অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উদ্ভিদৰ অত্যাৱশ্যকীয় মৌলসমূহ :

উদ্ভিদৰ অত্যাৱশ্যকীয় মৌলসমূহ :

 

মানুহ আৰু জীৱ-জন্তুৰ দৰে উদ্ভিদকো বৃদ্ধি আৰু বিকাশৰ বাবে খাদ্যৰ প্ৰয়োজন। উদ্ভিদৰ খাদ্য বুলিলে কেতবোৰ ৰাসায়নিক মৌলিক সাঙুৰি লোৱা হয়, যিবোৰক উদ্ভিদৰ পুষ্টি দ্ৰব্য বা পুষ্টি মৌল অথবা পোষক মৌল বুলি কোৱা হয়। সৰ্বমুঠ পঁয়ত্ৰিশটা ৰাসায়নিক মৌলই উদ্ভিদৰ পুষ্টিত অৰিহণা যোগায় বুলি বিজ্ঞানীসকলে নিশ্চিত কৰিছে। এইকেইটা হ’ল- কাৰ্বন, হাইড্ৰ’জেন, অক্সিজেন, নাইট্ৰ’জেন, ফছফৰাছ, পটাচিয়াম, কেলচিয়াম, মেগনেছিয়াম, গন্ধক বা ছালফাৰ, মেংগানিজ, মলিবডেনাম, তাম, বৰণ, দস্ত, লো, ক্ল’ৰিণ, ছ’ডিয়াম, ছিলিকণ, এলুমিনিয়াম, ক’বাল্ট, আয়’ডিন, ৰুবিডিয়াম, ষ্ট্ৰেন্সিয়াম, নিকেল, ক্ৰমিয়াম, আৰ্চেনিক, ব্ৰ’মিন, গেলিয়াম, লেনথেনাম, লিথিয়াম, সীহ, ভেনেডিয়াম, ইট্ৰিয়াম, জিৰক’নিয়াম আৰু  চেলেনিয়াম। ইয়াৰে প্ৰথম ষোল্লটা মৌল উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে তুলনামূলকভাৱে অতীৱ প্ৰয়োজনীয় আৰু সেয়েহে ইবোৰক অত্যাৱশ্যকীয় মৌল বোলা হয়।

অত্যাৱশ্যকীয় মৌলবোৰৰ ভিতৰত প্ৰথম নটা মৌল উদ্ভিদক বেছি পৰিমাণে প্ৰয়োজন হয় আৰু সেয়েহে ইহঁতক গুৰুমৌল বোলে। আনহাতে মেংগানিজ, লো, মলিবডেনাম, তাম, বৰণ, দস্তা আৰু ক্ল’ৰিণ উদ্ভিদক কম পৰিমাণে প্ৰয়োজন হয় বাবে ইহঁতক লঘুমৌল, অণুমৌল বা সূক্ষ্মমৌল বোলা হয়।

অত্যাৱশ্যকীয় মৌল

 

গুৰুমৌল

লঘুমৌল

কাৰ্ব, হাইড্ৰ’জেন, অক্সিজেন, নাইট্ৰ’জেন, ফছফৰাছ, পটাছিয়াম,   কেলছিয়াম, মেগনেছিয়াম, গন্ধক

মেংগানীজ, লো, মলিকডেনাম, তাম,        বৰণ, দস্তা, ক্ল’ৰিণ

 

এই ষোল্লটা অত্যাৱশ্যকীয় মৌলৰ ভিতৰত কাৰ্বন, হাইড্ৰ’জেন আৰু অক্সিজেন বায়ুৰ পৰা উপলব্ধ আৰু বাকী ১৩ টা মৌলৰ বাবে উদ্ভিদে মাটিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ সুনিশ্চিত কৰিবলৈ হ’লে এই পোষক মৌলসমূহ মাটিত উপযুক্ত পৰিমাণে আৰু উদ্ভিদ শোষণ কৰিব পৰা অৱস্থাত থকাটো একান্তই বাঞ্ছনীয়। মাটিত এই পোষক মৌলৰ অভাৱ হ’লে উদ্ভিদে কেতবোৰ লক্ষণ দেখুৱায় আৰু এই অভাৱ দূৰ কৰাৰ উদ্দেশ্যে যথোপযুক্ত উপায় অৱলম্বন কৰা হয়। তলত এই ১৩টা পোষক দ্ৰব্যৰ কাৰ্য আৰু ইয়াৰ অভাৱত দেখা দিয়া লক্ষণৰ বিষয়ে বিস্তৃতকৈ আলোচনা কৰা হৈছে।

নাইট্ৰ’জেন:

নাইট্ৰ’জেনে উদ্ভিদৰ কাণ্ড অংশৰ বৃদ্ধি আৰু বিকাশ সাধন কৰে। ই পাতৰ ৰং গাঢ় সেউজীয়া কৰে তথা ডাল-পাত গঠনত সহায় কৰে। নাইট্ৰ’জেনে উদ্ভিদৰ ভিতৰত ফছফৰাছ আৰু পটাছৰ ব্যৱহাৰত প্ৰভাৱ পেলায়। নাইট্ৰ’জেনে উদ্ভিদক এক কোমল আৰু সোপোকা অৱস্থা দিয়ে, যিটো পাতজাতীয় শাক-পাচলি আৰু ঘাঁহৰ ক্ষেত্ৰত বাঞ্ছনীয়। অধিক পৰিমাণত নাইট্ৰ’জেন উপলব্ধ হ’লে শস্যৰ ফুল ফুলা আৰু ফলধাৰণ বিলম্ব হয়, পাতবোৰ ডাঠ সেউজীয়া বৰণৰ হয়। শস্য বেছিকৈ ৰোগ আৰু পোক-পৰুৱাৰ দ্বাৰা আক্ৰান্ত হয়। ধান, ঘেঁহু আদি শস্যত গা-গছ দুৰ্বল হয় আৰু বাগৰি পৰে।

মাটিত পৰ্যাপ্ত পৰিমাণে নাইট্ৰ’জেন নাথাকিলে গছবোৰ পাতল সেউজীয়াৰ পৰা হালধীয়া হৈ বাওনা হৈ থাকে। পাত আৰু ফলবোৰ অপৈণত অৱস্থাতে সৰি পৰে। ধান, ঘেঁহু আদি শস্যৰ ক্ষেত্ৰত গুটিবোৰ পূৰঠ নহয়, মুনিয়া আৰু পাতল হয়।

ফছফৰাছ:

ফছফৰাছ উদ্ভিদ আৰু জীৱ-জন্তুৰ প্ৰতিটো কোষৰ অপৰিহাৰ্য উপাদান। ই শিপা বাঢ়নত সহায় কৰে আৰু পাত আৰু কাণ্ডৰ বিকাশত প্ৰভাৱ পেলায়। ধানজাতীয় শস্যত পোখাৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে গা-গছক কঠিন হৈ থাকি বাগৰি নপৰাকৈ থকাত সহায় কৰে। ফুল, ফলধাৰণ আৰু শিপাৰ বৃদ্ধিত ই প্ৰত্যক্ষ প্ৰভাৱ পেলায়। মাহজাতীয় শস্যত শিপাৰ টেমুনা গঠনত সহায় কৰি বায়ুমণ্ডলীয় নাইট্ৰ’জেন আৱদ্ধত সহায় কৰেগ।

মাটিত পৰ্যাপ্ত পৰিমাণে ফছফৰাছ থাকিলে শিপাৰ গঠন আৰু পৰিমাণ বৃদ্ধি হয়। গছৰ বিকাশ আৰু পাতৰ স্বাভাৱিক ৰং বৰ্তি থাকে। অধিক পৰিমাণে ফছফৰাছ প্ৰয়োগৰ ফলত কোনো কোনো ক্ষেত্ৰত জিংক অণুসাৰৰ অভাৱ দেখা দিব পাৰে।

ফছফৰাছ অভাৱ হ’লে শিপা আৰু কাণ্ড অংশ দুৰ্বল হয় আৰু গছবোৰ ক্ষীণ আৰু নিশকতীয়া হয়। ধানজাতীয় শস্যৰ পাতবোৰ ধোঁৱাবৰণীয়া হোৱাৰ লগতে পাতবোৰ অকালতে মৰহি খহি পৰে। ফলবোৰ পূৰঠ হোৱাত বিলম্ব হয়। ধানৰ বেলিকা পোখাৰ সংখ্যা হ্ৰাস পায়। আনহাতে আলুত মামৰৰ দৰে মুগা দাগ পৰিব পাৰে।

পটাছিয়াম:

পটাছিয়ামে পত্ৰহৰিৎ গঠনত সহায় কৰে বাবে সালোক সংশ্লেষণত প্ৰত্যক্ষ ভূমিকা পালন কৰে। গছৰ স্বাস্থ্য ভাল কৰে আৰু দৃঢ় কৰে, ফলত অস্বাভাৱিক বতৰৰ প্ৰভাৱ প্ৰতিৰোধ কৰিব পাৰে। ধানজাতীয় শস্যৰ বাগৰি পৰাৰ পৰা ৰক্ষা কৰাৰ লগতে ধঁপাত, আলু, কুঁহিয়াৰ, শাক-পাচলি আৰু ফল-মূলৰ গুণাগুণ বৃদ্ধি কৰে। ৰোগ আৰু পোক-পতংগৰ আক্ৰমণ ৰোধ কৰাৰ লগতে অধিক নাইট্ৰ’জেন প্ৰয়োগৰ পৰা ৰক্ষা কৰাৰ লগতে ধঁপাত, আলু, কুঁহিয়াৰ, শাক-পাচলি আৰু ফল-মূলৰ গুণাগুণ বৃদ্ধি কৰে। ৰোগ আৰু পোক-পতংগৰ আক্ৰমণ ৰোধ কৰাৰ লগতে অধিক নাইট্ৰ’জেন প্ৰয়োগৰ পৰা সৃষ্টি হোৱা কু-ফলৰ পৰা গছক মুক্ত কৰাত পটাছিয়ামে গুৰুত্বপূৰ্ণ ভূমিকা লয়। পটাছিয়ামে ফল আৰু বীজৰ গুণাগুণ বৃদ্ধি কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে পটাছিয়ামে গছৰ ভিতৰত পানীৰ চলাচল নিয়ন্ত্ৰণ কৰে।

পটাছিয়ামৰ অভাৱত ফলত গছবোৰৰ আন্তঃগাঁঠি অঞ্চলৰ বৃদ্ধি নহয় আৰু গছবোৰ চাপৰ হৈ থাকে। পাতবোৰ হালধীয়া হৈ পৰাৰ লগতে কাণ্ডবোৰৰ আগৰ পৰা মৰহি অহা লক্ষণ দেখুৱায়। বয়স্ক পাতত এই লক্ষনে আগতে দেখা দিয়ে। সালোক সংশ্লেষণৰ মাত্ৰা বহু পৰিমাণে হ্ৰাস পায়। আলুৰ গছত অস্বাভাৱিক বৰণ লয় আৰু শেষলৈ পাতবোৰ মুগা পৰি যায়। আলুবোৰত ক’লা দাগ পৰাৰ লগতে ভঁৰালত অধিক পৰিমাণে নষ্ট হয়। মাহজাতীয় শস্য, মাকৈ, কপাহ, ধঁপাত আদিৰ শস্যৰ তলৰ শস্যৰ তলৰ পাতবোৰৰ আগবোৰ পুৰি যোৱা বা জ্বলি যোৱাৰ দৰে হয়।

কেলচিয়াম:

কেলচিয়ামে গছৰ শিপা গঠনত সহায় কৰে। কাণ্ডত দৃঢ়তা প্ৰদান কৰাত ভূমিকা পালন কৰে। মাহজাতীয় শস্যত টেমুনা গঠনত সহায় কৰাৰ জৰিয়তে ৰাইজ’বিয়াম অণুজীৱৰ কাৰ্যদক্ষতা বৃদ্ধি কৰে। কিছুমান ৰোগৰ আক্ৰমণৰ পৰাও ই গছক ৰক্ষা কৰে। অম্লতা কমোৱাত ই অৰিহণা যোগায় বাবে মাটিত নাইট্ৰ’জেন আৰু সূক্ষ্মমৌল, যেনে- লো, বৰণ, মেংগানিজ, জিংক, তামৰ শোষণ বৃদ্ধি কৰে। কেলচিয়ামে মাটিৰ গঠনত সহায় কৰে।

কেলচিয়ামৰ অভাৱত কুমলীয়া আগবোৰ মৰহি যায়। শিপাৰ পৰিমাণ হ্ৰাস পায় আৰু স্বাভাৱিক বৃদ্ধি বাধাগ্ৰস্ত হয়। পাতবোৰ মেটুৰা-মেটুৰি হৈ পৰে আৰু মাহজাতীয় শস্যৰ বৃদ্ধি হ্ৰাস হয় আৰু ফল-ফুল অপৈণত অৱস্থাত সৰি পৰে।

মেগনেছিয়াম:

মেগনেছিয়াম মৌলই গছৰ পাতত পত্ৰহৰিৎ গঠনত সহায় কৰে আৰু সেয়েহে সালোক সংশ্লেষণত সহায় কৰে। তেল আৰু চৰ্বীজাতীয় পদাৰ্থ গঠনত ই অৰিহণা যোগায়। খৰাং পৰিস্থিতি আৰু ৰোগৰ আক্ৰমণৰ প্ৰতিৰোধ ক্ষমতা প্ৰদানৰ লগতে এই মৌলই মাটিৰ পৰা নাইট্ৰ’জেন আৰু ফছফৰাছ শোষণত সহায় কৰে। তৈলজাতীয় শস্যৰ বাবে এই মৌল অতিকৈ প্ৰয়োজনীয়।

মেগনেছিয়ামৰ অভাৱত গছৰ বয়স্ক পাতত হালধীয়া বৰণ ধৰাৰ লগতে সৰি পৰে। মাকৈত আন্তঃসিৰা অঞ্চলত দীঘলীয়া বগা দাগ পৰে। কপাহ খেতিত মেগনেছিয়ামৰ অভাৱ হ’লে পাতৰ বৰণ বেঙুণীয়া ৰঙা হয় যদিও সিৰাবোৰ ডাঠ সেউজীয়া হৈয়েই থাকে।

ছালফাৰ বা গন্ধক:

উদ্ভিদৰ পুষ্টিৰ বাবে প্ৰয়োজন হোৱা গুৰুমৌলসমূহৰ অন্যতম ছালফাৰ বা গন্ধকে বৃদ্ধিত সহায় কৰে আৰু পত্ৰহৰিৎ গঠনত সহায় কৰে। কাণ্ড অঞ্চলৰ বৃদ্ধিৰ লগতে পিঁয়াজ আৰু নহৰুৰ গুণাগুণত ই ভূমিকা পালন কৰে। মাহজাতীয় শস্যত টেমুনা গঠনত সহায় কৰাৰ লগতে শিপা আৰু ফল ধাৰণতো এই মৌলই অৰিহণা যোগায়।

ছালফাৰৰ অভাৱত কুমলীয়া পাতবোৰ হালধীয়া হয় আৰু কাণ্ডভাগ অস্বাভাৱিকভাৱে দীঘল আৰু কঠুৱা হয়। মাহজাতীয় শস্যত টেমুনাৰ সংখ্যা কম বাবে নাইট্ৰ’জেন সংস্থাপন হ্ৰাস হয়। ফলবোৰ পাতল সেউজীয়া বৰণৰ হয়, ডাঠ ছালৰ, কম ৰসাল আৰু আশানুৰূপ আকৃতি লাভ নকৰে। এই মৌলৰ অভাৱৰ লক্ষণ বয়স্ক পাতত সুমথিৰা বা ৰঙচুৱা বৰণৰ ভাব দেখা দিয়া পাত আৰু পাতৰ ঠাৰিবোৰ থুনুকা হৈ সৰি পৰে। ছালফাৰৰ অভাৱত শস্যই কম প্ৰ’টিন আৰু তেল উৎপাদন কৰে। এই মৌলৰ অভাৱৰ লক্ষণ কুমলীয়া পাতত প্ৰথমে দেখা দিয়ে আৰু নাইট্ৰ’জেন প্ৰয়োগৰ পাছতো ই থাকি যায়।

মেংগানিজ:

মেংগানিজ পত্ৰহৰিতৰ এক অবিচ্ছেদ্য অংগ। অৰ্থাৎ মেংগানিজে উদ্ভিদৰ সালোক সংশ্লেষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই উদ্ভিদৰ ভিতৰত বহু বিক্ৰিয়াত অনুঘটক হিচাপে ক্ৰিয়া কৰে। প্ৰ’টিন সংশ্লেষণত ই সহায় কৰাৰ লগতে উদ্ভিদত আন মৌলবোৰৰ শোষণ আৰু চলাচলৰ ওপৰত প্ৰভাৱ পেলায়।

এই মৌলৰ অভাৱৰ লক্ষণ নতুনকৈ ওলোৱা পাতত বেছি প্ৰত্যক্ষ হয়। পাতৰ আন্তঃসিৰা অঞ্চলবোৰ মুগাৰ পৰা মটীয়া বৰণৰ হয়। ইয়াৰ অভাৱত সালোক সংশ্লেষণ প্ৰক্ৰিয়া বিঘ্নিত হয় আৰু ফলত গছৰ বৃদ্ধি তথা বিকাশ বন্ধ হয়। টেঙাজাতীয় ফলত কোমল অপৈণত পাতত পাতল হালধীয়া বা হালধীয়া বৰণৰ দাগ আন্তঃসিৰা অঞ্চলত দেখা দিয়ে। পাছলৈয়ো এনে দাগ থাকি যায়। সাধাৰণতে এই মৌলৰ অভাৱ ক্ষাৰযুক্ত মাটিত বেছি পৰিলক্ষিত হয়। অতিমাত্ৰা ফছফৰাছ প্ৰয়োগৰ ফলতো এনে অভাৱ দেখা দিব পাৰে।

দস্তা বা জিংক:

মেংগানিজৰ দৰে জিংক মৌলয়ো পত্ৰহৰিৎ গঠনত সহায় কৰে। উদ্ভিদৰ হৰম’ন গঠনত ই ভূমিকা গ্ৰহণ কৰাৰ লগতে সালোক সংশ্লেষণ আৰু নাইট্ৰ’জেনৰ বিপাকীয় ক্ৰিয়া-বিক্ৰিয়াত সংশ্লেষণত সহায় কৰে। তেল আৰু চৰ্বীজাতীয় পদাৰ্থ গঠনত ই অৰিহণা যোগায়। খৰাং পৰিস্থিতি আৰু ৰোগৰ আক্ৰমণৰ প্ৰতিৰোধ ক্ষমতা প্ৰদানৰ লগতে এই মৌলই মাটিৰ পৰা নাইট্ৰ’জেন আৰু ফছফৰাছ শোষণত সহায় কৰে। তৈলজাতীয় শস্যৰ বাবে এই মৌল অতিকৈ প্ৰয়োজনীয়।

মেগনেছিয়ামৰ অভাৱত গছৰ বয়স্ক পাতত হালধীয়া বৰণ ধৰাৰ লগতে সৰি পৰে। মাকৈত আন্তঃসিৰা অঞ্চলত দীঘলীয়া বগা দাগ পৰে। কপাহ খেতিত মেগনেছিয়ামৰ অভাৱ হ’লে পাতৰ বৰণ বেঙুণীয়া ৰঙা হয় যদিও সিৰাবোৰ ডাঠ সেউজীয়া হৈয়েই থাকে।

ছালফাৰ বা গন্ধক:

উদ্ভিদৰ পুষ্টিৰ বাবে প্ৰয়োজন হোৱা গুৰুমৌলসমূহৰ অন্যতম ছালফাৰ বা গন্ধকে বৃদ্ধিত সহায় কৰে আৰু পত্ৰহৰিৎ গঠনত সহায় কৰে। কাণ্ড অঞ্চলৰ বৃদ্ধিৰ লগতে পিঁয়াজ আৰু নহৰুৰ গুণাগুণত ই ভূমিকা পালন কৰে। মাহজাতীয় শস্যত টেমুনা গঠনত সহায় কৰাৰ লগতে শিপা আৰু ফল ধাৰণতো এই মৌলই অৰিহণা যোগায়।

ছালফাৰৰ অভাৱত কুমলীয়া পতবোৰ হালধীয়া হয় আৰু কাণ্ডভাগ অস্বাভাৱিকভাৱে দীঘল আৰু কঠুৱা হয়। মাহজাতীয় শস্যত টেমুনাৰ সংখ্যা কমে বাবে নাইট্ৰ’জেন সংস্থাপন হ্ৰাস হয়। ফলবোৰ পাতল সেউজীয়া বৰণৰ হয়। ফলবোৰ পাতল সেউজীয়া বৰণৰ হয়, ডাঠ ছালৰ, কম ৰসাল আৰু আশানুৰূপ আকৃতি লাভ নকৰে। এই মৌলৰ অভাৱৰ লক্ষণ বয়স্ক পাতত সুমথিৰা বা ৰঙচুৱা বৰণৰ ভাব দেখা দিয়া আৰু পাতৰ ঠাৰিবোৰ থুনুকা হৈ সৰি পৰে। ছালফাৰৰ অভাৱত শস্যই কম প্ৰ’টিন আৰু তেল উৎপাদন কৰে। এই মৌলৰ অভাৱত লক্ষন কুমলীয়া পাতত প্ৰথমে দেখা দিয়ে আৰু নাইট্ৰ’জেন প্ৰয়োগৰ পাছতো ই থাকি যায়।

মেংগানিজ:

মেংগানিজ পত্ৰহৰিতৰ এক অবিচ্ছেদ্য অংগ। অৰ্থাৎ মেংগানিজে উদ্ভিদৰ সালোক সংশ্লেষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই উদ্ভিদৰ ভিতৰত বহু বিক্ৰিয়াত অনুঘটক হিচাপে ক্ৰিয়া কৰে। প্ৰ’টিন সংশ্লেষণত ই সহায় কৰাৰ লগতে উদ্ভিদত আন মৌলবোৰৰ শোষণ আৰু চলাচলৰ ওপৰত প্ৰভাৱ পেলায়।

এই মৌলৰ অভাৱত লক্ষণ নতুনকৈ ওলোৱা পাতত বেছি প্ৰত্যক্ষ হয়। পাতৰ আন্তঃসিৰা অঞ্চলবোৰ মুগাৰ পৰা মটীয়া বৰণৰ হয়। ইয়াৰ অভাৱত সালোক সংশ্লেষণ প্ৰক্ৰিয়া বিঘ্নিত হয় আৰু ফলত গছৰ বৃদ্ধি তথা বিকাশ বন্ধ হয়। টেঙাজাতীয় ফলত কোমল অপৈণত পাতত পাতল হালধীয়া বা হালধীয়া বৰণৰ দাগ আন্তঃসিৰা অঞ্চলত দেখা দিয়ে। পাছলৈয়ো এনে দাগ থাকি যায়। সাধাৰণতে এই মৌলৰ অভাৱ ক্ষাৰযুক্ত মাটিত বেছি পৰিলক্ষিত হয়। অতিমাত্ৰা ফছফৰাছ প্ৰয়োগৰ ফলতো এনে অভাৱ দেখা দিব পাৰে।

দস্তা বা জিংক:

মেংগানিজৰ দৰে জিংক মৌলয়ো পত্ৰহৰিৎ গঠনত সহায় কৰে। উদ্ভিদৰ হৰম’ন গঠনত ই ভূমিকা গ্ৰহণ কৰাৰ লগতে সালোক সংশ্লেষণ আৰু নাইট্ৰ’জেনৰ বিপাকীয় ক্ৰিয়া-বিক্ৰিয়াত অংশগ্ৰহণ কৰে। উদ্ভিদৰ বৃদ্ধি আৰু ফল ধাৰণতো ই এক ভূমিকা লয়।

দস্তা বয়স্ক পাতৰ পৰা কুমলীয়া পাতলৈ সহপজে চলাচল নকৰে। অভাৱৰ লক্ষণসমূহ উদ্ভিদৰ ওপৰৰ পৰা দ্বিতীয় আৰু তৃতীয় পাতখিলাত দেখা যায়। পাতবিলাকৰ সিৰাৰ মাজত অংশবিলাক পাতল সেউজীয়া, হালধীয়া বা বগা বৰণ ধৰে। এই অঞ্চলবোৰ পাছলৈ সৰি যায়। গাঁঠিবোৰ চুটি চুটি হৈ পৰে, গছবোৰ চাপৰ হয় আৰু পাতবোৰ সোনকালে সৰি পৰে। ফলবোৰ বিসংগতিপূৰ্ণ হয়। টেঙাৰ ক্ষেত্ৰত, সম্পূৰ্ণ পূৰঠ পাতত আন্তঃসিৰা অঞ্চল বৰণহীন হয়। নতুন আৰু কুমলীয়া পাতবোৰ ঠেক আৰু সৰু হয়। আম, কাজুবাদাম আৰু লিচুতো এই অনুৰূপ লক্ষণেই দেখা যায়। পাতবোৰ থোপা মাৰি থাকে। গছ আগৰ পৰা মৰি আহে।

লো বা আইৰণ:

লো পাতৰ সেউজীয়া অংশৰ এক অপৰিহাৰ্য পদাৰ্থ। ই পত্ৰহৰিত্ৰ গঠনত উল্লেখনীয় ভূমিকা পালন কৰে। সালোক সংশ্লেষণ প্ৰক্ৰিয়ত অংশগ্ৰহণকাৰী যৌগ ফেৰিডক্সিন আৰু ছাইটক্ৰমৰ ই মূল উপাদান। সাধাৰণতে মৌলেনা বা আলতীয়া মাটিতকৈ বালিচহীয়া মাটিত এই মৌলৰ অভাৱ বেছিকৈ পৰিলক্ষিত হয়। পাতবোৰ সেউজীয়া বৰণ হ্ৰাস পাই শেষত শেঁতা বা বগা বৰণ পৰ্যন্ত হ’ব পাৰে। বেছিভাগ ক্ষেত্ৰত পাতৰ জোঙা আগ আৰু দাঁতিৰ সেউজীয়া ৰং বৰ্তি থাকে আৰু মাজৰ অংশৰ সেউজীয়া বৰণ লোপ পায়। অসমৰ দৰে ঠাইত, অসমৰ দৰে ঠাইত, য’ত আম্লিক মাটিৰ প্ৰাধান্য বেছি, লোৰ অভাৱ বৰকৈ পৰিলক্ষিত নহয়।

কপাৰ বা তাম:

তাম পত্ৰহৰিতৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু সেয়েহে পত্ৰহৰিৎ ই সহায় কৰে। ই ভিটামিন ‘এ’ উৎপাদনতো সহায় কৰে। গছৰ শ্বাস-প্ৰশ্বাসত সহায় কৰাৰ লগতে লোৰ ব্যৱহাৰতো ই অংশগ্ৰহণ কৰে। গছৰ ভিতৰত ইয়াৰ চলাচল সীমিত বাবে ইয়াৰ অভাৱৰ লক্ষণ কুমলীয়া পাতত দেখা যায়।

কপাৰৰ অভাৱত গছৰ পাতবোৰ শেঁতা হৈ শুকাই মৰহি যায় আৰু কুমলীয়া পাতবোৰ ভাঙি যোৱা দেখা যায়। সালোক সংশ্লেষণ প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয়। গাঁঠি অঞ্চলত বহু কলিৰ সৃষ্টি হোৱা দেখা যায়। পাতবোৰ মেটুৰামেটুৰি আৰু বিসংগতিপূৰ্ণ হয়। টেঙা গছত কুমলীয়া আগবোৰ মৰি যোৱাৰ লগতে ফলবোৰ ফাটি যাব পাৰে। কম pH ৰ মাটিত বা আম্লিক মাটিত এই মৌলৰ অভাৱ বৰকৈ পৰিলক্ষিত হয়।

বৰণ:

উদ্ভিদৰ বিপাকীয় ক্ৰিয়া, যেন- কাৰ্বহাইড্ৰেটৰ পৰিবহণ, ফেনলৰ বিপাক বৃদ্ধি নিয়ন্ত্ৰক পদাৰ্থ সক্ৰিয়কৰণ আদিত ই অংশগ্ৰহণ কৰে। গছৰ ভিতৰত পটাছ আৰু কেলচিয়ামৰ অনুপাত নিয়ন্ত্ৰণ কৰে। গছৰ কেলচিয়াম শোষণত বিশেষ অৰিহণা যোগায়। লিগনিন আৰু প্ৰ’টিন গঠনত ই সহায় কৰে।

বৰণৰ অভাৱ হোৱাৰ মূল কাৰণসমূহ হৈছে -

ক)মাটিৰ অম্লতা বেছি হ’লে,

খ)বৰষুণৰ পানীয়ে মৌলবিলাক ধুই নিয়াৰ ফলত,

গ)মাটি বালিচহীয়া হ’লে আৰু পচনসাৰৰ অভাৱ হ’লে,

ঘ)একেডৰা মাটিত একেবিধ শস্যৰ খেতি কৰিলে,

ঙ)প্ৰয়োগৰ সময়ত বিভিন্ন সাৰৰ অনুপাত ৰক্ষা নকৰিলে।

বৰনৰ অভাৱত গছৰ পাতে অস্বাভাৱিক বৰণ ধৰে। পাতৰ ঠাৰিৰ পৰা আগলৈ ৰং হেৰুৱাই পেলায়। পুলিৰ মৃত্যু হ’ব পাৰে। ফল-ফুল বিসংগতিযুক্ত হয়। কিছুক্ষেত্ৰত অস্বাভাৱিক ডালৰ বিকাশ হয় আৰু কুমলীয়া অংশ মৰহি যায়। টেঙাগছত ফলবোৰ কঠিন হৈ পৰে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ তামোল-নাৰিকলৰ বাৰীত এই মৌলৰ বাৰুকৈয়ে অভাৱ পৰিলক্ষিত হোৱা দেখা যায়। এই মৌলৰ অভাৱৰ বাবে নাৰিকলৰ পাত হালধীয়া পৰা, আগ পচা, অপৈণত অৱস্থাত ফল সৰা, নাৰিকল ফটা আৰু ফোঁপোলা নাৰিকল আদি লক্ষণ দেখা দিব পাৰে। তামোল গছতো অপৈণত ফল সৰা, ফলৰ আগ ক’লা পৰা, ফটা তামোল, ধনা তামোল, গোধা তামোল আদি লক্ষণ দেখা পোৱা যায়। সৰিয়হত বীজৰ পৰিমাণ আৰু বীজত তেলৰ পৰিমাণ হ্ৰাস হয়। ফুলকবিত বৰণৰ অভাৱত বিশেষ ধৰণৰ লক্ষণে দেখা দিয়ে। ঠাৰিডাল ফোঁপোলা হৈ উঠে, ফুলৰ ওপৰৰ অংশ মুগা বৰণৰ হয় আৰু তলৰফালে ক’লা ৰং ধৰে। ফলত ফুলকবিবোৰ খোৱাৰ অনুপযোগী হৈ পৰে আৰু বজাৰত চাহিদা কম হয়। বন্ধাকবি শস্যত বৰণৰ অভাৱ হ’লে কবিৰ পাতবোৰ বান্ধ নাখায়, পাতবোৰ মেল খাই জোপোহা আকৃতিৰ হয়।

মলিবডেনাম:

মলিবডেনাম মৌলই গছত জৈৱিক নাইট্ৰ’জেন ধৰি ৰখাত সহায় কৰে। প্ৰ’টিন গঠনত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মাটিৰ পৰা লো শোষণ আৰু গছৰ ভিতৰত ইয়াৰ চলাচলত সহায় কৰে। বহুতো উৎসেচকৰ কাৰ্যদক্ষতাও এই মৌলই নিৰূপণ কৰে।

মলিবডেনামৰ অভাৱত গছৰ বৃদ্ধি ব্যাহত হয়, কাণ্ড বিকৃত হয় আৰু পাতৰ কাষ মুগা বৰণৰ হয়। ইয়াৰ অভাৱৰ লক্ষণ প্ৰথমতে মাজৰ আৰু ব্যস্ক পাতত দেখা দিয়ে। পাতবোৰ হালধীয়া পৰি যায় আৰু পাতৰ কাষবোৰ ভিতৰলৈ মেৰ খাই আহে।

পাতৰ আকাৰ হ্ৰাস পায় আৰু ঘূৰণীয়া দাগযুক্ত হয়। টেঙাগছৰ পাতত ঘূৰণীয়া দাগ পৰে। ফুলকবি, ব্ৰুকলী, সৰিয়হ আদি শস্যত আৰু বিশেষকৈ ফুলকবিত এক বিশেষ ধৰণৰ লক্ষণ পৰিলক্ষিত হয়। পাতৰ মাজৰ ঠাইবোৰ শেঁতা সেউজীয়া আৰু নিশকতীয়া হয়। অতি বেছি অভাৱ হ’লে পত্ৰফলকৰ বৃদ্ধি বাধাগ্ৰস্ত হয় আৰু পাতৰ মাজৰ মধ্যসিৰাডালহে বৰ্তী থাকে। সেয়েহে এই লক্ষণটোক চাবুকৰ দৰে নেজ বা whiptail বোলা হয়।

ক্ল’ৰিণ বা ক্ল’ৰাইড:

শস্যত ক্ল’ৰিণ বা ক্ল’ৰাইডৰ প্ৰধান কাম হৈছে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ লগত জড়িত এনজাইম বা উৎসেচকক সক্ৰিয় কৰা। ইয়াৰ অভাৱত গছৰ পাত পকি যায়, শিপাবোৰ শকত হোৱাৰ উপৰি কম শাখা ওলায়। কুমলীয়া পাতত মুগা পৰা বা বৰণ হেৰোৱা লক্ষণ দেখা পোৱা  যায়। কিন্তু মাটিত ইয়াৰ অভাৱত লক্ষণ কমকৈ পোৱা যায় বাবে ইয়াক অভাৱ পূৰণ কৰাত বৰ গুৰুত্ব দিয়া নহয়।

লেখক: ৰূপজ্যোতি বড়া

উৎস: আধুনিক কৃষিকথা(কৃষি বাণিজ্যিকীকৰণ আৰু উদ্যোগমুখিতা)

 

শেহতীয়া উন্নীতকৰণ: : 5/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate