মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / শৰৎ ঋতুৰ সম্ভাব্য অপ-প্ৰাণীৰ ব্যৱস্থাপনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শৰৎ ঋতুৰ সম্ভাব্য অপ-প্ৰাণীৰ ব্যৱস্থাপনা

শৰৎ ঋতুৰ সম্ভাব্য অপ-প্ৰাণীৰ ব্যৱস্থাপনাৰ বিষয়ে লিখা হৈছে ।

১) বানৰ পাছত খৰাং অৱস্থা দেখা দিলেই কৃষকসকল শুঁৰপোকৰ আক্ৰমণৰ বাবে সতৰ্ক হোৱা প্ৰয়োজন । কীটনাশক প্ৰয়োগ কৰিলে শুঁৰপোক জাক পাতি আন পথাৰলৈ পলায়ন কৰিব পাৰে । সেয়েহে পথাৰৰ মাজত কীটনাশক ছটিওৱাৰ আগতে পথাৰৰ চৌপাশে পাউডাৰজাতীয় কীটনাশক (মালাথিয়ন ৫% কুইনলফছ ১.৫% ক্ল’ৰপাইৰিফছ ১%) ৩-৪ কিল’গ্ৰাম প্ৰতিবিঘা মাটিৰ আলিবোৰত প্ৰয়োগ কৰিব লাগে । পথাৰৰ চৌপাশে কীটনাশক প্ৰয়োগ কৰাৰ পিছত, কুইনলফছ ২৫ ইচি/ ক্লৰ’পাইৰিফছ ২০ ইচি/ মনক্ৰট’ফছ ৩৬ এছ এল এইকেইটা কীটনাশকৰ যিকোনো এটাৰ ২ মি:লি: প্ৰতি লিটাৰ পানীত মিহলাই ধাননিৰ মাজত প্ৰয়োগ কৰা উচিত । ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰা পথাৰত বা কাষত গৰু-ছাগলী, হাঁহ আদি চৰিবলৈ দিয়া অনুচিত ।

  • সাধাৰণতে ঘৰ আৰু ভঁৰালৰ পৰা, ধানৰ পোখামেলাৰ সময়ত, ধাননিলৈ এন্দুৰৰ প্ৰব্ৰজন ঘটে আৰু এন্দুৰে বিশেষকৈ ধাননি পথাৰৰ মাজৰ আলি, বান্ধ, জলসিঞ্চনৰ নলা, পথাৰৰ মাজৰ ৰাস্তা আদিত অৱস্থান কৰি থিতাপি লয় । পথাৰৰ আলি আৰু চৌপাশে য’ত-ত’ত গজা অপতৃণসমূহ চিকুণাই পৰিষ্কাৰ কৰা আৱশ্যক । সজীৱ এন্দুৰৰ গাঁত দেখিলেই নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন । কম পৰিসৰত নিয়ন্ত্ৰণৰ বাবে লোৰ ফান্দ বা বাঁহৰ চিটিকা এন্দুৰৰ সজীব গাঁতৰ সন্মুখত বা অহা-যোৱা কৰা পথত সংস্থাপন কৰিব লাগে । অধিক মাত্ৰাত এন্দুৰ নিয়ন্ত্ৰণৰ বাবে ২.৫% জিংক ফছফাইড টোপ প্ৰয়োগ কৰি সুফল পাব পাৰি । ইয়াৰ বাবে প্ৰথমতে ৯৬০ গ্ৰাম খুদ চাউলৰ লগত ২০ গ্ৰাম মিঠাতেল মিহলাই লৈ তাৰে ২০-৩০ গ্ৰাম এন্দুৰৰ গাঁতৰ মুখত দুদিন মানৰ কাৰণে থৈ এন্দুৰৰ ভয় ভাব গুচাই তৃতীয়দিনা উপৰিউক্ত একেই মাত্ৰাৰ চাউল আৰু মিঠাতেলৰ লগত ২০ গ্ৰাম জিংক ফছফাইড ছটিয়াই বাঁহৰ মাৰিৰে ভালদৰে সানি, তাৰ পৰা ১০-১৫ গ্ৰামকৈ বাহৰ চুঙা, কলপটুৱা, মলা আদিত দি গধূলি এন্দুৰৰ গাঁতৰ মুখত বা এন্দুৰ অহা-যোৱা পথত ৰাখিব লাগে ।
  • এই সময়ছোৱাত নেমুটেঙাৰ পাতত ৰঙা চাঁহীৰ আক্ৰমণ পৰিলক্ষিত হয় । আক্ৰান্ত পাতবোৰ হালধীয়া-মুগা বৰণৰ হৈ পাছলৈ শুকাই সৰি পৰিব পাৰে । ইয়াক নিয়ন্ত্ৰণৰ বাবে ৩ মিলি নিমাজল প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে । গছত ফল নলগা পৰ্যন্ত, চাঁহীনাশক প্ৰপাৰজাইট ৫৭ ই চি দৰবৰ এক চাহচামুচ প্ৰতি পাঁচ লিটাৰ পানীত মিহলাই ১৫ দিনৰ অন্তৰালত দুবাৰ প্ৰয়োগ কৰক ।
  • বাৰিষা প্ৰকৃতিত ফুলৰ সংখ্যা কমি যোৱাৰ ফলত মৌমাখিৰ বাবে প্ৰয়োজনীয় মৌ আৰু ৰেণুৰ অভাৱ ঘটে । গতিকে মৌবাহবোৰ সবল কৰি ৰাখিবলৈ কৃত্ৰিম আহাৰ যেন-২০০ গ্ৰাম গোটা মগু নিশাটো তিয়াই থৈ ৰাতিপুৱা ৰস উলিয়াই, ইয়াক ১ লিটাৰ পানীত ৫০০ গ্ৰাম চেনিৰে সৈতে মিহলাই খাবলৈ দিয়া বাঞ্চনীয় । এনে কৃত্ৰিম আহাৰ প্ৰতি সপ্তাহৰ অন্তৰালত বৰষুণৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি প্ৰয়োগ কৰা যুগুত । এতিয়া কেতবোৰ ঠাইত মৌমাখিৰ পলু শেঁতা পৰি মৰি যোৱা দেখা গৈছে যিটো থাইছেক ব্ৰুদ নামৰ এবিধ ভাইৰাছজনিত বেমাৰ । এই বেমাৰ পৰিলক্ষিত হ’লে ৰোগীয়া মৌবাহ নিৰোগীবোৰৰ পৰা প্ৰায় ৩০০ মিটাৰ নিলগলৈ নি প্ৰতিলিটাৰ কৃত্ৰিম আহাৰৰ লগত ‘Oxytetreacyclin’ নামৰ ঔষধবিধৰ একোটা টেবলেট মিহলাই মৌমাখিক ভক্ষণ কৰালে সুফল পাব পাৰি ।
  • গ্ৰীষ্মকালীন শাক-পাচলিৰ প্ৰধান অনিষ্টকাৰী পোকসমূহৰ অন্যতম বৰলীয়া পোকৰ বিৰুদ্ধে ২ মি:লি: মালাথিয়ন ৫০ ই চি আৰু ১০ গ্ৰাম গুৰ প্ৰতি লিটাৰ পানীত মিহলাই এই দ্ৰৱণক লাওজাতীয় গছৰ পাতৰ তলপিঠিত ছটিয়াই সুফল পাব পাৰি । এই দ্ৰ্ৱণ মাটিচাকিত ভৰাই হেদালিৰ বিভিন্নস্থানত স্থাপন কৰিলেও যথেষ্ট সুফল পাব পাৰি । অৱশ্যে, ধোঁৱা প্ৰয়োগৰ দ্বাৰাও এই পোক বিকৰ্ষিত কৰিব পাৰি ।

লেখক :- ড° আটাউৰ ৰহমান , ৰুদ্ৰ নাৰায়ণ বৰকাকতী ।

উৎস :- দৈনিক জনমভূমি

আলু খেতিৰ বিকল্প ব্যৱস্থা টি পি এছ -

আলু খেতি সাধাৰণতে আলুৰ স্ফীত কাণ্ডৰ পৰা কৰা হয় । আলু খেতিৰ পৰা অধিক লাভৱান্বিত হ’বলৈ নিৰোগী, স্ফীত কাণ্ড ব্যৱহাৰ কৰাটো জৰুৰী ।

আলু খেতি কৰোঁতে কৃষকসকলে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হয় । সেয়া হৈছে-

১) বীজৰ জুই চাই দাম

২) বীজ পৰিবহণত অসুবিধা

৩) ভাইৰাছ সংক্ৰমিত স্ফীত কাণ্ড ।

এই অসুবিধাসমূহ দূৰ কৰিবলৈ টি পি এছ (প্ৰকৃত আলুৰ বীজ) ব্যৱহাৰ কৰিব পাৰি । আলুৰ বাণিজ্যিকীকৰণৰ ক্ষেত্ৰত ই এক উমৈহতীয়া অহিৰনা বহন কৰে ।

টি পি এছৰ লাভদায়ক বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল-

  • এই পদ্ধতিৰ দ্বাৰা আলু খেতি কৰিলে বিভিন্ন ৰোগ তথা ভাইৰাছ সংক্ৰমণৰ পৰা ৰেহাই পাব পাৰি ।
  • বীজ সংৰক্ষণৰ বাবে কম জেগাৰ আৱশ্যক ।
  • এই পদ্ধতিত খৰচৰ পৰিমাণ তুলনামূলকভাৱে কম ।

উৎপাদন শৈলী -

  • অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত বীজ ৰোপণ কৰা হয় । বীজ অংকুৰিত হ’বলৈ সাধাৰণতে ২০ ৰ পৰা ৩০ ডিগ্ৰী উষ্ণতাৰ আৱশ্যক ।
  • প্ৰথমতে বীজখিনি ২৪ ঘণ্টাৰ বাবে পানীত তিয়াই থ’ব লাগে । তাৰ পিছত ২ ৰ পৰা ৪ দিন পৰ্যন্ত বীজখিনি গোবৰ আৰু মাটিৰ লগত মিহলি কৰি ৰাখিব লাগে । ইয়াৰ পিছত বীজসমূহ বীজ তলীত ছটিয়াব লাগে ।
  • বীজ সিঁচাৰ আগদিনা মাটিখিনিত কম পৰিমাণৰ জলসিঞ্চনৰ ব্যৱস্থা কৰাটো জৰুৰী ।
  • সাধাৰণতে এক হেক্টৰ মাটিত পুলি ৰোপণ কৰিবলৈ ১২০ গ্ৰাম বীজ আৰু ৭৫ বৰ্গমিটাৰ তৈয়াৰ কৰাটো আৱশ্যক ।
  • বীজ ৰোপণ কৰাৰ পিছত এসপ্তাহৰ কাৰণে দৈনিক ২-৩ বাৰ পৰ্যন্ত পানী দিয়াটো অপৰিহাৰ্য ।
  • সূৰ্যৰ প্ৰখৰ ৰশ্মিৰ পৰা বীজসমূহ ৰক্ষা পাবলৈ বীজ ৰোপণ কৰাৰ ১০-১২ দিন পৰ্যন্ত ওপৰত খেৰ ৰখা হয় ।
  • অপতৃণবোৰ গুচাই ৰখাটো জৰুৰী ।
  • বীজ অংকুৰণৰ পিছত যেতিয়া পাত ওলাব ইউৰিয়া সাৰ ০.১ শতাংশ হাৰত ৪ ৰ পৰা ৫ দিনৰ অন্তৰালত ছটিয়াব লাগে ।
  • পুলিবোৰ পথাৰত প্ৰত্যাৰোপণ কৰিবলৈ ২৫ ৰ পৰা ৩০ দিন প্ৰয়োজন ।

লেখিকা :- ৰ’জি চুতীয়া, জ্বলী দত্ত

উৎস :- দৈনিক জনমভূমি

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top