অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিজ্ঞান, প্ৰযুক্তি আৰু কৃষি :

বিজ্ঞান, প্ৰযুক্তি আৰু কৃষিৰ বিষয়ে লিখা হৈছে ।

 

ঐতিহাসিক দৃষ্টিপাত -

আজিৰ পৰা প্ৰায় ৯-১০ হেজাৰমান বছৰৰ আগেয়ে তিৰোতাসকল কৃষিকাৰ্য আৱিষ্কাৰ কৰে। সেই সময়ত শিল, পশুৰ হাড় অথবা দাঁতেৰে তৈয়াৰী কুঠাৰ, কোৰ আৰু কাঁচি কৃষিকাৰ্যত ব্যৱহৃত প্ৰধান সঁজুলি আছিল। লাহে লাহে আগতকৈ ডাঙৰ আকৃতিৰ কোৰ তৈয়াৰ কৰি আদিম মানুহে তাত নাল লগালে। এইদৰে নাঙলৰ উদ্ভৱ হ’ল। ইয়াৰ পাছত নাঙল টানিবলৈ ষাঁড় জুঁটি দিয়াৰ ব্যৱস্থা প্ৰচলন হোৱাৰ পাছত কৃষিকৰ্ম আগতকৈ অধিক উন্নত আৰু খৰকতীয়া হৈ পৰিল। এই ব্যৱস্থা এতিয়াৰ পৰা ৫-৬ হেজাৰমান বছৰৰ পূৰ্বে আৰম্ভ হৈছিল।

প্ৰাচীন মিচৰীয়সকলে কোৰ আৰু কাঠৰ পাতল নাঙলেৰে চাহ কৰা মাটিত বীজ সিঁচি পথাৰৰ মাজেৰে ছাগলী, ভেঁড়া আৰু গাহৰিৰ জাক খেদাই নিছিল, যাতে বীজবোৰ ভালকৈ মাটিত পোত খই যায়। শস্যৰ থোকৰ পৰা গুটি এৰুৱাবলৈ মাটিত সেইবোৰ আছাৰ মাৰিছিল। আনকি শইচ মেলি দি তাৰ ওপৰেদি গৰু আদি পশু ফুৰাই মৰণামৰা পদ্ধতিৰো আৱিষ্কাৰ কৰিছিল। মেছোপটেমিয়াৰ অধিবাসীসকলে খ্ৰীষ্টপূৰ্ব ৭০০০-৬০০০ বছৰৰ আগেয়েই খেতিবাতিৰ কামত কোৰ ব্যৱহাৰ কৰিছিল। তাৰ উৰ্বৰ ভূমিৰ বাবে প্ৰচুৰ পৰিমাণে খেজুৰ উৎপাদন হৈছিল।

মধ্যপ্ৰাচ্যত খ্ৰীষ্টপূৰ্ব ২০০০-১০০০ বছৰৰ সময়ছোৱাত লোৰ ব্যৱহাৰ প্ৰচলন হোৱাত পাহাৰী অঞ্চলত শিলাময় মাটিতো খাল খান্দি খেতিপথাৰত জলসিঞ্চন ব্যৱস্থা সম্ভৱ কৰি তুলিছিল। আদিতে গ্ৰীচৰ শিলাময় মাটিত চাহ কৰাটো কষ্টসাধ্য আছিল, কিন্তু খ্ৰীষ্টপূৰ্ব ১০০০ চনত গ্ৰীচত লোহাৰ সামগ্ৰী নিৰ্মিত হোৱাৰ লগে লগে মাটি চাহ কৰা নতুন পদ্ধতি ওলাল আৰু শস্যৰ উৎপাদনো বাঢ়িবলৈ ধৰে।

প্ৰখ্যাত ঐতিহাসিক কৌশাম্বীৰ মতে প্ৰাচীন ভাৰতবৰ্ষৰ সিন্ধু উপত্যকাৰ মানুহে নাঙল ব্যৱহাৰ কৰা নাছিল। তেওঁ সিন্ধু উপত্যকাৰ মানুহে খেতিবাতি কৰিবলৈ জোঙাল জবকাহে ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰিছে। তদুপৰি, সিন্ধু উপত্যকাৰ মানুহে নদীৰ শাখা নদীবোৰত বান্ধ দি জলসিঞ্চন ব্যৱস্থা কৰিছিল। এই বান্ধবোৰে বানপানী হোৱাত সহায় কৰিছিল। কৌশাম্বীৰ মতে সিন্ধু উপত্যকাৰ প্ৰচলিত কৃষি পদ্ধতিৰে মেছোপটেমিয়াৰ তুলনাত কম ৰাহি শস্য উৎপন্ন কৰিব পাৰিছিল।

ভাৰতবৰ্ষত ঋগ্বৈদিক যুগত খেতিবাতি নাঙলেৰে কৰা হৈছিল যদিও লোহাৰ ব্যৱহাৰ হৈছিলনে জানিব পৰা নাযায়। দা, খন্তি আদি কিছুমান খেতিৰ সঁজুলিৰ উল্লেখ ঋগ্বেদত পোৱা যায়। সম্ভৱতঃ ব্ৰাহ্মণ যুগত(খ্ৰীষতপূৰ্ব ৩০০০-৫০০০) নাঙলৰ ফালত লোহা ব্যৱহাৰ কৰা হৈছিল।

ফলস্বৰূপে, একোটা অঞ্চলত বিস্তৃত হলকৰ্ষণ সম্ভৱ হৈছিল। ব্ৰাহ্মণ গ্ৰন্থসমূহত ধান, তিল, মচুৰ মাহ, মুগ, উৰহী আদি বিভিন্ন শস্যৰ উল্লেখ আছে। শতপথ ব্ৰাহ্মণত ভূঁই ৰোৱা, ধান কটা আৰু মৰণা মৰাৰ বাহিৰেও খেতিত গোবৰ দিয়াৰ কথাও লিপিবদ্ধ কৰা আছে।

উদ্ভিদৰ প্ৰয়োজন পোষক দ্ৰব্য(Plant Nutrient) সম্পৰ্কে পোনপ্ৰথমে বৈজ্ঞানিক চিন্তা-চৰ্চা কৰে ভন হেলমন্ট(Van Helmont, 1577-1644) নামৰ বিজ্ঞানীজনে। যেথ্ৰো টুল(Jethro Tull: 1674-1741 A.D) নামৰ বিজ্ঞানী এজনে কৃষি পদ্ধতিৰ বিষয়ে গৱেষণা কৰিছিল। ১৮৪০ চনত য়ুছটাছ ভন লিৱিগ নামৰ বিগানী এজনে কৃষিৰ বিষয়ে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰ গৱেষণা শুভাৰম্ভ কৰে।

মেণ্ডেল আৰু ডাৰউইনৰ গৱেষণাই কৃষি বিষয়ৰ চিন্তা-চৰ্চাৰ ক্ষেত্ৰলৈ জোৱাৰ আনিলে। ১৮৯২ চনত প্ৰথমখন সফল ট্ৰেক্টৰ আমেৰিকাত নিৰ্মাণ কৰি উলিওৱা হয়। যোৱাটো শতিকাৰ ত্ৰিশৰ দশকত বৃহৎ পৰিমাণৰ কৃষি সঁজুলি তৈয়াৰ কৰা হয়। অৰ্থনৈতিক হেঁচা আৰু শ্ৰমিকৰ সংখ্যা হ্ৰাস হোৱাৰ কাৰণে বিশৰ দশকত কৃষিক্ষেত্ৰত বিজুলীকৰণৰ ব্যৱস্থা কৰা হয়।

আমাৰ দেশত ঊনৈশ শতিকাত কৃষিক্ষেত্ৰত বৈজ্ঞানিক চিন্তা চৰ্চাৰ সূত্ৰপাত হয়। কৃষি গৱেষণাৰ বাবে বিহাৰৰ পুছাত ১৯০৫ চনতে ‘Imperial Agricultural Research Institute’ স্থাপন কৰা হয়। ১৯৩৬ চনত এই অনুষ্ঠান নতুন দিল্লীলৈ স্থানান্তৰ কৰা হয়। ১৯৬০ চনৰ পাছত ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়সমূহ স্থাপন হৈ কৃষি গৱেষণাৰ নতুন পথ মুকলি কৰে।

বৰ্তমান সময়ৰ কৃষি ব্যৱস্থা -

বৰ্তমান সময়ৰ কৃষি বিজ্ঞান আৰু প্ৰযুক্তিয়ে এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ মাজেৰে আগবাঢ়িছে। অত্যধিক জনসংখ্যা বৃদ্ধিৰ ফলত কৃষি উৎপাদন বৃদ্ধিৰ প্ৰযুক্তি কৌশল উদ্ভাৱনত বিজ্ঞানীসকল নিয়োজিত হ’বলগা হৈছে। পেটে-ভাতে খাই থকা অৱস্থাৰ পৰা কৃষি ব্যৱস্থাক বৰ্তমান কৃষি-বাণিজ্যৰ মৰ্যদা প্ৰদান কৰা হৈছে(তালিকা নং ১)। প্ৰথম পৰিকল্পনাৰ সময়ত মুঠ কৃষিভূমিৰ ৭৬.৭০ শতাংশত খাদ্যশস্য উৎপাদন কৰা আৰু ২৩.৩০ শতাংশ ভূমিতহে অনা-খাদ্যশস্য(non food crops) কৰা হৈছিল। কিন্তু ২০০১ বৰ্ষত মুঠ কৃষিভূমিৰ ৬৫.৮৩ শতাংশত খাদ্যশস্য আৰু ৩৪.২১ শতাংশ মাটিত অনা-খাদ্যশস্য উৎপাদন কৰা হৈছে।

অৰ্থাৎ আমাৰ দেশৰ কৃষি ব্যৱস্থাই বাণিজ্যিকীকৰণ দিশলৈ ধাৱমান হৈছে। কৃষি প্ৰযুক্তিৰ চমকপ্ৰদ বিকাশে কৃষিৰ উৎপাদন(তালিকা নং ২) আশাতীতভাৱে বৃদ্ধি কৰিছে। আৰু ই এচাম কৃষকৰ উপাৰ্জন বৃদ্ধিতো সহায় কৰিছে। বিগত দুটা দশকত ভাৰতবৰ্ষৰ কৃষি ব্যৱস্থাৰ দৃশ্যপট সলনি হৈছে। ঘাইকৈ ঘেঁহু আৰু ধানৰ ক্ষেত্ৰত সংঘটিত সেউজ বিপ্লৱে এই পৰিৱৰ্তন সাধন কৰিছে।

তলত ভাৰতবৰ্ষৰ কৃষিক্ষেত্ৰখনৰ এক তুলনামূলক তালিকা দিয়া হ’ল:

তালিকা নং ১:

১৯৫০-৫১ চনৰ পৰা ভাৰতবৰ্ষৰ পৰিৱৰ্তিত শস্যক্ৰম ব্যৱস্থা(শতাংশ হিচাপত):

 

শস্য

১৯৫০-৫১

১৯৬০-৬১

১৯৭০-৭১

১৯৮০-৮১

১৯৯০-৯১

২০০০-০১

ধান

৩.৫

২২.৩

২২.৬

২৩.৭৩

২৩

২৪.০৩

গোমধান

৭.৬

৮.৫

১১

১২.৮

১২.৮

১৩.৮৪

অন্য ধান জাতীয় শস্য

২৯.৯

২৯.৪

২৭.৮

২৪.৮

১৯.৬

১৬.৫৫

সকলো ধান জাতীয় শস্য

৬১.১

৬০.২

৬১.৪

৬০.৮

৫৫.৫

৫৪.৪৩

সকলো মাহ জাতীয় শস্য

১৫.৬

১৫.৫

১৪

১৩.২

১৩.৫

১১.৪

সকলো খাদ্যশস্য

৭৬.৭

৭৫.৭

৭৫.৪

৭৩.৯

৬৮.৯

৬৫.৮৩

কুঁহিয়াৰ

১.৩

১.৬

১.৬

১.৭

২.১

২.৪৯

মচলাজাতীয় শস্য

০.৯

১.১

১.২

১.৩

১.৫

ফল্মূল, শাক-পাচলি

১.৭

১.৯

১.৭

৩.৬

৪.৩৯

তৈলজাতীয় শস্য

৮.৩

৮.৩

৮.৯

৯.১

১৩.৫

১৩.৫৬

সকলো আঁহজাতীয় শস্য

৫.১

৫.৭

৫.৫

৫.৩

৪.৭

৫.২২

ধঁপাতজাতীয় শস্য

০.৩

০.৩

০.২

০.৩

০.২

০.১৬

 

তালিকা নং ২:

ভাৰতৰ ঘাই ঘাই শস্যৰ মাটিকালি, সৰ্বমুঠ উৎপাদন আৰু উৎপাদিকা শক্তি -

 

শাস্য

মাটিকালি(হেক্টৰ)

উৎপাদন(মিলিটন টন)

উৎপাদিকা শক্তি(কেজি/হেক্টৰ)

ধান

৪৩.৯

৮৫.২

১৯৩৮

গোমধান

২৬.৪

৭১.০

২৬৯২

জোৱাৰ

৯.৮

৭.৮

৮০৩

বাজুৰা

৯.০

৬.৫

৭১৮

মাকৈ

৬.৫

১১.৮

১৮১৭

তুৰ

৩.৪

২.৪

৭০৩

বুটমাহ

৬.৪

১৯৯.৪

৭৯৬

সকলো খাদ্যশস্য

১২০.৮

৬.৪

১৬৫১

বাদাম

৬.৬

৪.৯

৯৭০

সৰিয়হ

৫.৩

৬.০

৯২৪

চয়াবিন

৬.৩

৬.০

৯৫৮

বেলিফুল

১.৪

০.৮

৫৫২

তৈলজাতীয় শস্য

২৩.৪

১৯.৯

৮৫০

কুঁহিয়াৰ

৪.৩

২৯৮.৫

৬৯০৬৫

কপাহ

৮.৭

১০.৪

২০৪

মৰাপাট আৰু মেষ্টা

১.০

১০.৮

১৯৪৪

আলু

১.৩

২৩.৬

১৮৩৪৩

পিঁয়াজ

০.৫

৪.৮

১০৫৪০

 

এই উৎপাদন বৃদ্ধিৰ মূলতে আছে অধিক উৎপাদনক্ষম, কমদিনত হ’ব পৰা সঁচৰ ব্যৱহাৰ, ৰাসায়নিক সাৰ, জলসিঞ্চন, কীটনাশক দৰব আদিৰ প্ৰয়োগ আৰু ট্ৰেক্টৰ, পাৱাৰটিলাৰ আদিৰ ব্যৱহাৰ। নিত্য-নতুন প্ৰযুক্তিৰ উদ্ভাৱনে জেনেটিক আৰু অন্যান্য সম্পদৰ পূৰ্ণ ব্যৱহাৰ কৰি দেশখনক কৃষিক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ সক্ষম কৰিছে।

প্ৰায় ২৮ হেজাৰ কৃষি বিজ্ঞানী আৰু ১ লাখ সহায়কাৰীৰে সৈতে ভাৰতৰ কৃষি গৱেষণা বিশ্বৰ ভিতৰত বিশাল বুলি পৰিগণিত হৈছে। তলত বিভিন্ন সংস্থাৰ লগত জড়িত বিজ্ঞানীৰ সংখ্যাৰ এখন তালিকা দিয়া হ’ল-

তালিকা নং ৩:

বিভিন্ন সংস্থাৰ লগত জড়িত কৃষি বিজ্ঞানীৰ সংখ্যা:

 

সংস্থা

বিজ্ঞানীৰ সংখ্যা

১)ভাৰতীয় কৃষি গৱেষনা পৰিষদ

৬,৫০০

২)ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়

১৮,৫০০

৩)সাধাৰণ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়

১,০০০

৪)কৃষিভিত্তিক উদ্যোগ

১,০০০

৫)স্বেচ্ছাসেৱী সংস্থা

২৫০

৬)চৰকাৰী বিভাগ

২৫০

 

ভাৰতীয় সংবিধান অনুসৰি কৃষি শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ দায়িত্ব ৰাজ্য চৰকাৰৰ যদিও কেন্দ্ৰীয় চৰকাৰে এই দিশত ৰাজ্য চৰকাৰলৈ সাহায্য আগবঢ়ায়। ভাৰতৰ বৰ্ধিত জনসংখ্যাৰ প্ৰয়োজন অনুসৰি এক গতিশীল গৱেষণা পদ্ধতিৰ জন্ম দিয়া হৈছে। ১৯৫৭ চনত ঘাইকৈ হাইব্ৰীড সঁচ ব্যৱহাৰ কৰি মাকৈৰ উৎপাদন বঢ়াবলৈ লক্ষ্য বান্ধি গঠন কৰা ৰাষ্ট্ৰীয় সমন্বিত কৃষি গৱেষণা আঁচনি(All India Co-ordinated Research Project)ৰ সফলতাৰ পাছত এই আঁচনি অন্য শস্য, জীৱ-জন্তু আৰু মীন গৱেষণাৰ ক্ষেত্ৰলৈ সম্প্ৰসাৰিত কৰা হৈছে। এই আঁচনিৰ মূ লক্ষ্য হ’ল বিভিন্ন কৃষি জলবায়ুত সমস্যাভিত্তিক প্ৰযুক্তিৰ সম্পৰীক্ষা কৰা আৰু কৃষি উৎপাদন বঢ়াবলৈ সমস্যাৰ তাৎক্ষণিক সমাধান উলিওৱা।

কৃষি প্ৰযুক্তিৰ যোগেদি উৎপাদন বৃদ্ধি: এক ভৱিষ্যদৃষ্টি -

বিভিন্ন গৱেষনাৰ পৰা জানিব পৰা গৈছে যে যোৱা অৰ্ধ শতিকাত আমাৰ প্ৰধান শস্যসমূহৰ ৫০-৬০ শতাংশ উৎপাদন বৃদ্ধিৰ মূলতে আছে জেনেটিক উন্ন্যন আৰু উন্নত কৃষি পদ্ধতিৰ ব্যৱহাৰ। হাইকেল (১৯৮২)ৰ দ্বাৰা চলোৱা এটা জৰীপত ২২ জন বিজ্ঞানীয়ে ২০০০-২০৩০ চনৰ ভিতৰত শস্যৰ উৎপাদিকা শক্তি বৃদ্ধিৰ উৎসসমূহ নিৰ্ধাৰণ কৰিছে। ২০৩০ চনৰ ভিতৰত তলত উল্লেখ কৰা প্ৰযুক্তিসমূহৰ দ্বাৰা শস্যৰ উৎপাদিকা শক্তি বঢ়াব পৰা যাব বুলি বিজ্ঞানীসকলে আশা প্ৰকাশ কৰিছে।

তালিকা নং ৪:

২০৩০ চনত শস্যৰ উৎপাদিক শক্তি বৃদ্ধি (আশা মতে) (১৯৮৩=১০০):

 

প্ৰযুক্তি

উৎপাদিকা শক্তি বৃদ্ধি(%)

১)উদ্ভিদ প্ৰজননবিদ্যা

১৩৫

২)জলসিঞ্চন আৰু শস্যৰ পানী সংৰক্ষন ক্ষমতা

১৩৩

৩)জেনেটিক ইঞ্জিনীয়াৰিং

১২৫

৪)গ্ৰোথ ৰেগুলেটৰ

১২৪

৫)বায়ুমণ্ডলৰ CO2 বৃদ্ধি

১২০

৬)বায়ুমণ্ডলীয় N সংগ্ৰহ

১১৮

৭)মাল্টিপল ক্ৰ’পিং আৰু প’লিকালচাৰ

১১৫

৮)ইমপ্ৰুভড প’লিছিনথেনিক এফিচিয়েনচি

১১৭

৯)টেম্পাৰেচাৰ এক্লিমেশ্যন

১১৩

১০)ফ’ৰেজ নিউট্ৰিচ’নেল কোৱালিটি

১১২

১২)ট্ৰেনচপিৰেশ্যন চাপৰেছন্টছ

১১০

১৩)অন্তৰ্ৱতী শস্য পদ্ধতি

১০৮

১৪)প্ৰ’টেক্টেড শস্য পদ্ধতি

১০৫

 

ওপৰত তালিকাৰ পৰা এইটো স্পষ্ট যে উদ্ভিদ প্ৰজননবিদ্যাই শস্যৰ উৎপাদিকা শক্তি বৃদ্ধিত ভৱিষ্যতেও এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি থাকিব। অৱশ্যে, the basic approach is being oriented form an exclusive focus on vield to one on stress tolerance(both abiotic আৰু biotic)। বিভিন্ন প্ৰতিকূল অৱস্থাৰ কৃষি ব্যৱস্থাৰ উদ্ভিদ প্ৰজননবিদ্যাই কেইটামান দিশত গুৰুত্ব প্ৰদান কৰিব: broadening of genetic base of breeding material, heterogeneity of crop-populations, relative importance of hybrid varieties versus inbred lines and varietal populations, selection procedures for complex traits, methods of trial systems  ইত্যাদি।

জৈৱ-প্ৰযুক্তিবিদ্যা -

১৯৩১ চনত ফাৰমেনটেশ্যন বা কিন্বন প্ৰথাৰে এচিটন, বিউটানল আদিৰ উৎপাদনকে জৈৱ-প্ৰযুক্তিবিদ্যাৰ প্ৰথম ব্যৱহাৰ বুলি ক’ব পাৰি। কালক্ৰমত ইয়াৰ পৰিসৰ বৃদ্ধি হৈ এনে এটা পৰ্যায় পাইছেগৈ যে অনাগত শতিকাবোৰত মানুহৰ ভাগ্য বহু পৰিমাণে এই জৈৱ-প্ৰযুক্তিবিদ্যাৰ ওপৰতেই নস্ত হ’ব। জৈৱ-প্ৰযুক্তিবিদ্যাৰ সহায়ত মাত্ৰ এটা কোষৰ পৰা সম্পূৰ্ণ গছ এজোপাৰ সৃষ্টি সম্ভৱ হৈ উঠিছে। কলাকৰ্ষণ, প্ৰ’ট’প্লাষ্ট ফিউচনৰ দ্বাৰা আমাৰ কাৰণে লাগতিয়াল উদ্ভিদৰ সৃষ্টি, পুনৰ সংযোজিত ডি এন এৰ সহায়ত অণুজীৱ, উদ্ভিদকোষৰ জিনৰ আকৃতি সলনি কৰি বিভিন্ন ৰাসায়নিক দ্ৰব্য, ভেকচিন আদি উৎপাদন কৰিব পৰা হৈছে। কৃষিক্ষেত্ৰত জৈৱ-প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ এনেধৰণৰ(বৰুৱা, ১৯৯০):

১)জৈৱিক সাৰ(এজ’মা, ৰাইজ’বিয়াম আৰু এজ’ট’বেক্টেৰিয়াৰ সহায়ত) উৎপাদন আৰু ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰা।

২)জৈৱিক কীটাণুনাশক প্ৰস্তুতকৰণ।

৩)ভাইৰাছ আৰু ৰোগমুক্ত উদ্ভিদৰ উৎপাদন।

৪)কীটাণু আৰু ৰোগ প্ৰতিৰোধ কৰিব পৰা শৱস্যৰ উদ্ভাৱন।

৫)খাদ্যশস্যৰ পুষ্টিকাৰিতা বৃদ্ধি আৰু শস্যত নাইট্ৰ’জেন সংযুক্ত কৰিব পৰা সমৰ্থতা(খাদ্যশস্যত নাইট্ৰ’জেন সংযুক্তকাৰী জিনৰ স্থানান্তৰ কৰি জৈৱিক নাইট্ৰ’জেনযুক্ত সাৰ উৎপাদন)।

৬)উন্নত মানৰ বীজ উৎপাদন।

৭)হৰিৎকৰণৰ উপযুক্ত প্ৰথা উদঘাটন।

৮)শস্যৰ বৃদ্ধি নিয়ন্ত্ৰণকাৰী দ্ৰব্য আৰু হৰম’নৰ নতুন পদ্ধতি ইত্যাদি।

এইবোৰৰ উপৰি মজুত ভঁৰালৰ কীটাণুৰ নিয়ন্ত্ৰণ, খাদ্য মজুত ৰখাৰ উন্নত প্ৰণালী, সোনকালে নষ্ট হোৱা শাক-পাচলি আৰু ফলমূল নষ্ট ৰখাৰ ব্যৱস্থা আদিত জৈৱ-ৰসায়ন প্ৰযুক্তিবিদ্যাই আমাক প্ৰভূত পৰিমাণে সহায় কৰিছে।

জৈৱ-প্ৰযুক্তিবিদ্যাই শক্তি আহৰণতো আমাক পথ নিৰ্দেশনা দেখুৱাব পাৰে। এই বিদ্যাৰ সহায়ত কৃষিৰ পেলনীয়া সামগ্ৰীৰ পৰা কিন্বন প্ৰথাৰে শক্তি উৎপাদন কৰিব পৰা যায়। তদুপৰি, দীৰ্ঘম্যাদী ব্যৱস্থাত ইয়াৰ সহায়ত সাগৰত অণুজীৱৰ খেতিৰ সম্ভাৱনা বিপুল বুলি বিজ্ঞানীসকলে নিৰ্ধাৰণ কৰিছে।

জৈৱ-প্ৰযুক্তিবিদ্যাৰ গৱেষণাৰ সহায়ত উন্নতধৰণৰ প্ৰজাতিৰ উদ্ভাৱন কৰি সালোকসংশ্লেষণ প্ৰথাৰ ফলপ্ৰসূ বৰ্ধন কৰিব পৰা গৈছে। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে কুঁহিয়াৰ, গোমধান  আৰু টেপিঅ’কাৰ পৰা ঔদ্যোগিক এলকহল প্ৰস্তুত কৰিব পৰা যায়।

প্ৰসিদ্ধ বিজ্ঞানী ড° যোগেন বৰুৱাই উল্লেখ কৰিছে যে আমাৰ দেশত উৎপন্ন হোৱা উদ্ভিদৰ পাত, শিপা, গা-গছ আদিত বহু মূল্যৱান তেল, গোন্ধতেল, ঔষধ পোৱা যায়। পুনৰ সংযোজিত ডি এন এ প্ৰথাৰে এইবিলাকৰ জিনৰ চিনাক্তকৰণ আৰু আহৰণ কৰি উৎপৰিৱৰ্তন সাধন কৰাৰ যথেষ্ট থল আছে।

দীৰ্ঘম্যাদী ব্যৱস্থাত জেনেটিক ইঞ্জিনীয়াৰিঙৰ সহায়ত উদ্ভিদ প্ৰজননৰ নতুন প্ৰথা উদঘাটন কৰিব পৰা যাব বুলি বিজ্ঞানীমহলে নিৰ্ণয় কৰিছে।

হাইব্ৰিড প্ৰযুক্তিবিদ্যা -

১৯৭৭ আৰু ১৯৮৭ চনৰ ভিতৰত চীনৰ ২৫ শতাংশ ধানৰ উৎপাদন বৃদ্ধিৰ মূলতে আছিল হাইব্ৰিড ধানৰ সঁচৰ প্ৰচলন। ধানৰ গড় উৎপাদন এই কালছোৱাত ৩.৫ টন/হেক্টৰৰ পৰা ৫.৪ টন/হেক্টৰলৈ বৃদ্ধি পাইছিল। তদুপৰি, সৰ্বমুঠ ধানৰ উৎপাদন ১৩১.৪ মিলিয়ন টনৰ পৰা ১৭৬.৫ মিলিয়ন টনলৈ বৃদ্ধি হৈছিল।

হাইব্ৰিড কপাহ উৎপাদনত আমাৰ দেশ পৃথিৱীৰ ভিতৰতে অদ্বিতীয় বুলি পৰিগণিত হৈছে। পোনপ্ৰথমতে H-4 নামৰ এবিধ হাইব্ৰিড কপাহৰ সফলতাৰ পাছত DCH-32, ৱাৰালক্ষ্মী আদি হাইব্ৰিড কপাহৰ সঁচৰ উদ্ভাৱন কৰা হয়। আমাৰ দেশে ১৯৯০ চনত অভিলেখ সংখ্যক ১.৩ মিলিয়ন বেল কপাহ ৰপ্তানি কৰিছিল। টেক্সটাইল উদ্যোগৰ পৰা দেশে বছৰি সৰ্বমুঠ ৪৫০০ কোটি টকা বৈদেশিক মুদ্ৰা উপাৰ্জন কৰে। ভাৰতবৰ্ষত এই হাইব্ৰিড প্ৰযুক্তিৰ গৱেষণা বৰ্তমান ধান, মাকৈ বেলিফুল, বিলাহী, কবি, ফুল, কেষ্টৰ, সৰিয়হ, জোৱাৰ, পাৰ্লমিলেট আদিলৈ সম্প্ৰসাৰিত কৰা হৈছে। কেষ্টৰ আৰু ‘অহৰহ’ (Pigeon pea)ৰ ক্ষেত্ৰত ভাৰতেই প্ৰথমে হাইব্ৰিড সঁচৰ উদ্ভাৱন কৰে। কৃষিক্ষেত্ৰত হোৱা এই হাইব্ৰিড প্ৰযুক্তিবিদ্যাই শস্যৰ উৎপাদন প্ৰভূত পৰিমাণে বৃদ্ধি কৰিছে।

কৃষি প্ৰযুক্তিৰ এন্ধাৰ দিশ -

কৃষি প্ৰযুক্তিৰ অসামান্য বিকাশে কৃষিৰ উৎপাদন বৃদ্ধিৰ সহায় কৰিছে সঁচা, কিন্তু ই মানৱ সভ্যতাৰ সন্মুখত ভয়ংকৰ প্ৰত্যাহ্বানৰূপেও দেখা দিছে। বিভিন্ন ৰাসায়নিক পদাৰ্থ আৰু সাৰৰ ব্যাপক প্ৰয়োগে ভূমিক্ষয়ত অৰিহণা যোগাইছে। অনুন্নত জলসিঞ্চন ব্যৱস্থাই এই অৱস্থা দুগুণ বঢ়াই তুলিছে। জানিব পৰা মতে জলসিঞ্চন ব্যৱস্থাই ঠায়ে ঠায়ে মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱত সহায় কৰিছে।

তদুপৰি, বিভিন্ন ৰাসায়নিক সাৰ আৰু বিষাক্ত কীটনাশক দৰব আদি মাটিত থকা ছিদ্ৰৰ মাজেৰে মাটিৰ অন্তৰ্ভাগত প্ৰৱেশ কৰি প্ৰাণী আৰু উদ্ভিদ জগতৰ বিস্তৰ ক্ষতিসাধন কৰিছে। লক্ষনৌস্থ ‘ঔদ্যোগিক বিসক্ৰিয়া গৱেষণা সংস্থা’ৰ পৰা জানিব পৰা মতে মানুহৰ দৈনন্দিন ব্যৱহৃত খাদ্য আৰু পানীত প্ৰভূত পৰিমাণে বি এইচ চি, লিনদেন, হেপ্তাক্ল’ৰ, এণ্ড’ছালফন আৰু ডেলদ্ৰিন নামৰ বিষাক্ত কীটনাশক দৰবৰ অৱশিষ্ট থাকে। এই আটাইবোৰ কীটনাশক দৰবেই প্ৰাণীদেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কমাই পেলায়। তদুপৰি এইবোৰ হ’ল কৰ্কট ৰোগকাৰী।

আমাৰ কৃষিপামসমূহত ব্যৱহাৰ কৰা ৪০ শতাংশ কীটনাশক দৰবেই হ’ল চকুৰ কৰ্কট ৰোগৰ অন্যতম  কাৰক। এই ঔষধসমূহৰ ভিতৰত মালাথিয়ন, ডাইমিথ’য়েট, মিথাইল পেৰাথিয়ন, ফ’ৰেট, ডাইক্ল’ৰ’ফছ, ম’ন’ক্ৰ’ট’ফছ, 2, 4-D আদিয়েই প্ৰধান। আকৌ বিভিন্ন ছালৰ ৰোগ, হাঁপানী আদিৰো অন্যতম কাৰক এই দৰববোৰ। অলপতে দিল্লী মহানগৰত মাতৃদুগ্ধত কীটনাশক দৰবৰ অৱশিষ্ট ধৰা পৰিছিল।

কীটনাশক দৰবৰ ভয়াৱহতা উপলব্ধি কৰি পশ্চিমীয়া উন্নত দেশবিলাকত বন্ধ কৰি দিয়া ঔষধসমূহ যথা- বি এইচ চি, কাৰ্বফুৰান, ডি ডি টি, 2, 4-D, ডাইক্ল’ৰ’ফছ, ডাইমিথ’ৱেট, এণ্ড’ছালফন, লিনদেন, ম’ন’ক্ৰ’ট’ফছ, মেনকোজেব, পাৰাকুৱেট আদি আমাৰ দেশত এতিয়াও চলি আছে। কীটনাশক ঔষধৰ উৎপাদনো আমাৰ দেশত বাঢ়িব লাগিছে। এই ঔষধৰ উৎপাদন চলি আৰু ক্ৰমবৰ্ধমান ব্যৱহাৰে মানুহৰ ভৱিষ্যৎ অন্ধকাৰাচ্ছন্ন কৰি তুলিছে। বিভিন্ন অপতৃণনাশক, ভেঁকুৰনাশক দৰবসমূহো মানুহৰ শৰীৰৰ বাবে অপকাৰী। অৱশ্যে বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানৱ সভ্যতালৈ কঢ়িয়াই অনা দুৰ্দশাবোৰৰ বাবে বিজ্ঞানবিৰোধী মনোভাব ল’লে নহব। বৰং বিজ্ঞান আৰু প্ৰযুক্তিৰ মাজেৰেই তাৰ উপশম বিচাৰিব লাগিব।

এইখিনিতে বংগৰ বিশিষ্ট চিন্তাবিদ চঞ্চল কুমাৰ মজুমদাৰৰ এষাৰ মন্তব্য প্ৰণিধানযোগ্য। তেওঁ কৈছিল যে বিজ্ঞানৰ জ্ঞান-চৰ্চা আৰু প্ৰযুক্তিবিদৰ কৌশল উদ্ভাৱন আৰু প্ৰয়োগ সৰ্বমানৱৰ কল্যাণৰ কথা ভাবি কৰিব লাগিব, সামাজিক প্ৰশ্নবোৰ এৰাই চলাটো সম্ভৱ নহয়। সাধাৰণ মানুহ বিশেষজ্ঞ নহয়, ভৱিষ্যতৰ বিপদ অনুমান কৰিব নোৱাৰে। সেয়েহে এই দায়িত্ব বিজ্ঞানীসকলে ল’ব লাগিব।

বিকল্প কৃষি পদ্ধতি -

কীটনাশক দৰবৰ বিষক্ৰিয়াই মানুহৰ যথেষ্ট ক্ষতিসাধন কৰালৈ চাই বিজ্ঞানীসকলে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব নলগা অথবা উপযুক্ত আৰু কম পৰিমাণেহে ব্যৱহাৰ কৰিবলগা প্ৰযুক্তি কৌশল উদ্ভাৱন কৰিছে। শস্য অনিষ্টকাৰী পোক-পৰুৱা, ৰোগ অথবা অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ সেয়েহে আজিকালি ‘সমন্বিত কীট নিয়ন্ত্ৰণ ব্যৱস্থা’ (Integrated Pest Management)ৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এই ব্যৱস্থাত কেইবাটাও পদক্ষেপ হাতত লোৱা হয়। এই পদ্ধতি অনুসৰি ৰোগমুক্ত বীজ অথবা পোক-পৰুৱা অথবা ৰোগ প্ৰতিৰোধকাৰী সঁচৰ ব্যৱহাৰ, সঠিক কৃষি পদ্ধতি অৱলম্বন, জৈৱিক পদ্ধতিৰে ৰোগ বা কীট নিয়ন্ত্ৰণ, যান্ত্ৰিক পদ্ধতিৰ ব্যৱহাৰ, ফেৰ’মোনৰ ব্যৱহাৰ আৰু সময়মতে আৰু উপযুক্ত পৰিমাণে কীটনাশক দৰবৰ ব্যৱহাৰ কৰা হয়। তদুপৰি, এই পদ্ধতিত Quarantine আঁচনিও অন্তৰ্ভূক্ত কৰা হৈছে। অৰ্থাৎ এক সমন্বিত পদ্ধতিৰ ব্যৱহাৰ কৰা হয়। কীট নিয়ন্ত্ৰণ পদ্ধতি অধিক শক্তিশালী কৰিবলৈ সময়ে সময়ে অভিজ্ঞ ব্যক্তিৰ হতুৱাই খেতিপথাৰ পৰিদৰ্শন কৰোৱাই ঘাই ঘাই শস্যৰ পোক-পৰুৱা অথবা ৰোগৰ লক্ষণ অথবা সম্ভাৱনাৰ বিষয়ে অধ্যয়ন কৰি উপযুক্ত ব্যৱস্থাপনাৰ দ্বাৰা ইয়াৰ নিৰাময়ৰ ব্যৱস্থা হাতত লোৱা হয়।

এই পদ্ধতি ভাৰতৰ তামিলনাডুত ধান আৰু কপাহ খেতিত আৰু উত্তৰ-পশ্চিত ভাৰতত ঘেঁহু আৰু কুঁহিয়াৰ খেতিত সফলকাম হোৱা পৰিলক্ষিত হৈছে।

অপতৃণ, পোক-পৰুৱা আৰু উদ্ভিদ ৰোগৰ জৈৱিক নিয়ন্ত্ৰণ অধিক ফলপ্ৰসূ বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। পানীমেটেকা নিয়ন্ত্ৰণ কৰিবলৈ Neuchitina bruchi নামৰ এটি ব্যৱহাৰ কৰা হয়। নাৰিকলৰ Rhynocerus Beetle-ৰ নিয়ন্ত্ৰণ Baculovirus ব্যৱহাৰ কৰি সফল হোৱা গৈছে। মাটিত উৎপন্ন পেথ’জেন(Pathogen) Rhizoctonia আৰু প’লিফেগাছ পতংগ নিয়ন্ত্ৰণ কৰিবলৈ জৈৱনিয়ন্ত্ৰণ দ্ৰব্য(Biocontrol Product) উৎপাদনত গুৰুত্ব দিয়া হৈছে। অৱশ্যে এই দ্ৰব্যবোৰ কীটনাশক দৰবৰ লগত খাপখোৱা হ’ব লাগিব।

ৰোগ প্ৰতিৰোধকাৰী সঁচৰ ব্যৱহাৰ এই ব্যৱস্থাৰ অন্যতম আহিলা। এই সঁচবোৰে শস্যৰ অনিষ্ট বহু পৰিমাণে লাঘৱ কৰিছে। বিভিন্ন শস্যৰ ৰোগ প্ৰতিৰোধকাৰী সঁচ উদ্ভাৱন কৰিবলৈ বিজ্ঞানীসকলে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ফলস্বৰূপে আমি ধান, ঘেঁহু, মাকৈ, জোৱাৰ, কুঁহিয়াৰ আদি বিভিন্ন শস্যৰ ৰোগ প্ৰতিৰোধকাৰী সঁচ পাইছোঁ। কপাহৰ এটা সঁচ কাঞ্চন, যিয়ে বগা মাখি (White Fly)ৰ আক্ৰমণ প্ৰতিহত কৰিব পাৰে। ধানৰ অনুমোদিত উন্নত জাত ‘মনোহৰ শালি’য়ে ধান প্ৰধান বেমাৰসমূহ আৰু পোক-পৰুৱাৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে। কম দিনৰ বাবে বানপানী প্ৰতিৰোধ কৰিব পৰা ক্ষমতাও ইয়াৰ আছে। ‘ৰঞ্জিত’ নামৰ ধানৰ উন্নত জাতটোৰ ‘ব্লাষ্ট’ বেমাৰ আৰু ‘মজাখোৱা পোক’ সহনক্ষম গুণ আছে। এনে উদাহৰণ আৰু বহুতো আছে।

পোক-পতংগ আৰু শস্যকৃমিৰ পৰা শস্যক ৰক্ষা কৰিবলৈ ভালেমান উদ্ভিদ দ্ৰব্য (Plant Product) যথা- Pyrithrum, Nicotin Sulphate, Neem Kernel extract, Leaf extracts of pongarnia আৰু Ocium spp. ব্যৱহাৰ কৰা হৈছে। ইয়াৰে কিছুমান ভেঁকুৰ আৰু বেক্টেৰিয়াও প্ৰতিহত কৰিব পাৰে। ভাইৰাছৰ আক্ৰমণ নাশ কৰিবলৈ Thuja আৰু বাগানভিলিয়াৰ Heavy Molecular Glycoproteinsৰ ব্যৱহাৰ কৰা হৈছে। তদুপৰি, ইতিমধ্যে কেতবোৰ উদ্ভিদজাত কীটনাশক দৰব(Botanical Pasticide) যেনে- মাৰগ’ৰান অ’(Margoran O), ৰিপেলিন(Repellin), ৱেলগ্ৰো(Wellgro) আদিৰ বাণিজ্যিকীকৰণ হৈছে। অৱশ্যে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ এই দৰববোৰৰ মানৰ বিষয়ে চালিজাৰি চোৱাটো একান্তই আৱশ্যক। নিমগছৰ পৰা প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা এবিধ দ্ৰব্য হ’ল ‘এজাস্তিকৰাকটিন’। ইয়াৰ কীটনাশক গুণ আছে। এই দ্ৰব্যটোৰ পৰা ‘নিমিক্স’ নামৰ এবিধ নতুন, উচ্চখাপৰ আৰু পৰিৱেশবাহিত কীটনাশক দ্ৰব্য আমেৰিকাৰ কোম্পানী এটাই তৈয়াৰ কৰি উলিয়াইছে।

ভৱিষ্যৎ প্ৰজন্মৰ স্বাৰ্থৰক্ষাৰ বাবে এতিয়া ‘অব্যাহত কৃষি উন্নয়ন’ (Sustainable Development of Agriculture)ৰ বিষয়ে সৰ্বাধিক চিন্তা-চৰ্চা কৰা পৰিলক্ষিত হৈছে। সেয়েহে ঔদ্যোগিক কৃদ্ধি পদ্ধতিৰ সলনি ‘জৈৱিক কৃষি পদ্ধতি’ত(Organic Farming) গুৰুত্ব প্ৰদান কৰা হৈছে। ৰাসায়নিক পদ্ধতিৰে কৰা ফলমূল আৰু শাক-পাচলিতকৈ জৈৱিক পদ্ধতিৰে কৰা কৃষিজাত সামগ্ৰীত মানুহৰ শৰীৰৰ প্ৰয়োজনীয় মৌল বেছি থাকে। ১৯৯৯৩ চনত আমেৰিকাত চলোৱা এটা অধ্যয়নৰ পৰা গম পোৱা গৈছে যে জৈৱিক পদ্ধতিৰে ৰোপণ কৰা আপেল, নাচপতি আৰু আলুত ৩০ শতাংশতকৈও অধিক মানুহৰ প্ৰয়োজনীয় কেলচিয়াম, মেগনেচিয়াম আৰু আইৰণ থাকে।

ফুকুঅ’কাৰ ‘ডু নাথিং কৃষি পদ্ধতি -

মাছান’বু ফুকুঅ’কা নামৰ প্ৰাকৃতিক কৃষি পদ্ধতিৰ প্ৰবক্তাজনৰ মতে কৃষিক্ষেত্ৰত হাল বোৱা, সাৰ প্ৰয়োগ কৰা বা কীটনাশক দৰব ব্যৱহাৰ কৰা, জনসিঞ্চনৰ ব্যৱস্থা কৰা অথবা যান্ত্ৰিক ব্যৱস্থা প্ৰয়োগ কৰি অপতৃণ ধ্বংস কৰাৰ প্ৰয়োজন নাই। খেতিবাতি প্ৰাকৃতিক নিয়ম মতে কৰিব লাগে। তেওঁৰ পদ্ধতি আমাৰ দেশৰ বাবে কিমান ফলপ্ৰসূ হ’ব সেই বিষয়ে গৱেষণাৰ স্থল আছে।

খাদ্য নিৰাপত্তা আৰু দৰিদ্ৰ জনসাধাৰণ:

এই কথাত সন্দেহ নাই যে বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানুহৰ জীৱনধাৰাণৰ মান বহু ওপৰলৈ নিছে। কিন্তু আজি আমি এনে এটা সন্ধিক্ষণত উপনীত হৈছোঁ যে এক পৰস্পৰবিৰোধী পৰিঘটনাই আমাৰ চকুৰ আগত দোলা দি যায়- এফালে বিজ্ঞান আৰু প্ৰযুক্তিৰ জয়যাত্ৰা, এচাম মানুহৰ বিলাসবহুল জীৱন, আনফালে সীমাহীন দৰিদ্ৰতা। বিশ্বৰ খাদ্য আৰু কৃষি সংস্থাৰ মতে প্ৰতিগৰাকী মানুহৰ খাদ্যগ্ৰহণ আজিৰ পৰা ৩০ বছৰৰ আগৰ তুলনাত ১০ শতাংশ বৃদ্ধি পাইছে যদিও বিশ্বৰ ৮০০ মিলিয়ন মুনিহ, তিৰোতা আৰু শিশু এতিয়াও ক্ষুধাৰ্ত। ইয়াৰ উপৰি ২ বিলিয়ন মানুহ সূক্ষ্মমৌল(Micronutrients), ঘাইকৈ ‘লো’ (Iron)ৰ অভাৱত ‘মৌন ক্ষুধা’ (Silent hunger)ত ভুগিছে। ভাৰতৰ এক-তৃতীয়াংশ মানুহ এতিয়াও ক্ষুধাতুৰ। দক্ষিণ এছিয়াৰ এক-তৃতীয়াংশৰ পৰা ৫০ শতাংশ মানুহৰ খাদ্যৰ নিৰাপত্তা নাই। চীন, লেটিন আমেৰিকা আৰু উত্তৰ আফ্ৰিকাৰ ভালেসংখ্যক মানুহৰ খাদ্যৰ নিৰাপত্তা নাই। আফ্ৰিকা, এছিয়া আৰু লেটিন আমেৰিকাৰ জনসংখ্যাৰ সমানুপাতিকভাৱে খাদ্যৰ উৎপাদন বঢ়া নাই। যিবোৰ পৰিয়াল দুখীয়া, তেওঁলোকৰ ল’ৰা-ছোৱালীও অধিক হোৱাত শিশুসকলৰ পুষ্টিহীনতা বৃদ্ধি পাইছে। ডি কাষ্ট্ৰোৰ বিখ্যাত গ্ৰন্থ Geography of Hungerত প্ৰমাণ হৈছে যে ক্ষুধাৰ্ত মানুহৰ প্ৰজনন ক্ষমতা অপেক্ষাকৃতভাৱে বেছি। ইয়াৰ ফলত শিশুসকল শাৰীৰিক আৰু মানসিকভাৱে বাধাগ্ৰস্ত হৈ পংগু মানৱ সমাজৰ সৃষ্টি কৰি মানৱীয় সমস্যাৰ সৃষ্টি কৰিছে। বিশ্বৰ এই বিশাল দৰিদ্ৰ জনসাধাৰণৰ খাদ্য নিৰাপত্তা(খাদ্য নিৰাপত্তা হ’ল এনে এটা অৱস্থা য’ত সকলো মানুহৰ বাবে সকলো সময়তে সম্পূৰ্ণ স্বাস্থ্যৱান আৰু সক্ৰিয় জীৱনযাপন কৰিবলৈ উপযুক্ত পৰিমাণৰ মানবিশিষ্ট খাদ্যৰ অভাৱ নহয়) আনিবলৈ এক দীৰ্ঘম্যাদী আঁচনিৰ প্ৰয়োজন। ইয়াৰ বাবে ল’বলগীয়া ব্যৱস্থাসমূহ এনে হ’ব পাৰে: পৰিৱেশবাহিত কৃষি প্ৰযুক্তি কৌশল উদ্ভাৱনৰ দ্বাৰা খাদ্যৰ উৎপাদন বৃদ্ধি কৰা আৰু মান ৰক্ষা কৰা, বিভিন্ন সামাজিক, অৰ্থনৈতিক আৰু প্ৰযুক্তিক আঁচনিৰ যোগেদি জনসংখ্যাৰ হেঁচাৰ পৰা বিশ্বক মুক্ত কৰা, ৰাজহুৱা বিতৰণ প্ৰণালী শক্তিশালী কৰা, সমতুল আহাৰ সম্পৰ্কে ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰা, খাদ্য নিৰাপত্তাহীনতাত ভোগা দেশসমূহৰ বাবে আন্তৰ্জাতিক পৰ্যায়ত আঁচনি তৈয়াৰ কৰা ইত্যাদি।

পুঁজিবাদী ৰাষ্ট্ৰ, মুক্ত অৰ্থনীতি, কৃষি প্ৰযুক্তি আৰু কৃষকৰ সমস্যা -

অৰ্থনীতিৰ বিশ্বায়নৰ নামত যোৱা দুটামান দশকত পুঁজিবাদী ৰাষ্ট্ৰসমূহে নানান কূট-কৌশল কৰি বিশ্বৰ বিশাল বীজৰ বজাৰখন নিজৰ দখললৈ নিয়াৰ প্ৰচেষ্টা চলোৱা পৰিলক্ষিত হৈছিল। আমেৰিকাৰ কেতবোৰ বহুৰাষ্ট্ৰীয় কোম্পানীয়ে জেনেটিক প্ৰযুক্তিৰ সহায়ত উন্নত মানৰ চাউল, বন্ধাকবি, ফুলকবি, কফি, কপাহ আদি উদ্ভাৱন কৰি আমেৰিকাত পেটেন্ট লাভ কৰিছিল। ভাৰতে ‘বাচমতি’ চাউল ৰপ্তানি কৰি বৈদেশিক মুদ্ৰা অৰ্জন কৰিছিল, কিন্তু আমেৰিকাৰ এটা কোম্পানীয়ে বাচমতি চাউলৰ এটা প্ৰজাতি ‘টেক্সামতি’ নাম দি পেটেন্ট কৰাৰ চেষ্টা চলাইছিল। ভাৰতৰ কৃষকে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি অহা ‘নিম’, ‘হালধি’, ‘আমলখি’ আদিৰো ঔষধি সামগ্ৰী তৈয়াৰ কৰি পেটেন্ট লাভ কৰিবলৈ নানা পাশাখেলত নমাৰ খবৰো বাতৰি কাকতত প্ৰকাশিত হৈছিল। অৱস্থাই এনে পৰ্যায় পোৱাৰ উপক্ৰম হৈছিলগৈ যে জীন প্ৰযুক্তিবিদ্যাৰ সহায়ত ৰূপান্তৰ ঘটাই লাভ কৰা শস্যৰ প্ৰজাতিৰ পেটেন্টবোৰৰ ক্ষেত্ৰত খেতিয়কৰো কোনো নিস্তাৰ নাছিল। কাৰণ কোম্পানীৰ পৰা পেটেন্টযুক্ত বীজ লৈ খেতি কৰা কৃষকসকলে নিজৰ উৎপন্ন শস্যক বীজ হিচাপে বিক্ৰী কৰিব নোৱাৰিব বা পুনৰ ৰোপণ কৰিলেও পেটেন্ট আইন ভংগ কৰাৰ অভিযোগত দণ্ডিত হ’ব। আনহাতে হাইব্ৰিড বীজ গ্ৰহণ কৰিলে কৃষক সদায়েই বীজৰ বাবে বহুৰাষ্ট্ৰীয় কোম্পানীসমূহৰ ওপৰত নিৰ্ভৰশীল হ’ব, শস্যৰ জৈৱ-বৈচিত্ৰ্যও হ্ৰাস হ’ব।

অৱশ্যে আমাৰ দেশত ২০০১ চনত প্ৰৱৰ্তন কৰা ‘Plant Varieties and Farmer’s right’ আইন অনুসৰি তথা ২০০৪ চনত সাংসদত উত্থাপন কৰা আৰু বৰ্তমানেও বিতৰ্ক চলি থকা ‘বীফজ আইন’ গৃহীত হ’লে কৃষক সমাজক তেওঁলোকৰ অধিকাৰৰ পৰা আঁতৰত ৰখা সম্ভৱ নহ’ব।

যদিও ৭২ শাতাংশ ভাৰতীয়ৰে মূল জীৱিকা কৃষি, তথাপি এই খণ্ডৰ অৰিহণা মুঠ ঘৰুৱা আয়ৰ ২৪ শতাংশ(২০০১)। কৃষিখণ্ডৰ উৎপাদন ২০০৩ চনত হ্ৰাস হৈ ১২.৬ শতাংশ হৈছিলগৈ। কৃষিখণ্ডৰ বৃদ্ধিৰ হাৰ ১৯৯১ চনৰ ৪.৬১ শতাংশৰ পৰা ১৯৯৭-৯৮ চনৰ ২.৬ শতাংশ হয়গৈ। আনহাতে ২০০২-০৩ বৰ্ষত ই হ্ৰাস হৈ ১.১ শতাংশ হয়। যদিও ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ হাৰ ৬ শতাংশ হৈছেগৈ, কৃষিখণ্ডৰ এই হ্ৰাসমান হাৰে ভাৰতবৰ্ষৰ উন্নয়নৰ ফোঁপোলা স্বৰূপটোকে উদঙাই দিছে। ২০১০-১১ বৰ্ষত কৃষিখণ্ডৰ বিকাশৰ হাৰ বৃদ্ধি হোৱা পৰিলক্ষিত হ’লেও ক্ৰমবৰ্ধমান মুদ্ৰাসফীতিৰ ফলত কৃষকৰ অৱস্থা অপৰিৱৰ্তিত হৈ আছে। অসমৰ ক্ষেত্ৰ্ত এই অৱস্থা আৰু দুখলগা। ২০০৬-০৭ বৰ্ষত কৃষি বিকাশৰ হাৰ (-)০.২৭ শতাংশ হয়গৈ। যদিও ২০০৮-০৯ বৰ্ষত এই হাৰ বাঢ়ি ১.২০ শতাংশ হয়, তথাপি ৰাজ্যখনৰ মুষ্টিমেয় সংখ্যকৰে জীৱিকা কৃষি হোৱাত বিকাশৰ এই হাৰ যৎসামান্য বুলি বিবেচিত হৈছে। তদুপৰি, আমাৰ দেশত কৃষিখণ্ডত এহাতে সাৰ, কীটনাশক দৰব আদিৰ ব্যৱহাৰ বাঢ়ি আহিছে, আনহাতে মুক্ত অৰ্থনীতিৰ ফলত হয় ইবোৰৰ মূল্য বৃদ্ধি পাইছে, আনহাতে মুক্ত অৰ্থনীতিৰ ফলত কৃষকৰ ওপৰত পৰিছে তীব্ৰ মানসিক চাপ। বৃদ্ধি পাইছে কৃষকৰ আত্মহত্যাৰ দৰে ঘটনা। ঋণগ্ৰস্ততাই কৃষকৰ আত্মহত্যাৰ ঘাই কাৰণ বুলি বিবেচিত হৈছে। বীজেই হ’ল কৃষকৰ মূল নিৱেশ(input)। কিন্তু অৰ্থনীতিত বীজৰ বজাৰখ্ন বহুজাতিক সংস্থাসমূহে নিয়ন্ত্ৰণ কৰিবলৈ লোৱাত কৃষক হতাশাগ্ৰস্ত হৈছে। তদুপৰি আমাৰ দেশত জনমূৰি হ্ৰাসমান কৃষিভূমিৰ পৰিমাণেও কৃষক তথা কৃষিখণ্ডলৈ নমাই আনিছে অশনি সংকেত। এটা অধ্যয়ন(Thimmaiah and Rajan, 2004)ৰ পৰা গম পোৱা গৈছে যে ‘The average size of holding declined from 2.28 hectares in 1970-71 to about 1.55 hectares in 1990-91 and the proportion of small and marginal holding increased bt 78.20 percent. তদুপৰি, ‘agrarian structure in India is today characterized by predominance of small and tiny holdings that are economically non-viable. However, in India, a very small proportion of the holdings owned a disproportionately large amount of area.’ (Chadha et al, 2004)। গতিকে, ভূমিসংস্কাৰ আঁচনিৰ সফল ৰূপায়ণ তথা কৃষক অধিকাৰ আইনৰ পূৰ্ণ প্ৰয়োগ অবিহনে ভাৰতীয় কৃষকৰ অৱস্থা অপৰিৱৰ্তিত হৈয়েই ৰ’ব।

আমাৰ সন্মুখৰ দায়িত্ব -

ভাৰতবৰ্ষৰ সেউজ বিপ্লৱ কেইখনমান প্ৰদেশৰ কিছুমান ধনী কৃষকৰ মাজতেই সীমাবদ্ধ থাকিল। অসমকে ধৰি ভালেমান ৰাজ্যত এতিয়াও আওপুৰণি কৃষি পদ্ধতি বিৰাজমান। চৰাকৰৰ কৰ্ম আঁচনি ইয়াৰ বাবে কম দায়ী নহয়। আন্তঃগাঁথনিৰ অনুন্নত অৱস্থা, কৃষি সম্প্ৰসাৰণৰ অভাৱ আদিয়ে কৃষকসকলক কৃষিকৰ্মত প্ৰযুক্তি ব্যৱহাৰৰ পৰা দূৰত ৰাখিছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ সুফল কেৱল বিত্তৱানসকলেহে ভোগ কৰিছে। গতিকে আমাৰ আঁচনি প্ৰস্তুতকৰ্তাসকলে ভাৰতৰ দৰিদ্ৰ কৃষকসকলৰ কথা পাহৰা উচিত নহয়। কেনেধৰণৰ প্ৰযুক্তি কৌশল আমাৰ দুখীয়া কৃষকসকলৰ বাবে প্ৰযোজ্য সেই বিষয়ে গৱেষণা কৰিবলৈ কৃষি বিজ্ঞানীসকলক উৎসাহিত কৰিলেই নহ’ব, প্ৰয়োজনীয় ধন আৰু অন্যান্য সা-সুবিধাও প্ৰদান কৰিব লাগিব।

ভূমি সংৰক্ষণ প্ৰযুক্তি(Land Saving Technology) ভাৰতৰ বাবে খাপখোৱা বুলি পৰিগণিত হৈছে। প্ৰতি একক ক্ষেত্ৰৰ পৰা কোনো এটা শস্যৰ উৎপাদন বঢ়োৱাৰ ওপৰত গুৰুত্ব দিব লাগিব। ইয়াৰ উপৰি, অন্তৰ্ৱতী কৃষি পদ্ধতি(Inter Cropping), সমন্বিত কৃষি পদ্ধতি(Integrated Farming System), নিখুঁত কৃষি পদ্ধতি(Precision Farming System) আদিৰ যোগেদিও উৎপাদন(শস্য, পশুধন বা মীন ক্ষেত্ৰৰ) বঢ়াব পৰা যায়।

উন্নয়নশীল দেশসমূহে তলত দিয়া আঁচনিসমূহ কাৰ্যকৰী কৰিলেহে বিজ্ঞান আৰু প্ৰযুক্তিৰ সুফল প্ৰকৃত কৃষকে ভোগ কৰিব পাৰিব-

১)দীৰ্ঘম্যাদী ব্যৱস্থাত উৎপাদন বঢ়াবলৈ স্থানীয় জেনেটিক সম্পদসমূহৰ সংৰক্ষণ, ব্যৱস্থাপন আৰু বৈজ্ঞানিক বিকাশ সাধন কৰা।

২)শস্যৰ উৎপাদন বঢ়াবলৈ জৈৱ-প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰা।

৩)বিভিন্ন ৰোগ, পোক-পৰুৱা প্ৰতিৰোধকাৰী, বতৰৰ বেমেজালি আৰু মাটিৰ বিভিন্নতাত হ’ব পৰা অধিক উৎপাদনক্ষম সঁচৰ উদ্ভাৱনত গুৰুত্ব প্ৰদান কৰা।

৪)জৈৱিক কৃষি পদ্ধতিত গুৰুত্ব দিয়া।

৫)জৈৱিক কীট নিয়ন্ত্ৰণ আৰু নাইট্ৰ’জেন সংস্থাপনৰ বিষয়ে গৱেষণা কৰা।

৬)পতিত মাটি, উদ্ভিদ, পানী আৰু আৰু সাগৰীয় সম্পদৰ সম্পূৰ্ণ ব্যৱহাৰ কৰা।

৭)সমন্বিত কৃষি পদ্ধতিত গুৰুত্ব প্ৰদান কৰা।

৮)বৰষুণ নিৰ্ভৰশীল কৃষিৰ উন্নীতকৰণ।

৯)সু-বৈজ্ঞানিক পৰিচালনাৰ উদ্ভাৱন কৰা।

১০)গ্ৰামাঞ্চলৰ খৰি-খেৰ, ঘাঁহৰ প্ৰয়োজন পূৰাবলৈ বিভিন্ন কৃষিমণ্ডলৰ লগত খাপখোৱা কৃষি বনানীকৰণ পদ্ধতিৰ দ্বাৰা biomassৰ উৎপাদন বৃদ্ধিত গুৰুত্ব দিয়া।

১১)মানুহৰ খাদ্যৰ মান বঢ়াবলৈ উদ্যানশস্যৰ উৎপাদনশীলতাত গুৰুত্ব প্ৰদান কৰা।

১২)Post Harvest Technology, যথা- খাদ্য মজুতকৰণ আৰু প্ৰস্তুতকৰণ তথা বজাৰ উন্নীতকৰণ।

১৩)মধ্যভোগীৰ বিলুপ্ত সাধন কৰা।

১৪)শক্তিৰ সদ্ব্যৱহাৰত গুৰুত্ব দিয়া।

১৫)কৃষিপামৰ পেলনীয়া বস্তুৰ Biodegradation আৰু অন্যান্য ঔদ্যোগিক প্ৰয়োগৰ বাবে Microbiologyৰ গৱেষণাৰ পৰিসৰ বৃদ্ধি কৰা।

১৬)প্ৰযুক্তি হস্তান্তৰ প্ৰক্ৰিয়া খৰকতীয়া কৰিবলৈ খবৰ সংগ্ৰহ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন কৰা।

১৭)পৰিৱেশ সুৰক্ষাৰ বাবে ভূমি আৰু বনাঞ্চল ৰক্ষাৰ উন্নত প্ৰযুক্তি-কৌশল আৱিষ্কাৰ কৰা।

১৮)সমাজৰ নিম্নবৰ্গৰ মানুহৰ বাবে নতুন আৰু কমখৰচী প্ৰযুক্তিৰ উদ্ভাৱন কৰা আৰু বিজ্ঞানীসকলে কৃষকক সেই বিষয়ে প্ৰশিক্ষণ দিয়া।

১৯)কৃষিক্ষেত্ৰত নিয়োগ আৰু উপাৰ্জন নিশ্চিতকৰণৰ ব্যৱস্থা হাতত লোৱা।

২০)আমূল ভূমি সংস্কাৰ কৰা।

২১)বিশ্ব বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত সুনিশ্চিত পদক্ষেপ গ্ৰহণ কৰা।

২২) ‘কৃষক অধিকাৰ আইন’ আৰু ‘বীজ আইন’ৰ পূৰ্ণ প্ৰয়োগ কৰা।

২৩)নিয়ন্ত্ৰিত কীটনাশক ঔষধৰ বিপণনত গুৰুত্ব প্ৰদান কৰা।

২৪)বৰ্ধিত খাদ্য মানবিশিষ্ট নতুন শস্যৰ উদ্ভাৱনত গুৰুত্ব প্ৰদান কৰা ইত্যাদি।

নতুন শস্যৰ সন্ধান -

নব্য প্ৰস্তৰ যুগীয় মানৱে ৩০০০ বিধ প্ৰজাতিৰ গছৰ পৰা খাদ্য সংগ্ৰহ কৰিছিল। কিন্তু বৰ্তমান মানুহে তেওঁলোকৰ প্ৰয়োজনীয় কেল’ৰি আৰু প্ৰ’টিনৰ বাবে মাত্ৰ ২৯ বিধমান শস্যৰ প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰিবলগা হৈছে। ইয়াৰ উপৰি ১৫ বিধমান শাক-পাচলি আৰু ১৫ বিধমান ফলমূলৰ প্ৰজাতি আছে। কিন্তু অনাগত ভৱিষ্যতৰ কোটি কোটি জনগণৰ বাবে এয়াই পৰ্যাপ্ত হ’বনে? বৰ্তমান প্ৰকৃতিৰ বুকুৰ পৰা নতুন প্ৰজাতিৰ শস্যৰ সন্ধান কৰাটো সময়ৰ আহ্বানৰূপে পৰিঅগণিত হৈছে। অৱশ্যে কেতবোৰ জনজাতীয় লোকে এতিয়াও আমি নজনা প্ৰজাতিৰ শস্য খাদ্য হিচাপে ব্যৱহাৰ কৰি আছে। দক্ষিণ আফ্ৰিকাৰ ‘খাইছান’ নামৰ জনজাতীয়সকলে ব্যৱহাৰ কৰা ‘মাৰামা বীন’ [Tylosema esculentum(Burchell) A. Schreibe] নামৰ এবিধ শস্যত ৩০-৩৯ শতাংশ প্ৰ’টিন, ৩৬-৪৩ শতাংশ তেলৰ উপৰি এইবিধ শস্যক লিন’লিক এচিডৰ ঘাই উৎস বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। ‘ঝোঝোবা’ এনে এবিধ প্ৰজাতিৰ উদাহৰণ। কেতবোৰ ‘ইউফৰবিয়া’ প্ৰজাতিৰ খেতি যিকোনো বতৰতে কৰিব পাৰি। আমি আনকি নতুন শস্যৰ বাবে সাগৰতো অনুসন্ধান চলাব লাগিব। চীনৰ ‘Oceanology সংস্থা’ আৰু জাপানৰ ‘সাগৰীয় অভিযান্ত্ৰিক সংস্থা ‘ই Marine Farming’ কৌশল উদ্ভাৱন কৰি কেতবোৰ সাগৰীয় খোৱাৰ উপযোগী শস্য আৱিষ্কাৰ কৰিছে। এনেধৰণৰ শস্য অৱশ্যেই বেছ কিছুদিন ধৰি আমাৰ জিভাত নালাগিব পাৰে, তথাপি, সৰ্বমানৱৰ কল্যাণৰ কথা চিন্তা কৰিয়েই গৱেষণাৰ এই দিশ মুকলি কৰি ৰাখিব লাগিব।

শক্তি আহৰণত গুৰুত্ব:

Basically agriculture is an energy conversion process. It is both a producer and consumer of energy. আজি বিজ্ঞান আৰু প্ৰযুক্তিয়ে সালোক সংশ্লেষণ প্ৰথাৰ ফলপ্ৰসূ বৰ্ধনত গুৰুত্ব প্ৰদান কৰিছে। Modern Techniques in developing ideotypes of plants which have erect leaves that donot shade the underpart of the plant and thus effectively use sunshine for photosynthetic activity has been accomplished in some plants. তদুপৰি বিজ্ঞানীসকলে সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো কম খৰচী কৰিবলৈ উপযুক্ত পৰিমাণৰ পানী, সাৰ আৰু উদ্ভিদ স্বাস্থ্যৰক্ষাত গুৰুত্ব দিছে। সূৰ্যৰ ৰশ্মিৰ অধিক সুষম ব্যৱহাৰৰ বিষয়ে গৱেষণাৰ নতুন পথ উদ্ধাৰ হৈছে।

বৰষুণনিৰ্ভৰ কৃষি পদ্ধতি -

যদিও জনসিঞ্চন ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া হৈছে, তথাপি শতিকাৰ শেষলৈ আমাৰ দেশৰ এক বুজন অংশত বৰষুণনিৰ্ভৰ খেতি পদ্ধতি কৰিয়েই থাকিব লাগিব। ইয়াৰ বাবে ‘জাতীয় জলচ্ছেদ উন্নয়ন প্ৰকল্প’ৰ কাম হাতত লোৱা হৈছে। এই ব্যৱস্থাৰ যোগেদি কৰণীয় কাৰ্যাৱলী হ’ল-

১)শান্তিপূৰ্ণ আৰু সন্নিহিতধৰণে ভূমি, পানী, উদ্ভিদ, জীৱ-জন্তু আৰু মানুহ আদি প্ৰাকৃতিক অৱদানসমূহৰ সংৰক্ষণ, উন্নীতকৰণ আৰু সুষম ব্যৱহাৰ কৰা। বিভিন্নমুখী ভূমি ব্যৱহাৰৰ যোগেদি মানুহ আৰু জীৱজন্তুৰ বৰ্ধিত দাবী অনুসৰি খাদ্য, পশুপালন, পশুখাদ্য, আঁহ, কাঠখৰি, জৈৱসামগ্ৰী উৎপাদন কৰা।

২)প্ৰকল্প নিৰ্মাণ কালছোৱাত ব্যাপক নিয়োগ ব্যৱস্থা আৰু কাৰ্যশেষত নিয়মিতভাৱে নিয়োগৰ লক্ষ্য ৰখা।

৩)উৎপাদনৰ পৰিৱেশ উন্নয়ন, বৈজ্ঞানিক ব্যৱস্থাপনাৰে ভূমি আৰু বৰষুণৰ পানীৰ সদ্ব্যৱহাৰৰ যোগেদি পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য ৰক্ষা কৰা।

৪)বৰষুণবিৰ্ভৰ আৰু জনসিঞ্চননিৰ্ভৰ উভয় অঞ্চলত থকা পাৰ্থক্যৰ অৱসান ঘটোৱা।

৫)খাদ্য, খৰি আৰু পশুখাদ্যৰ উপৰি বৰষুণ নিৰ্ভৰশীল অঞ্চলৰ খেতিয়ক আৰু ভূমিহীন কৃষি বনুৱাসকলৰ আৰ্থিক উন্নতি সাধন কৰা।

৬)প্ৰাকৃতিক সম্পদৰ ভেটি উন্নয়ন, উৎপাদনৰ অনিশ্চয়তা দূৰ কৰিদেশৰ হেজাৰ-বিজাৰ দুখীয়া খেতিয়ক আৰু ভূমিহীন কৃষক-বনুৱাৰ জীৱনৰ মানৰ উন্নয়ন আৰু পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য ৰক্ষা কৰা ইত্যাদি।

পৰিচালনা পদ্ধতি -

কৃষি গৱেষণাৰ সুফল ৰাইজে পোৱাৰ পূৰ্বচৰ্ত হ’ল মানৱ সম্পদৰ বিকাশ। এয়া কৰিবলৈ কৃষি শিক্ষা প্ৰযুক্তিৰ উন্নীতকৰণৰ লগতে গৱেষণা আৰু সম্প্ৰসাৰণৰ মাজত খালী ঠাই পূৰ কৰিব লাগিব। ইয়াৰ উপৰি, কৃষি গৱেষণা কেন্দ্ৰৰ অনুমোদন আৰু কৃষকৰ পথাৰত উপলব্ধ শস্যৰ উৎপাদনৰ মাজত এক বৃহৎ পৰিমাণৰ ব্যৱধান পৰিঅলক্ষিত হৈছে। এই ব্যৱধান ২৫-৮০ শতাংশ একান্ত প্ৰয়োজন।

উপসংহাৰ:

আধুনিক প্ৰযুক্তিবিদ্যা এনেভাৱে নিৰ্মিত যে প্ৰকৃতিৰ এটা অংশ সামাজিক কল্যাণ সামগ্ৰীলৈ ৰূপান্তৰ কৰিবলৈ যাওঁতে পৰিৱেশো দূষিত হয়। তাৰ উপৰি, পুঁজিবাদী ৰাষ্ট্ৰ ব্যৱস্থাত আধুনিক প্ৰযুক্তিক শোধক শ্ৰেণীয়ে শোষণৰ আহিলা হিচাপে ব্যৱহাৰ কৰে। কৃষি বিজ্ঞান আৰু প্ৰযুক্তিয়ে আজি চৰম উৎকৰ্ষ সাধন কৰিছে সঁচা, কিন্তু বিশ্বৰ কোটি কোটি দৰিদ্ৰ মানুহৰ খাদ্য নিৰাপত্তা নিশ্চিত নহ’লে এই উৎকৰ্ষ সাধনৰ প্ৰকৃত মূল্য বিচাৰি পোৱা নাযায়। সেয়েহে প্ৰচলিত সমাজ ব্যৱস্থাত ইয়াৰ সমাধান সূত্ৰ বিচৰাৰ উপৰি কৃষি বিজ্ঞান আৰু প্ৰযুক্তিক প্ৰকৃতাৰ্থত ‘মানুহ’ৰ কৰি গঢ়ি তুলিবলৈ সমাজ পৰিৱৰ্তনৰ একান্ত আৱশ্যক।

লেখক: ড° প্ৰশান্ত মিশ্ৰ

উৎস: আধুনিক কৃষিকথা (কৃষি শিক্ষা, বিজ্ঞান, প্ৰযুক্তি আৰু কৃষক)

 

2.91666666667
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top