মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / আধুনিক কৃষিকথা (ড° প্ৰশান্ত মিশ্ৰ) / অসমত উদ্যানশস্য সংৰক্ষণ: উদ্যোগমুখিতাৰ কেইটামান ব্যৱহাৰিক দিশ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমত উদ্যানশস্য সংৰক্ষণ: উদ্যোগমুখিতাৰ কেইটামান ব্যৱহাৰিক দিশ :

অসমত উদ্যানশস্য সংৰক্ষণ: উদ্যোগমুখিতাৰ কেইটামান ব্যৱহাৰিক দিশৰ বিষয়ে লিখা হৈছে ।

 

মানৱ দেহত পৰিপুষ্টিব যোগোৱাৰ দিশৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে উদ্যানশস্যৰ যথেষ্ট গুৰুত্ব আছে। কিয়নো ফলমূল আৰু শাক-পাচলিয়েই হ’ল নানাবিধ খনিজ লৱণ, খাদ্যপ্ৰাণ আৰু ঔষধি গুণৰ প্ৰধান উৎস। সেয়েহে আমি দৈনিক নানা তৰহৰ শাক-পাচলি তথা বতৰৰ ফল-মূল আমাৰ আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা উচিত। সজীৱ ৰূপত ‘ৰিফ্ৰিজাৰেটৰ’ নতুবা কোঠাৰ উষ্ণতাত সৰহ দিনলৈ সংৰক্ষণ কৰিব নোৱাৰি। বহুতো উদ্যানশস্য প্ৰায় এসপ্তাহৰ ভিতৰতেই নষ্ট হয়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ লগতে মূল্য সংযোজন কৰি এই উদ্যানশস্যসমূহৰ পৰা অধিক লাভ আহৰণৰ বহুতো সম্ভাৱনা আছে। তদুপৰি আজিৰ ব্যৱস্তাপূৰ্ণ নগৰীয়া জীৱনত মূল্য সংযোজিত সামগ্ৰীসমূহ্ৰ চাহিদাও যথেষ্ট।

এই চমু প্ৰবন্ধত অসমত বিভিন্ন ঋতুত উৎপাদন হোৱা নানা তৰহৰ উদ্যানশস্যৰ মূল্য সংযোজন কৰি কিদৰে নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি আৰু এই শস্যসমূহৰ সময়, স্থান তথা ৰূপৰ ব্যৱহাৰযোগ্যতা(Time, place and form utility) প্ৰদান কৰিব পাৰি, সেই বিষয়ে উদাহৰণসহ আলোচনা কৰিবলৈ চেষ্টা কৰা হৈছে।

আদা -

সুস্বাদ প্ৰদানকাৰী মছলা হিচাপে জনাজাত আদা অসমৰ অন্যতম প্ৰ্ধান উদ্যানশস্য। ইয়াৰ বৈশিষ্ট ঔষধি গুণ আছে। ইয়াক শুকান অথবা ‘বটা’ হিচাপে সংৰক্ষণ কৰিব পাৰোঁ। নিমখ বা চেনিৰ সহায়ত তৈয়াৰ কৰা দুইধৰণৰ মুখৰোচক সামগ্ৰীৰ দ্বাৰাও আদা সংৰক্ষণ কৰিব পৰা যায়। এই আটাইবোৰ মূল্য সংযোজিত ৰূপ বছৰৰ সকলো সময়তে সকলো স্থানতে সমানে সমাদৃত।

শুকান আদা প্ৰস্তুতকৰণ:

১)পূৰঠ, নিৰোগী আদাবোৰ চাফাকৈ ধুই লওক।

২)বাঁহ বা ষ্টীলৰ কটাৰীৰে বাকলিবোৰ মোটামুটিভাৱে আঁতৰাই লওক আৰু পুনৰ পৰিষ্কাৰ পানীত ধুই লওক।

৩)আদাবোৰ মাজেদি ফালি দুফাল কৰক।

৪)পৰিষ্কাৰ ঠাইত আদাখিনি মেলি দি ৰ’দত শুকুৱাই লওক। পৰাপক্ষত সৌৰশক্তিচালিত শস্য শুকুৱা যন্ত্ৰ ব্যৱহাৰ কৰক।

৫)আদাবোৰ সমভাৱে ১০ শতাংশ আৰ্দ্ৰতালৈ শুকাবলৈ দিয়ক। (এনে অৱস্থাত হাতেৰে ভাঙি দুটুকুৰা কৰিব পাৰি)।

৬)এনে আদা ‘পলিপ্ৰপাইলিন’ বেগ বা প্লাষ্টিকৰ টেমাত বন্ধ কৰি কোঠাৰ উষ্ণতাত ১ বছৰলৈ সংৰক্ষণ কৰিব পাৰি।

তলত দিয়া কথাকেইটা মন কৰক:

১)এক কেজি কেঁচা বাকলি নুগুচোৱা আদাৰ পৰা ৬৫০ গ্ৰাম(প্ৰায়) আদা বটা প্ৰস্তুত কৰিব পাৰি।

২)এক কেজি কেঁচা বাকলি নুগুচোৱা আদাৰ পৰা ৬০০ গ্ৰাম ‘কেণ্ডি’ প্ৰস্তুত কৰিব পাৰি।

৩)এক কেজি কেঁচা আদাৰ পৰা ‘কেণ্ডি’ প্ৰস্তুত কৰিবলৈ সম পৰিমাণৰ চেনিৰ প্ৰয়োজন।

৪) ‘আদা বটা’ আৰু ‘কেণ্ডি’ৰ সাম্প্ৰতিক বজাৰ মূল্য হৈছে যথাক্ৰমে ১২৫ টকা/প্ৰতি কেজি আৰু ৫০০ টকা/প্ৰতি কেজি।

৫)শুকান নিমখীয়া আদাৰ বজাৰ মূল্য হৈছে ২০০ টকা/প্ৰতি কেজি।

৬)ছ’ডিয়াম বেনজয়েটৰ বজাৰ মূল্য হৈছে ২০ টকা/প্ৰতি ১০ গ্ৰাম আৰু চাইট্ৰিক এচিডৰ বজাৰ মূল্য হৈছে ২০০ টকা/প্ৰতি ৫০০ গ্ৰাম।

৭)যিকোনো সাধাৰণ ৰন্ধা-বঢ়া কাৰ্তত আদা বটা সাধাৰণ কেঁচা আদাৰ দৰে ব্যৱহাৰ কৰিব পাৰি।

৮)কেণ্ডি আৰু নিমখত দিয়া শুকান আদা মুখৰোচক হজমকাৰী হিচাপে ব্যৱহাৰ কৰিব পাৰি।

৯)চেনিৰ দ্ৰৱত সংৰক্ষণ কৰা আদা আৰু ‘কেণ্ডি’ বেকাৰীৰ খাদ্য প্ৰস্তুতিত ব্যৱহাৰ কৰিব পাৰি।

১০)নিমখৰ দ্ৰৱত সংৰক্ষণ কৰা আদা, কেঁচা আদাৰ দৰেই ব্যৱহাৰ কৰিব পৰি।

১১)শুকান আদা সংৰক্ষণ কৰিবলৈ উজু, যিহেতু ইয়াৰ আয়তন কম আৰু পোক-পতংগৰ আক্ৰমণো কম। শুকান আদা গুড়ি কৰি মছলা প্ৰস্তুত কৰিব পাৰি আৰু সুগন্ধি উদ্বায়ী তেল আৰু জলা গুণবিশিষ্ট ‘অলিওৰেজিন’ নিষ্কাশন কৰিব পাৰি।

শিমলু আলু -

আমি আজিলৈকে অৱজ্ঞা কৰি অহা কম যত্নেৰে তথা কম নিৱেশ প্ৰয়োগেৰে যথেষ্ট পৰিমাণে আমাৰ মাটিত উৎপাদন কৰিব পৰা শস্য হৈছে শিমলু আলু। এই আলুৰ বাকলি সম্পূৰ্ণকৈ আঁতৰাই লৈ পাতল টুকুৰা কৰি ৰ’দত টানকৈ শুকুৱাই গুড়ি কৰিলে আমি আটা পাম। এটা আটা ১:১ অনুপাতত ঘেঁহুৰ পৰা প্ৰস্তুত কৰা আটাৰ সৈতে মিহলি কৰি ঘেঁহুৰ আটাৰ দৰেই ৰুটি, বিস্কুট আদি প্ৰস্তুত কৰাত ব্যৱহাৰ কৰিব পাৰি আৰু কেইবামাহলৈ সংৰক্ষণ কৰিব পাৰি। পাতলকৈ কটি লোৱা টুকুৰাবোৰ উতলা গৰম পানীত ৫ মিনিট ডুবাই ৰ’দত শুকুৱাই লৈ তেলত ভাজি আমি আলু ‘চিপছ’ৰ দৰেও খাব পাৰোঁ।

এইদৰে শুকুৱা চিপছবোৰ গুড়ি কৰিলে শিমলু আলুৰ পৰা চুজি প্ৰস্তুত হ’ব। যিহেতু শিমলু আলুত যথেষ্ট পৰিমাণে শ্বেতসাৰ থাকে, অতি সহজ পদ্ধতিৰে এই শ্বেতসাৰ সজীৱ আলুৰ পৰা নিষ্কাশিত কৰি কাগজ, বস্ত্ৰ, খাদ্য আৰু আঠাজাতীয় উদ্যোগত ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ চাহিদা বৰ্তমান ভাৰতবৰ্ষত যথেষ্ট। শিমলু আলুৰ বগা আটাৰ লগত স্বাস্থ্যৰ ক্ষতি নকৰা অনুমোদিত ৰং মিহলাই নিৰাপদ ‘ফাকুগুড়ি’ও দৌল উৎসৱৰ আগে আগে প্ৰস্তুত কৰিব পাৰি। এনে ফাকুৰ বজাৰত যথেষ্ট চাহিদা আছে আৰু ই এক লাভজনক ব্যৱসায় হিচাপে গঢ়ি উঠাৰ সম্ভাৱফনা আছে।

শিমলু আলুৰ মূল্য সংযোজন:

শিমলু আলু উষ্ণ জলবায়ু অঞ্চলত হোৱা এক আলুজাতীয় শস্য(তালিকা নং ১)।

তালিকা নং ১:

প্ৰতি ১০০ গ্ৰাম সজীৱ আৰু শুকান শিমলু আলুত থকা বিভিন্ন পোষক দ্ৰব্যৰ পৰিমাণ আৰু চাউল আৰু আটাৰ সৈতে তুলন।

 

পানী

প্ৰ’টিন

তেলজাতীয় পদৰ্থ

খনিজ পদাৰ্থ

আঁহজাতীয় পদাৰ্থ

শৰ্কৰা

শিমলু আলু(সজীৱ)

৫৯.৪

০.৭

০.২

১.০

০.৬

৩৮.১

শিমলু আলু(শুকান)

১২.০

১.৩

০.৩

২.০

১.৮

৮২.৬

চাউল(মিলত খুন্দা)

১৩.৭

৬.৮

০.৫

০.৬

০.২

৭৮.২

ৰঙা আটা

১২.২

১২.১

১.৭

২.৭

১.৯

৬৯.৪

 

উৎস: আই চি এম আৰ, হাইদৰাবাদ, ভাৰত

উপাৰ্জনকাৰী পৰিয়ালৰ বাবে ই প্ৰধান খাদ্য হিচাপে পৃথিৱীৰ বহুতো ঠাইত ব্যৱহৃত হৈ আহিছে। ভাৰতবৰ্ষৰ ১৩ খন ৰাজ্যত ইয়াৰ খেতি হয় আৰু ইয়াৰ সৰহভাগ উৎপন্ন হয় কেৰেলা, তামিলনাডু আৰু অন্ধপ্ৰদেশত। কেৰেলা ৰাজ্যত ই দ্বিতীয় প্ৰধান খাদ্য আৰু আন দুখন ৰাজ্যত শ্বেতসাৰ আৰু চাগু উৎপন্ন কৰিবলৈ এই খেতি কৰা হয়। শিমলু আলু উৎপাদনত অসমৰ স্থান ষষ্ঠ।

আঁহজাতীয় পদাৰ্থৰ উপস্থিতিয়ে শিমলু আলুক গুৰুত্ব প্ৰদান কৰিছে। শুকান শিমলু আলুত(য’ত ১২% পানী থাকে) প্ৰায় ৮০% শৰ্কৰা আৰু ইয়াৰ সিংহভাগেই(৯০%) শ্বেতসাৰ। শুকান শিমলু আলুত থকা খনিজ পদাৰ্থৰ অন্যতম হৈছে-

ক)পটাছিয়াম(৭৬৪ মি.গ্ৰা. প্ৰতি ১০০ গ্ৰাম),

খ)কেলচিয়াম(৯১ মি.গ্ৰা. প্ৰতি ১০০ গ্ৰাম,

গ)মেগনেছিয়াম(৬৬ মি.গ্ৰা. প্ৰতি ১০০ গ্ৰাম),

ঘ)লো(০.৬ মি.গ্ৰা. প্ৰতি ১০০ গ্ৰাম),

ঙ)ছালফাৰ(৫৮ মি.গ্ৰা. প্ৰতি ১০০ গ্ৰাম) আৰু

চ)ফছফৰাছ(৭০ মি.গ্ৰা. প্ৰতি ১০০ গ্ৰাম)।

‘চাইনোজেনিক গ্লুক’ছাইড’ নামৰ এবিধ বিষ উৎপন্নকাৰী পদাৰ্থৰ উপস্থিতিয়ে(ই বাকলিতে সৰ্বাধিক পৰিমাণে থাকে) ইয়াৰ সোৱাদ তিতা কৰে। বাকলি আঁতৰাই লোৱাৰ পাছত পানীত সিজাই, সেই সিজোৱা পানীখিনি পেলাই দিলে ই নিৰাপদ পৰিমাণলৈ আহেগ। সূৰ্যৰ পোহৰত ভালকৈ শুকুৱাই লৈ গুড়ি কৰাৰ পাছতো ইয়াক খোৱাৰ উপযোগী কৰি ল’ব পাৰি।

১)সজীৱ আলু ৰান্ধি খোৱাৰ পদ্ধতি:

আলুবোৰৰ বাকলি সম্পূৰ্ণকৈ এৰুৱাই লৈ বগা অংশ সংগ্ৰহ কৰক আৰু সৰু সৰু টুকুৰা কৰি লৈ কোমল হোৱালৈ সিজাওক। সিজাবলৈ ব্যৱহাৰ পানীখিনি পেলাই দিব। সিজোৱা আলুবোৰ আপোনাৰ সোৱাদ অনুসৰি নিমখ, জালুক আদিৰ সৈতে বা অন্য পাচলি বা মাছ আৰু মাংসৰ সৈতে খাব পাৰি।

২)শিমলু আলুৰ গুড়ি আৰু ‘চিপছ’:

বগা আৰু ক্ৰিম ৰঙৰ দুইবিধ শিমলু আলুৰ গুড়ি আৰু ‘চিপছ’ শিমলু আলুৰ পৰা প্ৰস্তুত কৰিব পাৰি। ইয়াৰ বাবে হাতেৰে পাতলকৈ(প্ৰায় ২ মিলিমিটাৰ) কাটি বা ‘চিপিং’ মেচিনৰ সহায়ত বাকলি গুচোৱা আলুবোৰ কাটি ল’ব লাগে। এটা টুকুৰাবোৰ বিস্কুটৰ দৰে টান হোৱালৈকে ১২-১৭ ঘন্টা উজ্জ্বল ৰ’দৰ পোহৰত(Bright Sunshine) শুকুৱাই শুকান বগা ‘চিপছ’ পাব পাৰি। ইয়াক যিকোনো গুড়ি কৰা মেচিনেৰে খুন্দিলে বগা গুড়ি পোৱা যায়।

আনহাতে কাটি লোৱা সৰু টুকুৰাবোৰ ৰ’দত শুকুৱাৰ আগতে ৫ মিনিট উতলা পানীত সিজই লৈ তুৰন্তে পুনৰ ঠাণ্ডা পানীত ধুই শুকুৱাই ল’লে ক্ৰীম ৰঙৰ ‘পাৰবয়লড চিপছ’ পাব পাৰি। ইয়াৰ গুড়ি কৰিলে শিমলু আলুৰ ‘চুজি’ পাব পাৰি। শিমলু আলুৰ শুকান গুড়িৰ পৰা বিভিন্ন খাদ্যদ্ৰব্য প্ৰস্তুত কৰিব পাৰি। আটা বা ময়দাৰ সৈতে নিৰ্দিষ্ট(১:১) অনুপাতত মিহলাই ৰুটি, বিস্কুট আদি বনাব পাৰি।

৩)সজীৱ আলুৰ পৰা শ্বেতসাৰ আহৰণ:

শিমলু আলুৰ পৰা শ্বেতসাৰ নিষ্কাশনৰ বাবে এবিধ যন্ত্ৰ পোৱা যায় যাক ইংৰাজীত ‘ৰাছপাৰ’(Rasper) বুলি কয়। ইয়াৰ বাবে বাকলি আঁতৰাই লোৱা আলুবোৰ যন্ত্ৰত ভৰাই দি পৰিষ্কাৰ পানী সৰবৰাহ কৰিব লাগে। পানীৰ সৈতে নিৰ্গত হোৱা দ্ৰৱখিনি এখন পাতল কাপোৰৰ মাজেদি পাৰ কৰি আঁহজাতীয় পদাৰ্থখিনি আঁতৰাই পেলোৱা হয়।

চেকি লোৱা পানীখিনি ২৪ ঘন্টাৰ বাবে লৰচৰ নকৰাকৈ ৰাখিলে পাত্ৰৰ তলত শ্বেতসাৰৰ গেদ পৰিব আৰু ওপৰৰ পানীখিনি লাহে লাহে নিগৰাই তলৰ শ্বেতসাৰখিনি গোটাই লৈ ইয়াক বহল ট্ৰে’ত মেলি দি ৰ’দত শুকুৱাই ল’ব লাগে। যেতিয়া শ্বেতসাৰৰ লডাবোৰ হাতেৰে ডাঙিব নোৱৰা টান হ’ব, তেতিয়া ইয়াক সংগ্ৰহ কৰি বায়ু সৰবৰাহ নকৰা বটল বা পেকেটত বন্ধ কৰি থ’ব লাগে।

সজীৱ আলুৰ পৰা শ্বেতসাৰ নিষ্কাশন এক উদ্যোগ। শ্বেতসাৰৰ প্ৰয়োজনীয়তা খাদ্য, বস্ত্ৰ, কাগজ আদি উদ্যোগত বৰ্তমানেও বহুত, যাৰ বাবে আমাৰ দেশত শিমলু আলুৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি। ভাৰতবৰ্ষত শিমলু আলুৰ বিষয়ে যথেষ্ট গৱেষণা কৰা অনুষ্ঠান হৈছে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত কেন্দ্ৰীয় আলুজাতীয় শস্য গৱেষণা কেন্দ্ৰ(Central Tuber Crops Research Institute), তিৰুৱানন্তপুৰম। অসম কৃষি বিশ্ববিদ্যালয়তো উত্তৰ-পূব ভাৰতত উপলব্ধ বিভিন্ন সঁচৰ কৃষি পদ্ধতিৰ লগতে মূল্য সংযোজন(value addition) বিষয়ে গৱেষণৰ কৰি থকা হৈছে। ইয়ৰ ভিতৰত শিমলু আলুৰ পৰা প্ৰস্তুত কৰা নিৰাপদ ‘ফাকুগুড়ি’ উল্লেখযোগ্য।

অন্যান্য শাক-পাচলি আৰু ফলমূল -

শুকান ৰূপত সংৰক্ষণ:

আমাৰ যদি এটা ‘ট্ৰে’ ড্ৰায়াৰ’ থাকে, অৰ্থাৎ শস্য শুকুৱা যন্ত্ৰ থাকে, তেন্তে আমি উদ্যানশস্যৰ অপচয় বহুখিনি কমাব পাৰোঁ আৰু শস্য নাটনিৰ সময়ত(বানপানী, খৰাং আদি পৰিস্থিতিত পীড়িত লোকৰ বাবে) আৰু যিসমূহ স্থানত পাচলিৰ উৎপাদন কম হয় তালৈ এই শুকান পাচলি বা ফলমূল সৰবৰাহ কৰিব পৰা যায়।

প্ৰায়বোৰ পাচলিয়েই শুকান ৰূপত সংৰক্ষণ কৰিব পাৰি, যেনে- তিতাকেৰেলা, গাজৰ, বিলাহী, জলকীয়া, ফুলকবি, কঁঠাৰ আদি। শুকুৱাৰ আগতে অৱশ্যে ইয়াৰ ৰং সলনি নহ’বলৈ গৰম পানীত বা ভাপত ৫ মিনিট ৰাখি লৈহে শুকুৱাব লাগে। এনে কৰিলে দ্ৰৱণীয় কিছু খাদ্যপ্ৰাণ বা খনিজ লৱণৰ পৰিমাণ কমিলেও ই পুষ্টিকৰ হৈ থাকে।

শুকুৱাই সংৰক্ষণ কৰিব পৰা তথা বজাৰত চাহিদা থকা ফলমূল হৈছে বগৰী, আমলখি আদি। প্ৰায় ৫০ কেজি সজীৱ শস্য একেবাৰতে শুকুৱাব পৰা এটা ‘ট্ৰে’ ড্ৰায়াৰ’ৰ মূল্য প্ৰায় ৭৫,০০০ হেজাৰ টকা। নিৰাপদ আৰ্দ্ৰতাৰ পৰিমাণলৈ শুকুওৱাৰ পাছত শুকান অৱস্থাতে ‘পেক’ কৰিব লাগে, যাতে পুনৰ আৰ্দ্ৰতা আহৰণ কৰিব নোৱাৰে। শুকান পাচলিবোৰ পুনৰ পানীত তিয়াই লৈ সজীৱ কৰি ৰান্ধিও খাব পাৰি।

সজীৱ ৰূপত সংৰক্ষণ:

সজীৱ ৰূপত আমি বিশেষকৈ ফলসমূহ সংৰক্ষণ কৰিব পাৰোঁ। বিভিন্ন ফলমূলৰ ৰস আহৰণ কৰি আমি অতিৰিক্ত পৰিমাণৰ চেনি আৰু সংৰক্ষক দ্ৰব্য মিহলি কৰি অতি সহজে চৰ্বত বনাব পাৰোঁ। ইয়াক খোৱাৰ আগতে নিৰ্দিষ্ট হাৰত পানী মিহলাই ল’ব লাগে।

বিশেষকৈ গৰম বতৰত এই পানীয়ই আমাক শক্তি যোগায়। ‘Ready to serve beverage’ বা তাৎক্ষণিকভাৱে ব্যৱহাৰ কৰিব পৰা পানীয় প্ৰস্তুতিৰ বাবে অৱশ্যে আমাক কিছু বেছি প্ৰযুক্তিৰ বা মূলধনৰ প্ৰয়োজন।

যেনে, ‘pasteurisation’ ব্যৱস্থাৰ আৰু ‘বটলিং’ৰ চৰ্বত প্ৰস্তুত কৰিব পৰা ফলৰ ভিতৰত আনাৰস, আম, কল, কৰ্দৈ, নেমু, বেল, জামু আদিয়েই প্ৰধান। সেইদৰে জাম, জেলি প্ৰস্তুত কৰিও আমি বহু ফলমূল সংৰক্ষণ কৰিব পাৰোঁ।

এই প্ৰবন্ধত থুলমূলকৈ কম খৰচতে বজাৰৰ চাহিদা অনুসৰি প্ৰস্তুত কৰিব পৰা তথা কোঠাৰ উষ্ণতাতে সংৰক্ষণ কৰি দীঘলীয়া সময়ৰ বাবে খাদ্য উপযোগী কৰি পৰিপুষ্টিৰ দিশতো অৰিহণা যোগাব পৰা কিছু প্ৰণালী উল্লেখ কৰা হৈছে। এই প্ৰণালীসমূহত দক্ষতা আহৰণ কৰিবলৈ উপযুক্ত প্ৰশিক্ষণৰ প্ৰয়োজন।

লেখিকা: ড° প্ৰিয়ংকা দাস

উৎস: কৃষি বাণিজ্যিকীকৰণ আৰু উদ্যোগমুখিতা(আধুনিক কৃষিকথা)

 

 

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top