অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমত উদ্যানশস্যৰ বাণিজ্যিক দিশ :

অসমত উদ্যানশস্যৰ বাণিজ্যিক দিশৰ বিষয়ে লিখা হৈছে ।

 

অসমৰ মাটি আৰু জলবায়ু উদ্যানশস্যৰ খেতিৰ বাবে উপযোগী। উদ্যানশস্য বুলিলে নানাবিধ ফলমুল, ৰোপণ শস্য, শাক-পাচলি, মছলাজাতীয় শস্য আৰু ফুলজাতীয় শস্যক বুজোৱা হয়। ফলমুলসমুহৰ ভিতৰত কল, মাটিকঁঠাল , সুমথিৰা, নেমু, কঁঠাল, মধুৰি আৰু লিচু প্ৰধান। আনহাতে ৰোপণ শস্যৰ ভিতৰত অসমত নাৰিকল আৰু তামোলৰ খেতি বহলভাৱে কৰা হয়। ভাৰতৰ বিভিন্ন প্ৰান্তত হোৱা ৬০ বিধ শাক-পাচলিৰ প্ৰায় সকলোবিধেই কম-বেছি পৰিমাণে অসমত উৎপাদন কৰিব পাৰি।

অসমৰ মুঠ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰৰ ৩৪,০০০ বৰ্গ কিলোমিটাৰ খেতিৰ উপযোগী যদিও কেৱল ৩৭.০৭ লাখ হেক্টৰ মাটিতহে খেতি কৰা হয়। তাৰ ভিতৰত ৫.৯৪ লাখ হেক্টৰ মাটিত উদ্যানশস্যৰ খেতি কৰা হয়। খেতিৰ বাবে ব্যৱহৃত মাটিৰ শতকৰা ১৪ ভাগতহে জলসিঞ্চনৰ সুবিধা আছে। সেইবাবে প্ৰায় সকলোবিধ উদ্যানশস্যৰ খেতি বৰষুণৰ ওপৰত নিৰ্ভৰশীল।

উদ্যানশস্যৰ মাটিকালি আৰু উৎপাদন -

অসমত উদ্যানশস্যৰ মাটিকালি আৰু উৎপাদনসমুহ তলৰ্ তালিকাত দিয়া হ’ল-তালিকা নং : উদ্যানশস্যৰ অন্তৰ্গত মুঠ মাটিকালি আৰু উৎপাদন (২০০৭-০৮)

ফল

মাটিকালি (হে: )

উৎপাদন (টন)

গড় উৎপাদন(কেজি/হে:

কল

৪৩৯৯৯

৬০৬৭৪৯

১৩৭৯০

মাটিকঁঠাল

১২৮২৮

১১৯১৩৭

১৫৫২৪

অমিতা

৬১৩৯

৯৩৩৫৬

১৫২০৭

সুমথিৰা

৭১৬৭

৭৯৪৯৬

১১০৯২

মধুৰি

৯৯৯৬

৬৮৭৭৮

৬৮৮০

কাজিনেমু

৪৩৪৮

৭৮৮৫৯

১৮১৩৭

লিচু

৪৭৯৫

৩৪৬৩৮

৭২২২

কঁঠাল

২১৬১৮

১৫৯৫৭৩

৭৩৮১

আম

৪৪৯৯

৪২১১৯

৯৩৬২

অন্যান্য

৩৫৫৫

১৬২২৩

৪৫৬৩

মুঠ ফল

১১৮৯৪৪

১৩৭৮৯২৮

১০৯১৫৮

 

আলুজাতীয় খাদ্য -

আলু

৭৫১৯৭

৫২০৮৩১

৬৯২৬

মিঠাআলু

৬৯১৮

২৪৩০১

৩৪৮৯

শিমলু

২৬০৯

১২২০৭

৪৬৭৮

মুঠ আলুজাতীয় শস্য

৮৪৭২৪

৫৫৭৩৩৯

১৫০৯৩

 

মছলাজাতীয় শস্য -

জলকীয়া

১৬১০১

১৯১৩৪

৬২৯

হালধি

১২৫২৯

৮৬২৬

৭২০

পিঁয়াজ

৬৬৯৭

১৬৩২৩

২৪৩৮

আদা

১৫৬২৪

১০৭০৭৬

৬৮৫৩

ধনিয়া

২৪১৮৩

৩৪৮৩৭

১৪২৮

নহৰু

৮০৯০

৪২৮৪৬

৫২৯৫

জালুক

২৮২৩

৪২১২

১৫১৮

অন্যান্য

২৫৪১

২৬৮২

১০৫৫

মুঠ মছলাজাতীয়

৮৬২৫৬

২২৬৭৩৬

১৯৯৩৬

গ্ৰীষ্মকালীন শাক-পাচলি

৭৮৩২৫

১২৮৭১১৯

১৬৪৩৩

শীতকালীন শাক-পাচলি

১৫৯৯২২

২৭০৭৭৯৯

১৬৯৩২

মুঠ শাক-পাচলি

২৩৮২৪৭

৩৯৯৪৯১৮

৩৩৩৬৫

 

ব্যৱসায়িক ভিত্তিত খেতি -

নানাবিধ উদ্যানশস্যৰ উৎপত্তি স্থল অসম আৰু উত্তৰ-পুব অঞ্চল বুলি জনাজাত। সুমথিৰা আৰু আন টেঙাজাতীয় ফল, আম, বিভিন্ন গৌণফলসমুহ, কেইবাবিধো লাওজাতীয় শস্য, উৰহীজাতীয় শস্য, নানাবিধ সেউজ শাক, ঔষধি গুণযুক্ত গছ, কপৌফুল আৰু আন কেইবাবিধো অ’ৰ্কিডৰ উৎপত্তিস্থল এই পুৰ্বাঞ্চল বুলি ঠাৱৰ কৰা হৈছে। এই অঞ্চলৰ হাবিয়ে-বননিয়ে এই উদ্যানশস্যসমুহৰ নানা জাতি-প্ৰজাতি এতিয়াও বনৰীয়া অৱস্থাত পোৱা যায়।

নানাবিধ উদ্যানশস্যৰ উৎপত্তিস্থল হোৱা সত্ত্বেও অসমত ব্যৱসায়িক ভিত্তিত উদ্যানশস্যৰ বিশেষ বিকাশ ঘটা নাই। কম-বেছি পৰিমাণে সুমথিৰা টেঙা, কল, মাটিকঁঠাল, নাৰিকল আৰু তামোলৰ খেতিৰ বাহিৰে বেছিভাগ উদ্যানশস্যৰ খেতি অসমত সানমিহলি কৰি বাৰীখেতি হিচাপে কৰা হয়। অৱশ্যে বিভিন্ন শাক-পাচলিৰ খেতি ব্যৱসায়িক ভিত্তিত কৰাৰ ব্যৱস্থা সদ্যহতে দেখা গৈছে। ব্যৱসায়িক ভিত্তিত ফুলৰ খেতি এতিয়াও চালুকীয়া অৱস্থাত আছে।

ফলমুলৰ ভিতৰত সুমথিৰা, কল, মাটিকঁঠাল, নাৰিকল, তামোল, নেমুটেঙা আদিৰ খেতি ব্যৱসায়িক ভিত্তিত কৰি যথেষ্ট লাভজনক ফল পাব পাৰি। তদুপৰি ব্যৱসায়িক ভিত্তিত খেতি কৰিলে এনে ফলসমুহ সংৰক্ষণৰ ঔদ্যোগিক গোটো ব্যৱসায়িক ভিত্তিত স্থাপন কৰাৰ পথ সুচল হ’ব।

উত্তৰ-পুৰ্বাঞ্চলৰ বিভিন্ন জাতি-প্ৰজাতি কপৌফুলৰ উৎপত্তি স্থল। ভাৰতবৰ্ষত পোৱা ১৩০০ প্ৰজাতিৰ কপৌফুলৰ প্ৰায় ৭০০ প্ৰজাতি এই অঞ্চলতে পোৱা যায়। কিন্তু ফুলৰ খেতি ব্যৱসায়িক ভিত্তিত অসমত এতিয়াও গা কৰি উঠা নাই। অসমৰ প্ৰধান চহৰকেইখনত ফুলৰ বজাৰে ইতিমধ্যে সমাদৰ লাভ কৰিছে। গুৱাহাটী মহানগৰতে নিতৌ লাখ লাখ টকাৰ ফুল বিক্ৰী হয়। অসমত প্ৰায় ২৫০ খন ফুলৰ নাৰ্ছাৰী আছে তাৰে প্ৰায় ১০০ খন গুৱাহাটীতে অৱস্থিত। নিতৌ প্ৰয়োজন হোৱা ফুল অসমলৈ পশ্চিমবংগ, উত্তৰ প্ৰদেশ আৰু কৰ্ণাটকৰ পৰা আহে। গতিকে অসমত ব্যৱসায়িক ভিত্তিত নাৰ্জী, ৰজনীগন্ধা, গ্লেডিঅ’লি, কেমেলিয়া, গোলাপ, ডালিয়া, গুটিমালি, চন্দ্ৰমল্লিকা আৰু নানাবিধ কপৌফুলৰ খেতি কৰাৰ যথেষ্ট স্থল আছে।

ল’বলগা ব্যৱস্থাসমুহ -

১) অসমৰ উদ্যানশস্যৰ মুল্যৱান জাতি-প্ৰজাতিসমুহ সংৰক্ষণ কৰা প্ৰয়োজন।

২) উদ্যানশস্যসমুহৰ উৎপাদন বঢ়োৱাৰ ব্যৱস্থা কৰিব লাগে। সাধাৰণতে উৎপাদন কম হোৱাৰ মুল কাৰণসমুহ হৈছে-

ক) উন্নত মানৰ উৎপাদনক্ষম জাত ব্যৱহাৰ নকৰা ।

খ)উন্নত মানৰ বীজ, পুলি, সাৰ, ৰাসায়নিক দ্ৰব্য আদিৰ সহজলভ্য সুবিতৰণ ব্যৱস্থা নথকা ।

গ) বেমাৰ, কীট –পতংগ আদি নিয়ন্ত্ৰণৰ সম্যক জ্ঞান কৃষকৰ নথকা।

ঘ) পানী যোগানৰ সুব্যৱস্থা নথকা।

ঙ) ফলমুলৰ বাগিচা ব্যৱসায়িক ভিত্তিত পৰিচালনা কৰিব নজনা।

চ) কল আৰু মাটিকঁঠাল আদিৰ খেতি বছৰ বছৰ ধৰি মুঢ়া শস্য কৰি থকা।

ছ) ফলমুলৰ বাগিচা আৰু বাগিচা শস্যসমুহৰ প্ৰয়োজনীয় যতন নোলোৱা।

জ) য’ৰে-ত’ৰে পৰা নিম্ন মানৰ বীজ আৰু পুলি সংগ্ৰহ কৰা ইত্যাদি।

৩) উৎপাদনক্ষম, বেমাৰ প্ৰতিৰোধকাৰী জাত উদ্ভাৱন আদি উৎপাদনৰ লগত জড়িত উদ্যানশস্যৰ গৱেষণাত প্ৰাধান্য দিয়া প্ৰয়োজন।

৪) ধানখেতিৰ পাছত পৰি থকা বিস্তৃত অঞ্চল, ব্যৱহৃত নোহোৱা চৰ-চাপৰি অঞ্চল, উন্নয়নৰ বাবে নোলোৱা পৰি থকা বনাঞ্চল আদিত বিস্তৃতভাৱে ব্যৱসায়িক ভিত্তিত শাক-পাচলিৰ খেতি কৰা প্ৰয়োজন।

৫) একেডৰা খেতিৰ পৰা অধিক উৎপাদন পাবলৈ সুমথিৰা, মাটিকঁঠাল, কল আদি খেতিৰ প্ৰতি হেক্টৰত পুলি আৰু পোখা পুলিৰ পৰিমাণ বঢ়োৱা উচিত। তদুপৰি নাৰিকল, তামোল আদিৰ বাগিচাত শাক-পাচলি, মাহ, সৰিয়হ আদি লাভজনক অন্তৱৰ্তী শস্যৰ খেতি কৰিব লাগে। সেইদৰে নাৰিকল, তামোল আদিৰ বাগিচাত জালুক, পাণ, নেমু, কল, মাটিকঁঠাল, সুমথিৰা, আদা, হালধিৰ বহুতৰপীয়া খেতি কৰি উদ্যানশস্যৰ উৎপাদন যথেষ্ট বঢ়াব পাৰি।

৬) পানী যোগানৰ সুব্যৱস্থা কৰি উৎপাদন বৃদ্ধিত সহায় কৰা।

৭) কম খৰচতে প্ৰস্তুত কৰিব পৰা সেউজগৃহ নিৰ্মাণ কৰি আবতৰীয়াভাৱে ব্যৱসায়িক ভিত্তিত বিলাহী, কেপচিকাম, তিয়ঁহ, পালেং আদিৰ খেতি কৰি যথেষ্ট লাভজনক ফল পাব পাৰি।

৮) চৰকাৰৰ ফলমুলৰ পুৰণা বাৰী পৰিবৰ্ধন আঁচনিৰ সহায় লৈ বাগিচাসমুহ অধিক উৎপাদনক্ষম কৰি তোলা প্ৰয়োজন।

৯) উদ্যানশস্যৰ উৎপাদিত সামগ্ৰীৰ সংৰক্ষণৰ ব্যৱস্থা আৰু লগতে সুবিপণন ব্যৱস্থাৰ প্ৰয়োজন। সংৰক্ষণ বিষয়ক প্ৰশিক্ষণৰ আঁচনিসমুহ অধিক ফলপ্ৰসু কৰি তোলা উচিত। উৎপাদনস্থলীৰ ওচৰে-পাঁজৰে উদ্যোগ ভিত্তিত সংৰক্ষণৰ ব্যৱস্থা কৰা প্ৰয়োজন। উদাহৰণস্বৰুপে কাৰ্বি আংলং জিলাত সুমথিৰা, মাটিকঁঠাল, আদা আৰু শিমলু , আলু, তিনিচুকীয়া জিলাত সুমথিৰা, মাটিকঁঠাল আৰু আদা, গোৱালপাৰা জিলাত কল আৰু মাটিকঁঠাল, কাছাৰ জিলাত মাটিকঁঠাল, দৰ্ং আৰু কোকৰাঝাৰ জিলাত শিমলু আলুভিত্তিক উদ্যোগ গঢ়ি তোলাৰ যথেষ্ট সম্ভাৱনীয়তা আছে।

১০) উদ্যানশস্যৰ উৎপাদনৰ কাৰণে খেতিয়কক বেংকৰ ঋণ সহজলভ্য কৰা প্ৰয়োজন।

১১) উদ্যানশস্যভিত্তিক উদ্যোগ গঢ়ি তুলিবলৈ বিনিয়োগকাৰীৰ সহায়ৰ বাবে শান্তিৰ সুস্থ সামাজিক পৰিৱেশ গঢ়ি তোলা প্ৰয়োজন।

১২) সমবায়ভিত্তিক উদ্যানশস্যৰ উৎপাদন আৰু সংৰক্ষণৰ উদ্যোগ গঢ়ি তোলা উচিত যাতে ৰপ্তানিৰ ক্ষেত্ৰতো এখোজ আগুৱাব পৰা যায়।

লেখক: ড° ৰঞ্জিত কুমাৰ ভট্টাচাৰ্য

উৎস: আধুনিক কৃষিকথা (শস্য ব্যৱস্থাপনা)

 

 

3.08108108108
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top