অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

‘শ্ৰী’ পদ্ধতিত ধানখেতি :

‘শ্ৰী’ পদ্ধতিত ধানখেতিৰ বিষয়ে লিখা হৈছে ।

 

বিগত শতিকাৰ আশীৰ দশকৰ আগভাগত হেনৰি দি ললানি(Henri De laulanic) নামৰ এজন ফৰাছী কৃষি বিজ্ঞানীয়ে মাদাগাস্কাৰলৈ গৈ দেশৰ কৃষকসকলৰ উন্নতিৰ অৰ্থে অহোপুৰুষাৰ্থ কৰিছিল। শিক্ষাৰ উন্নতি আৰু বিস্তাৰৰ বাবে তেওঁ ১৯৮১ চনত মাদাগাস্কাৰত এখন কৃষি বিশ্ববিদ্যালয় স্থাপন কৰে। ১৯৮৩ চনত ইয়াতেই তেওঁ ‘শ্ৰী’ পদ্ধতি আৱিষ্কাৰ কৰে। ‘শ্ৰী’(SRI) পদ্ধতিৰে সম্পূৰ্ণ অৰ্থ হ’ল- ‘System of Rice Intensification’। ইয়াৰ অসমীয়া অৰ্থ হৈছে ধানখেতিত প্ৰবলীকৰণ পদ্ধতি। পৰম্পৰাগতভাৱে বাম অঞ্চলত কৰা ধানখেতিৰ উৎপাদন প্ৰতি হেক্টৰত ২ টন হোৱাৰ বিপৰীতে এই পদ্ধতিৰে কৰা ধানৰ উৎপাদন গড় হিচাপত প্ৰতি হেক্টৰত ৮ টন হোৱাৰ বিপৰীতে এই পদ্ধতিৰে কৰা ধানৰ মাদাগাস্কাৰৰ পৰা চীন, ইণ্ডোনেছিয়া, কম্বোডিয়া, থাইলেণ্ড, বাংলাদেশ, শ্ৰীলংকা আদিৰ উপৰি ভাৰতবৰ্ষলৈকো বিয়পি পৰে। দক্ষিণ ভাৰতৰ অন্ধ্ৰপ্ৰদেশত ২০০৩ চনত পোনপ্ৰথমবাৰৰ বাবে পৰীক্ষামূলক ‘শ্ৰী’ পদ্ধতিৰে ধানখেতি কৰি উৎসাহজনক ফলাফল লাভ কৰে। বৰ্তমান অন্যান্য ৰাজ্য, যেনে- উৰিষ্যা, তামিলনাডু, কৰ্ণাটক, ত্ৰিপুৰা, অসম আদি ৰাজ্যলৈও এই পদ্ধতি বিস্তাৰিত হোৱা দেখা গৈছে।

‘শ্ৰী’ পদ্ধতিত ধানখেতি বুলিলে কোনো এটা নতুন জাত ব্যৱহাৰ কৰি ধানখেতি কৰা নুবুজায়। ‘শ্ৰী’ পদ্ধতি হ’ল ধানখেতি কৰা এটা পদ্ধতি, যাৰ সহায়ত কম পানী, কম ৰাসায়নিক সাৰ আৰু দৰব, অধিক জৈৱিক সাৰ ব্যৱহাৰ কৰি ধানৰ উৎপাদন বৃদ্ধি কৰাৰ যত্ন কৰা হয়। সাধাৰণতে  উচ্চ উৎপাদনক্ষম ধানৰ জাতৰ ক্ষেত্ৰত এই পদ্ধতি অৱলম্বন কৰা হয় যদিও থলুৱা জাতৰ ক্ষেত্ৰতো এই পদ্ধতি অৱলম্বন কৰিব পাৰি।

‘শ্ৰী’ পদ্ধতিৰ সুবিধা -

১)বীজৰ খৰচ ৮০-৯০ শতাংশ কম, কিয়নো প্ৰতি একক মাটিত কঠীয়াৰ সংখ্যা(গোছাই প্ৰতি) কমোৱা হয়। এই পদ্ধতিত প্ৰতি হেক্টৰত ৫ৰ পৰা ১০ কেজি বীজৰ প্ৰয়োজন হয়।

২)পানীৰ পৰিমাণ ২৫ৰ পৰা ৫০ শতাংশ কম দৰকাৰ হয়, কিয়নো এই পদ্ধতিত ধাননি পথাৰত পানী বন্ধ কৰি ৰখাৰ পৰিৱৰ্তে মাটি জীপাল কৰি ৰখাতহে গুৰুত্ব দিয়া হয়।

৩)কম ৰাসায়নিক সাৰ আৰু দৰবৰ ব্যৱহাৰ।

৪)উৎপাদন বৃদ্ধি(গড় হিচাপত প্ৰতি হেক্টৰত ৮ টন পৰ্যন্ত আশা কৰিব পাৰি)।

৫)পোক বা বেমাৰৰ আক্ৰমণ কম হয়, কিয়নো এই পদ্ধতিত গছৰ শাৰী আৰু গোছাৰ মাজত দূৰত্ব বেছি দিয়া হয়।

৬)শস্যকাল হ্ৰাস(প্ৰায় ১০ দিন)।

৭)অধিক জৈৱিক সাৰ প্ৰয়োগৰ বাবে মাটিৰ গুনগত মান বৃদ্ধি।

‘শ্ৰী’ পদ্ধতিৰ বৈশিষ্ট্য:

১)মূল পথাৰত গোছাইপ্ৰতি মাত্ৰ এদাল কঠীয়া ৰোৱা হয়।

২)৮ৰ পৰা ১২ দিন কঠীয়া মূল পথাৰত ৰোৱা হয়।

৩)কঠীয়া ২৫ চে.মি.*২৫ চে.মি.(১০ ইঞ্চি*১০ ইঞ্চি) ব্যৱধানত ৰোৱা হয়।

৪)কঠীয়া ৰোৱাৰ ১০-১২ দিন পাছত প্ৰথমবাৰ বন-বাত নিৰণি কৰা হয়াৰু বন-বাতবোৰ মাটিৰ লগত মিহলাই দিয়া হয়।

৫)অধিক জৈৱিক সাৰ ব্যৱহাৰ কৰা হয়।

৬)জৈৱিক পদ্ধতিৰে পোক-পৰুৱা আৰু বেমাৰ নিয়ন্ত্ৰণ কৰা হয়।

কঠীয়াতলী প্ৰস্তুতি -

‘শ্ৰী’ পদ্ধতিত কঠীয়াতলীত বিশেষ মনোযোগ দিয়া হয়, কিয়নো কমদিনীয়া(৮ দিনৰ পৰা ১২ দিন) কঠীয়া মূল পথাৰত ৰুবলগা হয়। প্ৰতি ১০ বৰ্গমিটাৰ কঠীয়াতলীত ৫০০ গ্ৰাম বীজ ব্যৱহাৰ কৰিব লাগে। কঠীয়ীতলী দৈৰ্ঘ্য প্ৰয়োজন অনুসাৰে ল’ব পাৰি যদিও ১০ মিটাৰ দীঘল আৰু ১ মিটাৰ বহল কঠীয়াতলী হ’লে সুবিধা হয়। এনেকুৱা প্ৰতিখন কঠীয়াতলীত ৫০০ গ্ৰাম বীজ সিঁচিব লাগে। যিহেতু ৮-১২ দিনীয়া কঠিয়াবোৰৰ শিপা ৭.৫ চে.মি.(৩ ইঞ্চি) গভীৰতালৈ যায়, গতিকে কঠীয়াতলীখন ক’মেও ১৫ চে.মি. ওখকৈ তৈয়াৰ কৰিব লাগে। কঠীয়াতলীৰ চাৰিওকাষৰ পৰা মাটি উঠাই তলীখনত দিলে ওখ কঠীয়া সৃষ্টি হয়। কঠীয়াতলীত মাটি আৰু শুকান গোবৰ গুড়ি তৰপ তৰপকৈ এতাৰ ওপৰত আনটো তলত দিয়া ধৰণে দিব লাগে।

প্ৰথম তৰপ

(তলৰ পৰা)

২.৫ চে.মি.(১ ইঞ্চি) ডাঠকৈ শুকান গোবৰ

দ্বিতীয় তৰপ

৪ চে.মি.(১ ১/২ ইঞ্চি) ডাঠকৈ মাটি

তৃতীয় তৰপ

২.৫ চে.মি.(১ ইঞ্চি) ডাঠকৈ মাটি

চতুৰ্থ তৰপ

৬ চে.মি.(২ ১/২ ইঞ্চি) ডাঠকৈ মাটি

 

প্ৰতিটো তৰপ ভালদৰে মিহলাই দিব লাগে যাতে গোবৰে কঠীয়াৰ শিপাবোৰ ভিতৰলৈ সোমাই যোৱাত সহায় কৰে। কঠীয়াতলীৰ পৰা বোকা বাহিৰলৈ ওলাই যাব নোৱৰাকৈ তলীখনৰ চাৰিওফালে কাঠ বা বাঁহৰ টুকূৰা সুমুৱাই দিব লাগে। ‘শ্ৰী’ পদ্ধতিত কঠীয়াতলী সদায় যথাসম্ভৱ মূল পথাৰৰ ওচৰত প্ৰস্তুত কৰিব লাগে।

কঠীয়াতলীত বীজ সিঁচাৰ পাছত ৰ’দ, বৰষুণ, চৰাই আদিৰ পৰা ৰক্ষা কৰিবলৈ গোবৰৰ এটা প্ৰলেপ বা খেৰেৰে পাতলকৈ ঢাকি দিব লাগে। বীজ অংকুৰিত হোৱাৰ পাছত খেৰসমূহ আঁতৰাই দিব লাগে। প্ৰয়োজন অনুসৰি ৰাতিপুৱা আৰু আবেলি দুবাৰকৈ পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে। পানী দিওঁতে মন কৰিব লাগে যাতে বীজবোৰ সিঁচৰিত হৈ নাযায়।

পৰম্পৰাগত পদ্ধতিত কঠিয়া উঠাওঁতে কঠীয়াবোৰ হাতেৰে ধৰি উঠাই অনা হয়, কিন্তু ‘শ্ৰী’ পদ্ধতিত কঠীয়া উঠাওঁতে বিশেষ মন কৰিব লাগে যাতে কঠীয়াবোৰৰ অনিষ্ট বা কোনো ক্ষতি নহয়। মাটিৰ তলৰ ১০ চে.মি.(৪-৫ ইঞ্চি) গভীৰতাৰ পৰা লোহাৰ ডাঠ প্লেটৰ(৪৫ চে.মি. বা ১ ১/২ ফুটমান দীঘল আৰু ৩০ চে.মি. বা ১ ফুট বহল) সহায়ত মাটিৰ সৈতে কঠীয়া তুলি আনিব লাগে যাতে কঠীয়াবোৰৰ শিপা নষ্ট নহয়। কঠীয়াতলীত কোনো ৰাসায়নিক সাৰ বা দৰব ব্যৱহাৰ কৰিব নালাগে।

মূল পথাৰত ৰোপণ -

কঠীয়া তোলাৰ পাছত যিমান সোনকালে পাৰি(১৫ মিনিটৰ পৰা আধাঘন্টাৰ ভিতৰত) মূল পথাৰত ৰোৱাৰ ব্যৱস্থা কৰিব লাগে। কঠীয়াবোৰ ২৫ চে.মি.(১০ ইঞ্চি) দূৰত্বত এডাল এডালকৈ বৰ্গক্ষেত্ৰ আকাৰত সাৱধানে ৰুব লাগে।   ৰোৱাৰ সমান মূল পথাৰত পানী জমা হৈ থাকিব কনালাগে আৰু ওপৰভাগ  যিমানদূৰ সম্ভৱ সমান হ’ব লাগে। ৰোৱাৰ এদিন বা দুদিন পাছত পাতলকৈ এটা জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে। ‘শ্ৰী’ পদ্ধতিত ১ বৰ্গমিটাৰ মাটিকালিত ১৬টা গোছা ৰুব পাৰি, কিন্তু পৰম্পৰাগত পদ্ধতিত ২০ মচে.মি.*১৫ চে.মি.(৮ ইঞ্চি*৬ ইঞ্চি) দূৰত্বত ১ বৰ্গমিটাৰ মাটিকালিত ৩৩টা গোছা ৰুব পৰা যায়। সেৰেঙাকৈ ৰোৱা বাবে শিপাৰ গঠন, বৃদ্ধি আৰু পোখাৰ সংখ্যা ‘শ্ৰী’ পদ্ধতিত বেছি হোৱা দেখা যায়। দূৰত্ব বেছি হোৱা বাবে বন-বাত নিয়ন্ত্ৰণতো সুবিধা হয়।

জলসিঞ্চন -

‘শ্ৰী’ পদ্ধতিত পথাৰত পানী বন্ধ কৰি ৰখাৰ পৰিৱৰ্তে ধাননি পথখন সেমেকাই বা তিয়াই ৰখাতহে গুৰুত্ব দিয়া হয়। মাজে মাজে তিয়াই, মাজে মাজে শুকান কৰি ৰাখিলে শিপাই বতাহ পায়, লৌহ বিষক্ৰিয়াৰ অপকাৰ কমে আৰু শিপাৰ গঠন ভাল হয়।

অপতৃণ নিয়ন্ত্ৰণ:

পথাৰত পানী জমা হৈ নাথাকে বাবে ‘শ্ৰী’ পদ্ধতিত বন-বাতৰ উপদ্ৰৱ বেছি হোৱা দেখা যায়। সেয়েহে কঠীয়া ৰোৱাৰ ১০ দিন পাছত প্ৰথমবাৰৰ বাবে আৰু ২০ দিন পাছত দ্বিতীয়বাৰৰ বাবে অপতৃণ বা বন-বাত নিৰাব লাগে। ঘূৰ্ণীকৃত(ৰোটাৰী) নিৰণি যন্ত্ৰ শাৰীৰ মাজত চলাই বন-বাত নিয়ন্ত্ৰণ কৰিব পাৰি। বন-বাতবোৰ মাটিত মিহলাই দিলে জৈৱিক সাৰৰ পৰিমাণ বৃদ্ধি হয়।

সাৰ প্ৰয়োগ:

সাধাৰণতে ‘শ্ৰী’ পদ্ধতিত ৰাসায়নিক সাৰৰ ব্যৱহাৰ অতি কম। ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰত অধিক গুৰুত্ব গুৰুত্ব দিয়া হয়। জৈৱিক সাৰ হিচাপে মাটি প্ৰস্তুতিৰ সময়ত গোবৰ বা ইউৰিয়া, একক ছুপাৰ ফছফেট আৰু মিউৰিয়েট অৱ পটাছ ব্যৱহাৰ কৰিলেও পৰম্পৰাগত পদ্ধতিতকৈ ইয়াৰ পৰিমাণ আধা অৰ্থাৎ আহু আৰু শালিধানৰ বাবে বিঘাই প্ৰতি ৬ কেজি ইউৰিয়া, ৯ কেজি একক ছুপাৰ ফছফেট আৰু ২ কেজি মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে।

সাৰ প্ৰয়োগৰ নিয়ম -

মধ্যম আৰু দীৰ্ঘদিনীয়া জাতৰ(১২০-১৫০ দিনীয়া) ক্ষেত্ৰত গোটেইখিনি একক ছুপাৰ ফছফেট আৰু মিউৰিয়েট অৱ পটাছ সাৰৰ লগত ইউৰিয়া সাৰৰ আধা অংশ শেষৰবাৰ মাটি বোকা কৰা সময়ত প্ৰয়োগ কৰিব লাগে। বাকী থকা ইউৰিয়া সাৰ আকৌ সমানে দুভাগ কৰি এভাগ পোখামেলা অৱস্থাত আৰু আনভাগ গেঁৰধৰ সময়ত প্ৰয়োগ কৰিব লাগে।

কৰ্মদিনীয়া জাতৰ(১০০-১২০ দিনীয়া) ক্ষেত্ৰত ইউৰিয়া সাৰৰ আধা পৰিমাণৰ লগত সম্পূৰ্ণ পৰিমাণৰ ছুপাৰ আৰু পটাছ সাৰ শেষৰবাৰ মাটি বোকা কৰা সময়ত প্ৰয়োগ কৰিব লাগে। বাকী থকা ইউৰিয়াৰ আধা অংশ গেঁৰধৰা সময়ত প্ৰয়োগ কৰিব লাগে।

বেমাৰ আৰু কী-পতংগ -

‘শ্ৰী’ পদ্ধতিত গছে বেমাৰ প্ৰতিৰোধক শক্তি আহৰণ কৰে আৰু পৰম্পৰাগত পদ্ধতিতকৈ সাধাৰণতে বেমাৰ আৰু পোকৰ দ্বাৰা কমকৈ আক্ৰান্ত হয়।

বেমাৰ

প্ৰতিৰোধ ব্যৱস্থা

১)ব্লাষ্ট(Blast disease)

 

বেভিষ্টিন দৰব প্ৰতিলিটাৰ পানীত ১ গ্ৰাম হিচাপত মিশ্ৰণ তৈয়াৰ কৰি কঠীয়া পৰাৰ ৩০ দিন পাছত(পোখা মেলা সময়ত) স্প্ৰে’কৰিব লাগে। তাৰ পাছত হিন’চান দৰব ১ মি.লি. প্ৰতিলিটাৰ পানী হিচাপত মিহলাই প্ৰথমবাৰ গেঁৰধান সময়ত আৰু দ্বিতীয়বাৰ থোক ধৰা সময়ত স্প্ৰে’ কৰিব লাগে।

২)চিথ ব্লাইট(Sheath blight)

বেভিষ্টিন ০.৫ গ্ৰাম প্ৰতিলিটাৰ পানী হিচাপত প্ৰথমবাৰ ৰোগ দেখা দিয়া সময়ত আৰু দ্বিতীয়বাৰ ১০ দিন পাছত স্প্ৰে’ কৰিব লাগে।

৩)ব্ৰাউন স্পট(Brown spot)

 

ব্লাইটক্স-৫০ নামৰ দৰববিধ ২.৫ গ্ৰাম প্ৰতিলিটাৰ পানী হিচাপত নাইবা ডাইথেন জেদ-৭৮(Diethane Z-78) ২.৫ গ্ৰাম প্ৰতিলিটাৰ পানী হিচাপত মিহলাই ২৫ দিনৰ অন্তৰে অন্তৰে স্প্ৰে’ কৰিব লাগে।

ধাৰনৰ কীট-পতংগ

প্ৰতিৰোধ ব্যৱস্থা

মজাখোৱা, চৰহা পোক, পাতমেৰিওৱা, টুপলিকটা পোক, ফুটি পোক, বিছা পোক আদি

 

গান্ধী পোক

 

ক্ল’ৰ’পাইৰিফছ(Chloropyriphos) জাতীয় দৰব(ট্ৰাইছেল বা ডাৰ্চবান) ২ মি.লি.     পানী হিচাপত স্প্ৰে’ কৰিব লাগে।

 

 

মালথিয়ন ৫ শতাংশ গুড়ি দৰব বিঘাই প্ৰতি ৩ কেজি হিচাপ দাচটাৰ (Duster)ৰ জৰিয়তে ছটিয়াই দিব লাগে। নাইবা এন্দ’হাইপাৰ(Endohyper) দৰব ২ মি.লি. প্ৰতিলিটাৰ পানী হিচাপত স্প্ৰে’ কৰিব লাগে।

 

‘শ্ৰী’ পদ্ধতি আৰু পৰম্পৰাগত পদ্ধতিত তুলনা -

‘শ্ৰী’ পদ্ধতি

পৰম্পৰাগত পদ্ধতি

১_প্ৰতি বিঘা মাটিৰ বাবে ৬০০-৭০০ গ্ৰাম বীজ লাগে।

১)প্ৰতি বিঘা মাটিৰ বাবে ৬-৭ কেজি বীজ লাগে।

২)কঠীয়াৰ বয়স ৮-১২ দিন।

২)কঠীয়াৰ বয়স ২৫-৩০ দিন লাগে

৩)প্ৰতি বৰ্গমিটাৰত ১৬ গোছা গছ হয়।

৩)প্ৰতি বৰ্গমিটাৰত ৩৩ গোছা গছ হয়(২০ চে.মি.*১৫ চে.মি. ব্যৱধানত)।

৪)গোছাত ১ ডাল কঠীয়া ৰোৱা হয়।

৪)গোছাত ৩-৪ ডালকৈ কঠীয়া ৰোৱা হয়।

৫)কঠীয়া খান্দি উঠোৱা হয় বাবে কমকৈ আঘাতপ্ৰাপ্ত হয়।

৫)কঠীয়া জোৰকৈ টানি উঠোৱা হয় বাবে আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা বেছি।

৬)বৰ্গক্ষেত্ৰ আকাৰত ২৫ চে.মি.(১০ ইঞ্চি) দূৰত্বত ৰোৱা হয়।

৬)জাতভেদে শাৰী আৰু গোছাএৰ মাজত দূৰত্ব ভিন ভিন হয়।

৭)পথাৰ সেমেকাই/তিয়াই ৰখা হয়।

৭)পথাৰত ৫ চে.মি.(২ ইঞ্চি) বন্ধ পানী ৰখা হয়।

 

লেখক: নিখিলেশ বৰুৱা, জয়ন্ত কুমাৰ কলিতা

উৎস: আধুনিক কৃষিকথা(শস্য ব্যৱস্থাপনা)

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top