অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আদা খেতিৰ কথাঃ

আদা খেতিৰ কথা উল্লেখ কৰা হৈছে

আদা খেতিৰ বিষয়ে লাগতিয়াল দিহা-

মচলা হিচাপে আদাৰ গুৰুত্ব অপৰিসীম। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষক ৰাইজে বিস্তৃত হাৰত আদাৰ খেতি কৰে যদিও আদা চপোৱা আৰু শুকুৱাৰ ক্ষেত্ৰত বিশেষ মনোযোগ নিদিয়া বাবে আদাৰ গুণাগুণ যথেষ্ট হ্ৰাস পায়। ফলত কম দামতে বিক্ৰী কৰিবলগীয়া হয়। আদা বিক্ৰী কৰি অধিক লাভ আহৰণ কৰিবলৈ হ’লে খেতি চপোৱা আৰু আদা শুকুৱাৰ ক্ষেত্ৰত গুৰুত্ব দিবই লাঘিব। আজি আমি উক্ত দুয়োটা দিশৰ বিষয়ে কিছু কথা উল্লেখ কৰিব খুজিছো-

আদা চপোৱাৰ সময়তঃ

 

 

  • পাতবোৰ হালধীয়া হৈ শুকাবলৈ ধৰা সময়তে আদা চপাব লাগে। মাটিৰ পৰা খান্দি উলিওৱা সময়ত সাৱধান হ’ব লাগে যাতে আদাবোৰ আঘাত লাগি নষ্ট নহয়।
  • চপোৱাৰ পাছত আদাবোৰ ভালকৈ ধুই গাত লাগি থকা মাটিবোৰ আঁতৰাই ভালকৈ শুকুৱাৰ ব্যৱস্থা কৰিব লাগে।
  • চপোৱাৰ পাছত আদাবোৰ দীৰ্ঘ সময়ৰ বাবে জাপি থ’ব নালাগে। তেনে কৰিলে গুণগত মান হ্ৰাস পোৱাই নহয়, সোনকালে নষ্ট হ’ব।
  • ডাঙৰ টুকুৰাবোৰ সৰু সৰু কৰি কাটিবলৈ কেতিয়াও লোৰ ছুৰী, কটাৰী আদি ব্যৱহাৰ নকৰিব। তাৰ সলনি ষ্টীলৰ ছুৰী অথবা বাঁহৰ ধাৰ থকা টুকুৰা ব্যৱহাৰ কৰিব। লোৰ ছুৰী-কটাৰীৰে কাটিলে আদাৰ গুণগত মান হ্ৰাস পোৱাৰ ফলত দাম কমি যাব।

শুকুৱাৰ সময়তঃ

 

  • আদা শুকুৱা সময়ছোৱা ব্যৱসায়িক দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ। কাৰণ ভালকৈ শুকালেহে গুণগত মান উন্নত হ’ব আৰু তেতিয়াহে অধিক দামত বিক্ৰী কৰিব পৰা যাব।
  • ধুই পৰিষ্কাৰ কৰা আদাবোৰ অত্যন্ত পৰিষ্কাৰ পৰিৱেশত শুকুৱাব লাগে যাতে ধূলি-বালি লাগি লেতেৰা নহয়।
  • ধূলি-বালি, গোবৰ আদি লাগি নথকা বাঁহৰ ঢাৰি অথবা পৰিষ্কাৰ পকী মজিয়াত মেলি আদা শুকুৱাব লাগে।
  • বাহিৰৰ সেমেকা ভাবটো আঁতৰি নোযোৱালৈকে ৰ’দত শুকুৱাব লাগে।
  • শুকুৱাৰ সময়ছোৱাত যাতে আদাবোৰত ভেঁকুৰ নালাগে তালৈ লক্ষ্য ৰাখিব।
  • সম্পূৰ্ণকৈ শুকুৱা আৰু আধা শুকুৱা আদাবোৰ একেলগে ৰাখিব নালাগে।

আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল আদা কেতিয়াও অপৈণত অৱস্থাত চপাব নালাগে। কাৰণ অপৈণত আদা ভালকৈ শুকালেও একো লাভ নহয়। তেনে আদাৰ গুণগত মান একেবাৰে নিম্ন হোৱাৰ উপৰি সোনকালে নষ্ট হৈ যায়।

(উৎসঃ অসমীয়া খবৰ)।

2.93181818182
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top