অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ বাৰীভিত্তিক পাম পদ্ধতি :

অসমৰ বাৰীভিত্তিক পাম পদ্ধতিৰ বিষয়ে লিখা হৈছে ।

 

মানৱ সভ্যতা বিকাশৰ লগে লগে মানুহৰ ঘৰবাৰী সাজি স্থায়ীভাৱে বসতি কৰিবলৈ লয়, হাবিৰ পৰা ফল-মুলৰ সঁচ বিচাৰি আনি ঘৰৰ আশে-পাশে খেতি কৰিবলৈ আৰম্ভ কৰে। সমাজপ্ৰিয় মানুহে লাহে লাহে একোখন গাওঁ পাতি একেলগে থাকি সামাজিক জীৱনযাপন কৰিবলৈ ধৰে। কালক্ৰমত ৰাস্তা-ঘাট তৈয়াৰ কৰি ইখন গাঁৱৰ লগত সিখন গাঁৱৰ যোগসুত্ৰ স্থাপন হয়। যাতায়াতৰ সুবিধাৰ লগে লগে এখন গাঁৱত হোৱা শস্য আন এখন গাঁৱলৈ নি খেতি কৰিবলৈ ল’লে ।কৃষিভিত্তিক সভ্যতাৰ লগে লগে গাওঁবোৰৰ মাজত হাট-বজাৰ পাতি বেহা-বেপাৰৰে সুবিধা কৰি লয় । ৰজাঘৰৰ পৰাও গাওঁবোৰৰ উন্নতিত গুৰুত্ব দিয়াৰ কথা বুৰঞ্জীত পাওঁহক। অসমৰ মোমাই তামুলীয়ে পতা বাগিচাখন দেখি আহোম ৰজাই তেওঁক বৰবৰুৱা বাব দি পুৰস্কৃত কৰা কথা শুনিবলৈ পোৱা যায়। এইদৰে কৃষি সভ্যতাক লৈয়ে পৰ্যায়ক্ৰমে আগবাঢ়ি আজিৰ উন্নত স্তৰৰ গাঁৱৰ অৱস্থা পাইছেহি। আজিও অসমৰ শতকৰা ৯০ ভাগ মানুহে ২৪,৬৮৫ খন গাওঁ সামৰি বিশাল গ্ৰাম্য অঞ্চলত বাস কৰে। কিন্তু আগৰ গাওঁ আৰু বৰ্তমান গওঁবোৰৰ মাজত বিৰাট পাৰ্থক্য বিদ্যমান।

আন আন ৰাজ্যৰ তুলনাত অসমৰ গাওঁবোৰৰ গঠন অলপ বেলেগ। আন প্ৰায়বোৰৰ ৰাজ্যতে মানুহে মুল খেতিমাটিৰ লগতে ঘৰ-দুৱাৰ সাজি বসবাস কৰে কাৰণে বসতি সেৰেঙা- অ’ত এঘৰ, ত’ত এঘৰ। কিন্তু অসমৰ মানুহে গাওঁপতি একেলগে বাস কৰে। এওঁলোকৰ প্ৰধান খেতিমাটি ঘৰৰ পৰা দুৰৈত । কিন্তু প্ৰতিটো পৰিয়ালৰে ঘৰৰ লগতে একোখন বাৰী থাকে। পুৰণিকালত এই বাৰীবোৰৰ আকাৰ যথেষ্ট ডাঙৰ আছিল। এই বাৰীতে পৰিয়ালৰ দৈনন্দিন আৱশ্যকীয় সকলো সামগ্ৰী- বাঁহ-বেতৰ পৰাআৰম্ভ কৰি স্থানীয় ফলমুল, লেটেকু, পনিয়লৰ পৰা পেটৰ কামোৰৰ মহৌষধ কুজি থেকেৰা, বৰথেকেৰালৈ সকলো পোৱা গৈছিল। কিনৰু কালক্ৰমত এই বাৰীবোৰ ভাই-ককাইৰ মাজত ভাগ হৈ হৈ সৰু হোৱা কাৰণে এতিয়া আগৰ গাঁৱৰ বৈশিষ্ট্য নাই যদিও সৰুকৈ হ’লেও প্ৰত্যেক পৰিয়ালৰে একোখন বাৰী আছে। এই বাৰীতে তামোল-পাণ, আম-কঁঠাল , আদা-হালধি আদিৰ বাহিৰেও ঘৰতে খাবলৈ শাক-পাচলিৰ কাৰণে এডৰা শাকনিও থাকে। মাজতে এখন চোতাল ৰাখি চাৰিওফালে থকা ঘৰ, ৰান্ধনিঘৰ, ভঁৰালঘৰ, গোহালি আদি সাজে। পানীৰ কাৰণে একোটা পুখুৰীও থাকে। ঘৰৰ আঁতৰত থকা প্ৰধান খেতিমাটিত ধান, মাহ, সৰিয়হ, মৰাপাট, কুঁহিয়াৰ আদিৰ খেতি কৰি একোটা পৰিয়াল পৰমুখাপেক্ষী নোহোৱাকৈ সুন্দৰভাৱে চলি থাকে।

অতীজৰে পৰা কৃষিকাৰ্যৰ উপৰি ঘৰৰ চৌহদতে নানা জীৱ-জন্তু পুহিছিল। গৰুক লক্ষ্মী জ্ঞান কৰা হৈছিল। যাৰ নাই গৰু সি সবাতোকৈ সৰু বুলি ভাবিছিল। হালোৱা গৰুহালক নিজৰ পুতেকৰ দৰে মৰম কৰিছিল। অসমৰ প্ৰায় সকলো মানুহে মাছ খাইছিল যদিও মীনপালন ব্যৱস্থা নাছিল। কিন্তু খাল, নৈ, বিল সকলোতে মাছ উভৈনদী হৈ আছিল আৰু মীন ব্যৱসায় কৈৱৰ্ত সম্প্ৰদায়ৰ হাতত আছিল। পৰিয়ালৰ কাৰণে আৱশ্যকীয় সামগ্ৰী, যেনে- গাখীৰৰ কাৰণে গৰু, মাংসৰ কাৰণে ছাগলী, পাৰ চৰাই, কণীৰ কাৰণে হাঁহ-কুকুৰা পুহিছিল। কোনো কোনো পৰিয়ালত পাটপলুও পুহিছিল। অৱশ্যে এই সকলো কামেই পৰিয়ালৰ ভৰণ-পোষণৰ কাৰণেহে কৰিছিল, বাণিজ্যিক ভিত্তিত কৰা নাছিল।

এইদৰে ঘৰৰ চৌহদৰ ভিতৰত থকা আবাদি আৰু পতিত কৰা বিভিন্ন কৃষিকাৰ্য আৰু পৰিয়ালৰ কাৰণে আৱশ্যকীয় সকলো সামগ্ৰী উৎপাদন কৰা ভুমিভিত্তিক বিভিন্ন কাৰ্যক বাৰীভিত্তিক পাম (Homestead farming) আখ্যা দিব পাৰি। থকা ঘৰ, জীৱ-জন্তু ৰখা ঘৰ, পুখুৰী, বিভিন্ন কৃষিকাৰ্য আৰু কৃষিভিত্তিক উদ্যোগসমুহ বাৰীভিত্তিক পামৰ অন্তৰ্গত। অৱশ্যে চহৰ অঞ্চলৰ ছবি অলপ বেলেগ।

পৰম্পৰাগতভাৱে কৃষিপ্ৰধান অসমৰ গ্ৰাম্য অঞ্চলৰ প্ৰায় প্ৰতিটো পৰিয়ালৰে আজিও একোখন বাৰীভিত্তিক পাম আছে। কৃষিভুমিৰ পৰিমাণৰ ভিত্তিত কৃষকসকলক শ্ৰেণীবদ্ধ কৰা হৈছে। অসমত উপান্ত (১ হেক্টৰৰ ভিতৰত) আৰু ক্ষুদ্ৰ (১-২ হেক্টৰ) কৃষকৰ সংখ্যাই সৰহ (শতকৰা ৮২.৫৪ জন)। মধ্যম শ্ৰেণীৰ (২-৩ হেক্টৰ) কৃষকৰ সংখ্যা শতকৰা ৯.২৮ ভাগ আৰু বৃহৎ কৃষকৰ (৩ হেক্টৰতকৈ বেছি) সংখ্যা শতকৰা ৮.১৫ ভাগহে। মুঠ ভুমিৰ তুলনাত ঘৰৰ চৌহদৰ ভিতৰত থকা ভুমিৰ পৰিমাণ যথেষ্ট কম। তথাপি এই বাৰীভিত্তিক পামৰ উৎপাদনৰ পৰা হোৱা আয় কিন্তু তেনেই নগণ্য নহয় আৰু ইয়ে অসমীয়া পৰিয়ালৰ অৰ্থ সামাজিক জীৱনত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। তদুপৰি এই বাৰীভিত্তিক পামত ঘৰৰ প্ৰতিজন সদস্যই বেলেগ বেলেগ ধৰণে সহায় কৰিব পাৰে কাৰণে তেওঁলোকক আজৰি সময়কৰণৰ সদব্যৱহাৰ হোৱাৰ উপৰি পাম পৰিচালনাৰ খৰচ বহু পৰিমাণে কমি যায়। মধ্যমীয়া আৰু বৃহৎ কৃষকসকলেও মুল খেতি-বাতি কৰিবলৈ ৰখা দিন হাজিৰা বা বছৰেকীয়াত চুক্তিত বন্দবস্ত কৰি ৰখা বনুৱাক আজৰি সময়ত বাৰীভিত্তিক পামতো খটাব পাৰে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি বিভাগৰ অধ্যাপক ড° ভৌমিক আৰু তেখেতৰ সহযোগীসকলে ১৯৯০ চনত শোণিতপুৰ জিলাত চলোৱা এটা অধ্যয়নত পোৱা গৈছে যে বাৰিভিত্তিক পামত মাটিৰ পৰিমাণ, নিয়োগ কৰা বনুৱাৰ সংখ্যা, খৰচৰ পৰিমাণ আৰু লাভালাভ নিৰ্ভৰ কৰে প্ৰধানকৈ বাৰীখনৰ আকাৰৰ ওপৰত। উক্ত সমীক্ষা মতে, বাৰীভিত্তিক পামবোৰত গড় হিচাপে মুঠ পাম পদ্ধতিৰ শতকৰা ১০.৪৮ ভাগ মাটিত ১৩.২৯ ভাগ বনুৱাই ১৪.৮১ ভাগ খৰচ কৰি মুঠ পামৰ শতকৰা ৩৩.১৭ ভাগ আয় অৰ্জন কৰে। এই সমীক্ষাৰ পৰাই দেখা যায় যে সৰু বাৰীখনতে কম খৰচ কৰি যথেষ্ট লাভৱান হ’ব পাৰি। এই সমীক্ষাতে পোৱা গৈছে যে শোণিতপুৰ জিলাৰ সকলো আকাৰৰ বাৰীভিত্তিক পামবোৰত হোৱা আয়ৰ প্ৰধান উৎস হৈছে কৃষিকাৰ্যৰ পৰা আৰু তাৰ পিছতে স্থান হ’ল জীৱ-জন্তু পালনৰ পৰা। মীনপালনৰ যোগেদি সবাতোকৈ বেছি উপাৰ্জন হয় যদিও মীনপালকৰ সংখ্যা তেনেই নগণ্য।

আজিকালি দুই-এজন নিবনুৱা যুৱকে কৃষিত মনোনিৱেশ কৰি তেওঁলোকৰ বাৰীবোৰৰ চেহেৰাই সলনি কৰি দিয়া দেখা গৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ দেৱজিত দত্তই ১৯৯২ চনত তিতাবৰ উন্নয়ন খণ্ডত চলোৱা এটা অধ্যয়নত পোৱা গৈছে –প্ৰগতিশীল খেতিয়কসকলে (Progressive farmer) সাধাৰণ খেতিয়কতকৈ বাৰীখনত বেছি ধন খৰচ কৰি উন্নত প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰে। সাধাৰণ খেতিয়কৰ বাৰীভিত্তিক পামত কৃষিকাৰ্য, গো-পালন আৰু হাঁহ-পাৰ ঘাই কৃষি উদ্যোগ। কিন্তু প্ৰগতিশীল খেতিয়কসকলে কৃষিকাৰ্যৰ লগতে দুগ্ধ উৎপাদন অৰু কুকুৰা পালন কৃষি উদ্যোগ হিচাপে গ্ৰহণ কৰিছে। কৃষিকাৰ্যৰ ভিতৰত ফলমুলেই বাৰীখনৰ মুঠ মাটিৰ ৪৮.২৪ শতাংশ অৱৰি থাকে আৰু বিভিন্ন ফলমুলৰ ভিতৰত তামোল গছৰ আবাদি আটাইতকৈ বেছি। অৱশ্যে ঠাইবিশেষে  একোটা বিশেষ শস্যৰ খেতি বেছিকৈ কৰা দেখা যায়। আজিকালি উজনি অসমৰ বহুত নিবনুৱা যুৱকে বাৰীতে ক্ষুদ্ৰ চাগ বাগিচা পাতিবলৈ লৈছে।

জনসংখ্যা বৃদ্ধিৰ লগতে (২০০১ চনৰ পিয়লমতে অসমৰ জনসংখ্যা ২৬.৪১ নিযুত) নিবনুৱা সমস্যাত প্ৰকট হৈ উঠিছে। ফলস্বৰুপে , যুৱকসকল বিপথগামী হৈছে আৰু সমাজত উচ্ছৃংখলতাই দেখা দিছে। বেছিভাগ যুৱকে চাকৰিৰ সন্ধানত চহৰমুখী হৈছে। এই সকলোবোৰ অশান্তিৰ বিকল্প মাত্ৰ এটাই- দেশৰ অৰ্থনীতিৰ বুনিয়াদ স্বৰুপ কৃষি আৰু কৃষিভিত্তিক উদ্যোগ স্থাপনৰ দ্বাৰা কৰ্ম সংস্থাপনৰ দিহা কৰি নিবনুৱা যুৱকসকলৰ চহৰমুখী প্ৰব্ৰজন ৰোধ কৰি গ্ৰাম্য অঞ্চলৰ সৰ্বতো প্ৰকাৰৰ উন্নতি সাধন কৰা। কৃষিৰ ক্ষেত্ৰত অধিক নিয়োগৰ সৃষ্টি কৰাৰ বাবে ভুমিভিত্তিক উদ্যোগ, যেনে- মীনপালন, দুগ্ধ পাম, কুকুৰা পাম, পশুধন পাম, গাহৰি পাম, মৌপালন আদি উদ্যোগসমুহৰ আমুল বিকাশ সাধন কৰিব লাগিব। ঘৰৰ চৌহদতে কম মাটিতে এই উদ্যোগবোৰে অৰ্থনৈতিক অৱস্থাৰ ক্ষিপ্ৰ বিকাশ সাধন কৰে। এই সকলোবোৰ উদ্যোগৰে নিখুঁত, উন্নত প্ৰযুক্তি কৌশল উদ্ভাৱন কৰি থোৱা আছে। মাত্ৰ সু-পৰিকল্পতভাৱে কৰা এক সুচিন্তিত আঁচনিৰ প্ৰয়োজন। কৃষিৰ উন্নতিৰ মুল আধাৰ ক্ষুদ্ৰ, উপান্ত আৰু মধ্যম শ্ৰেণীৰ কৃষকৰ দ্বাৰা উপযুক্ত প্ৰযুক্তিৰ সাৰ্থক প্ৰয়োগ। কিন্তু এই কৃষক গোটবোৰৰ বেছিভাগেই অৰ্থনৈতিকভাৱে দুৰ্বল। গতিকে তেওঁলোকৰ কাৰণে সহজলভ্য কম সুতত ঋণৰ ব্যৱস্থা কৰিব পাৰিলেহে তেওঁলোকে উন্নত প্ৰযুক্তি কৌশলবোৰৰ সাৰ্থক প্ৰয়োগ কৰি কৃষি উৎপাদন বৃদ্ধি কৰিব পাৰিব।

বাৰীভিত্তিক পামবোৰত সাধাৰণতে সংমিশ্ৰিত পাম পদ্ধতি প্ৰচলিত। স্থানভেদে আনকি সম্প্ৰদায়ভেদেও এই পামবোৰত কৰা ভুমিভিত্তিক কাৰ্যক্ৰমণিকাও বেলেগ বেলেগ। গতিকে নিচা আৰু ৰুচি অনুসৰি আৰু সামৰ্থ্য অনুযায়ী ভুমিভিত্তিক উদ্যোগ বাছি ল’ব পাৰে। ঘৰৰ চৌহদতে নতুন নতুন ভুমিভিত্তিক উদ্যোগৰ সমাৱেশে গ্ৰাম্য অঞ্চলৰ আন্ধাৰ আঁতৰাই পোহৰ বিলাব পাৰে। কৃষি আৰু কৃষিভিত্তিক উদ্যোগেই হৈছে দেশৰ অৰ্থনীতিৰ বুনিয়াদ স্বৰুপ।

ভুমিভিত্তিক পামসমুহৰ উৎপাদনৰ ক্ষেত্ৰত মীন উদ্যোগে চমকপ্ৰদ সাফল্য লাভ কৰিছে। অন্ধ্ৰপ্ৰদেশৰ মীনপালকসকলে প্ৰতি হেক্টৰত ৭০০-১৪০০ কেজি মাছ উৎপাদন কৰি অভিলেখ সৃষ্টি কৰিছে। দুবিঘা মাটিৰ পুখুৰীত মাছ পুহি ১৪ হেজাৰ টকা খৰচ কৰি বছৰি ৩৫-৩৬ হেজাৰ টকা লাভ কৰিব পাৰে। মীনপালনৰ সমান্তৰালভাৱে অন্যান্য ভুমিভিত্তিক উদ্যোগ, যেনে-কুকুৰা পালন, হাঁহ পালন, গো পালন, গাহৰি পালন, মৌপালন আদি উদ্যোগ স্থাপনৰ দ্বাৰা নিবনুৱা সমস্যা দুৰ কৰি স্বাৱলম্বী হোৱাৰ উপৰি গ্ৰাম্য আৰ্থ-সামাজিক অৱস্থাৰ বহুখিনি উন্নতি কৰিব পাৰি। কুকুৰা পাম, বিশেষকৈ ব্ৰইলাৰ কুকুৰা পাম উদ্যোগ হিচাপে অতি লাভজনক। ৫০০-৬০০ ব্ৰইলাৰ কুকুৰাৰ পাম এখনৰ দ্বাৰা এজন নিবনুৱা যুৱকে কৰ্ম সংস্থাপনৰ বাট মোকলোৱাৰ উপৰি ৯ হেজাৰ টকা লাভ কৰিব পাৰে। মৌপালনক গ্ৰামোদ্যোগৰ অবিচ্ছেদ্য অংগ হিচাপে ধৰা হৈছে । মৌৱে ফুলৰ পৰাগযোগ ঘটাই শস্যৰ উৎপাদন বৃদ্ধি কৰাত সহায় কৰে। এটা গোট (৫ বাহ) খোৰোঙীয়া মৌ পুহি একোটা পৰিয়ালে বছৰি ৭ হেজাৰ টকা লাভ কৰিব পাৰে। মৌপলানৰ কাৰণে বিশেষ মাটি, নিজৰ খেতি আৰু কোনো বনুৱাৰ আৱশ্যক নাই। গতিকে আন পেছাৰ লগতে মৌপালন কৰি পৰিয়ালৰ আৰ্থিক অৱস্থা টনকিয়াল কৰিব পাৰি। পশুধনেই কৃষিৰ মেৰুদণ্ড স্বৰুপ। ইয়ে মানৱ জাতিক নানাভাৱে সহায় কৰি আহিছে। গাখীৰ আমাৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী। হালবোৱা, মৰণা মৰা, গাড়ী টনা আদি সকলো কামতে গোধনেই মুখ্য ভুমিকা লৈ আহিছে। গাহৰি পালন এটা লাভজনক ব্যৱসায়। আমাৰ সমাজৰ পিছপৰা শ্ৰেণীৰ লোকৰ আৰ্থিক উন্নতি তথা নিবনুৱা সমস্যা দুৰীকৰণত ই যথেষ্ট সহায় কৰি আহিছে। ঘৰতে এটা মতা গাহৰিৰ সৈতে দুজনী বা তিনিজনী গাহৰি পুহি খাদ্য তালিকাত প্ৰ’টিনৰ অভাৱ দুৰ কৰাৰ লগতে অধিক লাভৱান হ’ব পাৰি। ৰেচম শিল্পও এটা অতি পুৰণি কৃষিভিত্তিক কুটিৰ শিল্প। কম মুলধনৰ বিনিময়ত কম সময়তে এই শিল্পৰ পৰা অধিক অৰ্থলাভৰ উপৰি, বহুসংখ্যক লোকৰ আত্মনিয়োগৰ সুবিধা আছে। আজিকালি জীৱ-জন্তুৰ সমন্বয়ত মীনপালন কৰাৰ কেইবাটাও পদ্ধতি উদ্ভাৱন কৰা হৈছে। অধিক আয়  আৰু লাভৰ বাবে মীন পালনৰ লগত হাঁহ, কুকুৰা, গৰু, গাহৰি আদিৰ পাম স্থাপন কৰি সংমিশ্ৰিত পাম খোলাৰ উন্নত প্ৰযুক্তি কৌশল ইতিমধ্যে কৃষকে গ্ৰহণ কৰিছে। পুখুৰীৰ ওপৰত চাং পাতি বা পুখুৰীৰ পাৰত জীৱ-জন্তুৰ ঘৰ সাজি জীৱ-জন্তুৰ মল-মুত্ৰৰ আহাৰ হিচাপে ব্যৱহাৰ কৰা হৈছে। এনে ‘সমন্বিত পাম পদ্ধতি’ৰ(Integrated farming system) মুল উদ্দেশ্য হৈ ছে-প্ৰাকৃতিক জৈৱ উৎসবোৰৰ প্ৰয়োগৰ দ্বাৰা কম খৰচত উৎপান প্ৰক্ৰিয়া বৃদ্ধি কৰি লাভৱান হোৱাৰ উপৰি অব্যাহত কৃষি প্ৰণালী (Sustainable agriculture) প্ৰতিষ্ঠা কৰি প্ৰকৃতিক অৱক্ষয় আৰু প্ৰদুষণৰ পৰা ৰক্ষা কৰা। এবিধ পামত উৎপন্ন্ন হোৱা জৈৱ পেলনীয়া সামগ্ৰী (Waste Product) আন এবিধ পামৰ কাৰণে আপুৰুগীয়া সম্পদ।

আমাৰ বাৰীবোৰ বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধভাৱে নপতাৰ কাৰণে যি পৰিমাণৰ উৎপাদন পাব লাগিছিল, সেই পৰিমাণে পোৱা নাই। আমাৰ বেছিভাগ বাৰীয়ে নিজে নিজে গজা অলাগতিয়াল গছেৰে ভৰা। ৰোৱা গছবোৰো আৱশ্যকীয় দুৰত্বত ৰোৱা নহয়। যত্নৰ অভাৱত গছবোৰ দুৰ্বল আৰু উৎপাদনহীন। বাৰীত থকা অলাগতিয়াল গছবোৰ আৰু লাগতিয়াল গছবোৰৰ বেমাৰী আৰু দুৰ্বল ডাল-পাতবোৰ কাটি বিজ্ঞানসন্মত দৃষ্টিৰে কাৰিকৰী দিশবোৰ চালি জাৰি চাই, উপযুক্ত প্ৰযুক্তি কৌশলৰ সহায়ত বাৰীৰ ৰুপেই সলনি কৰি দিব পৰা যায়। তামোল, নাৰিকল আদি কম ছাঁ দিয়া গছবোৰৰ মাজত প্ৰণালীবদ্ধভাৱে পাণ, জালুক, আদা, হালধি, মাটি-কঁঠাল, কল, কচু আনকি গৰুৰ কাৰণে ঘাঁহ আদিৰ বহুতৰপীয়া(multistoreyed cropping system) খেতি কৰিলে তামোল, নাৰিকলৰ উৎপাদন বঢ়াৰ উপৰি ওপৰঞ্চি উৎপাদন বঢ়াই আৰ্থিকভাৱে লাভৱান হ’ব পাৰি। তামোল আৰু নাৰিকলৰ লগত কৰা বহুতৰপীয়া খেতিৰ গৱেষণালব্ধ উন্নত প্ৰযুক্তি কৌশল ইতিমধ্যে অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰি থৈছে।

লেখক: ড° বসন্ত কুমাৰ চক্ৰৱৰ্তী

উৎস: আধুনিক কৃষিকথা (কৃষি বাণিজ্যিকীকৰণ আৰু উদ্যোগমুখিতা)

 

 

3.0625
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top