মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / অসমৰ কেইটামান প্ৰধান শস্যৰ জলব্যৱস্থাপনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ কেইটামান প্ৰধান শস্যৰ জলব্যৱস্থাপনা

এই শিতানত অসমৰ কেইটামান প্ৰধান শস্যৰ জলব্যৱস্থাপনাৰ বিষয়ে আলোচনা কৰা হৈছে।

শস্য উৎপাদনৰ বাবে পানী হ’ল এক অপৰিহাৰ্য্য আঁহিলা। বিজ্ঞান সন্মত কৃষি পদ্ধতিত শস্যৰ অধিক উৎপাদনৰ বাবে প্ৰয়োগ কৰা অন্যান্য বহুকেইটা আঁহিলাৰ ব্যৱহাৰিক কাৰ্য্যদক্ষতা বৃদ্ধি হয় পানী যোগান আৰু পথাৰত ইয়াৰ বিজ্ঞান সন্মত পৰিচালনাত। শস্য উৎপাদনৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা পানীৰ পৰিমাণ যথেষ্ট বেছি আৰু মুঠ আৱশ্যকীয় পানীখিনিক ভগাই শস্যৰ প্ৰয়োজন অনুযায়ী যোগান ধৰা হয়। জল ব্যৱস্থাপনাৰ ক্ষেত্ৰত ভূল হোৱা হেতু কেতিয়াবা উৰ্বৰা ভূমিয়ো কৃষি অনুপযোগী হৈ পৰে। সাধাৰণতে জলব্যৱস্থাপনা হ’ল এটা সমন্বিত পদ্ধতি যিয়ে প্ৰয়োগ কৰা পানী পথাৰত ধাৰণ, বিতৰণ, পানী উৎসৰ পৰা পৰিচালন, নিয়ন্ত্ৰণ, পৰিমাপ আৰু অতিৰিক্ত পানীক পথাৰৰ পৰা নিষ্কাষণ কৰি অধিক শস্য উৎপাদন কৰাৰ লগতে পানীৰ মিতব্যয়ী ব্যৱহাৰক সামৰে।

সেয়েহে, শস্যৰ ক্ষেত্ৰত জলব্যৱস্থাপনা বুলি কওতে তিনিটা প্ৰাথমিক দিশক সামৰা যায়-

  • জলসিঞ্চন পৰিচালনা
  • বৰষুণৰ পানী পৰিচালনা
  • অতিৰিক্ত পানী নিষ্কাষণ

অসমত উন্নত জলব্যৱস্থাপনাৰ ক্ষেত্ৰত পোৱা কেইটামান বিশেষ সমস্যা-

  • স্থান আৰু সময় ভেদে বৰষুণৰ অসুষম বিস্তৃতি
  • পৃষ্ঠ জলসিঞ্চনৰ ক্ষেত্ৰত দুখলগা ধৰণে উন্নয়ন
  • জলসিঞ্চনৰ সুবিধা থকা অঞ্চলত বিশেষকৈ মধ্যমীয়া আৰু ক্ষুদ্ৰ জলসিঞ্চন আঁচনি সমূহত অবিজ্ঞান সন্মত জলব্যৱস্থাপনা
  • খেতি পথাৰ সমান নকৰা বাবে পানী প্ৰৱাহ আৰু প্ৰয়োগত অধিক লোকচান
  • এখন পথাৰৰ পৰা অন্য এখন পথাৰলৈ পানী বোৱাই নিয়াৰ ফলত পানী উৎসৰ নিকটৱৰ্তী স্থানত অধিক পানী আৰু দূৰ স্থানত নিম্ন মাত্ৰাত উপলব্ধতা
  • খেতিয়কৰ পথাৰ সমূহ পৰিয়ালৰ ভাগ বতোৱাৰৰ ফলত ক্ষুদ্ৰ ক্ষুদ্ৰ পথাৰলৈ ৰূপান্তৰ
  • কৃষকৰ উন্নত জলব্যৱস্থাপনাৰ ক্ষেত্ৰত জ্ঞানৰ অভাৱ ইত্যাদি।

পানী ভুল প্ৰয়োগৰ পৰা উদ্ভুদ নানা ধৰণৰ বিসঙ্গতিৰ পৰা হাত সাৰিবলৈ শস্য ভেদে প্ৰয়োজন হোৱা জলব্যৱস্থাপনাৰ জ্ঞান বাৰুকৈয়ে প্ৰয়োজন। পানী প্ৰয়োগৰ ক্ষেত্ৰত মন কৰিবলগীয়া কেইটামান আৱশ্যকীয় ব্যৱহাৰিক দিশ হ’ল-

  • নিৰ্দিষ্ট শস্যটোৰ বাবে গোটেই শস্য কালত যদি পানী পৰ্যাপ্ত পৰিমাণে উপলব্ধ হয়, তেতিয়া হ’লে শস্যক প্ৰয়োজন হোৱা মাত্ৰেই পানী যোগান ধৰিব লাগে।
  • পানীৰ প্ৰাচুৰ্য্যতা নাথাকিলে বা প্ৰয়োগত যথেষ্ট খৰচ হ’লে পানী মিতব্যয়িতাৰে প্ৰয়োগ কৰিব লাগে।
  • এনেকুৱা ক্ষেত্ৰত শস্যৰ পানীৰ প্ৰতি থকা সঙ্কট কাল ভিত্তিক যোগান ধৰিব লাগে।
  • পানীৰ অভাৱ থকা অৱস্থাত বিকল্প পানী ব্যৱহাৰ কৰিব লাগে।
  • যিমান পাৰি এখন পথাৰতে সমূহীয়া ভিত্তিত খেতি কৰিব লাগে যাতে যোগানৰ সময়ত পানী অপচয় নহয়।

শস্য ভেদে জলব্যৱস্থাপনা-

শস্যভেদে প্ৰয়োজন হোৱা পানীৰ পৰিমাণ শস্যৰ অৱস্থা আৰু প্ৰয়োগ পদ্ধতিত বিভিন্নতা থকা হেতু প্ৰতিটো শস্যৰ জলব্যৱস্থাপনা বৰ্ণনা কৰা হ’ল। তালিকা ১ত বিভিন্ন শস্যৰ বাবে প্ৰয়োজন হোৱা মুঠ পানী আৰু জলসিঞ্চনৰ বাবে লগা পানীৰ মাত্ৰা বৰ্ণনা কৰা হ’ল।

ধান শস্যঃ

 

ধান এবিধ অৰ্দ্ধজলজ উদ্ভিদ। অন্যান্য শস্যতকৈ ধানক বহুগুণে বেছি পানী প্ৰয়োজন হয়। সেয়েহে ধানক জলসিঞ্চিত পানীৰ মুখ্য খৰচী শস্য হিচাপে গণ্য কৰা হয়। ধান শস্যক আৱদ্ধ অৱবাহিকা পদ্ধতিৰে পানী দিয়া হয়। অসমত হোৱা বিভিন্ন প্ৰকাৰৰ ধানৰ জলব্যৱস্থাপনা হ’ল-

বৰোধানঃ

বৰ্ণসঙ্কৰ ধানকে ধৰি অন্যান্য বৰোধানৰ জাতৰ বাবে ৫ ছেঃমিঃ গভীৰতাত প্ৰয়োগ কৰি চকুৰে দেখা নোপোৱা হোৱাৰ ৩ দিন পিছত আকৌ এবাৰ প্ৰয়োগ কৰিব লাগে। শস্যক লগা মুঠ পানীৰ পৰিমাণ হ’ল ৮৭০-১২১৮ মিমি।

আহুধানঃ

ৰোৱা আগতীয়া বা সাধাৰণ আহুধানৰ বাবে বৰোধানৰ নিচিনাকৈ পানী যোগান ধৰিব লাগে।

ধানৰ কঠিয়াতলিঃ

দুমন কঠীয়াতলিৰ মাজত থকা নলাত পানী ভৰ্ত্তি কৰি কঠিয়াতলি আদ্ৰ কৰি ৰাখিব লাগে। কঠিয়া উঠোৱাৰ সময়ত কঠিয়াতলিত অলপ পানী জমা কৰি ৰাখিলে কঠিয়া উঠোৱাত উজু হয়।

শালিধানঃ

শালিধানক প্ৰয়োজন হোৱা মুঠ পানীৰ পৰিমাণ হ’ল ৬৪২-১১৪৬ মিমি আৰু জলসিঞ্চিত পানীৰ পৰিমাণ ১৪০-৩৫০ মিমি। জলসিঞ্চিত পানী ৫ ছেঃমিঃ গভীৰতাত প্ৰয়োগ কৰি চকুৰে দেখা নোপোৱা হোৱাৰ দিন পিছত আকৌ প্ৰয়োগ কৰিব লাগে। বানপানীৰ পিছৰ ধান খেতিৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা মুঠ পানীৰ পৰিমাণ হ’ল ৬৬৮-৮২১ মিমি আৰু জলসিঞ্চিত পানীৰ পৰিমাণ ১০০-১৪০ মিমি। গৰ্ভধানৰ আৰম্ভণি আৰু ফুল ফুলা সময়ত ৫ ছেঃমিঃ গভীৰতাত দুটা জলসিঞ্চন দিব লাগে।

তালিকাঃ বিভিন্ন শস্যৰ বাবে প্ৰয়োজন হোৱা মুঠ পানী আৰু জলসিঞ্চিত পানীৰ পৰিমাণ

শস্য

মুঠ প্ৰয়োজনীয় পানী

(মিমি)

প্ৰয়োজনীয় জলসিঞ্চিত পানী

(মিমি)

প্ৰত্যক্ষ ভাৱে সিঁচা আহুধান

৮৭৭-১১৫০

২৫০-৩০৮

ৰোৱা আহুধান

৮৭০-১২১৮

৩৫০-৪৭৫

শালিধান

৬৪২-১১৪৬

১৪০-৩৫০

বানপানীৰ পিছৰ ধান খেতি

৬৬৮-৮২১

১০০-১৪০

ঘেঁহু

৩০৫-৩৯২

১২০-১৮০

আলু

২০০-২৫০

১২০-১৮০

সৰিয়হ

১২৮-১৫৬

৬০

শীতকালিন বাদাম

৭৩১-৭৫১

৬০

মৰাপাট

৪০০-৫০০

১২০-১৮০

বেলিফুল

২৩০-২৮০

১২০-১৮০

ৰাজমাহ

১৬০-১৭০

১২০-১৮০

জৱ ধান(ঘাঁহ)

১৮৬-৩৩৬

১২০-১৮০

বন্ধাকবি

২৩০-২৮০

৯০-১০০

বিলাহী

২৭৫-৩৩০

২০০-৩০০

 

ঘেঁহু শস্যঃ

 

ঘেঁহুৰ বাবে প্ৰয়োজন হোৱা মুঠ পানীৰ পৰিমাণ আৰু জলসিন্সিত পানীৰ পৰিমাণ হ’ল ক্ৰমে ৩০৫-৩৯২ মিমি। আৰু ১২০-১৮০ মিমি। ঘেঁহু খেতিত প্ৰান্তিয় ঢাপ পদ্ধতিত জলসিঞ্চন দিয়া হয়।

ওখ মাটিত কৰা ঘেঁহু খেতি বা সিঁচাৰ সময়ত পথাৰ অতি শুকান থাকিলে বীজ সিঁচাৰ ৩-৪ দিন আগতে এটা জলসিঞ্চন দিব লাগে। ২০-২৫ দিন পিছত মুকুট শিপা ওলোৱা সময়ত প্ৰথমবাৰ আৰু ৬৫-৭০ দিন পিছত গেৰ ওলোৱাৰ সময়ত দ্বিতীয়বাৰ ৬ ছেঃমিঃ গভীৰতাত জলসিঞ্চন দিব লাগে।

সৰিয়হঃ

 

সৰিয়হ খেতিৰ বাবে প্ৰয়োজন হোৱা পানীৰ পৰিমাণ কম। প্ৰয়োজন হোৱা মুঠ পানীৰ পৰিমাণ হ’ল ১২৮-১৫৬ মিমি আৰু প্ৰয়োজন হোৱা জলসিঞ্চিত পানীৰ পৰিমাণ হ’ল ৬০ মিমি। খেতিত প্ৰান্তিয় ঢাপ পদ্ধতিত জলসিঞ্চন প্ৰয়োগ কৰা হয়।

শস্যকালত যদি এবাৰো বৰষুণ নহয় সিঁচাৰ পৰা প্ৰায় এমাহ পিছত অৰ্থাৎ সৰিয়হ ফুলাৰ সময়ত ৬ ছেঃমিঃ গভীৰতাত এটা জলসিঞ্চন দিব লাগে। আগতীয়া ছেই ধৰা সময়লৈ অৰ্থাৎ সিঁচাৰ পৰা ৪৫ দিন মানলৈ এই জলসিঞ্চনটো পিছুৱাব পাৰি।

আলুঃ

 

আলু খেতিত মুঠ পানী প্ৰয়োজন হয় ২০০-২৫০ মিমি আৰু জলসিঞ্চিত পানীৰ পৰিমাণ হ’ল ১২০-১৮০ মিমি। আলু খেতিত প্ৰধানত সীৰলু পদ্ধতিৰে পানী দিয়া হয়। সীঁৰলু পদ্ধতিৰে পানী দিয়াৰ সময়ত ল’ব লগা সাৱধানতা হ’ল যাতে সীঁৰলুত পানীৰ উচ্চতা মুঠ সীঁৰলুৰ উচ্চতাৰ তিনিভাগৰ এক অংশতকৈ অধিক নহয়।

আলু খেতিত প্ৰধানত তিনিটা অৱস্থাত জলসিঞ্চন দিয়া হয়। প্ৰথম জলসিঞ্চনটো দিয়া হয় আৰু গঁজালি ওলোৱাৰ ২০-২৫ দিন পিছত মাটিৰ তলত আলু ধৰা ডাল সৃষ্টি সময়ত, দ্বিতীয়বাৰ জলসিঞ্চন দিয়া হয় গঁজালি ওলোৱাৰ পৰা ৬০ দিন পিছত মণি আলু ধৰাৰ সময়ত। ইয়াৰ ২০ দিন পিছত তৃতীয় বাৰ জলসিঞ্চন দিয়া হয় আলু গুটিৰ বৃদ্ধিৰ সময়ত। প্ৰতি বাৰতে দিয়া জলসিঞ্চনৰ মাত্ৰা হ’ল ৪ ছেঃমিঃ। তৃতীয়বাৰ জলসিঞ্চন দিয়াৰ সময়ত পথাৰ যদি অধিক কুঁৱলি আৰু নিয়ৰৰ বাবে আৰ্দ্ৰ হৈ থাকে তেতিয়া এই জলসিঞ্চনটো দিব নালাগে।

শীতকালীন বাদাম শস্যঃ

 

শীতকালীন বাদাম অসমত আহিন মাহত সিঁচা হয়। এই খেতিৰ বাবে প্ৰয়োজন হোৱা পানীৰ পৰিমাণ হ’ল ৭৩১-৭৫১ মিমি। জলসিঞ্চন দিয়া পানীৰ মাত্ৰা হ’ল ৬০ মিমি। শস্যৰ ফুল ধৰা, পেগিং বা বাদাম ধৰা অংশ মাটিৰ তলত সোমাই যোৱা আৰু বাদামৰ চিৰাল বৃদ্ধি অৱস্থা কেইটা হ’ল পানীৰ প্ৰতি বাদামৰ সঞ্চটাৱস্থা। এনেকুৱা অৱস্থাত বৰষুণ নাথাকিলে জলসিঞ্চন পানী ৪-৬ ছেঃমিঃ গভীৰতাত যোগান ধৰিব লাগে।

ঘাঁহৰ বাবে জৱ ধানঃ

জৱধানৰ খেতিত প্ৰয়োজন হোৱা পানীৰ পৰিমাণ হ’ল ১৮৬-৩০৬ মিমি আৰু ইয়াৰ জলসিঞ্চিত পানীৰ মাত্ৰা হ’ল ১৫০-১৮০ মিমি। মাটি শুকান হ’লে প্ৰথমেটো জলসিঞ্চন শস্য সিঁচাৰ পিছতে, দ্বিতীয়টো জলসিঞ্চন অধিক পোখা মেলাৰ সময়ত (সিঁচাৰ পৰা ৪৫ দিন পিছত) আৰু তৃতীয় জলসিঞ্চন শস্য সিঁচাৰ পিছতে, দ্বিতীয়টো জলসিঞ্চন অধিক পোখা মেলাৰ সময়ত (সিঁচাৰ পৰা ৪৫ দিন পিছত) আৰু তৃতীয় জলসিঞ্চন প্ৰথমবাৰৰ শস্য কাটাৰ (সিঁচাৰ পৰা ৪৫ দিন পাছত) আৰু তৃতীয় জলসিঞ্চন  প্ৰথমবাৰ শস্য কাটাৰ (সিঁচাৰ পৰা ৬৫ দিন) পিছতে সিঁচিব লাগে।

বিলাহীঃ

 

বিলাহী খেতিত প্ৰয়োজন হোৱা পৰিমাণ হ’ল ২৭৫-৩৩০ মিমি আৰু জলসিঞ্চিত পানীৰ পৰিমাণ হ’ব ২০০-৩০০ মিমি। পুলি ৰোৱাৰ ঠিক পিছতে এবাৰ জলসিঞ্চন দি পিছত ১০-১৫ দিনৰ অন্তৰে অন্তৰে পথাৰৰ আৰ্দ্ৰতা অনুযায়ী জলসিঞ্চন কৰিব লাগে। প্ৰায় ছয়টামান জলসিঞ্চন বিলাহী খেতিৰ বাবে প্ৰয়োজন হয়। পৃষ্ঠ বানপানী জলসিঞ্চন পদ্ধতিৰে ৪ ছেঃমিঃ গভীৰতাত পানী প্ৰয়োগ কৰিব লাগে।

বেঙেনাঃ

 

বেঙেনা খেতিত প্ৰয়োজন হোৱা মুঠ পানীৰ পৰিমাণ হ’ল ২৮০ মিঃমিঃ আৰু ইয়াৰ ২০০ মিঃমিঃ জলসিঞ্চনেৰে যোগান ধৰিব লাগে। পৃষ্ঠ জলসিঞ্চন পদ্ধতিৰে ৪ ছেঃমিঃ গভীৰতাত ১২-১৫ দিনৰ অন্তৰে অন্তৰে খেতিত জলসিঞ্চন কৰিব লাগে। এনেকুৱাকৈ জলসিঞ্চন দিলে বেঙেনা খেতিক প্ৰায় ৫ টা জলসিঞ্চন প্ৰয়োজন হয়।

জলকীয়াঃ

 

জলকীয়া খেতিতো পৃষ্ঠ জলসিঞ্চন পদ্ধতিৰে ৪ ছেঃমিঃ গভীৰতাত ১২-১৫ দিনৰ অন্তৰে অন্তৰে জলসিঞ্চন দিব লাগে। মুঠ শস্যকালত ৪-৫ টা জলসিঞ্চন প্ৰয়োজন হয়।

বন্ধা কবিঃ

 

বন্ধা কবিত প্ৰয়োজন হোৱা মুঠ পানীৰ পৰিমাণ হ’ল ২৩০-২৮০ মিঃমিঃ আৰু তাৰ ৯০-১০০ মিঃমিঃ জলসিঞ্চনেৰে যোগান ধৰা হয়। ৪ ছেঃমিঃ গভীৰতাত পৃষ্ঠ জলসিঞ্চন পদ্ধতিৰে জলসিঞ্চন দিব লাগে।

নেমু টেঙা

 

প্ৰয়োজন হোৱা পানীৰ মাত্ৰা হ’ল অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈ প্ৰায় ৪৭০ লিটাৰ। টোপাল জলসিঞ্চন পদ্ধতিত বাষ্পীভৱনৰ দ্বাৰা উৰি যোৱা পানীৰ ১০০ শতাংশই যোগান ধৰিব লাগে। আবতৰীয়া নেমু মাৰ্চ মাহত পাবলৈ হ’লে ১৫ দিনৰ অন্তৰে অন্তৰে প্ৰতি জোপা গছত ১৫ লিটাৰ হাৰত পানী দি নৱেম্বৰ মাহত কলা আচ্ছাদনেৰে ঢাকি ৰাখিব লাগে। টোপাল জলসিঞ্চনৰ ক্ষেত্ৰত টোপ টোপকৈ পৰা সঁজুলি অৰ্থাৎ ড্ৰিপাৰটো গছৰ গুৰিৰ পৰা ৩০ ছেঃমিঃ দূৰত্বত স্থাপন কৰিব লাগে।

কল খেতিঃ

 

কলখেতিত প্ৰয়োজন হোৱা পানীৰ মাত্ৰা অধিক। মুঠ বাষ্পীভৱনৰ ৭৫ শতাংশ পানী পূৰণ হোৱাকৈ টোপাল জলসিঞ্চনেৰে নৱেম্বৰৰ পৰা মাৰ্চ মাহলৈকে কলখেতিত পানী যোগান ধৰিব লাগে। এই পদ্ধতিৰে জলসিঞ্চন দিলে বৰ জাহাজী জাতটোৰ ক্ষেত্ৰত খৰচ আৰু লাভৰ অনুপাত হ’ল ১:৫.৭২

তালিকা ২- বিভিন্ন শস্যৰ বাবে প্ৰয়োগ কৰা পানীৰ গভীৰতা আৰু প্ৰয়োগৰ সময়

শস্য

জলসিঞ্চিত পানীৰ গভীৰতা

প্ৰয়োগৰ সময়

ধান

প্ৰয়োগ কৰা পানী চকুৰে নেদেখা হোৱাৰ তিনি দিন পিছত

ঘেঁহু

মুকুট শিপা ওলোৱা আৰু ঠোক ওলোৱা সময়ত

আলু

গঁজালি ওলোৱাৰ ২০-২৫ দিন, ৬০ দিন, ৮০ দিন পিছত

সৰিয়হ

৫০ শতাংশ ফুল ধৰা বা আগতীয়া ছেই ধৰা অৱস্থাত

শীতকালীন বাদাম

ফুলা আৰু ফুলাৰ পিছত বাদাম ধৰা অংশ মাটিত সোমাই যোৱা অৱস্থাত

বেঙেনা

পুলি প্ৰতিষ্ঠা প্ৰাপ্তিৰ পিছত ১২-১৫ দিনৰ অন্তৰে অন্তৰে

জলকীয়া

পুলি প্ৰতিষ্ঠা প্ৰাপ্তিৰ পিছত ১২-১৫ দিনৰ অন্তৰে অন্তৰে

বিলাহী

পুলি প্ৰতিষ্ঠা প্ৰাপ্তিৰ পিছত ১০-১৫ দিনৰ অন্তৰে অন্তৰে

বন্ধা কবি

 

পুলি প্ৰতিষ্ঠা প্ৰাপ্তিৰ পিছত ১০-১৫ দিনৰ অন্তৰে অন্তৰে

 

উৎসঃ সৰ্বভাৰতীয় সমন্বিত জলব্যৱস্থাপনা গৱেষণা প্ৰকল্প

3.02857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top