অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মৌপালন :

মৌপালনৰ বিষয়ে লিখা হৈছে ।

মৌমাখি- এক অনন্য জীৱ -

মৌমাখি হ’ল উচ্চ সভ্যতাপ্ৰাপ্ত এবিধ অনন্য জীৱ। এই জীৱবিধ পতংগ জাতিত পৰে। পৃথিৱীত প্ৰায় ২০,০০০ প্ৰজাতিৰ মৌমাখি পোৱা যায় যদিও মাত্ৰ তিনিটা গণেহে মৌজাল সংগ্ৰহ কৰি সঞ্চয় কৰে। এই তিনিটা গণ হ’ল ক্ৰমে এপিছ(Apis), বমবাছ(Bombus) আৰু মেলিপ’না(Melipona)। ইয়াৰে পথম গণৰ ভিতৰত প্ৰধানকৈ চাৰিটা প্ৰজাতিয়ে, যেনে- পশ্চিমীয়া মৌমাখি Apis mellifera, ভাৰতীয় মৌমাখি Apis cerana, বৰমৌ Apis dorsata আৰু পুনপুনি মৌমাখি Apis florae ই মৌজাল উৎপাদন কৰে। ব্যৱসায়িকভাৱে ভাৰতীয় সঁচ আৰু পশ্চিমীয়া সঁচৰ মৌপালন কৰি লাভৱান হ’ব পাৰি।

বৰমৌ:

এইবিধ মৌমাখি আকাৰত আটাইতকৈ ডাঙৰ। সাধাৰণতে শিলৰ গাত, ডাঙৰ গছৰ ডালত, অট্টালিকাৰ দেৱালয়ত মুকলিভাৱে বাহ লয়। ইহঁতৰ চাকৰ আকাৰ প্ৰায় ১ ১/২ মিটাৰ দীঘল আৰু আধামিটাৰ বহল হয়। ভাৰতৰ সকলো ঠাইতে এই প্ৰজাতিৰ মৌমাখি পোৱা যায়। মৌচাকৰ মাজত মৌ জমা কৰা এটা ৰহঘৰা থাকে। একেৰাহে মৌমাখিৰ পৰা এবছৰত প্ৰায় ৫০ কেজি পৰ্যন্ত মৌজাল পাব পাৰি। বনৰীয়া প্ৰকৃতিৰ বাবে এই প্ৰজাতিক পোহ মনাব পৰা হোৱা নাই।

পুনপুনি মৌমাখি:

এই প্ৰজাতিৰ মৌমাখিবোৰ আটাইতকৈ সৰু আকাৰৰ। নদীৰ পাৰৰ ঝাওবন, বাঁহৰ পাত, সৰু জোপোহা আদিত মুকলিকৈ মাত্ৰ এখন চাক সাজে। চাকৰ আকাৰ দীঘলে ৯-১২ ইঞ্চি আৰু বহলে ৫-৬ ইঞ্চি হয়। মাত্ৰ এখনেই চাক হোৱা বাবে অলপমানহে মৌজাল পাব পাৰি। এইবিধ মৌমাখিও বনৰীয়া স্বভাৱৰ আৰু সঘনাই এঠাইৰ পৰা আন ঠাইলৈ গতি কৰে। পাকৈত মৌপালকে জালৰ ব্যৱস্থা কৰি এইজাত মৌমাখি কিছুদিনৰ বাবে আৱদ্ধ কৰি ৰখা দেখা যায়।

খোৰোংগীয়া বা ভাৰতীয় প্ৰজাতিৰ মৌমাখি:

এইবিধ মৌমাখিৰ মধ্যম আকাৰৰ। গছৰ ধোন্দ, মাটিৰ গাঁত, দেৱালৰ ফাঁট, মাটিৰ কলহ, আলমিৰাৰ চুক আদিত ইহঁতে সমান্তৰালকৈ কেইবাখনো চাক সাজে। চাকৰ আকাৰ প্ৰায় ১২-১৪ ইঞ্চি দীঘল আৰু ৮-১০ ইঞ্চি বহল হয়। একোবাহ মৌমাখিৰ পৰা এবাৰত প্ৰায় ৩-৪ কেজি মৌজাল পাব পাৰি। আধুনিক পদ্ধতিৰে এই প্ৰজাতিৰ মৌমাখি ফ্ৰেমযুক্ত মৌবাকচত পুহিব পাৰি।

পশ্চিমীয়া প্ৰজাতিৰ মৌমাখি:

এই প্ৰজাতিৰ মৌমাখি খোৰোংগীয়া প্ৰজাতিৰ মৌমাখিতকৈ ডাঙৰ আকৰৰ। মৌমাখিৰ চাকৰ আকাৰো ডাঙৰ। ভাৰতীয় প্ৰজাতিৰ মৌমাখিতকৈ প্ৰায় দুগুণ আকাৰৰ। ভাৰতবৰ্ষত এই প্ৰজাতিৰ মৌমাখিবিধ ষাঠিৰ দশকত আমদানি কৰা হৈছে। এইবিধ মৌমাখি ডাঙৰ আকাৰৰ হোৱা বাবে মৌজোলৰ উৎপাদনো বেছি। একোবাহ মৌমাখিৰ পৰা এবাৰত প্ৰায় ৬-১০ কেজি মৌজাল পাব পাৰি। ব্যৱসায়িকভিত্তিত এই প্ৰজাতিৰ মৌপালন কৰি অধিক লাভৱান হ’ব পাৰি।

মৌমাখিৰ তিনিটা জাত থাকে- ৰাণী মৌ, কৰ্মী মৌ আৰু মতা মৌ। ৰাণীজনী হ’ল মৌজাকৰ সৰ্বেসৰ্বা মাতৃ। ৰাণী কৰ্মঠ অৱস্থাত মৌচাকৰ কুঠৰীত অহৰ্নিশে কণী পাৰি থাকে। ৰাণীজনীৰ কণী পৰা শক্তি হ্ৰাস পালে কৰ্মী মৌবোৰক মতা মৌমাখিৰ কুঠৰী সাজিবলৈ নিৰ্দেশ দিয়ে। মতা মৌৰ কুঠৰী কৰ্মী মৌৰ কুঠৰীতকৈ অলপ ওখ হয়। মতা মৌ জন্ম হোৱাৰ লগে লগে নতুন ৰাণী জন্মাবৰ বাবে ৰাণী কোষ সাজিবলৈ কৰ্মী মৌবোৰক ৰাণীয়ে আহ্বান জনায়। ৰাণী কোষত ৰাণীয়ে নিষিক্ত কণীৰ দ্বাৰা নতুন ৰাণী জন্মায়। নতুন ৰাণী জন্মি মতা মৌৰ লগত উৰণ সংগমত লিপ্ত হৈ পুনৰ মৌবাহলৈ ঘূৰি আহিলে পুৰণা অকৰ্মঠ ৰাণীজনীয়ে মৌবাহৰ পৰা ওলাই আহি সন্ন্যাস ব্ৰত পালন কৰে। অৱশ্যে ৰাণীৰ লগত কিছুসংখ্যক কৰ্মী মৌও তাৎক্ষণিক শুশ্ৰূষাৰ বাবে উৰি যায়।

সাধাৰণতে ৰাণীজনী ২-৩ বছৰলৈকে কৰ্মঠ হৈ থাকে। কেতিয়াবা মৌজাকৰ পয়োভৰ হ’লেও ৰাণীয়ে নিজৰ বংশবৃদ্ধি কৰিবলৈকে কৰ্মী মৌবোৰক মতা মৌ আৰু ৰাণীকোষ সাজিবলৈকে নিৰ্দেশ দিয়ে। এনে অৱস্থাত একোবাহ মৌমাখিৰ পৰা ২-৩ টা মৌৰ জাক পাব পাৰি।

মৌজাকত ৰাণীৰ প্ৰয়োজন হ’লে মতা মৌ জন্মাবলৈ মতা মৌৰ কুঠৰী সাজে। এই কুঠৰীবোৰৰ পৰা মতা মৌ ওলাই আহিলে কৰ্মী মৌবোৰে পুনৰ আন কৰ্মী মৌৰ কুঠৰীলৈ পৰিৱৰ্তন কৰি লয়। ৰাণীৰ লগত উৰণ সংগমত লিপ্ত হোৱাৰ বাহিৰে মতা মৌবোৰৰ অন্য কাম নাই। সিহঁতে বাকীছোৱা কাম কৰ্মী মৌবোৰে সংগ্ৰহ কৰা ৰস আৰু ৰেণু খাই জীৱননিৰ্বাহ কৰি বাৰ্ধক্যত মৃত্যুমুখত পৰে। কেতিয়াবা আকৌ কৰ্মী মৌবোৰে বাহৰ পৰা খেদি বাহিৰলৈ উলিয়াই পঠিয়াব। তেতিয়া সিহঁতে নেখা-নবৈ মৃত্যুবৰণ কৰে। মতা মৌবোৰ সাধাৰণতে ৫০-৭০ দিন পৰ্যন্ত জীয়াই থাকে।

কৰ্মযোগ অনুসৰি কৰ্মী মৌবোৰক চাৰিটা ভাগত ভাগ কৰিব পাৰি -

১)ধাত্ৰী মৌমাখি(জন্মৰ পৰা ৭ দিনলৈ):

এই মৌমাখিবোৰ মৌবাকচৰ ভিতৰৰ কামসমূহ, যেনে- ৰাণীৰ বাবে মধু অৱলেহ তৈয়াৰ কৰা, পোৱালিবোৰক খাদ্য খুওৱা, মম প্ৰস্তুত কৰা, চাক সজা, মৌবাহৰ ভিতৰভাগ পৰিষ্কাৰ কৰি ৰখা, যথোচিত বতাহৰ চলাচল কৰোৱা আদি।

২)প্ৰতিৰক্ষক মৌমাখি(২ সপ্তাহৰ পৰ ৩ সপ্তাহ বয়সৰ):

ইহঁতে মৌবাহটো বহিঃশত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ দায়িত্বত থাকে।

৩)খাদ্য সন্ধানকাৰী মৌমাখি(৩ সপ্তাহৰ পৰা ৪ সপ্তাহ বয়সৰ):

এই মৌমাখিবোৰে খাদ্যৰ সন্ধানত(ফুলৰ ৰস আৰু ৰেণু) মৌবাহৰ চাৰিওফালে প্ৰায় ১ কি.মি. ব্যাসাৰ্ধত বিচৰণ কৰে আৰু উপযুক্ত খাদ্যৰ সন্ধান আনি মৌবাহৰ পূৰ্ণাংগ বয়সপ্ৰাপ্ত মৌমাখিবোৰক জনায়।

৪)সংগ্ৰহকাৰী মৌমাখি(৪ সপ্তাহৰ ওপৰ বয়সৰ):

এই মৌমাখিবোৰে খাদ্যৰ সন্ধান পোৱাৰ লগে লগে মৌবাহৰ পৰা উৰা মাৰি ৰস আৰু ৰেণু সংগ্ৰহত ব্যস্ত হৈ পৰে।

খাদ্যৰ সন্ধানকাৰী মৌমাখি যেতিয়া কোনো ৰস আৰু ৰেণুৰ সন্ধান পায়, তেতিয়া ইহঁতে মৃত্যুৰ দ্বাৰাই সংগ্ৰহকাৰী মৌমাখিবোৰক জনায়। ইহঁতে দুইপ্ৰকাৰৰ নৃত্য কৰে- ঘূৰণীয়া নৃত্য আৰু খঞ্জন নৃত্য। ঘূৰণীয়া নৃত্যৰে প্ৰায় ৩০০ মিটাৰ দূৰত্বৰ ভিতৰত থকা ৰস আৰু ৰেণুৰ কথা সূচায়। আনহাতে খঞ্জন নৃত্যৰে বেছি দূৰত্নৰ ফুলৰ ৰস আৰু ৰেণুৰ দূৰত্বৰ লগতে দিশো সূচায়।

ৰাণীয়ে কুঠৰীত পৰা কণীবোৰ ৩-৪ দিনত ফুটি পলু হয়। পলুবোৰক কুঠৰীতে কম বয়সৰ মৌমাখিবোৰে খাদ্যৰ যোগান ধৰি ৫-৯ দিনৰ ভিতৰত ডাঙৰ-দীঘল কৰে। এই পৈণত পলুবোৰ কুঠৰীত ১০-১২ দিন লেটা হৈ থাকি পূৰ্নাংগ অৱস্থা পায়। পূৰ্ণাংগ মৌমাখিয়ে লেটা হৈ থকা কুঠৰীৰ বন্ধ কুঠৰী খুলি কুঠৰীৰ পৰা ওলাই আহি নিজৰ কৰ্মত ব্যস্ত হৈ পৰে।

আকাৰত ৰাণী মৌজনী শকত, পেটটো বেছি দীঘলীয়া আৰু ঈষৎ হালধীয়া বৰণৰ। কৰ্মী মৌবোৰ ৰাণী মৌজনীতকৈ সৰু আকাৰৰ, পেটটো দীঘলীয়া নহয় আৰু ক্ষীণ আৰু মুগা বৰণৰ হয়। মাজে মাজে ক’লা আঁচ থাকে। মতা মৌবোৰ কৰ্মী মৌমাখিতকৈ শকত আৰু পেটটো ক’লা থোপোকা হয়। মূৰৰ ওপৰভাগত বহুতো নোম থাকে।

মৌমাখিৰ মূৰত দুটা পুঞ্জাক্ষী(Compound eye) থাকে আৰু তিনিটা সৰল চকু থুপ হৈ কপালতে থাকে। শুঁৰৰ দৰে এযোৰ স্পৰ্শ ইন্দ্ৰিয় থাকে(এন্তেনা) আৰু ৰস শুহিব পৰা এখন জিভা আছে। মুখত দাঁত আৰু ওঁঠ থাকে। মূৰৰ পিছতে বক্ষস্থলত বুলিবলৈ তিনিখন ঠেং আৰু উৰিবলৈ দুখন পাখি থাকে। পিছত ঠেংখনত(কৰ্মী মৌমাখিৰ) ফুলৰ ৰেণু সংগ্ৰহ কৰিবলৈ ৰেণুমোনা এখন থাকে। মৌমাখিয়ে উৰোঁতে পাখি ইমান সঘনাই উঠা-নমা কৰে বা কোবাই(২৫০০ বাৰ/ছেকেণ্ডত) যে তাৰ পৰাই মৌমাখিৰ গুণ গুণ শব্দৰ সৃষ্টি হয়। বক্ষৰ পিছৰ অংশটোক মৌমাখিৰ পেট বুলি কোৱা হয় আৰু এই অংশটোতে মৌমাখিৰ বিভিন্ন অংশ, যেনে- পাচনতন্ত্ৰ, মৌজোলোঙা, মমগ্ৰন্থি, ৰেচনতন্ত্ৰ, বিষগ্ৰন্থি, জননতন্ত্ৰ, হুল আদি থাকে। মৌমাখিয়ে ফুলে ফুলে ৰস আৰু ৰেণু সংগ্ৰহ কৰি তাক পাচনক্ৰিয়াৰ দ্বাৰা পাচন কৰি মৌজোলোঙাত জমা কৰে। পাছত মৌচাকৰ কুঠৰী উগাৰি মৌজাল হিচাপে জমা কৰে। আমি যি মৌজোলৰ কথা ভাবোঁ, সেয়া মৌমাখিৰ ভৱিষ্যতৰ বাবে কুঠৰীফত সঞ্চিত মৌজোলহে। মৌমাখিয়ে মৌচাক সাজিবলৈ পেটত থকা মমগ্ৰন্থিৰ পৰা মম নিৰ্গত কৰে। মৌমাখিৰ মুখত থকা মেণ্ডিবুলাৰ নামৰ গ্ৰন্থিটোৰ পৰা মধু অৱহেলা নিৰ্গত কৰি ৰাণী আৰু কম বয়সীয়া পলুবোৰক খুৱায়। মৌমাখিৰ পেটৰ শেষ অংশত এডাল হুল থাকে আৰু ইয়াক লগতে বিষগ্ৰন্থিটো সংলগ্ন হৈ থাকে। কোনো শত্ৰুৱে মৌবাহক আক্ৰমণ কৰিলে ইহঁতে এই হুলডাল আক্ৰমণকাৰীৰ গাত সুমুৱাই দি বিষগ্ৰন্থিৰ পৰা বিষ ঢালি দিয়ে। এই হুলডাল মৌমাখিৰ খাদ্যনলীৰ লগত সংলগ্ন হৈ থাকে। গতিকে হুলডাল মৌমাখিৰ গাৰ পৰা ছিগি আহিলে, মৌমাখিজনীৰ মৃত্যু হয়। সেইকাৰণে মৌমাখিৰ প্ৰতিৰক্ষাৰ দায়িত্বত থকাসকলক আত্মঘাতী সৈনিক বুলি কোৱা হয়। মৌমাখিয়ে বিপদৰ সময়ৰ দেহৰ পৰা গোন্ধযুক্ত ৰাসায়নিক দ্ৰব্য নিৰ্গত কৰি সকলো সৈনিক মৌমাখিকে তুৰন্তে জনাই দিয়ে আৰু সকলোৱে আহি আগন্তুকক আক্ৰমণ কৰে।

মৌপালনৰ প্ৰাসংগিকতা -

মৌপালন বুলিলে আমি সাধাৰণতে মৌজোল আহৰণৰ কথাকে বুজোঁ। কাৰণ অতীজৰে পৰা আমাৰ সমাজত মৌজোলৰ এটা বিশেষ সমাদৰ আছে। হিন্দু ধৰ্মত বিশ্বাসী লোকৰ বাবে মৌজোল হ’ল পঞ্চামৃতৰ এবিধ উপাদান- বেদত উল্লেখ এনেদৰে আছে যে পঞ্চামৃত হ’ল- দধি, দুগ্ধ, ঘৃত, মধু আৰু শৰ্কৰা। কিন্তু অতি তাকৰীয়া লোকেহে এইটো জানিব পাৰিছে যে মৌমাখিয়ে ৰস আৰু ৰেণু সংগ্ৰহৰ বাবে উদ্ভিদৰ ফুলে ফুলে ভ্ৰমি ফুৰি পৰ-পৰাগযোগী শস্যবোৰৰ( যেনে- সৰিয়হ, বেলিফুল, স্যাফলা, পিঁয়াজ, তিয়ঁহ, ধেমচি, কবিজাতীয়, মূলা, গাজৰ, কপাহ, বিভিন্ন প্ৰকাৰৰ ঘাঁহজাতীয় শস্য আদি) আৰু ফল-মূলৰ(যেনে- আপেল, আঙুৰ, নাচপতি, থেকেৰা, পনিয়ল, জাম, লিচু, আম, কঁঠাল, লেটেকু, শিলিখা, বগৰী আদি) বিভিন্ন গছ-গছনিৰ(যেনে- শাল, চেগুন, পলাশ, নাহৰ, চতিয়না, একাচিয়া, গোল মোহৰ আদি) পৰাগযোগ ঘটাই ফল অৰু বীজ উৎপাদনত সহায় কৰে। এই পৰ-পৰাগযোগী উদ্ভিদবোৰে পৰাগযোগৰ বাবে প্ৰধানকৈ কীট—পতংগৰ ওপৰতেই নিৰ্ভৰ কৰে। গৱেষণাৰ পৰা দেখা গৈছে যে প্ৰায় আশী শতাংশ পৰ-পৰাগযোগ কীট-পতংগৰ দ্বাৰা সংঘটিত হয়। ইয়াৰে সৰহভাগ(প্ৰায় ৮০%) মৌমাখিৰ দ্বাৰাই হয়। পৰ-পৰাগযোগী কাৰক হিচাপে মৌমাখি উত্তম। মৌমাখিয়ে পৰাগৰেণুবোৰ তাৰ ভৰিত থকা পৰাগমোনাত সংগ্ৰহ কৰে আৰু ইয়াৰ গাত যথেষ্ট নোম থকা বাবে এইবোৰত লাগিও ৰেণুবোৰ ইঠাইৰ পৰা সিঠাইলৈ স্থানান্তৰিত হৈ পৰাগ সংযোগ ঘটায়। মৌমাখিয়ে এনেদৰে এটোপাল ৰসৰ বাবে হেজাৰ হেজাৰ ফুল পৰিভ্ৰমণ কৰে। এই ৰস আৰু ৰেণু সংগ্ৰহ কৰোঁতে মৌমাখিয়ে সাধাৰণতে এবাৰত একে জাতীয় শস্য বা উদ্ভিদৰ ফুলতহে বিচৰণ কৰে।

বৈজ্ঞানিক কৃষি পদ্ধতি প্ৰচলিত হোৱাৰ আগতে মানুহে তাকৰীয়াকৈ বিভিন্ন প্ৰকাৰৰ শস্যৰ খেতি কৰিছিল আৰু মাজে মাজে কিছুমান মাটিত খেতি নকৰি চন পেলাই ৰাখিছিল। ইয়াৰ উপৰি ওচৰে-পাঁজৰে হাবি-জংঘলো যথেষ্ট আছিল। এইবোৰ কাৰণতে পৰ-পৰাগযোগী কাৰকসমূহৰ বংশবৃদ্ধিত বাধা আহি পৰা নাছিল। ফলত শস্যৰ উৎপাদন হ্ৰাসৰ প্ৰভাৱ পৰিলক্ষিত হোৱা নাছিল। বৰ্তমানৰ কৃষি ব্যৱস্থাত অধিক উৎপাদনৰ আহিলা(যেনে- বীজ, সাৰ, পানী, কীট-পতংগ আৰু বেমাৰনাশক ঔষধ, আধুনিক যন্ত্ৰপাতিৰ ব্যৱহাৰ আদি) ব্যৱহাৰৰ জৰিয়তে বহলভিত্তিত একক শস্যৰ খেতি কৰা, নিৰৱিচ্ছন্নভাৱে শস্যৰ খেতি কৰা, অত্যধিক পৰিমাণৰ সাৰ আৰু কীট-পতংগ তথা বেমাৰৰ ঔষধ প্ৰয়োগ কৰা আদি ব্যৱস্থাৰ বাবেউদ্ভিদৰ পৰ-পৰাগযোগকাৰী কীট-পতংগবোৰ দিনকদিনে কমি আহিছে। ইয়াৰোপৰি ওচৰ-পাঁজৰৰ হাবি-জংঘলবোৰ কাটি, জুই জ্বলাই দি এই পৰ-পৰাগযোগকাৰী উপাদানবোৰৰ বংশবৃদ্ধিত বাধা আৰোপ কৰা হৈছে। কৃষিকাৰ্যত জধে-মধে ব্যৱহাৰ কৰা কীটনাশক দ্ৰব্যসমূহৰ বিষক্ৰিয়াত বহুতো পৰ-পৰাগযোগকাৰী কীট-পতংগৰ অস্তিত্ব নিঃশেষ হোৱাৰ উপক্ৰম হৈছে। আনকি পোহনীয়া মৌমাখিৰো বংশবৃদ্ধিত বাধা আহি পৰিছে। এইবোৰ পৰ-পৰাগযোগী কীট-পতংগ অবিহনে খাদ্যশস্যৰ উৎপাদন পঞ্চাশ শতাংশতকৈ বেছি কমি যোৱাটো গৱেষণাৰ পৰা পৰিলক্ষিত হৈছে। বৰ্তমান বিশ্বৰ বৰ্ধিত জনসংখ্যাৰ প্ৰয়োজন খাদ্যশস্যৰ বৰ্ধিত উৎপাদনৰ হাৰৰ বিপৰীতে যদি উৎপাদন হ্ৰাসৰ ফালে আগবাঢ়ে, তেন্তে অনাগত ভৱিষ্যতত খাদ্যশস্যৰ নাটনিয়ে এক ভয়ানক ৰূপ ধাৰণ কৰিব। গতিকে এনে এক সন্ধিক্ষণত, আমাৰ সাক্ষৰ, জ্ঞানী জনগণে বৰ্তমানৰ খাদ্যশস্যৰে উৎপাদন বৃদ্ধিৰ প্ৰয়োজনত মৌপালনৰ প্ৰসংগটো বাৰুকৈয়ে উপলব্ধি কৰা উচিত যে মৌপালনৰ দ্বাৰা আহৰণ কৰা মৌজোলখিনিৰ মূল্যৰ তুলনাত পৰ-পৰাগযোগী কাৰক হিচাপে মৌমাখিৰ গুৰুত্ব সৰ্বাধিক। গতিকে আমি এই গুৰুদায়িত্ব আমাৰ অসহায় আৰু অৰ্থনৈতিকভাৱে পিছপৰা, বিভিন্ন কামত ব্যস্ত থকা কৃষক ভাই-বন্ধুহঁতৰ ওপৰতে ন্যস্ত নকৰি মৌপালনত সৰ্বান্তে আগবাঢ়ি আহি আমাৰ জনগণৰ খাদ্যৰ এই মহাসংকট দূৰীকৰণত অৰিহণা যোগোৱা উচিত।

মৌমাখিৰ উৎপাদিত সামগ্ৰী -

মৌজোল:

মৌমাখিয়ে ফুলৰ পৰা ৰস আৰু ৰেণু আহৰণ কৰি মৌজাললৈ পৰিৱৰ্তন কৰে আৰু মৌচাকত সঞ্চিত কৰি ৰাখে যাতে ভৱিষ্যতে খাদ্যৰ অভাৱত সেইবোৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰে। মৌজোলৰ বিশ্লেষণ এনেধৰণৰ- ফল শৰ্কৰান ৪১%, দ্ৰাক্ষ শৰ্কৰা ৩৫%, ইক্ষু শৰ্কৰা ১.৯%, ক্ষাৰ ১.৫%, মাংসসাৰ ৩%, অম্লতা ০.৮% আৰু পানী ১৭%। এইবিলাকৰ উপৰি খনিজ লৱণ- লো, চূণ, গন্ধক, ছ’ডিয়াম, মেগনেছিয়াম, পটাছিয়াম, মেংগানিজ আদি আৰু ভিটামিন- এ, বি১, বি২, বি৬, চি আৰু কে থাকে। এই উপাদানসমূহৰ উপস্থিতিৰ বাবেই মানুহৰ শৰীৰে মৌজোল সহজে গ্ৰহণ কৰিব পাৰে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ প্ৰতিবেদন মতে ১০০ গ্ৰাম মৌজোল ৬ টা কণী বা ৬৫০ মি.লি. গাখীৰ আৰু ৮০০ গ্ৰাম মাংসৰ সমতুল্য হয়।

মৈসিতা:

মৌসিতা বা মৌমম বহুতো আৱশ্যকীয় কামৰ বাবে ব্যৱহাৰ কৰা হয়। মৌবাহৰ পৰা মৌ সংগ্ৰহ কৰাৰ পাছত, বিশেষকৈ বৰমৌৰ চাকবোৰ সংগ্ৰহ কৰি মৌমম গোটোৱা হয়। ঔদ্যোগিকভাৱে প্ৰায় ৩০০ৰো অধিক প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰোঁতে মৌমম, লিপষ্টিক, পলিছ, চিয়াঁহী, মালিচৰ তেল, পানী নসৰকা কাপোৰ, কাঁহ বাচন ঢালাই কৰা, যুদ্ধৰ আহিলা-পাতি, নানা বৈজ্ঞানিক যন্ত্ৰপাতিত তাপৰোধক হিচাপে ব্যৱহাৰ কৰা, দন্ত চিকিৎসাত দাঁতৰ সাঁচ সজাত ব্যৱহাৰ কৰা আদি।

মৌ-আঠা:

মৌমাখিয়ে গছৰ পৰা আঠাযুক্ত পদাৰ্থ সংগ্ৰহ কৰি মৌবাকচৰ চাকবোৰ লৰচৰ নোহোৱাকৈ ৰাখিবলৈ ব্যৱহাৰ কৰে। ইয়াকে মৌ-আঠা বোলে। এই মৌ-আঠা মানুহৰ বিভিন্ন ৰোগত এন্টিবায়’টিক হিচাপে ব্যৱহাৰ কৰিব পাৰি।

পৰাগৰেণু:

ফুলৰ পৰা সংগ্ৰহ কৰা পৰাগৰেণুবোৰ মৌমাখিয়ে কিছু পৰিমাণে মৌচাকত সঞ্চয় কৰি ৰাখে। এই পৰাগৰেণুবোৰ যথেষ্ট প্ৰ’টিনযুক্ত হোৱা বাবে বিভিন্ন প্ৰাণীৰ বাবে খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি।

মধু অৱলেহ:

মধু অৱলেহ হৈছে অতি পুষ্টিকাৰক খাদ্য। কৰ্মী মৌবোৰে ৰাণী আৰু সৰু সৰু পোৱালিবোৰক খুৱাবলৈ সিঁহৰ মুখত থকা মেণ্ডিবুলাৰ গ্ৰন্থিৰ পৰা ইয়াক নিৰ্গত কৰে। কৃত্ৰিমভাৱে ৰাণীকোষ নিৰ্মাণ কৰি তাৰ পৰা মধু অৱলেহ সংগ্ৰহ কৰিব পাৰি। এনে উচ্চ শক্তিসম্পন্ন খাদ্য বা মধু অৱলেহ উন্ন দেশত কেপচুল আকাৰত বজাৰত বিক্ৰী কৰা হয়।

পৃথিৱীৰ বিভিন্ন দেশে মধু অৱলেহ উৎপন্ন কৰিছে যদিও একমাত্ৰ জাপানে প্ৰায় ১০০ টন মধু অৱলেহ উৎপাদন কৰি এইক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছে।

মৌবিহ:

মৌমাখিয়ে নিজৰ প্ৰতিৰক্ষাৰ বাবে হুলেৰে বিন্ধি যি বিহ আগন্তুকৰ গাত ঢালি দিয়ে সেয়ে মৌবিহ। বৈজ্ঞানিকভাৱে যন্ত্ৰ নিৰ্মাণ কৰি মৌমাখিৰ এই বিষ আহৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। এই মৌবিহ মানুহৰ বাতবিষ, আৰ্থ্ৰৰাইটিচ, সিৰা ৰোগ আদি বেমাৰত মলম, পিল বা বেজীৰ সহায়ত ব্যৱহাৰ কৰিলে বেমাৰৰ উপশম হয়। মৌবিহৰ দ্বাৰা কৰা চিকিৎসা পদ্ধতিক এপিথেৰাপি বুলি কোৱা হয়। চীন আদি দেশত এইধৰণৰ বেমাৰী মানুহক জীৱন্ত মৌক বিন্ধিবলৈ দিও চিকিৎসা কৰা হয়। প্ৰতি মি.লি. মৌবিহৰ দাম প্ৰায় ১০০০ টকা পৰ্যন্ত হয়।

কৃষিকাৰ্যত মৌপালনৰ ভূমিকা -

মৌমাখিয়ে পৰাগযোগে ঘটাই উৎপাদন বৃদ্ধি কৰা শস্যসমূহৰ ভিতৰত তৈলশস্য, ফল-মূল, শাক-পাচলি আদিয়ে প্ৰধান। তদুপৰি ঘাঁহজাতীয়, মাহজাতীয়, গছ-গছনি, ফুল বা ঔষধি গছ আদিয়ে পৰাগযোগৰ বাবে মৌমাখিৰ আকৰ্ষণ কৰে। মৌমাখিৰ পৰাগযোগৰ দ্বাৰা বৃদ্ধি হোৱা উৎপাদনৰ হাৰ কিছুমান শস্যৰ উল্লেখ কৰা হ’ল।

তৈলশস্য:

ক)বেলিফুল(৬৭৪%),

খ)সৰিয়হ(২৫০%),

গ)গুজিতিল(১৯৯%),

ঘ)তিল(২১%),

ঙ)স্যাফলা(৯%)।

ফলমূল:

ক)নাচপতি(৩৪০%),

খ)আপেল(৯৬%),

গ)আঙুৰ(৫৪%),

ঘ)পিছ(৪২%),

ঙ)চেৰী(২৭%)।

শাক-পাচলি:

ক)পিঁয়াজ(৩৫৩%)

খ)কবিজাতীয়(১০০%),

গ)মূলা(২২%),

ঘ)গাজৰ(৯%),

ঙ)উৰহী(৮৯%)।

অন্যান্য:

ক)ধেমচি(১৪২%),

খ)ঘাঁহজাতীয়(৫২%),

গ)কপাহ(১২%)।

মৌপালনৰ প্ৰাৰম্ভিক ব্যৱস্থাপনা -

ভাৰতবৰ্ষত মানুহে অতীজৰে পৰা কঠাৰ ধোন্দ, মাটিৰ পাত্ৰ, আলমিৰাৰ চুক, বাঁহৰ সাজ আদিত মৌপালন কৰি আহিছিল। এনেদৰে মৌপালন কৰি আহিছিল। এনেদৰে মৌপালন পালন কৰোঁতে মানুহে। নিজৰ ঘৰৰ বাবে প্ৰয়োজনীয় বুলি ভাবি এবটল বা ১ কেজি মৌজাল পালেই ক্ষান্ত আছিল। বৰ্তমান মৌপালনৰ বিগানসন্মত সা-সঁজুলি উদ্ভাৱন হোৱাত অতি সহজতে আৰু সাধাৰণ পৰিচৰ্যাৰ সহায়ত মৌপালন কৰি অধিক মৌজোল সংগ্ৰহ কৰাৰ উপৰি মৌমম, মধু অৱলেহ, আনকি মৌমাখিৰ সঁচ বিক্ৰী কৰি অধিক লাভৱান হ’ব পাৰি। মৌপালন কৰিবৰ বাবে মৌপালনৰ বিজ্ঞানসন্মত সঁজুলি, যেনে- মৌবাকচ, ওৰণি টুপি, লজালমোনা, হাতমোজা, ছুৰী কটাৰি, মৌজোল উলিওৱা যন্ত্ৰ, চাক বনোৱা যন্ত্ৰ, মৌ-সঁচ কঢ়িওৱা বাকচ, মৌজোল সঞ্চয় পাত্ৰ, উপযুক্ত বটল আদি সংগ্ৰহ কৰি ল’ব লাগে। মৌমাখি পালনৰ আগে আগে মৌপালনৰ সাধাৰণ প্ৰশিক্ষন এটাৰ প্ৰয়োজন কৰি ল’ব লাগে। মৌমাখি পালনৰ আগে আগে মৌপালনৰ সাধাৰণ প্ৰশিক্ষণ এটাৰ প্ৰয়োজন হয়। উদ্যমী মৌপালকে ওচৰ-পাঁজৰৰ মৌপালকৰ পৰাও প্ৰাৰম্ভিক প্ৰশিক্ষণ লৈ মৌপালন আৰম্ভ কৰিব পাৰে। মৌপালনৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সৰ্বভাৰতীয় মৌপালন আঁচনিৰ বিজ্ঞানী তথা কৰ্মকৰ্তাৰ লগত যোগাযোগ কৰিও মৌপালনৰ প্ৰাৰম্ভিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰে। ইয়াৰোপৰি চি কে উদ্যোগ, চাৰিগাঁও, যোৰহাট, সেউজ, এপিয়াৰি, বান্দৰ চলিয়া, তিতাবৰ; শান্তি সাধনা মৌপাম, লখিমপুৰ; গ্ৰামদান সংঘ, কুমাৰিকাটা, নলবাৰী, শান্তি সাধনা আশ্ৰম, বেলতলা, গুৱাহাটী আদি অনুষ্ঠানৰ জৰিয়তে মৌপালনৰ প্ৰশিক্ষণ পাব পাৰি। ইয়াৰোপৰি জাতিৰ পিতা মহাত্মা গান্ধীৰ ভাবাদৰ্শত প্ৰতিষ্ঠিত ভাৰতীয় খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ জিলা কাৰ্যালয়ৰ যোগাযোগ কৰি মৌপালনৰ বিভিন্ন তথ্য সংগ্ৰহ তথা আৰ্থিক অনুদানৰ ব্যৱস্থা কৰিব পাৰি।

তালিকা নং ১:

এখন আৰ্হি মৌপামৰ বাবে হোৱা খৰচৰ নমুনা(১০ টা মৌবাকচৰ বাবে):

 

সামগ্ৰীৰ নাম

পৰিমাণ

খৰচৰ পৰিমাণ(টকা)

 

 

 

 

 

ভাৰতীয় সঁচ

 

পশ্চিমীয়া সঁচ

 

 

 

এটাৰ দাম

মুঠ

এটাৰ দাম

মুঠ

মৌবাকচ

১০ টা

৬০০

৬০০০০

১৫০০

১৫০০০

মৌ-সঁচ

১০ জাক

৬০০

৬০০০

৩০০০

৩০০০০

লোৰ ষ্টেণ্ড

১০ ডাল

৫০০

৫০০০

৮০০

৮০০০

ওৰণি টুপী

২ টা

১৫০

৩০০

১৫০

৩০০

হাতমোজা

২ যোৰ

১২০

২৪০

১২০

২৪০

জালমোনা

২ টা

১০০

২০০

১০০

২০০

ধোঁৱাভাটি

২ টা

২৫০

৫০০

২৫০

৫০০

ছুৰী কটাৰি

২ খন

২০

৪০

২০

৪০

মধুনিষ্কাশন যন্ত্ৰ

১ টা

৮০০

৮০০

৪০০০

৪০০০

সঞ্চয় পাত্ৰ

২ টা

৫০

১০০

১০০

২০০

মুঠ খৰচ

 

 

১৯১৮০

 

৫৮৪৮০

 

এই আহিলাসমূহৰ জীৱনকাল ১০ বছৰ ধৰিলে প্ৰতি বছৰে খৰচৰ পৰিমাণ হ’ব ১৯১৮.০০ টকা(প্ৰায় ২০০০.০০ টকা) ভাৰতীয় সঁচৰ বাবে আৰু পশ্চিমীয়া সঁচৰ বাবে ৫৮৪৮ টকা(প্ৰায় ৬০০০.০০ টকা)।

প্ৰতিবাহ ভাৰতীয় সঁচৰ মৌমাখিৰ পৰা ১০ কেজি পৰিমাণৰ আৰু সঁচৰ মৌমাখিৰ পৰা ৩০ কেজি পৰিমাণৰ মৌজোল সংগ্ৰহ কৰিব পাৰি। বজাৰত প্ৰতি কেজি মৌজালৰ দাম ২০০ টকা হ’লে বছৰি ভাৰতীয় সঁচৰ মৌমাখিৰ পৰা ১৮,০০০ টকা আৰু পশ্চিমীয়া সঁচৰ মৌমাখিৰ পৰা প্ৰায় ৫০,০০০ টকা উপাৰ্জন কৰিব পাৰি। গতিকে মৌপালনক পৰিয়ালৰ আনুষংগিক আয়ৰ উৎস হিচাপে গ্ৰহণ কৰিব পাৰি। ব্যৱসায় ভিত্তিত মৌপালন কৰিবলৈ এনেকুৱা ১০ টা একক পালন কৰিলে বছৰি ১,৮০,০০০ৰ পৰা ৫,০০,০০০ টকা পৰ্যন্ত কৰিবলৈ সক্ষম হ’ব পাৰি। মৌপালন কৰিবলৈ যোৱাৰ আগতে মৌপালকজনৰ স্থানীয় ফলমূলৰ গছ-গছনি আৰু শস্যাদিৰ সম্যক জ্ঞানৰ আৱশ্যক। মৌৰ বাবে গোটেই বছৰজুৰি ৰস আৰু ৰেণু স্ৰাৱ অব্যাহত থাকিব লাগে। মৌপালন কৰা ঠাইডোখৰ সাধাৰণতে বতাহ চলাচল কৰা হ’ব লাগে। মৌমাখিৰ সঁচ কোনো

ব্যৱসায়িক অনুষ্ঠান-সংগঠন আদিৰ পৰা সংগ্ৰহ কৰিলে -

১)অতি কমেও তিনিখন নতুন মৌচাক(তিনি হাজাৰ কৰ্মী) সংগ্ৰহ কৰিব লাগে।

২)এজনী সুস্থ-সবল আৰু এবছৰ বা তাতোকৈ কম বয়সৰ ৰাণী মৌ কৰ্মীবোৰত লগত থকাটো নিশ্চিত হ’ব লাগে।

৩)বেমাৰ আক্ৰান্ত মৌ-সঁচ সংগ্ৰহ কৰিব নালাগে।

৪)দূৰণিবটীয়া ঠাইৰ পৰা মৌ-সঁচ সংগ্ৰহ কৰিবলৈ হ’লে মৌজাক নিউক্লিয়াছ বাকচত ভৰাই নিয়মীয়াকৈ কৃত্ৰিম আহাৰ যোগানৰ ব্যৱস্থা কৰিব লাগে।

৫)নিউক্লিয়াছ বাকচৰ পৰা মূল বাকচত মৌজাক ভৰাওঁতে মূল বাকচটো ভালদৰে গৰমপানীৰে ধুই ৰ’দত শুকুৱাই ভিতৰ ভাগত মিঠাতেলেৰে মচি ল’ব লাগে। মূল বাকচত ৰাতিপুৱাৰ ভাগত মৌজাক স্থানান্তৰিত কৰি বাকচৰ ৰাণী জপনা বহুৱাই ৰাখিব লাগে।

মৌমাখিৰ বাবে প্ৰয়োজনীয় গছ-গছনি -

মৌমাখিৰ বাবে মিঠাযুক্ত ৰস আৰু ৰেণু থকা উদ্ভিদবোৰ উপযোগী। এই উদ্ভিদবোৰক মৌশস্য বুলি ক’ব পাৰি। মৌশস্যৰ প্ৰাচূৰ্য থকা ঠাই, মৌশস্যৰ সংৰক্ষণ আৰু বৃদ্ধিকৰণৰ দ্বাৰা মৌপালনৰ কৃতকাৰ্যতা বৃদ্ধি কৰিব পাৰি। মৌপালনৰ এনে এটা ব্যৱস্থাই পৰিৱেশ সমতুলিকৰণতো যথেষ্ট অৰিহণা যোগায়। সেয়ে মৌপালনক উৎসাহিত কৰি পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ মৌশস্যৰ প্ৰতি যথেষ্ট গুৰুত্ব দিব লাগে। সাধাৰণতে দেখা পোৱা মৌশস্যবোৰ হ’ল-

ফলমূলজাতীয়:

অমৰা, আম, আমলখি, নেমুজাতীয়, কৰ্দৈ, খেজুৰ, শিলিখা, কল, চপেটা, জামু, জলফাই, তেতেলি, নাৰিকল, তামোল, পনিয়ল, বগৰী, বেল, ডালিম, মধূৰি-আম, লিচু, আতলচ, অমিতা, কঁঠাল, লেতেকু আদি।

শাক-পাচলি:

জিকা, ভোল, তিয়ঁহ, ৰঙালাও, জাতিলাও, ধনীয়া, মূলা, কোমোৰা, বেঙেনা, মৰিচা, পটল, চজিনা, ভেণ্ডি, উৰহীজাতীয়, কবিজাতীয়, লাই, লফা, চুকা-পালেং আদি।

মাহজাতীয় শস্য:

মগুমাহ, মাটিমাহ, মচুৰমাহ, ৰহৰ আদি।

তৈলশস্য:

সৰিয়হ, গুলিতিল, তিল, তিচী আদি।

বনৰীয়া গছ-গছনি:

শতদলপদ্ম, কৰচ, চেৱা, মৰলীয়া, মেদেলুৱা, শিৰীষ, মহুৱা, নাহৰ, সোণাৰু, বকুল, কদম, এৰাগছ, চতিয়না, কাঞ্চন, শাল, মেজাংকৰি, খয়েৰ, টিকগছ, দোৰাণ, চেগুণগছ, কৃষ্ণচূড়া, শিমলু, ভেটফুল, পদুমফুল, যতিফুল আদি।

ফুলনিৰ গছ-গছনি:

কেলেন্দুলা, হলিহক, ডালিয়া, নাৰ্জী, ফ্লক্স, পাৰিজাত, মে’ফুল, জবাফুল, তগৰ, গোলাপ আদি।

মৌপালনৰ সা-সঁজুলি -

মৌপালনৰ আধুনিক সা-সঁজুলিৰ আৱিষ্কাৰ হোৱাৰ পাছত মৌপালনত মানুহৰ কষ্ট লাঘৱ হোৱাৰ উপৰি অধিক উৎপাদনক্ষম কৰি মৌপালনক এক ব্যৱসায়ৰ ৰূপত প্ৰতিষ্ঠিত কৰিছে। মৌপালনৰ আৱশ্যকীয় সঁজুলিসমূহৰ বিৱৰণ তলত দাঙি ধৰা হ’ল।

১)মৌবাকচ:

আমেৰিকাৰ ৰেভাৰেণ্ড এল এল লেংষ্ট্ৰথে ১৮৫১ চনত পোনপ্ৰথমে চলন্ত ফ্ৰেমযুক্ত মৌবাকচ তৈয়াৰ কৰি উলিয়াইছিল। এই আৱিষ্কাৰে মৌপালনৰ নতুন যুগৰ সূচনা কৰে। মৌপালনৰ বাকচ দুই প্ৰকাৰৰ- ভাৰতীয় সঁচৰ মৌমাখিৰ বাবে নিউটন বাকচ আৰু পশ্চিমীয়া সঁচৰ লেংষ্ট্ৰথ বাকচ। নিউটন বাকচক আজিকালি আই এছ আই এ-৮ টা ফ্ৰেমযুক্ত আৰু আই এছ বি-১০ টা ফ্ৰেমযুক্ত বাকচ নামে জনা যায়। মৌবাকচৰ বিভিন্ন অংশবোৰ হ’ল-

ক)তলিছা পীৰা:

তলিছা পীৰাখনৰ ওপৰত বাকচৰ বাকী অংশসমূহ বহুৱাই ৰখা হয়। বাকচৰ সন্মুখৰফালে তলিছা পীৰাখন ১০ চে.মি বঢ়াই দিয়া থাকে। এই ঠাইখিনিক মৌমাখিৰ অৱতৰণ পাত বোলা হয়।

খ)শিশুকক্ষ:

তলিছা পীৰাৰ ওপৰত শিশুকক্ষটো বহুৱাই ৰখা হয়। শিশুকক্ষৰ চাকত ৰাণীয়ে কণী পাৰি বংশবৃদ্ধি কৰে। তলিছা পীৰাৰ অৱতৰণ পাতত ৰাণীজনী বাকচৰ ভিতৰৰ পৰা ওলাই যাব নোৱাৰাকৈ ৰাণী জপনা বহুৱাই ৰখা হয়। এই ৰাণী জপনাৰ ফুটাৰে কৰ্মী মৌবোৰে সহজে বাকচত ওলোৱা-সোমোৱা কৰিব পাৰে।

গ)মধুকক্ষ:

শিশুকক্ষৰ ওপৰত মধুকক্ষটো বহুৱাই ৰখা হয়। শিশুকক্ষৰ পৰা যাতে ৰাণীজনী মধুকক্ষলৈ উঠি আহি তাত কণী পাৰিব নোৱাৰে তাৰ বাবে শিশুকক্ষৰ ওপৰত এখন ৰাণী প্ৰতিবন্ধক জাল বহুৱাই দিব লাগে। ইয়াত থকা বিন্ধাবোৰেদিও কৰ্মী মৌবোৰে সহজে আহ-যাহ কৰিব পাৰে। গতিকে মৌপালকে কণী, পলু আদি নষ্ট নকৰাকৈ মধুকক্ষৰ পৰা সহজে মৌৰস সংগ্ৰহ কৰিব পাৰে।

ভিতৰৰ ঢাকনি:

কধুকক্ষৰ ওপৰত এখন ঢাকনি দিয়া হয়। এই ঢাকনিখন দিয়া বাবে মৌজাকে বাহিৰা অসুবিধাৰ পৰা কিছু সকাহ পায়। তদুপৰি ঢাকনিখনৰ মধ্যত থকা ফুতাৰে মৌবোৰৰ ঠাইৰ অভৱ হ’লে বাহিৰৰ ঢাকনিৰ মুক্ত ঠাইলৈ বিচৰ্ণ কৰিব পাৰে।

বাহিৰৰ ঢাকনি:

গোটেই মৌবাকচটো বাহিৰৰ ঢাকনিখনেৰে ঢাকি ৰখা হয়। এই ঢাকনিখনত আগফাল আৰু পিছফালে দুটা ফুটা ৰাখি তাক জালেৰে বন্ধ কৰি দিয়া হয়। এনে কৰাত বাকচৰ ভিতৰলৈ বতাহ চলাচল হয়।

ওৰণি টুপী:

ওৰণি টুপী কাপোৰ আৰু নাইলন নেটৰ দ্বাৰ তৈয়াৰ কৰা হয়। এই টুপী মূৰত পিন্ধি মৌজাক চোৱাচিতা কৰিলে কৰিলে মৌমাখিয়ে মুখমণ্ডলত বিন্ধিব নোৱাৰে।

হাতমোজা:

ডাঠ কাপোৰৰ হাতমোজা পিন্ধি মৌজাক চোৱাচিতা কৰিলে হাতত মৌৱে বিন্ধাৰ পৰা ৰক্ষা পাব পাৰি।

জালমোনা:

জালমোনা হ’ল নাইলন জালেৰে তৈয়াৰ কৰা এক বিশেষ প্ৰকাৰৰ মোনা সদৃশ ব্যৱস্থা। এই জালমোনা মৌবাহৰ পৰা উৰি যোৱা মৌমাখি জিৰণি ল’লে বা আন ঠাইৰ পৰা উৰি অহা জিৰণীয়া মৌ ধৰিবলৈ ব্যৱহাৰ কৰা হয়।

ধোঁৱাভাটি:

মৌজাক চোৱাচিতা কৰোঁতে কেতিয়াবা মৌজাক উত্তেজিত হোৱা দেখা যায়, বিশেষকৈ ৰাণী জন্মোৱাৰ সময়ত। এইক্ষেত্ৰত মৌজাকৰ ওচৰে-পাঁজৰে অলপ ধোঁৱাৰ ব্যৱস্থা কৰিলে মৌজাক কিছু শান্ত হয়। ধোঁৱাভাটি হ’ল মৌজাকক ধোঁৱা দিবলৈ ব্যৱহাৰ কৰা এক যন্ত্ৰ। এই যন্ত্ৰটো ৰবৰ বা চামৰা, কাঠ আৰু টিনৰ চুঙা এটাৰে তৈয়াৰ কৰা হয়। চুঙাটোৰ মৌবাকচৰ ভিতৰত সুমুৱাই দিয়া হয়।

মধু নিষ্কাশন যন্ত্ৰ:

মৌচাকৰ পৰা মৌজোল মধু নিষ্কাশন যন্ত্ৰৰে চাকবোৰৰ কোনো ক্ষতি নোহোৱাকৈ উলিয়াব পাৰি। মধু নিষ্কাশন যন্ত্ৰটো টিন আৰু গিয়েৰৰ দ্বাৰা নিৰ্মাণ কৰা। ভাৰতীয় সঁচৰ বাবে মধু নিষ্কাশন যন্ত্ৰটো সৰু আৰু পশ্চিমীয়া সঁচৰ বাবে ইয়াৰ আকাৰ ডাঙৰ। ইয়াৰোপৰি তাকৰীয়া মৌবাহৰ কাৰণে ইউ চি ট্ৰে’ নামৰ এটা পাত্ৰ তৈয়াৰ কৰিও মৌজোল সংগ্ৰহ কৰিব পাৰি।

ছুৰী কটাৰী:

মৌপালনৰ বাবে ছুৰী কটাৰী এখন অত্যন্ত দৰকাৰী। মৌবাকচৰ চুক-কোণ চাফচিকুণ কৰিবলৈ, মধু নিষ্কাশনৰ সময়ত পৰিপক্ব চাকৰ মৌকোষৰ আৱৰণ গুচাবলৈ ছুৰী কটাৰী ব্যৱহাৰ কৰা হয়।

সঞ্চয় পাত্ৰ:

নিষ্কাশন যন্ত্ৰৰ পৰা ওলোৱা ৰস সঞ্চয় কৰিবলৈ এটা পৰিষ্কাৰ পাত্ৰৰ আৱশ্যক। এই পাত্ৰবোৰ ঢাকনিযুক্ত হ’ব লাগে।

কৃত্ৰিম মৌচাক বনোৱা যন্ত্ৰ:

এই যন্ত্ৰৰ সহায়ত মৌচাকৰ ষড়ভূজ আকাৰৰ মৌমমৰ দ্বাৰা চাক বনোৱা হয়। এই চাকসমূহ মৌবাকচৰ ফ্ৰেমত বান্ধি দিলে, মৌমাখিয়ে তাক ভালদৰে চাফ-চিকুণ কৰি চাকবোৰ পূৰ্ণাংগ কৰি তোলে। এনে কৰিলে মৌমাখিয়ে কম মম উৎপন্ন কৰিয়ে চাক বনোৱা কাৰ্য সমাধান কৰিব পাৰে। ফলত মৌজোল আহৰণত সুচল হয়।

ষ্টেণ্ড:

মৌবাকচটো বহুৱাই ৰাখিবলৈ এডাল ষ্টেণ্ডৰ আৱশ্যক হয়। মৌবাকচটোত যাতে মাটিৰ পৰা পৰুৱা আদি বগাই উঠিব নোৱাৰে তাৰ বাবে এটা বাটি আকাৰৰ পাত্ৰ ষ্টেণ্ডডালৰ মাজভাগত সংলগ্ন কৰিব লাগে। এই পাত্ৰত পানী দি ৰাখিলে পৰুৱা বগাই বাকচত উঠিব নোৱাৰে। মৌপালকে পৰুৱা উঠিব নোৱৰা লোৰ ষ্টেণ্ড বনাই মৌবাকচটো উঠিব পাৰে।

ৰাণী পোহা খোচা:

কেতিয়াবা ৰাণীজনীক আৱদ্ধ কৰি ৰাখিবলৈ ৰাণী পোহা খাচা ব্যৱহাৰ কৰা হয়। এলুমিনিয়াম বা লোৰ জালেৰে সৰু বৰ্গাকৃতিৰ খোচা বনোৱা হয়।

নিউক্লিয়াছ মৌচাক:

মৌমাখিৰ সঁচ এঠাইৰ পৰা আন ঠাইলৈ পৰিৱৰ্তন কৰিবলৈ সৰু আকাৰৰ কাঠৰ বাকচ ব্যৱহাৰ কৰা হয়। ইয়াকে নিউক্লিয়াছ বাকচ বোলে।

মৌমাখিৰ শত্ৰু আৰু ইহঁতৰ নিয়ন্ত্ৰণ:

মৌমাখিৰ প্ৰধান শত্ৰুবোৰ হ’ল মম পতংগ, কোদো বৰল, চাহী, পৰুৱা, মম পতংগ আৰু কোদো বৰলৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰাদুৰ্ভাৱ বেছি।

মম পতংগ:

পূৰ্ণাংগ মম পতংগ মুগাবৰণীয়া, প্ৰায় ১.৫-১.৮ চে.মি দীঘল হয়। পলুবোৰ লেতেৰা মটীয়া বৰণৰ, মূৰটো মুগা বৰনৰ আৰু প্ৰায় ৩ চে.মি. পৰ্যন্ত দীঘল হয়। মম পতংগই ৰাতি মৌবাহত প্ৰৱেশ কৰে। দুৰ্বল মৌবাহত দিনতো প্ৰৱেশ কৰিব পাৰে। মৌবাকচৰ ফাট বা ভগা অংশত কণী পাৰে। প্ৰায় ১০ দিনৰ ভিতৰত কণী ফুটি পলু হয় আৰু এই পলুবোৰে লাহে লাহে মৌচাকত উঠি মমবোৰ খাবলৈ আৰম্ভ কৰে। ইহঁতে মৌচাকৰ ভিতৰে ভিতৰে মমবোৰ খাই একোটা সুৰ্ংগ সদৃশ কৰে। এনে সুৰংগৰ ওপৰত মকৰাজালৰ দৰে জাল বান্ধে। শেষত গোটেই চাকখন জালেৰে মেৰিয়াই কেতবোৰ গাঁতৰ সৃষ্টি কৰে। এনে চাকত মৌমাখিৰ কণী, পলু আৰু লেটা সম্পূৰ্ণ ধ্বংস হয়।

মম পতংগসমূহ ব’হাগ মাহৰ পৰ আৱিৰ্ভাৱ হৈ গোটেই বছৰজুৰি দুৰ্বল মৌবোৰক আক্ৰমণ কৰে। মৌবাহ সবল হ’লে এই আক্ৰমণৰ পৰা সকাহ পোৱা যায়।

মৌ পুহিবলৈ লোৱা বাকচসমূহ ভালদৰে পৰিষ্কাৰ কৰি গৰম পানীৰে ধুই ৰ’দত ভালদৰে শুকুৱাই ল’ব লাগে। সম্ভৱ হ’লে গন্ধক পাউডাৰৰ ধোঁৱা দি বীজাণুবোৰ মাৰিব লাগে। ব’হাগ মাহৰ পৰাই মৌবাকচসমূহ সঘনাই পৰ্যবেক্ষণ কৰি তলিছা পীৰা আৰু অন্যান্য অংশসমূহ ভালদৰে পৰিষ্কাৰ কৰিব লাগে। মৌজাকৰ চাকত মম পতংগই আক্ৰমণ কৰা দেখিলে আৰম্ভণিতে চাকবোৰ বাহিৰলৈ উলিয়াই আনি ১০ মিনিটমান সময় ৰ’দত ৰাখিলে, মম গৰম হ’লে মম পতংগৰ পলুবোৰ বাহিৰলৈ ওলাই আহিব আৰু তেতিয়া সেইবোৰ মাৰি পেলাব লাগে। বেছিকৈ আক্ৰান্ত চাকবোৰ মৌবাকচৰ পৰা উলিয়াই আনি পুতি বা পুৰি পেলাব লাগে আৰু মৌবাকচটো ভালদৰে পৰিষ্কাৰ কৰিব লাগে। মাজে-সময়ে আক্ৰান্ত মৌবাকচৰ ফ্ৰেমৰ ওপৰত ২০০ মি.গ্ৰা. পৰিমাণৰ গন্ধক পাউডাৰ ছটিয়াই দিব পাৰিলে ভাল হয়। মৌচাকত বি টি নামৰ ঔষধ স্প্ৰে’ কৰিও লাভ পাব পাৰি। বি টি ঔষধৰ ০.৫ গ্ৰাম ১ লিটাৰ পানীৰ লগত ভালদৰে মিহলাই চাকৰ দুয়োফালে স্প্ৰে’ কৰিলে মম পতংগৰ পলুবোৰ মৰে।

কোদো বৰল:

কোদো বৰলে মৌমাখিবোৰ ধৰি নি সিহঁতৰ খাদ্য হিচাপে গ্ৰহণ কৰে। জেঠ মাহৰ পৰা মৌবাহত কোদোই আক্ৰমণ কৰে। ৰাতিপুৱাই কোদো আহি মৌবাহৰ তলিছা পীৰাৰ অৱতৰণ পাতত বহি ৰৈ থাকে। যেতিয়া ৩-৪ টা মৌমাখি অৱতৰণ পাতত গোট খাই তেতিয়াই সিহঁতে আটাইকেইটা মৌমাখিকে খামুচি ধৰি নিজৰ বাহলৈ নি খাদ্য হিচাপে খায়। তাৰ পাছৰে পৰা অবিৰতভাৱে মৌমাখি দুৰ্বল হৈ পৰে আৰু কাৰ্যক্ষমতা হেৰাই মৌবাহৰ পৰা উৰি যায়। কেনেবাকৈ মৌবাকচৰ ভিতৰত কোদো প্ৰ্ৱেশ কৰিলে আটাইবোৰ মৌমাখিয়ে মৌবাকচৰ বাহিৰলৈ ওলাই আহে আৰু আন ঠাইলৈও উৰি যায়। কোদো বৰলৰ জাত হিচাপত টেকেলি কোদো আৰু মাটি কোদোৰ আক্ৰমণ ভয়ানক হয়।

কোদোৰ আক্ৰমণৰ পৰা মৌবাহ ৰক্ষা কৰিবলৈ নাইলনৰ ১ চে.মি. জোখৰ বিন্ধাযুক্ত জালেৰে মৌবাহটো ঢাকি ৰাখিব লাগে বা একে জোখৰ বিন্ধাযুক্ত লোৰ জালেৰে মৌবাকচৰ তলিছা পীৰাৰ অৱতৰণ পাতটো ঢাক খোৱাকৈ আৱৰি ৰাখিব লাগে যাতে কোদো বৰল আহি অপতৰণ পাতত বহিব নোৱাৰে। ৰাতিপুৱাই খাদ্য অনুসৰণকাৰী কোদো কেইটামান মাৰিব পাৰিলে দিনৰ পিছত ভাগত কোদোৰ আক্ৰমণ হয়। মাটি কঁঠালৰ ৰসৰ লগত গুৰৰ মিশ্ৰণ মিহলি কৰি সৰু মুখৰ বটলত ভৰাই টোপ হিচাপে ব্যৱহাৰ কৰিলে, মৌমাখি ধৰিবলৈ অহা কোদোবোৰে ইয়াৰ গন্ধত যথেষ্ট আকৃষ্ট হৈ বটলৰ ভিতৰত সোমাব আৰু তাতেই সিহঁতৰ পাখিবোৰ তিতি যোৱা বাবে উৰিব নোৱৰা হৈ মৰি থাকিব। অৱশ্যে এনে কৰোঁতে কিছুমান মৌমাখিৰো মৃত্যু হয়। মৌপালকসকলে সাৱধানতা খিচাপে মৌবাহৰ ওচৰে-পাঁজৰে থকা কোদো বাহসমূহ বিচাৰি লৈ ভাঙি বা পুৰি পেলাব পাৰে।

পৰুৱা:

মাটি বা গছৰ ওপৰৰ পৰা পৰুৱা মৌবাকচত প্ৰৱেশ কৰিলে মৌবাহে যথেষ্ট আমনি পাই কেতিয়াবা মৌবাকচৰ পৰা ওলাই গুচি যায়। বিশেষকৈ দুৰ্বল মৌবাহত পৰুৱা উঠিলে মৌবাকচত মৌজাক নাথাকে। পৰুৱা নিয়ন্ত্ৰণৰ বাবে বাটিযুক্ত ষ্টেণ্ড বা মাটিত লাগি থকা অংশত বাটি দি তাত পানী ভৰাই ৰাখিব লাগে। যিবিলাক গছত পৰুৱাৰ প্ৰাদুৰ্ভাৱ বেছি তেনে গছৰ তলত মৌবাকচ ৰাখিব নালাগে।

মৌমাখিৰ আন এবিধ শত্ৰু হ’ল- মৌ ওকণী। মুগা বৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ মৌ ওকণীবোৰে মৌমাখিৰ পোৱালিসমূহ আক্ৰান্ত কৰি পূৰ্ণাংগ হোৱাত বাধা আৰোপ কৰে। কেতিয়াবা মৌ ওকণী শ্বস-প্ৰশ্বাস নলী আৰু তেজৰ নলীত প্ৰৱেশ কৰি ইহঁতৰ শ্বাস-প্ৰশ্বাস বন্ধ কৰি মৃত্যুপৰ্যন্ত ঘটায়। ইয়াৰ পৰা প্ৰতিকাৰ পাবৰ বাবে মৌবাকচবোৰ ঠাণ্ডাৰ দিনত ১৫-২০ মিনিট সময় ৰ’দত দিব লাগে। মৌৰ ওকণী বৃদ্ধি পালে ফৰ্মিক এছিড ৫ মি.লি. পৰিমাণে লৈ কপাহ বা পৰিষ্কাৰ কাপোৰত তিয়াই বাকচৰ তলিছা পীৰাত ৰাখিব লাগে। তেনে কৰিলে ফৰ্মিক এছিডৰ গোন্ধ পাই ওকণীবোৰ মৌমাখিৰ গাৰ পৰা এৰা দি তলিছা পীৰাত পৰি যায় আৰু তেতিয়া তলিছা পীৰাখন ভালদৰে পৰিষ্কাৰ কৰিব লাগে। কেতিয়াবা গন্ধক পাউডাৰ ২০০ মি.গ্ৰা. পৰিমাণত প্ৰতি বাকচৰ ফ্ৰেমৰ ওপৰভাগত ব্যৱহাৰ কৰিব পাৰি।

মৌমাখিৰ আন আন শত্ৰুবোৰ, যেনে- জেঠী, পঁইতাচোৰা আদিৰ সাধাৰণ নজৰ ৰাখিলেই নিয়ন্ত্ৰণ কৰিব পাৰি।

মৌমাখিৰ বেমাৰ আৰু ইহঁতৰ নিয়ন্ত্ৰণ -

আন প্ৰাণীৰ দৰে মৌমাখিও কিছুমান বেমাৰৰ দ্বাৰা আক্ৰান্ত হয়। পূৰ্ণাংগ মৌমাখিৰ বেমাৰবোৰ হ’ল- নছেমা বেমাৰ, বিভিন্ন প্ৰকাৰৰ ভাইৰাছজনিত বেমাৰ আদি।

নছেমা বেমাৰ:

নছেমা এবিধ গ্ৰহণীজাতীয় বেমাৰ। এই বেমাৰ পশ্চিমীয়া জাতৰ পূৰ্ণাংগ মৌমাখিত হোৱা দেখা যায়। এই বেমাৰৰ প্ৰকোপ সেমেকা জলবায়ু থকা দেশসমূহত হোৱা দেখা যায়। সাধাৰণতে আহাৰ মাহৰ পৰা আহিন-কাতিলৈকে এই বেমাৰৰ প্ৰাদুৰ্ভাৱ থাকে। নছেমা বেমাৰৰ প্ৰধান লক্ষণসমূহ হ’ল-

১)আক্ৰান্ত মৌমাখিবোৰ মৌবাহৰ মুখলৈকে ওলাই আহি থুপ বান্ধে আৰু কিছুমান মৌমাখি মাটিত পৰি গছ-বনত বগাবলৈ চেষ্টা কৰে।

২)বেমাৰৰ প্ৰকোপ বৃদ্ধি পালে মৌমাখিৰ পাখিবোৰ ছিগি যায় আৰু পেটটো লৰচৰ কৰি ধৰফৰাবলৈ ধৰে।

৩)আক্ৰান্ত মৌমাখিৰ পাকস্থলীৰ অংশ ফুলি উঠি শেঁতা পৰি মুগাবৰণীয়া হৈ যায়।

৪)এই বেমাৰৰ বীজাণু হ’ল এবিধ প্ৰ’টোজোৱা, নছেমা এপিচ। অণুবীক্ষণ যন্ত্ৰত মল পৰীক্ষা কৰিলে ইয়াক দেখা পোৱা যায়।

নচেমা বেমাৰ প্ৰতিৰোধ কৰিবলৈ আহাৰ মাহ অহাৰ আগতে এন্টাকন এম ৪৫ নামৰ ঔষধবিধ চেনিপানীৰ লগত মিহলাই যোগান ধৰিব লাগে। এন্টাকন এম ৪৫০ মি.গ্ৰা. শক্তিৰ এটা বড়ি ১ লিটাৰ চেনিপানীৰ লগত মিহলাই সপ্তাহত দুবাৰকৈ আহিন মাহলৈকে দি থাকিব লাগে(৫ টা মৌবাহৰ বাবে)।

থাইচেক ব্ৰুড বেমাৰ:

থাইচেক ব্ৰুড বেমাৰ ভাৰতীয় সঁচৰ মৌমাখিৰ পলু, লেটা আদিত হয়। এই বেমাৰ থাইচেক ভাইৰাছ নামৰ এবিধ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়। এই বেমাৰৰ লক্ষণসমূহ হ’ল- পলুবোৰ শেঁতা পৰি পাছলৈ মুগা বৰণৰ হয়। মৌচাকৰ কুঠৰীৰ ভিতৰত লেটাবোৰ মৃত অৱস্থাত পোৱা যায়। বন্ধ কুঠৰীৰ ঢাকনি কিছু পৰিমাণে ফুলি উঠে আৰু সৰু সৰু কিছুমান বিন্ধা দেখা যায়। এই বেমাৰ মৌবাহৰ ধাত্ৰী মৌমাখিৰ দ্বাৰা গোটেই মৌবাহতে বিয়পি পৰে।

এই বেমাৰৰ লক্ষণ দেখাৰ লগে লগে মৌজাকৰ ৰাণীজনীক বিচাৰি মাৰি পেলাব লাগে আৰু মৌবাহটো বাকী মৌবাকচসমূহৰ পৰা ৩০০ মিটাৰমান দূৰত্বত ৰাখিব লাগে। মৌজাক জীয়াই থাকিলে এমাহৰ পাছত আন মৌচাকৰ পৰা নতুন কণী, পলু থকা চাক আনি তাত ভৰাব লাগে। তাত নতুন ৰাণী সংযোজন কৰিব লাগে। প্ৰতিৰোধকাৰী ব্যৱস্থা হিচাপে টেট্ৰাচাইক্লিন নামৰ এন্টিবায়’টিক টেবলেট এটা ১ লিটাৰ চেনিপানীৰ লগত প্ৰতি সপ্তাহত এবাৰকৈ বাৰিষা বতৰ অহাৰ পাছৰ পৰা শেষলৈ যোগান ধৰি যাব লাগে(১০ টা মৌবাকচৰ বাবে)।

মৌমাখিৰ পৰিচালনা:

মৌপালনৰ সফলতা মৌবাহ সূচাৰুৰূপে পৰিচালনা কৰাৰ ওপৰতে নিৰ্ভৰ কৰে। বিশেষকৈ বিভিন্ন ঋতুত সংঘটিত হোৱা কাৰ্যসমূহ, যেনে- জাক উৰা নিয়ন্ত্ৰণ, বিভাজন, বংশ বৃদ্ধিৰ প্ৰৱণতা, কৃত্ৰিম আহাৰৰ যোগান, মৌমাখিৰ শত্ৰু আৰু বেমাৰৰ প্ৰকাৰৰ ব্যৱস্থা কৰা আদি। মৌপালনত আমাৰ অসমত চাৰিটা ঋতুত মৌবাহৰ বিভিন্ন পৰিচালনাৰ প্ৰয়োজন হয়।

বসন্ত ঋতুৰ পৰিচালনা:

বসন্তকালত প্ৰকৃতিৰ ফুল-ফলে মৌমাখিক একপ্ৰকাৰৰ মতলীয়া কৰি তোলা আৰু মৌমাখিয়ে বংশবৃদ্ধি কৰিবলৈ উদ্যত হয়। মৌমাখিৰ প্ৰজনন কাৰ্যও বৃদ্ধি হয়। মৌবাহত নতুন ৰাণীকোষৰ জন্ম দিয়ে। গতিকে এই সময়ত জাক উৰা ৰোধ কৰিব নোৱাৰিলে মৌজোলৰ উৎপাদন বহুখিনি কমি যায়।

জাক উৰা নিয়ন্ত্ৰণ কৰিবলৈ হ’লে ৰাণী মৌৰ কোষ জন্মোৱাৰ সময়ত মৌজাকৰ ৰাণীজনী বিচাৰি উলিয়াই মাৰি পেলাব লাগে আৰু মাত্ৰ দুটা পৈণত ৰাণীকোষ মৌজাকত ৰাখিব লাগে, আনবোৰ কাটি অন্য পুৰণা ৰাণী থকা মৌজাকত লগাব লাগে বা নষ্ট কৰি পেলাব লাগে। পৈণত কোষ দুটাৰ পৰা নতুন ৰাণী ওলোৱাৰ পাছত আনটো ৰাণীকোষ গুচাব লাগে।

দুৰ্বল মৌবাহ থাকিলে, বসন্তকালত ৰাণীকোষসহ এখন চাক অন্য মৌবাহৰ পৰা আনি সংযোজন কৰিব লাগে। আৰু পুৰণা ৰাণীজনী বিচাৰি উলিয়াই মাৰি পেলাব লাগে। বসন্তকালৰ এই সময়ছোৱাতে মৌপালকে সঁচ বৃদ্ধিৰ বাবে মৌজাকৰ বিভাজন কৰিব পাৰে। সবল একোবাহ মৌজাকৰ পৰা ৪-৫ টা মৌসঁচ বিভাজন কৰি উলিয়াব পাৰি। এনে বিভাজন একে সময়তে নকৰি সময়ৰ ব্যৱধানত কৰিলে সুফল পোৱা যায়। এনে বিভাজন একে সময়তে নকৰি সময়ৰ ব্যৱধানত কৰিলে সুফল পোৱা যায়। মৌজোল অধিক পৰিমাণে পাবৰ বাবে একোটা মৌবাকচত ২-৩ টা মধুকক্ষ বহুৱাব পাৰি। যিটো কক্ষৰ পৰা মৌজোল উলিওৱা হয় সেই কক্ষটো একেবাৰে ওপৰত ৰাখিব লাগে আৰু আধা আধা মৌজোল থকা কক্ষকেইটা তলত ৰাখিব লাগিব।

গ্ৰীষ্মকালীন পৰিচালনা:

গ্ৰীষ্মকালতো কিছুমান ফল-ফুলৰ উৎস দেখা যায় যদিও বসন্তকালৰ তুলনাত কম হয়। এই সময়ছোৱাত তাপমাত্ৰা বৃদ্ধি হয় আৰু মাজে-সময়ে বৰষুণ হোৱাও দেখা যায়। গতিকে মৌবাহ প্ৰখৰ ৰ’দৰ পৰা ৰক্ষা কৰিবলৈ মৌবাহটো আংশিক ছাঁ বা ছেদৰ ব্যৱস্থা কৰিব লাগে। গ্ৰীষ্মকালৰ শেষৰফালৰ ৰসেৰে মজুৰ হৈ থকা চাকসমূহৰ পৰা মৌজোল সংগ্ৰহ নকৰি বৰ্ষাকালৰ মৌমাখিৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিবৰ বাবে সংৰক্ষণ কৰিব লাগে। গ্ৰীষ্মকালতে মৌমাখিৰ শত্ৰু কোদো বৰল, মম পতংগৰ প্ৰাদুৰ্ভাৱ বাঢ়ে। গতিকে উপযুক্ত ব্যৱস্থা কৰি এইবোৰক নিয়ন্ত্ৰণ কৰিব লাগে।

বৰ্ষাকালীন পৰিচালনা:

বৰ্ষাকালত মৌমাখিৰ খাদ্যৰ যথেষ্ট নাটনি হয়। ফল-ফুলৰ ওপৰত বৰষুণ পৰি ৰস আৰু ৰেণুবোৰ ধুই লৈ যায়। ইপিনে মৌচাকত সঞ্চিত ৰসৰো সমাপ্তি হয়। এনে অৱস্থাত মৌবাহৰ বাবে এটা প্ৰতিকূল পৰিৱেশৰ সৃষ্টি হয়। গতিকে এনে পৰিস্থিতিত মৌবাহক কৃত্ৰিম আহাৰ যোগান ধৰিব লাগে। ১ লিটাৰ পানীত  ৭৫০ গ্ৰাম চেনি আৰু ২৫০ গ্ৰাম মগু ডাইল গুড়ি কৰি মিহলাই চাফা কাপোৰেৰে চেকি লৈ গিলাচত ভৰাই মৌবাহৰ ভিতৰৰ ঢাকনিত এখন চাফা কাপোৰ বা কপাহ দি উবুৰিয়াই দিব লাগে। তেতিয়া মৌবোৰে তাৰ পৰা ৰস শুহি ল’ব। এনেদৰে বৰ্ষাকালত প্ৰতিসপ্তাহত এবাৰকৈ কৃত্ৰিম আহাৰ যোগান ধৰি যাব লাগে। বেমাৰৰ প্ৰতিৰোধৰ বাবে এন্টাকন এম-৪৫ টেবলেট আৰু টেট্ৰাচাইক্লিন ঔষধ দুবিধো প্ৰয়োগ কৰিব লাগে। অতিমাত্ৰা গৰম হ’লে বাকচত অতিৰিক্ত বিন্ধা কৰি বায়ু চলাচলৰ ব্যৱস্থা কৰিব লাগে। অৱশ্যে এই বিন্ধাবোৰ লোৰ জাল জাল বা নাইলন জালেৰে ঢাকিব লাগে যাতে মৌমাখিবোৰ এই বিন্ধাৰে বাহিৰলৈ ওলাব-সোমাব নোৱাৰে।

শীতকালীন পৰিচালনা:

শীতকালত তাপমাত্ৰা যথেষ্ট হ্ৰাস হ’লে(১০° চেন্টিগ্ৰডৰ তলত) মৌবাকচসমূহ ছাঁৰ পৰা ৰ’দলৈ স্থানান্তৰিত কৰিব লাগে। প্ৰয়োজন হ’লে মৌবাকচৰ ওপৰৰ ঢাকনি আৰু ভিতৰৰ ঢাকনি দুখন কিছুসময় আঁতৰাই মৌবাকচৰ ভিতৰ অংশ ৰ’দাৰ লাগে। শীতকালত শাক-পাচলিৰ ফুল ফুলাৰ বতৰ আৰম্ভ হয় আৰু এই সময়ছোৱাত মৌবাহ ভালদৰে চোৱাচিতা কৰিলে বসন্তকালৰ মধু ঋতু অহাৰ লগে লগে অপৰ্যান্ত পৰিমাণৰ মৌজাল পাব পাৰি।

মধু নিষ্কাশন আৰু সঞ্চয়:

মৌবাহৰ মধুকক্ষৰ চাকত মৌজোল জমা কৰাৰ পাছত যেতিয়া কোষবোৰ ঢাকনিৰে(মমৰ) বন্ধ কৰে তেতিয়াই মৌজোল নিষ্কাশন কৰাৰ সময় হয়। মৌজোল সংগ্ৰহ কৰি কোষ পূৰ্ণ হ’লে মৌবোৰে তাৰ পৰা অতিৰিক্ত পানীভাগ পাখি জোকাৰি বতাহৰ চলাচল কৰাই আঁতৰায় আৰু তেতিয়াই কোষবোৰ মমেৰে আৱৰণ দি বন্ধ কৰি থয়। ই হ’ল পৰিপক্ব মৌজোল। এনে পৰিপক্ব মৌজোল সংগ্ৰহ কৰিব জমা কৰি থ’লে মৌজোলৰ গুণগত মান অক্ষুণ্ণ থাকে।

অন্যথা অপৰিপক্ব মৌজাল নিষ্কাশন কৰিলে সংৰক্ষণৰ সময়ত মৌজালৰ গুনগুত মান অটুট নাথাকে। মৌবাহৰ মধুকক্ষৰ পৰা পৰিপক্ব চাকবোৰ উলিয়াই আনি মৌবাহৰ পৰা কিছু দূৰত বা ঘৰৰ ভিতৰত মধু নিষ্কাশন যন্ত্ৰৰ সহায়ত মৌজোল উলিয়াব লাগে। পৰিপক্ব চাকবোৰৰ বন্ধ কোষবোৰ খুলিবলৈ এখন চোকা চেপেটা ছুৰিৰে কাটিব লাগে বা পাতল চেপেটা লোৰ দণ্ড এডাল গৰম কৰি চাকৰ ওপৰেৰে লাহে লাহে বুলাই নিলেও চাকৰ বন্ধ কোষৰ মমবোৰ গলি কোষ ৰসমূহ মুক্ত হৈ পৰে।

মৌজোলৰ প্ৰস্তুতকৰণ(Processing) আৰু বিক্ৰী(Marketing) ব্যৱস্থা -

মৌজোল নিষ্কাশন কৰোঁতে তাৰ লগত চাকৰ মুখৰ চোকোৰা, ধূলিকণা আৰু অন্যান্য পদাৰ্থ বা পানীৰ পৰিমান বেছি থাকে। তদুপৰি কেতিয়াবা মৌজাল নিষ্কাশন কৰি কিছুদিন থৈ দিলে মৌজাল গোট মাৰে বা দানাকৃতিৰ হয় আৰু এনে মৌজোল গ্ৰাহকে পছন্দ নকৰে। গতিকে মৌজোল নিষ্কাশনৰ পাছত প্ৰস্তুতকৰণ কৰা প্ৰয়োজন। বৈজ্ঞানিক প্ৰস্তুতকৰণ যন্ত্ৰৰ সহায়ত মৌজোল প্ৰস্তুতকৰণ কৰি সঞ্চয় কৰিলে মৌজোল প্ৰায় দুবছৰলৈ কোনো গুণগত মান নষ্ট নোহোৱাকৈ থাকে। বৈজ্ঞানিক প্ৰস্তুতকৰণ যন্ত্ৰত মৌজোলখিনিৰ উত্তাপ বঢ়াই ৬০-৭০° চেন্টিগ্ৰেডত প্ৰায় ৩০ মিনিট সময় ৰাখি ছেকনীৰে ছেকি ঠাণ্ডা হোৱাৰ পাছত সংৰক্ষণ কৰা হয়। প্ৰতিদিনে ৫০ কেজি মৌজোল প্ৰস্তুতকৰণ কৰিব পৰা একোটা যন্ত্ৰৰ দাম প্ৰায় ৩ লাখ টকা হয়।

প্ৰস্তুতকৰণ কৰাৰ পাছত মৌজোলসমূহ যথোচিত পাত্ৰত ভৰাই বিক্ৰীৰ বাবে প্ৰস্তুত কৰা হয়। স্থানীয়ভাৱে মৌজোল বিক্ৰী কৰোঁতে চৰকাৰী স্বীকৃতিৰ প্ৰয়োজন অনুভৱ কৰা নহয় যদিও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত এই বিক্ৰীৰ বাবে চৰকাৰী মোহৰযুক্ত আই এছ আই নম্বৰ গ্ৰহণ কৰিবলগীয়া হয়।

মৌজোলৰ বিশুদ্ধতা প্ৰমাণ:

মৌজোলৰ বিশুদ্ধতা পৰীক্ষা কৰিবলৈ কোনো তাৎক্ষণিক পদ্ধতি নাই যদিও মৌজোলৰ গঠন লক্ষ্য কৰি অভ্যস্ত মানুহে মৌজোলৰ বিশুদ্ধতা জানিব পাৰে। মৌজোলৰ আপেক্ষিক ঘনত্বৰ পৰাও মৌজোলৰ বিশুদ্ধতা নিৰূপণ কৰিব পাৰি। সচৰাচৰ মৌজালৰ আপেক্ষিক ঘনত্ব হ’ল- ১.২৩-১.৪৬। গতিকে ১ লিটাৰ পাত্ৰটোত প্ৰায় ১.২৩-১.৪৬ কেজি মৌজাল থাকিব পাৰে।

মৌমাখিৰ সংৰক্ষণ:

আধুনিক সু-সংহত কৃষি পদ্ধতিত মৌপালনক এক অধিক উৎপাদনৰ আহিলা হিচাপে গণ্য কৰা হৈছে। মৌমাখি পালন কৰি শস্যৰ উৎপাদন বঢ়োৱাৰ উপৰি মৌজোল বিক্ৰী কৰি পৰিয়ালৰ আনুষংগিক আয় বঢ়াব পাৰি। অৱশ্যে পৰ-পৰাগযোগ কাৰকসমূহৰ লুপ্তপ্ৰায় অৱস্থাত, নতুন প্ৰজন্মক মৌপালন এটা পূৰ্ণ পৰ্যায়ত বৃত্তি হিচাপে গঢ় তুলিবলৈ সকলো প্ৰকাৰৰ প্ৰচেষ্টা চলোৱা উচিত যাতে শস্য উৎপাদনৰ ক্ষেত্ৰত পৰ-পৰাগযোগী কাৰকৰ অভাৱ দূৰ হয়। কিন্তু পৰিতাপৰ বিষয় যে আজিও কেতবোৰ পিছপৰা অঞ্চলত মৌজোলৰ বাবে মৌবাহ ধোঁৱা দি বা পুৰি মৌচাকবোৰ সিহঁতৰ অপৈণত কণী, পলু, লেটাসহ কাটি আনি ৰসখিনি উলিয়াই চাকবোৰ পেলাই দিয়ে। এনে ব্যৱস্থাত বহু মৌ নষ্ট হৈ যায়। গতিকে এনে নিধন কাৰ্য বন্ধ কৰিবলৈ জনসাধাৰণৰ মাজত এক জনচেতনা জাগৰণ কৰি লাগিব, যাৰ দ্বাৰা মানুহে মৌজোল আহৰণ কৰিবও পাৰে আৰু মৌজাকো সংৰক্ষিত হয়।

আনহাতে বৈজ্ঞানিক কৃষিকাৰ্যত শস্যৰক্ষাৰ বাবে ব্যৱহাৰ কৰা কীটনাশক ঔষধৰ বিষক্ৰিয়াই বহু মৌমাখিক ধ্বংস কৰিছে। গতিকে মৌমাখিৰ বাবে কম বিষাক্ত ঔষধৰ প্ৰয়োগ আৰু মৌমাখি বিচৰণ নকৰা সময়ত কীটনাশক ঔষধ শস্যত প্ৰয়োগ কৰি মৌমাখিৰ সংৰক্ষণত সহায় কৰিব লাগে। প্ৰচাৰ পত্ৰিকা, বুলেটিন, বিভিন্ন প্ৰচাৰ মাধ্যম, কৰ্মশালা, প্ৰশিক্ষণ আদিৰ দ্বাৰা মৌমাখিৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰি জনসাধাৰনৰ মাজত মৌমাখিৰ সংৰক্ষণৰ প্ৰতি সচেতনতা জগাই তুলিব লাগিব।

লেখক: প্ৰদীপ কুমাৰ দাস, ড° মুকুল কুমাৰ ডেকা, ড° আতাউৰ ৰহমান

উৎস: আধুনিক কৃষিকথা(কৃষি বাণিজ্যকীকৰণ আৰু উদ্যোগমুখিতা)

 

3.03225806452
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top