মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / সু-সংহত পদ্ধতিৰে ধানৰ কীট-পতংগ নিয়ন্ত্ৰণ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সু-সংহত পদ্ধতিৰে ধানৰ কীট-পতংগ নিয়ন্ত্ৰণ:

সু-সংহত পদ্ধতিৰে ধানৰ কীট-পতংগ নিয়ন্ত্ৰণৰ বিষয়ে লিখা হৈছে

 

মাত্ৰাধিক কীটনাশকৰ প্ৰয়োগে ৰাসায়নিক প্ৰতিৰোধক্ষম পতংগ সৃষ্টিৰ সহায় কৰাৰ লগতে পৰৱৰ্তী পৰ্যায়ত সেই একেবিধ কীটনাশকৰ কৃষিত ব্যৱহাৰ অসাৰ কৰি পেলায়। প্ৰতিৰোধক্ষম পতংগৰ বাবেই কপাহ খেতিৰ কৃষকে আত্মহত্যা কৰিবলৈ বাধ্য হোৱাৰ অসংখ্য উদাহৰণ কৃষিপ্ৰধান দেশ ভাৰতত আছে। সেয়েহে ৰাসায়নিক কীটনাশকৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি পতংগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানী সমাজে এক নতুন ধাৰণাক লৈ ঐকমতে পোষণ কৰিছে, যাক সু-সংহত কীট-পতংগ নিয়ন্ত্ৰণ বুলি জনা যায়।

সু-সংহত কীট-পতংগ নিয়ন্ত্ৰণৰ ধাৰণাটো হ’ল- সংযোজিত পৰিৱেশ আৰু পতংগৰ ঘনত্বৰ প্ৰতি লক্ষ্য ৰাখি পতংগ নিয়ন্ত্ৰণৰ বাবে ব্যৱহৃত সকলো পদ্ধতিক পৰ্যায়ক্ৰমে সুনিৰ্দিষ্ট পৰিকল্পনাৰে উদ্ভিদৰ আৰ্থিক ক্ষতি ৰোধৰ বাবে প্ৰয়োগ কৰা। সাধাৰণতে সু-সংহত কীট-পতংগ নিয়ন্ত্ৰণত ব্যৱহৃত গতানুগতিক উপাদানসমূহ হ’ল- কৰ্ষিত নিয়ন্ত্ৰণ পদ্ধতি, প্ৰত্যক্ষ নিয়ন্ত্ৰণ পদ্ধতি, সূক্ষ্মজীৱীৰে নিয়ন্ত্ৰণ পদ্ধতি আৰু সৰ্বশেষত ৰাসায়নিক নিয়ন্ত্ৰণ পদ্ধতি। অনিষ্টকাৰী পতংগক প্ৰতিহত কৰাৰ বাবে পতংগবিদসকলে অহৰহ চেষ্টা চলাই আছে। উল্লেখ্য যে মানুহ আৰু পতংগৰ যুদ্ধখন অধিক জটিল কৰি জৈৱ-বৈচিত্ৰ্যৰে চহকী পতংগই মানৱকৃত নিত্য নতুন কৌশলসমূহ নস্যাৎ কৰি প্ৰতিৰোধক্ষম হৈ উঠিছে। বৰ্দ্ধিত জনসংখ্যাই দাবী কৰা অন্ন আৰু বস্ত্ৰ উৎপাদনৰ প্ৰতি লক্ষ্য ৰাখি কমি অহা কৃষি ভূমিৰপৰা অধিক ফচল লাভৰ বাবে পতংগ নিয়ন্ত্ৰণ নিতান্তই প্ৰয়োজনীয়। এইক্ষেত্ৰত সু-সংহত কীট-পতংগ নিয়ন্ত্ৰণে কৃষকৰ প্ৰতি আশাৰ বতৰা আনিবলৈ সক্ষম হৈছে।

ধানৰ সু-সংহত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনাত প্ৰথম শস্য পৰিচৰ্যা পদ্ধতিৰ আওতাত আহিব বীজ নিৰ্বাচন। পাৰিলে প্ৰতিৰোধক্ষম বীজ নতুবা সহনশীন বীজ নিৰ্বাচন কৰিব লাগে। সাধাৰণতে ৰঞ্জিত উপযুক্ত। এনে ধানৰ অন্যান্য সঁচসমূহ হ’ল-

স্বাভাৱিক সময়ৰ শালি ধান:

 

  • মধ্যমীয়া: ৰঞ্জিত, বাহাদুৰ, কুশল, পিয়লি, মণিৰাম, আই আৰ-৩৬, জয়া, পংকজ, লখিমী আদি।
  • আঠজাতীয়: ৰংগালী, ভোগালী আদি।
  • মাল্টিপল ক্ৰপিং: সত্যৰঞ্জন আৰু বসুন্ধৰা।
  • ওখ: মনোহৰশালি, মাসুৰী আৰু স্বৰ্ণপ্ৰভ আদি।
  • সুগন্ধি: কেতেকী জহা।

বান পশ্চাৎ শালি ধান: মনোহৰ শালি আৰু এন্দ্ৰিউ শালি।

শেহতীয়া শালি ধান: লুইত, কপিলী আৰু দিচাং আদি।

দ মাটিৰ বাবে: প্ৰফুল্ল আৰু গীতেশ।

ইয়াৰ পিছত বীজসমূহ শোধন কৰা আৱশ্যক। বীজ পানীত তিয়াই আৰু শুকানে- এই দুই ধৰণে শোধন কৰিব পাৰি। ক)ভিজাই শোধন: ২.৫ গ্ৰাম মেংকজেৱ বা কেপ্টান বা কাৰ্বাণ্ডিজম ভেঁকুৰনাশক প্ৰতি কিলোগ্ৰাম বীজ প্ৰতি লিটাৰ পানীত শোধন কৰিব পাৰি আৰু খ)শুকানে শোধন: ২.৫ গ্ৰাম মেংকজেৱ বা কেপ্টান প্ৰতি কিলোগ্ৰাম বীজত মিহলাই সানিব লাগে।

বীজ সিঁচিবলৈ কঠীয়াতলীখন নিৰ্দিষ্টধৰণে প্ৰস্তুত কৰি ল’ব লাগে। কঠীয়াতলীৰ আকৃতি ১০ মিটাৰ*১.২৫ মিটাৰ হোৱা দৰকাৰ আৰু দুখন কঠীয়াতলীৰ মাজত ব্যৱধান ৩০ ছেন্টিমিটাৰ হ’ব লাগে। তদুপৰি প্ৰতিখন কঠীয়াতলীত ২০-৩০ কিলোগ্ৰাম গোবৰ, ৮০ গ্ৰাম ইউৰিয়া, ৮০ গ্ৰাম ছিংগল ছুপাৰ ফছফেট আৰু ৪০ গ্ৰাম মিউৰেট অব পটাচ মিহলাব লাগে। প্ৰতিখন কঠীয়াতলীত ৬৫০-১০০০ গ্ৰাম বীজৰ প্ৰয়োজন। ব্লাষ্টৰ দাগ দুই-এটা দেখাৰ লগে লগে এক গ্ৰাম কাৰ্বাণ্ডিজম ভেঁকুৰনাশক প্ৰতি লিটাৰ পানীত বা ১ মিলি লিটাৰ এডিফেনফচ প্ৰতি লিটাৰ পানীত মিহলাই ছটিয়াই দিব লাগে। কঠীয়াসমূহ ২০-২৫ দিন পিছত মূল পথাৰত ৰুবৰ বাবে উপযুক্ত হয়। কঠীয়া উভলাৰ পিছত শিপা শোধন কৰাৰ আৱশ্যক। শিপা শোধনৰ বাবে ১ মিলি লিটাৰ ক্লৰপাইৰিফচ আৰু ১০ গ্ৰাম ইউৰিয়া প্ৰতি লিটাৰ পানীৰ সানি এই দ্ৰৱণত কঠীয়াৰ শিপা ৩ ঘন্টাৰ বাবে ডুবাই ৰাখিলে মজাখোৱা, গলমিজ আৰু শোষকৰ প্ৰতিৰোধী কাম কৰে। নতুবা কঠীয়া উঠোৱাৰ এসপ্তাহ আগেয়ে ৩ গ্ৰাম কাৰ্বফোৰাণ প্ৰতি বৰ্গমিটাৰ কঠীয়াতলীত প্ৰয়োগ কৰিব লাগে। মূল পথাৰৰ ক্ষেত্ৰত প্ৰতি বিঘা পথাৰত গোবৰ ১-১.২ টন, ইউৰিয়া ১৮ কিলোগ্ৰাম, ছিংগল ছুপাৰ ফছফেট ১৭ কিলোগ্ৰাম, মিউৰেট অব পটাচ ৯ কিলোগ্ৰাম প্ৰয়োগ কৰা উচিত।

কৃষকে মন কৰিবলগীয়া কিছু কথা:

 

ধানখেতিৰ বাবে অপকাৰী কীট-পতংগৰ ভিতৰত শোহনি পোক, টুপলিকটা পোক, চৰহা পোক, পিয়াজী পতিয়া পোক, পাত মোৰ খোৱা পোক, শুঁড় পোক, মজাখোৱা পোক, গান্ধী পোক, লেচেৰীকটা পোক, ধানৰ পত্ৰ শোষক বা চগা আৰু গছ চগা আৰু ধানৰ কেওঁখোৱা মাখিজাতীয় পোকেই প্ৰধান।

ধান চপোৱাৰ পিছত নৰাবোৰ জ্বলাই দিলে ইয়াত আশ্ৰয় লৈ থকা পোক-পতংগ, বিশেষকৈ মজাখোৱা পোকৰ নিয়ন্ত্ৰণ সহজ হয়। তদুপৰি গ্ৰীষ্মকালত মাটি দকৈ হাল বাই তলৰ মাটি ওপৰ কৰিলে ভূমিজ পতংগৰ বিভিন্ন স্তৰবোৰ এইবোৰক খাদ্যৰূপে গ্ৰহণ কৰা পশু-পক্ষীৰ চকুত পৰে আৰু তেনেকৈয়ে এই পতংগবোৰ নিৰ্মূল হয়। এইক্ষেত্ৰত বগলী-হাঁহ আদিয়ে উল্লেখযোগ্য ভূমিকা লয়। মূল পথাৰত ৰোপণৰ পূৰ্বে কঠীয়াৰ আগবোৰ কাটি দিব লাগে। তাৰ পিছত সেইবোৰ আন ঠাইত পুতি পেলাব লাগে। ইয়াৰ ফলত মজাখোৱা, চৰহা, টুপলিকটা, পাত মেৰিওৱা পোকৰ মূল পথাৰলৈ বিস্তাৰণ হ্ৰাস পায়। জুলাই মাহৰ ভিতৰত কঠীয়া ৰুই সমাপ্ত কৰিলে মজাখোৱা আৰু পিয়াজী পোকৰ বিস্তাৰণ হ্ৰাস পায়। কঠীয়াবোৰ নিৰ্দিষ্ট ব্যৱধানত ৰোপণ কৰিলে শস্য পৰিচৰ্যাৰ দ্বাৰা পতংগ নিয়ন্ত্ৰণ সহজ হয়। পোক-পতংগৰ আক্ৰমণ প্ৰত্যক্ষ কৰিবলৈ পথাৰলৈ সঘনাই যাব লাগে। পোক-পতংগৰ কণীৰ থোপা দেখা পালে নষ্ট কৰি পেলাব লাগে। পোক-পতংগৰ কণীৰ থোপা দেখা পালে নষ্ট কৰি পেলাব লাগে। এইক্ষেত্ৰত মজাখোৱা পোকৰ বাবে ফেৰমন ফাণ্ড ব্যৱহাৰ কৰিব লাগে। এক হেক্টৰ মাটিত নিৰীক্ষণৰ বাবে আঠটা আৰু নিয়ন্ত্ৰণৰ বাবে ২৫-৩০টা ফেৰমন ফাণ্ড লগাব লাগে। ইয়াত ব্যৱহাৰ কৰা আকৰ্ষকবিধ হ’ল- স্কিৰ্প’লিউৰ। চৰহা পোকৰ জৈৱিক নিয়ন্ত্ৰণৰ বাবে বিউভেৰিয়া বেচিয়ানা নামৰ ভেঁকুৰবিধ ব্যৱহাৰ কৰিব পাৰি। তিনি কিলোগ্ৰাম বিউভেৰিয়া বেচিয়ানা নামৰ ভেঁকুৰ ৪০০-৭০০ লিটাৰ পানীত মিহলাই এক হেক্টৰ খেতিপথাৰত ছটিয়াব লাগে। মজাখোৱা আৰু পাত মেৰখোওৱা পতংগৰ নিয়ন্ত্ৰণৰ বাবে ডিম্বপৰজীৱী ‘ট্ৰাইক’গ্ৰামা জাপানিকাম’ আৰু ‘ট্ৰাইক’গ্ৰামা কাইল’নিচ’ এই দুই পতংগৰ লেটা অৱস্থাত ৰখা ট্ৰাইক’কাৰ্ড ব্যৱহাৰ কৰিব পাৰি। প্ৰতিবিঘা মাটিত এসপ্তাহৰ অন্তৰালত কঠীয়া ৰোপণৰ পিছত ৩-৪ বাৰ এই পোক ১০,০০০টাকৈ প্ৰয়োগ কৰা উচিত। বাঁহৰ জেং পথাৰত পুতি চৰাই বহিবলৈ সুবিধা কৰিও পতংগ নিয়ন্ত্ৰণ কৰিব পাৰি। পথাৰত অপকাৰী পতংগই হানিকাৰী সীমা অতিক্ৰম কৰিলে পতংগ নিয়ন্ত্ৰণৰ শেষ অস্ত্ৰ কৃত্ৰিম ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা প্ৰয়োজন। প্ৰতি বৰ্গমিটাৰ পথাৰত এটা বা এযোৰ মজাখোৱা কণী, প্ৰতিগোছা ধানত এটা টুপলিকটা পোকৰ টুপলি, প্ৰতি গোছা ধানত এটাৰ অধিক মেৰখোৱা পাত, প্ৰতি বৰ্গমিটাৰ পথাৰত দুটা গান্ধী পৰিলক্ষিত হ’লে ৰাসায়নিক কীটনাশক ছটিয়াব লাগে। মজাখোৱা, চৰহা, চগা, শোহনি পোক, পিয়াজী পোক, টুপলিকটা আৰু পাত মেৰিওৱা পোকৰ বাবে ক্ল’ৰপাইৰিফছ ২০ ই চি এক মিলি লিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই ছটিয়াব লাগে। অন্যথা মনক্ৰট’ফছ ৩৬ ই চি বা কুইনমফছ ২৫ ই চি- এই দুটাৰ যিকোনো এটাৰ দুই মিলি লিটাৰ ঔষধক প্ৰতি লিটাৰ পানীত মিহলাই ছটিয়াব লাগে। গান্ধীপোক আৰু শুঁড়পোকৰ নিয়ন্ত্ৰণৰ বাবে ৪ কিলোগ্ৰাম মালাথিয়ন ৫ শতাংশ পাউডাৰ প্ৰতিবিঘা মাটিত প্ৰয়োগ কৰিব দিয়া।

লেখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি(দৈনিক অসম)

 

2.97058823529
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top