অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অৰ্থকৰী শস্য হিচাপে কুঁহিয়াৰ খেতি :

বৈদিক যুগৰে পৰা ভাৰতত কুঁহিয়াৰৰ খেতি কৰি অহা হৈছে। খ্ৰীষ্টপূৰ্ব ১৪০০ৰ পৰা ১০০০ বছৰ আগৰ পৰা ভাৰতৰ বিভিন্ন ভাৰতৰ বিভিন্ন স্থানত কুঁহিয়াৰৰ খেতি কৰি অহাটো বিভিন্ন পুথিত উল্লেখ আছে।

একেজাতীয় বিভিন্ন গছৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব ভাৰতৰ সিক্ত অঞ্চলসমূহক কুঁহিয়াৰৰ জন্মস্থান হিচাপে অনুমান কৰা হৈছে। ক্ৰান্তীয় অঞ্চলত কৰা কুঁহিয়াৰ অন্যহাতে নিউগিনি অঞ্চলত জন্ম হোৱা বুলি ঠাৱৰ কৰা হৈছে।কৃষিভিত্তিক উদ্যোগসমূহৰ ভিতৰত চেনি উদ্যোগৰ স্থান দ্বিতীয়, বস্ত্ৰ উদ্যোগৰ পিছতো মুঠ চেনি উৎপাদনৰ ৭৫ শতাংশই কুঁহিয়াৰ শস্যৰ পৰা আহে।

চেনিৰ উপৰি কাগজ গুড় পোৱা যায়। কুঁহিয়াৰ চেপি ৰৈ যোৱা জাবৰি ইন্ধন। হিচাপে ব্যৱহাৰ হোৱাৰ উপৰি কাগজ আৰু আঁহৰ পৰা বনোৱা বৰ্ডো উদ্যোগত ব্যৱহাৰ হয়। উপজাত সামগ্ৰী হিচাপে লালী, বিভিন্ন এলকহল, চাইট্ৰিক এচিডৰ লগতে স্পিৰিট উৎপাদন হয়।

গৰুৰ দানাৰ লগত মিহলোৱাৰ বাবেও লালী ব্যৱহাৰ কৰিব পাৰি। কুঁহিয়াৰৰ কোমল আগলি অংশ গৰুৰ ঘাঁহ হিচাপে ব্যৱহাৰ কৰিব পাৰি। কুঁহিয়াৰৰ চেনি উদ্যোগৰ পৰা ৰৈ যোৱা উপজাত অন্য এবিধ সামগ্ৰী হ’ল ‘প্ৰেমচাদ’- যিটো খেটিমাটিত প্ৰয়োগ কৰিব পাৰি।

ভাৰতৰ কুঁহিয়াৰৰ মাটিকালি কুঁহিয়াৰৰ মূল্য নিৰ্ধাৰণৰ ওপৰত ভিত্তি কৰি পৰিৱৰ্তন হৈ থকা দেখা যায়। ভাৰতৰ শীতপ্ৰধান অঞ্চলসমূহক বাদ দি যিকোনো অঞ্চলতে কুঁহিয়াৰৰ খেতি কৰা হয়। ভাৰতৰ  ঘৰুৱা উৎপাদনৰ ২ শতাংশ কুঁহিয়াৰ শস্যৰ পৰা আহে আৰু ই মুঠ কৃষি উৎপাদনৰ ০.৫ শতাংশ বহন কৰে।

প্ৰায় ৪ নিযুত হেক্টৰ মাটিকালিত কুঁহিয়াৰৰ খেতি কৰা হয়। ইয়াৰ ৬৫ শতাংশ উপক্ৰান্তীয় আৰু ৩৫ শতাংশ ক্ৰান্তীয়। প্ৰায় ৪০ নিযুত খেতিয়ক কুঁহিয়াৰ খেতিৰ লগত জড়িত আৰু ৫ লাখ মানুহে চেনি শিল্পৰ জৰিয়তে জীৱন নিৰ্বাহ কৰি আছে।

উত্তৰ প্ৰদেশকে ধৰি অন্যান্য ৰাজ্য তামিলনাডু, কৰ্ণাটক, কেৰালা, অন্ধ্ৰপ্ৰদেশ, হাৰিয়ানা, পঞ্জাব, বিহাৰ, মহাৰাষ্ট্ৰ আদিত কুঁহিয়াৰ খেতি বেছিকৈ কৰা হয়। কুঁহিয়াৰ উৎপাদনৰ ক্ষেত্ৰত অসমৰ ছবিখন হতাশাজনক। ইয়াৰ কাৰণ হিচাপে উনুকিয়াব পৰা কথাটো হ’ল অসমত চেনি কাৰ্যক্ষম উদ্যোগ নথকা। অসমত যদিও তিনিটা চেনি উদ্যোগ স্থাপন হৈছিল বৰ্তমান সময়ত এটাও গোলাঘাট, কাৰ্বি আংলং, উত্তৰ কাছাৰ আৰু শোণিতপুৰ জিলা। ২০০৭-২০০৮ চনত উৎপাদন হোৱা কুঁহিয়াৰৰ মাত্ৰা হ’ল ০.২৪ লাখ হেক্টৰ কৃষিভূমীৰ পৰা ৯.৬০ লাখ মেট্ৰিক টন আৰু গড় উৎপাদনৰ হাৰ হ’ল  প্ৰতি হেক্টৰত ৩৯.৯৮ টন।

বিজ্ঞানসন্মত কৃষি প্ৰযুক্তিৰ সবিশেষ তলত দিয়া হ’ল -

উন্নত জাত নিৰ্বাচন:

অসমৰ কাৰণে অনুমোদিত উন্নত জাতসমূহ হ’ল-

দৰিয়া(CoBLN 9101):

আগতীয়াকৈ পূৰঠ হোৱা ডিচেম্বৰ-জানুৱাৰীৰ ভিতৰত কাটিব পৰা জাত। উৎপাদন ক্ষমতা প্ৰতি ৭০-৮০ টন। গুড় ১০-১২ শতাংশ পৰিমাণে আহৰণ কৰিব পাৰি। শৰ্কৰাৰ পৰিমাণ ১৮-১৯ শতাংশ। আগ আৰু প্লাচী ব’ৰাৰ পোকৰ দ্বাৰা মজলীয়া ধৰণে আক্ৰান্ত হয়। বেছিকৈ পোখা কাৰণে মূঢ়া কুঁহিয়াৰৰ(Ratoon) খেতিৰ বাবে ভাল।

কলং(CoBLN 9102):

সকলোখিনি বৈশিষ্ট্যই দৰিয়াৰ লগত মিলে। ফুল নুফুলে।

বৰাক:

যথেষ্ট পোখা দিব পৰা ৰেটুন খেতিৰ কাৰণে উপযুক্ত আৰু ক্সহজতে বাগৰি নোযোৱা জাত। অন্যান্য বৈশিষ্ট্য সৰিয়া, কলঙৰ সৈতে একে। আগতীয়া তথা মজলীয়া জাত।

ধনশিৰি(CoBLN 9605):

যথেষ্ট পোখা দিব পৰা, সোনকালে বৃদ্ধি হোৱা আৰু পানী জমা হোৱা অৱস্থা সহ্য কৰিব পৰা জাত। শৰ্কৰাৰ মাত্ৰা ১৮-২০ শতাংশ। অন্যান্য বৈশিষ্ট্য দৰিয়া, কলং, বৰাকৰ লগত একে।

লোহিত(CoBLN 9104):

আগতীয়া অথবা মজলীয়া জাত। চপোৱাৰ সময় ডিচেম্বৰ-মাৰ্চ। যথেষ্ট পোখা দিয়াৰ বাবে ৰেটুন খেতিৰ বাবে উপযোগী জাত। শৰ্কৰাৰ মাত্ৰা ১৮-২০ শতাংশ। উৎপাদন আৰু বেমাৰ-আজাৰৰ ক্ষেত্ৰত বৈশিষ্ট্য আগত উল্লেখ কৰা জাতকেইটাৰ লগাত একে।

চি অ’ ৯৯৭:

যথেষ্ট পোখা দিব পৰা ৰেটুন উপযোগী আৰু শুকান বা খৰাং বতৰ প্ৰতিৰোধী জাত। অন্যান্য বৈশিষ্ট্য ধনশিৰিৰ লগত একে।

চি অ’ ৭৪০:

মজলীয়া আগতীয়া অথবা শেহতীয়া জাত। মাজে মাজে পানীত ডুব গ’লেও সহ্য কৰিব পৰা জাত। জানুৱাৰী-মাৰ্চ মাহত চপাব পৰা ৮০-১০০ টন হেক্টৰে প্ৰতি উৎপাদন দিব পৰা জাত। গুৰ আহৰণৰ পৰিমাণ ১০-১১ শতাংশ আৰু শৰ্কৰাৰ পৰিমাণ ১৮-১৯ শতাংশ। বেমাৰ-আজাৰৰ প্ৰতিক্ৰিয়া আগৰ জাতসমূহৰ সৈতে একে।

এছ ১৫৫/৭২(চি অ’ যোৰহাট-১):

মজলীয়া আগতীয়া জাত। ডিচেম্বৰ-জানুৱাৰীৰ ভিতৰত চপাব পৰা হয়। প্ৰতি হেক্টৰত উৎপাদন ৭০-৮০ টন। গুৰ আহৰণ ১০-১২ শতাংশ, শৰ্কৰাৰ পৰিমাণ ১৮-১৯ শতাংশ, মজলীয়া পোখা দিয়া আৰু ৰেটুন খেতিৰ বাবে উপকাৰী জাত। বেমাৰ-আজাৰৰ প্ৰতিক্ৰিয়া আগৰ জাতৰ লগত একে।

একে ১০০/৭২(চি অ’ যোৰহাট-২):

চি অ’ যোৰহাট-১ৰ লগত অনুৰূপ।

চি অ’ ১১৪৮:

চোবাই খোৱাৰ বাবে উপযোগী জাত। আগতীয়াৰ পৰা মধ্যমীয়া শেহতীয়া জাত। চপোৱাৰ সময় ডিচেম্বৰ-ফেব্ৰুৱাৰী। উৎপাদন প্ৰতি হেক্টৰত ৬০-৭০ টন। গুড় আহৰণ ১০-১২ শতাংশ, শৰ্কৰাৰ পৰিমাণ ১৮-২০ শতাংশ আৰু বেমাৰ-আজাৰৰ প্ৰতিক্ৰিয়া আগৰ জাতসমূহৰ সৈতে একে।

নাম্বৰ(CoBLN 94063):

আগতীয়া, যথেষ্ট পোখা দিব পৰা ৰেটুন উপযোগী জাত। জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈ ১০-৩০ চে.মি. গভীৰতাত পানী জমা হোৱা জুলাই-আগষ্ট মাহত ৫-৬ ফুট পানীৰ গভীৰতা সহ্য কৰিব পৰা জাত। চপোৱাৰ সময় ডিচেম্বৰ-জানুৱাৰী, উৎপাদন ৭০-৯০ টন হেক্টৰে প্ৰতি, গুড় আহৰণ ১০-১২ শতাংশ আৰু শৰ্কৰাৰ পৰিমান ১৮-১৯ শতাংশ। মাজখোৱা পোক আৰু ৰঙচুৱা পচন()ৰ প্ৰতিৰোধী জাত।

কপিলীপাৰ(CoBLN 9006):

মজলীয়া শেহতীয়া জাত। পানী জমা হোৱা সহ্য কৰিব পৰা আৰু বেমাৰ-আজাৰৰ ক্ষেত্ৰত বৈশিষ্ট্য আগৰ জাতটোৰ লগত একে। চপোৱাৰ সময় ফেব্ৰুৱাৰী-মাৰ্চ। উৎপাদন ৭০-৮৫ টন প্ৰতি হেক্টৰত। গুড় আহৰণ ১০-১২ শতাংশ আৰু শৰ্কৰাৰ মাত্ৰা ২০-২১ শতাংশ।

দয়াং(CoBLN 02173):

যথেষ্ট পোখা দিব পৰা ৰেটুন হিচাপে উপযোগী জাত। উৎপাদন ৭০-৮০ টন প্ৰতি হেক্টৰত, গুৰ আহৰণ ১১-১৩ শতাংশ আৰু শৰ্কৰাৰ মাত্ৰা ২০-২১ শতাংশ। শস্যকাল, চপোৱাৰ সময়, বেমাৰ-আজাৰৰ প্ৰতিক্ৰিয়া কপিলীপাৰৰ লগত একে।

জলবায়ু:

কুঁহিয়াৰ এবিধ ক্ৰান্তীয় জলবায়ুত হোৱা শস্য। ক্ৰান্তীয় অঞ্চলৰ শস্য হ’লেও উপক্ৰান্তীয় অঞ্চলতো ইয়াৰ খেতি হয়। সেমেকা গৰম অৱস্থাত কুঁহিয়াৰৰ শ্ৰীবৃদ্ধি নুফুলালৈকে হৈ থাকে। পঞ্চাশ ডিগ্ৰী চেলচিয়াছতকৈ অধিক উষ্ণতা থাকিলে কুঁহিয়াৰৰ শ্ৰীবৃদ্ধি স্থবিৰ হয়।

আনহাতে ২০ ডিগ্ৰী চেলচিয়াছতকৈ কম হ’লেও কুঁহিয়াৰৰ শ্ৰীবৃদ্ধি কম হয়। কম উষ্ণতাত পোখা কমকৈ হয়। বায়ুমণ্ডলৰ গড় উষ্ণতা ২৬-৩০° চেলচিয়াছ কুঁহিয়াৰৰ কাৰণে উত্তম। ক্ৰান্তীয় অঞ্চলৰ বাবে বৰষুণ গড়ে বাৰ্ষিক ৭৫-২২০ চে.মি. হ’লে ভাল।

কুঁহিয়াৰ এবিধ দীৰ্ঘকালীন শস্য, প্ৰায় ১০-১২ মাহত চপাব পৰা হয়। প্ৰখৰ ৰ’দত হোৱা কুঁহিয়াৰৰ বাকলি ডাঠ কিন্তু পাব দীঘল হয়, পাত ডাঠ সেউজীয়া আৰু বহল হয়। কম পোহৰত বাকলি ডাঠ কিন্তু পাব দীঘল হয়, পাত ডাঠ সেউজীয়া আৰু বহল হয়।

কম পোহৰত হোৱা কুঁহিয়াৰৰ ডালবোৰ সৰু, নিশকতীয়া, হালধীয়া আৰু পাত ঠেক হয়। দিনৰ দৈৰ্ঘ্যয়ো কুঁহিয়াৰৰ উৎপাদনত প্ৰভাৱ পেলায়। চুটি পোহৰ দৈৰ্ঘ্যই গছৰ পোখা কমাই দিয়ে, লগতে উৎপাদনো। দীঘল দিনত হোৱা কুঁহিয়াৰে অধিক উৎপাদন দিয়ে।

কুঁহিয়াৰৰ বৃদ্ধি পৰ্যায় আৰু পানীৰ প্ৰয়োজনীয়তা -

কুঁহিয়াৰৰ গোটেই জীৱনকালটোক ৪টা বিশেষ পৰ্যায়ত বিভক্ত কৰা হৈছে। প্ৰথম পৰ্যায়টো হ’ল অংকুৰণ, যিটো ৰোৱাৰ পৰা ৬০ দিনলৈ ধৰা হয়। দ্বিতীয়টো হ’ল ৬০-১৩০ দিনলৈ গঠনকাল। তৃতীয় আৰু চতুৰ্থ পৰ্যায় দুটা হ’ল অতি বৃদ্ধিআৰু পূৰঠকাল। তৃতীয় পৰ্যায়টো আহে ৰোৱাৰ পৰা ১৩০-২৫০ দিন আৰু চতুৰ্থটো ২৫০-৩৫৬ দিন পাছত।

আটাইকেইটা পৰ্যায়ত লগা পানীৰ মাত্ৰা বেলেগ বেলেগ। অংকুৰণ, গা-গছ গঠন, অতি বৃদ্ধি আৰু পূৰঠকালত প্ৰয়োজন হোৱা পানীৰ পৰিমাণ হ’ল ক্ৰমে ২৫ মি.মি., ৫০-৫৫ মি.মি. আৰু ৩০-৩২ মি.লি.।

মাটি নিৰ্বাচন আৰু প্ৰস্তুতি:

পানী জমা হোৱাৰ সম্ভাৱনা নথকা ওখ ভূমি নিৰ্বাচন কৰিব লাগে। তলৰ মাটি ওপৰলৈ অহাকৈ প্ৰথমে দ’কৈ হাল বাই পাছত দুবাৰ দীঘে-পথালিয়ে ‘হেৰোৰে’ মাটিবোৰ ভাঙি লৈ সাধাৰণ নাঙলেৰে চাৰি-পাঁচবাৰ আকৌ হাল বাব লাগে।

কুঁহিয়াৰ ৰোৱা পদ্ধতি -

কুঁহিয়াৰ সাধাৰণতে তিনিটা পদ্ধতিত ৰোৱা হয়। এইকেইটা হ’ল- কম দ’ সীৰলু পদ্ধতি, বেছি দ’ সীৰলু পদ্ধতি আৰু গাঁত পদ্ধতি। মাটি সমান হ’লে আৰু আৰ্দ্ৰতা বেছি থাকিলে কম দ’ সীৰলু পদ্ধতি অৱলম্বন কৰা হয়। এই পদ্ধতিত সীৰলু ৮-১০ চে.মি. গভীৰ হয় অৰু দুটা সীৰলুৰ ব্যৱধান হয় ৭৫-৯০ চে.মি.। ৰোৱাৰ বাবে প্ৰস্তুত কৰা আগবোৰ একেলেঠাৰিয়ে দীঘলে এটাৰ পিছত এটাকৈ সীৰলুত দি তাৰ ওপৰত ৫-৭ চে.মি. ডাঠকৈ মাটি ঢাকি দিয়া হয়।

মাটি জাপি দিয়াৰ পাছত মাটি মৈয়াই সমান কৰা হয়। বেছি দ’ সীৰলু পদ্ধতিত ‘কুঁহিয়াৰ ৰিজাৰ’ বা নাঙলেৰে ১০-১৫ চে.মি. দ’কৈ সীৰলু বনোৱা হয়। কুঁহিয়াৰৰ আগবিলাক  ওপৰত কোৱাধৰণে সীৰলুত পেলাই দি ৫-৬ চে.মি. ডাঠকৈ মাটিৰে ঢাকি কৰি দিব লাগে।

যিবিলাক ঠাইত বেছিকৈ বতাহ আহে বা কুঁহিয়াৰ বেছি ওখ হয় তাত গাঁত পদ্ধতি অৱলম্বন কৰা হয়। গাঁতবোৰ ৭৫-৯০ চে.মি. দূৰত্বত খন্দা হয়। গাঁতবোৰত সাৰ মিশ্ৰিত মাটিৰে পূৰ্ন কৰি কুঁহিয়াৰ এদালৰ পিছত এডালকৈ শাৰীবদ্ধ পদ্ধতিত ৰোৱা হয়। ৰোৱা আগবোৰত উঁইনাশক ঔষধ প্ৰয়োগ কৰি আগবোৰ ঢাকি দিয়া হয়।

আঙুঠিকৃতিৰ গাঁত খান্দিও কুঁহিয়াৰ ৰোৱা হয়। এই পদ্ধতি এঢলীয়া অসমান ভূমিৰ বাবে বিশেষ উপযোগী। এই পদ্ধতিত তলত উল্লেখ কৰা পৰ্যায়সমূহ সামৰা হৈছে।

১) ৯০ চে.মি. ব্যাসৰ আৰু ৪৫ চে.মি. গভীৰতাৰ দ’ গাঁত খান্দিব লাগে। অধিক মাটিকালিৰ বাবে ট্ৰেক্টৰত সংযোগ কৰা ‘পিট-ডিগাৰ’ ব্যৱহাৰ কৰা হয়।

২)গাঁতবোৰ ১.২ মিঃ*১.২ মিঃ বৰ্গক্ষেত্ৰৰ ভিতৰত সমানকৈ ৰাখি চাৰিওপিনে ৬০ চে.মি.কৈ খালী ঠাই ৰাখিব লাগে।

৩)এনেকৈ খান্দিলে এক হেক্টৰ মাটিত সামৰিব পৰা গাঁতৰ সংখ্যা হ’ল ৬,৭৫০ টা।

৪)গাঁতবোৰ  ৫ কেজি পচনসাৰ, ৪৫ গ্ৰামকৈ ডি এ পি আৰু ইউৰিয়া আৰু খান্দি উলিওৱা মাটিৰ লগত মিহলাই পূৰ্ন কৰিব লাগে।

৫)সম্পূৰ্ণ কৰি লোৱা গাঁতবোৰত ২টা গাঁঠিযুক্ত ২২টা আগ এক গাঁঠিযুক্ত ৩৫-৪০টা আগ চক্ৰাকাৰে সমান্তৰালভাৱে ৰুব লাগে।

৬)ৰোৱাৰ সময়ত আগবোৰত বেভিষ্টিন আৰু উঁইজাতীয় পৰুৱাৰ পৰা হাত সাৰিবলৈ ক্ল’ৰ’পাইৰিফছ ঔষধ ব্যৱহাৰ কৰিব লাগে।

ৰোপণৰ সময়:

ভাৰতত কুঁহিয়াৰ খেতি তিনিটা সময়ত ৰোৱা হয়। অক্টোবৰ মাহত ৰোৱা কুঁহিয়াৰ হেমন্তকালীন, ফেব্ৰুৱাৰী-মাৰ্চ মাহত ৰোৱা কুঁহিয়াৰ বসন্তকালীন আৰু জুলাই মাহত ৰোৱা আদচালি কুঁহিয়াৰ। অসমত ৰোৱা কুঁহিয়াৰ সাধাৰণতে বসন্তকালীন। মহাৰাষ্ট্ৰৰত সাধাৰণতে জুলাই মাহত কুঁহিয়াৰ ৰোৱা হয়।

কুঁহিয়াৰ ভালকৈ গজাৰ কাৰণে ২৫-৩০° চেলচিয়াছ উষ্ণতাৰ প্ৰয়োজন। মাৰ্চ মাহটো সেয়েহে ৰোৱাৰ বাবে উপযুক্ত সময়(বসন্তকালীন)। জলসিঞ্চনৰ সুবিধা থাকিলে জানূৱাৰীৰ শেষৰ পৰা ফেব্ৰুৱাৰীৰ ভিতৰত ৰুব লাগে। হেমন্তকাল বা অক্টোবৰ মাহত ৰোৱা কুঁহিয়াৰৰ দুটা শাৰীৰ মাজত এটা শাৰীকৈ সৰিয়হৰ খেতি কৰিব লাগে।

ৰোপণৰ বাবে কুঁহিয়াৰৰ আগ নিৰ্বাচন -

বেমাৰ-আজাৰ নথকা কুঁহিয়াৰডৰাৰ পৰা কুঁহিয়াৰৰ স্বাস্থ্যৱান আগ নিৰ্বাচন কৰা হয়। আগৰ পৰা তিনিভাগ এভাগ বা আধাখিনিলৈকে থকা কুঁহিয়াৰৰ মুকুলবিলাক বেছি সজীৱ, সেয়েহে এনেকুৱা আগ নিৰ্বাচন কৰা যায়।

তলৰ অংশখিনিত চেনিৰ পৰিমাণ বেছি, সেয়েহে পোখা ওলোৱাত বেছি সময় লাগে। ৰোৱাৰ বাবে নিৰ্বাচন কৰা কুঁহিয়াৰ গছবোৰ ভাল ব্যৱস্থাপনা গ্ৰহণ কৰা, থিয় আৰু স্বাস্থ্যৱান, ১০-১২ মাহ বয়সৰ হ’ব লাগে। পিছৰ বছৰত ওলোৱা পোখাৰ পৰা আগ ৰাখিব নালাগে। ভাল ফলৰ বাবে পৃথককৈ পুলিবাৰী হিচাপে কুঁহিয়াৰ ৰুব লাগে।

পলমকৈ ওলোৱা পোখা বা পলমকৈ ৰোৱা কুঁহিয়াৰ খেতিৰ পৰাও ৰোৱাৰ বাবে ভাল আগ পাব পাৰি। প্ৰতিটো আগত ৩-৪ টা গাঁঠি থকা উচিত। ৰোৱাৰ বাবে নিৰ্বাচন কৰা আগবিলাক মজা, ৰঙাপৰা বা ব’ৰাৰৰ দ্বাৰা আক্ৰান্তস্থলীৰ পৰা ল’ব নালাগে।

কুঁহিয়াৰৰ আগ বহুল পৰিমাণত উৎপাদন কৰিবলৈ হ’লে বিশেষ পৰিচৰ্যাৰে কৰা কুঁহিয়াৰ খেতিৰ পৰা পিছৰ বছৰত ৰোৱাৰ বাবে ভাল আগ পোৱা যায়। এনেকুৱা উদ্দেশ্যৰে ৰোৱা কুঁহিয়াৰডৰাত নাইট্ৰ’জেন ১৩৫ কেজি পৰিমাণত সাধাৰণভাৱে প্ৰয়োগ কৰাৰ লগতে অতিৰিক্তভাৱে ৬৫ কেজি নাইট্ৰ’জেন অক্টোবৰ মাহত প্ৰয়োগ কৰা হয়। সাধাৰণভাৱে প্ৰয়োগ কৰা ফছফৰাছ(P2O2) আৰু প’টাছ(K2O)ৰ মাত্ৰাৰ সৈতে একে অৰ্থাৎ ৭০ আৰু ৬০ কেজি হেক্টৰে প্ৰতি।

পোক-পৰুৱা নিয়ন্ত্ৰণৰ বাবে যথেষ্ট পৰিমাণে ঔষধ প্ৰয়োগ কৰাৰ লগতে অন্যান্য ব্যৱস্থাপনা ল’ব লাগে। এপ্ৰিল-মে’ মাহত পলমকৈ ৰোৱা কুহিয়াৰৰ বাবে আগতীয়াকৈ গজালি ওলোৱা কুঁহিয়াৰৰ আগ ৰুব লাগে। ইয়াৰ বাব নিৰ্বাচন কৰা আগবোৰ কুঁহিয়াৰৰ পুলি বাৰীত পাতলকৈ সামন্তৰালভাৱে এমাহ মাটিৰে ঢাকি ৰখা উচিত।

ৰোৱাৰ সময়ত মাটিৰ তলৰ পৰা আগবোৰ উলিয়াই আনি তিনিটা গাঁঠিৰে সৰু সৰুকৈ কটা উচিত। গাঁঠিৰ পৰা ওলোৱা সৰু পোখাৰ পাতবিলাকৰ আগবোৰ কাটিব লাগে।

ৰোৱাৰ আগৰ শোধন:

ইয়াৰ বাবে কুঁহিয়াৰৰ আগবোৰ ৰোৱাৰ আগতে কেপটান বা মেনকোজেৱ ঔষধৰ যিকোনো এবিধৰ এক লিটাৰ পানীত ২ মি.লি.কৈ লৈ বা কাৰ্বেনডেজিমৰ প্ৰতি লিটাৰ পানীত ১ মি.লি.কৈ লৈ কিছুসময়ৰ বাবে পানীত তিয়াই ৰাখি পাছত ৰ’দ নপৰা ঠাইত শুকুৱাব লাগে। ব্যৱহাৰৰ পাছত যেতিয়া ঔষধমিশ্ৰিত পানীৰ পৰিমাণ কমি যায় তেতিয়া একেই হাৰত পাত্ৰটো পূৰ্ণ কৰি ল’ব লাগে।

পোষক দ্ৰব্য যোগান ব্যৱস্থাপনা -

প্ৰতি হেক্টৰ মাটিত প্ৰথমে ১০ টন পৰিমাণত পচা গোবৰ বা পচনসাৰ সীৰলু বা ৰোৱা নলাত প্ৰয়োগ কৰি মিহলাই দিব লাগে। ইয়াৰ উপৰি ৰাসায়নিক সাৰ হেক্টৰে প্ৰতি ইউৰিয়া ৩০০ কেজি, একক ছুপাৰ ফছফেট ৪৪০ কেজি আৰু মিউৰিয়েট অৱ পটছ ১০০ কেজিলৈ প্ৰয়োগ লাগে। একক ছুপাৰ ফছফেটৰ সলনি ডি এ পি প্ৰয়োগ কৰিলে ৩৫০ কেজিলৈ প্ৰয়োগ কৰিব লাগে।

যদি ছুপাৰ ফছফেটৰ সলনি মুচৌৰি ৰক ফছফেট সলনি ডি এ পি কৰা হয় তেতিয়া ইউৰিয়া ২৩৫ কেজি, ডি এ পি ১৫০ কেজি আৰু মিউৰিয়েট অৱ পটাছ ১০০ কেজিকৈ প্ৰয়োগ কৰিব লাগে।

কুঁহিয়াৰ খেতিত দানাকৃতিৰ মিশ্ৰণ সাৰ প্ৰয়োগ কৰিব পাৰি। ১৫:১৫:১৫ মানৰ মিশ্ৰণ সাৰ হেক্টৰে প্ৰতি ৪৫০ কেজিলৈ কৰিব লাগে। এইখিনি সাৰ নলা বা সীৰলুত প্ৰয়োগ কৰাৰ পাছত ১৫০ কেজিলৈ ইউৰিয়া কেজিলৈ ইউৰিয়া টপড্ৰেছিং কৰিব লাগে।

গোটেইখিনি ফছফেটক সাৰ আৰু আধাখিনি পটাছ সাৰ কুঁহিয়াৰৰ আগ ৰোৱাৰ আগতে মাটিৰ লগত মিশ্ৰণ কৰি প্ৰয়োগ। নাইট্ৰ’জেনযুক্ত সাৰৰ এক তৃতীয়াংশ ৰোৱাৰ সময়ত আৰু দুই তৃতীয়াংশ প্ৰথমবাৰ কুঁহিয়াৰৰ গুৰিত মাটি দিয়া সময়ত প্ৰয়োগ কৰিব লাগে।

কুঁহিয়াৰৰ আগৰ সংখ্যা:

প্ৰায় ৪৫০০-৫২০০ টা কুঁহিয়াৰৰ আগ(৬.৫-৭.৫ টন) এক হেক্টৰ মাটি ৰোৱাৰ বাবে প্ৰয়োজন হয়।

গুৰিত মাটি প্ৰয়োগ:

ৰোৱাৰ পৰা ১.৫-২ মাহৰ ভিতৰত সীৰলুবোৰ পূৰ্ণ কৰিবলৈ পাতলকৈ মাটি দিব লাগে। প্ৰথমবাৰ মাটি দিয়াৰ ১.৫-২  মাহ পাছত দ্বিতীয়বাৰ মাটি দিব লাগে। দুবাৰ মাটি দিয়াৰ পাছত সীৰলু বা নলাবোৰ ঢাপলৈ ৰূপান্তৰিত হয়। ইয়াৰ ফলত বৰষুণ আহিলে অতিৰিক্ত পানী ওলাই যোৱাত সুবিধা হয়।

ষ্ট্ৰাইপিং আৰু প্ৰপিং:

গছৰ শুকান পাতবোৰ সদায় গুচাই দিব লাগে। ইয়াক ষ্ট্ৰাপিং বোলা হয়। ইয়াৰ ফলত কীট-পতংগৰ আৰু ৰোগৰ উপদ্ৰৱ কমি থাকে। গাঁঠিৰ গুৰিত পাতবোৰ লাগি থাকিলে পানী জমা হৈ গজালি ওলায় যাৰ ফলত গছৰ বৃদ্ধি স্থবিৰ হয়। শৰ্কৰাৰ মাত্ৰাও হ্ৰাস হয়। কুঁহিয়াৰ ওখ হ’লে পৰি যোৱাৰ আশংকা থাকে, সেয়েহে কেইডালমান কুঁহিয়াৰ একেলগ কৰি বান্ধি লৈ নপৰাকৈ বাঁহ বান্ধি ৰাখিব লাগে যাক প্ৰপিং বোলা হয়।

অপতৃণ নিবাৰণ:

বন-বাত নিয়ন্ত্ৰণ কুঁহিয়াৰ খেতিৰ বাবে এক প্ৰয়োজনীয় ব্যৱস্থাপনা। মাৰ্চ মাহত ৰোৱা কুঁহিয়াৰ খেতিৰ বাবে বন-বাত দুবাৰ নিয়ন্ত্ৰণ কৰা উচিত। প্ৰথমবাৰ ৰোৱাৰ পৰা ৩০-৩৫ দিনৰ ভিতৰত আৰু দ্বিতীয়বাৰ ৬০-৯০ দিনৰ ভিতৰত। অক্টোবৰ মাহত ৰোৱা কুঁহিয়াৰৰ ক্ষেত্ৰত বন-বাত দেখামাত্ৰে নিয়ন্ত্ৰণ কৰাটো বাঞ্ছনীয়।

পোখা মেলাৰ আগতে প্ৰয়োগ কৰা অপতৃণ নাশক ঔষধ হিচাপে ২, ৪-ডি(ছডিয়াম লৱণ) প্ৰতি হেক্টৰত ০.৮-১ কেজি সক্ৰিয় উপাদান(এ আই) বা ২ গ্ৰাম ঔষধ ১ লিটাৰ পানীৰ হিচাপত ৫০০-৭০০ লিটাৰ মুঠ পানীত মিহলাই প্ৰয়োগ কৰিব পাৰি।

ইয়াৰ উপৰি দাইউৰণ, ২, ৪-ডিৰ অনুৰূপ হাৰত প্ৰয়োগ কৰিব পাৰি। পোখা মেলাৰ আগতে প্ৰয়োগ কৰিবলৈ এট্ৰাজিন প্ৰতি হেক্টৰত ২ কেজি সক্ৰিয় উপাদানৰ হিচাপত প্ৰয়োগ কৰিব পাৰি। ২, ৪-ডি(এমাইন লৱণ) ১ কেজি সক্ৰিয় উপাদান একেলগে পাৰাকুৱাট ০.৫ কেজি সক্ৰিয় উপাদান দুটা শাৰীৰ মাজত ৰোৱাৰ তিনি সপ্তাহ পাছতে ৫০০-৭০০ লিটাৰ পানীত প্ৰতি হেক্টৰৰ বাবে লৈ স্প্ৰে’ কৰিব লাগে।

শস্যৰক্ষা:

কুঁহিয়াৰ খেতিৰ প্ৰধান পোককেইটা হ’ল মাজখোৱা, উঁই, ৰঙাপৰুৱা আৰু হোৱাইট গ্ৰাব। মজাখোৱাৰ বাহিৰে বাকীকেইটা পোকে মাটিত থাকি প্ৰথমে শিপা অংশৰ অনিষ্ট কৰি উৎপাদনত শতি কৰে। ইয়াৰ নিয়ন্ত্ৰণৰ বাবে মালাথিয়ন ৫ শতাংশ পাউদাৰ প্ৰতি হেক্টৰত ২০-২৫ কেজিলৈ সীৰলুত ৰোৱাৰ আগে আগে প্ৰয়োগ কৰিব লাগে।

অথবা, ক্লোৰো পাইৰিফ’চ ২০ সক্ৰিয় উপাদানৰ প্ৰতিলিটাৰ পানীত ২ মি.লি. ঔষধ লৈ স্প্ৰে’ কৰিব লাগে। কুঁহিয়াৰৰ প্ৰধান পোক হ’ল মাজখোৱা, যিটোৰ মে’-জুলাই মাহৰ ভিতৰত অতি বেছি প্ৰাদুৰ্ভাৱ হয়।

ইয়াৰ বিস্তাৰ নিয়ন্ত্ৰণ কৰিবৰ বাবে পোক আক্ৰান্ত গছবিলাক মাটিত পুতি বা পুৰি দিব লাগে। পাতত থকা কণীবোৰ হাতেৰে সংগ্ৰহ কৰি নষ্ট  কৰি দিব লাগে। খেতিডৰা পৰিষ্কাৰকৈ ৰখাটো বাঞ্ছনীয়।

ৰাসায়নিকভাৱে নিয়ন্ত্ৰণ কৰিবলৈ কণী পৰা সময়ৰ পৰা ৪০০-৫০০ মি.লি. ফছফামিদন ৮৮০ লিটাৰ পানীত লৈ অথবা এণ্ড’ছালফান ১০০০ লিটাৰত ১-১.৫ লিটাৰগকৈ লৈ অথবা মন’ক্ৰ’ট’ফ’চ ১০০০ লিটাৰ পানীত ১ লিটাৰকৈ লৈ পোন্ধৰ দিনৰ অন্তৰে অন্তৰে হস্তচালিত পাম্পেৰে তিনিবাৰ স্প্ৰে’ কৰিব লাগে।

মোৱা পোক, মিলি পোক আৰু থ্ৰিপছ পোকে কুঁহিয়াৰৰ কোমল পাতৰ ৰস খাই দুৰ্বল কৰি পেলায়। ইয়াক নিয়ন্ত্ৰন কৰিবলৈ মালাথিয়ন, ফছফামিদন বা ডায়মিথ’য়েটৰ যিকোনো এটাৰ প্ৰতি হেক্টৰত ক্ৰমে ১.৫ লিটাৰ, ৪০০-৫০০ মি.লি., ১ লিটাৰ ঔসধ ৮০০ লিটাৰ পানীত লৈ প্ৰয়োজন সাপেক্ষে প্ৰয়োগ কৰিব লাগে।

বেমাৰৰ ভিতৰত কুঁহিয়াৰৰ প্ৰধান বেমাৰ হ’ল ৰঙচুৱা পচন(Red Rot)। ই এবিধ ভেঁকুৰজনিত বেমাৰ আৰু আক্ৰান্ত গছ ফালি দিয়াৰ পাছত ভিতৰভাগ ৰঙাপৰা দেখা যায়। বাহ্যিকভাৱে গছজোপাৰ বয়স সংকুচিত হয়, পাতবোৰ শুকাই যায় আৰু গা-গছৰ আগৰ পৰা  শুকাই আহে। ইয়াৰ পৰা হাত সাৰিবলৈ নিৰোগী আগ ৰুব লাগে। কুঁহিয়াৰতলীত পানী জমা  হ’ব নালাগে, আক্ৰান্ত গছবোৰ উভালি দিব লাগে, খেতিডৰা সময়তকৈ আগেয়ে চপাব লাগে আৰু ৰৈ যোৱা জাৱৰ-জোঁথৰ পুৰি দিব লাগে।

চপোৱাৰ ৪-৫ মাহৰ পাছত বেমাৰ প্ৰতিৰোধী জাতৰ আগ নতুনকৈ ৰুব লাগে। ৰেটুন বা মূঢ়া কুঁহিয়াৰৰ খেতি কৰিব নালাগে। গছ লেৰেলি যোৱা কুঁহিয়াৰৰ খেতি কৰিব নালাগে। । গছ লেৰেলি যোৱা কুঁহিয়াৰৰ অন্য এটা ৰোগ। ইয়াৰ বাবে ৰঙচুৱা বেমাৰৰ ক্ষেত্ৰত উল্লেখ কৰা নিৰাময়ৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

কুঁহিয়াৰ চপোৱা:

ফুল ফুলা জাতৰ ক্ষেত্ৰত খেতিডৰাত ফুল ফুলাৰ দুমাহৰ ভিতৰত চপাব লাগে। যিবিলাক জাতৰ ফুল নধৰে, সেইবিলাক জাতৰ পাতবোৰ এটা স্থানৰ পৰা ওলোৱাৰ নিচিনা লাগিলে চপাব লাগে। সাধৰণতে কুঁহিয়ৰ ডিচেম্বৰ মাহৰ আগভাগতে চপাব পৰা পূৰঠ হয়, তথাপি ৰসত শৰ্কৰাৰ পৰিমাণ মাৰ্চ মাহলৈ বৃদ্ধি হয়।

গছত নিৰ্দিষ্ট পৰিমাণৰ শৰ্কৰা যেতিয়া ৰসত জমা হয় তেতিয়া কুঁহিয়াৰ চপাব লাগে। কুঁহিয়াৰৰ শৰ্কৰা প্ৰতিসৰণ যন্ত্ৰেৰে কুঁহিয়াৰডৰা চপাব পৰা হৈছেনে নাই তাক থিৰাং কৰিব পাৰি।

কুঁহিয়াৰ ৰসত যদি প্ৰতিসৰনাংক মান ১৭-১৮ আহে তেতিয়া কুঁহিয়াৰ চপাব লাগে। কুঁহিয়াৰ সাধাৰণতে মাটিৰ গুৰিত কাটি চপোৱা হয়। চপোৱাৰ সময়ত বয়স হোৱা পোখাবিলাক আঁতৰাব লাগে।

মূঢ়া কুঁহিয়াৰৰ খেতি -

কুঁহিয়াৰ চপোৱৰ পাছতে খেতিডৰা ভালকৈ পৰিষ্কাৰ কৰিব লাগে। কোৰেৰে ভাগি দিব লাগে। ওখ মূঢ়াবোৰ কটাৰিৰে সমানকৈ কাটি দিব লাগে। খেতিডৰা চাফ কৰি লোৱাৰ পাছত গজালি ওলোৱা কুঁহিয়াৰৰ আগবোৰ অকৌ ৰুব লাগে।

ঢাপবোৰ ভগাৰ পাছত পচনসাৰ যথেষ্ট মাত্ৰাত প্ৰয়োগ কৰিব লাগে। প্ৰয়োগ কৰিবলগীয়া ইউৰিয়া, একক ছুপাৰ ফছফেট আৰু মিউৰিয়েট অৱ পটাছৰ মাত্ৰা হ’লে ক্ৰমে ৩৩০ কেজি, ৪৪০ কেজি আৰু ১০০ কেজি সাৰখিনি দুভাগ কৰি প্ৰথম আৰু দ্বিতীয়বাৰ গুৰিত মাটি দিয়া সময়ত প্ৰয়োগ কৰিব লাগে, অৰ্থাৎ মূঢ়াৰ আগ কটাৰ ৬০ দিনৰ ভিতৰত।

বন-বত নিয়ন্ত্ৰণৰ বাবে ২, ৪-ডি(এমাইন) বন গজাৰ আগত প্ৰয়োগ কৰা হিচাপে হেক্টৰত ১ কেজি সক্ৰিয় উপাদান হাৰৰ হিচাপত প্ৰয়োগ কৰি পাছত আকৌ এবাৰ মূঢ়া কটাৰ তিনি সপ্তাহ পাছত প্ৰয়োগ কৰিব লাগে। মূঢ়া কুঁহিয়াৰৰ খেতি দুবাৰতকৈ বেছি কৰিব নালাগে। মূঢ়া কুঁহিয়াৰৰ অন্যান্য কৃষি ব্যৱস্থাপনা মূল কুঁহিয়াৰ খেতিৰ লগত একে।

লেখক: ড° ৰমণীকান্ত ঠাকুৰীয়া

উৎস: আধুনিক কৃষিকথা(শস্য ব্যৱস্থাপনা)

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate