মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / আধুনিক কৃষিকথা (ড° প্ৰশান্ত মিশ্ৰ) / অসমৰ প্ৰধান ফলমূলসমূহৰ বিজ্ঞানসন্মত কৃষি প্ৰণালী :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ প্ৰধান ফলমূলসমূহৰ বিজ্ঞানসন্মত কৃষি প্ৰণালী :

অসমৰ প্ৰধান ফলমূলসমূহৰ বিজ্ঞানসন্মত কৃষি প্ৰণালীৰ বিষয়ে লিখা হৈছে ।

 

অসমৰ মাটি আৰু জলবায়ু বিভিন্ন জাতৰ ক্ৰান্তীয় আৰু উপক্ৰান্তীয় ফলমূলৰ খেতিৰ বাবে উপযোগী। ফলমূলৰ বাগিচা এখনৰ পৰা পথাৰশস্যৰ তুলনাত প্ৰতি একক মাটিত পোৱা উৎপাদিত সামগ্ৰীৰ পৰিমান যথেষ্ট বেছি হোৱাৰ লগতে তাৰ বজাৰ মূল্যও বেছি। তদুপৰি মানৱ দেহৰ পুষ্টি সাধনৰ বাবে আৱশ্যক হোৱা শ্বেতসাৰ, প্ৰ’টিন, চৰ্বী আদি আমি পথাসশস্য ধান, মাহ, সৰিয়হ, আলুজাতীয় শস্য আদিৰ পৰা পাওঁ যদিও আৱশ্যকীয় খাদ্যপ্ৰাণ আৰু খনিজ লৱণৰ বাবে ফলমূল বা শাক-পাচলিয়েই হ’ল উৎকৃষ্ট উৎস। নৈজ্ঞানিক ভিত্তিত সু-পৰিকল্পিতভাৱে প্ৰতিষ্ঠা কৰা ফলমূলৰ বাগান এখনৰ প্ৰা প্ৰতিবছৰে সুদৃঢ় উৎপাদন পোৱাৰ লগতে ফলমূলসমূহ ফলৱতী হোৱাৰ আগৰ কালছোৱাত বাগানৰ মাজত খালী ঠাইখিনিত নানাবিধ হ্ৰস্বকালীন শস্যৰ খেতি কৰি আৰ্থিকভাৱে লাভৱান হোৱাৰ লগতে বাগিচাখনৰ পৰিচৰ্যাৰ বাবে আৱশ্যক হোৱা মূলধন একেডৰা মাটিৰ পৰাই পাব পাৰি।

অসমৰ কৃষকে অতীজ্ৰে পৰা তামোল, নাৰিকল, কল, নেমুটেঙা আদি ফলমূলৰ খেতি কৰি আহিছে যদিও বিজ্ঞানসন্মত কৃষিপ্ৰণালীৰ বিসয়ে থকা জ্ঞানৰ সীমাবদ্ধতাৰ বাবে বহু সময়ত আশানুৰূপ উৎপাদন নাপায়। এই লেখাটিত অসমৰ কৃষি জলবায়ুত ব্যৱসায়িক ভিত্তিত খেতি কৰি লাভৱান হ’ব পৰা অসমৰ প্ৰধান ফলমূলসমূহৰ বিজ্ঞানসন্মত কৃষি প্ৰণালীৰ সকলোবোৰ দিশ সামৰি কৃষকৰ উপযোগীকৈ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা হৈছে।

সঁচ নিৰ্বাচন:

অসমত ব্যৱসায়িক ভিত্তিত খেতি কৰা ফলমূলসমূহ বহু বৰ্ষজীৱী আৰু ৰোপণৰ কেইবা বছৰৰ পাছতহে এইবোৰ ফল ধাৰণৰ বাবে সক্ষম হয়। সেয়েহে ফলমূলসমূহৰ খেতিৰ পৰা ইপসিত উৎদানৰ পাবৰ বাবে মাটি, জলবায়ু আৰু স্থানীয় পৰিস্থিতিৰ লগত খাপ খুৱাই অনুমোদন জনোৱা উন্নতজ মানৰ সঁচ নিৰ্বাচন কৰি ৰোপণ কৰা আৱশ্যক। অসমৰ কৃষি জলবায়ুৰ বাবে অনুমোদন জনোৱা ফলমূলৰ জাতসমূহ তলত উল্লেখ কৰা হ’ল।

কল -

গছৰ গঠন আৰু উচ্চতা অনুসৰি কলৰ জাতসমূহ তিনিটা ভাগত ভাগ কৰা হৈছে।

ক)চাপৰ জাত: জাহাজী

খ)মধ্যমীয়া ওখ জাত: চেনিচম্পা, মালভোগ, বৰ জাহাজী

গ)ওখ জাত: জাতি কল, ভীমকল, কাচকল, মনোহৰ

মাটিকঁঠাল -

মাটিকঁঠালৰ জাত প্ৰধানকৈ তিনিটা যদিও অসমৰ জলবায়ুত অধিক উৎপাদন পাবৰ বাবে ‘কিউ’ আৰু ‘কুইন’ নামৰ জাত দুটাহে অনুমোদন জনোৱা হৈছে। কুইন মাটিকঁঠালৰ আগতীয়া জাত, পাতবোৰৰ দুয়ো দাঁতি কাঁইটীয়া, ফলবোৰ সৰু, ৰসাল, বেছি মিঠা আৰু অঁহীয়া। ‘কিউ’ৰ উৎপাদন বেছি, পাতবোৰ দীঘল আৰু পাতৰ দাঁতিত কাঁইট নাথাকে, ফলৰ ওজন ২ কেজিতকৈ বেছি। ফলবোৰ মঙহাল আৰু কম আঁহযুক্ত হোৱাৰ বাবে জাম, জেলি, স্কোৱাচ আৰু পৰিষফুটন সামগ্ৰী(Processed Product) তৈয়াৰ কৰিবৰ বাবে উপযোগী।

কমলাটেঙা -

কমলাটেঙাৰ উৎকৃষ্ট জাত হ’ল খাচী মেন্দেৰিণ।

নেমুটেঙা:

নেমুটেঙা বুলিলে সাধাৰণতে কাজি নেমু(Lemon) আৰু গোল নেমু(Lime)কে বুজোৱা হয়। অসমৰ ঠাইবিশেষে এই নেমু দুবিধ বিভিন্ন নামত পোৱা যায়। কাজি নেমুৰ গুটি নথকা জাত হ’ল ‘আচাম লেমন’ আৰু গোল নেমুৰ থলুৱা ঘূৰণীয়া জাতবোৰেই অসমৰ কৃষি জলবায়ুৰ বাবে উপযোগী।

তামোল:

অসমত তামোল খেতিৰ বাবে থলুৱা জাত ‘কাঁহিকুছি’ আৰু ‘কাছাৰ’ অতি উত্তম যদিও ব্যৱসায়িক ভিত্তিত ‘মোহিত নগৰ’, ‘সুমংগলা’, ‘শ্ৰীমংগলা’ আদি জাতৰ খেতিও কৰিব পাৰি।

নাৰিকল -

নাৰিকলৰ জাত প্ৰধানকৈ দুবিধ- ওখ আৰু চাপৰ জাত। ভাৰতবৰ্ষ তথা পৃথিৱীৰ আন আন দেশবোৰতো ওখ জাতৰ নাৰিকলৰ খেতিয়েই প্ৰধানকৈ ব্যৱসায়িক ভিত্তিত কৰা হয়। অসমৰ কৃষি জলবায়ুৰ বাবে অনুমোদন জনোৱা জাতসমূহ হ’ল- থলুৱা জাত- আচাম টল, বেংগল হাজাৰী, বেংগল চিলেকটেড, টি*ডি হাইব্ৰিড(বৰ্ণসংকৰ জাত) আৰু কামৰূপা। কামৰূপা নামৰ উচ্চ উৎপাদনক্ষম জাতিবিধ উদ্যানশস্য গৱেষণা কেন্দ্ৰ কাঁহিকুছিত অসমৰ ওখ জাতবোৰৰ পৰা নিৰ্বাচন কৰি উদ্ভাৱন কৰা হৈছে।

লিছু:

অসমৰ মাটিত ৰোপণ কৰিব পৰা লিছুৰ উন্নত জাতবোৰ হৈছে- মোজাফৰপুৰ, কেলকেটা, ডেৰাডুন, চিডলেছ, চাহৰাণপুৰ, ৰ’জ চেনটেড আৰু চাইনীজ গ্ৰীণ।

অমিতা -

পুচা দেলিচিয়াচ, পুচা মেজেষ্টি, পুচা নানহা, পুচা ডোৱাৰ্ফ আদি অসমৰ বাবে উন্নত জাত। পুৱা ডোৱাৰ্ফ আৰু পুচা নানহা জাত দুটা চাপৰ, উচ্চ উৎপাদনক্ষম আৰু একলিংগী।

কঁঠাল:

ৰুদ্ৰাক্ষি, চিলন, চিংগাপুৰ আৰু কঁঠালৰ উন্নত সঁচ। তদুপৰি অসমত ৰোৱাৰ বাবে বহুতধৰণৰ অধিক উৎপাদনক্ষম উন্নত থলুৱা জাত পোৱা যায়।

মাতৃ গছ নিৰ্বাচন:

বেমাৰ আৰু পোক-পতংগৰ দ্বাৰা আক্ৰান্ত নোহোৱা অধিক উৎপাদনক্ষম আৰু উন্নত গুণসম্পন্ন ফল ধাৰণ কৰা বাৰীৰ পৰাহে বীজ নতুবা অংগজ প্ৰজনন সামগ্ৰীৰ বাবে মাতৃ গছবোৰ নিৰ্বাচন কৰি ল’ব লাগে। বিশেষকৈ বীজৰ পৰা বংশ বিস্তাৰ কৰা ফল নাৰিকল আৰু তামোলৰ বীজ সংগ্ৰহৰ বাবে মাতৃ গছ নিৰ্বাচনেই হ’ল প্ৰথম আৰু মুখ্য পদক্ষেপ। মাতৃ গছ নিৰ্বাচন সঠিক নহ’লে তাৰ পৰা সংগ্ৰহ কৰা বীজ ব্যৱহাৰ কৰি ভাল উৎপাদন পাব নোৱাৰি।

নাৰিকলৰ মাতৃ গছ নিৰ্বচন:

ক)মতৃ গছজোপা পোন, পাতবোৰ উজ্জ্বল সেউজীয়া আৰু চুটি হ’ব লাগে। বছৰৰ সকলো সময়তে গছজোপাৰ ২৮-৩০টা স্বতন্ত্ৰ পাত থাকিব লাগে।

খ)মাতৃ গছজোপাৰ বয়স ২০ বাছৰৰ ওপৰ হোৱা উচিত। সাধাৰণতে ২০-৬০ বছৰ বয়সৰ উচ্চ উৎপাদনক্ষম গছ মাতৃ গছৰ বাবে নিৰ্বাচন কৰা হয়।

গ)নাৰিকলৰ ফল ধাৰণ কৰা মূল ঠাৰিডাল শকত আৰু মজবুত হ’ব লাগে।

ঘ)গছজোপা বছৰি সমপৰিমাণৰ ১০০ বা ততোধিক মধমীয়া আকৃতিৰ ফল উৎপাদন কৰা হ’ব লাগে।

ঙ)মাতৃ গছজোপা গুটি সৰা ৰোগ প্ৰতিৰোধসম্পন্ন হোৱা উচিত।

চ)গছজোপাৰ মুকুট অংশ ভালকৈ মেল খোৱা আৰু গোলাকাৰ হ’ব লাগে।

ছ)সঁচৰ বাবে নিৰ্বাচিত গছজোপা গোহালিৰ কাষত বা পচনসাৰৰ গাঁতৰ কাষত হ’ব নালাগে।

তামোলৰ মাতৃ গছ নিৰ্বাচন

ক)মাতৃ গছজোপা সোনকালে ফল ধাৰণ কৰা উচ্চ উৎপাদনক্ষম আৰু প্ৰতিবছৰে ফল ধাৰণ কৰা উচিত।

খ)নিৰ্বাচিত মাতৃ গছজোপাৰ বয়স ২৫-৫০ৰ ভিতৰত হ’ব লাগে।

গ)গছজোপাত ১০ টাতকৈ অধিক মেলা পাত আৰু কমেও চাৰিটা থোক থাকিব লাগে।

ঘ)গছজোপা নিৰোগী হোৱাৰ লগতে অকালতে ফল সৰা সমস্যা থাকিব নালাগে।

সুমথিৰা টেঙাৰ মাতৃ গছ নিৰ্বাচন:

ক)সুমথিৰা টেঙাৰ বীজৰ বাবে ফল সংগ্ৰহ কৰা মাতৃ গছজোপাৰ বয়স ২০-৩০ বছৰৰ ভিতৰত হ’ব লাগে।

খ)গছজোপা সুস্থ, সবল আৰু আৰ্থিক উৎপাদনক্ষম হোৱা উচিত।

গ)প্ৰতিবছৰে সমভাৱে উন্নত মানৰ ফল ধাৰণ কৰা মাতৃ গছৰ পৰাহে বীজৰ বাবে ফল সংগ্ৰহ কৰিব লাগে।

বীজ আৰু পুলি নিৰ্বাচন -

তামোল আৰু নাৰিকলৰ বংশ বৃদ্ধি একমাত্ৰ বীজৰ পৰাই কৰা হয়। সেয়েহে নিৰ্বাচিত মাতৃ গছৰ পৰা পূৰঠ ফলবোৰ উপযুক্ত সময়ত সংগ্ৰহ কৰি বীজতলীত পচাই লৈ পুলি তৈয়ৰ কৰি ল’ব লাগে। নাৰিকলৰ ১১-১২ মহীয়া পূৰঠ ফল নৱেম্বৰৰ পৰা জানুৱাৰী মহৰ ভিতৰত আৰু তামোলৰ বীজবোৰ মে’-জুন মাহত গছজোপাৰ ওপৰে-তলে দুটা থোক বাদ দি মাজৰ থোকবোৰৰ পৰা সংগ্ৰহ কৰিব লাগে। তামোলৰ সংগৃহীত বীজবোৰ পানীত ডুবাই দিলে যিবোৰ বীজৰ বেটুটো ওপৰমুৱা হৈ থাকে সেইবোৰ বীজহে পুলি পচবৰ বাবে বাছনি কৰিব লাগে। এনেদৰে নিৰ্বাচিত বীজৰ পৰা তৈয়াৰ পৰা পুলিবোৰ সোনকালে অংকুৰণ হোৱৰ লগতে পুলিবোৰো সবল হয়। সাধাৰণতে তামোলৰ বীজবোৰ পচোৱাৰ ৪০ দিনমান মাছত আৰু নাৰিকলৰ বীজবোৰ পচোৱৰ ৩ মাহৰ পৰা অংকুৰণ আৰম্ভ হয়। পচোৱাৰ ৬ মাহলৈকে অংকুৰণ নোহোৱ নাৰিকলৰ বীজবোৰ বীজতলীৰ পৰ আঁতৰাই দিয়া উচিত, কিয়নো এনে বীজৰ পৰা হোৱা পুলিবোৰ ৰোপণৰ বাবে অনুপযুক্ত। নিয়মীয়াকৈ প্ৰতিপালন কৰা নাৰিকল আৰু তামোলৰ পুলিবোৰ নিম্নোক্ত দিশসমূহ বিবেচন কৰি মূল পথাৰত ৰোপণ কৰা উচিত।

নাৰিকলৰ পুলিবোৰ ১২-১৮ মহীয়া হোৱাৰ লগতে পাঁচটা বা ততোধিক পাত থকা, নিৰোগী গুৰি শকত আৰু সোনকালে চিৰিলি পাত ওলোৱা(পুলিটোৰ তলৰ এটা বা দুটা পাত ফাটিবলৈ ধৰা) হ’ব লাগে। একেদৰে তামোলৰ পুলিবোৰো ১২-১৮ মহীয়া হোৱাৰ লগতে ৪-৫ টা পতযুক্ত, চাপৰ, গুৰি শকত আৰু নিৰোগী হোৱা উচিত। এনেদৰে নিৰ্বাচন কৰি ৰোপণ কৰা পুলিবোৰ সোনকালে ফল ধাৰণ সক্ষম আৰু উচ্চ উৎপাদনক্ষম হয়।

কলৰ খেতি পোখা-পুলি(Sucker) নতুবা গছৰ মূঢ়াৰ পৰা কৰা হয় যদিও পোখা-পুলিয়েই কলৰ উৎকৃষ্ট ৰোপণ সামগ্ৰী। কলগছৰ পোখা-পুলিবোৰ দুইধৰণৰ- এবিধৰ গুৰিটো শকত, আগৰ ফালে ক্ৰমে লাহি আৰু পাতবোৰ তৰোৱাল আকৃতিৰ। এনে পুলিবোৰক তৰোৱালপতীয়া পুলি(Sword Sucker) বোলা হয়। আনবিধ চুটি, পাতবোৰ বহল, স্থূলকাণ্ডৰ আকাৰ সৰু আৰু পাতৰ গুৰিৰ পৰা আগলৈ প্ৰায় সামন আকাৰৰ। এইবিধ পুলিক বহল পাতৰ পুলি(Water Sucker) বোলা হয়। তৰোৱাল আকৃতিৰ পাতৰ পুলিবোৰ ৰোপণৰ পছত সোনকালে ডাঙৰ হয় আৰু কম দিনত ফল ধাৰণ কৰে। আনহাতে বহল পাতৰ পুলিবোৰ দুৰ্বল হয় আৰু ফল ধাৰণত পলম হয়। সেয়েহে ৰোপণৰ বাবে তৰোৱাল আকৃতিৰ ৩-৪ মহীয়া স্বাস্থ্যৱান আৰু ১.৫ৰ পৰ ২ কিলোগ্ৰাম ওজনৰ পোখা-পুলি নিৰ্বাচন কৰি ল’ব লাগে। নিৰ্বাচিত পুলিবোৰৰ গাত লাগি থকা শুকান ঢকুৱাবোৰ আঁতৰাই গুৰিৰ পৰা ৩০-৪৫ চে.মি. ওপৰত হেলনীয়াকৈ কাটি ল’ব লাগে। তদুপৰি স্থূলকণ্ডৰ গাত লাগি থকা শিপা আৰু শল্কপত্ৰবোৰ সাৱধানে আঁতৰাই ল’ব লাগে।

মাটিকঁঠালৰ খেতিত পুলি(Ground Sucker), পোখা(Slip) আৰু ফলৰ ওপৰত থকা মুকুট(Crown) ৰোপণ সামগ্ৰীৰূপে ব্যৱহাৰ কৰা হয়। পুলি বা পোখা ৰোৱাৰ ১২ মাহৰ পাছৰ পৰাই ফুলিবলৈ আৰম্ভ কৰে। আনহাতেদি মুকুট সঁচ হিচাপে ৰোপণ কৰিলে ১৯-২০ মাহৰ পাছৰ পৰাহে ফুলিব ধৰে। সেয়েহে ব্যৱসায়িক ভিত্তিত কৰা খেতিত ৫-৬ মহীয়া ৩৫০-৪৫০ গ্ৰাম ওজনৰ পুলি বা পোখাহে ৰোপণ কৰা উচিত। পুলি ৰোপণ কৰি কৰা খেতিত পোখাৰ তুলনাত কিছু আগতীয়াকৈ ফল চপাব পৰা যায় যদিও পোখাৰ পৰা হোৱা ফলবোৰ ডাঙৰ আৰু সম আকাৰৰ হয়।

কমলা টেঙাৰ বংশ বিস্তাৰ বীজ নতুবা মুকুলন(Budding) পদ্ধতিৰে কৰা হয়। ইয়াৰ বীজবোৰ বহু ভ্ৰুণযুক্ত যদিও বীজৰ পৰা কৰা খেতিত সদায় আংগিক প্ৰজননৰ দৰে মাতৃ গছৰ চৰিত্ৰ বহনকাৰী পুলি পোৱা নাযায়। সেয়েহে মুকুলন পদ্ধতিৰে প্ৰস্তুত কৰ পুলি ৰোপণ কৰি মাতৃগছৰ চৰিত্ৰ বহনকাৰী উৎকৃষ্ট মানৰ ফল পাব পাৰি। বীজৰ পৰা পুলি উৎপাদন কৰিবৰ বাবে নৱেম্বৰ-ডিচেম্বৰ মাহত সুস্থ-সবল মাতৃ গছৰ পৰা নিৰ্বাচিত ফল সংগ্ৰহ কৰি বীজখিনি উলিয়াই ভালদৰে ধুই লৈ ছাঁত শুকুৱাই ল’ব লাগে। পুলি উৎপাদনৰ বাবে বীজখিনি প্ৰথমতে প্ৰাথমিক বা মুখ্য বীজতলীত সিঁচি ল’ব লাগে। ৬ মাহৰ পাছত পুলিবোৰ ৪-৬ পতীয় হ’লে প্ৰাথমিক বীজতলীৰ পৰা পুলিবোৰ সাৱধানে উঠাই দ্বিতীয় বা গৌণ বীজতলীত ৰোপণ কৰিব লাগে। পুলিবোৰৰ বয়স ৩ বছৰ হ’লে মূল বাগানত ৰোৱাৰ বাবে উপযুক্ত হয়।

নেমু টেঙাৰ বংশ বিস্তাৰ সাধাৰণতে ডাল কলমৰ(Cutting) পৰাই কৰা হয় যদিও পত্ৰ মুকুল কলম(Leaf Bud Cutting) আৰু বায়ৱ ডাল ধৰা কলম(Air Layring)ৰ পৰাও বংশ বিস্তাৰ কৰিব পাৰি। ডাল কমলৰ পৰা বংশ বিস্তাৰ কৰিবৰ বাবে পূৰঠ ডালৰ পৰা প্ৰায় ২০ চে.মি. দীঘল আৰু কাঠ পেঞ্চিলৰ সমান ডাঠ ডাল বাছি লৈ ওপৰৰ ফালে গাঁঠিৰ পৰা ১ চে.মি. ওপৰত আৰু তলৰ ফালে গাঁঠিৰ ঠিক তলতেই এঢলীয়াকৈ কাটি ল’ব লাগে। এইদৰে তৈয়াৰ কৰি লোৱা ডালবোৰ ১:১:১ অনুপাতত মাটি, বালি আৰু শুকান গোবৰ মিহলাই ১ মিটাৰ বহল, ১০ মিটাৰ দীঘল আৰু ৩০ চে.মি. ওখকৈ তৈয়াৰ বীজতলীৰ ভেটিত প্ৰতিটো শাৰী আৰু প্ৰতিটো পুলিৰ মাজত ৩০ চে.মি. দূৰত্বত ৰোপণ কৰিব লাগে। এবছৰীয়া ডাল কলম মূল পথাৰত ৰোৱাৰ উপযুক্ত হয়।

লিচু আৰু মধুৰি-আমৰ পুলি বায়ৱ ডাল ধৰা পদ্ধতিৰে তৈয়াৰ কৰা হয়। বাৰিষাকালত(জেঠ-আহাৰ-শাওন মাহত) ১-১ ১/২ বছৰীয়া ডালবোৰ নিৰ্বাচন কৰি ডাল ধৰি পুলি তৈয়াৰ কৰা হয়। গছত ডাল ধৰাৰ ৫০-৬০ দিনমানৰ পাছত ডালবোৰ গছৰ পৰা কাটি আনি পুলিবাৰীত নতুন পলিথিনৰ থোঙাত মাটি ভৰাই ৰোপণ কৰিব লগে। পুলিবোৰৰ বয়স ১ বছৰ হ’লে মূল পথাৰত ৰোপণৰ বাবে উপযুক্ত হয়।

অমিতা আৰু কঁঠালৰ পুলি গুটিৰ পৰাই প্ৰস্তুত কৰা হয়। পকা অমিতাৰ গুটিবোৰ এৰুৱাই দুয়োহাতেৰে পানীত মোহাৰি মোহাৰি ধুই বীজৰ ওপৰত থকা বীজল পাতল আৱৰণটো আঁতৰাই লৈ ছাঁত শুকুৱাই ল’ব লাগে। এনেদৰে তৈয়াৰ কৰা বীফজ্বোৰ কেইদিনমাৰ ভিতৰত পুলিবাৰীত সিঁচি পুলি তৈয়াৰ কৰি ল’ব লাগে। এনেদৰে তৈয়াৰ কৰা বীজবোৰ কেইদিনমানৰ ভিতৰতে পুলিবাৰীত সিঁচি পুলি তৈয়াৰ কৰি ল’ব লাগে। কঁঠালৰ ক্ষেত্ৰতো পকা কঁঠালৰ পৰা বীজবোৰ সংগ্ৰহ কৰি ছাঁত শুকুৱাই লৈ এসাপ্তাহৰ ভিতৰতে পুলিবাৰীত সিঁচিব লাগে। অৱশ্যে কঁঠালৰ পুলি ডাল কাটি বা ডাল ধৰিও তৈয়াৰ কৰিব পাৰি। ডাল কাটি পুলি তৈয়াৰ কৰিবলৈ হ’লে নিৰ্বাচিত ডালবোৰ বা ডাল ধৰিও তৈয়াৰ কৰিব পাৰি। ডাল কাটি পুলি তৈয়াৰ কৰিবলৈ হ’লে নিৰ্বাচিত ডালবোৰ ৩০০০-৫০০০ পি.পি.এম. গাঢ়তাৰ ইনদাল বুটাৰিক এচিডৰ মিশ্ৰণত খন্তেক ডুবাই লৈ ৰোপণ কৰিব লাগে।

নাৰিকল আৰু তামোলৰ পুলিবাৰী প্ৰস্তুতি আৰু প্ৰতিপালন -

নাৰিকল অৰু তামোলৰ পুলিবাৰীৰ বাবে ওখ ৰ’দঘাই বালিয়া পলসুৱা মাটি নিৰ্বাচন কৰি ল’ব লাগে। বীজতলীৰ বাবে ১ মিটাৰ বহল, ৩০ চে.মি. ওখ আৰু আৱশ্যক অনুযায়ী দীঘল একোটা ভেটি তৈয়াৰ কৰি ল’ব লাগে। পোক-পৰুৱাৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ মালাথিয়ান ৫% পাউডাৰ প্ৰতি ১০ বৰ্গমিটাৰত ২০ গ্ৰামকৈ প্ৰয়োগ উচিত। নাৰিকলৰ পুলিবাৰীৰ বাবে এনেদৰে তৈয়াৰ কৰি লোৱা ভেটিত ৩০ চে.মি. ব্যৱধানত ৩টা শাৰী কৰি প্ৰতিটো শাৰীত ৩০ চে.মি. আঁতৰে আঁতৰে ১৫-২০ চে.মি. গভীৰতাত বীজবোৰ এনেদৰে পচাব লাগে যাতে নাৰিকলটো পোত যায়। বীজ পচাওঁতে নাৰিকলৰ দুটা সিৰৰ মাজত থকা বহল পিঠিটো ওপৰফালে প্ৰাকৈ পথালিকৈ পুতিব লাগে। অৱশ্যে নাৰিকলবোৰ থিয়কৈ ৰাখিও পুলি প্ৰস্তুত কৰিব পাৰি। থিয় কৰি ৰোপণ কৰা পদ্ধতিত প্ৰস্তুত কৰা পুলিবোৰ দূৰলৈ পৰিবহণৰ বাবে সুবিধাজনক হয়। পথালিকৈ পচোৱা পুলিবোৰ সাধাৰণতে মজবুত হয় আৰু বীজৰ ভিতৰৰ পানীভাগ সহজতে শুকাই নাযায় আৰু পুলিবোৰ ৰোৱাৰ সময়ত নষ্ট হোৱাৰ সম্ভাৱনা কম থাকে। তামোলৰ পুলিবাৰীৰ বাবে ওখ ৰ’দঘাই মাটি নিৰ্বাচন কৰি লৈ বীজতলীখন ১:১ ব অনুপতত মাটি আৰু বালি মিহলাই ১ মিটাৰ বহল, সুবিধা অনুযায়ী দীঘল আৰু ৩০ চে.মি. উচ্চতাৰ ভেটি তৈয়াৰ কৰি ল’ব্ লাগে। এনেদৰে তৈয়াৰ কৰা ভেটিত মে’-জুন মাহত ১৫ চে.মি. দুৰত্বত একোটাকৈব শাৰী কৰি প্ৰতিটো শাৰীত ১০ চে.মি. ব্যৱধানত বীজৰ ঠাৰিৰ ফাল ওপৰামুৱাকৈ ৰাখি তামোলখিনি সম্পূৰ্ণ ঢাক খোৱাকৈ পুতি লৈ ওপৰৰ পৰা পাতলীয়াকৈ বালি ছটিয়াই ল’ব লাগে। বীজখিনি গজি উঠাৰ ৩ মাহৰ পাছত পানী জমা নোহোৱা ওখ ঠাইত দ্বিতীয় এখন বীজতলি তৈয়াৰ কৰি পুলিবোৰ ৩০ চে.মি*৩০ চে.মি. ব্যৱধানত পুনৰ ৰোপণ কৰিব লাগে। দ্বিতীয় পুলিবাৰীত ৰোপণৰ্ব পাছত পুলিবোৰ ঠন ধৰি উঠাবলৈকে ছাঁৰ ব্যৱস্থা কৰিব লাগে।

মূল বাগিচাত পুলি ৰোপণ -

পুলিবাৰীত অধিক যত্নসহকাৰে প্ৰস্তুত কৰা পুলিবোৰ মূল বাগিচাত ৰোপণৰ সময়ত সাধাৰ্ণ অথচ অতি আৱশ্যকীয় কিছুমান দিশৰ প্ৰতি গুৰুত্ব দিয়া আৱশ্যক। উদাহৰণস্বৰূপে কলৰ পুলি ৰোপণৰ সময়ত পুলিবোৰৰ স্থুলকাণ্ডৰ গাত লাগি থকা শিপা আৰু শল্কপত্ৰবোৰ সাৱধানে আঁতৰাই লৈহে ৰোপণ কৰা উচিত। ঠিক তেনেদৰে তামোল বা নাৰিকলৰ পুলি ৰোপণৰ অন্তত ১ মাহ আগতে গাঁতবোৰ নিৰ্দিষ্ট জোখত খান্দি লোৱা আৱশ্যক। মূল বাগানত পুলি ৰোপণৰ সময়ত এজন কৃষকে গুৰুত্বসহকাৰে বিবেচনা কৰি সিদ্ধান্ত ল’বলগা বিষয়সমূহ ফলমূলবিশেষে য’ত যি ব্যৱস্থাৰ আৱশ্যক হয় তাক নিৰ্দিষ্ট কৰি দিয়াৰ প্ৰয়াস কৰা হৈছে।

ক)পুলি শোধন:

কলৰ স্থূলকাণ্ডৰ বা মূঢ়া শস্য কৃমিৰ বাসস্থান। সেয়েহে শস্য কৃমি প্ৰতিৰোধৰ বাবে ৰোপণৰ আগতে পুলি শোধন কৰি ল’ব লাগে। পুলি শোধনৰ বাবে বোকাপানীৰ মিশ্ৰণ তৈয়াৰ কৰি নিৰ্বাচিত পুলিৰ মূঢ়াবোৰ বোকাত ডুবাই উলিয়াই আনি প্ৰতিটো মূঢ়াত ৪০ গ্ৰামকৈ ফোৰাডন ঔষধৰ দানা সমভাৱে ছটিয়াই লৈ পুলিবোৰ ৰোপণ কৰিব লাগে। এনেদৰে শোধন কৰি ল’লে মূঢ়াত লাগি থকা শস্য কৃমিবোৰ মৰি যায় আৰু ভৱিষ্যতে শস্য কৃমিৰ সাম্ভাব্য আক্ৰমণৰ পৰা পুলিবোৰ ৰক্ষা পৰে। মাটি কঁঠাইলৰ পুলি বা পোখাবোৰ ৰোপণৰ সময়ত ০.২% ইণ্ডোফিল এম-৪৫ নামৰ ভেঁকুৰনাশক ঔষধেৰে শোধন কৰি ল’লে পুলিবোৰ সোনকালে ঠন ধৰি উঠে আৰু কোঁহ পচা বেমাৰৰ আক্ৰমণ প্ৰতিৰোধ সম্পন্ন হয়।

খ)ৰোপণ দূৰত্ব:

তামোল, নাৰিকল, লিচু, কমলাটেঙা আদি ফলমূলসমূহ এনেদৰে ৰোপণ কৰিব লাগে যাতে গছজোপাৰ পূৰ্ণাংগ বৃদ্ধি হোৱাৰ পাছত এজোপা গছৰ পাত আনজোপাৰ লগত লগ নালাগে। অৱশ্যে কলৰ খেতিত কলৰ গুনগত মান(Quality) নিম্নগামী নোহোৱাকৈ অধিক উৎপাদন পাব পৰা কিছুমান জাত পৰীক্ষাৰ দ্বাৰা প্ৰমাণ হৈছে।

সাধাৰণতে কলৰ ৰোপণ দূৰত্ব, ইয়াৰ জাত, মাটিৰ উৰ্বতা শক্তি আৰু স্থানীয় জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰে। অসমৰ কৃষি জলবায়ুৰ বাবে জাত অনুযায়ী অনুমোদন জনোৱা কলৰ ৰোপণ দূৰত্ব তলৰ তালিকাত দিয়া হ’ল-

তালিকা নং-১: কলগছৰ উচ্চতাৰ ওপৰত ভিত্তি কৰি অনুমোদন জনোৱা ৰোপণ দূৰত্ব।

 

জাত

ৰোপণ ব্যৱধান(মিটাৰ)(পুলি*শাৰী)

প্ৰতি হেক্টৰত পুলিৰ সংখ্যা

চাপৰ জাত

১.৮*১.৮

৩০৮৬

মধ্যমীয়া ওখ জাত

২.১*২.১

২২৬৭

ওখ জাত

২.৪*২.৪

১৭৩৬

 

চাপৰ জাতৰ কলৰ খেতি এটা শস্য চক্ৰতে সীমাবদ্ধ হ’লে ইয়াৰ ৰোপণ দূৰত্ব ১.৪ মিটাৰ*১.৪ মিটাৰলৈকে কমাই গুণগতভাৱে উন্নত মানৰ ফল পাব পাৰি। তেনেদৰে মাটি কঁঠালৰ দুশাৰী ভেটি পদ্ধতিত(Double Raw System) ৩০ চে.মি.*৬০ চে.মি.*৯০ চে.মি. অৰ্থাৎ পুলিৰ ব্যৱধান ৩০ চে.মি., শাৰীৰ ব্যৱধান ৬০ চে.মি. আৰু দুটা ভেটিৰ মাজত ৯০ চে.মি. ব্যৱধানত ফলৰ গুণগত মান অটুট ৰাখি প্ৰতি হেক্টৰ মাটিত ৪৪,৪৪৪ জোপা পুলি ৰোপণ কৰি উৎপাদন বৃদ্ধি কৰিব পাৰি।

তালিকা নং ২: অসমৰ কৃষি জলবায়ুৰ বাবে অনুমোদন জনোৱা আৰু ব্যৱসায়িক চাহিদা থকা ফলমূলৰ ৰোপণ দূৰত্ব:

ফলমূলৰ নাম

ৰোপণ দূৰত্ব(মিটাৰ)

প্ৰতি হেক্টৰত পুলিৰ সংখ্যা

নেমু টেঙা

৩.০*৩.০

১১১১

কমলা টেঙা

৫.০*৫.০

৪০০

তামোল

২.৭৫*২.৭৫

১৩২২

নাৰিকল

৭.৫*৭.৫

১৭৭

লিচু

১০.০*১০.০

১০০

অমিতা

১.৮*১.৮

৩০৮৬

মধুৰি-আম

৪.০-৫.০*৪.০-৫.০

৪০০-৬২৫

কঁঠাল

১০.০-১২.০*১০.০-১২.০

৭০-১০০

 

গ)ৰোপণৰ সময় আৰু ৰোপণ পদ্ধতি:

অসমত শীতকালৰ অন্তত হোৱা দীঘলীয়া খৰং বতৰৰ পাছত মাৰ্চ-এপ্ৰিল মাহত আৰম্ভ হোৱা দুই-এজাক বৰষুণৰ পাছতে ফলমূল শস্যৰ পুলি ৰোপণ আৰম্ভ কৰিব পৰা যায়। অসমত ফলমূলৰ পুলি ৰোপণৰ উপযুক্ত সময় হৈছে ব’হাগ-জেঠ মাহ। অৱশ্যে ফলমূলৰ বাগান পাতিব খোজা ঠাইডোখৰ দ’ মাটি হ’লে আহিন-কাতি মাহত ৰোপণ কৰি উচিত। জলসিঞ্চনৰ সুবিধা থাকিলে মাটিকঁঠাল বছৰৰ যিকোনো সময়তে ৰোপণ কৰিব পাৰি যদিও ব’হাগৰ পৰা কাতি মাহলৈ মাটিকঁঠাল ৰোৱাৰ উপযুক্ত সময়।

মূল বাগানত ফলমূলৰ পুলি ৰোপণত ফল অনুযায়ী ৰোপণ

পদ্ধতিৰ ভিন্নতা দেখা যায়।

মাটিকঁঠালৰ পুলিবোৰ আগতে উল্লেখ কৰাৰ দৰে দুশাৰী ভেটি পদ্ধতিত ৰোপণ কম মাটিত অধিক পুলি ৰোপণ কৰাৰ লগতে আন্তঃপ্ৰৱেশী কৃষিকাৰ্যৰ বাবে সুবিধাজনক হয়। কলপুলি ৰোপণৰ এমাহমান আগতে নিৰ্দিষ্ট ব্যৱধানত ৪৫ চে.মি. দীঘল, ৪৫ চে.মি. বহল আৰু ৪৫ চে.মি. দ’ গাঁত খান্দি ল’ব লাগে। পুলিবোৰ ৰোপণৰ সময়ত প্ৰতিটো গাঁতত আগতে খান্দি ৰখা গুৰি মাটি আৰু ১০ কিলোগ্ৰাম পচনসাৰ বা শুকান গোবৰ ভালদৰে পোত যোৱাকৈ মাটি জাপি ভালদৰে হেঁচি দিব লাগে। পুলিৰ গুৰিত পানী জমা নহ’বৰ বাবে গাঁতৰ ওপৰভাগ কাছপিঠিয়া কৰি ৰখা উচিত। নাৰিকলৰ পুলি ৰোপণৰ এমাহৰ আগতে নিৰ্দিষ্ট দূৰত্বত ১ দীঘল, ১ মিটাৰ বহল আৰু ১ মিটাৰ দ’ গাঁত খান্দি ল’ব। গাঁতবোৰ খান্দোতেই ওপৰৰ ৩০ চে.মি. গভীৰতালৈকে থকা সাৰুৱা মাটিখিনি উলিয়াই এফালে ৰাখি তলৰ অসাৰুৱা মাটিখিনি বেলেগ ৰাখিব লাগে। সহজতে নিষ্কাশনৰ বাবে পুলিবোৰ ৰোৱাৰ সময়ত গাঁতবোৰৰ তলিত ৭.৫ চে.মি. উচ্চতালৈকে এঙাৰ বা ভঙা ইটাৰ টুকুৰা দি ল’ব লাগে। ওপৰৰ সাৰুৱা মাটিখিনিৰ লগত ২০ কিলোগ্ৰাম পচনসাৰ বা শুকান পচা গোবৰ আৰু ১০০ গ্ৰাম এলড্ৰেক্স পাউডাৰ মিহলাই তৈয়াৰ কৰা মিশ্ৰণেৰে ৬০ চে.মি.লৈকে পূৰাব লাগে। এতিয়া নাৰিকলৰ পুলিটো গাঁতৰ সোঁমাজত থিয়কৈ ৰাখি পুলিৰ লগত লাগি থকা নাৰিকলটো ঢাক খোৱাকৈ মাটি জাপি ভৰিৰে হেঁচুকি ল’ব লাগে। পুলি ৰোৱাৰ সময়ত গাঁতটোৰ একেবাৰে ওপৰত ১৫ চে.মি. অংশ মাটিৰে নুপুতি খালীকৈ বাৰিষা গুৰিত পানী জমা হ’ব নোৱৰাকৈ ধেনুভিৰীয়া কৰি ৰাখিব লাগে।

তামোলৰ পুলি ৰোপণৰ বাবে এমাহমান আগতে ৯০ চে.মি.*৯০ চে.মি*৯০ চে.মি দীঘল, বহল আৰু দ’ গাঁত খান্দি লৈ নাৰিকলৰ পুলি ৰোপণৰ দৰেই তামোলৰ পুলি ৰোপণ কৰিব লাগে। নেমুটেঙাৰ পুলি ৰোপণৰ বাবে বাৰিষাৰ আগে আগে নিৰ্দিষ্ট দূৰত্বত ৫০ চে.মি.*৫০ চে.মি*৫০ চে.মি. আকাৰত গাঁতবোৰ খান্দি লৈ ১:১ অনুপাতত মাটি আৰু পচনসাৰ মিহলাই তৈয়াৰ পৰা মিশ্ৰণেৰে গাঁতবোৰ পূৰাণ ল’ব লাগে। গাঁৱৰ মাটিখিনি ভালদৰে বহাৰ পাছত পুলিবোৰ ৰোপণ কৰিব লাগে। অমিতাৰ পুলি ৰোপণৰ বাবে ৪৫ চে.মি. দীঘল, ৪৫ চে.মি. বহল আৰু ৪৫ চে.মি. দ’ গাঁতবোৰ তিনিভাগ ওপৰৰ খন্দা মাটি আৰু ১ ভাগ শুকান গোবৰ বা পচনসাৰ মিহলাই প্ৰস্তুত কৰা মিশ্ৰণেৰে পূৰাই ল’ব লাগে। এনেদৰে প্ৰস্তুত কৰা প্ৰতিটো গাঁতত একলিংগী সঁচৰ ৩-৪টা পুলি আৰু উভয়লিংগী সঁচৰ এটাকৈ পুলি ৰোপণ কৰিব লাগে। আম, মধুৰি-আম, লিচু, কঁঠাল আদি পুলি ৰোপণৰ আগতে গাঁতবোৰ ওপৰৰ সাৰুৱা খন্দা মাটি আৰু পচনসাৰ মিহলাই পূৰাই ল’ব লাগে। পুলিবোৰ গাঁতৰ সোঁমাজত থিয়কৈ ৰোপণ কৰিব লাগে।

ঘ)সাৰ প্ৰয়োগ:

সঠিক সময়ত উচিত মাত্ৰাত সাৰ প্ৰয়োগ কৰি ফলৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে গুণাগুণভাৱে উন্নত মানৰ ফল চপাব  পৰা যায়। কল আৰু মাটিকঁঠালৰ বাদে বাকীবোৰ ফলমূলৰ খেতিত ৰোপণৰ এবছৰৰ পৰা গছৰ বয়স অনুযায়ী অনুমোদিত পৰিমাণৰ সাৰখিনি সমানে দুভাগ কৰি বছৰত দুবাৰ, অৰ্থাৎ চ’ত-ব’হাগ আৰু আহিন-কাতি মাহত প্ৰয়োগ কৰা আৱশ্যক। তামোল গছত সাৰ প্ৰয়োগ কৰোঁতে গছৰ গুৰিৰ পৰা ৫০-৬০ চে.মি. দূৰত্বৰ ব্যাসাৰ্ধত পাতলীয়া নলা খান্দি সাৰখিনি প্ৰয়োগ কৰি শুকান পচা গোবৰ আৰু মাটিৰে ঢাকি দিব লাগে। একেদৰে নাৰিকলৰ ক্ষেত্ৰত প্ৰথম ২-৩ বছৰলৈকে সাৰ প্ৰয়োগ কৰোঁতে তামোলৰ দৰেই একে ব্যাসাৰ্ধত নলা খান্দি সাৰখিনি প্ৰয়োগ কৰা উচিত। গছৰ বয়স বাঢ়ি যোৱাৰ লগে লগে গছৰ চাৰিওফালৰ নলাৰ ব্যাসাৰ্ধ বৃদ্ধি কৰি ১০০ চে.মি. আৰু ৫ বছৰৰ ওপৰৰ গছত গুৰিৰ পৰা ১৫০ চে.মি দূৰত্বত নলা খান্দি সাৰ প্ৰয়োগ কৰিব লাগে। আম, কঁঠাল, লিচু, মধুৰি-আম আদি ফলত সাৰ প্ৰয়োগ কৰোঁতে গছজোপা ফলৱতী হোৱাৰ আগলৈকে গছৰ গুৰিৰ পৰা ২০০-২৫০ চে.মি. আঁতৰত চাৰিওফালে নলা  খান্দি সাৰখিনি গোবৰ, পচনসাৰ বা কেঁচুসাৰৰ লগত মিহলাই সমভাৱে প্ৰয়োগ কৰি মাটিৰে ঢাকি দিব লাগে। টেমুটেঙা আৰু কমলাটেঙাত সাৰ প্ৰয়োগ কৰোঁতে গছজোপাৰ ডালে-পাতে আৱৰি থকা অংশৰ মাটিখিনিত পাতলীয়াকৈ কোৰ মাৰি অনুমোদিত পৰিমাণৰ মাটিৰ লগত মিহলাই দিব লাগে। মাটিকঁঠালৰ ক্ষেত্ৰত মাটিডোখৰ শেষৰবাৰ চাহ কৰা সময়ত অনুমোদিত পৰিমাণৰ ইউৰিয়া সাৰৰ অৰ্ধাংশ আৰু ছুপাৰ ফছফেট, মিউৰেট অৱ পটাছ, আৰু গোবৰ বা পচনসাৰৰ সমুদায় পৰিমাণ প্ৰয়োগ কৰি মাটিত মিহলাই ল’ব লাগে। বাকী লথকা ইউৰিয়া সাৰখিনি ৰোপণৰ ৰোপণৰ দুমাহ পাছৰ পৰা প্ৰতি দুমাহৰ অন্তৰে অন্তৰে ৪৫০ গ্ৰাম পৰিমান ১০ লিটাৰ পানীত মিহলাই মুঠ ৬ বাৰ গছৰ পাতত স্প্ৰে’ কৰিব লাগে। এই পৰিমাণ ২০০ জোপা মাটিকঁঠাল গছত প্ৰয়োগ কৰিবলৈ উপযুক্ত। প্ৰথমবাৰ ফল চপোৱাৰ পাছত মূঢ়া শস্যৰ পৰা কৰা খেতিত প্ৰতিজোপা গছৰ বাবে ১০ গ্ৰাম ইউৰিয়া, ৫ গ্ৰাম একক ছুপাৰ ফছফেট আৰু ৮ গ্ৰাম মিউৰেট অৱ পটাছ সাৰ শুকান গোবৰ বা পচনসাৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। কলৰ পুলি ৰোপণৰ সময়ত প্ৰতিটো গাঁতত ১০ কেজিলৈ সাৰ প্ৰয়োগ কৰিব লাগে। ৰোপণৰ ৩ আৰু ৫ মাহত কদুবাৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগে। প্ৰথমবাৰ সাৰ প্ৰয়োগ কৰোঁতে  গছৰ গুৰিৰ পৰা ৩০-৪৫ চে.মি. আঁতৰত চাৰিওফালে ১৫-২০ চে.মি. বহল আৰু ১০ চে.মি. দ’ নলা খান্দি ইউৰিয়া আৰু পটাছ সাৰৰ আধাভাগ আৰু সমুদায় ছুপাৰ ফছফেট সাৰ প্ৰয়োগ কৰি মাটিৰে ঢাকি দিব লাগে। বাকী থকা ইউৰিয়া আৰু পটাছ সাৰখিনি পুনৰ দুমাহৰ পাছত গছৰ গুৰিৰ পৰা ৬০-৯০ চে.মি. আঁতৰত আগৰ বাৰৰ দৰে নলা কৰি প্ৰয়োগ কৰিব লাগে। অমিতাৰ পুলি ৰোপণৰ দুমাহ পাছত প্ৰথমবাৰ আৰু পুষ্পধাৰণৰ আগত বা পুষ্পধাৰণৰ সময়ত দ্বিতীয়বাৰ সাৰ প্ৰয়োগ কৰা হয়। সমূদায় সাৰখিনি সমানে দুভাগ কৰি গোবৰ বা পচনসাৰৰ লগত মিহলাই প্ৰথমবাৰ গছৰ গুৰিৰ পৰা ৩০ চে.মি. আঁতৰত আৰু দ্বিতীয়বাৰ ৬০ চে.মি. আঁতৰত পাতলীয়াকৈ নলা কৰি প্ৰয়োগ কৰি মাটিৰে ঢাকি দিব লাগে।

গছক গঢ় দিয়া, ডাল-পাত কটা আৰু পোখা-পুলি অপসাৰণ -

আম, মধুৰি-আম, লিচু, নেমুটেঙা, কমলাটেঙা আদি কফলমূলৰ প্ৰকৃতি বৃদ্ধি আৰু বিকাশৰ দ্বাৰা উৎপাদন বৃদ্ধিৰ লগতে গুনগত মানৰ ফল উৎপাদনৰ বাবে গছক গঢ় দিয়া আৰু অলাগতিয়াল ডাল-পাতসমূহ কৰ্তন কৰা আৱশ্যক।  গছজোপা দৃঢ় আৰু সবল কৰি ৰাখিবৰ বাবে বৃদ্ধিৰ প্ৰথম পৰ্যায়ৰ বছৰকেইটাত এক নিৰ্দিষ্ট উচ্চতালৈকে মূল গা-গছৰ পৰা ওলোৱা ডালবোৰ কাটি পেলাব লাগে। গছৰ বৃদ্ধিৰ পৰৱৰ্তী পৰ্যায়ত আৰু ফলৱতী গছবোৰত বছৰেকত এবাৰ শুকান ডাল, ৰোগাক্ৰান্ত ডাল, অনিষ্টকাৰী পোকৰ দৰে আক্ৰান্ত ডাল আৰু অনাৱশ্যকভাৱে বৃদ্ধি পোৱা ডাল-পাতবোৰ আঁতৰাই পেলোৱা উচিত। সাধাৰণতে নেমু, কমলাটেঙা আদি নেমুজাতীয় ফলত মাটিৰ পৰা কমেও ৬০ চে.মি. উচ্চতালৈকে গা-গছৰ পৰা ওলোৱা ডলবোৰ আঁতৰাই মূল গা-গছডালক দৃঢ় আৰু সবল কৰি গঢ়ি তুলিব লাগে। উপযুক্ত উচ্চতাৰ ওপৰত গছজোপাৰ চাৰিওফালে সমভাৱে বিস্তৰিত হোৱাকৈ ৪-৫ টা মাত্ৰ ডাল কিছুমান ওলাই অহা দেখা যায়। এই ডাল-পাতবোৰক জলশোহক(Water Sucker) বোলা হয়। জলশোহকবোৰে আৱশ্যকীয় পানী আৰু পোষক মৌলবোৰ আহৰণ কৰি মূল ফলধাৰণ কৰা ডাল-পাতবোৰলৈ খাদ্য আৰু পানীৰ যোগানত ব্যাঘাত জন্মায়। ফল উৎপাদনকাৰী ডালবোৰ দুৰ্বল আৰু নিশকতীয়া হৈ পৰাৰ  ফলত উৎপাদন হ্ৰাস পায়। সেয়েহে নেমুজাতীয় ফলৰ উৎপাদন বৃদ্ধিৰ লগতে গুনগত মানৰ ফল পাবৰ বাবে সময়ে সময়ে বাঢ়ি অহা জলশোহকবোৰ কাটি আঁতৰাই দিব লাগে।

কল আৰু মাটিকঁঠালৰ মাতৃ গছজোপাৰ গুৰিৰ পৰা পোখা পুলিবোৰ ওলাই আহে। এই পোখা পুলিবোৰে আহাৰ আৰু পানীৰ বাবে মাতৃ গছজোপাৰ লগত প্ৰতিযোগিতা কৰিবলগা হোৱাৰ ফলত মাতৃ গছ আৰু পোখা-পুলি উভয়ে দুৰ্বল আৰু নিশকতীয়া হয়। সেয়েহে কলৰ ডিল নোলোৱালৈকে আৰু মাটিকঁঠালৰ ফল চপোৱাৰ আগলৈকে ওলোৱা সকলোবোৰ পোখা পুলি আঁতৰাই দিয়াটোৱে শ্ৰেয়। কলৰ ডিল ওলোৱা আৰু মাটিকঁঠাল চপোৱাৰ পাছত এটাই মাত্ৰ স্বাস্থ্যৱান পোখা-পুলি বাঢ়িবলৈ দি বাকীখিনি আঁতৰাই পেলোৱা উচিত। আঁতৰাই দিবলগীয়া সবল পোখা-পুলিবোৰ নিৰ্বাচন কৰি লৈ ৰোপণ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিব পাৰি।

তালিকা নং-৩: অসমৰ কৃষি জলবায়ুত বিভিন্ন ফলমূলৰ খেতিৰ বাবে প্ৰতিজোপা গছত অনুমোদন জনোৱা সাৰৰ পৰিমাণ:

গছৰ বয়স

গোবৰ বা পচনসাৰ(কেজি)

ইউৰিয়া(গ্ৰাম)

একক ছুপাৰ ফছফেট(গ্ৰাম)

মিউৰিয়েট অৱ ফছফেট(গ্ৰাম)

ব’ৰাক্স(গ্ৰাম)

নাৰিকল

এবছৰীয়া গছ

৩০০

৫০০

৩৫০

২৫

দুবছৰীয়া গছ

৬০০

১০০০

৭০০

২৫

তিনিবছৰীয়া গছ

১০

৯০০

১৫০০

১০৫০

২৫

চাৰিবছৰীয়া গছ

১০

১২০০

২০০০

১৪০০

২৫

পাঁচবছৰীয়া আৰু ওপৰৰ বয়সৰ

১৫

১৫০০

২৫০০

১৭৫০

২৫

তামোল

এবছৰীয়া গছ

৬০

১০০

৮০

 

দুবছৰীয়া গছ

১০

১২০

২০০

১৬০

 

তিনিবছৰীয়া ওপৰৰ বয়সৰ

১০

২২৫

২৫০

২৭৫

২৫

লিচু

দহ বছৰলৈকে

১০-১৫

১২৫

২০০

৫০

 

দহ বছৰৰ পাছত

১৫-২০

১০০০

২০০০

৫০০

 

মধুৰি-আম

ছয় বছৰলৈকে

৫-১৫

১৫০

৫০০

১০০

 

ছয় বছৰৰ পাছত

১৫-২০

৫০০

১৫০০

৮০০

 

আম

ফল ধৰাৰ আগলৈকে

১০-১৫

১৫০

১২০

১০০

 

ফুল লগা গছ

২০-২৫

১৫০০

১২০০

১০০০

 

চল্লিছ  বছৰৰ পাছত

৪০-৫০

২২০০

৩০০০

১৬০০০

 

কঁঠাল

ফলৱতী গছত

২০-৩০

৫০০

১০০০

১২০০

 

নেমু

এবছৰীয়া গছ

৩৩০

৬২৫

২৫০

 

দুবছৰীয়া গছ

১০

৬৬০

১২৫০

৫০০

 

তিনিবছৰীয়া গছ

১৫

৯৯০

১৮৭৫

৬৫০

 

চাৰিবছৰীয়া বা ওপৰৰ বয়সৰ

২০

১৩২০

২৫০০

১০০০

 

কমলাটেঙা

এবছৰীয়া গছ

-

-

-

-

 

দুবছৰীয়া গছ

৩৩০

৭৫০

১৭০

 

তিনিবছৰীয়া গছ

১০

৬৬০

১৫০০

৩৪০

 

চাৰিবছৰীয়া গছ

১৫

৯৯০

২২০০

৫১০

 

পাঁচ বছৰীয়া গছ

২০

১৩২০

৩০০০

৬৮০

 

ছবছৰীয়া বা ওপৰৰ

২৫

১৬০০

৩৭০০

৮৫০

 

অমিতা

ৰোপণৰ দুমাহ পাছত (গোবৰৰ লগত মিহলাই)

-

৫৫০

১৫০০

৪০০

 

ফুল ফুলাৰ আগতে

-

৫৫০

১৫০০

৪০০

 

কল

তিনি মাহত

১০

১২০

২১০

২৭৫

 

পাঁচ মাহত

-

১২০

-

২৭৫

 

মাটিকঁঠাল

২০ কুইন্টল প্ৰতি বিঘাত

২৬

১২.৫

২০

 

 

অন্তৰ্ৱতী শস্য আৰু সেউজ সাৰৰ ব্যৱহাৰ -

ব্যৱসায়িক ভিত্তিত প্ৰতিষ্ঠা কৰা ফলমূলৰ বাগান এখনত অন্তৰ্ৱতী শস্য হিচাপে আদা, হালধি, বিভিন্ন শাক-চাপলি, মাহজাতীয় শস্য , তিল, সৰিয়হ আদিৰ খেতি কৰি আৰ্থিকভাৱে লাভৱান হোৱাৰ লগতে মূল ফলমূল শস্যৰ বাগান শসয়সমূহৰ পৰিচৰ্যাৰ লগতে মূল ফলমূলখিনিয়েও উন্নত পৰিচৰ্যা পাই লহপহকৈ বাঢ়ি আহে, মাটিৰ স্বাস্থ্য অটুট থাকে আৰু মাহজাতীয় শস্যৰ খেতি কৰা বাবে মাটিৰ উৰ্বৰতা বৃদ্ধি পায়। ফলমূলৰ বাগানত ফল ধৰিবলৈ আৰম্ভ হোৱাৰ পাছত লাহে লাহে অন্তৰ্ৱতী শস্যৰ খেতি হ্ৰাস কৰিব লাগে আৰু বাগানৰ মাজৰ ঠাইখিনিত সেউজ সাৰৰ খেতি মাটিৰ গুণাগুণ আৰু উৰ্বৰা শক্তি অটুট ৰখাৰ ব্যৱস্থা ল’ব লাগে। ফলমূল বাগানৰ মাজৰ খালী ঠাইখিনিত কিছুমান মাহজাতীয় শস্য, যেনে- মাটিমাহ, মগুমাহ, লেচেৰামাহ, মেদেলুৱা, ধেইনচা আদিৰ বীজ সিঁচি ফুল ফুলাৰ আগে আগে হাল বাই মাটিৰ লগত মিহলাই পচিব দি মাটগিডৰাত সেউজ সাৰ যোগান ধৰা হয়।

শস্য চক্ৰ:

মাটিকঁঠাল আৰু কলৰ খেতিৰ পৰা অধিক উৎপাদন আৰু গুণগুত মানৰ ফল চপাবলৈ হ’লে প্ৰথমবাৰ ৰোপণ কৰা মূল শস্য(মাতৃ গছ) চপোৱাৰ পাছত পাত্ৰত মাত্ৰ দুটা শস্য চক্ৰৰ বাবে মুঢ়া শস্যৰ খেতি কৰা উচিত। একেডৰে মাটিতে তিনিটাতকৈ বেছি শস্য চক্ৰৰ খেতি কৰিলে উৎপাদন হ্ৰাস পোৱাৰ লগতে ফলৰ গুনগত মানো নিম্নগামী হয় আৰু বেমাৰ, পোক-পৰুৱাৰ আক্ৰমণ বৃদ্ধি পায়। অৱশ্যে কাচকলৰ খেতিত পাঁচটা শস্য চক্ৰলৈকে মূঢ়া শস্যৰ খেতি কৰিব পাৰি। এনেদৰে অমিতাৰ পুলি ৰোপণৰ প্ৰথম দুবছলৈকে ভাল উৎপাদন পোৱা যায় যদিও তৃতীয় বছৰৰ পৰা উৎপাদন হ্ৰাস পোৱাৰ লগতে ফলৰ গুণগত মানো নিম্নগামী হয়। সেয়েহে তিনি বছৰৰ পাছত পুনৰ পুলি ৰোপণ কৰি অমিতাৰ খেতি কৰা উচিত।

ফলমূল শস্যৰ আনুষংগিক বিসংগতি -

ক)নাৰিকলৰ অপৈণত অৱস্থাত গুটি সৰা:

অসমৰ কৃষকৰ বাৰীত নাৰিকলৰ অপৈণত অৱস্থাত গুটি সৰা এটা প্ৰধান সমস্যা। মাটিত সাৰৰ অভাৱ, স্ত্ৰী পুষ্পত গৰ্ভধাৰণত ব্যাঘাত, প্ৰতিকূল পৰিৱেশ, যেনে- অত্যধিক বৰষুণ, খৰাং বতৰ, ফল আৰু ফল ধাৰণ কৰা ঠাৰিৰ সংযোগস্থলত বৃদ্ধিৰোধক হৰম’ন এবাইছিক এচিডৰ পৰিমাণ বৃদ্ধি আৰু ৰোগ আৰু পোকৰ আক্ৰমণ আদি বিভিন্ন কাৰণৰ অপৈণত অৱস্থাত ফল সৰা সমস্যাই দেখা দিয়ে যদিও খাদ্যৰ অভাৱেইব হ’ল অপৈণত অৱস্থাত ফল সৰাৰ প্ৰধান কাৰণ। উপযুক্ত সময়ত অনুমোদিত পৰিমাণৰ সাৰ প্ৰয়োগ কৰি অপৈণত অৱস্থাত ফল সৰাৰ সমস্যা বহুলাংশে ৰোধ কৰিব পাৰি। সাধাৰণতে নাইট্ৰ’জেন, পটাছ আৰু ব’ৰণৰ অভাৱত অকালতে গছৰ পৰা ফল সৰি পৰে। অতি খৰাংশ বতৰ নতুবা বহুদিনলৈকে গছৰ গুৰিত পানী জমা হৈ থাকিলেও অপৈণত অৱস্থাত ফল সৰি পৰে।  তদুপৰি দীঘলীয়া খৰাং বতৰত প্ৰতি সপ্তাহৰ মূৰে মূৰে গছৰ গুৰিত পানী যোগানৰ ব্যৱস্থা কৰিব লাগে। তদুপৰি প্ৰতিকূল অৱস্থাত ঠাৰি দুৰ্বল হৈ ফলবোৰ ধৰি ৰাখিব নোৱৰা অৱস্থা হয় আৰু ফল সৰি পৰে। এনে অৱস্থাত গৰ্ভধাৰণৰ পাছত ৬০ পি.পি.এম. ২, ৪-ডি নামৰ হৰমনৰ মিশ্ৰণ থোকটোত প্ৰতি সপ্তাহত এবাৰকৈ এমাহ প্ৰয়োগ কৰিব লাগে। ১০ পি.পি.এম প্লেনফিক্স নামৰ হৰম’নৰ মিশ্ৰণ ফুলৰ থোকটোত গৰ্ভধাৰণৰ আগত এবাৰ আৰু পাছত এবাৰ প্ৰয়োগ কৰিও কলি অৱস্থাত নাৰিকল সৰা কমাব পাৰি।

খ)নাৰিকল ধেনা হোৱা:

কেতিয়াবা কিছুমান গছত ধেনা নাৰিকলৰ থোক উলমি থকা দেখা যায়। এই নাৰিকলবোৰ সাধাৰণতে শাহবিহীন হয়। কেতিয়াবা কিছুমান নাৰিকলত শাহটো থাকে যদিও ইয়াৰ পূৰ্ণাংগ বৃদ্ধি নহয় আৰু শাহটো পচিবলৈ ধৰা দেখা যায়। নাৰিকল ধেনা হোৱাৰ কাৰণ বহুতো যদিও গছত খাদ্যৰ অভাৱেই ইয়াৰ প্ৰধান কাৰণ। পটাছ আৰু ব’ৰণ নামৰ মৌলৰ অভাৱত গছৰ ধেনা নাৰিকলৰ সংখ্যা বাঢ়ি যায়। যিবিলাক গছত নিয়মীয়াকৈ সাৰ আৰু পানীৰ যোগান ধৰা হয় সেইবোৰত সাধাৰণতে ধেনা নাৰিকল হোৱা দেখা নাযায়, কিয়নো ফলত শাহ গঠনৰ বাবে নাৰিকল গছক পটাছ আৰু ব’ৰণৰ আৱশ্যক হয়। এই দুবিধ পোষক মৌলৰ অভাৱত ধেনা ফল উৎপন্ন হয়।  ধেনা নাৰিকল উৎপন্ন হোৱা গছবোৰত অনুমোদিত পৰিমাণতকৈ কিছু বেছি সাৰ প্ৰয়োগ কৰিব লাগে। তদুপৰি বাৰিষা গছৰ গুৰিত পানী জমা হ’বলৈ দিব নালাগে আৰু শুকান বতৰত পানী যোগান ধৰিব লাগে।

গ)নাৰিকলৰ মুকুট বন্ধন(Crown rot):

অসমত সচৰাচৰ হোৱা ৰোগসমূহৰ ভিতৰত মুকুট বন্ধন ৰোগেই নাৰিকলৰ খেতিত আটাইতকৈ বেছি। প্ৰকৃততে মুকুট বন্ধন নাৰিকলৰ ৰোগ নহয়, খাদ্যৰ অভাৱত হোৱা একপ্ৰকাৰৰ শৰীৰ ক্ৰিয়াত্মক বিকাৰহে। ব’ৰণ নামৰ এক সূক্ষ্ম মৌলৰ অভাৱত এই বিকাৰে দেখা দিয়ে। সাধাৰণতে ৩-৬ বছৰীয়া নাৰিকল গছত এই ৰোগৰ আক্ৰমণ বেছিকৈ পৰিলক্ষিত হয়। এই ৰোগত আক্ৰান্ত হ’লে নতুনকৈ ওলোৱা পাতবোৰ চুটি হৈ আহে, মেটুৰা-মেটুৰী হয়, মেল নাখায়  আৰু শুকাই যাবলৈ ধৰে। ঠাৰিডালত লাহে লাহে উপ-পাতৰ সংখ্যা কমি যায়, পাতৰ ঠাৰিডাল চুটি হ’বলৈ ধৰে আৰু অৱশেষত পাতবিহীন আধাপোৰা ঠাৰিৰ নিচিনাহে দেখা যায়। মুকুটৰ তলত থকা পুৰণা পাতবোৰ সাধাৰণতে স্বাভাৱিক অৱস্থাত থাকে। বেমাৰৰ লক্ষণ পৰিলক্ষিত হোৱা ২-৩ বছৰৰ ভিতৰত গছজোপা মৰি যায়। ৰোগৰ লক্ষণ দেখাৰ লগে লগে আক্ৰান্ত গছজোপাৰ প্ৰায় ১-১.৫ মিটাৰ দূৰত্বত ৩০ চে.মি. বহল আৰু ১০ চে.মি. দ’ গাঁত কৰি প্ৰতিজোপা গছত ২৫ গ্ৰাম হিচাপে ব’ৰাক্স সাৰ প্ৰয়োগ কৰিব লাগে। প্ৰথমবাৰ প্ৰয়োগ কৰাৰ এমাহৰ পাছত পুনৰ ২৫ গ্ৰাম একেদৰে প্ৰয়োগ কৰিব লাগে।

ঘ)তামোল ফুলা আৰু তামোল ফটা:

তামোল ফুলা আৰু তামোল ফটা কোনো ৰোগৰ কাৰণে নহয়। ই একপ্ৰকাৰ আনুষংগিক বিসংগতি। সাধাৰনতে তামোল গছৰ প্ৰথম থোকবোৰত ফুলা তামোল বেছিকৈ পোৱা যায়। অসমত সাধাৰণতে পুহ –মাঘ-ফাগুন মাহত বৰষুণ নোহোৱা বা অতি কম বৰষুণ হোৱাৰ ফলত একপ্ৰকাৰৰ খৰাং পৰিস্থিতিৰ সৃষ্টি হয়। সেয়েহে প্ৰথমে ওলোৱা তামোলৰ থোকবোৰ পূৰঠ হ’বৰ সময়ত গছবোৰত পানীৰ অভাৱ হয়। বহুদিন পানীৰ অভাৱত ভোগাৰ ফলত বৰষুণজাক অহাৰ পাছতে গছজোপাই শোষণ কৰা পানীৰ এটা ভাগ শাহ অংশত জমা হোৱাৰ ফলত ফুলা তামোলৰ বিসংগতিয়ে দেখা দিয়ে। এনে বিসংগতি ৰোধ কৰিবৰ কাৰণে খৰাং বতৰত তামোলৰ গুৰিত মাটি ঢাকনি যেনে- গছৰ পাত, ধানখেৰ, ধানৰ নৰা আদি ব্যৱহাৰ কৰি নিয়মিতভাৱে পানী যোগান ধৰিব লাগে। মাটি ঢাকনি হিচাপে ব্যৱহাৰ কৰা পাত নৰা আদি পচি গৈ মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে।

গছৰ থোকত তামোলবোৰ পূৰঠ হোৱাৰ সময়ত বা পূৰঠ হোৱাৰ আগে আগে কেতিয়াবা তামোলবোৰ হালধীয়া পৰি ফাটিব ধৰে, আনকি শাহ অংশ ফাটি বাহিৰলৈ ওলাই অহাও দেখা যায়। বাৰিষা গছৰ গুৰিত পানী জমা হোৱা, খাদ্যৰ অভাৱ, প্ৰধানকৈ ব’ৰণ আৰু পটাছ সাৰৰ অভাৱৰ বাবে তামোল ফাটিব পাৰে। ২ গ্ৰাম ব’ৰাক্স এক লিটাৰ পানীত মিহলাই প্ৰতিজোপা তামোল গছত প্ৰয়োগ কৰি তামোল ফুলা আৰু তামোল ফটা নিয়ন্ত্ৰণ কৰিব পাৰি।

ঙ)তামোলৰ আগ জোঙা হোৱা:

কেতিয়াবা তামোল গছৰ আগলি অংশ চুটি, চিঞাপৰা বিধৰ হৈ লাহে লাহে কাঠপেঞ্চিলৰ আগটোৰ দৰে জোঙা হৈ পৰে। বাৰিষা গছৰ গুৰিত পানী জমা হোৱা, গছজোপাই নাইট্ৰ’জেন সাৰৰ অভাৱত ভোগা আদি বিভিন্ন কাৰণত এনে বিসংগতিৰ লশণ প্ৰকাশ। ইয়াৰ প্ৰতিকাৰৰ বাবে বাৰিষাকালত তামোল বাগানৰ পৰা পানী নিষ্কাশনৰ সু-ব্যৱস্থা কৰাৰ লগতে প্ৰতিবছৰে অনুমোদিত পৰিমাণৰ সাৰ প্ৰয়োগ কৰিব লাগে (সাৰ প্ৰয়োগ চাওক)।

চ)লিচুৰ গছত ফুল নুফুলা আৰু ফল ফাটি যোৱা:

কেতিয়াবা দেখা যায় যে লহপহকৈ বাঢ়ি অহা স্বাস্থ্যৱান লিচুৰ গছজোপাত ফুলধাৰণ নকৰে বা অতি কমকৈ ফুল ধৰে। গছজোপাত ফছফৰাছ আৰু মেগনেছিয়া ছালফেট প্ৰয়োগ কৰিলে গছজোপা ফুলধাৰণক্ষম হয়। তদুপৰি কেতিয়াবা পূৰঠ হ’বলৈ ধৰা অৱস্থাত ফলবোৰ সৰি পৰে আৰু গছত থকা ফলবোৰ ফাটি যায়। গছত পটাছ আৰু ব’ৰণ সাৰৰ অভাৱ, অতি উচ্চ উষ্ণতা, বায়ুমণ্ডলত জলীয় ভাপ কমি যোৱা, অত্যধিক বৰষুণ নতুবা মাটিৰ আৰ্দ্ৰতা কমি যোৱা আদি বিভিন্ন কাৰকৰ বাবে পূৰঠ অৱস্থাত ফলবোৰ ফাটিব পাৰে। প্ৰতিকাৰ হিচাপে প্ৰতিবছৰে প্ৰয়োগ কৰিবলগীয়া সাৰৰ লগত প্ৰতিজোপা গছত ১০০ গ্ৰামকৈ ব’ৰাক্স সাৰ প্ৰয়োগ কৰাৰ লগতে আৱশ্যক অনুযায়ী জলসিঞ্চন কৰি মাটিৰ আৰ্দ্ৰতা সমভাৱে ৰখাৰ ব্যৱস্থা ল’ব লাগে। তদুঅপ্ৰি ফলৰ বিকাশপ্ৰাপ্ত অৱস্থাত ৪০ পি.পি.এম গাঢ়তাৰ জিবাৰেলিক এচিড নতুবা ১০ পি.পি.এম গাঢ়তাৰ ইথেফন নামৰ হৰম’ন স্প্ৰে’ কৰি লিচুৰ ফল ফটা বিকাৰ ৰোধ কৰিব পাৰি।

ছ)মাটিকঁঠালৰ অনিয়মিত পুষ্পধাৰণ:

নিয়মিত ফুলধাৰণ মাটিকঁঠাল খেতিৰ এটা প্ৰধান সমস্যা। সাধাৰণতে চ’ত-বহাগ আৰু আহাৰ-শাওণ মাহত মাটিকঁঠালৰ ফুলধাৰণ কৰে যদিও কেতিয়াবা বছৰৰ অন্যান্য ঋতুতো অনিয়মিতভাৱে ফুল ফুলা দেখা যায়। পুষ্পধাৰণ কৰা প্ৰধান ঋতুসমূহত প্ৰায় ৫০%-৬০% গছতহে একে সময়তে ফুলধাৰণ হয় আৰু বাকীবোৰ গছত অসময়ত ফুল ফুলে। মাটিকঁঠালৰ খেতিত নিয়মিত পুষ্পধাৰণৰ দ্বাৰা গুনগত মানৰ ফল উৎপাদনৰ বাবে নিম্নোক্ত ব্যৱস্থাসমূহ লোৱা আৱশ্যক।

১)গছত ফুল ফুলাৰ এমাহ আগতে ইথ্ৰেন নামৰ হৰম’নৰ ১০০ পি.পি.এম. গাঢ়তাৰ দ্ৰৱণৰ ২০-৩০ মি.লি. পৰিমাণ গছৰ কোঁহত ঢালি দিব লাগে।

২)১০ পি.পি.এম. ইথ্ৰেলৰ লগত ২% ইউৰিয়া আৰু ৪% কেলচিয়াম কাৰ্বনেট(চুন) নতুবা ছডিয়াম কাৰ্বনেট মিহলাই প্ৰস্তুত কৰা মিশ্ৰণৰ ২৫-৩০ মি.লি. পৰিমাণ আগৰ দৰেই গছৰ কোঁহত প্ৰয়োগ কৰিব লাগে।

৩)ফুল ফুলাৰ দুমাহ আগতে প্ৰতিজোপা গছৰ কোঁহত ১ গ্ৰামকৈ কেলচিয়াম কাৰ্বাইড প্ৰয়োগ কৰিও মাটিকঁঠালত নিয়মিত পুষ্পধাৰণ কৰাব পাৰি।

জ)নেমু টেঙা আৰু সুমথিৰা টেঙাৰ ফল সৰা:

কাজি নেমু, গোল নেমু, সুমথিৰা টেঙাৰ গছত ফল ধাৰণ কৰাৰ পৰা ফল পূৰঠ হোৱালৈকে বিভিন্ন সময়ত বিভিন্ন কাৰণত ফলবোৰ পৰাৰ ফলত কৃষকে ইপসিত উৎপাদন লাভ কৰিব নোৱাৰে। টেঙাখেতিত ফল সৰি পৰাৰ প্ৰধান কাৰণসমূহ হ’ল- গছত খাদ্যৰ অভাৱ, বাৰিষা গছৰ গুৰিত পানী জমা হোৱা, খৰাং বতৰত বাগিচাৰ মাটিত জীপ নথকা, ঠাৰি আৰু ফলৰ সংযোগ স্থূলত হোৱা ভেঁকুৰৰ আক্ৰমণ আৰু গছত হৰমনৰ অভাৱ আদি। টেঙা খেতিৰ এনে ব্যাধি বা কেৰোণ ৰোধ কৰি উৎপাদন বৃদ্ধিৰ বাবে সঠিক সময়ত গছৰ বয়স অনুযায়ী অনুমোদিত পৰিমাণৰ সাৰ প্ৰয়োগ কৰাৰ লগতে বাৰিষাকালত বাগিচাখনৰ পৰা অতিৰিক্ত পানী ওলাই যাব পৰাকৈ বাগিচাৰ মাজে মাজে নলাৰ ব্যৱস্থা কৰিব লাগে। খৰাং বতৰত মাটিৰ জীপ ৰাখিবৰ বাবে নিয়মীয়াকৈ জলসিঞ্চন কৰা আৱশ্যক। বাৰিষাৰ আগে আগে আৰু বাৰিষাৰ পাছত এবাৰকৈ ১% শক্তিৰ বৰড’ মিশ্ৰণ স্প্ৰে’ কৰি ভেঁকুৰৰ আক্ৰমণ ৰোধ কৰিব লাগে। প্লেন’ফিক্স নামৰ হৰম’নৰ ১০-২০ পি.পি.এম. গাঢ়তাৰ মিশ্ৰণ ফুল ফুলাৰ সময়ত আৰু ফল-ফুলাৰ এমাহৰ পাছত স্প্ৰে’ কৰি হৰম’নৰ বিসংগতিৰ ফলত হোৱা ফল সৰা ব্যাধি ৰোধ কৰিব পাৰি।

ঝ)আমৰ ফল ক’লা পৰা:

আমৰ এই বিকাৰৰ ফলত কুমলীয়া অৱস্থাতে ফলত আগ অংশ ক’লা পৰি যায় আৰু ফলবোৰ পূৰঠ হোৱাৰ আগতে হালধীয়া হৈ সৰি পৰে। ইটা ভাটাৰ ওচৰত থকা আমৰ বাগানত ভাটাৰ ধোঁৱাৰ লগত ওলোৱা কাৰ্বনডাই অক্সাইড, ছালফাৰডাই অক্সাইড, এচিটিলিন আদি গেছৰ ধোঁৱাৰ বাবে এই বিসংগতিয়ে দেখা দিয়ে। সেয়েহে আমৰ বাগান ইটা ভাটাৰ পৰা কমেও ১.৬ কিলোমিটাৰ আঁতৰত হ’ব লাগে। তদুপৰি ভাটাৰ চিমনিৰ উচ্চতা ১৮ ফুটতকৈ বেছি হোৱা উচিত। তদুপৰি গছজোপাত ফুল ফুলাৰ আগে আগে আৰু পুষ্প আৰু ফল ধাৰণ কৰাৰ সময়ত একোবাৰকৈ ০.৫% গাঢ়তাৰ ব’ৰাক্স সাৰ স্প্ৰে’ কৰি এনে বিসংগতি নিয়ন্ত্ৰণ কৰিব পাৰি।

ঞ)আমগছত প্ৰতি বছৰে ফলধাৰণ নকৰা:

কিছুমান আমৰ গছত এবছৰ ফলধাৰণ কৰাৰ পিছৰ বছৰত ফলধাৰণ নকৰাৰ ব্যতিক্ৰম দেখা যায়। গছত লগা আৱশ্যকীয় পোষক মৌল আৰু পানীৰ অভাৱ, বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি, প্ৰাকৃতিক পৰিৱেশ, যেনে- ফুলধাৰণৰ সময়ত হোৱা ধুমুহা, বৰষুণ, পুষ্পধাৰণৰ সময়ত পোক আৰু ৰোগৰ আক্ৰমণ আদি বিভিন্ন কাৰকৰ বাবে এনে বিসংগতিয়ে দেখা দিয়ে। এনে ব্যতিক্ৰম ৰোধ কৰিবৰ বাবে আৱশ্যক অনুযায়ী পানী যোগান আৰু অনুমোদিত পৰিমাণৰ সাৰ প্ৰয়োগ কৰাৰ লগতে পোক আৰু ৰোগ নিয়ন্ত্ৰণৰ ব্যৱস্থা ল’ব লাগে। পেকটবুটাজল(Pactobutazol) নামৰ হৰম’নৰ ২০ মি.লি. ৩ লিটাৰ পানীত মিহলাই ৰোধ কৰিব পাৰি।

ট)মালভোগ কলৰ অন্তৰ্ভাগত লদা বন্ধ বিকাৰ(Pulp hardiness):

কলৰ অন্তৰ্ভাগত লদা বন্ধা বিকাৰৰ ফলত মালভোগ কলৰ সোৱাদ আৰু গুণগত মান হ্ৰাস পায়। সাধাৰণতে আগষ্ট-ছেপ্তেম্বৰ মাহত পূৰঠ হোৱা কলবোৰত এনে ব্যতিক্ৰম লক্ষ্য কৰা যায় যদিও কম বেছি পৰিমাণে অন্যান্য ঋতুতো এনে বিসংগতি হ’ব পাৰে। অনুমোদিত পৰিমাণত প্ৰতিজোপা গছত প্ৰয়োগ কৰা সাৰৰ লগত ২৫ গ্ৰামকৈ ব’ৰাক্স সাৰ প্ৰয়োগ কৰি এই বিকাৰ নিয়ন্ত্ৰণ কৰিব পাৰি।

ঠ)মধুলি-আমৰ ফল ক’লা পৰা বিকাৰ:

মধুৰি-আমৰ ফলত কেতিয়াবা ফলৰ এফাল ক’লা পৰি কোঁচ খাই যায় আৰু টান হৈ পৰাৰ ফলত ফলবোৰ খোৱাৰ অনুপযোগী হৈ পৰে। গছত ব’ৰণ নামৰ সূক্ষ্ম মৌলৰ অভাৱত এনে বিসংগতিয়ে দেখা দিয়ে। এনে বিকাৰ ৰোধ কৰিবৰ বাবে প্ৰতিবছৰে প্ৰয়োগ কৰিবলগীয়া সুষম সাৰৰ লগত ৫০ গ্ৰামকৈ ব’ৰাক্স সাৰ প্ৰতিজোপা গছত প্ৰয়োগ কৰিব লাগে।

নাৰিকল আৰু তামোলভিত্তিক বহুতৰকীয়া খেতি:

একেডৰা মাটিতে একেসময়তে ক্ৰমে বিভিন্ন উচ্চতাৰ কেইবাবিধো শস্যৰ খেতি কৰিলে তেনে খেতিক বহুতৰপীয়া খেতি বোলা হয়। এনে খেতিৰ প্ৰধান উদ্দেশ্য হ’ল কম মাটিত একেসময়তে কেইবাটাও শস্যৰ খেতি কৰি উৎপাদন বৃদ্ধি কৰা। এই পদ্ধতিৰ খেতিত প্ৰধান শস্যবিধ বেছি দূৰত্বত ৰোপণ কৰি তাৰ মাজৰ খালী ঠাইখিনিত প্ৰণালীবদ্ধভাৱে কম দূৰত্বত ৰোপণ কৰি তাৰ মাজৰ খালী ঠাইখিনিত প্ৰণালীবদ্ধভাৱে কম দূৰত্বত ৰোপণ কৰিব পৰা আৰু কিছু পৰিমাণে ছাঁত হোৱা হ্ৰস্বম্যাদী শস্যৰ খেতি কৰিব পাৰি। কম দূৰত্বত ৰোপণ কৰা এই হ্ৰস্বম্যাদী শস্যবোৰত সংগী বা অংশীদাৰ শস্য বোলা হয়। বহুতৰপীয়া খেতিত ৰোপণ কৰা অংশদাৰী শস্যই মূল শস্যৰ কোনো ক্ষতি নকৰে। বৰঞ্চ মূল শস্যৰ উৎপাদন বৃদ্ধিহে কৰে। একেডৰা মাটিতে অন্যান্য শস্যৰ খেতি কৰি আয় বৃদ্ধি কৰাৰ লগতে খেতিডৰাত অলাগতিয়াল বন-বাতৰ প্ৰভাৱৰ পৰা মুক্ত কৰাত সুবিধা হয়।

ওখ, ডালবিহীন আৰু অধিক দূৰত্বত ৰোপণ কৰিব পৰা গুনৰ বাবে বহুতৰপীয়া খেতিত নাৰিকল আৰু তামোলক মূল শস্য হিচাপে ৰোপণ কৰা হয়। অসমৰ মাটি আৰু জলবায়ু নাৰিকল বা তামোল খেতিৰ উপযোগী হোৱাৰ বাবে নাৰিকল বা তামোলভিত্তিক বহুতৰপীয়া খেতিৰ কৃষকে আশানুৰূপ উৎপাদন পাব পাৰে। পৰম্পৰাগতভাৱে অনুভৱী কৃষকসকলে কৃষিকৰ্মত এনে কিছুমান কাৰ্য অতীজৰে পৰা কৰি আহিছে, যি বিজ্ঞানসন্মত আৰু উন্নত কৃষিকাৰ্যৰূপে পৰিগণিত হৈছে। অসমত নাৰিকল আৰু তামোল গছত পাণ আৰু জালুকৰ লতা বগোৱাই খেতি কৰা পদ্ধতিৰ প্ৰচলন আছে আৰু ই বিজ্ঞানসন্মত। ভাৰতবৰ্ষৰ নাৰিকল প্ৰধান ৰাজ্যসমূহত নাৰিকল গছৰ মাজত আদা-হালধি-কচু ইত্যাদিৰ মিশ্ৰিত খেতি কৰা হয়। অসমৰ কৃষকসকলে নাৰিকল বা তামোল গছৰ মাজৰ ঠাইখিনি খেতি কৰিবলৈ ব্যৱহাৰ কৰিলেও শৃংখলাবদ্ধভাৱে খেতি কৰা প্ৰায়ে দেখা নেযায়। নাৰিকল গছত ফল ধৰিবলৈ আৰম্ভ কৰাৰ আগলৈকে মাজৰ ঠাইখিনিত মাটিকঁঠাল, শাক-পাচলি আৰু অন্যান্য চাপৰ জাতৰ শস্যৰ খেতি কৰিব পাৰি। নাৰিকলৰ গছ বাঢ়ি যোৱাৰ লগে লগে মাজৰ ঠাইখিনিত বেছিকৈ ছাঁ পৰিবলৈ লয়। এনেক্ষেত্ৰত ছাঁত হ’ব পৰা শস্য আৰু শাক-পাচলিৰ খেতি কৰিব পাৰি। নাৰিকল বা তামোলৰ লগৰ লগৰীয়া শস্যৰ খেতি কৰাৰ সুবিধাসমূহ হ’ল- মাটিৰ গুণাগুণ উন্নত হয়, মাটিৰ পানীধাৰণ ক্ষমতা বৃদ্ধি পায়, সূৰ্যৰ ৰশ্মিৰ সদ্ব্যৱহাৰ কৰিব পাৰি, মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি পায় আৰু প্ৰতি একক মাটিত উৎপাদন বৃদ্ধি হয়।

নাৰিকল গছত জালুক নতুবা পাণৰ গছক আশ্ৰয় দিয়াৰ উপৰি মাজৰ ঠাইখিনিত অন্যান্য শস্য, যেনে- কল, নেমু, মাটিকঁঠাল, অমিতা, হালধি আৰু আদাৰ খেতি কৰিব পাৰি। নাৰিকল গছৰ বয়স ১৫ৰ পৰা ২০ বছৰৰ বেছি হ’লে সূৰ্যৰ ৰশ্মিৰ শতকৰা ৫০ ভাগ মাজৰ ঠাইখিনিত পৰে। তদুপৰি নাৰিকলৰ গছ নিৰ্ধাৰিত দূৰত্বত ৰোপণ কৰিলে মাটিৰ শতকৰা ২৫ ভাগতহে মাত্ৰ ইয়াৰ শিপাসমূহ বিস্তাৰিত হয় আৰু বাকী থকা ৭৫ ভাগত শিপা নাথাকে। সেয়ে চাৰিজোপা নাৰিকলৰ মাজৰ ঠাইখিনিত ওপৰত উল্লেখ কৰা শস্যসমূহৰ খেতি কৰি অতিৰিক্ত উৎপাদন লাভ কৰিব পাৰি। অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যানশস্য গৱেষণা কেন্দ্ৰ, কাঁহিকুছিত কেইবাবছৰো ধৰি চলোৱা গৱেষণাৰ ফলত উদ্ভাৱন কৰা আৰু অসমৰ মাটি আৰু জলবায়ুৰ বাবে অনুমোদন জনোৱা নাৰিকলভিত্তিক বহুতৰপীয়া খেতি।

প্ৰণালীবদ্ধভাৱে নাৰিকলভিত্তিক বহুতৰপীয়া খেতিৰ প্ৰতি ৫৬.২৬ বৰ্গ মিটাৰ মাটিত বছৰি প্ৰায় ৬০০০.০০ টকা উপাৰ্জন কৰিব পাৰি। তলৰ তালিকাত বহুতৰপীয়া খেতিৰ প্ৰতিবিধ শস্য উৎপাদনক্ষম হোৱাৰ পাছত নাৰিকলভিত্তিক বহুতৰপীয়া খেতিত ৫৬.২৫ বৰ্গ মিটাৰত পাব পৰা সম্ভাব্য উৎপাদন আৰু উপাৰ্জনৰ আভাস দিয়া হ’ল-

তালিকা নং-৪: নাৰিকলভিত্তিক বহুতৰপীয়া খেতিৰ পৰা হ’ব পৰা সম্ভাব্য আয়:

 

শস্য উৎপাদন

সম্ভাব্য দাম(টকা)

আয়(টকা)

নাৰিকল(৪ জোপা)

২৪০টা গোটে ৮.০০ টকা

১৯২০.০০ টকা

নেমু টেঙা(৪ জোপা)

৬০০টা গোটে ১.০০ টকা

৬০০.০০ টকা

কল(১০ জোপা)

১২০কেজি গোটে ৮.০০ টকা

৯৬০.০০ টকা

কমলা টেঙা(১ জোপা)

২০০টা গোটে ৩.০০ টকা

৬০০.০০ টকা

জালুক(২ জোপা)

৫ কেজি কেজি ৮০.০০ টকা

৪০০.০০ টকা

পাণ(২ জোপা)

১০টা গোট গোটে ৫০.০০ টকা

৫০০.০০ টকা

আদা(১০০ জোপা)

৩০ কেজি কেজি ২০.০০ টকা

৬০০.০০ টকা

মাটিকঁঠাল(৪০ জোপা)

৪০ কেজি কেজি ৮.০০ টকা

৩২০.০০ টকা

মুঠ আয়=

৫৯০০.০০ টকা

 

সামৰণিত ইয়াকে উনুকিয়াব খোজোঁ যে উপৰিউক্ত ধৰণে বিজ্ঞানসন্মতভাৱে কৰা ফলমূলৰ খেতিৰ পৰা অধিক উৎপদন কৰি বছৰৰ পিছত বছৰ ধৰি সুদৃঢ় উৎপাদন পাবৰ বাবে মাটিৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হোৱা আৱশ্যক। সেয়েহে বহুবৰ্ষী ফলমূল শস্যসমূহৰ খেতিৰ অধিক উৎপাদনৰ বাবে প্ৰতিবছৰে প্ৰয়োগ কৰিবলগীয়া সাৰৰ লগত যথেষ্ট পৰিমনে জৈৱিক সাৰ, যেনে- গোবৰ, পচনসাৰ, কেঁচুসাৰ আদি প্ৰয়োগ কৰি মাটিৰ গঠন অটুট ৰখা উচিত। মাটিৰ গঠন ভাল হোৱাৰ ফলত কৃষিভূমিত বায়ু আৰু পানীৰ চলাচলত সুচল হয় আৰু গছৰ শ্বসন ক্ৰিয়া উন্নত হয়। জৈৱিক সাৰসমূহৰ নিজৰ ওজনতকৈ ৫-১০ গুণ বেছি পানী ধৰি ৰাখিব পৰা গুণৰ বাবে শুকান বতৰত অধিক পৰিমাণে জৈৱিক সাৰ প্ৰয়োগৰ ফলত মাটিত জীপ ধৰি ৰখাত সহায় কৰে। তদুপৰি জৈৱিক ৰাসসমূহে গছৰ বৃদ্ধি অৰু বিকাশৰ বাবে আৱশ্যকীয় পোষক মৌলসমূহ বহুদিনলৈ ধৰি ৰখাৰ লগতে মাটিত অম্লতা বৃদ্ধিও ৰোধ কৰে। জৈৱিক সাৰ প্ৰয়োগৰ প্ৰতি উদাসীন হৈ দীৰ্ঘকালৰ বাবে মাটিত কেৱল ৰাসায়নিক দ্ৰব্যসমূহ প্ৰয়োগৰ ফলত ভৱিষ্যতে মাটিৰ উৎপাদিকা শক্তি হ্ৰাস পোৱাৰ লগতে পাৰিপাৰ্শ্বিকতাৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিবলৈ ধৰে।

লেখক: ড° ভক্তপ্ৰসাদ গৌতম

উৎস: আধুনিক কৃষিকথা(শস্যব্যৱস্থাপনা)

3.03448275862
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top