অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ থলুৱা শাক-পাচলি :

অসমৰ থলুৱা শাক-পাচলিৰ বিষয়ে লিখা হৈছে ।

অসম তথা উত্তৰ-পূৰ্বাঞ্চল নানাবিধ উদ্ভিদ, বনৌষধি আৰু খনিজ সম্পদেৰে চহকী হোৱাৰ উপৰি নানাবিধ উদ্যানশস্য, যেনে- নানা তৰহৰ শাক-পাচলি, ফুল, ফল আৰু অন্যান্য বনজ সম্পদেৰে ইমান চহকী যে আমি আমাৰ দৈনন্দিন জীৱনত লাগতিয়াল খাদ্যসম্ভাৰ প্ৰকৃতিৰ বুকুৰ পৰাই সহজে লাভ কৰিব পাৰোঁ। তাতে আকৌ বহুতো শাক-পাচলি, ফুল, ফল শস্যৰ আদিভূমি হৈছে অসম, যাৰ অনুকূল মাটি আৰু জলবায়ুৰ বাবে উদ্ভিদ জগতৰ বিস্তাৰ সম্ভৱ হৈছে।

মানৱ দেহৰ গঠন, বাঢ়ন আৰু পৰিপুষ্টিৰ বাবে যেনেদৰে শ্বেতসাৰ, প্ৰ’টিন আৰু চৰ্বীযুক্ত খাদ্যৰ আৱশ্যক ঠিক তেনেদৰে ভিটামিন আৰু খনিজ লৱণযুক্ত খাদ্যৰ প্ৰয়োজন অতি বেছি। এই ভিটামিন বাব খাদ্যপ্ৰাণ, খনিজ লৱণ, খাদ্য হজম হ’ব পৰা এনজাইম, জৈৱিক এচিড আদি প্ৰচুৰ পৰিমাণে পোৱা যায় একমাত্ৰ শাক-পাচলি আৰু ফলমূল শস্যবিলাকত।

গতিকে এই পাচলি আৰু ফল, শস্যবোৰ সঠিক পৰিমাণে গ্ৰহণ নকৰিলে মানৱ শৰীৰত নানা বেমাৰ ক্ৰিয়া কৰিব। তদুপৰি এই শাক-পাচলি আৰু ফলমূল শস্যবোৰত বহুতো ঔষধি গুণ আছে। গতিকে প্ৰতিদিনে এজন মানুহে ৭৫-১২৫ গ্ৰাম সেউজীয়া শাক-পাচলি, ৮৫ গ্ৰাম শিপা বা আলুজাতীয় পশাক-পাচলি, ৩০-৫০ গ্ৰাম ঠাৰি বা ফুলজাতীয় পাচলি আৰু ৮৫ গ্ৰাম অন্য শাক-পাচলি খাব লাগে।

অসমৰ মাটি আৰু জলবায়ু অনুসৰি সহজতে উৎপন্ন হ’ব পৰা থলুৱা তথা গৌণ শাক-পাচলিবোৰ হৈছে-

লাই, লফা, ধনিয়া, পালেং, চুকাশাক, ঢেঁকীয়া, সৰিয়হ শাক, খুতুৰা, হাতীখুতুৰা, জিলমিল শাক, হেলচী, পিৰালি পালেং, মালভোগ শাক, মধুসোলেং, টেঙামৰা, বন জালুক, নলটেঙা, পূৰৈ শাক, কলমৌ, বৰ মানিমুনি, সৰু মানিমুনি, দ্ৰোণ শাক, ব্ৰাহ্মী, বৰ টেঙেচী, সৰু টেঙেচী, মছন্দৰী, ভেদাইলতা, মান ধনিয়া, বাবৰি, দুপৰটেঙা, বাহক তিতা, তিতাফুল, মাটি কান্দুৰী, পদিনা, মৰলীয়া শাক, ডেম ডেউকা, পনৌনোৱা ইত্যাদি।

লাই -

লাইশাকৰ ইংৰাজী নাম Mustard green, বৈজ্ঞানিক নাম Brassica juncea var. rugosa বোলা হয়। লাইশাকৰ বিভিন্নধৰণৰ আকাৰ আৰু ৰঙৰ বাবে বিভিন্ন নাম। যেনে- বহল পাখিৰ নিচিনা পাতৰ লাইবিধক Brassica napus, আৰু ক’লা বা চকলেট বৰণৰ লাইবিধক Brassica nigra বোলা হয়।

লাইশাকৰ গোত্ৰ হৈছে Cruciferae। লাই সৰু জোপোহা গছ। খৰালি বা জাৰকালিৰ শস্য। শস্যকাল আহিল-কাতিৰ পৰা ফাগুন-চ’ত মাহ। বীজৰ দ্বাৰা বংশ বিস্তাৰ হয়। গছৰ কোমল পাতবোৰ বা কুমলীয়া অৱস্থাত গোটেই গছজোপা ৰান্ধি খোৱা হয়।

ফলা শাক -

বৈজ্ঞানিক নাম Malva veryicillata, গোত্ৰৰ নাম Malvaceae। পাতবোৰৰ আকৃতি ভেণ্ডি শস্যৰ পাতৰ লগত সাদৃশ্য আছে। কিন্তু পাতবোৰ মিহি, নিমজ, ঠাৰি আৰু কাণ্ডভাগৰ ৰং ক’লা বা চকলেট ৰঙৰ, প্ৰতিটো গাঁঠিৰ পৰা এখিলাকৈ পাত ওলায়। শস্যকাল কাতি-আঘোণ মাহৰ পৰা ফাগুন-চ’ত মাহলৈ। বীজৰ দ্বাৰা বংশ বিস্তাৰ হয়।

পালেং শাক -

ইংৰাজী নাম স্পাইনাক(spinach), বৈজ্ঞানিক নাম Spinacia oleracea L. গোত্ৰ চেন’প’দিয়েচী(chenopodiaceae)। ই কোমল ডাঠ সেউজীয়া পাতযুক্ত শাক শস্য। দেখিবলৈ সৰু জোপোহা গছৰ দৰে। সাধাৰণতে জাৰকালিৰ বা ৰবি শস্য হিচাপে খেতি কৰা হয়। শস্যকাল আহিন-কাতিৰ পৰা ফাগুন-চ’ত মাহলৈকে।

কোমল সেউজীয়া পাতবোৰ ৰান্ধি খোৱাৰ উপৰি কেঁচাই চাটনি হিচাপে ব্যৱহাৰ কৰিব পাৰি।

চুকা শাক -

ইংৰাজী নাম ইণ্ডিয়ান চৰেল(Indian sorrel), বৈজ্ঞানিক নাম Rumex vasicarisu। গোত্ৰ Polygonaceae। পাতল সেউজীয়া ৰঙৰ কোমল ডাঠ আৰু আগ অংশ জোঙা পাতৰে সৈতে সৰু জোপোহা বনশাক। পাতৰ সোৱাদ টেঙা। শস্য ৰোৱাৰ সময় বা শস্যকাল কাতি-আঘোণ মাহৰ পৰা মাঘ-ফাগুন মাহলৈ। সাধাৰণতে কোমল পাতবোৰ ৰান্ধি খোৱাত ব্যৱহাৰ হয়।

ঢেঁকীয়া শাক -

ইংৰাজী নাম ভিজিটেবুল ফাৰ্ণ(vegetable fern), বৈজ্ঞানিক নাম Pteridium aquilinum, গোত্ৰৰ(family) নাম Polypodiaceae। বহুতো উপপত্ৰৰ দ্বাৰা সন্নিৱিষ্ট যৌগিক পাত, পাতৰ আগ অংশ উপপত্ৰৰ সৈতে ক্ৰমান্বয়ে ঠেক হৈ যোৱা। পাতবোৰ ছিঙিলে বিজলুৱা আঠা ওলায়।

কোমল মেল নোখোৱা বা সদ্যহতে মেলখোৱা পাতবোৰ খোৱাৰ বাবে ব্যৱহাৰ হয়। অযৌন প্ৰজনন ব্যৱস্থাৰে(পাতৰ তলৰ ফালে থকা ৰেণুজাতীয় পদাৰ্থ) বংশ বিস্তাৰ হয়। ঢেঁকীয়া বহুবৰ্ষজীৱী উদ্ভিদ। ইয়াৰ খেতি কৰা নহয়।

সৰিয়হ শাক -

ইংৰাজী নাম টৰিয়া(Toria), বৈজ্ঞানিক নাম Brassica campestris, গোত্ৰৰ নাম cruciferae। পাতৰ ৰং আকাৰ লাইশাকৰ দৰে। কোমল পাত বা সৰু গছবোৰ খোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। বীজৰ দ্বাৰা বংশ বিস্তাৰ হয়। শস্যকাল কাতি-আঘোণ মাহৰ পৰা মাঘ-ফাগুন মাহলৈ।

খুতুৰা শাক -

ইংৰাজী নাম সলেন্দাৰ এমাৰেন্থ(Slender amaranth), বৈজ্ঞানিক নাম Amaranthus viridis L, গোত্ৰৰ নাম Amaranthaceae। কোমল পাতবোৰ খোৱাৰ বাবে ব্যৱহৰ হয়। শস্যকাল কাতি আঘোণৰ পৰা ব’হাগ-জেঠ মাহলৈ। খুতুৰা শাকৰ খেতি কৰা নহয়। এবাৰ এঠাইত গজিলে পাছত গছ বুঢ়া হৈ তাৰ গুটি পৰি সেই ঠাইত পাছৰ বছৰ বা ঋতুত বহুত গছ গজি উঠে। তেনেদৰে বছৰৰ পিছত বছৰ ইয়াৰ বংশ বিস্তাৰ হয়।

হাতী খুতুৰা -

ইংৰাজী নাম স্পাইন এমাৰেনথাছ(Spine amaranths), বৈজ্ঞানিক নাম Amaranrthus spino, গোত্ৰৰ নাম Amaranthaceae। বীজৰ দ্বাৰা বংশ বিস্তাৰ হয়। গছ সাধাৰণতে খুতুৰা শাকতকৈ ডাঙৰ কাণ্ড শকত আৰু সেউজীয়া ৰঙৰ কাণ্ডৰ গাত দীঘল জোঙা কাঁইট আছে। সাধাৰণতে বসন্ত আৰু গৰম ঋতুত বনৰীয়াকৈ গজি উঠে। এইবিধ শাকৰ সাধাৰণতে পাতবোৰতকৈ কোমল কাণ্ডভাগহে বাকলি গুচাই খোৱাত ব্যৱহাৰ হয়। উচ্চ ৰক্তচাপৰ বাবে বনৌষধি হিচাপে ব্যৱহাৰ হয়।

জিলমিল শাক -

ইংৰাজী নাম Smooth pig Weedb বা Groose foot বা Lamb squarters বৈজ্ঞানিক নাম Chenopodium albam L. , গোত্ৰৰ নাম Chenopo diaceae। বীজৰ দ্বাৰা বংশ বিস্তাৰ হয়। সেউজীয়া আৰু পাতল বেঙুনীয়া ৰঙৰ সন্নিৱিষ্ট পাতবিলাকৰ ওপৰভাগত বালিসদৃশ বালিচন্দা আছে।

কোমল পাতবিলাক খোৱাত ব্যৱহাৰ হয়। সাধাৰণতে এই শাকৰ খেতি কৰা নহয় যদিও বনৰীয়া শস্য হিচাপে আঘোণ-পুহ মাহৰ পৰা ব’হাগ-জেঠ মাহলৈকে বাম শস্যৰ পথাৰত গজি উঠে। খুতুৰা শাকৰ দৰে পিছৰ বছৰ বংশ বিস্তাৰ হয়।

হেলচী -

ইংৰাজী নাম Helosi বা garden crees, বৈজ্ঞানিক নাম Lepedium sativum, গোত্ৰৰ নাম Lepediaceae। বীজৰ দ্বাৰা বংশ বিস্তাৰ হয়। কুমলীয়া পাত বা পাতসহিত আগ অংশ বনৌষধি হিচাপে ব্যৱহাৰ হয়। পাতৰ সোৱাদ তিতা।

পিৰালি পালেং -

ইংৰাজী নাম Fame Flower বা Flame Flower, বৈজ্ঞানিক নাম Talinum triangulore, গোত্ৰ umbelliferae। বীজৰ দ্বাৰা আৰু পোখাপুলিৰ(sucker) দ্বাৰা বংশ বিস্তাৰ হয়। কোমল সেউজীয়া পাতবোৰ চামুচ আকৃতিৰ। সাধাৰণতে ঘৰৰ পিৰালিৰ মাটিত অৰ্থাৎ পাতল ছাঁ পৰা ওখ মাটিত গছৰ বাঢ়ন ভাল হয়। গছৰ বহুবৰ্ষজীৱী প্ৰ্ৱণতা আছে।

মালভোগ শাক -

ইংৰাজী নাম Verdolago, বৈজ্ঞানিক নাম Portulaca oleracca, গোত্ৰৰ নাম Portulacaeeae। ডাঠ সেউজীয়া ৰঙৰ মঙহাল ডাঠ মিহি পাতবোৰ খোৱাৰ বাবে ব্যৱহাৰ হয়। কাণ্ডৰ ৰং মাটি বৰণীয়া আৰু মঙহাল। শাকবিধ বনৌষধি হিচাপেও ব্যৱহাৰ কৰা হয়। বীজৰ দ্বাৰা বংশ বিস্তাৰ হয়। সাধাৰণতে আঘোণ-পুহ মাহৰ পৰা চ’ত-ব’হাগলৈকে শাকবিধ পথাৰত গজি উঠে।

মধুসোলেং -

ইংৰাজী নাম চাইনীজ নট উইড(Chinese knot weed), বৈজ্ঞানিক নাম Polygonum chinense, গোত্ৰ Polygonaceae। সাধাৰণতে পোখাপুলিৰ পৰা আৰু দীঘল শিপাৰ নলীকা বা ৰাইজমৰ(Rhizome) দ্বাৰা বংশ বিস্তাৰ হয়। টান কাণ্ডৰ পৰাও বংশ বিস্তাৰ কৰিব পাৰি।

পাণখিলাৰ দৰে এটা মূৰ জোঙা, ঠেক আৰু পাতল সেউজীয়া ৰঙৰ পাতবোৰ খোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। পাতৰ সোৱাদ টেঙা। শাকবিধ বনৌষধি হিচাপে ব্যৱহাৰ কৰা হয়।

টেঙামৰা:

ইংৰাজী নাম ৰজেলী(Roselle), বৈজ্ঞানিক নাম Hibiscus sub daifa, গোত্ৰৰ নাম Mulvaceae। বীজৰ দ্বাৰা সাধাৰণতে বংশ বিস্তাৰ হয়। যদিও অৰ্ধকোমল ডাল কাটিও বংশ বিস্তাৰ কৰিব পাৰি। সেউজীয়া পাতবোৰ অমিতা গছৰ পাতৰ দৰে হাতৰ আঙুলিসদৃশ খলপালপ। কোমল সেউজীয়া পাত আৰু ফলবোৰৰ ৰঙ কোমল মঙহাল বাকলি আৰু চুপহি(Calyx) খিনি খোৱাৰ বাবে ব্যৱহাৰ কৰা হয় আৰু ইহঁতৰ সোৱাদ টেঙা। শস্যকাল জেঠ-আহাৰৰ পৰা আঘোণ-পুহ মাহলৈ।

বন জালুক:

ইংৰাজী নাম ৱাইলড পিপাৰ(Wild Pepper) বা Parpate, বৈজ্ঞানিক নাম Oldenlandia carymbosa, গোত্ৰৰ নাম Rubiaceae। বীজৰ দ্বাৰা বংশ বিস্তাৰ হয়। ঠেক আৰু অকনমান চিৰিলা চিৰিলা পাতবোৰ শাক হিচাপে খোৱাত ব্যৱহাৰ হয়। সাধাৰণতে বনৌষধি শাক হিচাপে ব্যৱহাৰ হয়।

খৰালিকাল অৰ্থাৎ ৰবিশস্যৰ বতৰত বামশস্যৰ পথাৰত হোৱা দেখা যায় যদিও পানী জমা নোহোৱা আৰু বাম খেতি কৰা মাটিত বছৰজুৰি শাকবিধ হোৱা দেখা যায়।

চটঙা:

বৈজ্ঞানিক নাম পলিগনাম ব্ৰেক টিয়েটা(Polygonum bracpiata), গোত্ৰৰ নাম Ploygonaceae। নলসদৃশ দীঘলীয়া সুতাবোৰ খোৱাত ব্যৱহাৰ হয়।

পূৰৈ শাক -

ইংৰাজী নাম মালাবাৰ স্পাইনাক(Malabar Spinach), বৈজ্ঞানিক নাম বগা পুৰৈ Bassela Alba আৰু ৰঙা পুৰৈ Bassela rubra, গোত্ৰৰ নাম Basellaceae । বগা পুৰৈ শাকৰ পাত পাতল সেউজীয়া ৰঙৰ, কিন্তু ঠাৰি বা কাণ্ডভাগ বগা আৰু ৰঙা পুৰৈ শাকৰ পাত, ঠাৰি আৰু কাণ্ডভাগ ৰঙা।

এবিধ লতাজাতীয় শাক। পাত আৰু কোমল ঠাৰি ৰান্ধি খাবৰ বাবে ব্যৱহাৰ হয়। সোৱাদ পাতল টেঙা। বনৌষধি হিচাপে ব্যৱহাৰ হয়।

কলমৌ:

ইংৰাজী নাম স্বোৱাম মৰ্ণিং গ্লৰি(Swamp morning glory), বৈজ্ঞানিক নাম Ipomea aquatica, গোত্ৰৰ নাম Convolvaceae। মাটি আৰু পানীৰ সংযোগস্থলত অৰ্থাৎ জলশয়ৰ কাষত উৎপত্তি স্থল। অৰ্ধলতা জাতীয় উদ্ভিদ। কাণ্ড অংশ ফোঁপোলা, পাতল সেউজীয়া ৰঙৰ ত্ৰিকোণাকৃতিৰ পাত। কোমল কাণ্ড আৰু পাতৰ সৈতে আগ অংশ খোৱাৰ উপযোগী।

বৰ মানিমুনি -

ইংৰাজী নাম ইণ্ডিয়ান পেনী ৱাৰ্ট(Indian peny wort), বৈজ্ঞানিক নাম Centelle asiatica, গোত্ৰ Umbelliferae। মাটিৰ ঠিক উপৰিভাগতে হোৱা সৰু উদ্ভিদ, ওখ প্ৰায় ৫-৮ চেন্টিমিটাৰ, গোলাকাৰ পাতবোৰৰ কাষটো ফুলকটা, বনৌষধি শাক হিচাপে ব্যৱহাৰ কৰা হয়। বহুবৰ্ষজীৱী উদ্ভিদ।

ব’হাগ মাহৰ পৰা কাতি-আঘোণ মাহলৈকে গজি থাকে। পাছত লাহে লাহে গছ শুকাই নোহোৱা হয়। কিন্তু মূঢ়াটো মাটিত থাকি যায়।

সৰু মানিমুনি:

ইংৰাজী নাম ৱাটাৰ পেনীৱাৰ্ট(Water pennywort), বৈজ্ঞানিক নাম Hydrocotyle rotundifolia, গোত্ৰ Umbelliferae। বৰ মানিমুনি উদ্ভিদৰ দৰে বহুবৰ্ষজীৱী উদ্ভিদ। ফাগুন মাহৰ পৰা ভাদ-আহিন মাহলৈ গছ বাঢ়ে। পাছত গছৰ পাতবোৰ শুকাবলৈ ধৰে। কিন্তু গুৰি অংশ জীয়াই থাকে। বায়ুমণ্ডলৰ উষ্ণতা কমি যোৱাৰ বাবে এনে হয়। পাছত বসন্তকালত বায়ুমণ্ডলৰ উষ্ণতা বঢ়াৰ লগে লগে গুৰিৰ পৰা কোঁহপাত ওলাবলৈ ধৰে।

গছৰ কাণ্ডভাগ মাটিৰ ঠিক ওপৰে ওপৰে মাটিত খামুচি ধৰি বাঢ়ি যায় বাবে বংশ বিস্তাৰ ৰাণাৰ(Runner)ৰ পৰাও কৰা হয়। উদ্ভিদৰ পাতবোৰ পাতল সেউজীয়া সৰু গোলাকাৰ মিহি, চিকচিকিয়া, কিন্তু পাতৰ কষবোৰ ভাললগাকৈ কুন্দত কটাৰ দৰে ফুলকটা। মাটিৰ উপৰিভাগত ৪-৫ চেন্টিমিটাৰ ওখকৈ বাঢ়ি যায়। লতা সুতাবোৰ মাটিৰ উপৰিভাগত বাঢ়ি যায় আৰু প্ৰতিটো গাঁঠিৰ পৰা নতুন শিপা আৰু কোঁহ ওলায়। বনৌষধি শাক হিচাপে খোৱাত ব্যৱহাৰ হয়। পোখাপুলি আৰু বীজৰ দ্বাৰা অংশ বিস্তাৰ হয়।

দ্ৰোণ শাক:

ইংৰাজী নাম লিউকাছ প্লেন্ট(Leucus plant), বৈজ্ঞানিক নাম Leucus limifolia, গোত্ৰ labiatae। বীজৰ দ্বাৰা বংশ বিস্তাৰ হয়। কোমল পাতযুক্ত উদ্ভিদ। পাতবোৰ সৰু ঠেক, আগ অংশ জোঙা। সাধাৰণতে তিনি-চাৰিটা কাণ্ডৰ সৈতে সৰু জোপোহা গছ। পাত আৰু কাণ্ড অংশ মোহাৰিলে গোন্ধ ওলায়। কেৱল পাত আৰু আগ অংশ বনৌষধি শাক হিচাপে খোৱাত ব্যৱহাৰ হয়। দ্ৰোণ শাকৰ বহুতো ঔষধি গুণ আছে।

ব্ৰাহ্মী:

ইংৰাজী নাম ব্ৰাহ্মী বা Brahmi বুলিয়েই জনা যায়, বৈজ্ঞানিক নাম Herpestis momeria, গোত্ৰ Scorphulariaceae। সৰু সৰু পাতেৰে এবিধ বনশাক। মাটিৰ ওপৰে ওপৰে লতা সুতেৰে বগাই যায়। কাণ্ডৰ প্ৰতিটো গাঁঠিৰ পৰা শিপা ওলাই মাটিত খামুচি বাঢ়ি যায়। কোমল শাকযুক্ত উদ্ভিদ। ব্ৰাহ্মী শাকৰ বহুতো ঔষধি গুণ আছে বাবে ইয়াক বনৌষধি শাক হিচাপে ব্যৱহাৰ কৰা হয়।

বৰ টেঙেচী:

ইংৰাজী নাম পিংক উড চৰেল(Pink wood sorrel), বৈজ্ঞানিক নাম Oxalis corymbosa, গোত্ৰৰ নাম Oxalidaceae। বীজ আৰু আলুৰ দ্বাৰা বংশ বিস্তাৰ হয়। শাকযুক্ত কোমল সৰু উদ্ভিদ। কোমল আৰু চনকা পিলপিলিয়া সেউজীয়া ৰং, ঠাৰিৰ মূৰত ৫-৬টা ফুলকটা ডাঠ সেউজীয়া ৰঙৰ পাত ধাৰণ কৰে। বনৌষধি শাক হিচাপে ব্যৱহাৰ হয়। মাটিৰ অম্লতা গুণ(pH value) বাঢ়িলে টেঙেচীৰ বংশ বিস্তাৰ বেছিকৈ হয়। বছৰৰ সকলো সময়তে হোৱা দেখা যায়।

সৰু টেঙেচী:

ইংৰাজী নাম ক্ৰিপিং উদছৰেল(Creeping wood sorrel), বৈজ্ঞানিক নাম Oxalis corniculata, গোত্ৰৰ নাম Oxalidaceae । বীজ আৰু পোখাপুলিৰ দ্বাৰা বংশ বিস্তাৰ হয়। কোমল আৰু ফুলকটা সৰু পাতবোৰ সৰু মানিমুনি উদ্ভিদৰ দৰে মাটিৰ উপৰিভাগত প্ৰতিটো কাণ্ডৰ গাঁঠিৰ পৰা ওলোৱা শাখা মূল বা শিপাৰ দ্বাৰা মাটিত খামুচি বগুৱাই যায়, যাক ইংৰাজীত runners বোলা হয়।

পাতৰ সোৱাদ টেঙা আৰু বনৌষধি শাক হিচাপে ব্যৱহাৰ কৰা হয়। বসন্ত, গ্ৰীষ্ম আৰু হেমন্তকালত এই উদ্ভিদবিধ গজা দেখা যায়।

মছন্দৰী শাক -

ইংৰাজী নাম হাৰ্টলিফ(Heart leaf) বা চাইনীজ লিজাৰ্দ টেইল(Chinese Lizard tail), বৈজ্ঞানিক নাম Hauttaynia cordata। গোত্ৰৰ নাম Acauthaceae। বহুবৰ্ষজীৱী শাকজাতীয়(Herb) উদ্ভিদ। মাটিৰ উপৰিভাগত চুটি চুটি ডাঠ সেউজীয়া ৰঙৰ পাতবোৰ বাঢ়ি আহে। পাতৰ আকাৰ থোপোকা, মানুহৰ কলিজাখনৰ দৰে(যাৰ বাবে হাৰ্টলিফ বোলা হয়)।

উদ্ভিদৰ উচ্চতা প্ৰায় ৭-৮ চেন্টিমিটাৰমান হ’ব। গছৰ গুৰিয়েদি শিপাৰ লগতে সমান্তৰালভাৱে বাঢ়ি যোৱা নলীকা(Stollon)বোৰৰ পৰা নতুন গছ গজে। গতিকে মাটিৰ ঠিক তলে তলে সকলো মছন্দৰী শাক এজোপা হিচাপে সংলগ্ন হৈ থাকে। পাতবোৰ বনৌষধি শাক হিচাপে ব্যৱহাৰ কৰা হয়।

ভেদাইলতা:

ইংৰাজী নাম ষ্টিংক ভাইন(Stink vine) বা চাংক ভাইন(Shunk vine), বৈজ্ঞানিক নাম Paederia foetida, গোত্ৰৰ নাম Rubiaceae। এবিধ লতাজাতীয় উদ্ভিদ। পোখাপুলি আৰু পূৰঠ লতাজাতীয় কাণ্ডৰ দ্বাৰা বংশ বিস্তাৰ হয়। অন্য গছ বা আশ্ৰয়ৰ ওপৰত নিৰ্ভৰ কৰি বগাই যোৱা লতাডালৰ প্ৰতিটো গাঁঠিৰ পৰা যোৰপাতি দুখিলাকৈ পাত ওলায়।

সেউজীয়া বহল আৰু সামান্য ঠেক দুইমূৰ জোঙা পাতবোৰ মোহাৰিলে বেয়া গোন্ধ ওলায়। পাত আৰু কোমল আগবোৰ বনৌষধ শাক হিচাপে ব্যৱহাৰ হয়।

মানধনিয়া:

ইংৰাজী নাম Mexican coriander(মেক্সিকান কৰিয়েন্দাৰ), বৈজ্ঞানিক নাম Eryngium foetidum, গোত্ৰৰ নাম umbelliferae। ই এবিধ বহুবৰ্ষজীৱী উদ্ভিদ। বীজ আৰু পোখাপুলিৰ দ্বাৰা বংশ বিস্তাৰ হয়। বহল, চেপেটা দীঘলীয়া পাতৰ সৰু উদ্ভিদ। ডাঠ ৰঙৰ পাতৰ কাষত সৰু সৰু খাঁজকটা, পাতবোৰ মোহাৰিলে ধুনীয়া গোন্ধ ওলায়।

গছৰ গুৰিত থকা সৰু কাণ্ডটোৰ পৰা পাতবোৰ চক্ৰাকাৰে এনেদৰে বাঢ়ি আহে যে গুৰি অংশ ঢাক খাই থাকে। গছ ডাঙৰ হৈ আহিলে আৰু ফুল ফুলিবলৈ ধৰিলে সৰু একমাত্ৰ কাণ্ডটো চকুত পৰে। পাতবোৰ কেঁচাই খোৱাত ব্যৱহাৰ হয় বাবে চাটনীত সাধাৰণতে ব্যৱহাৰ হয় আৰু বনৌষধি শাক হিচাপেও ব্যৱহাৰ কৰে।

বাবৰি শাক:

ইংৰাজী নাম গাৰলেণ্ড ক্ৰাইচেন থেমাৰ(Garland chrysanthemum) বৈজ্ঞানিক নাম chrysanthemum coronarium, গোত্ৰৰ নাম Compositae। বীজৰ দ্বাৰা বংশ বিস্তাৰ হয়। শস্যকাল কাতি-আঘোণ মাহৰ পৰা ফাগুন-চ’ত মাহলৈ। দুই-তিনিটা অৰ্ধ-কোমল কাণ্ডৰে সৰু জোপোহা উদ্ভিদ। পাতবোৰ দীঘলীয়া চিৰিলা-চিৰিলি আৰু কাষটো ফুলকটা, পাতবোৰ মোহাৰিলে গোন্ধ ওলায়, ঠিক ইন্দ্ৰমালতী(chrysanthemum) ফুলৰ দৰে। ফুলৰ ৰং শেঁতা হালধীয়া বা হালধীয়া। কোমল পাতবোৰ শাক হিচাপে খোৱাত ব্যৱহাৰ হয়।

দুপৰ টেঙা -

ইংৰাজী নাম ব্ৰায়ফাইলাম(Bryophyllum), বৈজ্ঞানিক নাম Kallenkoe pinneta, গোত্ৰৰ নাম Crassulaceae। পূৰঠ পাত আৰু বীজৰ দ্বাৰা বংশ বিস্তাৰ হয়। বহল, মঙহাল ডাঠ পাতখিলাৰ কাষটো ফুলকটা। অৰ্ধ-কোমল কাণ্ডৰ প্ৰতিটো গাঁঠিৰ পৰা দুই-তিনিখিলাকৈ পাত ওলায়। মঙহাল পাতবোৰ বনৌষধি হিচাপে ব্যৱহাৰ হয়। পাতৰ সোৱাদ টেঙা।

বাহক তিতা:

ইংৰাজী নাম্ব মালাবাৰ নাট(Malabar nut), বৈজ্ঞানিক নাম Adhatoda geylanica, গোত্ৰৰ নাম Acanthaceae। কেইবাটাও কাণ্ডৰ সৈতে জোপোহা গছ। কোমল পাতবোৰ বনৌষধি হিচাপে ব্যৱহাৰ হয়। বীজৰ পৰা ডাল কাটি বংশ বিস্তাৰ কৰা হয়।

তিতাফুল:

বৈগানিক নাম ফ্ল’গচকেনটাচ থাইচিফ্ল’ৰাছ(Phogos canthus thrysifloure), গোত্ৰৰ নাম Acanthaceae। কেইবাডালো শাখা-প্ৰশাখা লৈ জোপোহাৰ পৰা মধ্যমীয়া গছৰ উদ্ভিদ। কোমল(মেল নোখোৱা বা আধামেলা) ফুলবোৰ খোৱাত ব্যৱহাৰ হয়।

মাটি কান্দুৰী:

ইংৰাজী নাম Land sorrel(লেণ্ড ছৰেল), বৈজ্ঞানিক নাম Alternenthera sessilis, গোত্ৰৰ নাম Amaranthaceae। পোখাপুলি আৰু বীজৰ দ্বাৰা বংশ বিস্তাৰ হয়। গ্ৰীষ্ম, বৰ্ষা আৰু শৰৎকালত হোৱা এবিধ বনৰীয়া শাকযুক্ত উদ্ভিদ। কোমল কাণ্ডৰ প্ৰতিটো গাঁঠিৰ পৰা দুখিলাকৈ সৰু পাত ওলায় আৰু বহুত কাণ্ডৰ সৈতে মাটিৰ উপৰিভাগত ছানি ধৰে। পূৰঠ কাণ্ডৰ তলৰ গাঁঠিবোৰৰ পৰা চাৰুলীয়া শিপা ওলাই মাটিত খামুচি বাঢ়ি যায়। পাতেৰে সৈতে কোমল আগবোৰ বনৌষধি শাক হিচাপে খোৱাত ব্যৱহাৰ হয়।

পদিনা -

ইংৰাজী নাম মিন্ট(Mint), বৈজ্ঞানিক নাম Menthus spicata, গোত্ৰৰ নাম Labiatae। সৰু ঘূৰণীয়া, ভাঁজলগা পাতবোৰ কোমল কাণ্ডৰ প্ৰতিটো গাঁঠিৰ দুয়োকাষে বাঢ়ি আহে।

প্ৰতিটো পূৰঠ কাণ্ডৰ গাঁঠিৰ পৰা চাৰুলীয়া শিপা ওলাই মাটিৰ ঠিক তলে তলে বা কেতিয়াবা মাটিৰে উপৰিভাগত খামুচি নলীকা বঢ়াদি বাঢ়ি যোৱা এবিধ শাকজাতীয় উদ্ভিদ। কিছুমান কাণ্ড আকৌ থিয় হৈ বাঢ়ি যাব বিচাৰে। পাত আৰু কাণ্ডৰ ৰসত এটা সুগন্ধ আছে। কোমল পাত আৰু কাণ্ডভাগ খুন্দি, চেপি বা থেতালি চাটনী হিচাপে কেঁচাই খোৱাত ব্যৱহাৰ হয়।

মৰলীয়া শাক:

বৈজ্ঞানিক নাম ষ্টেলেৰিয়া মেডিয়া(Stelaria media), গোত্ৰৰ নাম Caryophyllaceae। সৰু সৰু পাতেৰে আৰু কোমল কাণ্ডৰে সৈতে মাটিত ছাটি ধৰা জোপোহা শাকজাতীয় উদ্ভিদ(herb)। কেতিয়াবা বনৌষধি শাক হিচাপে ৰান্ধি খোৱা হয়।

পনৌনোৱা:

বৈগানিক নাম Boarheavia diffusa, গোত্ৰৰ নাম Nyctagi naceae। সৰু সৰু গোলাকৃতি কোমল পাত আৰু কাণ্ডৰে এবিধ শাকজাতীয় উদ্ভিদ(herb)। কেতিয়াবা বনৌষধি শাক হিচাপে ব্যৱহাৰ হয়।

ডেম ডেউকা:

বৈজ্ঞানিক নাম Piperomia pellucida, গোত্ৰৰ নাম Piperaceae। কোমল সৰু অথচ ঠুনুকা শাকজাতীয় উদ্ভিদ(herbs)। পাতৰ আকৃতি পাণৰ পাতৰ দৰে। ফলক অংশ উজ্জ্বল। বীজৰ দ্বাৰা বংশ বিস্তাৰ হয়। বছৰৰ সকলো সময়তে শাকবিধ গজা দেখা যায়। বনৌষধি শাক হিচাপে ব্যৱহাৰ হয়।

উপসংহাৰ -

আমাৰ কৃষক সমাজে উপৰিউক্ত থলুৱা শাকবোৰ এতিয়াও জীয়াই ৰাখিছে। অৱশ্যে এইবোৰ শাকৰ বিষয়ে গৱেষণা কৰিবলৈ বহুত বাকী আছে।

তথাপি থলুৱা শাক-পাচলিৰ গুৰুত্ব বাঢ়ি অহালৈ চাই এই শাকবোৰ বহল ভিত্তিত কৰিলে আমাৰ কৃষক সমাজ অৰ্থনৈতিকভাৱে লাভান্বিত হ’ব। আৰু আমাৰ জৈৱ-বৈচিত্ৰ্যও ৰক্ষা পাৰিব।

লেখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস

উৎস: আধুনিক কৃষিকথা(শস্য ব্যৱস্থাপনা)

2.94117647059
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top