ্ৰ ডেকাৰ মন্তব্য, ‘বতৰৰ পৰিৱৰ্তনৰ বাবেই পৌণ পোক মুখ্য পোক হবলৈ গৈ আছে| বতৰৰ পৰিৱৰ্তনে বহু পোকৰ বংশবৃদ্ধিৰ বাবে অনুকূল পৰিৱেশ আনিছে| গৰম বঢ়াৰ লগে লগে পোকৰ এটা জীৱনচক্ৰ বাঢ়িছে| আনহাতে, ৰাসায়নিক কীটনাশকৰ ব্যাপক ব্যৱহাৰৰ বাবে বিভিন্ন, কীট-পতংগৰ প্ৰতিৰোধী ক্ষমতা বাঢ়ি গৈছে|’ বিজ্ঞানী ড° প্ৰবাল শইকীয়াই কয় যে কীটনাশকৰ ব্যৱহাৰ কৰোতে পৰিৱেশত কি বিৰুপ প্ৰভাৱ পৰে তালৈও চকু দিব লাগিব| শুঁৰপোক নিয়ন্ত্ৰণৰ বাবে দিয়া দুবিধ কীটনাশকৰ ভিতৰত কুইনলফচ চৰাই-চিৰিকটি, মাছৰ বাবে তুলনামুলকভাৱে কম বিষাক্ত| কীট-পতংগ নিয়ন্ত্ৰণত অন্যতম ভূমিকা লোৱা চৰাইৰ কথাও ভাবিব লাগিব| সেইবাবে কৃষক সচেতন হৈ প্ৰথম অৱস্থাতে জৈৱিকভাৱে কৃষিক্ষেত্ৰৰ পোক-পতংগ নিয়ন্ত্ৰণৰ কথা ভবা উচিত|

উত্তৰ লখিমপুৰৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী তথা কৃষিক্ষেত্ৰত চৰাইৰ ভূমিকা সম্পৰ্কে দীৰ্ঘদিন ধৰি গৱেষণা কৰি থকা ড° প্ৰবাল শইকীয়াই আৰু কয়, ‘শুঁৰপোক জাকৰুৱা পলু জাতীয় পোক| ইহঁতে জাক পাতি আহে| ইহঁতে বেলি ডুবাৰ আগে আগে, সন্ধিয়া খাদ্য খাবলৈ আহে| দিনত মাটিৰ তলত লুকাই থাকে| শুঁৰপোক নিশাচৰ পোক| ডাৱৰীয়া বতৰ হলেও দিনৰ ভাগত ওলাই আহে| গছৰ পাত, ঘাঁহ-বন কমকৈ খায়| জাকৰুৱা এই পোকবিধ স্বাভাৱিক ভাৱেই প্ৰকৃতিত নিয়ন্ত্ৰণ হৈ থাকে| বতৰৰ লগত এই পোকবিধৰ বংশবৃদ্ধিৰ সম্পৰ্ক আছে| অনূকুল বতৰ পালে জাকৰুৱা ৰুপ ধাৰণ কৰে| সাধাৰণতে ইহঁত ধাননি পথাৰলৈ নাহে| যিবোৰ ঘাঁহ জাতীয় বন আছে, ওখ ধাননি পথাৰৰ বননি, অপতৃণত ইহঁত থাকে| ইহঁতক স্বাভাৱিক ভাৱে কেইবিধমান খেতিপথাৰৰ মকৰা, বৰল আৰু মাখি জাতীয় পোকে খাই নিয়ন্ত্ৰণ কৰি থাকে|’ ড° শইকীয়াই আৰু কয়, ‘ইহঁত যিহেতু জাকৰুৱা পোক ইহঁতক জাকৰুৱা চৰায়ে সহজতে নিয়ন্ত্ৰণ কৰে| হাল বোৱা আৰু পথাৰৰ আলি দিয়া সময়ত পোক ওলাই অহাত গো-বগলীয়ে এই পোক ভক্ষণ কৰে| এটা গো-বগলীয়ে প্ৰতি মিনিটত ৬-৮টা লেটা, পলু খাব পাৰে| এতেকে জাকৰুৱা গো-বগলীয়ে কম সময়তে পথাৰত বহু পোক খাব পাৰে| অন্য তিনিবিধ জাকৰুৱা চৰাই কাণকুৰিকা, চুতিয়া শালিকা, ঘৰ শালিকাই শুঁৰপোক স্বাভাৱিক অৱস্থাত বা কম থকাত প্ৰধান ভূমিকা লৈ আহিছে|’ শালিকাই সন্ধিয়া বা নিচেই পুৱা পোক খাবলৈ ওলাই আহে, শুঁৰপোকো তেতিয়াই ওলায়| মহামাৰী অৱস্থাতো জাকৰুৱা শালিকাই ৫০ শতাংশ এই পোক নিয়ন্ত্ৰণ কৰিব পাৰে| ফেচু, দহিকতৰা, ভদৰকলিয়েও কম পৰিমাণে হ’লেও শুঁৰপোক খায়| অসমৰ পথাৰত কাণকুৰিকা আৰু চুতিয়া শালিকা সাংঘাতিকধৰণে কমি যোৱাটো আমি লক্ষ্য কৰিছোঁ| কাৰণ আজিকালি পথাৰৰ মাজত আগৰ দৰে ইহঁতে আশ্ৰয় ল’ব পৰা গছ নাই| বাঁহ সাজিব পৰা বগৰী, ঔটেঙা, যমলাখুটি, সৌৰা, শিমলু আদি গছ নাই| কাণকুৰিকাই বগৰী গছত বাঁহ সাজে| সেয়ে ধোন্দত বাহ সজা এই চৰাই নোহোৱা হবলৈ ধৰিছে| প্ৰকৃতিত থকা অন্য কেইবিধমান শত্ৰু বা কৃষকৰ মিত্ৰপোক পতংগৰ এইবাৰ (বৰল, মাখিজাতীয় পোক) আগষ্টত তাপমাত্ৰা ২০-২৫ দিন একেলেঠাৰীয়ে বেছি হোৱা বাবে বোধকৰো মৃত্যু হৈছে| এইবাৰ আগষ্ট মাহত ২৫ দিন ধৰি প্ৰখৰ ৰ’দ আৰু গৰম তথা তাপমাত্ৰা ৩০° ছেণ্টিগ্ৰেডৰ ওপৰত আছে| ড° শইকীয়াই কয় যে যদিহে জুলাই মাহত একেলেঠাৰীয়ে সাংঘাতিকভাৱে বৰষুণ হয়, আগষ্ট মাহত ২০-২৫ দিন প্ৰখৰ ৰ’দ হয় আৰু দিনৰ তাপমান গড় হিচাপত ৩০° ছেণ্টিগ্ৰেডৰ ওপৰত থাকে, তেনে পৰিস্থিত উপকাৰী কৃষকৰ মিত্ৰপোকবোৰৰ বহুলাংশে মৃত্যু ঘটে| যিবোৰে শুঁৰজাতীয় পোকৰ লেটা পলু খাই পোক নিয়ন্ত্ৰণত ৰাখে| তাৰ পিছত যদি আকৌ একেলেঠাৰীয়ে এসপ্তাহমান পাতলীয়া বৰষুণ হয়, সাধাৰণ ঠাণ্ডা নামি আহে, তেতিয়া শুঁৰপোকৰ সাংঘাতিক বংশ বৃদ্ধি হয়| এইবাৰ জুলাইত বানপানী হ’ল, আগষ্টত প্ৰখৰ ৰ’দ হ’ল, আগষ্টৰ শেষত পাতলীয়া বৰষুণ আৰম্ভ হ’ল; গতিকে শুঁৰপোকৰ অস্বাভাৱিকধৰণে বংশবৃদ্ধি হ’ল| গতিকে ছেপ্তেম্বৰৰ ৪-৫ তাৰিখৰ পৰা উপদ্ৰৱ আৰম্ভ হ’ল|’ অসম কৃষি বিশ্ববিদ্যালয়ৰ কীট বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° মুনীন্দ্ৰ নাথ বৰঠাকুৰে এটা প্ৰবন্ধৰ (‘ধাননিয়ে কথা কয়’ কিতাপখনত) শস্য সংৰক্ষণৰ থলুৱা কাৰিকৰী জ্ঞান অংশত লিখিছে (শুঁৰ পোক নিয়ন্ত্ৰণৰ বাবে): ১০০ গ্ৰাম নহৰু ভালকৈ খুন্দি ২ চামুচ কেৰাচিন তেলৰ লগত মিহলাই ২৪ ঘণ্টা ৰাখিব লাগে| ৫ লিটাৰ পানীত ১০ গ্ৰাম চাবোন গুলি চাবোনপানীখিনিত উক্ত নহৰুখিনি ভালকৈ চেকি ল’ব লাগে| চোকা নহৰু পানীখিনি পুনৰ ২০ লিটাৰ পানীত মিহলাই পথাৰত স্প্ৰে কৰিব লাগে|

কৃষকসকলৰ প্ৰতি ড° প্ৰবাল শইকীয়াৰ পৰামৰ্শ

‘ধান নকৰা ওখক কঠীয়া তলীবোৰ হাল বাই পেলাওক| যাতে পলু লেটা ওলাই আহে আৰু চৰায়ে ইহঁতক খাব পাৰে| চৰাইক আশ্ৰয় দিবলৈ পথাৰৰ মাজত T আকাৰৰ খুঁটি, জেং, পুৰণা কামি, তাঁৰ বান্ধি দিয়ক, যাতে পথাৰৰ মাজত পোক খাবলৈ চৰাই আহিব পাৰে| আঘোণ মাহত ক্ষতিগ্ৰস্থ অঞ্চল ভালদৰে হাল বাই দিয়া উচিত যাতে মাটিত লুকাই থকা লেটা-পলু আদি গো-বগলী, শালিকা জাতীয় চৰায়ে খাব পাৰে| ভালকৈ মাটিয়ে ৰ’দ পায়| অক্টোবৰত পোকবোৰে মাটিৰ তললৈ সোমাই যাব আৰু অহা ব’হাগ মাহলৈ মাটিৰ তলতে থাকিব| সেয়ে ভালদৰে হাল বোৱা উচিত| আনহাতে, বতৰ ক্ৰমান্বয়ে গৰম হ’বলৈ ধৰিছে| জাকৰুৱা হোৱাত বতৰৰ সম্পূৰ্ণ প্ৰভাৱ আছে| চৰাইক পোক নিয়ন্ত্ৰণত পৰিকল্পিতভাৱে, সহজে ব্যৱহাৰ কৰিব পাৰো| আমি সংহত নিয়ন্ত্ৰণ ব্যৱস্থা ল’ব লাগিব| ইয়াৰ পিছত ধানৰ থোক ওলোৱাৰ সময়ত যদিহে বতৰ অনূকুল হয় কেউঁকটা পোক ওলাই ধানৰ থোক কাটি খেতিয়কক ক্ষতি কৰাৰ আশংকা আছে| স্বভাৱ-চৰিত্ৰ শুঁৰপোকৰ দৰেই|’ সেয়ে কৃষক সকল আৰু কৃষিবিভাগ এতিয়াৰ পৰাই সচেতন হ’ব লাগিব|

লেখক:- অৰুপ শাণ্ডিল্য

উৎস:-দৈনিক অসম

3.13157894737
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top