মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / শৰৎ ঋতুৰ কীট-পতংগৰ ব্যৱস্থাপনা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শৰৎ ঋতুৰ কীট-পতংগৰ ব্যৱস্থাপনা :

শৰৎ ঋতুৰ কীট-পতংগৰ ব্যৱস্থাপনাৰ বিষয়ে লিখা হৈছে ।

 

শৰৎকালৰ বাবে প্ৰযোজ্য কৃষি বিষয়ক দিহা-পৰামৰ্শৰ বাবে আমি অসম কৃষি বিশ্ববিদ্যালৰ বিশেষজ্ঞ ড° দিলীপ কুমাৰ শইকীয়া, ড° ৰাতুল কুমাৰ বৰা আৰু ড° ছাহিদুৰ ৰহমানৰ কাষ চাপিছিলোঁ।

তেওঁলোকৰপৰা লাভ কৰা দিহা পৰামৰ্শসমূহ হৈছে এনেধৰণৰ-

*বানৰ পিছত খৰাং অৱাস্থা দেখা দিলেই কৃষকসকল শুঁৰপোকৰ আক্ৰমণৰ বাবে সতৰ্ক হোৱা প্ৰয়োজন। কীটনাশক প্ৰয়োগ কৰিলে শুঁৰপোকবোৰে জাক পাতি আন পথাৰলৈ পলায়ন কৰিব পাৰে।

সেয়েহে পথাৰৰ মাজত কীটনাশক ছটিওৱাৰ আগেয়ে পথাৰৰ চৌপাশে পাউদাৰজাতীয় কীটনাশক(মালাথিয়ন ৫%/ কুইনলফছ ১.৫% ক্ল’ৰপাইৰিফছ ১%) ৩-৪ কিলোগ্ৰাম প্ৰতি বিঘা মাটিৰ আলিবোৰত প্ৰয়োগ কৰিব লাগে।

পথাৰৰ চৌপাশে কীটনাশক প্ৰয়োগ কৰাৰ পিছত, কুইনলফছ ২৫ ই চি/ ক্ল’ৰপাইৰিফছ ২০ ই চি/ মনক্ৰট’ফছ ৩৬ এছ এল- এইকেইটা কীটনাশকৰ যিকোনো এটাৰ ২ মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই ধাননিৰ মাজত প্ৰয়োগ কৰা উচিত। ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰা পথাৰত বা কাষত গৰু-ছাগলী-হাঁহ আদি চৰিবলৈ দিয়া অনুচিত।

*সাধাৰণতে ঘৰ আৰু ভঁৰালৰপৰা ধানৰ পোখামেলাৰ সময়ত ধাননিলৈ এন্দুৰে বিশেষকৈ ধাননি পথাৰৰ মাজত আলি, বান্ধ, জলসিঞ্চন নলা, পথাৰৰ মাজৰ ৰাস্তা আদিত থিতাপি লয়। সেয়ে পথাৰৰ আলি আৰু চৌপাশে য’ত-ত’ত গজা অপতৃণসমূহক চিকুণাই পৰিষ্কাৰ কৰা আৱশ্যক।

সজীৱ এন্দুৰৰ গাঁত দেখিলেই নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন। কম পৰিসৰত নিয়ন্ত্ৰণৰ বাবে লোৰ ফান্দ বা বাঁহৰ চিটিকা এন্দুৰৰ সজীৱ গাঁতৰ সন্মুখত বা অহা-যোৱা কৰা পথৰ সংস্থাপন কৰিব লাগে। অধিক মাত্ৰাত এন্দুৰ নিয়ন্ত্ৰণৰ বাবে ২.৫% জিংক ফছফাইড টোপ প্ৰয়োগ কৰি সুফল পাব পাৰি।

ইয়াৰ বাবে প্ৰথমে ৯৬০ গ্ৰাম খুদ চাউলৰ লগত ২০ গ্ৰাম মিঠাতেল মিহলাই লৈ তাৰে ২০-৩০ গ্ৰাম এন্দুৰৰ গাঁতৰ মুখত দুদিনমানৰ কাৰণে থৈ, এন্দুৰৰ ভয়ভাব গুচাই তৃতীয়দিনা একেই মাত্ৰাৰ চাউল আৰু মিঠাতেলৰ লগত ২০ গ্ৰাম জিংক ফছফাইড ছটিয়াই বাঁহৰ মাৰিৰে সানি, তাৰপৰা ১০-১৫ গ্ৰামকৈ বাঁহৰ চুঙা, কলপটুৱা, মলা আদিত দি গধুলি এন্দুৰৰ গাঁতৰ মুখত বা এন্দুৰ অহা-যোৱা পথত ৰাখিব লাগে।

*এই সময়ছোৱাত নেমুটেঙাৰ পাতত ৰঙা চাঁহিৰ আক্ৰমণ পৰিলক্ষিত হয়। আক্ৰান্ত পাতবোৰ হালধীয়া-মুগা বৰণৰ হৈ পিছলৈ শুকাই সৰি পৰিব পাৰে। ইয়াক নিয়ন্ত্ৰণৰ বাবে তিনি মিলি নিমাজল প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে।

ফছত ফল নলগা পৰ্যন্ত, চাঁহিনাশক প্ৰপাৰজাইট ৫৭ ই চি দৰবৰ এক চাহচামুচ প্ৰতি পাঁচ লিটাৰ পানীত মিহলাই ১৫ দিনৰ অন্তৰালত দুবাৰ প্ৰয়োগ কৰিব লাগে।

*বৰ্তমান বাৰিষা আৰম্ভ হোৱাৰ লগে লগে প্ৰকৃতিৰ ফুলৰ সংখ্যা কমি যোৱাৰ ফলত মৌ-মাখিৰ বাবে প্ৰয়োজনীয় মৌ আৰু ৰেণুৰ অভাৱ ঘটে।

গতিকে মৌবাহবোৰ সবল কৰি ৰাখিবলৈ, কৃত্ৰিম আহাৰ যেনে- ২০০ গ্ৰাম গোটা মগু নিশাটো তিয়াই থৈ পুৱা ৰস উলিয়াই ইয়াক এক লিটাৰ পানীত ৫০০ গ্ৰাম চেনিৰ সৈতে মিহলাই খাবলৈ দিয়া বাঞ্ছনীয়। এনে কৃত্ৰিম আহাৰ প্ৰতি সপ্তাহৰ অন্তৰালত বৰষুণৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি প্ৰয়োগ কৰা যুগুত।

এতিয়া কেতবোৰ ঠাইত মৌ-মাখিৰ পলু শেতা পৰি মৰি যোৱা দেখা গৈছে, যিটো ‘থাইছেক ব্ৰুদ’ নামৰ এবিধ ভাইৰাছজনিত বেমাৰ।

এই বেমাৰ পৰিলক্ষিত হ’লে ৰুগীয়া মৌবাহ নিৰোগীবোৰৰপৰা প্ৰায় ৩০০ মিটাৰ নিলগলৈ নি প্ৰতি লিটাৰ কৃত্ৰিম আহাৰৰ লগত ‘Oxytetracyclin’ নামৰ ঔষধবিধৰ একোটা টেবলেট মিহলাই মৌ-মাখিক ভক্ষণ কৰালে সুফল পাব পাৰি।

*গ্ৰীষ্মকালীন শাক-পাচলিৰ প্ৰধান অনিষ্টকাৰী পোকসমূহৰ অন্যতম, বৰলীয়া পোকৰ বিৰুদ্ধে দুই মিলিলিটাৰ মালাথিয়ন ৫০ ই চি আৰু ১০ গ্ৰাম গুড় প্ৰতি লিটাৰ পানীত মিহলাই এই দ্ৰৱণক লাওজাতীয় গছৰ পাতৰ তলপিঠিত ছটিয়াই সুফল পাব পাৰি।

এই দ্ৰৱণ মাটিচাকিত ভৰাই হেদালীৰ বিভিন্ন স্থানত স্থাপন কৰিলেও যথেষ্ট সুফল পাব পাৰি। অৱশ্যে, ধোঁৱা প্ৰয়োগৰ দ্বাৰাও এই পোকক বিকৰ্ষিত কৰিব পাৰি।

উৎস: দৈনিক অসম(ড° আটাউৰ ৰহমান, ৰুদ্ৰ নাৰায়ণ বৰকাকতি)

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top