অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমত কৃষি বিজ্ঞানৰ চৰ্চা আৰু গৱেষণা :

অসমত কৃষি বিজ্ঞানৰ চৰ্চা আৰু গৱেষণাৰ বিষয়ে লিখা হৈছে ।

 

সুচনা -

অসমীয়া সমাজ জীৱনত প্ৰভুত পৰিমাণে প্ৰচলিত ডাক পুৰুষৰ প্ৰবচন আৰু বিহুগীত বনগীত আদিত কৃষিৰ ব্যাপক প্ৰভাৱৰ কথাকে প্ৰতিফলিত কৰে। ডাকৰ কিছুমান প্ৰবচন, যথা-তিনিশ ষাঠিজোপা ৰুবা কল। মাহেকে পষেকে চিকুণাবা তল। কল ৰুই নেকাটিবা পাত। তাতেই কাপোৰ তাতেই ভাত। পাত পচলা লাভত পাবা। লংকাৰ বণিজ ঘৰতে পাবা। আদিত কৃষিৰ বাণিজ্যিক দিশো মন কৰিবলগীয়া। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে অতি প্ৰাচীন কালৰে পৰা পৰা অসমত বহুলভাৱে কৃষিবিষয়ক চৰ্চা হৈছিল। বৰং বৰ্তমান সময়তো, যি সময়ত অসমত যথেষ্ট পৰিমাণে কৃষি বিজ্ঞানৰ চৰ্চা হৈছে, তেনে সময়তো অসমৰ কৃষিক্ষেত্ৰত বিজ্ঞানৰ প্ৰভাৱ নুন্যতম বুলিয়েই ক’ব  লাগিব।

অসম বুৰঞ্জীৰ পাত লুটিয়াই চালে আমি দেখা পাওঁ যে প্ৰত্যেক বছৰে হোৱা প্ৰবল বানপানী, খৰাং আদিৰ ফলত অসমীয়া কৃষকে বছৰত এটাতকৈ বেছি খেতি কৰিব পৰা নাছিল; কৃষিক্ষেত্ৰৰ পৰা উদ্বৃত্ত উৎপাদনতো নাছিলেই, আনকি বৰ্ষাকালৰ বাবে সঞ্চয়ো ৰাখিব পৰা নগৈছিল। ১৮৫১ চনৰ শেষৰফালে দৰ্ং আৰু কামৰুপ জিলাত অকণমান চাউলৰ বিনিময়ত মানুহে তেওঁলোকৰ ল’ৰা-ছোৱালী , গহনা বাচন-বৰ্তন আদি ত্যাগ কৰিবলগাত পৰিছিল। এই কথা উল্লেখ কৰি আনন্দৰাম ঢেকিয়াল ফুকনে ব্ৰিটিছ চৰকাৰলৈ পৰামৰ্শ দিছিল, ‘to bring out from Europe and upper India a sufficient number of men well versed in art of agriculture to teach the people the better management of their farms, to instruct them in the cultivation of every variety of valuable products, in improved methods of irrigation, drainage and embankments and in short every other necessary means connected with agriculture.’   কিন্তু ব্ৰিটিছ চৰকাৰে ফুকনৰ কথালৈ কৰ্ণপাত কৰা নাছিল। উৰিষ্যাৰ দুৰ্ভিক্ষ (১৮৬৬-৬৭) ৰ পাছত ব্ৰিটিছ চৰকাৰে গঠন কৰি দিয়া আয়োগৰ পৰামৰ্শ অনুসৰি ভাৰতৰ কিছুমান ঠাইত কৃষি বিভাগ খোলাৰ যো-জা চলিল যদিও দুৰ্ভিক্ষৰ ভয়াৱহতা নোহোৱা বাবে সেই সময়ৰ অসমৰ মুখ্য আয়ুক্ত চাৰ্লছ ইলিয়টে (১৮৮১-৮৩) আদিতে অসমত ইয়াৰ গুৰুত্ব অনুভৱ কৰা নাছিল। ১৯৮২ চনত ‘ডাইৰেক্টৰ, লেণ্ড ৰেকৰ্ডছ এণ্ড এগ্ৰিকালচাৰ হিচাপে নিযুক্তি দিয়া ই. ষ্টকৰ ভুমিকা আদিতে এজন চেটেলমেণ্ট অফিচাৰৰ দৰেই আছিল আৰু সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সংস্থাপন কৰ্মত নিজকে নিয়োজিত ৰাখিবলগাত পৰিছিল।

১৮৭৩ চনৰ আগভাগত শ্বিলঙত আপেল, চেৰি, নাচপতি আদিৰ এখন আদৰ্শ পাম থকাৰ কথা গম পোৱা হৈছে। ১৯০০ চনত গঠন হোৱা ভাৰতীয় চাহ সংস্থাই যোৰহাটৰ সমীপৱৰ্তী শিলিখা চাহ বাগিচাত এটা গৱেষণা কেন্দ্ৰ গঢ়ি তোলে। ইয়াৰ মুখ্য কাম আছিল চাহৰ গুণাগুণৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ, চাহখেতি কৰা মাটিত সাৰ প্ৰয়োগ আৰু চাহ তৈয়াৰ কৰা বিভিন্ন কৌশলৰ বিষয়ে গৱেষণা কৰা। ইয়াৰ উপৰি , সংস্থাৰ পতংগতত্ত্ব বিজ্ঞান বিভাগে চাহখেতিত হোৱা পোক-পৰুৱাৰ জীৱন বুৰঞ্জীৰ বিষয়েও গৱেষণা চলাইছিল। ১৯০২ চনৰ পৰা ১৯০৫ চনলৈ অসমৰ মুখ্য আয়ুক্ত হিচাপে থকা ছাৰ জে বি ফুলাৰে অসম প্ৰদেশখন সৰু হোৱা বাবে ইয়াত এখন সুকীয়া কৃষি মহাবিদ্যালয়ৰ সলনি অসমীয়া ছাত্ৰক পঢ়ুৱাবৰ বাবে বংগ চৰকাৰৰ সহায় বিচৰাৰ বিষয়তহে গুৰুত্ব প্ৰদান কৰিছিল।

১৯০৬ চনত ব্ৰিটিছ চৰকাৰে যোৰহাটত এটি কুঁহিয়াৰ খেতিৰ গৱেষণা কেন্দ্ৰ মুকলি কৰে। ১৯২২ চনত শ্বিলঙত এখন ফলমুলৰ বাগিচাও স্থাপন কৰা হয়। খাচী-জয়ন্তীয়া পাহাৰ, শিৱসাগৰ, চিলেট আৰু কামৰুপৰ দহটা কেন্দ্ৰত ব’নমিল (Bone meal ) আৰু ফ্ল’ৰফছফেটৰ দ্বাৰা উন্নত পদ্ধতিৰে ধানখেতি কৰাৰ প্ৰদৰ্শনী পতা হৈছিল। ঝুমখেতিৰ বিকল্প হিচাপে Wet rice cultivation ক লুচাই, নগা আৰু খাচী জয়ন্তীয়া পাহাৰত জনপ্ৰিয় কৰি তুলিবলৈ ব্যৱস্থাও গ্ৰহণ কৰা হৈছিল। ১৯১৩ চনত কৰিমগঞ্জত ধান গৱেষণা কেন্দ্ৰ , ১৯১৬ চনত যোৰহাটৰ বৰভেটাত কৃষি ৰসায়ন পৰীক্ষাগাৰ স্থাপন হয় আৰু ব্ৰিটিছ চৰকাৰে ইয়াৰ লগত উদ্ভিদবিদ্যা, পতংগতত্ত্ব বিজ্ঞান আৰু ভেঁকুৰবিদ্যা (Mycology) ৰ গৱেষণা শাখাও যুক্ত কৰি দিয়ে। ইয়াৰ পাছত ১৯২৩ চনত তিতাবৰত আন এটা ধান গৱেষণা কেন্দ্ৰ আৰু ১৯৩৮ চনত খাচীপাহাৰত টেঙাৰ গৱেষণাগাৰ এটাও স্থাপন কৰে। এইবোৰ পৰিচালনা কৰিবলৈ ব্ৰিটিছ চৰকাৰে যোৰহাট আৰু চিলেটত দুখন বুনিয়াদী কৃষি স্কুল স্থাপন কৰিছিল।

অসমত কৃষি মহাবিদ্যালয় স্থাপনৰ গুৰিকথা -

দ্বিতীয় মহাযুদ্ধ (১৯৩৯-৪২) আৰু বংগদেশৰ দুৰ্ভিক্ষ (১৯৪২-৪৩)- এই দুটা কাৰকে অসমত এখ ন সুকীয়া কৃষি মহাবিদ্যালয় স্থাপনৰ গুৰুত্ব বঢ়াইছিল। ব্ৰিটিছ চৰকাৰে যুদ্ধোত্তৰ উন্নয়নমুলক আঁচনিৰ অধীনত স্কুল, কাৰিকৰী কলেজ, ৰাস্তা-পদুলি সজা আদি কামবোৰত গুৰুত্ব প্ৰদান কৰিছিল। পাছলৈ ইয়াৰ অধীনত প্ৰস্তুত কৰা অধিক খাদ্যশস্য উৎপাদন নামৰ উপ-আঁচনিখন সমগ্ৰ ভাৰতত প্ৰৱৰ্তন কৰাত অসমৰ তদানীন্তন কৃষি সঞ্চালক লক্ষীকান্ত সন্দিকৈয়ে অসমত কৃষি মহাবিদ্যালয় এখন স্থাপনৰ যোগেদিহে আঁচনিখন ৰুপায়িত কৰা সম্ভৱ বুলি ব্ৰিটিছ চৰকাৰক পৰামৰ্শ দিয়ে। প্ৰাপ্ত তথ্য অনুসাৰে , সন্দিকৈ ডাঙৰীয়াই ১৯৩৯ চনতেই অসমত কৃষি শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰি কৃষি মহাবিদ্যালয় এখন স্থাপনৰ বাবে চেষ্টা চলাইছিল। ইয়াৰ উপৰি প্ৰখ্যাত দেশকৰ্মী কুলধৰ চলিহা নেতৃত্বত অসমত কৃষি মহাবিদ্যালয় এখন স্থাপনৰ অৰ্থে ঘৰে ঘৰে গৈ দান-বৰঙনি তোলাৰ কথাও গম পোৱা গৈছে। অৱশেষত সেই সোণালী দিন আহিল। স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাই অসমত এখন কৃষি মহাবিদ্যালয় স্থাপনৰ অৰ্থে স্থান নিৰ্বাচন সমিতি গঠন কৰিলে। স্থান নিৰ্বাচক মণ্ডলীয়ে যোৰহাটৰ সমীপৱৰ্তী বৰভেটাকেই কৃষি মহাবিদ্যালয় স্থাপনৰ বাবে উপযুক্ত বুলি বিবেচনা কৰিলে। সেই সময়ত ব্ৰিটিছ চৰকাৰে ১৯০৬-০৭ চনতে প্ৰতিষ্ঠা কৰা কুঁহিয়াৰ খেতিৰ পাম এখন কৃষি মহাবিদ্যালয়ৰ বাবে নিৰ্বাচন কৰা ঠাইটুকুৰাৰ গাতে লাগি আছিল। ইয়াত চৰকাৰে কৃষি ৰসায়ন আৰু অৰ্থ উদ্ভিদ বিভাগৰ অধীনত কুঁহিয়াৰ খেতিৰ পৰীক্ষামুলক ফাৰ্মখনো খুলিছিল। ইয়াৰ বাহিৰেও ইয়াত এটা শস্য প্ৰতিৰক্ষা বিভাগ আৰু এখন বুনিয়াদী কৃষি স্কুলো আছিল। কৃষি মহাবিদ্যালয় স্থাপনৰ বাবে বৰভেটাই উপযুক্ত স্থান বুলি বিবেচিত হয়। স্থান নিৰ্বাচন হোৱাৰ পাছত ১৯৪৮ চনৰ ১৬ আগষ্টৰ দিনা ৩০ জন ছাত্ৰ, এজন অধ্যাপক আৰু ৯ জন বিভিন্ন বিষয়ৰ প্ৰবক্তাৰ সৈতে প্ৰথম অধ্যক্ষ ৰেভাৰেণ্ড বি এম পিউৱে (Rev.B. M. Pugh) সৈনিক নিৱাসত (বৰ্তমানৰ ১ ন্ং ছাত্ৰাৱাস ) আনুষ্ঠিকনভাৱে অসমত কৃষি শিক্ষাৰ সুচনা কৰে। ১৯৪৮ চনৰ ১ নৱেম্বৰত সেই সময়ৰ ৰাজ্যপাল আলী আকবৰ হাইদৰীয়ে মহাবিদ্যালয়খন উদ্বোধন কৰে।

আৰম্ভণিতে শস্য বিজ্ঞান (Agronomy), উদ্ভিদবিদ্যা, ৰসায়নবিদ্যা, পদাৰ্থবিদ্যা , পতংগতত্ত্ব বিজ্ঞান (Entomology) জীৱবিদ্যা, পশু চিকিৎসা, পশুপালন আৰু ডায়েৰী, কৃষি অভিযান্ত্ৰিক শিক্ষা, গণিত, ইংৰাজী আৰু উপভাষা , চাহ, পৰিসংখ্যা বিজ্ঞান আৰু অৰ্থ বিজ্ঞান বিষয়ত শিক্ষা প্ৰদান কৰা হৈছিল। মহাবিদ্যালয়খন পুৰ্ণাংগ কৰি গঢ়ি তোলাত পৰৱৰ্তী অধ্যক্ষ ড° মাধৱ চন্দ্ৰ দাসৰ অৱদান অসমে কোনোকালে পাহৰিব নোৱাৰে।

অসম কৃষি বিশ্ববিদ্যালয় স্থাপন -

শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ উপযুক্ত সমন্বয় সাধনেৰে সমগ্ৰ উত্তৰ-পুৰ্বাঞ্চলৰ বাবে ১৯৬৯ চনত যোৰহাটত অসম কৃষি বিশ্ব বিদ্যালয় স্থাপন কৰা হয়। এই বিশ্ববিদ্যালয়ে আমেৰিকাৰ ‘লেণ্ড গ্ৰাণ্ট কলেজ’ আৰু বিশ্ববিদ্যালয়ৰ অনুসৰণত ইয়াৰ আন্ত:গাঁথনি (infrastructure) আনকি প্ৰশাসনীয় আৰু শৈক্ষিক গাঁথনিও আন্তৰ্জাতিক উন্নয়ন সংস্থাৰ অৰ্থ সাহায্যত গঢ়ি তোলে। বৰ্তমান এই বিশ্ববিদ্যালয়ৰ অধীনত দুখনকৈ কৃষি আৰু পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আৰু একোখনকৈ গাৰ্হস্থ্য বিজ্ঞান আৰু মীন মহাবিদ্যালয় আছে।

যোৰহাটস্থ কৃষি মহাবিদ্যালয় অসমৰ উপৰি বিশ্বনাথ চাৰিআলিত আন এখন কৃষি মহাবিদ্যালয়ে ১৯৮৭-৮৮ চনৰ পৰা শৈক্ষিক বৰ্ষ আৰম্ভ কৰিছে।

কৃষি শিক্ষা -

অসমত কৃষি শিক্ষাৰ বাবে কৃষি মহাবিদ্যালয়ত বৰ্তমান প্ৰৱৰ্তন কৰা বিষয়সমুহ হ’ল-মাটি বিজ্ঞান (Soil Science), শস্য নিদানবিদ্যা (Plant Pathology), কৃষি অৰ্থনীতি আৰু পাম পৰিচালনা, পতংগতত্ত্ব বিজ্ঞান, উদ্ভিদ প্ৰজনন আৰু বংশগতিবিদ্যা (Plant Breeding and Genetics) , সম্প্ৰসাৰণ শিক্ষা (Extension Education), চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা, শস্যবিজ্ঞান, উদ্যানশস্য বিজ্ঞান (Horiculture), কৃষি ৰসায়ন আৰু জৈৱ ৰসায়ন, শস্য শৰীৰবিদ্যা (Crop Physiology), শস্য কৃমি বিজ্ঞান (Nematology), কৃষি অভিযান্ত্ৰিক শিক্ষা, কৃষি বতৰ বিজ্ঞান (Agril. Meteorology) , কৃষি পৰিসংখ্যা বিজ্ঞান আৰু জৈৱ প্ৰযুক্তিবিদ্যা। ১৯৬০ চনত শস্য বিজ্ঞান বিভাগত প্ৰথমবাৰৰ বাবে স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্য এক বিশেষত্ব হ’ল ১৯৬৮ চনত প্ৰতিষ্ঠা কৰা চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগ আৰু ১৯৮৯ চনত প্ৰৱৰ্তন কৰা জৈৱ-প্ৰযুক্তিবিদ্যা আঁচনি (Bio-technology Programme)। বৰ্তমান অসম কৃষি বিশ্ববিদ্যালয়ত চাৰি বছৰীয়া স্নাতক, দুবছৰীয়া স্নাতকোত্তৰ আৰু তিনিবছৰীয়া ডক্টৰেট ডিগ্ৰী পাঠ্যক্ৰমৰ ব্যৱস্থা আছে। ১৯৯১-৯২ শিক্ষাবৰ্ষৰ পৰা অসম কৃষি বিশ্ববিদ্যালয়ে ৰাজ্যিক কৃষি বিভাগৰ সহযোগত গ্ৰামীণ কৃষিকৰ্ম অভিজ্ঞতা আঁচনি(Rural Agricultural Work Experience) আৰু স্নাতক পৰ্যায়ত পাম পদ্ধতি (Farming system) আৰু বীজ প্ৰযুক্তিবিদ্যা (Seed Technology) আৰু স্নাতকোত্তৰ পৰ্যায়ত প্ৰাযুক্তিক লিখনি আৰু পুথিভঁৰাল ব্যৱহাৰ (Technical writing and Library use) পাঠ্যক্ৰমৰ প্ৰৱৰ্তন কৰিছিল। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে আৰম্ভণিতে কৃষি মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আছিল। পাছলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় স্থাপন হোৱাত কৃষি মহাবিদ্যালয়খন এই বিশ্ববিদ্যালয়ৰ অধীনলৈ আহে আৰু অৱশেষত পহিলা এপ্ৰিল, ১৯৬৯ চনৰ পৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনলৈ আহে। মহাবিদ্যালয় স্থাপনৰ সময়ত ইয়াত পৰম্পৰাগত পৰীক্ষা পদ্ধতি আছিল যদিও পাছলৈ আমেৰিকাৰ গ্ৰামীণ বিশ্ববিদ্যালয়ৰ আৰ্হিত আভ্যন্তৰীণ মুল্যায়ন পদ্ধতিৰ প্ৰৱৰ্তন কৰা হয়। ১৯৭৭ চনত প্ৰৱৰ্তন কৰা ‘ষান্মাষিক পৰীক্ষা পদ্ধতি (Semester System of Education) ৰ আগলৈকে ট্ৰাইমেষ্টাৰ শিক্ষা পদ্ধতি চলোৱা হৈছিল।

কৃষি গৱেষণা -

গৱেষণাৰ দিশত বিশ্ববিদ্যালয়খনে এক গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ত তিনিটা ভাগত গৱেষণাৰ কাম চলে।

১) স্নাতকোত্তৰ গৱেষণা (স্নাতকোত্তৰ আৰু ডক্টৰেট পৰ্যায়ত)

২) প্ৰত্যেক বিভাগতে হোৱা গৱেষণা (Faculty Research)

৩) ভাৰতীয় কৃষি গৱেষণা সংস্থা অথবা অন্যান্য সংস্থাৰ দ্বাৰা অনুমোদিত গৱেষণা।

অসম কৃষি বিশ্ববিদ্যালয়ৰ নিয়ম অনুসৰি প্ৰত্যেকজন স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰই ডিগ্ৰী লাভৰ বাবে একোখনকৈ তেওঁৰ প্ৰধান বিষয়ৰ (Mjor subject) যিকোনো শাখাত গৱেষণাপত্ৰ (Thesis) জমা দিব লাগে। বিশ্ববিদ্যালয়ৰ প্ৰায় সকলো বিষয়তে এনে অসংখ্য গৱেষণাপত্ৰৰ কাম হৈ আছে। তদুপৰি ডক্টৰেট পৰ্যায়ত দিবলগীয়া গৱেষণাপত্ৰসমুহ আছেই। এতিয়ালৈকে অসম কৃষি বিশ্ববিদ্যালয়ে কৃষি অৰ্থনীতি আৰু পাম পৰিচালনা, শস্য বিজ্ঞান, পতংগতত্ত্ব বিজ্ঞান, উদ্যানশস্য বিজ্ঞান, উদ্ভিদ প্ৰজনন আৰু বংশগতিবিদ্যা, মাটি বিজ্ঞান, শস্য নিদানবিদ্য, শস্য শৰীৰ বিজ্ঞান আৰু সম্প্ৰসাৰণ শিক্ষা-এই বিষয়কেইটাত তিনিবছৰীয়া পি এইচ ডি পাঠ্যক্ৰম মুকলি কৰিছে। আটাইকেইটা বিষয়তে উল্লেখযোগ্য গৱেষণাও হৈছে। পি এইচ ডি পাঠ্যক্ৰম নোখোলা বিষয়সমুহতো ভালেকেইজন গৱেষকে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী পৰম্পৰাগত পদ্ধতিৰে লাভ কৰিছে। আটাইবোৰ গৱেষণপত্ৰৰ উল্লেখ আৰু বিভাগীয় গৱেষণাৰ আলোচনা প্ৰবন্ধৰ সীমিত পৰিসৰত সম্ভৱ নহয়। সেয়েহে বিষয়সমুহৰ অল্পসংখ্যকহে প্ৰবন্ধৰ ভিতৰলৈ টানি অনা হৈছে। গৱেষণাপত্ৰসমুহৰ বাছনিও কোনো নিয়ম অনুসৰি কৰা হোৱা নাই।

ক) কৃষি অৰ্থনীতি আৰু পাম পৰিচালনা বিভাগ:

এই বিভাগতে কে গগৈ, দুৰ্গেশ্বৰ বৰা, চিত্ৰা কলিতা, ৰিয়াজ আব্দুল হালিম, প্ৰদ্যুৎ বিজয় গগৈ, দিনেশ হাজৰিকা আদিয়ে উল্লেখযোগ্য গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। ঘাইকৈ কৃষকৰ আৰ্থ-সামাজিক সমস্যা, কিছুমান কৃষিজাত সামগ্ৰীৰ উৎপাদন আৰু বজাৰ, বিভিন্ন কৃষি পদ্ধতিত নিয়োগ আৰু উপাৰ্জন, বানপীড়িত অঞ্চলত পাম পদ্ধতিৰ বিশ্লেষণ আদি বিভিন্ন কৃষি অৰ্থনৈতিক সমস্যাৰ ওপৰত আলোকপাত কৰা গৱেষণাৰ কাম হৈছে আৰু গৱেষণামুলক অসমৰ ভিতৰতেই হোৱাত ইয়াৰ গুৰুত্বও বাঢ়িছে। ড° পি ডি শইকীয়া, ড° পি ডি শইকীয়া, ড° পি চি গোস্বামী , ড° বি চি ভৌমিক, ড° বি কে বৰুৱা, ড° অনুভা শইকীয়া, ড° অশ্বিনী শৰ্মা প্ৰভৃতিৰ সঠিক পথ নিৰ্দেশনাত এইসমুহ গৱেষণাৰ কাম সম্ভৱ হৈছে।

খ) শস্য বিজ্ঞান বিভাগ:

এই বিভাগত বদন চন্দ্ৰ বৰঠাকুৰে অসমত চয়াবীনৰ উৎপাদন সম্ভাৱনাৰ বিষয়ে ড° ডি এন বৰঠাকুৰৰ অধীনত উল্লেখযোগ্য গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল (১৯৭৫)। এই বিভাগত এ চি ঠাকুৰ (কুঁহিয়াৰৰ বিষয়ে), নৰেন্দ্ৰ নাথ শৰ্মা (চিচামামৰ উৎপাদন প্ৰযুক্তিৰ বিষয়ে), দেবেন্দ্ৰ নাথ মেধি (ফছফৰাছৰ বিষয়ে ), তপন চন্দ্ৰ দত্ত (বৰষুণনিৰ্ভৰ আৰু জলসিঞ্চন কৰা কৃষি পদ্ধতিৰ মুল্যাংকনৰ বিষয়ে), প্ৰমুখ্যে বিভিন্ন গৱেষকে ‘গৱেষণাপত্ৰ’ বিশ্ববিদ্যালয়ক প্ৰদান কৰিছে। ইতিপুৰ্বে ড° অৰুণ কুমাৰ পাঠকে এই বিভাগত উল্লেখযোগ্য গৱেষণা কৰিছিল। ইয়াৰ উপৰি এই বিভাগত অসমৰ বিভিন্ন কৃষি পদ্ধতি, কৃষিত উদ্ভৱ হোৱা সমস্যা (অপতৃণৰ সমস্যা জলসম্পদৰ সমস্যা ইত্যাদি) আৰু শস্যত প্ৰয়োজন হোৱা ধাতৱ লৱণ মৌলখাদ্য আদি নানান বিষয়ত গৱেষণা চলি আছে। ড° নিত্যানন্দ শৰ্মা, ড° হেমেন্দ্ৰ চন্দ্ৰ ভট্টাচাৰ্য, ড° জয়ন্ত ডেকা, ড° প্ৰবীণ  গগৈ, ড° কুমুদ ঠাকুৰীয়া, ড° নিকুঞ্জ ডেকা আদিয়ে বিভিন্ন বিষয়ত উল্লেখযোগ্য গৱেষণা চলাই আছে।

গ) পতংগতত্ত্ব বিজ্ঞান বিভাগ:

পতংগতত্ত্ব বিজ্ঞান বিভাগত দীনেশ্বৰ চহৰীয়া, জিতেন্দ্ৰ নাথ খাউণ্ড, ড° লক্ষ্মীকান্ত হাজৰিকা, এম এম গোস্বামী, শোণিত কুমাৰ বৰদলৈ, অৰুপ বৰঠাকুৰ, দিলীপ কুমাৰ শইকীয়া, আতাউৰ ৰহমান, বিজন দত্ত, কিৰণ ডেকা আদিয়ে বিভিন্ন পোক- পতংগ আৰু শস্যত ইয়াৰ প্ৰভাৱ সম্পৰ্কে গৱেষণা কৰিছে। জিতেন্দ্ৰ নাথ খাউণ্ডে আলুত আক্ৰমণ কৰা ৰঙা পৰুৱাৰ বিষয়ে, এম এম গোস্বামীয়ে কেতবোৰ কীটনাশক দৰবৰ (বেঙেনা আৰু আলুগছত ব্যৱহাৰ হোৱা )অপকাৰিতা সম্পৰ্কে, শোণিত বৰদলৈয়ে অসমত শস্য সংৰক্ষণৰ বিষয়ে (storage practice), বিজন দত্তই চৰহা পোকৰ বিষয়ে উল্লেখযোগ্য গৱেষণা কৰিছে। এইবোৰৰ উপৰি অসমৰ কৃষিত দেখা দিয়া বিভিন্ন পোক-পতংগৰ জীৱন বুৰঞ্জী, নিয়ন্ত্ৰণৰ উপায়, মৌপালন, ৰেচম শিল্প আদি বিভিন্ন বিষয়ত উল্লেখনীয় গৱেষণাৰ কাম হৈছে।

ঘ) উদ্যানশস্য বিজ্ঞান বিভাগ:

অসমৰ কৃষি জলবায়ুৰ লগত খাপখোৱাকৈ উন্নত পদ্ধতিৰ আলুখেতিৰ বিষয়ে শশাংক বৰুৱাই, জাহাজী, বৰজাহাজী আৰু চেনিচম্পা কলত প্ৰয়োজন হোৱা সুক্ষ্ম মৌল পদাৰ্থৰ (Micronutrients) প্ৰভাৱ সম্পৰ্কে প্ৰশান্ত কুমাৰ দাসে, মিঠাআলুৰ বিষয়ে ৰুপক গোস্বামীয়ে, অবতৰত বিলাহী খেতিৰ অসমত সম্ভাৱনাৰ বিষয়ে দীপা ফুকনে, মনোৰঞ্জন নেওগে লিচুৰ বিষয়ে, শৰৎ শইকীয়াই আদাৰ বিষয়ে বিশ্ববিদ্যালয়ক গৱেষণাপত্ৰ প্ৰদান কৰি উদ্যানশস্য বিজ্ঞান বিভাগত ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। তদুপৰি বিভিন্নধৰণৰ ফলমুল, (কল, অমিতা, পটল, পিঁয়াজ, গাজৰ, নাৰিকল আদি) ফুল (ক্ৰিচেনথিমাম, অৰ্কিড আদি) আদিৰ বিষয়েও বিভিন্নজনে উল্লেখযোগ্য গৱেষণা কৰিছে। আকৌ অসমত উৎপন্ন হোৱা শাক-পাচলিত প্ৰয়োজন হোৱা আধুনিক প্ৰযুক্তি কৌশলৰ উদ্ভাৱনো ভালেমান গৱেষণাৰ যোগেদি হৈছে।

ঙ) উদ্ভিদ প্ৰজনন আৰু বংশগতিবিদ্যা:

এই বিভাগত তমিজউদ্দিন আহমেদ (ধানৰ বিষয়ে), জ্যোৎস্না দেৱী (অৰ্কিডৰ বিষয়ে), নলিনীকান্ত শৰ্মা (শালি আৰু বাওধানৰ বিষয়ে), পুৰ্ণকান্ত বৰুৱা (সৰিয়হৰ বিষয়ে), সঞ্জীৱ কুমাৰ শৰ্মা (বেঙেনাৰ বিষয়ে) প্ৰভৃতি গৱেষকে বিভিন্ন শস্যৰ বংশগতিৰ বিষয়ে গৱেষণা কৰি সফলতা অৰ্জন কৰিছে। ড° গিৰীন্দ্ৰ নাথ হাজৰিকা, ড° গিৰীন্দ্ৰ নাথ হাজৰিকা, ড° কিশোৰ কুমাৰ শৰ্মা, ড° ৰমেন শৰ্মা, ড° প্ৰসন্ন পাঠক, ড° উমেশ কলিতা আদিয়েও বিভিন্ন দিশত গৱেষণা কৰি আছে।

 

মাটি বিজ্ঞান বিভাগত অসমৰ বিভিন্ন অসমৰ বিভিন্ন মাটিৰ বিষয়ে ভালেমান কাম হৈছে। তদুপৰি বেলেগ বেলেগ শস্যত প্ৰয়োজন হোৱা বিভিন্ন অজৈৱ আৰু ধাতৱ লৱণ সম্পৰ্কেও গৱেষণা সম্পুৰ্ণ কৰা হৈছে। ঘনশ্যাম চমুৱা (Cation Exchange Capacity of clonal Tea Roots and its implications on Fertilizer response’ ‘ শীৰ্ষক গৱেষণাপত্ৰ), হেমচন্দ্ৰ বৰুৱা ( Fixation and Release Behaviour of Potassium and its Response to Rice in Major Soil Orders of Assam ‘ শীৰ্ষক গৱেষণাপত্ৰ), বন্তি ডেকা মেধি (Nitrogen Dynamics, Nutrient Availability and 15n Balance Following Incroporation of Green Manure and Urea in Flooded Rice    ‘ শীৰ্ষক গৱেষণাপত্ৰ) আদিয়ে মাটি বিজ্ঞানৰ কেইবাটাও গুৰুত্বপুৰ্ণ দিশত গৱেষণা চলাই ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। এতিয়াও ড° মোহন তালুকদাৰ, ড° তপন বৰুৱা, ড° ধ্ৰুৱজ্যোতি নাথ আদিয়ে বিভিন্ন দিশত গৱেষণা কৰি আছে।

ছ) শস্যনিদানবিদ্যা:

বিভিন্ন শস্য (যেনে- ধান, চাহ ইত্যাদি) ত দেখা দিয়া বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে ভালেকেইজন গৱেষকে গৱেষণা কৰি এই বিভাগত ডক্টৰেট উপাধি লাভ কৰিছে। তাৰ ভিতৰত বিজয় কুমাৰ বৰঠাকুৰে ধানৰ চিথ ব্লাইট আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে আৰু শেৱালি দেৱীয়ে চাহগছত দেখা দিয়া ‘ৰেড ৰাষ্ট’ আৰু ‘ব্লেক ৰট’ৰ বিষয়ে গৱেষণা চলাইছিল। তদুপৰি, ম: এছ আলীৰ ‘টেক্স’ন’মিক ষ্টাডিজ ইন চিল’মাটচেটেছ অৱ আছাম’ শীৰ্ষক, বুবুল দাসৰ ‘এণ্টাগ’নিজিম অৱ এছপাৰজিলাছ টেৰেৱাছ অন ৰাইজ’ক্টনীয়া চ’লানী এণ্ড ইটছ এফেক্ট অন দি ইনচিডেনছ অৱ চিথ ব্লাইট অৱ ৰাইচ’ শীৰ্ষক আৰু অশোক ভট্টাচাৰ্যৰ বায়’কেমিকেল এণ্ড ফিজিঅ’লজিকেল চেনজেছ ইন কেমিকেলি ইনডিউছড ৰেজিষ্টেণ্ট ৰাইচ প্লেণ্ট এগেইনষ্ট চিথ ব্লাইট শীৰ্ষক গৱেষণাপত্ৰ উল্লেখযোগ্য । আকৌ , ড° অজিত ফুকন, ড° ৰুপাংকৰ ভাগৱতী, ড° প্ৰদীপ বৰা, ড° পুৰ্ণেশ্বৰ শইকীয়া, ড° অজয় শইকীয়া, ড° পলাশ দেৱনাথ আদিয়েও লক্ষণীয় গৱেষণাৰ কাম কৰি আছে। শস্যনিদান বিভাগত উল্লেখনীয় গৱেষণাৰ কাম কৰি অৱসৰ লোৱা দুগৰাকী প্ৰখ্যাত বিজ্ঞানী হ’ল  ড° এ কে ৰয় আৰু ড° উপেন শইকীয়া।

ঝ) সম্প্ৰসাৰণ শিক্ষা:

সম্প্ৰসাৰণ শিক্ষা বিভাগত ড° ৰাজেন্দ্ৰ কুমাৰ তালুকদাৰৰ অধীনত মুখেশ্বৰ গগৈ আৰু অৰুপ কুমাৰ ভট্টাচাৰ্যই সম্প্ৰসাৰণ শিক্ষাৰ গুৰুত্বপুৰ্ণ দিশত আলোকপাত কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। একে বিভাগতে প্ৰদীপ কুমাৰ নেওগে ড° দিলীপ কুমাৰ গগৈৰ পথ নিৰ্দেশনাত আন এখন লেখত ল’বলগীয়া গৱেষণাপত্ৰ বিশ্ববিদ্যালয়ক দাখিল কৰি ডক্টৰেট উপাধি পাইছে।

উপৰিউক্ত গৱেষণাপত্ৰ সমুহৰ যোগেদি গৱেষকসমুহে গৱেষণাৰ দিশত অসম কৃষি বিশ্ববিদ্যালয়ক চহকী কৰিছে। এই প্ৰবন্ধত উল্লেখ কৰা গৱেষণাসমুহৰ উপৰি আৰু অনেক গৱেষণাপত্ৰ বিশ্ববিদ্যালয়ক দাখিল কৰা হৈছে আৰু এইবোৰৰ ভিতৰৰে বহুতত উল্লেখযোগ্য কামো হৈছে। গতিকে আমাৰ এই আলোচনাত ব্যৱহাৰ কৰা গৱেষণাপত্ৰ সমুহৰ তালিকাখন পুৰ্ণাংগ বুলি ক’ব নোৱাৰি। বৰ্তমানেও বহুকেইজন গৱেষকে নিজা নিজা গৱেষণাত নিৰৱিচ্ছিন্নভাৱে লাগি আছে। তদুপৰি অসম কৃষি বিশ্ববিদ্যালয়ত কেতবোৰ বিষয়, যেনে- শস্য শৰীৰবিদ্য, জৈৱ ৰসায়ন বিভাগ, চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগ, শস্য কৃমি বিজ্ঞান বিভাগ আদিতো ভালেখিনি কাম হৈছে। জৈৱ ৰসায়ন বিভাগত ড° তৰুণ চন্দ্ৰ শৰ্মা, ড° লক্ষেশ্বৰ দত্ত, ড° মহীনাথ দেৱচৌধুৰীৰ গৱেষণা উল্লেখযোগ্য। চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগত নিবিড় বৰপুজাৰী, বি চি বৰবৰা, ডি এন শইকীয়া, ড° অনিৰুদ্ধ ডেকা, ড° সপোন বৰুৱা, ড° ৰাণাপ্ৰতাপ ভূঞা প্ৰভৃতিৰ গৱেষণাপত্ৰ লেখত ল’বলগীয়া। ইয়াৰ বাহিৰেও জৈৱ-প্ৰযুক্তিবিদ্যা বিভাগত ড° বিদ্যুৎ কুমাৰ শৰ্মাৰ উদ্যোগত বহুতো উচ্চ পৰ্যায়ৰ গৱেষণাৰ কাম চলি আছে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ গৱেষণা সঞ্চালকালয়ৰ যোগেদিও যথেষ্ট সংখ্যক গৱেষণাৰ কাম হৈছে। ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন হোৱাৰ লগে লগে ১৭ টা গৱেষণা আঁচনি আৰু ১০ খন পৰীক্ষামুলক পাম ৰাজ্য চৰকাৰে ১৯৭৩ চনৰ জুলাই মাহত বিশ্ববিদ্যালয়ক চমজাই দিয়ে। বৰ্তমানলৈ বিশ্ববিদ্যালয়ে ১৮৩ টা গৱেষণা আঁচনিৰ কাম সম্পুৰ্ণ কৰিছে। ইয়াৰ ভিতৰত ৫৫ টা আঁচনি ৰাজ্য চৰকাৰৰ অৰ্থ সাহায্যত , ৪৩ টা ভাৰতীয় কৃষি গৱেষণা সংস্থাৰ, ভাৰতীয় কৃষি গৱেষণা সংস্থাৰ অস্থায়ী (Ad-hoc) আঁচনি ৬০ টা, ভাৰতীয় কৃষি গৱেষণা সংস্থা/ আন্তৰ্জাতিক ধান গৱেষণা সংস্থাৰ ১ টা, ভাৰত চৰকাৰৰ ৪ টা, অসম চৰকাৰৰ ২ টা আৰু তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ অৰ্থ সাহায্যত ১ টা গৱেষণা আঁচনি (Research Project) ৰ কাম ৰুপায়িত কৰা হৈছে। গৱেষণা সঞ্চালকালয়ে পৰিচালনা কৰা গৱেষণা কেন্দ্ৰসমুহ তথা ইয়াত চলি থকা বিভিন্ন শস্যৰ গৱেষণাৰ বিষয়ে তলত এখন তালিকা দিয়া হ’ল-

প্ৰকৃতি

সংখ্যা

অৱস্থান

কি শস্যৰ গৱেষণা চলিছে

আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ (Regional Agril. Research Station)

৬ টা

উত্তৰ লক্ষীমপুৰ

 

 

তিতাবৰ

 

চিলঙনী

 

 

ডিফু

 

 

গোসাঁইগাওঁ

 

 

 

কৰিমগঞ্জ

 

 

 

দ’ পানীত হোৱা ধান, অন্য ধান, মাহজাতীয় শস্য আৰু তৈলবীজ

ধান

 

তৈলবীজ, মৰাপাট, মাহজাতীয় শস্য আৰু ঘেঁহু

ধান, গোমধান, তিল, কপাহ, সৰিয়হ, ঘেঁহু আৰু উদ্যানশস্য

মৰাপাট, ঘেঁহু, আলু,তৈলবীজ মাহজাতীয় শস্য, ধান আৰু গোমধান

ধান

পণ্যদ্ৰব্য গৱেষণা কেন্দ্ৰ (Commodity Research Station

৫ টা

টেঙা গৱেষণা কেন্দ্ৰ,

তিনিচুকীয়া কুঁহিয়াৰ গৱেষণা কেন্দ্ৰ, বুঢ়ালিকচন

উদ্যানশস্য

গৱেষণা কেন্দ্ৰ

কাহিকুঁছি

উপ-গৱেষণা কেন্দ্ৰ, খাৰুৱা

উপ-গৱেষণা কেন্দ্ৰ, হাফলং

 

টেঙা

 

কুঁহিয়াৰ

 

কল, মাটিকঁঠাল, নাৰিকল, শাক-পাচলি আৰু পাণ

নাৰিকল

 

উদ্যানশস্য বিষয়ক

 

 

অন্য ৰাজ্যৰ তুলনাত অসমৰ কৃষি জলবায়ু বেলেগ হোৱা হেতুকে ইয়াৰ বাবে প্ৰয়োজনীয় কম দিনত হ’ব পৰা অধিক উৎপাদনক্ষম সঁচৰ উদ্ভাৱনত অসম কৃষি বিশ্ববিদ্যালয়ে গুৰুত্ব আৰোপ কৰিছে। এতিয়ালৈ বিভিন্নধৰণৰ ধানৰ সঁচ বিশ্ববিদ্যালয়ে বাছনি কৰি অনুমোদন জনাইছে। তাৰ ভিতৰত ৰণজিত নামৰ সঁচটোৰ উৎপাদন হেক্টৰে প্ৰতি ৭ টনলৈ পোৱা গৈছে। তদুপৰি বানপানী আৰু খৰাং অঞ্চলৰ বাবে প্ৰফুল্ল আৰু গীতেশ ; ১৫-১৮ দিন পৰ্যন্ত পানীৰ তলত থাকিব পৰা জলশ্ৰী আৰু জলকুঁৱৰী ; বৰোধানৰ উন্নত জাত দীননাথ আৰু স্বৰ্ণাভ বিশ্ববিদ্যালয়য়ে উদ্ভাৱন কৰা উন্নত জহাধানৰ জাত কেতেকী জহা, বৰাধানৰ জাত আঘোণী বৰা আদিও কৃষকৰ মাজত জনপ্ৰিয় হৈছে। মৰাপাটৰ উন্নত সঁচ তৰুণ সমগ্ৰ ভাৰততেই অনুমোদন জনোৱাটো অসম কৃষি বিশ্ববিদ্যালয়ৰ উল্লেখযোগ্য সফলতা। গৱেষণা সঞ্চালকালয়ে গুৰুত্ব প্ৰদান কৰা গৱেষণাৰ বিষয়সমুহৰ ভিতৰত কম দিনত হ’ব পৰা অধিক উৎপাদনক্ষম ধানৰ সঁচৰ উদ্ভাৱন, ৰোগ আৰু পোক-পৰুৱা প্ৰতিৰোধকাৰী মাহজাতীয় শস্যৰ উদ্ভাৱন, উন্নত মানৰ কুঁহিয়াৰ, গোমধান আৰু সৰিয়হৰ সঁচৰ উদ্ভাৱন, জৈৱিক নিয়ন্ত্ৰণ (Biological Control) ৰ উদ্ভাৱন, উদ্যানশস্যৰ নিখুঁত কৃষি পদ্ধতি (Precision Farming), শস্য চপোৱাৰ উত্তৰকালীন প্ৰযুক্তি (Post Harvest Technology) ৰ উদ্ভাৱন আৰু অসমৰ মাটি আৰু জলবায়ুৰ সৈতে খাপ খাব পৰা আধুনিক কৃষি প্ৰযুক্তি কৌশলৰ উদ্ভাৱন আদি প্ৰধান।

কৃষি সম্প্ৰসাৰণ:

অসম কৃষি বিশ্ববিদ্যালয়ত অসমৰ কৃষক ৰাইজৰ মংগলৰ বাবে বিভিন্ন শস্যৰ সঁচ আৰু আধুনিক কৃষি প্ৰযুক্তি কৌশল উদ্ভাৱন হৈছে, কিন্তু এইবোৰ যদি কৃষক ৰাইজলৈ সম্প্ৰসাৰিত নহয়, তেতিয়াহ’লে এইবোৰৰ কোনো মুল্য নাথাকিব। সেয়েহে এই বিষয়ে চিন্তা-চৰ্চা কৰাৰ বাবে সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয় খোলা হৈছে। সঞ্চালকালয়ে ৰাজ্যিক কৃষি বিভাগ, আন আন উন্নয়ন সংস্থা আদিৰ জৰিয়তে খেতিয়ক ৰাইজৰ সৈতে যোগাযোগ ৰাখে যাতে বিশ্ববিদ্যালয়ত হোৱা গৱেষণাৰ সুফল তেওঁলোকে পাব পাৰে। বিভিন্নধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা; বাতৰি কাকত, আলোচনী আদি প্ৰকাশৰ ব্যৱস্থা, প্ৰযুক্তি হস্তান্তৰ আঁচনি আদি সঞ্চালকালয়ৰ মুখ্য দায়িত্ব। ৰাজ্যিক কৃষি বিভাগৰ বিষয়া আৰু কৰ্মীসকলক সময়ে সময়ে প্ৰশিক্ষণৰ ব্যৱস্থা কৰি কৃষিক্ষেত্ৰত হোৱা পৰিৱৰ্তনবোৰ জানিবলৈ দিয়া হয় যাতে তেওঁলোকে সেইবোৰ কৃষকক দিব পাৰে। ইয়াৰ বাবে সম্প্ৰসাৰণ শিক্ষা প্ৰতিষ্ঠান খোলা হৈছে। এনে অনুষ্ঠান সমগ্ৰ ভাৰতত মুঠ চাৰিটা আছে, তাৰে এটা অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটত স্থাপন কৰা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিভাগৰ পৰা সহজ-সৰল ভাষাত খেতিয়ক ৰাইজলৈ আধুনিক কৃষিজ্ঞান দিবলৈ ব্যৱস্থা লোৱা হৈছে। ইয়াৰ বাবে কৃষিভিত্তিক পত্ৰিকা ঘৰে-পথাৰে, মৃত্তিকা আদি প্ৰকাশ কৰি থকা হৈছে। তদুপৰি বিভিন্ন কৃষিজ্ঞান সম্বলিত নানাধৰণৰ বুলেটিন, পাম্ফলেট, লিফলেট আদিও প্ৰকাশ পাই আহিছে। আকৌ ৰবি, খাৰিফ আৰু উদ্যানশস্যৰ আধুনিক প্ৰযুক্তি কৌশলৰ বিৱৰণ থকা একোখন পুস্তিকা (Package of Practice) প্ৰত্যেক বছৰে প্ৰকাশ কৰা হয়।

অসমত কৃষি বিজ্ঞানৰ চৰ্চা কৰা কেতবোৰ সংস্থা -

উত্তৰ-পুৰ্বাঞ্চল কৃষি-অৰ্থনৈতিক গৱেষণা কেন্দ্ৰ (Agro-economic Research Centre for NE India, Assam Agril. University, Jorhat):

ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ অধীনত ১৯৬০ চনত উত্তৰ-পুৰ্বাঞ্চলৰ কৃষি-অৰ্থনৈতিক গৱেষণা কেন্দ্ৰ যোৰহাটত স্থাপন কৰা হয়। আদিতে ই অসম কৃষি মহাবিদ্যালয়ৰ সংলগ্ন আছিল, পাছলৈ ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন হোৱাত ইয়াৰ অধীনলৈ আহে। এই কেন্দ্ৰৰ মুখ্য লক্ষণসমুহ হ’ল-

১) গ্ৰাম্য অৰ্থনীতিৰ পৰিবৰ্তনসমুহৰ নেৰানেপেৰা অধ্যয়ন কৰা।

২) কৃষি-অৰ্থনৈতিক সমস্যাসমুহৰ অস্থায়ী অনুসন্ধান কৰা।

৩) কৃষি- অৰ্থনীতিৰ মৌলিক সমস্যাসমুহৰ অধ্যয়ন/ গৱেষণা কৰা ।

৪) উত্তৰ-পুৰ্বাঞ্চলৰ সমুহ ৰাজ্য চৰকাৰ তথা ভাৰত চৰকাৰক পৰামৰ্শ যোগান ধৰা।

প্ৰতিষ্ঠা কালৰে পৰা এই অনুষ্ঠানটোৱে উত্তৰ-পুৰ্বাঞ্চলৰ কৃষি- অৰ্থনীতিৰ বিভিন্ন দিশত গৱেষণা চলাই আহিছে। প্ৰাপ্ত তথ্য অনুসাৰে কেন্দ্ৰটোৱে এতিয়ালৈকে প্ৰায় এশটা গৱেষণামুলক অধ্যয়ন সমাপ্ত কৰিছে।

অসম দুৰ সংবেদন প্ৰয়োগ কেন্দ্ৰ (Assam Remote Sensing Application Centre, Guwahati):

অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশবিদ্যা পৰিষদ (Assam Science, Technology and Environment Council, Guwahati) ৰ অধীনত ১৯৮৮-১৯৮৯ চনত গুৱাহাটীত ‘অসম দুৰ সংবেদন প্ৰয়োগ কেন্দ্ৰ’ স্থাপন কৰা হয়। এই কেন্দ্ৰৰ দ্বাৰা পৰিচালিত হৈ থকা কৃষি বিজ্ঞান সম্বন্ধীয় গৱেষণাসমুহ হ’ল-

১) Land use/ Land cover mapping of Assam (District wise)

২)Integrated Mission For Sustainable Development

৩)Crop Acreage and Production Estimation project

ইয়াৰ বাহিৰেও গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উদ্ভিদবিদ্যা শাখাতো কিছু পৰিমাণে কৃষি বিজ্ঞানৰ গৱেষণা হৈ আছে। যোৰহাটস্থ আঞ্চলিক গৱেষণাগাৰত কৃষি বিজ্ঞানৰ বিভিন্ন শাখাত আৰু টোকলাই চাহ গৱেষণা কেন্দ্ৰত চাহ বিষয়ক লৈ নানান ধৰণৰ গৱেষণাৰ কাম চলি আছে। তদুপৰি বৰ্তমান সময়ত অসমৰ সংবাদপত্ৰসমুহে নিয়মীয়াভাৱে কৃষিভিত্তিক চৰ্চা কৰি থকা পৰিলক্ষিত হৈছে।

লেখক: ড° প্ৰশান্ত মিশ্ৰ

উৎস: আধুনিক কৃষিকথা (কৃষি শিক্ষা, বিজ্ঞান, প্ৰযুক্তি আৰু কৃষক)

 

 

3.11428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top