মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / অসমৰ কৃষি যান্ত্ৰিকীকৰণৰ প্ৰাসংগিক দিশসমুহ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ কৃষি যান্ত্ৰিকীকৰণৰ প্ৰাসংগিক দিশসমুহ

অসমৰ কৃষি যান্ত্ৰিকীকৰণৰ প্ৰাসংগিক দিশসমুহৰ বিষয়ে লিখা হৈছে ।

 

কৃষি যান্ত্ৰিকীকৰণ কি?

যন্ত্ৰৰ ব্যৱহাৰৰ দ্বাৰা জটিল কৃষিকৰ্মসমূহ সৰল কৰি কম বয়সতে অধিক গুণগতভাৱে কৃষিকাৰ্য সম্পাদন, কৃষকৰ কায়িক শ্ৰম লাঘৱ, কৃষিত উৎপাদন ব্যয় হ্ৰাস, কৃষিৰ উৎপাদন বৃদ্ধি আৰু বৰ্ধিত উৎপাদনৰ লাভজনক ব্যৱহাৰকেই কৃষি যান্ত্ৰিকীকৰণ বুলিব পাৰি। কৃষিৰ উন্নতিৰ বাবে যান্ত্ৰিকীকৰণ অপৰিহাৰ্য। সাধাৰণতে ভবাৰ দৰে কৃষি যান্ত্ৰিকীকৰণে গ্ৰামাঞ্চলত নিবনুৱাৰ সৃষ্টি নকৰে, বৰঞ্চ পৰিকল্পিত যান্ত্ৰিকীকৰণে বহুতৰপীয়া কৃষি আৰু উৎপাদন বৃদ্ধিৰ জৰিয়তে অধিক কৰ্মদিনৰ সৃষ্টিহে কৰে। তথ্যই প্ৰতিপন্ন কৰিছে যে ট্ৰেক্টৰৰ সংখ্যা বঢ়াৰ লগে লগে ভাৰতৰ গ্ৰামাঞ্চলত কৃষিক্ষেত্ৰত নিয়োগৰ পৰিমাণ প্ৰায় ৭ শতাংশ বৃদ্ধি পাইছে।

অসমত কৃষিক্ষেত্ৰত এতিয়াও হাড়ভগা পৰিশ্ৰম কৰিবলগা হয়। সেয়েহে শিক্ষিত যুৱকৰ বাবে কৃষি বৰ আকৰ্ষণীয় জীৱিকা নহয়। ‘একো কৰিব পৰা নাই কাৰণে খেতিকে কৰি আছে’- এনে ভাবত খেতি কৰি থকা কৃষকৰ সংখ্যাই বেছি। কৃষি যান্ত্ৰিকীকৰণে নতুনচাম শিক্ষিত যুৱকক কৃষিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে বৰ্তমান কৃষকসকলৰ কৃষিকৰ্ম সহজ কৰি বৌদ্ধিক চিন্তা- চৰ্চাৰ বাবে অৱসৰ প্ৰদান কৰিব।

অসমৰ কৃষি জলবায়ু, মাটি- পানীৰ গুণাগুণ, মানুহৰ শাৰীৰিক গঠন আদি অনেক কথা ভাৰতৰ অন্যান্য প্ৰদেশতকৈ সম্পুৰ্ণ সুকীয়া। সেয়েহে অসমৰ কৃষিক্ষেত্ৰত যান্ত্ৰিকীকৰণৰ কথা আলোচনা কৰাৰ আগতে ইয়াৰ লগত জড়িত কেইটামান আনুষংগিক তথ্য বিবেচনা কৰাটো যুগুত হ’ব। ১ নং তালিকাত অসমৰ কৃষিক্ষেত্ৰৰ কেইটামান গুৰুত্বপুৰ্ণ তথ্য দাঙি ধৰা হৈছে।

তালিকা নং ১: থোৰতে অসমৰ কৃষিজগতখন

ক্ৰ নং

তথ্য

মান

কৃষিভূমিৰ পৰিমাণ

২৪.৯০ লাখ হেক্টৰ (মুঠ মাটিকালিৰ ৩১.৭৪%)

শস্য প্ৰাবল্য

১৫৪.৩৪% (১৯৫% অগভীৰ নলী-নাদেৰে জলসিঞ্চন কৰা অঞ্চল)

ট্ৰেক্টৰ বা পাৱাৰ টিলাৰৰ সংখ্যা

প্ৰতি ৬৪০ হেক্টৰ কৃষিভূমিৰ বাবে এখন

অগভীৰ নলীনাদ বা নিম্ন উত্তোলন পাম্পছেট

প্ৰতি ১২ হেক্টৰত এটা

জনমূৰি কৃষিভূমিৰ পৰিমাণ

১.১৭ হেক্টৰ

ক্ষুদ্ৰ (১.২ হেক্টৰ) আৰু উপান্ত (হেক্টৰতকৈ কম)কৃষক

২২.৩০ (মুঠ কৃষকৰ ৮৩.১২ শতাংশ)

কৃষিক্ষেত্ৰত প্ৰগতি অষ্টম পৰিকল্পনা, নৱম পৰিকল্পনা, দশম পৰিকল্পনা(-)

একাদশ পৰিকল্পনা (লক্ষ্য)

 

১.১২

০.৩৯

০.২৭

৪.০০

একাদশ পৰিকল্পনাৰ লক্ষ্য

কৃষি যান্ত্ৰিকীকৰণ, জলসিঞ্চন, উদ্যানশস্য, ৰাজসাহায্য কৰ্তন, সম্প্ৰসাৰণৰ পৰিৱৰ্তন

 

অসমৰ কৃষি বুলি ক’লে খাদ্যশস্যই প্ৰধান আৰু খাদ্যশস্যৰ ভিতৰত ধানেই প্ৰধান। যোৱা পাঁচটা দশকত কৃষিক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন পৰিলক্ষিত হ’লেও অসমৰ বেছিভাগ খেতিপথাৰত এতিয়াও বছৰি এটা খেতিয়েই কৰা হয় আৰু মুঠ খেতিৰ প্ৰায় ৭০-৮০ শতাংশ ধানেই। অসমৰ কৃষি জলবায়ু ধানখেতিৰ বাবে অনুকুল সেয়েহে অসমত বিকল্প খাদ্যশস্য উৎপাদনৰ সম্ভাৱনা ক্ষীণ। বৰঞ্চ জলসিঞ্চনকে আদি কৰি কৃষিকাৰ্যৰ প্ৰয়োজনীয় উপাদানসমুহ সহজলভ্য হ’লে ভৱিষ্যতে ধানখেতিৰ ব্যাপকতা বৃদ্ধি পোৱাৰ সম্ভাৱনাহে আছে। ২০০৭-০৮ চনত এই বৃদ্ধিৰ পৰিমাণ আছিল ৩.০৮ শতাংশ। অসমত তিনিধৰণৰ ধানখেতি কৰা হয়- শালি, বৰো আৰু আহু। এই তিনিধৰণৰ ধানখেতিৰ কৃষিকৰ্মৰাজিও বেলেগ বেলেগ। শালি খেতিত মাটি চহ কৰা, বোকা দিয়া, ভূঁই ৰোৱা, শস্য কটা আৰু মৰণা মৰা প্ৰধান কৃষিকৰ্ম। আহু খেতিত অপতৃণ নিয়ন্ত্ৰণ আৰু বৰো খেতিত জলসিঞ্চন ওপৰঞ্চি হিচাপে থকা উল্লেখযোগ্য কৃষিকৰ্ম। বৰ্তমান নতুনকৈ উদ্ভাৱন কৰা কমদিনীয়া অধিক উৎপাদনক্ষম ধানৰ জাতেৰে জলসিঞ্চনৰ ব্যৱস্থা থকা পথাৰত বছৰত তিনিটা খেতি কৰিব পৰা হৈছে। তথাপি অঞ্চলবিশেষে (বিশেষকৈ অগভীৰ নলীনাদ থকা পথাৰত) বছৰত দুটা ধানখেতি কৰা দেখা গৈছে যদিও সমগ্ৰ অসমত ধানখেতিৰ বিশেষ লক্ষণীয় পৰিৱৰ্তন হোৱা নাই। ধানৰ বাহিৰে অসমৰ উল্লেখযোগ্য আন শস্যবোৰ হ’ল মাহজাতীয় শস্য (বুট, মগু, মটৰ আৰু মচুৰ) ঘেঁহু, সৰিয়হ, মৰাপাট, কুঁহিয়াৰ, গোমধান, শাক-পাচলি অৰু ফলমুল (নেমু, কমলা কল, তামোল, আনাৰস) আদিয়েই প্ৰধান। অসম খাদ্যশস্যৰ উৎপাদনত কোনো বছৰ সামান্য ৰাহি বা কোনো বছৰ সামান্য ঘাটি, মাহ আৰু তৈলজাতীয় শস্যত ঘাটি, ফলমুল আৰু মছলাজাতীয় শস্যত সামান্য ৰাহি আৰু শাক-পাচলিৰ ক্ষেত্ৰত ৰাহি ৰাজ্য বুলি যোৱা কেইটামান বছৰৰ তথ্যৰ পৰা জনা গৈ ছে।

তালিকা নং ১ ত উল্লিখিত তথ্যৰ পৰা দেখা গৈছে, অসমৰ কৃষিক্ষেত্ৰত উন্নতিৰ বাবে কৃষি যান্ত্ৰিকীকৰণ আৰু জলসিঞ্চনে যথাযোগ্যভাৱে সৰ্বাধিক প্ৰাধান্য লাভ কৰিছে। জলসিঞ্চন আৰু যান্ত্ৰিকীকৰণৰ প্ৰকৃততে ওত:প্ৰোত সম্বন্ধ আছে।

জলসিঞ্চন হ’ল কৃষি যান্ত্ৰিকীকৰণৰ প্ৰাক-কৰণীয়। জলসিঞ্চনৰ ব্যৱস্থা থাকিলে বতৰৰ ওপৰত নিৰ্ভৰ নকৰাকৈ গোটেই বছৰজুৰি একেডৰা মাটিতে কেইবাটাও শস্য কৰিব পৰা হয়। এনেদৰে খেতি কৰোঁতে দুটা শস্যৰ মাজত অন্তৱৰ্তীকালীন সময়তে মাটি চহ কৰি উলিয়াব লাগিব। মাটি চহ কৰা, শস্য চপোৱা আদি কাম যান্ত্ৰিক পদ্ধতিৰে কৰিলে এনেদৰে বহুতপৰীয়া খেতি কৰিবলৈ সুবিধা হয়। জলসিঞ্চন ব্যৱস্থা কৃষি যান্ত্ৰিকীকৰণৰ প্ৰথম পদক্ষেপ বুলিব পাৰি। কাৰ্যকৰী জলসিঞ্চন ব্যৱস্থা নথকা অসম ৰাজ্যৰ কৃষকে সেয়েহে হয়তো কৃষি যান্ত্ৰিকীকৰণৰ অন্যান্য পদ্ধতিৰ কথা চিন্তা কৰাৰ আগতে জলসিঞ্চনৰ বাবে পাম্পছেটৰ কথাহে চিন্তা কৰে। অসমৰ কেইখনমান জিলাত আগভীৰ নলীনাদ আৰু পাম্পছেটৰ জৰিয়তে কৰা জলসিঞ্চনে একপ্ৰকাৰ সেউজ বিপ্লৱৰ সুচনা কৰিছেই বুলিব পাৰি। আগভীৰ নলীনাদ তথা পানীৰ অন্যান্য উৎস- য’ত পানীৰ স্তৰ পাম্পৰ পৰা ৬ মিটাৰতকৈ কম উচ্চতাত পোৱা যায়, তেনেক্ষেত্ৰত জলসিঞ্চনৰ বাবে অপকেন্দ্ৰিক পাম্প অতি উপযোগী। এনেবোৰ পাম্প অন্তৰ্দহন ইঞ্জিন (ডিজেল, পেট্ৰ’ল, কেৰাচিন ইন্ধযুক্ত) চালিত, বিদ্যুৎশক্তিচালিত বা সৌৰশক্তিচালিত হ’ব পাৰে। বৰ্তমান সময়ত বিদ্যুৎশক্তিচালিত এনে পাম্পেৰে জলসিঞ্চন কৰিবলৈ আটাইতকৈ কম খৰচ পৰে। অসমৰ খেতিপথাৰত বিজুলী যোগান ব্যৱস্থা এতিয়াও সুবিধাজনক নহয়। সেয়েহে ৩ ৰ পৰা ৫ অশ্বশক্তিসম্পন্ন ডিজেল ইঞ্জিনচালিত অপকেন্দ্ৰিক পাম্পছেট অসমৰ কৃষকৰ মাজত অতি জনপ্ৰিয়। বৰ্তমান অৱশ্যে ওজন কম হোৱা বাবে পেট্ৰ’লেৰে চালু কৰা আৰু কেৰাচিন দি চলোৱা অপকেন্দ্ৰিক পাম্পছেটৰ জনপ্ৰিয়তাও বৃদ্ধি পাইছে। কিন্তু ইন্ধনৰ সঘন মূল্যবৃদ্ধিৰ বাবে জলসিঞ্চনৰ ক্ষেত্ৰত ইঞ্জিনচালিত পাম্পছেটসমুহেৰে জলসিঞ্চন কৰাটো যথেষ্ট ব্যয়বহুল হৈ পৰিছে। খেতিপথাৰত বিদ্যুৎ যোগান তথা বিদ্যুৎশক্তিচালিত অপকেন্দ্ৰিক পাম্পছেটৰ ব্যৱহাৰে কৃষকসকলক যথেষ্ট সকাহ দিব পাৰিব।

অগভীৰ নলীনাদ, পুখুৰী, নদী আদিৰ পৰা জলসিঞ্চন কৰিব নোৱৰা অঞ্চলৰ বাবে গভীৰ নলীনাদ জলসিঞ্চনৰ অন্যতম উৎস। গভীৰ নলীনাদৰ পৰা পানী উঠাবলৈ বিদ্যুৎশক্তিচালিত পানীত বুৰ গৈ থকা (Submerinible pumpset) বা জেট পাম্পছেট ব্যৱহাৰ কৰা হয়। পানীত বুৰ গৈ থকা পাম্পছেটৰ পাম্প আৰু মটৰ দুয়োটা নলীনাদৰ তলত পানীত বুৰ গৈ থাকে। বৈদ্যুতিক মটৰটো পানী সৰকিব নোৱৰাকৈ ৰখা হয়। জেট পাম্পৰ সহায়ত প্ৰায় ১২ মিটাৰৰ পৰা ১৮ মিটাৰ পৰ্যন্ত তলৰ পৰা পানী উঠাব পাৰি। গভীৰ নলীনাদৰ জৰিয়তে জলসিঞ্চন কৰাটো অগভীৰ নলীনাদৰ পৰা জলসিঞ্চন কৰাৰ তুলনাত ব্যয়বহুল।

শালি খেতিৰ বতৰত অসমৰ প্ৰায়বোৰ পথাৰতে পানী সহজতে (যেনে- খাল, পুখুৰী) পোৱা যায়। এই সময়ত ক্ষন্তেকীয়া খৰাং বতৰৰ জোৰা মাৰিবলৈ প্ৰপেলাৰ পাম্প ব্যৱহাৰ কৰিব পাৰি। এনেবোৰ পাম্পছেট কম গভীৰতাৰ পৰা কম সময়তে অধিক পানী উত্তোলন কৰাৰ বাবে উত্তম। ভৰিৰে ঢেঁকী দিয়াৰ নিচিনাকৈ চলাব পৰা নাইবা গৰুহাল দি চলাব পৰা পিষ্টনযুক্ত পাম্পছেট ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বাবে খৰচতে জলসিঞ্চন কৰাৰ ভাল আহিলা হ’ব পাৰে।

উদ্যানশস্যত জলসিঞ্চন কৰিবলৈ এটা উত্তম জলসিঞ্চন পদ্ধতি হ’ল ড্ৰিপ জলসিঞ্চন পদ্ধতি। এই পদ্ধতিৰ জৰিয়তে গছজোপাৰ প্ৰয়োজনীয় পানীভাগ সময়মতে গছৰ গুৰিত টোপাল আকাৰে, স্প্ৰে’ আকাৰে নাইবা জিৰজিৰকৈ দিব পাৰি। অসমত শাক-পাচলি (যেনে- বিলাহী, ব্ৰুক’লি, কেপচিকাম, পিঁয়াজ), ফলমুল (কল, সুমথিৰা, নেমুটেঙা, মধুৰি-আম, তামোল) আৰু সেউজগৃহৰ ভিতৰত কৰা শাক-পাচলি আৰু ফুলৰ খেতিৰ বাবে এই জলসিঞ্চন পদ্ধতি ব্যৱহাৰ কৰিব পাৰি। এই পদ্ধতিৰ খৰচ বিশেষকৈ দুজোপা গছৰ মাজৰ ব্যৱধানৰ ওপৰত নিৰ্ভৰ কৰে। শাক-পাচলিৰ খেতিত এনে জলসিঞ্চন পদ্ধতি ব্যৱহাৰ কৰিলে প্ৰতি হেক্টৰত ৩ অশ্বশক্তিৰ পাম্পছেট আৰু আন উদ্যানশস্যৰ বাবে প্ৰতি হেক্টৰত ১ অশ্বশক্তিৰ পাম্পছেটৰ প্ৰয়োজন হয়। এই পদ্ধতিত জলসিঞ্চনৰ লগতে পানীত দ্ৰৱণীয় আৰু শস্যৰ প্ৰয়োজনীয় সাৰ, অণুসাৰ আদিও প্ৰয়োগ কৰিব পাৰি। অসমত ৰবিশস্যত জলসিঞ্চনৰ বাবে এক সম্ভাৱনাপুৰ্ণ জলসিঞ্চন পদ্ধতি হ’ল স্প্ৰিংকলাৰ জলসিঞ্চন পদ্ধতি। এই জলসিঞ্চন পদ্ধতিৰে শালিধান আৰু মৰাপাটৰ বাহিৰে আন প্ৰায় সকলো শস্যতে জলসিঞ্চন কৰিব পাৰি।

পৰিকল্পিত কৃষি যান্ত্ৰিকীকৰণ -

জলসিঞ্চন ব্যৱস্থা সুনিশ্চিত হোৱাৰ পাছত কৃষি যান্ত্ৰিকীকৰণৰ আনবোৰ উপাদান, যেনে- মাটি চহ কৰাৰ বাবে যান্ত্ৰিক সঁজুলি, শস্যৰক্ষাৰ যান্ত্ৰিক সঁজুলি, শস্যৰক্ষাৰ যান্ত্ৰিক সঁজুলি ইত্যাদিৰ কথা আহি পৰে। জলসিঞ্চন সুনিশ্চিত নহ’লে কিন্তু যান্ত্ৰিকীকৰণৰ সুফল আশানুৰুপ নহ’বও পাৰে। কৃষি যান্ত্ৰিকীকৰণৰ বাবে এক সুচিন্তিত পৰিকল্পনাৰ নিতান্তই প্ৰয়োজন। জধে মধে কৰা কৃষি যান্ত্ৰিকীৰণে কেতিয়াবা সমস্যাৰহে সৃষ্টি কৰে। এইখিনিতে আফ্ৰিকা মহাদেশৰ এখন দেশ জাম্বিয়াৰ কথা উনুকিয়াব পাৰি। ১৯৭০ ৰ দশকত জাম্বিয়াত খাদ্যশস্যৰ উৎপাদন বঢ়াবলৈ এক অভিলাষী আঁচনি ৰুপায়িত কৰা হয়। এই আঁচনিৰ জৰিয়তে সমগ্ৰ দেশতে চৰকাৰৰ ফালৰ পৰা কিছুমান কৃষি যান্ত্ৰিকীকৰণ কেন্দ্ৰ খোলা হয় আৰু এইবোৰৰ জৰিয়তে ৰেহাই মুল্যত কৃষকসকলক নতুন মাটি উলিয়াবলৈ আৰু ইতিমধ্যে খেতি কৰি থকা মাটিত চহ কৰিবলৈ ট্ৰেক্টৰ আৰু আন যান্ত্ৰিক সঁজুলি ভাড়ালৈ দিয়াৰ ব্যৱস্থা কৰে। সেই সময়ত জাম্বিয়াত প্ৰায় আঠ লাখ ক্ষুদ্ৰ খেতিয়ক আছিল আৰু তেখেতসকলেই দেশখনৰ খাদ্য উৎপাদনৰ মেৰুদণ্ডস্বৰুপ আছিল। সস্তাতে ট্ৰেক্টৰ ভাৰালৈ পোৱা বাবে কৃষকসকলে তেতিয়ালৈকে ব্যৱহাৰ কৰি অহা গৰুহাল আৰু আনুষংগিক সঁজুলিবোৰ বাদ দি ট্ৰেক্টৰ ভাৰালৈ লোৱা আৰম্ভ কৰিলে। লাহে লাহে গৰুৰে চলোৱা সঁজুলিবোৰ এলাগী হৈ পৰিল। এই ৰেহাই আঁচনিখন প্ৰথম কিছুবছৰ ভালেই চলি আছিল। কিন্তু সময় বাগৰাৰ লগে লগে চৰকাৰৰ ঋণগ্ৰস্ততা, ট্ৰেক্টৰৰ মেৰামতিৰ অভাৱ, ইন্ধনৰ মূল্যবৃদ্ধি আৰু প্ৰশিক্ষিত কাৰিকৰী লোকৰ অভাৱ আদি কাৰণত এই কেন্দ্ৰবোৰ এটা এটাকৈ বন্ধ হ’বলৈ ধৰিলে। এসময়ত জাম্বিয়াৰ গ্ৰামাঞ্চলৰ খেতিপথাৰ শুৱনি কৰি থকা এই ট্ৰেক্টৰবোৰৰ এখনো বৰ্তমান কাম কৰাৰ উপযুক্ত হৈ থকা নাই। জাম্বিয়া দেশৰ ক্ষুদ্ৰ কৃষকসকল পুনৰাই সেই গৰুহাল আৰু পুৰণা সঁজুলিলৈকে ঘুৰি যাবলগা হয়। সু-চিন্তিত কৃষি যান্ত্ৰিকীকৰণৰ পৰিকল্পনাৰ বাবে সেয়েহে বৰ্তমান স্থিতিৰ পৰ্যালোচনা, শক্তিৰ উৎস তথা উপলব্ধতা, কৃষকৰ আৰ্থ-সামাজিক স্থিতি, স্থানীয় জলবায়ু, কৃষিভুমি, শস্যক্ৰম আদি বহুখিনি তথ্য বিবেচনা কৰাৰ প্ৰয়োজন। কৃষি যান্ত্ৰিকীকৰণৰ শিক্ষা আৰু গৱেষণাত জড়িত বিজ্ঞানী, চৰকাৰৰ কৃষি বিভাগ আৰু কৃষক ৰাইজৰ প্ৰতিনিধি, স্বেচ্ছাসেৱী অনুষ্ঠান আৰু মহিলা কৃষিকৰ্মীৰ প্ৰতিনিধিৰ এনে পৰিকল্পনা অধিক বাস্তৱসন্মত হ’ব। পাছলৈ কৃষি যান্ত্ৰিকীকৰণ সঁজুলিৰ নিৰ্মাতাসকলেও এনে পৰিকল্পনাত অংশগ্ৰহণ কৰাটো উচিত।

পশুশক্তি আৰু যান্ত্ৰিকশক্তিৰ সমন্বিত ব্যৱহাৰ -

অসমৰ কৃষি যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত পশুশক্তিৰ (বিশেষকৈ গৰুহালৰ) ব্যৱহাৰ উলাই কৰিব নোৱাৰি। পশুশক্তি পাৰিপাৰ্শ্বিকতাৰ ফালৰ পৰা প্ৰদুষণমুক্ত আৰু সহজলভ্য। গৰুহাল ব্যৱহাৰ কৰি কৃষিকৰ্ম কৰিবলৈ অসমৰ কৃষকক বেলেগকৈ প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন নহয়। অসমৰ সৰহ সংখ্যক কৃষকেই ক্ষুদ্ৰ আৰু উপান্ত কৃষক আৰু গৰুহালেই তেখেতসকলৰ কৃষিশক্তিৰ মূল উৎস। সেয়েহে গৰুহালক বাদ দি কৰা যিকোনো কৃষি যান্ত্ৰিকীকৰণ পৰিকল্পনা সফল হোৱাৰ সম্ভাৱনা ক্ষীণ। কি পৰ্যায়ৰ কৃষি যান্ত্ৰিকীকৰণ অসমৰ বাবে উপযুক্ত হ’ব সেয়া নিৰ্ধাৰণ কৰি লোৱাটো বিশেষ গুৰুত্বপূৰ্ণ । ট্ৰেক্টৰ, পাৱাৰটিলাৰ আদি যান্ত্ৰিক ব্যৱস্থাৰ জৰিয়তে কম সময়ত আৰু কম আয়াসতে অধিক গুণমানবিশিষ্ট কৃষিকৰ্ম কৰিব পৰা যায়। আনহাতে অসমৰ কৃষকৰ বাবে এতিয়াও পশুশক্তি সহজলভ্য আৰু কম বিঘিনিযুক্ত। গতিকে অসমৰ কৃষি যান্ত্ৰিকীকৰণৰ বাবে দুয়োবিধ প্ৰযুক্তিৰে প্ৰাসংগিকতা আছে। ট্ৰেক্টৰ আৰু পাৱাৰটিলাৰ বেছি কঠিন কাম, যেনে- মাটি ভাঙি উলিওৱা, বহুতৰপীয়া কৃষিৰ বাবে কম সময়ত মাটি চহ কৰি উলিওৱা আদি কামৰ বাবে উপযুক্ত হ’ব। অলপ লঘু কাম, যেনে- দ্বিতীয় পৰ্যায়ৰ চহ, মাটি সমান কৰা আদি কামত গৰুহাল ব্যৱহাৰ কৰিব পাৰি। যিবোৰ কামত অত্যধিক শাৰীৰিক পৰিশ্ৰম লাগে আৰু কম সময়ত কৰি উলিয়াব লাগে, তেনেবোৰ কামহে যান্ত্ৰিকীকৰণৰ বাবে নিৰ্বাচন কৰিব লাগে। এনেদৰে কৰা যান্ত্ৰিকীকৰণক নিৰ্বাচিত যান্ত্ৰিকীকৰণ (Selective Mechanization) বুলি কোৱা হয়। অসমৰ শালি খেতিৰ কাৰণে মাটি চহ কৰা, কঠীয়া পৰা, বোকা দিয়া, কঠীয়া উঠোৱা, কঠীয়া ৰোৱা, আলি দিয়া, শস্যৰক্ষা কৰা, অপতৃণ নিয়ন্ত্ৰণ, ধান দোৱা, মৰণা মৰা ইত্যাদি এলানি কৃষিকৰ্ম আছে। ইয়াৰ ভিতৰত কঠীয়া ৰোৱা আৰু ধান দোৱা কাম দুটা কম সময়ত কৰিব লগা আৰু অধিক কৰ্মদিনৰ প্ৰয়োজন হোৱা (labour intensive) কাম। গতিকে শালি খেতিৰ কৃষি যান্ত্ৰিকীকৰণৰ বাবে নিৰ্বাচিত যান্ত্ৰিকীৰণত এই দুটা কৃষিকৰ্মই প্ৰাথমিকতা পোৱা উচিত।

ওপৰৰ আলোচনাৰ পৰা এইটো কথা প্ৰতীয়মান হয় যে অসমৰ বাবে নিৰ্বাচিত যান্ত্ৰিকীকৰণহে বেছি উপযোগী হ’ব। এনে যান্ত্ৰিকীকৰণৰ দ্বাৰাহে ইতিমধ্যে ব্যৱহাৰ হৈ থকা পশুশক্তি আৰু আধুনিক যান্ত্ৰিকশক্তিৰ সমন্বিত আৰু সন্তুলিত ব্যৱহাৰ সম্ভৱ হ’ব। ইয়াৰ লগতে হস্তচালিত আৰু পশুশক্তিচালিত উন্নত সঁজুলিৰ ব্যৱহাৰ হোৱাটোও সুনিশ্চিত হোৱা উচিত।

পশুশক্তিচালিত উন্নত সঁজুলি -

উন্নত সঁজুলিৰ ধাৰণাটো তুলনামুলক। এবিধ সঁজুলি আন এবিধ সঁজুলিতকৈও উন্নত বুলি তেতিয়াহে কোৱা হ’ব যেতিয়া নতুন সঁজুলিবিধৰ দ্বাৰা সময় ৰাহি, শ্ৰম, লাঘৱ, ব্যয় ৰাহি আৰু কামৰ মানৰ উন্নতি- এই চাৰিটা সুফলৰ যিকোনো এটা বা একাধিক সুফল লাভ কৰিব পৰা যায়। পশুশক্তিৰ ভিতৰত অসমত প্ৰধানকৈ গৰু আৰু ম’হেই কৃষিকাৰ্যত ব্যৱহাৰ কৰা হয়। অসমৰ গৰুৰ শাৰীৰিক গঠন ভাৰতৰ অন্যান্য প্ৰদেশতকৈ সুকীয়া। সেয়েহে আন প্ৰদেশৰ গৰুৰে চলোৱা সঁজুলি আমাৰ থলুৱা গৰুৰ বাবে উপযুক্ত নহ’বও পাৰে। অসমৰ খেতিৰ কাৰণে উপযোগী আৰু থলুৱা গৰুৱে টানিব পৰা কেইবিধমান সঁজুলি তলত উল্লেখ কৰা হ’ল।

এম বি নাঙল: এইবিধ এবিধ উন্নত নাঙল আৰু ই সীৰলু এটা মাটিৰ পৰা কাটি লৈ যতদুৰ সম্ভৱ ঢিলা আৰু গুড়ি কৰি লুটিয়াই যায় যাতে বন-বাত মাটিৰ তলত পোত গৈ পচি যায়। সীৰলুটোৰ প্ৰস্থই এম বি নাঙলৰ আকাৰ সুচায়। ৭৫ মি.মি. আকাৰৰ এম বি নাঙল অসমৰ থলুৱা গৰুৰ বাবে উপযোগী। এইবিধ নাঙলৰ কাৰ্যক্ষমতা ০.০৩ হেক্টৰ প্ৰতিঘণ্টাত। অসম চৰকাৰৰ কৃষি অভিযান্ত্ৰিক বিভাগে এইবিধ নাঙল সময়ে সময়ে ৰেহাই মূল্যত কৃষকক যোগান ধৰি আহিছে।

উন্নত যুৱলি: গৰুহালৰ শ্ৰম লাঘৱৰ জৰিয়তে কৰ্মকুশলতা বৃদ্ধি কৰিবলৈ যুৱলিখন ভাল হোৱাটো নিতান্তই প্ৰয়োজনীয়। যুৱলিখনৰ উপযোগিতা গৰুৰ কান্ধত লাগি থকা অংশৰ পৰিসৰৰ ওপৰতে ঘাইকৈ নিৰ্ভৰ কৰে। পৰিসৰ বৃদ্ধি পালে শক্তি আহৰণৰ ক্ষমতাও বৃদ্ধি পায়। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অভিযান্ত্ৰিক বিভাগত থকা ‘পশুশক্তিৰ বৰ্ধিত ব্যৱহাৰৰ সৰ্বভাৰতীয় সুসংহত গৱেষণা প্ৰকল্প’ৰ পৰা থলুৱা গৰুৰ উপযোগীকৈ এবিধ যুৱলিৰ আৰ্হি সাজি উলিয়াইছে। কাঠেৰে নিৰ্মিত এই যুৱলবিধ দীঘে ১৩০ চে.মি., বহলে ৭.৫ চে.মি. আৰু ওজন ৪.৫ কিলোগ্ৰাম। এই যুৱলিবিধৰ শক্তি আহৰণৰ ক্ষমতা পৰম্পৰাগত যুৱলিতকৈ প্ৰায় ১৮.০১ শতাংশ অধিক। এই সঁজুলিবিধ বনাবলৈ সহজ আৰু কৃষকে নিজে ঘৰতে বনাই ল’ব পাৰে।

কাঁহী আকৃতিৰ হেৰ’ -

এইবিধ দ্বিতীয় পৰ্যায়ৰ মাটি চহ কৰা সঁজুলি। ইয়াত অবতল কাঁহীসদৃশ লোহাৰ চাৰিখন ডিস্ক থাকে। দুখন দুখনকৈ ডিস্ক দুটা ঠোৰাত লগোৱা থাকে। এহাল গৰুৱে টনা এইবিধ সঁজুলিৰ কাৰ্যক্ষমতা ০.০৩ হেক্টৰ প্ৰতিঘণ্টাত। গৰুহালে টানি নিয়াৰ লগে লগে আটাইকেইখন ডিস্ক একেলগে ঘুৰে আৰু আগতে প্ৰথম চহ সম্পুৰ্ণ হোৱা মাটিডৰাত থাকি যোৱা ডাঙৰ চপৰাবিলাক ভাঙি যায়। ধাৰ থকা কাঁহি আকৃতিৰ ডিস্ককেইখনে ঘাঁহ-বন কটাৰ লগতে মাটিডোখৰ সমান কৰি যায়। অসম কৃষি উদ্যোগ উন্নয়ন নিগমে এসময়ত এইবিধ সঁজুলি কৃষকক ৰেহাই মূল্যত যোগান ধৰিছিল যদিও নিগম বন্ধ হোৱাৰ লগে লগে এইবিধ সঁজুলিৰ উপলব্ধতা নোহোৱা হ’ল। পাৱাৰটিলাৰ বৰ্ধিত ব্যৱহাৰে এইবিধ সঁজুলিৰ প্ৰাসংগিকতা হ্ৰাস কৰিছে যদিও এতিয়াও একেবাৰে নোহোৱা হৈ যোৱা নাই।

গৰুৱে টনা বোকা দিয়া সঁজুলি -

অসমৰ কৃষকে ধানখেতিৰ বাবে বোকা দিবলৈ প্ৰধানকৈ দেশীয় নাঙল আৰু মৈয়েই ব্যৱহাৰ কৰে। এনেদৰে বোকা দিওঁতে খৰচ বেছি হোৱাৰ লগতে বোকাৰ গুণাগুণো বৰ ভাল নহয়। ভাৰতৰ অন্যান্য প্ৰদেশত গৰুৱে টনা বোকা দিয়া সঁজুলি ব্যৱহাৰ কৰে যদিও তেনে সঁজুলি অসমৰ থলুৱা গৰুৱে টানিব নোৱাৰে, কিয়নো অসমৰ থলুৱা গৰুৰ গড় ওজন ভাৰতৰ আন প্ৰদেশৰ গৰুৰ প্ৰায় আধা। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অভিযান্ত্ৰিক বিভাগে অসমৰ থলুৱা গৰুৰ উপযোগীকৈ বোকা দিয়া সঁজুলি এবিধৰ আৰ্হি সাজি উলিয়াইছে। এইবিধ সঁজুলিত ৮ খন পকোৱা আকৃতিৰ ব্লেড থকা এটা ঘূৰ্ণীয়মান অংশ থাকে। ব্লেডকেইখন ঘুৰ্ণীয়মান অংশৰ পৰিধিত লগোৱা থাকে আৰু ইয়াক এটি আয়তাকাৰ ফ্ৰেমত সংযোগ কৰা হয়। এই লোহাৰ ফ্ৰেমটো কাঠৰ বিম (Beam) এটাৰ জৰিয়তে যুৱলিৰ লগত সংযোগ কৰা হয়। পিছফালে আন এটা আয়তাকাৰ ফ্ৰেমত নাঙলৰ মুঠিৰ লেখীয়া মুঠি মাৰিবৰ ব্যৱস্থা থাকে। এইবিধ সঁজুলিৰে ঘণ্টাত ০.০৪ হেক্টৰ মাটি বোকা দি উলিয়াব পাৰি। বোকা দিয়াৰ খৰচ আৰু সময় পৰম্পৰাগত পদ্ধতিতকৈ কম আৰু বোকাৰ গুণাগুণ পাৱাৰটিলাৰেদি বোকা দিয়াৰ সমকক্ষ। অসমৰ ধানখেতিৰ বাবে এইবিধ এবিধ যথেষ্ট সম্ভাৱনাপুৰ্ণ সঁজুলি।

বহু উপযোগী বীজ দিয়া সঁজুলি:

শাৰী শাৰীকৈ বীজ দিলে পাছত শস্যৰক্ষা, নিৰণি কৰা আৰু শস্য চপোৱা আদি কাম বহুখিনি সহজ হয়। অসমত এতিয়াও বীজ দিয়া সঁজুলিৰ ব্যৱহাৰ নিচেই কম। এহাল গৰুৱে টানিব পৰা ত্ৰিশ কেজি ওজনৰ বহু উপযোগী বীজ দিয়া সঁজুলি মাহেজাতীয় শস্য, তৈলজাতীয় শস্য, ঘেহু, মাকৈ আদি শস্যৰ বীজ দিবলৈ ব্যৱহাৰ কৰিব পাৰি। একেলগে দুশাৰী বীজ আৰু বীজৰ লগতে সাৰ প্ৰয়োগ কৰা ব্যৱস্থা থকা এই সঁজুলিবিধেই ঘণ্টাত প্ৰায় এবিঘা মাটিত বীজ দিব পৰা যায়।

ওপৰত উল্লেখ কৰা সঁজুলিকেইবিধৰ উপৰি গৰুৰে চলাব পৰা বিভিন্ন প্ৰকাৰৰ সঁজুলি উদ্ভাৱন কৰা হৈছে। এইক্ষেত্ৰত ভুপালত থকা কেন্দ্ৰীয় কৃষি অভিযান্ত্ৰিক প্ৰতিষ্ঠান আৰু অসম কৃষি বিশ্ববিদ্যালয়কে ধৰি ভাৰতৰ বিভিন্ন প্ৰদেশৰ কৃষি বিশ্ববিদ্যালয়সমুহে অগ্ৰণী ভূমিকা লৈছে। শেহতীয়াভাৱে পশুশক্তি ব্যৱহাৰ কৰি পানী উত্তোলন, ধান মৰাণ মৰা, আটা পিচা আদি কাম কৰিব পৰা সঁজুলি উদ্ভাৱিত হৈছে। ২ নং তালিকাত পশুশক্তি ব্যৱহাৰ কৰি চলাব পৰা কেইবিধমান যান্ত্ৰিক সঁজুলিৰ তালিকা দিয়া হৈছে।

হস্তচালিত সঁজুলি:

অসমৰ কৃষকে এতিয়াও কৃষিৰ লগত জড়িত বহুখিনি কাম দুইহাত ব্যৱহাৰ কৰিয়েই কৰিবলগা হয়। পৰম্পৰাগত হস্তচালিত সঁজুলিৰ ভিতৰত দা, কোৰ, কাঁচি, দলিমাৰি, বিৰিয়া, হোলোঙা, ওখোন আদিয়েই প্ৰধান। উন্নত হস্তচালিত সঁজুলিয়ে মানুহৰ কায়িক শ্ৰম পোনপটীয়াভাৱে আৰু যথেষ্ট পৰিমাণে লাঘৱ কৰিব পাৰে। হস্তচালিত সঁজুলিবোৰ সাজি উলিয়াওঁতে মানুহৰ শাৰীৰিক গঠন (ওজন, উচ্চতা), পুৰুষৰ নে মহিলাৰ বাবে আৰু আৰ্থ সামাজিক পৰিস্থিতি আদি ভালেখিনি কথা বিবেচনা কৰা উচিত। অসম তথা উত্তৰ-পুৰ্বাঞ্চলৰ মানুহৰ শাৰীৰিক উচ্চতা ভাৰতৰ অন্যান্য প্ৰদেশতকৈ কম, সেয়েহে সেইবোৰ ঠাইত ব্যৱহৃত হস্তচালিত সঁজুলিবোৰ আমাৰ ইয়াত পোনপটীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰি। পুৰুষ আৰু মহিলা কৃষিকৰ্মীৰ কাম কৰিব পৰা ক্ষমতা বেলেগ বেলেগ (পুৰুষ কৰ্মীৰ ৬০ ৱাটৰ বিপৰীতে মহিলা কৰ্মীৰ ৪৮ ৱাট), সেয়েহে পুৰুষ আৰু মহিলাৰ বাবে সঁজুলিও বেলেগ বেলেগ হোৱা উচিত। অসমৰ কৃষিৰ বাবে উপযোগী কেইবিধমান হস্তচালিত সঁজুলিৰ বিৱৰণ তলত দিয়া হ’ল।

হস্তচালিত ভূঁই ৰোৱা সঁজুলি:

অসমৰ অগভীৰ নলীনাদৰ জৰিয়তে জলসিঞ্চন ব্যৱস্থাৰ সম্প্ৰসাৰণ হোৱা পথাৰত শালি খেতিৰ উপৰি বৰো আৰু আগতীয়া আহুধানৰ খেতিও বৃদ্ধি পাইছে। এই পৰিপ্ৰেক্ষিতত কম সময়তে আৰু প্ৰণালীবদ্ধভাৱে শাৰী শাৰীকৈ ভূঁই ৰোৱাৰ বাবে যান্ত্ৰিক সঁজুলিৰ আৱশ্যকতা আহি পৰিছে। পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ৰ আৰ্হিৰ ওপৰত ভিত্তি কৰি অসম কৃষি বিশ্ববিদ্যালয়ে অসমৰ কৃষকৰ বাবে উপযোগীকৈ এটি হস্তচালিত ভূঁই ৰোৱা সঁজুলি সাজি উলিয়াইছে। একে সময়ত চাৰি শাৰীকৈ ভূঁই ৰুব পৰা এইবিধ সঁজুলিৰ কাৰণে কঠীয়া পাৰিবলৈ ‘মেট পদ্ধতি’ ব্যৱহাৰ কৰিব লাগে। এই সঁজুলিবিধৰ লগত দুটুকুৰা সমান জোখৰ নাৱৰ তলিৰ লেখীয়া চেপেটা কাঠ এনেভাৱে লগোৱা থাকে যাতে সঁজুলিটো অনায়াসে বোকাৰ ওপৰেদি চোঁচৰাই নিব পাৰি। ইয়াৰ ওপৰত এটা ফ্ৰেমত কঠীয়া হেলনীয়াকৈ ৰাখিবৰ কাৰণে ট্ৰ’, কঠীয়া ৰোৱাৰ বাবে আঙুলি সদৃশ অংশ আৰু দুহাতেৰে টানি চলোৱাৰ বাবে হেণ্ডেল লগোৱা থাকে। ভূঁই ৰুবৰ বাবে ট্ৰে’খনত কঠীয়া জোখমতে ভৰাই এজন মানুহে হেণ্ডেলৰ সহায়ত সঁজুলিবিধ নিজৰ শৰীৰৰ ফালে বোকাৰ ওপৰেদি চোঁচৰাই আনে আৰু একে সময়তে নিৰ্দিষ্ট অন্তৰালত হেণ্ডেলডাল তললৈ হেঁচা মাৰি যায়। এনে কৰোঁতে ট্ৰে’ৰ পৰা কঠীয়া লোহাৰ চাৰিযোৰা আঙুলিসদৃশ অংশই বুটলি আনি বোকাত লগাই যায়। এইবিধ সঁজুলিৰে ঘণ্টাত ০.০৩ হেক্টৰ মাটিত ভূঁই ৰুব পাৰি আৰু ইয়াৰ জৰিয়তে শাৰী শাৰীকৈ হাতেৰে ভূঁই ৰোৱাৰ তুলনাত ৭৫% সময় ৰাহি হয়। ভূঁই ৰোৱা খৰচো হাতেৰে ভূঁই ৰোৱাৰ প্ৰায় আধা। অসমৰ ধানখেতিৰ বাবে ই এবিধ অতি উপযোগী সঁজুলি বুলি ক’ব পাৰি।

তালিকা নং ২: পশুশক্তিচালিত যান্ত্ৰিক সঁজুলি

ক্ৰ নং

সঁজুলিৰ নাম

কাম

আৰ্হি

কাৰ্যক্ষমতা

আনুমানিক মুল্য

অসমৰ বাবে উপযোগিতা

এম বি নাঙল

প্ৰথম পৰ্যায়ৰ চহ

অসম কৃষি বিশ্ববিদ্যালয়

০.০৩ হেক্টৰ প্ৰতি ঘণ্টাত

৪৫০/-

উপযোগী

বোকা দিয়া সঁজুলি

বোকা দিয়া

০.০৪ হেটৰ প্ৰতি ঘণ্টাত

৪৫০০/-

কাঁহী আকৃতিৰ হেৰ’

দ্বিতীয় পৰ্যায়ৰ চহ

কেন্দ্ৰীয় অভিযান্ত্ৰিক প্ৰতিষ্ঠান, ভূপাল

০.০৩ হেক্টৰ প্ৰতি হেক্টৰত ৪

৩০০/-

উপযোগী (সামান্য ডাঙৰ ডাঙৰ আকৃতিৰ গৰু)

গৰুৰ বাবে যুঁৱলী

শক্তি আহৰণ

অসম কৃষি বিশ্ববিদ্যালয়

-

৪৫০/-

উপযোগী

কাল্টিভেটৰ

দ্বিতীয় পচৰ্যায়ৰ

কেন্দ্ৰীয় অভিযান্ত্ৰিক প্ৰতিষ্ঠান

০.১৫ হেক্টৰ প্ৰতি ঘণ্টাত

৯০০/-

উপযোগী (সামান্য ডাঙৰ আকৃতিৰ গৰু)

বহু উপযোগী বীজ দিয়া সঁজুলি

বীজ দিয়া

০.৩৫ হেক্টৰ প্ৰতি ঘণ্টা

৩৫০০/-

উপযোগী

শস্য কটা যন্ত্ৰ

শস্য কটা (ঘেঁহু, ধান)

ঘণ্টাত এবিঘা

৬০০০/-

জনা নাযায়

পানীৰ পাম্প

পানী উঠোৱা

অসম কৃষি বিশ্ববিদ্যালয়

১.৫ লিটাৰ প্ৰতি ছেকেণ্ডত

-

পৰীক্ষাৰ কাম চলি আছে

 

উন্নত কাঁচি:

ভালকৈ শস্য কাটিবলৈ কাঁচি এখন নিৰ্দিষ্ট মানত ঘোৰ খোৱা আৰু নিৰ্দিষ্ট হাৰত দাঁত থকা হোৱা উচিত। ভাল কাঁচি এখনে কম আয়াসতে আৰু কম সময়তে শস্য চপোৱা কামত ভালেখিনি অৰিহণা যোগায়। ভাৰতৰ বিভিন্ন কৃষি গৱেষণা প্ৰতিষ্ঠানত চলোৱা গৱেষণাৰ অন্তত কাঁচিৰ যথেষ্টকেইটি উন্নত আৰ্হি ওলাইছে আৰু তাৰে কেইখনমান ব্যৱসায়িক উৎপাদনো হৈছে।

৩ নং তালিকাত কেইখনমান উন্নত কাঁচিৰ বিৱৰণ দিয়া হৈছে-

ক্ৰ নং

কাঁচিৰ নাম

আকাৰ

ওজন

উপযোগিতা

কাৰ্যক্ষমতা

নবীন

(মি: মি:)

২৬০*৩৩*১.৭

(কি: গ্ৰা: )

০.২৫৭

 

ধান, ঘেঁহু

( হেক্টৰ/ প্ৰতিঘণ্টাত)

০.০১৮ (ঘেঁহু)

পঞ্জাব

২৮০*৩১*১.৫

০.২৫০

ধান, ঘেঁহু

০.০০৯-

০.০১১ (ঘেঁহু)

বৈভৱ

১৮০*২৮*৫

০.১৭৫

ধান, ঘেঁহু

০.০১৮ (ঘেঁহু)

 

৩ নং তালিকা: উন্নত কাঁচি

 

অপতৃণ নিয়ন্ত্ৰণৰ হস্তচালিত সঁজুলি -

অসমত যিহেতু বৰষুণ বেছি হয়, সেয়েহে অপতৃণৰ সমস্যাও বেছি। পৰম্পৰাগতভাৱে আমাৰ কৃষকে খন্তি, তিনিসৰীয়া খন্তি, হাঁকোটা, বিন্ধা, গুটিকোৰ আৰু তিনিসৰীয়া কোৰ আদি সঁজুলি অপতৃণ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰি আহিছে। এই সঁজুলিবোৰ নি:সন্দেহে অতি উপযোগী আৰু শতকৰা এশভাগ অপতৃণ নিয়ন্ত্ৰণত সক্ষম। হ’লেও এইবোৰ যথেষ্ট কষ্টদায়ক আৰু এবিঘা মাটিৰ বাবে প্ৰায় ২৭ ঘণ্টা সময়ৰ প্ৰয়োজন হয়। অপতৃণ নিয়ন্ত্ৰণৰ হস্তচালিত উন্নত সঁজুলি প্ৰধানকৈ তিনি প্ৰকাৰৰ-

ক) পিছলৈ টনা (pull)

খ) অগা-পিছাকৈ চলোৱা (push-pull) আৰু

গ) আগলৈ ঠেলি নিয়া (push)

হস্তচালিত উন্নত নিৰণি সঁজুলি কেইবিধমান ৪ নং তালিকাত দিয়া হৈছে।

৪ নং তালিকা : হস্তচালিত উন্নত নিৰণি সঁজুলি

প্ৰকাৰ

উদাহৰণ

উপযোগিতা

ওজন (কি: গ্ৰা:)

কাৰ্যক্ষমতা

পিছলৈ টনা

ত্ৰিশলাযুক্ত নিৰণি সঁজুলি তিনিকোণীয়া ব্লেডযুক্ত নিৰণি সঁজুলি

উদ্যানশস্য, নাৰ্চাৰী আদিৰ বাবে শাক-পাচলিৰ বাবে বিশেষভাৱে উপযোগী

১.৫-২.৫

প্ৰায় ১১ ঘণ্টা প্ৰতি বিঘা

অগা-পিছা কৈ চলোৱা

জাপানী নিৰণি সঁজুলি

 

 

এখন ব্লেডযুক্ত নিৰণি সঁজুলি

পানী থকা কোমল মাটি। ধানখেতিৰ বাবে বিশেষ উপযোগী উদ্যানশস্যৰ বাবে

 

 

আগলৈ ঠেলি দিয়া

চকাযুক্ত নিৰণি সঁজুলি ক’ন নিৰণি সঁজুলি

ওখ, শুকান মাটি উদ্যানশস্য পানী থকা কোমল মাটি। ধানখেতিৰ বাবে বিশেষ উপযোগী

৪-১২

 

 

৫-৬

 

 

 

 

 

 

 

০.১৮ হেক্টৰ প্ৰতিদিনে

 

মহিলাৰ বাবে উপযুক্ত কৃষি সঁজুলি -

অসমৰ কৃষিক্ষেত্ৰত মহিলাসকল ওত:প্ৰোতভাৱে জড়িত। মাটি চহ কৰাৰ বাহিৰে বাকী প্ৰায় আটাইবোৰ কামতে মহিলাসকলে পুৰুষৰ সমানে কাম কৰে। কিন্তু কৃষি সঁজুলি নিৰ্মাণৰ ক্ষেত্ৰত মহিলাসকলৰ কাৰণে উপযুক্ত হ’বনে নহয় এই কথাটো ভালকৈ বিবেচনা কৰা নহয়। যিহেতু মহিলাসকলৰ শাৰীৰিক গঠন পুৰুষতকৈ সুকীয়া সেয়েহে হস্তচালিত সঁজুলি নিৰ্মাণ কৰোঁতে এই কথাটো বিশেষভাৱে মন কৰাটো প্ৰয়োজন।

পাৱাৰটিলাৰৰ ব্যৱহাৰ:

যোৱা কেইবছৰমানৰ ভিতৰতে অসমৰ কৃষকসকলে পাৱাৰটিলাৰ বহুলভাৱে আদৰি লোৱা দেখা গৈছে। ইয়াৰ প্ৰধান কাৰণসমূহ হ’ল সহজলভ্য ৰাজসাহায্য, গৰু-ম’হৰ পোহ-পালনৰ বৰ্ধিত খৰচ, কৃষিক্ষেত্ৰত সময়ৰ উপযুক্ত ব্যৱহাৰ, বছৰেকত কেইবাটাও খেতি কৰা ইত্যাদি। পাৱাৰটিলাৰ এখনে ট্ৰেক্টৰে কৰিব পৰা সকলোবোৰ কাম সুচাৰুৰপে কৰিব পাৰে, যেনে- হালবোৱা, নিৰণি কৰা, লোৰ খন্দা, চহ কৰা, গুটি দিয়া, পানী সিঁচা, শস্য চপোৱা, মৰণা মৰা, পৰিবহণ ইত্যাদি। অৱশ্যে এই কামবোৰৰ বাবে বেলেগ বেলেগ সঁজুলিৰ প্ৰয়োজন হয়। পাৱাৰটিলাৰখন বিভিন্ন কামত ব্যৱহাৰ কৰিলেহে ইয়াৰ বাৰ্ষিক ব্যৱহাৰ কাল বৃদ্ধি পাব আৰু তাৰ জৰিয়তে আৰ্থিক লাভ সুনিশ্চিত হ’ব। পাৱাৰটিলাৰ ব্যৱহাৰ কৰি কৰিব পৰা কাম, তাৰ বাবে প্ৰয়োজনীয় সঁজুলি আৰু কাৰ্যক্ষমতাৰ তথ্য তালিকা নং ৫৩ ত দিয়া হৈছে। তালিকা নং ৬ ত পাৱাৰটিলাৰ ব্যৱহাৰ কৰি কৰা কেইবিধমান কৃষিকৰ্মৰ এটা থূলমূল হিচাপ দাঙি ধৰা হৈছে। এইটো এটা পৰিতাপৰ বিষয় যে অসমৰ কৃষিক্ষেত্ৰত পাৱাৰটিলাৰৰ বহুল ব্যৱহাৰ হৈছে যদিও মাটি চহ কৰা আৰু পৰিবহণ- এই দুয়োটা কামৰ বাহিৰে বহু-ব্যৱহাৰ সম্ভৱ হোৱা নাই। যথাযথ জ্ঞানপ্ৰাপ্তিৰ অভাৱ আৰু ৰাজসাহায্যৰ (সঁজুলিৰ ক্ষেত্ৰত) অভাৱেই হয়তো ইয়াৰ কাৰণ। যান্ত্ৰিকীকৰণৰ পৰা আৰ্থিক লাভ পাবলৈ বহু- ব্যৱহাৰ সুনিশ্চিত কৰিবই লাগিব।

৫ নং তালিকা: পাৱাৰটিলাৰৰ বহু-ব্যৱহাৰ

ক্ৰ নং

কাৰ্যক্ষমতা

কৃষিকৰ্ম

পাৱাৰটিলাৰ চালিত সঁজুলি

মাটি চহ কৰা

ৰোটাৰী নাঙল

এম বি নাঙল

০.১২ হেক্টৰ প্ৰতিঘণ্টাত

০.০৬ হেক্টৰ প্ৰতিঘণ্টাত

লোৰ খন্দা

লোৰ খন্দা যতন

০.১৮ ঐ

বীজ দিয়া

বীজ দিয়া সঁজুলি

০.১৪ ঐ

নিৰণি কৰা

নিৰণি কৰা সঁজুলি

০.১১ ঐ

স্প্ৰে’ কৰা

স্প্ৰে’য়াৰ

১ ঐ

জল উত্তোলন

অপকেন্দ্ৰক পাম্পছেট

৪০০ লিটাৰ প্ৰতিমিনিটত

(৫ মিটাৰ তলৰ পৰা)

শস্য চপোৱা

শস্য চপোৱা যন্ত্ৰ

০.১২ হেক্টৰ প্ৰতিঘণ্টাত

আলু খন্দা

আলু খন্দা সঁজুলি

০.০৬ হেক্টৰ প্ৰতিঘণ্টাত

বোকা দিয়া

ৰোটাৰী নাঙল, লোহাৰ চকা আৰু কাঠৰ টুকুৰা (সমান কৰিবলৈ)

০.০৬ হেক্টৰ প্ৰতিঘণ্টাত

১০

পৰিবহন

ট্ৰেইলাৰ ১-১.৫ টন

সৰ্বোচ্চ ১৫ কি:মি: প্ৰতিঘণ্টাত

 

৬ নং তালিকা: পাৱাৰটিলাৰৰ ব্যৱসায়িক দিশ

পাৱাৰটিলাৰ চালিত যান্ত্ৰিক

বজাৰ মুল্য (টকা)

প্ৰতিঘণ্টাত ব্য য়/ ভাৰা (পাৱাৰ টিলাৰৰ সৈতে)

বছৰি আয় (টকা)

মুঠ মুলধন (টকা)

মুঠ মূলধন (টকা)

মুলধন ঘুৰাই পাবলৈ লগা সময় (বছৰ)

পাৱাৰটিলাৰ

১০০০০০

-

 

 

 

 

ৰোটাৰী নাঙল

৩০০০০

১৩৫

৩৩৭৫০০

 

 

 

বীজ দিয়া যন্ত্ৰ

১৮০০০

১৫০

৩০০০০

২০২৫০০

১.৮৪

 

নিৰণি যন্ত্ৰ

৬৫০০

১১০

১৩৫০০

 

 

 

স্প্ৰেয়াৰ

১৮০০০

১৩০

১৩০০০

 

 

 

শস্য চপোৱাৰ যন্ত্ৰ

৩০০০০

১৭০

১৭০০০

 

 

 

 

*যন্ত্ৰৰ আয়ুকাল ১০ বছৰ, বিক্ৰয়মূল্য ৫%, সূতৰ হাৰ ৮% বীমা, গেৰেজ আদিৰ খৰচ ক্ৰয়মুল্যৰ ২%, ডিজেলৰ দাম ৩৩ টকা প্ৰতিলিটাৰ , চালকৰ দিন হাজিৰা ১২০ টকা, বাৰ্ষিক ব্যৱহাৰ –ৰোটাৰী নাঙল (২৫০ ঘণ্টা), বীজ দিয়া যন্ত্ৰ (২০০ ঘণ্টা), নিৰণি যন্ত্ৰ (১৫০ টকা), স্প্ৰে’য়াৰ (১০০ ঘণ্টা), শস্য চপোৱা যন্ত্ৰ (১০০ ঘণ্টা)।

পাৱাৰটিলাৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত মাটি এটি আসোঁৱাহ হ’ল চালকৰ অত্যধিক দৈহিক শ্ৰম। পাৱাৰটিলাৰেদি  মাটি চহ কৰোঁতে চালকে প্ৰতি বিঘা মাটিৰ বাবে প্ৰায় ডেৰ কি: মি: খোজকাঢ়িব লাগে। যদিও গৰু-ম’হেৰে হালবোৱাৰ তুলনাত (৭-৮ কি: মি:) এয়া কম, তথাপি উলাই কৰিব পৰা নহয়। পাৱাৰটিলাৰৰ কম্পনৰ বাবেও যথেষ্ট ভাগৰ লাগে। নিয়মিত জোখৰ এজন চালকে ৰোটাৰীৰ সৈতে পাৱাৰটিলাৰ চলালে প্ৰতিঘণ্টাত ১২ ৰ পৰা ২১ মিনিট পৰ্যন্ত জিৰণিৰ প্ৰয়োজন হয়। এম বি নাঙলৰ ক্ষেত্ৰত প্ৰতি দুঘণ্টাৰ মুৰে মুৰে ৯ ৰ পৰা ৩০ মিনিটলৈকে জিৰণিৰ প্ৰয়োজন। চালকৰ দৈহিক শ্ৰমৰ দিশ বিবেচনা কৰিলে পাৱাৰটিলাৰতকৈ ট্ৰেক্টৰ উত্তম।

ট্ৰেক্টৰ:

অসমৰ কৃষিক্ষেত্ৰত শক্তিৰ উপলব্ধতাৰ নিৰ্ধাৰিত স্তৰ (প্ৰায় ২ কিলোৱাট প্ৰতি হেক্টৰ) তকৈ যথেষ্ট কম। ট্ৰেক্টৰ বা পাৱাৰটিলাৰৰ সংখ্যাও তেনেই নগণ্য (প্ৰতি ৬৪০ হেক্টৰত এখন)। অৰ্থনৈতিক বিশ্লেষণৰ পৰা দেখা গৈছে যে প্ৰতিকিলোৱাট শক্তিৰ মুল্য হিচাপত ট্ৰেক্টৰৰ শক্তি ব্যয় পাৱাৰটিলাৰতকৈ প্ৰায় ৪০ শতাংশ, পশুশক্তিতকৈ প্ৰায় ৩০০ শতাংশ আৰু মানুহৰ শক্তিতকৈ প্ৰায় ১৭০০ শতাংশ সুলভ। কেৱল বৈদ্যুতিক শক্তিহে ট্ৰেক্টৰৰ তুলনাত সুলভ, কিন্তু বৈদ্যুতিক শক্তিৰে কৃষিক্ষেত্ৰৰ সকলো কাম কৰিব নোৱাৰি। বৰ্তমান ভাৰতত দেশীয় আৰু বহুদেশীয় মিলাই ১৫ টাতকৈও অধিক ট্ৰেক্টৰ নিৰ্মাতা আছে। প্ৰত্যেক নিৰ্মাতাৰে আকৌ তিনি-চাৰিটামানকৈ মডেল থাকে। সেয়েহে তাৰ মাজৰ পৰা এখন ট্ৰেক্টৰ নিৰ্বাচন কৰিবলৈ তথ্য, জ্ঞান আৰু অভিজ্ঞতাৰ প্ৰয়োজন। মাটিকালিৰ পৰিমাণ, কামৰ ধৰণ অৰ্থাৎ কি কামৰ বাবে লাগে আৰু কামৰ পৰিমাণ আদি ট্ৰেক্টৰ নিৰ্বাচনৰ বাবে অতি প্ৰয়োজনীয় তথ্য। তদুপৰি মুল্য, ইন্ধন বয়য়, চালকৰ আৰাম, বোকাৰ কাৰণে উপযুক্ততা ইত্যাদি তথ্যবোৰো অতি দৰকাৰী। ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰ্যালয়ৰ অধীনৰ ‘কৃষি যান্ত্ৰিক সঁজুলি প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠানসমুহত নিৰ্মাতাসকলে ট্ৰেক্টৰৰ মডেলবোৰ পৰীক্ষণ কৰাটো বাধ্যতামুলক। ট্ৰেক্টৰ নিৰ্বাচন কৰাৰ পুৰ্বে এই পৰীক্ষণ ৰিপ’ৰ্টসমুহ খৰচি মাৰি অধ্যয়ন কৰাটো প্ৰয়োজন। অসমৰ কাৰণে সাধাৰণতে ১৮-২০ কিলোৱাট শক্তিসম্পন্ন আৰু বোকাত চলাৰ বাবে উপযুক্ত ট্ৰেক্টৰেই উত্তম।

ট্ৰেক্টৰৰ বহু-ব্যৱহাৰ:

পাৱাৰটিলাৰ দৰে ট্ৰেক্টৰ ব্যৱহাৰৰ দ্বাৰা আৰ্থিকভাৱে লাভান্বিত হ’বলৈ বহু ব্যৱহাৰ অনিবাৰ্য। বহু-ব্যৱহাৰৰ বাবে প্ৰয়োজন হ’ব বিভিন্ন ট্ৰেক্টৰচালিত সঁজুলি। সুখৰ কথা যে প্ৰায় সকলোবোৰ কৃষিকৰ্মৰ বাবে ট্ৰেক্টৰচালিত সঁজুলি পোৱা যায়। এই সকলোবোৰ সঁজুলি হয়তো অসমৰ খেতিপথাৰৰ বাবে সময়সাপেক্ষে আৰু উপযুক্ত নহ’বও পাৰে। অসমৰ বাবে উপযুক্ত কেইটামান ট্ৰেক্টৰচালিত সঁজুলি ৭ নং তালিকাত দিয়া হৈছে। এই সঁজুলিবোৰ ব্যৱহাৰ অনুযায়ী দুটা ভাগত ব্যৱহাৰ কৰিব পাৰি- অধিক ব্যৱহাৰ (যেনে ৰোটাভেটৰ) আৰু কম ব্যৱহাৰ (বীজ দিয়া সঁজুলি)। অধিক ব্যৱহাৰৰ সঁজুলিসমুহ ব্যক্তিগতভাৱে লগত ৰাখি কম ব্যৱহাৰৰ সঁজুলিসমুহ ভাৰালৈ (custom hiring) দিয়াৰ ব্যৱস্থা কৰিলে অধিক লাভৱান হ’ব পাৰি।

৭ নং তালিকা: অসমৰ বাবে উপযোগী ট্ৰেক্টৰচালিত সঁজুলি

ক্ৰ. নং

কাম

ট্ৰেক্টৰ (অশ্বশক্তি)

গৰাকীস্বত্ব

মাটি চহ কৰা

 

 

 

১) কাঁহীসদৃশ নাঙল

শুকান, লিকটা শিপা আদি থকা মাটিত ৩০ চে.মি. পৰ্যন্ত দ’লৈকে প্ৰাথমিক চাহ

২৫-৫০

ব্যক্তিগত বা সামূহিক

২) চিজেল নাঙল চাব চইলাৰ

পথাৰত বহুদিন ধৰি ট্ৰেক্টৰ/ পাৱাৰ টিলাৰ আদি গধুৰ যন্ত্ৰ ব্যৱহাৰ কৰি থাকিলে ৪৫-৭০ চে.মি. তলত এক অভেদ্য তৰপৰ সৃষ্টি হয়। এই অভেদ্য তৰপ ভাঙিবলৈ ব্যৱহাৰ কৰা হয়

৩৫ বা ততোধিক

সামুহিক

৩) কাঁহীসদৃশ হেৰ’

প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ চহ

২০-৬০

ব্যক্তিগত

৪) কাল্টিভেটৰ/ টিলাৰ

দ্বিতীয় পৰ্যায়ৰ চহ নিৰণি কৰা

 

ব্যক্তিগত

৫) ৰোটাভেটৰ

প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ চহ, বোকা দিয়া

৩৫ বা ততোধিক

ব্যক্তিগত

বীজ দিয়া/ পুলি ৰোৱা

৬) বীজ দিয়া সঁজুলি বহু উপযোগী শস্য বিশেষ

 

 

শাৰী শাৰীকৈ বীজ আৰু লগতে সাৰ প্ৰয়োগ (বিভিন্ন শস্য)

৩৫

ব্যক্তিগত/ সমূহীয়া

৭) কম চহৰ বীজ দিয়া সঁজুলি (zerotill drill)

ধান চপোৱাৰ পাছত মাটি চহ নকৰাকৈ ঘেঁহু বা মাহৰ বীজ দিবলৈ

৩৫

সমূহীয়া

ধানৰ বীজ দিয়া সঁজুলি

আহুধানৰ বীজ দিবলৈ

৩০

সমূহীয়া

৯) পাচলি পুলিৰোপণ যন্ত্ৰ

বেঙেনা, ফুলকবি, জলকীয়া আৰু বিলাহী পুলি ৰোপণ

৩৫

সমূহীয়া

শস্য চপোৱা

 

 

 

 

১০) শস্য চপোৱা যন্ত্ৰ

ঘেঁহু আৰু ধান কাটিবলৈ

৩৫

সমূহীয়া

মৰণা মৰা

 

 

 

১১) মৰণা মৰা যন্ত্ৰ

ধান মৰণা মাৰিবলৈ

৩৫

ব্যক্তিগত/ সমূহীয়া

 

স্বয়ংচালিত যান্ত্ৰিক সঁজুলি:

স্বয়ংচালিত সঁজুলিৰ লগত এটা নিজাকৈ ইঞ্জিন সংলগ্ন কৰা থাকে যাতে ট্ৰেক্টৰ বা পাৱাৰটিলাৰৰ লগত বেলেগকৈ সংযোগ কৰিবলগা নহয়। অসমৰ বাবে উপযোগী কেইবিধমান স্বয়ংচালিত সঁজুলিৰ বিৱৰণ তলত দিয়া হৈছে।

স্বয়ংচালিত ভূঁইৰোৱা যন্ত্ৰ:

এটা অশ্বশক্তিসম্পন্ন ডিজেল ইঞ্জিনৰ সহায়ত চলোৱা এইবিধ যন্ত্ৰৰ দ্বাৰা আঠশাৰী কঠীয়া একেলগে ৰুব পৰা যায় আৰু এনেদৰে প্ৰতিঘণ্টাত প্ৰায় এবিঘা মাটি ৰুব পাৰি। এই যন্ত্ৰটিৰ কাৰ্যকাৰিতা বোকা দিয়াৰ গুণাগুণ (১০ চে.মি.ৰ বেছি আৰু ৩০ চে.মি. ৰ কম), জল ব্যৱস্থাপনা (২-৪ চে.মি. পানী) কঠীয়াৰ উচ্চতা (১০-২০ চে.মি) দলিচাৰ ঘনত্ব আদিৰ ওপৰত নিৰ্ভৰশীল। ঘন ঘনকৈ আলি দিয়া, অসমান আৰু কম আয়তনৰ খেতিডৰাত এই যন্ত্ৰটি বৰ উপযুক্ত নহয়। সমান, ডাঙৰ আৰু উপযুক্ত জল ব্যৱস্থাপনা থকা ধাননি পথাৰত এই যন্ত্ৰটি ব্যৱহাৰ কৰি কম সময়তে আৰু কম খৰচত ভূঁইৰোৱা কাম সমাধা কৰিব পাৰি।

স্বয়ংচালিত শস্য চপোৱা যন্ত্ৰ:

৪-৫ অশ্বশক্তিসম্পন্ন কেৰাচিন বা ডিজেল ইঞ্জিন এটাৰ সন্মুখভাগত এই যন্ত্ৰটি সংলগ্ন হৈ থাকে। ইঞ্জিনৰ দ্বাৰা গতিপ্ৰাপ্ত হৈ চলি গৈ থাকোঁতে শস্যকটা কামটো সম্পন্ন কৰি যায়। পিছফালে থকা হেণ্ডেলৰ সহায়ত খোজকাঢ়ি অহা চালকজনে ইয়াৰ দিশ নিৰুপণ কৰে। ইয়াৰ কাৰ্যক্ষমতা প্ৰায় ০.১৭ হেক্টৰ প্ৰতিঘণ্টাত। এইবিধ যন্ত্ৰৰ প্ৰধান আঁসোৱাহ হ’ল ই পৰি থকা শস্য কাটিবলৈ অসমৰ্থ। তথাপি অনুকূল খেতিপথাৰত এই যন্ত্ৰবিধে ৮০ শতাংশ পৰ্যন্ত কৰ্মদিন ৰাহি কৰিব পাৰে।

উপৰোক্ত দুবিধ স্বয়ংচালিত যান্ত্ৰিক সঁজুলিৰ উপৰি পেট্ৰ’ল ইঞ্জিনযুক্ত ঘাঁহকটা যন্ত্ৰ (ধান কাটিবলৈকো ব্যৱহাৰ কৰিব পাৰি), গাঁত খন্দা যন্ত্ৰ আৰু নিৰণি যন্ত্ৰও স্থান আৰু শস্যবিশেষে ব্যৱহাৰ কৰিব পাৰি।

অসমৰ কৃষি যান্ত্ৰিকীকৰণ: ভৱিষ্যতৰ ৰেঙণি -

অসমৰ কৃষি পদ্ধতি এতিয়াও পৰম্পৰাগত। বেছিভাগ সঁজুলি স্থানীয়ভাৱে নিৰ্মিত। এই সঁজুলিবোৰৰ উপযোগিতা অনস্বীকাৰ্য যদিও অত্যধিক শাৰীৰিক শ্ৰম কৰিবলগীয়া হোৱাটো ইবোৰৰ প্ৰধান আসোঁৱাহ। পৰম্পৰাগত কৃষি পদ্ধতিৰ লগত খাপ খুৱাই মানৱশক্তি, পশুশক্তি আৰু যান্ত্ৰিকশক্তিৰ সমন্বয়ৰে এক সু-চিন্তিত কৃষি অভিযান্ত্ৰিক পৰিকল্পনাৰ অসমত বৰ্তমান নিতান্তই প্ৰয়োজন হৈছে। নিশ্চিত জলসিঞ্চিন আৰু নিৰ্বাচিত যান্ত্ৰিকীকৰণে অসমৰ কৃষিজগতলৈ এক বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে। এইক্ষেত্ৰত নিন্মোল্লিখিত কথাকেইটা বিবেচনা কৰিব পাৰি।

ক) শক্তিৰ উপলব্ধতা:

অসমৰ শস্য প্ৰাবল্য বৰ্তমানৰ ১৫৪ শতাংশৰ পৰা বৃদ্ধি কৰি প্ৰায় ২০০ শতাংশ কৰিবলৈ কৃষিক্ষেত্ৰত গতিশীল শক্তি আৰু স্থিতিশীল শক্তিৰ উপলব্ধতা প্ৰতি হেক্টৰত ২-২.৫০ কিলোৱাট পৰ্যন্ত বৃদ্ধি কৰিব লাগিব। স্থিতিশীল কাম, যেনে- জলসিঞ্চন, মৰণা মৰা আদিৰ বাবে বৈদ্যুতিক শক্তিৰ সম্প্ৰসাৰণ হ’ব লাগিব।

উন্নত সঁজুলিৰ ব্যৱহাৰ:

ক) অসমৰ কৃষি জলবায়ু ধানখেতিৰ বাবে অনুকূল হোৱা হেতুকে কৃষি যান্ত্ৰিকীকৰণৰ বাবে ধানক ভিত্তি হিচাপে লৈ কৰা যিকোনো শস্যক্ৰমে প্ৰাথমিকতা পোৱা উচিত।

খ) ধাননি পথাৰত ট্ৰেক্টৰ আৰু পাৱাৰটিলাৰ ব্যৱহাৰে কিছু কিছু অঞ্চলত অভেদ্য তৰপৰ সৃষ্টি কৰিছে। ইয়াৰ বাবে চিজেল নাঙল বা ছাব চইলাৰৰ জৰিয়তে অভেদ্য তৰপ ভাঙি দ’কৈ চহ কৰাৰ প্ৰয়োজন হ’ব। বৰ্তমান এইবিধ সঁজুলিৰ ব্যৱহাৰ নায়েই বুলিব পাৰি।

গ) বহুতৰপীয়া কৃষিৰ জৰিয়তে উৎপাদন বৃদ্ধি কৰিবলৈ হ’লে প্ৰয়োজনীয় কৃষিকৰ্মবোৰ খৰতকীয়া হোৱা বাঞ্চনীয়। সেয়েহে ট্ৰেক্টৰচালিত ৰোটাভেটৰ, বীজ দিয়া যন্ত্ৰ, চহ নকৰাকৈ বীজ দিয়া যন্ত্ৰ আদিৰ ব্যৱহাৰত উদগনি দিয়াৰ প্ৰয়োজন। বৰ্তমান ভূঁইৰোৱা, কুঁহিয়াৰ ৰোৱা, শস্য কটা আদি কামৰ যান্ত্ৰিকীকৰণ হোৱা নাই বুলিয়েই ক’ব পাৰি। এনেবোৰ কামৰ যান্ত্ৰিকীকৰণৰ আশু প্ৰয়োজন আছে।

ঘ) ধানৰ মৰণা মৰাৰ বাবে ট্ৰেক্টৰৰ পি টি অ’ (PTO)চালিত, পাৱাৰটিলাৰ চালিত বা বৈদ্যুতিক মটৰচালিত মৰণামৰা যন্ত্ৰৰ প্ৰয়োজন আছে। সম্ভৱ হ’লে পথাৰতে ধান মৰণা মৰাটো উৎসাহ দিব লাগে। তেনে কৰিলে ডাঙৰি কঢ়িয়াই আনোতে ধান সৰি হোৱা ক্ষতি কম হ’ব। ধান আৰু ঘেঁহুৰ মৰণা মৰা কামটোৰ যান্ত্ৰিকীকৰণে কৃষকৰ শাৰীৰিক শ্ৰম বহুখিনি লাঘৱ কৰিব।

ঙ) মানৱশক্তি আৰু পশুশক্তিৰ উপযুক্ত ব্যৱহাৰৰ বাবে বিজ্ঞানসন্মতভাৱে তৈয়াৰী উন্নত সঁজুলিৰ প্ৰদৰ্শন, প্ৰশিক্ষণ তথা কৃষি বিভাগৰ জৰিয়তে ৰেহাই মুল্যত ক্ষুদ্ৰ আৰু উপান্ত কৃষকক যোগান ধৰাৰ ব্যৱস্থা কৰিব লাগে। উন্নত যুৱলি, হস্তচালিত ভূঁইৰোৱা সঁজুলি, গৰুৰে টনা বোকা দিয়া সঁজুলি আদি অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা সঁজুলি অসমৰ জলবায়ু তথা থলুৱা গৰুৰ লগত খাপখোৱা বাবে এই সঁজুলিসমুহ উপৰিউক্তধৰণে জনপ্ৰিয় কৰাৰ দিহা কৰা উচিত।

চ) বৰষুণৰ পানী সঞ্চয় কৰি ৰবিশস্যত জীৱনদায়ী জলসিঞ্চন, ড্ৰিপ, স্প্ৰিংকলাৰ আদি কম পানীৰে জলসিঞ্চন কৰিব পৰা ব্যৱস্থাৰ বৰ্ধিত ব্যৱহাৰ, পানীৰ অপব্যয় ৰোধ কৰিবলৈ প্লাষ্টিকৰ পানীৰ পাইপৰ ব্যৱহাৰ, শালি খেতিত জলসিঞ্চনৰ বাবে বিকল্প পাম্পছেটৰ (প্ৰপেলাৰ, ঢেঁকীপাম্প) ব্যৱহাৰ, বৈদ্যুতিক শক্তিচশালিত পাম্পছেটৰ ব্যৱহাৰ (গভীৰ নলীনাদৰ বাবে) ইত্যাদিত চৰকাৰৰ ফালৰ পৰা উৎসাহ যোগোৱাৰ প্ৰয়োজন আছে।

উদ্যানশস্যৰ বাবে যান্ত্ৰিকীকৰণ -

অসমত বৰ্তমান ৰুপায়িত হৈ থকা উদ্যানশস্যৰ প্ৰযুক্তি অভিযানৰ পৰিপ্ৰেক্ষিতত উদ্যানশস্য বাণিজ্যিক ভিত্তিত কৰা এটা ধাৰাৰ প্ৰৱৰ্তন হৈছে বুলিব অপৰি। ফলমুলৰ (যেনে- কল, সুমথিৰা আদি) পুলি ৰোপণৰ বাবে গাঁত খান্দিবলৈ স্বয়ংচালিত বা ট্ৰেক্টৰ/ পাৱাৰটিলাৰচালিত গাঁত খন্দা যন্ত্ৰ, শাক-পাচলিৰ পুলি ৰোপণ যন্ত্ৰ, ফলমুলৰ গছৰ ডাল-পাত কাটিবৰ বাবে উপযুক্ত সঁজুলি, ওখ গছত স্প্ৰে’ কৰিবলৈ উপযুক্ত স্প্ৰে’য়াৰ, সুমথিৰা ছিঙিবলৈ উপযুক্ত সঁজুলি, আবতৰীয়া শাক-পাচলি, ফুলৰ উৎপাদন তথা পুলিৰ উৎপাদনৰ বাবে সেউজগৃহ প্ৰযুক্তি, প্লাষ্টিক ভু-আচ্ছাদনৰ ব্যৱহাৰ ইত্যাদি উদ্যানশস্য যান্ত্ৰিকীকৰণৰ বাবে কৰণীয়।

আন্ত:গাঁথনিৰ উন্নতিকৰণ:

ক) কৃষি অভিযান্ত্ৰিক শিক্ষা আৰু গৱেষণা:

অসমত কৃষি অভিযান্ত্ৰিক শিক্ষা মাথোঁ ডিপ্ল’মা পাঠ্যক্ৰমতে সীমাবদ্ধ। কৃষি অভিযান্ত্ৰিক ক্ষেত্ৰত মানৱ সম্পদ সৃষ্টিৰ বাবে স্নাতক বা স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ প্ৰয়োজন হৈছে। এখন কৃষি অভিযান্ত্ৰিক মহাবিদ্যালয়ে কৃষি যান্ত্ৰিকীকৰণৰ বাবে উপযুক্ত গৱেষণা আৰু শিক্ষাৰ জৰিয়তে এক অনুকুল পৰিৱেশ সৃষ্টি কৰিব পাৰে।

খ) কৃষক সচেতনতা:

কৃষিত ব্যৱহৃত যান্ত্ৰিক তথা উন্নত সঁজুলিৰ বিষয়ে অসমৰ কৃষক সমাজৰ জ্ঞান সীমিত। সেয়েহে এইক্ষেত্ৰত কৃষি বিজ্ঞান কেন্দ্ৰসমুহে উল্লেখযোগ্য ভুমিকা ল’ব পাৰে।

আনুষ্ঠানিক কাঠামো:

কৃষি অভিযান্ত্ৰিক সম্প্ৰসাৰণৰ কাৰণে অসমত একো আনুষ্ঠানিক কাঠামো নাই। অসমকে ধৰি উত্তৰ –পুৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ কৃষি যান্ত্ৰিকীকৰণৰ দিশত অনগ্ৰসৰতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ এজন আগশাৰীৰ কৃষি অভিযন্তা ড° নবাব আলীয়ে আটাইকেইখন ৰাজ্যতে বেলেগ কৃষি অভিযান্ত্ৰিক সঞ্চালকালয় খোলাৰ পোষকতা কৰিছে। ৰাজ্যিক ভিত্তিত এখন কৃষি যান্ত্ৰিকীকৰণ সমিতি য’ত কৃষি বিশ্ববিদ্যালয়, কৃষি বিভাগ , কৃষকৰ প্ৰতিনিধি আৰু ৰাইজৰ প্ৰতিনিধি, সকলোৱে এই বিষয়ে মত বিনিময় আৰু দিশ নিৰ্দেশনা দিয়াৰ সুবিধা থাকিব, এনে এখন সমিতি গঠনত চৰকাৰে আগভাগ লোৱা উচিত। এয়া কৃষি যান্ত্ৰিকীকৰণ পৰিকল্পনাৰ দিশত প্ৰথম পদক্ষেপ হ’ব পাৰে।

অসম তথা ভাৰতৰ পুৰ্বাঞ্চলত কৃষিক্ষেত্ৰত প্ৰয়োজনীয় প্ৰাকৃতিক সম্পদ বিশেষকৈ পানী আৰু মাটিৰ সম্পুৰ্ণ ব্যৱহাৰ হোৱা নাই। সেয়েহে ভাৰতবৰ্ষৰ বৰ্ধিত খাদ্যশস্যৰ চাহিদাৰ জোৰা মাৰিবলৈ হ’লে এই অঞ্চলৰ কৃষিক্ষেত্ৰৰ প্ৰগতি অনিবাৰ্য। নিশ্চিত জলসিঞ্চন আৰু নিৰ্বাচিত যান্ত্ৰিকীকৰণে কৃষিক্ষেত্ৰৰ প্ৰগতি ত্বৰান্বিত কৰাত সহায় কৰিব।

লেখক: ড° পংকজ বৰুৱা

উৎস: আধুনিক কৃষিকথা (কৃষি শিক্ষা, বিজ্ঞান, প্ৰযুক্তি আৰু কৃষক)

 

2.88
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top