অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়াৰ আদৰৰ বৰা আৰু জহাধানৰ খেতি :

অসমীয়াৰ আদৰৰ বৰা আৰু জহাধানৰ খেতিৰ বিষয়ে লিখা হৈছে ।

 

অসমৰ প্ৰধান খাদ্য-শস্য ধানৰ খেতি অসমৰ মানুহে ইতিহাসে ঢুকি পোৱা পৰাই কৰি আহিছে বুলি জনা যায়। ধানখেতি অসমৰ সকলোবোৰ জাতি-জনগোষ্ঠীৰ জাতীয় জীৱনৰ লগতো ওতপ্ৰোতভাৱে জড়িত হৈ আছে। অসমৰ প্ৰধান কৃষিভিত্তিক উৎস ৱ বিহুৰ সৈতে অৰ্থাৎ ধানখেতিৰ সম্পৰ্কও এক উল্লেখনীয় বিষয়, কিয়নো অসমত ধানখেতি আৰম্ভণি কৰাৰ পৰা অৰ্থাৎ ব’হাগ মাহৰ পৰা ধান চপোৱাৰ পাছত মাঘ মাহৰ ভিতৰতে অসমীয়াৰ জাতি সাদৰৰ বিহু তিনিওটা পালন কৰা হয়। উল্লেখযোগ্য যে অসম ধানৰ উৎপত্তিস্থলৰ অন্তৰ্গত হোৱা বাবে ইয়াত ধানৰ বিভিন্ন প্ৰজাতি দেখিবলৈ পোৱা যায় আৰু সেইবাবেই অসমক ধানৰ জৈৱ-বৈচিত্ৰ্যৰ ভঁৰাল বুলি কোৱা হয়। অসমৰ কৃষকসকলে ধানখেতিক এক পৰম্পৰাগত খেতি হিচাপে গণ্য কৰে, সেয়েহে পৰম্পৰা ৰক্ষাৰ অধিক উৎপাদনক্ষম জাত ব্যৱহাৰ কৰিবলৈ অনীহা প্ৰকাশ কৰা দেখা যায়। কৃষকে পৰম্পৰাগতভাৱে কৰি অহা আহু, শালি, বৰা, জহা, বাওধান আদিৰ অনেক থলুৱা জাত মাটিৰ বিভিন্নতা আৰু কৃষকৰ পছন্দ অনুযায়ী খেতিৰ বাবে বাছনি কৰা দেখা যায়। পিছে এই সকলোধৰণৰ ধানৰ ভিতৰত বৰা আৰু জহাধানে অসমৰ কৃষকৰ মাজত এক সুকীয়া স্থান দখল কৰি আহিছে। এই দুয়োবিধ ধানৰ ভিতৰত বৰা আৰু জহাধানে অসমৰ কৃষকৰ মাজত অতীজৰে পৰা এতিয়ালৈ কোনোগুণে কমা নাই বুলি ক’ব পাৰি, কিয়নো এই বৰা আৰু জহা চাউল অবিহনে যে অসমীয়াৰ বাপতিসাহোন বিহু পতাটোয়ে কঠিন সেই কথা প্ৰতিজন অসমীয়াই ভালদৰে উপলব্ধি কৰিব পাৰে।

বৰাধান -

বইৰাধানৰ খেতি এছিয়া মহাদেশৰ প্ৰায়বোৰ দেশতে দেখা যায়। আঠাযুক্ত এই ধানৰ খেতি চীন, জাপান, কোৰিয়া, ফিলিপাইনছ, থাইলেণ্ড, ইণ্ডোনেছিয়া, ভিয়েটনাম আদি দেশবোৰত অতি জনপ্ৰিয় আৰু তেনে দেশবোৰত হাজাৰ হাজাৰ বছৰ আগতে পৰা বৰাধানৰ খেতি কৰি আহিছে বুলি জনা যায়। চীন দেশৰ কেইবাহাজাৰ বছৰ পুৰণি বিখ্যাত দেৱালখন বনোৱা কাৰ্যতো বৰা চাউলৰ আঠা ব্যৱহাৰ কৰিছিল বুলি কোৱা হয়। একেদৰে অসমতো আহোমসকলৰ অতি পুৰণি কীৰ্তিচিহ্ন, যেনে- ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদৌল, জয়দৌল আদিৰ নিৰ্মাণকাৰ্যতো বৰা চাউল ব্যৱহাৰ কৰিছিল বুলি প্ৰকাশ। বৰা চাউলত এবিধ আঠাযুক্ত দ্ৰব্য থকা বাবে ইয়াক বিভিন্নধৰণৰ জলপান, পিঠাপনা আদি প্ৰস্তুতকৰণত ব্যৱহাৰ কৰাৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীৰ ধৰ্মীয় উৎসৱ-পাৰ্বণত বৰা চাউলৰ পৰা তৈয়াৰ কৰা সাঁজপানীৰ আদৰৰ কথা নক’লেও হ’ব।

বৰাধানৰ জাত -

অসমৰ কৃষকসকলৰ মাজত জনপ্ৰিয় বৰাধানৰ থলুৱা জাত কিছুমান হ’ল তুলসী বৰা, ৰঙা বৰা, জাংগনী বৰা, ৰূপহী বৰা ঘিউ বৰা, বগা বৰা, আঘোণী বৰা, ক’লা বৰা ইত্যাদি। এই থলুৱা জাতবোৰ তুলনামূলকভাৱে উজনি অসমৰ কৃষকসকলে অধিক ব্যৱহাৰ কৰা দেখা যায়। বৰাধানৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত তিতাবৰস্থ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰই কেইবিধমান অধিক উৎপদানক্ষম বৰাধানৰ জাত উদ্ভাৱন কৰিছে আৰু জাতকেইটা ইতিমধ্যে কৃষকৰ মাজত জনপ্ৰিয় হোৱাও দেখা গৈছে। আঘোণী, ভোগালী আৰু ৰঙিলী বৰা নামেৰে পৰিচিত এই জাতকেইটা ১৫০-১৫৫ দিনীয়া আৰু ইয়াৰে ৰঙিলী বৰা জাতটো তুলনামূলকভাৱে দ’ মাটিত কৰিব পৰা ওখ জাত হিচাপে বিবেচিত হৈছে।

জহাধান -

জহাধান হ’ল শালিৰ বতৰত কৰা এবিধ বিশেষ ধান যাক বৰ্তমান সময়ত তাৰ সুন্দৰ সোৱাদ আৰু সুগন্ধিৰ লগত উন্নত মানৰ চাউলৰ বাবে অধিক পৰিচিত। অসমৰ কৃষকসকলে এডৰা মাটিত হ’লেও জহাধানৰ খেতি কৰাটো এক প্ৰচলিত নিয়মৰ নিচিনা। কাৰণ অসমীয়াৰ উৎসৱ-পাৰ্বণত জহা চাউলৰ এক সুকীয়া মৰ্যাদা আছে। অসমৰ বজাৰত এতিয়া ভাৰতবৰ্ষৰ আন ৰাজ্যৰ পৰা অহা সুগন্ধি বাচমতি চাউল আমাৰ থলুৱা জহা চাউলতকৈ দীঘল হোৱাৰ বাহিৰে গুণগত মানৰ ক্ষেত্ৰত জৈৱিকভাৱে পাৰ্থক্য দেখা নাযায়। সেয়েহে কেইবছৰমানৰ পৰা অসমৰ কিছুমান ঠাইত জৈৱিকভাৱে উৎপাদন কৰা জহা চাউলে আন্তঃৰাষ্ট্ৰীয় বজাৰতো বিশেষ সমাদৰ লাভ কৰা দেখা গৈছে।

জহাধানৰ জাত -

অসমৰ থলুৱা জহাধানৰ অনেক জাত কৃষকৰ মাজত প্ৰচলিত আছিল যদিও কালক্ৰমত বহুতো এনে জাত নাইকিয়া হৈ যোৱা পৰিলক্ষিত হৈছে। থলুৱা জহাধানৰ জাতৰ ভিতৰত ক’লা জহা, বগা জহা, কুনকুণি জহা আদি কৃষকৰ মাজত অধিক জনপ্ৰিয়। আনহাতে জহাধানৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত তিতাবৰস্থ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰই কেইবিধমান অধিক উৎপাদনক্ষম জহাধানৰ জাত উদ্ভাৱন কৰিছে আৰু জাতকেইটা ইতিমধ্যে কৃষকৰ মাজত জনপ্ৰিয় হোৱাও দেখা গৈছে। কেতেকী জহা আৰু বকুল জহা নামেৰে পৰিচিত এই জাতকেইটা ১৫০-১৬০ দিনীয়া আৰু গড় উৎপাদন প্ৰতি বিঘাত ১২-১৫ মোন।

কঠীয়া প্ৰস্তুত:

অসমত বৰা আৰু জহাধানৰ খেতিৰ সময় হ’ল নিয়মীয়া শালিৰ লগত একে। গতিকে আহাৰ-শাওণ মাহত কঠীয়া সিঁচি ৩০-৩৫ দিনীয়া কঠীয়া শাওণ-ভাদ মাহত ৰুই শেষ কৰিব লাগে। কঠীয়াৰ বাবে ভাল বীজ সংগ্ৰহ কৰি মেনকোজেব, ইণ্ড’ফিল এম-৪৫, কেপটান, বেভিষ্টিন আদি যিকোনো দৰবেৰে শোধন কৰি ল’ব লাগে। এবিঘা মাটিত এনে খেতি কৰিবৰ বাবে ৫ কেজি বীজ লৈ ৫ লিটাৰ পানীত ১২ গ্ৰাম দৰব মিহলাই ২৪ ঘন্টাৰ বাবে তিয়াব লাগে। আনহাতে বীজ ভালদৰে গজাবলৈ কমেও ৪৮ ঘন্টা গাপ দিয়াটো প্ৰয়োজন।

 

কঠীয়াতলীৰ জোখ

১.২৫ মিটাৰ বহল আৰু ১০ মিটাৰ দীঘল

গোবৰৰ পৰিমাণ

৫ পাচি

সাৰৰ পৰিমাণ

৮০ গ্ৰাম ইউৰিয়া, ৮০ গ্ৰাম ছুপাৰ, ৪০ গ্ৰাম পটাছ

বীজৰ পৰিমাণ

প্ৰতিখন তলীত ৬৫০-১০০০ গ্ৰাম

 

মূল পথাৰ প্ৰস্তুতি -

আগতীয়াকৈ হাল বাই থোৱা মূল পথাৰত গোবৰ বা পচনসাৰ প্ৰয়োগ কৰি শেষৰ চাহ হাল বাওঁতে প্ৰয়োজনীয় ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগে।

গোবৰৰ পৰিমাণ

১৫০ পাচিমান প্ৰতি বিঘাত

সাৰৰ পৰিমাণ(প্ৰতি বিঘাৰ)

৯ কেজি ইউৰিয়া(প্ৰয়োজনৰ আধা), ১৭ কেজি ছুপাৰ আৰু ৯ কেজি পটাছ

কঠীয়াৰ দূৰত্ব

শাৰীৰ মাজত ৮ ইঞ্চি আৰু গোছাৰ মাজত ৬ ইঞ্চি

কঠীয়াৰ পৰিমাণ

২-৩ ডাল প্ৰতিগোছাত

 

কঠীয়া ৰোপণ কৰাৰ পাছত পথাৰত ৫ চে.মি. মান পানী ৰখাৰ ব্যৱস্থা কৰিব লাগে আৰু পানিএএখিনি শুকাই যোৱৰ ৩ দিনত পুনৰ পানী দিব লাগে। আকৌ ৰোৱাৰ ২০ আৰু ৪০ দিনৰ পাছত দুবাৰকৈ হাতেৰে বা নিৰণি যন্ত্ৰৰ সহায়ত বন-বাত নিয়ন্ত্ৰণ ব্যৱস্থা কৰিব লাগে। প্ৰথমবাৰ নিৰণি কৰাৰ পাছতেই অৰ্থাৎ পোখামেলা সময়ত বিঘাই প্ৰতি ৪ ১/২ কেজিকৈ ইউৰিয়া টপড্ৰেছিং কৰিব লাগে। অনুৰূপ ধৰণেৰে দ্বিতীয়বাএৰ নিৰণি কৰাৰ পাছত অৰ্থাৎ গেঁৰধৰা সময়ত পুনৰ বিঘাই প্ৰতি ৪ ১/২ কেজিকৈ ইউৰিয়া টপড্ৰেছিং কৰিব লাগে।

শস্যৰক্ষাৰ ব্যৱস্থাপনা:

বৰা আৰু জহাধান অধিক সোৱাদযুক্ত, মিঠা হোৱা বাবে শস্যত পোক-পৰুৱাৰ আক্ৰমণো বেছি হয়, গতিকে খেতিডৰা ৰক্ষা কৰিবলৈ কঠীয়াতলীৰ পৰাই ব্যৱস্থা কৰিব লাগে।

কঠীয়াতলীত শস্যৰক্ষা:

 

বেমাৰ/কীট-পতংগ

শস্যৰক্ষাৰ ব্যৱস্থাপনা

ব্লাষ্ট বা পাতত মাকোৰ:দৰে দাগ পৰা

 

 

মজাখোৱা, চৰহা, ফুটি,:

শোহনীপোক আদি

বেভিষ্টিন বা হিন’ছাৰ দৰব ১ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে।

 

 

 

 

ফুৰদান প্ৰতি বৰ্গমিটাৰত ৩ গ্ৰাম সিঁচাৰ ৭ দিন পাছত ছটিয়াব লাগে বা ক্ল’ৰ’পাইৰিফছ ২০ ই.চি. দৰব ১ মি.লি. প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে।

 

মূল পথাৰত শস্যৰক্ষা -

 

ব্লাষ্ট বা পাতত মাকোৰ: দৰে দাগ বৰা

 

পাতত মুগা দাগ পৰা:

 

 

বৌখা পচা বা ছিথ ৰট:

 

 

 

 

বৌখা পোৰা বা ছিথ ব্লাইট:

 

 

বেক্টেৰিয়েল লিফ ব্লাইট:

 

মাজখোৱা, চৰহা, পাত:

মেৰিওৱা, টুপলিকটা, বিছা, ফুটি, শোহনী পোক আদি

 

 

গান্ধী পোক:

 

পোখা মেলা সময়ত বেভিষ্টিন বা হিন’ছান দৰব ১ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে।

 

 

ইণ্ড’ফিল এম-৪৫ বা ব্লাইটক্স-৫০ দৰব ২.৫ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে।

 

বেভিষ্টিন দৰব ১ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে’ আৰু পথাৰত অতিৰিক্ত পটাছ সাৰ প্ৰয়োগ কৰিব লাগে।

ইণ্ড’ফফ্ল এম-৪৫ দৰব ২.৫ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে।

 

প্ৰতি বিঘাত এগ্ৰিমাইছিন দৰব ২০০ গ্ৰাম পানীত মিহলাই স্প্ৰে’ কৰিব লাগে।

 

ডৰ্চবেন ২০ ই.চি., নুভাক্ৰন ৪০ ই.চি. বা ক্ল’ৰ’পাইৰিফছ ২০ ই.চি. দৰব ২.৫ মি.লি. প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে।

 

 

 

 

 

 

 

মালাথিয়ন ৫ শতাংশ পাউডাৰ প্ৰতি বিঘাত ৩ কেজি ছটিয়াব লাগে।

 

লেখক: জয়ন্ত কুমাৰ কলিতা

উৎস: আধুনিক কৃষিকথা(শস্য ব্যৱস্থাপনা)

2.82142857143
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top