মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / শূঁৰপোকৰ পিছত কেঁওকটা পোকৰ আক্ৰমণৰ বাবে কৃষক ৰাইজ সজাগ হওঁক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শূঁৰপোকৰ পিছত কেঁওকটা পোকৰ আক্ৰমণৰ বাবে কৃষক ৰাইজ সজাগ হওঁক

শূঁৰপোকৰ পিছত শালিধানৰ খেতিত কেঁওকটা পোক

বিৱৰণ

শূঁৰপোকৰ পিছত শালিধানৰ খেতিত কেঁওকটা পোক (Ear cutting caterpillar)ৰ আৰ্বিভাৱৰ পূৰ্ণ সম্ভাৱনা আছে । সাধাৰণতে ধানৰ গেঁৰ ধৰা পিছৰ পৰাই ইহঁতৰ আক্ৰমণ আৰম্ভ হয় । আৱশ্যে ধাননি পথাৰত নিৱমীয়া জোখৰ পানী থাকিলে কেঁওকটা পোকৰ ওপদ্ৰৱ কম হ’ব পাৰে । ইহঁতৰ পলুবোৰ ঘিঁউ বৰণীয়া আৰু গোটেই গাটো নিমজ । কেঁওকটাৰ জীৱন চক্ৰ আৰু আক্ৰমণৰ ধাৰা শূঁৰপোকৰ দৰে একেই । ধানে গেঁৰ মেলা পিছৰ পৰাই শীতৰ আগমণো পৰিলক্ষিত হয় আৰু ইয়াৰ লগে লগে কেঁওকটাৰো জীৱন চক্ৰ আৰম্ভ হয় ।

কেঁওকটা পোকো শূঁৰপোকৰ দৰেই নিশাচৰ । দিনৰ পোহৰত কেঁওকটাৰ পলুবোৰ ধানগছৰ তলৰফালে পোখাৰ মাজত বা আশে–পাশে থকা ঘাঁহৰ মাজত লুকাই থাকে আৰু ঠিক সন্ধ্যা হোৱাৰ পিছতে ওলাই আহি ধানৰ কুমলীয়া পাতবোৰ খায় । ডাঙৰহৈ অহাৰ লগে লগে পলুবোৰে ধানগছৰ জোপাৰ ওপৰফালে উঠি আহি থোকবোৰ কাটিবলৈ ধৰে আৰু কম সময়ৰ ভিতৰতে একোখন ধাননি পথাৰ কৃষকৰ অলক্ষিতে তহিলং কৰি পেলায় ।

কেঁওকটা পোকৰ নিয়ন্ত্ৰণৰ উপায়ঃ

. গেঁৰ ধৰা সময়ৰ পৰাই ধাননি পথাৰখন নিৰন্তৰভাৱে নিৰীক্ষণ কৰক ।

. নিৰীক্ষণৰ সময়ত কেঁওকটা পোকৰ পলু বা ইহঁতৰ আক্ৰমণ দৃষ্টিগোচৰ হ’লে কুইনালফছ ২৫ ইচি ঔষধ ২.৫ মিঃলিঃ কৈ প্ৰতি লিটাৰ পানীত মিহলাই ঠিক সন্ধ্যা হোৱাৰ লগে লগে পোহৰৰ  ব্যৱস্থা  কৰি স্প্ৰে কৰক ।

. নিয়ন্ত্ৰণৰ ব্যৱস্থাসমূহ সদায় খৰখেদাকৈ আৰু সমুহীয়াকৈ কৰিবলৈ যত্ন কৰক ।

লেখকদ্বয়:- ড° বিৰিঞ্চি কুমাৰ বৰা,

ড° কল্যাণ কুমাৰ শৰ্মা,

ড° তুলসী প্ৰসাদ শইকীয়া

আ:কৃ:গ:কে:, চিলঙনী, নগাঁও

2.85365853659
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top