অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষক অধিকাৰ আৰু আমাৰ কৰণীয় :

কৃষক অধিকাৰ আৰু আমাৰ কৰণীয়ৰ বিষয়ে লিখা হৈছে ।

 

কৃষক অধিকাৰ মানে বীজ বা অন্য যিকোনো প্ৰৰ্বধনশীল বস্তুৰে কৃষকৰ দ্বাৰা সংৰক্ষণ , ব্যৱহাৰ, বিক্ৰী অথবা বিনিময়ৰ গতানুগতিক অধিকাৰকে বুজায়। সমগ্ৰ বিশ্বৰ জেনেটিক সম্পদৰ বৰ্ধন, ব্যৱসায়িকভাৱে বীজৰ উৎপাদন আদিত কৃষকৰ অৰিহণাক বিশ্বজনীনভাৱে স্বীকৃতি প্ৰদান তথা পুৰস্কৃতকৰণৰ ধাৰণাও কৃষক অধিকাৰৰ আওতালৈ অনা হৈছে। তদুপৰি, শস্যৰ জেনেটিক সম্পদ সন্দৰ্ভত যিকোনো বিষয়তে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত কৃষকৰ অংশগ্ৰহণ নিশ্চিত কৰাও কৃষক অধিকাৰৰ ভিতৰতেই পৰে। ঊনৈশ শতিকাৰ আশীৰ দশকৰ আগভাগতে কৃষক অধিকাৰৰ ধাৰণাই বিশ্বজগতত মুৰ দাঙি উঠে। ঘাইকৈ উদ্ভিদ প্ৰজননবিদৰ অধিকাৰৰ ধাৰণাৰ প্ৰতিমুখে। মুলত: কৃষকৰ দ্বাৰা আৱিষ্কৃত ধাৰণাসমুহে আধুনিক উদ্ভিদ প্ৰজননবিদ্যা চৰ্চাৰ ভেটি সুদৃঢ় কৰাত সহায় কৰিছিল। গতিকে কৃষকসকলৰ অৱদান আৰু  অধিকাৰ মুঠেও নেওচা দিব পৰা নাযায়। কাৰণ এয়া হ’ল তেওঁলোকৰ হেজাৰ বছৰৰ শ্ৰমৰ ফচল।

১৯৮৬ চনত কৃষকৰ অধিকাৰ বিষয়ক ধাৰণাটো ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO) ত আলোচিত হয় যদিও ১৯৮৯ চনত ই ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃত হয়। পাছলৈ ২০০১ চনত খাদ্য আৰু কৃষিক্ষেত্ৰৰ জেনেটিক সম্পদ সম্পৰ্কীয় আন্তৰ্জাতিক চুক্তিমৰ্মে ৰাষ্ট্ৰসমুহৰ ওপৰত কৃষক অধিকাৰ বিষয়ত কৰ্মসুচী তৈয়াৰ কৰিবলৈ দায়িত্ব ন্যস্ত কৰা হয়। আমাৰ দেশ ভাৰতবৰ্ষই আন্তৰ্জাতিক চুক্তিক সন্মান প্ৰদৰ্শন কৰি ২০০১ চনতেই ‘The Protection of Plant Varities and Farmers’ Rights Act, 2001’ সদনত গৃহীত কৰে। ফলস্বৰুপে কৃষকক কেৱল খেতিয়ক হিচাপেই নহয়, কৃষিবীজ সংৰক্ষক হিচাপেও স্বীকৃতি প্ৰদান কৰা হ’ল। এই আইনখনৰ ঘাই ঘাই লক্ষ্যসমুহ থোৰতে এনেধৰণৰ-

১) বিভিন্ন শস্যৰ সঁচসমুহৰ সংৰক্ষণৰ বাবে উপযুক্ত ব্যৱস্থা গঢ়ি তোলা।

২) কৃষক আৰু উদ্ভিদ প্ৰজননবিদৰ অধিকাৰ সাব্যস্ত কৰা।

৩) বীজ উদ্যোগৰ সংবৰ্ধনৰ প্ৰতি লক্ষ্য ৰাখি গৱেষণা আৰু উন্নয়নৰ বাবে ধন ধাৰ্য কৰা।

৪) কৃষকৰ বাবে উন্নত বীজ আৰু সংবৰ্ধনশীল উপাদানৰ যোগানৰ পৰ্যাপ্ততা নিশ্চিত কৰা ইত্যাদি।

উপৰিউক্ত আইনখনৰ Section 39(I) clause (i-iv) মৰ্মে ‘The farmer… shall be deemed to be entitled to save, use, resow, exchange, share or sell his farm produce including seed of a variety protected under this act in the same manner as he was entitled before the coming into force of this act, provided that the farmer shall not be entitled to sell branded seed of a variety protected under this act (ভাবানুবাদ: এই আইনৰ আওতাৰ মাজেৰে ৰক্ষণাবেক্ষণ দিয়া যিকোনো শস্যৰ বীজৰেই কৃষকসকলে আগৰ দৰেই সংৰক্ষণ , ব্যৱহাৰ, পুনৰ ৰোপণ, বিক্ৰী আৰু বিনিময়ৰ অধিকাৰ লাভ কৰিব।

তদুপৰি, এই আইনৰ আন এটি গুৰুত্বপুৰ্ণ দিশ হ’ল: ‘When any propagating material of a variety registered under this act has been sold to a farmer or a group of farmers or any organization of farmers, the breeder of such variety shall disclose to the farmer or the group of farmers or the organisation of farmers, as the case may be, the expected performance under given conditions, and if such propagating material fails to provide such farmers or the organisation of farmers, as the case may be, may claim compensation in the prescribed manner before the authority and the authority after giving notice to the breeder of the variety and after providing him an opportunity to file opposition in the prescribed manner and after hearing the parties, may direct the breeder of the variety to pay such compensation as it deems fit, to the farmer or the group of farmers or the organisation of farmers, as the case may be’.

(ভাবানুবাদ: এই আইনৰ অধীনত কোনো কৃষকে বা কৃষক সংগঠনে ৰোপণ কৰিবলৈ অনা বীজ বা আন সংবৰ্ধনশীল উপাদানৰ পৰা আশানুৰুপ উৎপাদন নাপালে বীজ বা আন যিকোনো সংবৰ্ধনশীল উপাদানৰ উৎপাদক বা সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা ক্ষতিপুৰণ দাবী কৰিব পাৰিব)।

এই আইনখনৰ আন কেইটিমান ভাল দিশ হ’ল-‘The use of farmer varieties to breed new varieties will have to be paid for’ তদুপৰি উদ্ভিদ প্ৰজননবিদে ‘terminator technology’  ব্যৱহাৰ কৰিব নোৱৰা, বেয়া বা ভেজাল সঁচৰ বাবে আইনসন্মত ব্যৱস্থা গ্ৰহণ কৰা, কৃষকে কিবা তথ্য চাব বিচাৰিলে তাৰ বাবে কোনোধৰণৰ ধন ভৰিব নলগা আদি এই আইনখনৰ উল্লেখযোগ্য দিশ। কিন্তু কথা হ’ল, আমাৰ দেশৰ কিমানজন কৃষক এই আইনখন সন্দৰ্ভত অৱগত বা সচেতন? ইয়াৰ বাবে কৰণীয় কি কি আছে? ঘাইকৈ ‘Farmers’ right: Resource Pages for Decision Makers and Practitioners’ ত কেতবোৰ পৰামৰ্শৱলী দাঙি ধৰা হৈছে। তাৰ আধাৰত আইনখন কাৰ্যকৰী কৰিবলৈ যাওঁতে ল’বলগীয়া পদক্ষেপসমুহ তলত দাঙি ধৰা হ’ল।

পদক্ষেপ ১:

কৃষকৰ অধিকাৰ সন্দৰ্ভত সজাগতা বৃদ্ধি কৰা -

২০০৫ চনতেই চলোৱা এক আন্তৰ্জাতিক জৰীপৰ পৰা এই কথা গম পোৱা গৈছে যে কৃষক ৰাইজ তেওঁলোকৰ অধিকাৰৰ বিষয়ে অলপো সজাগ নহয়। যদিহে কৃষক সমাজৰ মাজত সজাগতা বৃদ্ধি নাপায় তেনেহ’লে আইনখনে কোনো কাৰ্যকৰী ভুমিকা লোৱাত সফলকাম নহ’ব। ইয়াৰ বাবে আমাৰ কৰণীয় কেতবোৰ কৰ্তব্য হ’ল-

ক) কেন্দ্ৰীয় সংস্থাসমুহত সজাগতা সৃষ্টি কৰা।

খ) বিভিন্ন খণ্ডত সজাগতা বৃদ্ধি কৰা।

গ) ছপা মাধ্যম অথবা ইলেকট্ৰ’নিক মাধ্যমৰ যোগেদি এই বিষয়ত কৃষকৰ সজাগতা বৃদ্ধি কৰা।

ঘ) কৃষক মেলা, প্ৰদৰ্শনী, বক্তৃতানুষ্ঠান, ছেমিনাৰ, পোষ্টাৰিং, প্ৰশিক্ষণ আদিৰ মাধ্যমেৰে সজাগতা বৃদ্ধিৰ প্ৰচেষ্টা চলোৱা।

পদক্ষেপ: ২

আইনখন কাৰ্যকৰী কৰাত কৃষকৰ অংশগ্ৰহণ নিশ্চিতকৰণ কৰা। কৃষকৰ অংশগ্ৰহণ অবিহনে আইনখন কেতিয়াও কাৰ্যকৰী কৰিব পৰা নাযাব। ঘাইকৈ তিনিটা কাৰণত কৃষকৰ অংশগ্ৰহণ প্ৰয়োজনীয়:

ক) শস্যৰ জৈৱ-বৈচিত্ৰ্য ৰক্ষা কৰাটো যিহেতু আন্তৰ্জাতিক চুক্তিৰ অন্যতম ঘোষিত উদ্দেশ্য, গতিকে এইক্ষেত্ৰত কোনো সিদ্ধান্ত লওঁতে কৃষকে সক্ৰিয় ভুমিকা ল’বই লাগিব।

খ) যিহেতু কেৱল কৃষকেহে নিজৰ অৱস্থাৰ বিষয়ে অৱগত, গতিকে কৃষক অধিকাৰ কি ব্যৱস্থা ল’লে সাব্যস্ত হ’ব- সেয়া তেওঁলোকহে ভালদৰে বুজি পায়।

গ) আইনখন প্ৰায়োগিক ক্ষেত্ৰত বিধিসন্মত হোৱাটো নিশ্চিত কৰিবলৈ কৃষকৰ অংশগ্ৰহণ নিতান্তই প্ৰয়োজনীয়।

অৱশ্যে কৃষকৰ অংশগ্ৰহণ নিশ্চিত কৰাটো সহজ কাম নহয়। এইক্ষেত্ৰত তলৰ প্ৰশ্নসমুহৰ উত্তৰে আমাক সঠিক পথ দেখুৱাব পাৰে-

ক) কোনসকল কৃষকক এই পদ্ধতিৰ আওতালৈ আনিব লাগিব?

খ) কৃষকৰ প্ৰতিনিধি আমি কেনেকৈ নিৰ্বাচিত কৰিম?

গ) কৃষকৰ প্ৰতিনিধি কোনে নিৰ্বাচিত কৰিব? ইত্যাদি।

পদক্ষেপ: ৩

ৰাষ্ট্ৰীয় পৰ্যায়ত কৃষক অধিকাৰ সন্দৰ্ভত আলাপ-আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা । ইয়াৰ বাবে কৰ্মশালাৰ মাধ্যমত এক আৰ্হি তৈয়াৰ কৰা।

পদক্ষেপ:৪

কৃষক অধিকাৰৰ ধাৰণাসমুহ সুচাৰুৰপে প্ৰয়োগ কৰিবলৈ আনুষ্ঠানিকতা সম্পুৰ্ণ কৰা, অৰ্থাৎ কোনো অনুষ্ঠান-প্ৰতিষ্ঠান গঢ়ি তোলা। ইতিমধ্যে এই দিশত চৰকাৰ অগ্ৰসৰ হৈছেই।

পদক্ষেপ ৫:

কৃষকৰ গতানুগতিক অধিকাৰসমুহক সুৰক্ষা প্ৰদান কৰা আৰু লগতে আইনী ব্যৱস্থা হাতত লোৱা, যাতে কৃষকে বীজ আৰু  অন্যান্য সংবৰ্ধনশীল বস্তুসমুহৰ সংৰক্ষণ, ব্যৱহাৰ, বিনিময় আৰু বিক্ৰী কৰাত অসুবিধাত নপৰে।

পদক্ষেপ ৬:

শস্য জেনেটিক সম্পদৰ ক্ষেত্ৰত কৃষকৰ পৰম্পৰাগত জ্ঞানৰ সুৰক্ষা প্ৰদান কৰা। কৃষকসকলে পৰম্পৰাগতভৱে মানি চলা জেনেটিক সম্পদ যাতে কোনোৱে অসৎ উপায়েৰে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ ব্যৱস্থা ৱহাতত লোৱা। অৰ্থাৎ এই পৰম্পৰাগত পদ্ধতিসমুহৰ ওপৰত কৃষকৰ সম্পুৰ্ণ কৰ্তৃত্ব থাকিব। পৰম্পৰাগত পদ্ধতিসমুহ যাতে লুপ্ত হৈ নাযায় তাৰ বাবে এই জ্ঞান কৃষকসকলৰ মাজত ভগাই লোৱা বা প্ৰচাৰ কৰাও অতীৱ প্ৰয়োজন।

পদক্ষেপ ৭:

জেনেটিক সম্পদসমুহৰ পৰা হ’ব পৰা সম্ভাব্য লাভাংশ যাতে ন্যায়সংগতভাৱে সকলোৱে ভোগ কৰিব পাৰে তাৰবাবে ব্যৱস্থা হাতত লোৱা। এই দিশত মন কৰিবলগীয়া কথা হ’ল এয়ে যে সমাজৰ সকলো কৃষকেই এই জেনেটিক সম্পদৰ মালিক আৰু সেয়েহে ইয়াৰ সুফল সকলোৱেই সমানে ভাগ কৰি ল’ব লাগে। সমাজৰ বৃহত্তৰ স্বাৰ্থতেই ই অতিকে প্ৰয়োজনীয় দিশ।

পদক্ষেপ: ৮

জেনেটিক সম্পদৰ ক্ষেত্ৰত ল’বলগীয়া সিদ্ধান্তসমুহত কৃষকৰ অংশগ্ৰহণ নিশ্চিতকৰণ কৰা। যুগ যুগ ধৰি বিশ্ব জেনেটিক সম্পদৰ পালনকৰ্তা এই কৃষকসকলক পুৰষ্কৃত কৰাও প্ৰয়োজন। কাৰণ জৈৱ-বৈচিত্ৰ্যতা ৰক্ষা কৰাত কৃষকসকলৰ অৰিহণা আজিকোপতি স্বীকৃত হোৱা নাই, বৰং এই কৃষকসকল অৱহেলিত হৈহে ৰৈছে। মানৱতাৰ প্ৰতি তেওঁলোকৰ এই মহান অৱদানৰ বাবে তেওঁলোকক সন্মান প্ৰদৰ্শন কৰাটো অৱশ্যে কৰ্তব্য বুলি বিবেচিত হৈছে।

উপসংহাৰ -

এই কথা দিনৰ পোহৰৰ দৰেই স্বচ্ছ যে কৃষক অধিকাৰ সাব্যস্ত কৰাই হ’ল শস্য জৈৱ-বৈচিত্ৰ্যতা ৰক্ষাৰ পুৰ্বচৰ্ত। এই জৈৱ-বৈচিত্ৰ্যতা ৰক্ষাৰ ওপৰতেই খাদ্য আৰু কৃষিৰ উৎপাদন নিৰ্ভৰ কৰিছে। আনকি শস্য ৰোগ, পোক-পৰুৱা, জলবায়ু পৰিৱৰ্তন আৰু মাটিৰ উৰ্বৰতা শক্তিৰ হ্ৰাসমান অৱস্থা আদি প্ৰত্যাহ্বানসমুহৰ মোকাবিলা কৰিবলৈ কৃষক অধিকাৰৰ মুল দফাসমুহ সঁচা অৰ্থতেই কাৰ্যকৰী হোৱা উচিত। যিহেতু কৃষকেই হ’ল জেনেটিক সম্পদৰ উদ্ভাৱক আৰু ৰক্ষাকৰ্তা, গতিকে বিশ্ব খাদ্য নিৰাপত্তা সুনিশ্চিতকৰণ কৰিবলৈ কৃষক্ৰ অধিকাৰ তেওঁলোকক ঘুৰাই দিব লাগিব। দৰিদ্ৰতা আৰু ক্ষুধাৰ বিৰুদ্ধে চলি থকা যুঁজখন তেতিয়াহে সফল পৰিসমাপ্তিৰ ফালে অগ্ৰসৰ হ’ব।

লেখক: ড° প্ৰশান্ত মিশ্ৰ

উৎস: আধুনিক কৃষিকথা (কৃষি শিক্ষা, বিজ্ঞান, প্ৰযুক্তি আৰু কৃষক)

3.06666666667
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top