মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / অসমত বহু তৰপীয়া খেতিৰ পৰিকল্পনা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমত বহু তৰপীয়া খেতিৰ পৰিকল্পনা :

অসমত বহু তৰপীয়া খেতিৰ পৰিকল্পনাৰ বিষয়ে লিখা হৈছে ।

 

উজনি অসমৰ সম্ভাৱনাপূৰ্ণ শস্য পথাৰবোৰ বছৰজুৰি শস্য শ্যামলা কৰি খেতিয়কৰ উপার্জন দুগুণে বৃদ্ধি কৰিব পৰা যায়। ২০২২ চনৰ ভিতৰত অসমৰ কৃষকৰ আয় দুগুণ কৰাৰ যি লক্ষ্য চৰকাৰে লৈছে, তাক সহজে সফল কৰি তুলিবলৈ পথাৰসমূহত বহু তৰপীয়া খেতিৰ প্রচলন কৰিবই লাগিব। উপযুক্ত পৰিকল্পনাৰে পথাৰসমূহ শস্যে-মৎস্যে নদন-বদন কৰি তোলাৰ উদ্দেশ্যে এটা সৰল ব্যৱহাৰযোগ্য মডেল হৈছে। বিভাগীয় বিষয়া আৰু বিজ্ঞানীসকলকো মডেলটো চালি-জাৰি চাবলৈ অনুৰোধ জনোৱা হ’ল।

শস্য-মৎস্যৰ মডেল -

ধাননি পথাৰখনৰ চাৰিওকাষে থাকিব ১০ ফুট বহল আৰু ৩ ফুট ওখ এটা ঢাপ। ঢাপ বনাবলৈ মাটি খন্দাৰ বাবে ঢাপৰ কাষে কাষে ভিতৰফালে থাকিব ১০ ফুট বহল আৰু ৩ ফুট দ এটা নলা। ঢাপৰ বাহিৰ কাষত ঘন ঘনকৈ (৩ ফুট দূৰত্বত) এশাৰী কাজি নেমুৰ পুলি ৰোৱা হ’ব। ভৱিষ্যতে এই কাজিনেমুৰ গছবোৰেই বেৰা (জৈৱ)ৰ কাম কৰিব। কাজি মাজে মাজে জৈৱ কীটনাশক নিম বা অন্য অৰ্থকাৰী শস্যৰ গছ যেনে আপেল, বগৰী, নাৰিকল আদি ৰুব পৰা যাব। এই গছবিলাকক স্তম্ভ হিচাপে লৈ নেমুৰ ডালবোৰৰ উপযুক্ত পৰিচর্যাৰে জৈৱ বেৰখন নির্মাণ কৰা হ’ব। ১০ ফুট বহল ঢাপটোৰ বাকী অংশত কল, কুহিয়াৰ, শাক-পাচলি আদি কৰিব পৰা যাব। ঢাপটোত থকা নেমুৰ বেৰাই জৈৱ বেৰাৰ কাম কৰাৰ বাবে পথাৰখনক জৈৱ কৃষিৰ প্রমাণ পত্ৰৰ বাবে নির্বাচন কৰিব পৰা যাব। পথাৰৰ আকাৰ অনুপাতে ঢাপ বা নলাৰ আকাৰ-প্ৰকাৰ নিৰ্ণয় কৰি ল’ব লাগিব। এই ক্ষেত্ৰত গৱেষণাৰো প্ৰয়োজন আছে।

মে’-জুন মাহত নলাসদৃশ পুখুৰীটোত উন্নত মীন পালনৰ নির্দেশনা অনুসৰি মাছ মেলিব পৰা যাব। লগতে জীৱাণুসাৰ এজলা মেলি দিয়া হ’ব, যি ভবিষ্যতে পথাৰখনক জৈৱ সাৰৰ যোগান ধৰিব। পথাৰৰ পৰা অতিৰিক্ত পানীভাগ ওলাই যাব পৰাকৈ নিৰ্গমন পাইপ দিয়া হ’ব। নলাৰ ওপৰেদি পথাৰলৈ যাবলৈ দলং দিব লাগিব। পথাৰত আগতীয়াকৈ চপাব পৰা শালিধানৰ খেতি কৰা হ’ব। বাৰিষা সমগ্ৰ পথাৰখনেই ধানৰ মাজে মাজে মাছৰ বিচৰণ ক্ষেত্ৰ হ’ব। মাছক বিজ্ঞানসন্মতভাৱে খাদ্যৰ যোগান ধৰা হ’ব। পথাৰৰ পানী শুকালে মাছবোৰ কাষৰ নলাত পোহপাল কৰা হ’ব আৰু উপযুক্ত সময়ত ধৰা হ’ব। শালিধান চপোৱাৰ পাছত ৰবি শস্যৰ খেতি কৰিব পৰা যাব। উদঙীয়া গৰু-ছাগলীৰ পৰা পথাৰখন সুৰক্ষিত হোৱাৰ বাবে আগতীয়া আহুধানৰো খেতি কৰিব পৰা যাব। তাৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগিব। পথাৰৰ চাৰিওকাষে থকা ঢাপত শাক-পাচলি, কল, কুঁহিয়াৰ, মাটিকঁঠাল আদি লগাব পৰা যাব। নেমুৰ নাৰ্ছাৰী কৰিব পৰা যাব। কেইটামান গৰু পুহিব পাৰিলে কেঁচুসাৰ উৎপাদন কৰিব পৰা যাব। উপযুক্ত পৰিকল্পনাৰে হাঁহ আৰু গাহৰি পালন কৰাৰো সম্ভাৱনা আছে। পাট-পলু, মুগা পোহাৰ বাবে ঢাপত গছ পুলি ৰোপণ কৰিব পৰা যাব। একেখন পথাৰতে ধান, মাছ, গৰু, পলুৰ বাবে পৰিকল্পনা প্রস্তুত কৰি ল’ব পাৰিলে কৃষি, মীন, পশুপালন, ৰেচম বিভাগৰ মাজত সমন্বয় বৃদ্ধি পাব, ফলত সম্প্রসাৰণ শিক্ষা সহজলভ্য হ’ব। শস্যৰ নিবিড়তা বৃদ্ধিৰ লাগে লগে শস্য মৎস্যৰে পথাৰখন নদন-বদন হ’লে কৃষকৰ আয় নিশ্চিতভাৱে বৃদ্ধি পাব। জৈৱ প্রমাণ পত্র থকাৰ বাবে উৎপাদিত শস্যৰ অধিক মূল্য লাভ কৰিব পৰা যাব। পৰিপাটিকৈ কৰা কৃষি কাৰ্য্যৰ বাবে পথাৰখন শুৱনি হ’ব, চাফ-চিকুণ হ’ব। স্থান বিশেষে এগ্ৰ’ইক’টুৰিজিমৰো ব্যৱস্থা কৰিব পৰা যাব। কৃষকসকলক সংগঠিত কৰিবলৈ সুবিধা হ’ব। পথাৰ পৰিচালনা সমিতিসমূহ প্রকৃতাৰ্থত কার্যক্ষম হ’ব। প্রশিক্ষণ আদি দিয়াৰ সুবিধা হ’ব। কৃষি ক্ষেত্র বিদ্যালয়সমূহো পৰিচালনা কৰাত সহায় হ’ব। শস্য-মৎস্যৰ বহুতৰপীয়া জৈৱিক খেতিৰ উক্ত আহি পৰীক্ষামূলকভাৱে সম্পাদন কৰিব পৰা যায়। বিভিন্ন জনৰ লগত আলোচনামৰ্মে প্ৰস্তুত কৰা উক্ত মডেলটোৱে উজনি অসমৰ কৃষিভূমিক মৎস্যে-শস্যে শ্যামলা কৰি তোলাত নিশ্চয় অৰিহনা যোগাব।

লিখক: ড° অৰুণ চাংকাকতি, দৈনিক জনমভূমি।

 

2.89743589744
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top