মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / আধুনিক কৃষিকথা (ড° প্ৰশান্ত মিশ্ৰ) / উত্তৰ-পূৰ্বাঞ্চলত প্ৰাপ্ত বনৌষধি উদ্ভিদৰ সংৰক্ষণ কৌশল আৰু উৎপাদন সম্ভাৱনীয়তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উত্তৰ-পূৰ্বাঞ্চলত প্ৰাপ্ত বনৌষধি উদ্ভিদৰ সংৰক্ষণ কৌশল আৰু উৎপাদন সম্ভাৱনীয়তা

উত্তৰ-পূৰ্বাঞ্চলত প্ৰাপ্ত বনৌষধি উদ্ভিদৰ সংৰক্ষণ কৌশল আৰু উৎপাদন সম্ভাৱনীয়তাৰ বিষয়ে লিখা হৈছে ।

 

বনৌষধিৰ এখন প্ৰাকৃতিক উদ্যান -

প্ৰকৃতিক অকৃপণ দানেৰে পৰিপূৰ্ণ হৈ আছে ভাৰতৰ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল। মাটিৰ ভিন্নতা আৰু ভিন্ন কৃষি জলবায়ু পৰিৱেশৰ বাবে ইয়াত বিভিন্ন প্ৰজাতিৰ বনৌষধিৰে ভৰি আছে। আনকি এই অঞ্চলৰ জৈৱ-বৈচিত্ৰ্য আৰু অনুকুল কৃষি জলবায়ু পৰিৱেশৰ বাবে ঔষধি উদ্ভিদক ভিত্তি কৰি বাণিজ্যিকভাৱে বহুতো উদ্যোগ সসলতাৰে স্থাপন কৰিব পৰা যায়। প্ৰায় ১৫০০ কিয় বনৌসধিৰে উত্তৰ-পূৰ্বাঞ্চল সমৃদ্ধ হৈ আছে। এই সমীক্ষামতে ৪৮৭ বিধ প্ৰজাতিৰ বনৌষধি পোৱা যায় অৰুণাচল প্ৰদেশত। তাৰ পিছত আছে মেঘালয় য’ত ২১২ বিধ প্ৰজাতিৰ বনৌষধি উপলব্ধ। পাহাৰ আৰু সমতল ভূমিৰ গঠিত হ’লেও আমাৰ অসমতো প্ৰায় ১৪১ বিধ প্ৰজাতিৰ বনৌষধি পোৱা যায়। অতি প্ৰাচীন কালৰে পৰা এই বনৌষধিবোৰৰ ঔষধ গুণৰ বাহিৰেও ইয়াৰ অৰ্থনৈতিক গুৰুত্ব অপৰিসীম। বনৌষধিবোৰৰ কেইবাশ বেলেগ বেলেগ জাতি-প্ৰজাতি কেৱল ঔষধ সম্বন্ধীয় বিষয়তহে যে আৱদ্ধ হৈ আছে হৈ আছে এনে নহয়, আনকি এইবোৰৰ ডাল, পাত,  শিপা, গুটিৰ পৰা নিষ্কাশন কৰা বিভিন্ন ৰাসায়নিক পদাৰ্থবোৰ দেশীয় চিকিৎসা পদ্ধতিত ব্যৱহাৰ হৈ আহিছে। ইউৰোপ মহাদেশ তথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে উন্নত দেশসমূহত বৰ্তমান বনৌষধিৰ ব্যৱহাৰ বাঢ়িছে। এই দেশবোৰৰ উদ্ভিদ বিজ্ঞানীসকলে ভিন ভিন ঔষধি গছৰ বিষয়ে সূক্ষ্মাতিসূক্ষ্মভাৱে গৱেষণা কৰি নিতৌ নতুন নতুন তথ্য উদ্ভাৱন কৰিছে। তথ্যবোৰ বিশ্লেষণ কৰি সেইবোৰ বিশ্বৰ আন আন দেশলৈ ৰপ্তানি কৰি বহুতো বৈদেশিক মুদ্ৰা উপাৰ্জন কৰি আহিছে। কিন্তু ভাৰতৰ দৰে অনুন্নত দেশবোৰত বিনৌষধিৰ বিষয়ে বিস্তৃত অধ্যয়ন হৈছে বুলিব নোৱাৰি। ফলত এনেকৈয়ে বৈদেশিক মুদ্ৰা আহৰণৰ পৰা বঞ্চিত হ’বলগা হৈছে।

বনৌষধিৰ ব্যৱহাৰ কেতিয়া ক’ৰ পৰা?

ভাৰতীয় চিকিৎসা শাস্ত্ৰৰ ইতিহাস অতি পুৰণি। প্ৰাৰম্ভতে পৌৰাণিক ঋকবেদৰ বনৌষধি দ্ৰব্যবোৰৰ ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰা হয়। বিভিন্ন দুৰাৰোগ্য বেমাৰৰ চিকিৎসাৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰাত ই অমূল্য হিচাপে কাম আহিছে। সম্ভৱতঃ ইয়াক খ্ৰীষ্টপূৰ্ব ৪০০০-১৬০০ৰ ভিতৰত লিপিবদ্ধ কৰা হৈছে বুলি ঋষি-মুনিসকলে জাতি-প্ৰজাতি আছে। ইয়াৰ ভিতৰত মাত্ৰ ১০ ভাগ গছৰহে ঔষধি গুণ আছে। ভাৰতীয় চিকিৎসা পদ্ধতিত প্ৰায় ২০০০ বিধ দৰব ব্যৱহৃত হৈ আছে আৰু ইয়াৰ প্ৰায় ১৫০০ বিধ দৰবেই হ’ল মূলতঃ উদ্ভিদৰ পৰা তৈয়াৰী। বনৌষধিৰে ৰোগ চিকিৎসা পদ্ধতিৰ ওপৰত লিখিত দস্তাবেজ(Document) বনৌষধিবোৰৰ একমাত্ৰ থলুৱা ব্যৱহাৰৰ বাবে। এই বনৌষধিবোৰ সকলো ধৰণৰ চিকিৎসা পদ্ধতিত বহুলভাৱে ব্যৱহাৰ হৈ আহিছে যেনে- এলোপেথিক, হোমিঅ’পেথিক, আয়ুৰ্বেদিক আৰু সিদ্ধউনানী। ইয়াৰ বাহিৰেও এনে কিছুমান বনৌষধি আছে, যিবোৰ কেৱল কিছুমান বিশেষ অঞ্চল বা জাতিৰ মাজতহে ব্যৱহাৰ হৈ আছে। ভাৰতীয় চিকিৎসা পদ্ধতিত ব্যৱহৃত বহুতো ভেষজ উদ্ভিদ উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাম্য লোকে পৰিপুষ্টিৰ খাদ্যসম্ভাৰৰ লগত খাই আহিছে। এনে কিছুমান বনৌষধি হ’ল ব্ৰাহ্মি(Bacopa monneri), ভেদাইলতা(Paederia foetida), পদিনা(Mentha arvensis), আমলখি(Emblica officinalis), শিলিখা(Terminalia chebula), বৰ মানিমুনি(Centelle asiatica), মানধনিয়া(Eryngium foetidum), কাঠআলু(Discorea alate) ইত্যাদি।

বনৌষধিৰে কৰা চিকিৎসাৰ গুৰুত্ব অপৰিসীম -

ভাৰতৰ দৰে অনুন্নত দেশৰ গৰিষ্ঠ সংখ্যক মানুহে আধুনিক শল্য চিকিৎসাতকৈ বনৌষধিৰ ওপৰতহে বেছি গুৰুত্ব দি আহিছে। ইয়াৰ অন্যতম কাৰণ হ’ল শল্য চিকিৎসাত ব্যৱহৃত দৰববোৰৰ আকাশলংঘী দাম, যিটো জনসাধাৰণে সহজতে ঢুকি পোৱাৰ বাহিৰত। ইয়াৰ বিপৰীতে বনৌষধিবোৰ আমাৰ ঘৰৰ চাৰিওফালে সহজতে পোৱা যায়, ব্যৱহাৰৰ বাবে অধিক নিৰাপদ, উপকাৰিতা গুণ বেছি, কম খৰচী আৰু কোনো ঋণাত্মক পাৰ্শ্বক্ৰিয়া নাই। বিশ্ব স্বাস্থ্য সংস্থাই(World Health Organization) অনুন্নত দেশবোৰত বিভিন্ন ৰোগৰ চিকিৎসাত বনৌষধিবোৰৰ ওপৰত গুৰুত্ব দিছে। আনকি এই সংস্থাই ভাৰতত পোৱা দুষ্প্ৰাপ্য বনৌষধি, গছ-লতা সংগ্ৰহ কৰি ইয়াৰ বিষয়ে গৱেষণা চলোৱাৰ বাবেও উৎসাহ যোগাই আহিছে। কিয়নো ইয়াৰ পৰম্পৰাগত আৰু আধুনিক চিকিৎসা পদ্ধতিত লতাজাতীয় বনৌসধিবোৰ আৰু অধিক বিজ্ঞানসন্মতভাৱে ব্যৱহাৰ কৰিব পৰা যায়।এই দিশত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে দেশৰ নানা প্ৰান্তত বনৌষধিবোৰৰ বিষয়ে গৱেষনা চলোৱাৰ বাবে উদ্যোগ হাতত লৈছে। এই মন্ত্ৰ্যালয়ে আনকি ৪৫ বিধ ঔষধি দৰব প্ৰস্তুত কৰিব পৰা যায়। কিন্তু পৰিতাপৰ বিষয় যে মানুহৰ অবিবেচকী কৰ্ম আৰু বিস্তৃত পৰিসৰত হাবি-বননিৰ পৰা বনৌষধিবোৰ আহৰ্ণ কৰাৰ পৰিণতিত ইতিমধ্যে অসমৰ হাবিৰ পৰা বহুতো অৰ্থনৈতিকভাৱে মূল্যৱান ঔষধি গছ বিলুপ্ত হৈছে। সেয়েহে দৰব প্ৰস্তুতকৰণ উদ্যোগৰ চাহিদা পুৰাবলৈ, লগতে লুপ্তপ্ৰায় বনৌষধিবোৰৰ সংৰক্ষণৰ স্বাৰ্থতেই ভি ভিন ঔসধি গছৰ ৰোপণ অতি আৱশ্যক হৈ পৰিছে। এতিয়া ঔষধি গছ বিলুপ্ত হৈছে। সেয়েহে দৰব প্ৰস্তুতকৰণ উদ্যোগৰ চাহিদা পূৰাবলৈ, লগতে লুপ্তপ্ৰায় বনৌষধিবোৰৰ সংৰক্ষণৰ স্বাৰ্থতেই ভিন ভিন ঔষধি গছৰ ৰোপণ অতি আৱশ্যক হৈ পৰিছে। এতিয়া ঔষধি গছৰ ৰোপণে আমাক কিদৰে লাভাম্বিত কৰে সেয়া থুলমূলভাৱে চোবা যাওক।

১)ঔষধি গছবোৰ দৰবৰ বিশুদ্ধতা ৰক্ষা কৰাত সহায় কৰে।

২)বৃহৎ পৰীক্ষামূলক ফাৰ্মত পৰিকল্পিতভাৱে ৰোঅপণ কৰিলে ইয়াৰ সংৰক্ষনত যথেষ্ট পৰিমাণে সুবিধা হয়।

৩)ৰোপণৰ সময়ত যিহেতু জৈৱ আৰু অজৈৱ কাৰকসমূহ নিয়ন্ত্ৰণ কৰা হয়, ফলত ই দৰবৰ বিশুধতা বৃদ্ধি কৰাত অৰিহণা যোগায়।

৪)পৰ্যাপ্ত পৰিমাণৰ ঔষধি গছ ৰোপণৰ দ্বাৰা দ্ৰব প্ৰস্তুতকৰণৰ বাবে আৱশ্যকীয় কেঁচা সামগ্ৰীৰ চাহিদা পূৰাব পৰা যায়।

নিৰ্বাচনযোগ্য বনৌষধিবোৰ -

উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ু বনৌষধিবোৰৰ শ্ৰীবৃদ্ধি আৰু বিকাশৰ বাবে অনুকূল। সেয়েহে ইয়াক বিজ্ঞানসন্মতভাৱে ৰোপণ কৰি দেশীয় বনৌষধি উদ্যোগৰ চাহিদা পূৰণ কৰাৰ লগতে বিদেশলৈ ৰপ্তানি কৰি ঔদ্যোগিক মুদ্ৰা উপাৰ্জন কৰিব পৰা যাব। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ ভৌগোলিক অৱস্থান আৰু জলবায়ু অতি উপযোগী, গতিকে ইয়াত ব্যৱসায়িক ভিত্তিত ঔষধি গছ ৰোপণ কৰি অন্য ৰাজ্যসমূহৰ বাবে এক ভাল উদাহৰণ দেখুওৱাব পৰা যায়। কিন্তু ইমানবোৰ ঔষধি গছৰ পৰা কেনেধৰণৰ গছ ৰোপণৰ বাবে নিৰ্বাচন কৰা হ’ব ই এক বৰ জটিল সমস্যাৰূপে দেখা দিয়ে। সেয়েহে ৰোপণৰ আগতে ৰোপণকাৰীয়ে গছ নিৰ্বাচনৰ বেলিকা তলত দিয়া চৰ্তসমূহ মনত ৰখা অতি দৰকাৰ।

১)সেইবোৰ গছহে নিৰ্বাচন কৰিব লাগে, যিবোৰ ইতিমধ্যে লুপ্ত হৈছে বা বিলুপ্তিৰ ক্ষণ গণি আছে।

২)বছৰৰ পাছত বছৰ ধৰি যিবোৰ বনৌষধি মানুহে ব্যৱহাৰ কৰি আহিছে।

৩)যিবোৰ ঔসধি গছৰ উৎপাদিত সামগ্ৰীৰ মূল্য তুলনামূলকভাৱে বেছি।

৪)যিবোৰ বনৌষধিৰ উৎপাদন খৰচ কম।

৫)ঔষধি গুণ বেছি আৰু

৬)উৎপাদিত বনৌষধি দ্ৰব্যবোৰ যাতে অনায়াসে বিক্ৰী কৰিব পৰা যায় তাৰ বাবেগ অতি কমেও পাঁচ বছৰৰ বাবে ক্ৰেতাৰ সৈতে প্ৰত্যক্ষ যোগাযোগ কৰিব লাগিব।

প্ৰচলিত শস্যতকৈ বনৌষধিবোৰ কিয় অধিক লাভজনক:

প্ৰচলিত শস্যতকৈ বনৌষধিবোৰ অতি সুবিধাজনক তথা লাভজনক, কিয়নো-

*প্ৰচলিত শস্যতকৈ বনৌষধিৰ খেতিয়ে অধিক উপাৰ্জন দিয়ে।

*বনৌষধিৰ ৰপ্তানি চাহিদা বেছি।

*বজাৰ মূল্য অধিক।

*পৰিসফূটিত(processed) বা অৰ্ধপৰিসফূত(Semi-processed) অৱস্থাত বনৌষধিবোৰ সহজতে ক্ষয়িষ্ণু নহয়।

*খৰাংসদৃশ পৰিস্থিতি সহনীয়, জীৱ-জন্তুৱে সহজতে নাখায়।

*ৰোগ আৰু পোক-পৰুৱাৰ আক্ৰমণ অতি কম।

*প্ৰচলিত শস্যৰ সৈতে অন্তৰ্ৱতী শস্য(Intercrop) হিচাপে বনৌষধিৰ খেতি কৰিব পৰা যায়। পতিত মাটিত সহজতে খেতি কৰিব পৰা যায়।

*বনৌষধভিত্তিক উদ্যোগ স্থাপনৰ প্ৰচুৰ সম্ভাৱনা।

গ্ৰামাঞ্চলত বনৌষধিৰ খেতিৰ সম্ভাৱনা -

উত্তৰ-পূৰ্বাঞ্চলৰ গাঁৱৰ খেতিয়কসকলে জীৱনধাৰণৰ বাবে প্ৰধানকৈ ধান, ঘেঁহু, মাকৈ আৰু শাক-পাচলিৰ খেতি কৰি আহিছে। তেওঁলোকে প্ৰাকৃতিকভাৱে উৎপন্ন গছ-গছনি, জীৱ-জন্তু যেনে- গাহৰি পালন, কুকুৰা পালন আৰু কেতিয়াবা মৎস্য পালনো কৰে।

কিন্তু কোনেও বনৌষধি খেতি কৰি জীৱন নিৰ্বাহ কৰাত আগ্ৰহী নহয়। কিন্তু ভাৰতৰ অন্যান্য ৰাজ্য, যেনে- অন্ধ্ৰপ্ৰদেশ, উত্তৰ-প্ৰদেশ, মধ্য প্ৰদেশ, উত্তৰাখণ্ড আৰু তামিলনাডুত বহুতো ডাঙৰ ডাঙৰ বনৌষধিৰ খেতিয়ক ওলাইছে। তেওঁলোকে মূলতঃ শিৰিষ(Albizia lebek), চ’ফেদ মুচলি(Chiorophytum borivilianum), ছালকুঁৱৰী(Aleo vera), ভোট এৰা(Jatrapha cureus), অশ্বগন্ধা(Withania somnifera), এৰা(Ricinus communis), শিমলু আলু(Manihat esculenta), অৰ্জুন(Terminalia arjuna) ইত্যাদিৰ খেতি কৰিবলৈ লৈছে।

কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰত ঔষধ সম্বন্ধীয় উদ্যোগৰ বাবে সম্পূৰ্ণৰূপে প্ৰাকৃতিকভাৱে উৎপন্ন আছে, তথাপি এই অঞ্চলত অদ্যপি কোনো বনৌষধি উদ্যোগ তথা প্ৰচেছিং গোট গঢ়ি উঠা নাই। বিভিন্ন ৰোগৰ দৰবপাতি আন আন ৰাজ্যৰ পৰাহে কিনিবলগা হয়।

সমগ্ৰ বিশ্বত এতিয়ালৈকে যিমানবোৰ বনৌষধি জনা গৈছে তাৰ কেৱল ১০ শতাংশৰহে প্ৰজননৰ বিষয়ে তথ্য আছে আৰু ১ শতাংশৰহে কৃষি পদ্ধতি উদ্ভাৱিত হৈছে। ইয়াৰ অৰ্থ এইটো যে এতিয়াও ভিন ভিন বনৌষধিৰ কৃষি প্ৰযুক্তি উদ্ভাৱনৰ বিষয়ে গৱেষণাৰ যথেষ্ট থল আছে। ইয়াৰ উপৰি বনৌষধিৰ বৰ্ধিত চাহিদা পূৰাবলৈব হ’লে ইয়াৰ খেতি কৰাটো অতি আৱশ্যকীয়।

খেতি কৰিলে আমাৰ সৰ্বোৎকৃষ্ট প্ৰজাতিৰ চিনাক্তকৰণত সহায়ক হ’ব, গুণগত মানৰ উন্নতিসাধন কৰিব কৰা যাব আৰু জীনগত গুণৰ বিকাশৰো সম্ভাৱনা বৃদ্ধি পাব। বিস্তৃত পৰিসৰত ভেষজ উদ্ভিদৰ ফাৰ্ম খুলিবলৈ হ’লে ৰোপণ সামগ্ৰী নিৰ্বাচন এটা দৰকাৰী কথা।

সেয়েহে ৰোপণ সামগ্ৰী সদায় উচ্চ গুণমান বিশিষ্ট হ’ব লাগে, ইয়াত থকা সক্ৰিয় পদাৰ্থৰ পৰিমাণ পৰ্যাপ্ত হ’ব লাগে, পোক-পৰুৱাৰ আক্ৰমণ আৰু ৰোগৰ জীৱাণুমুক্ত হ’ব লাগে আৰু পৰিৱেশৰ সৈতে খাপ খাব লাগে।

উত্তৰ-পূৰ্বাঞ্চলত এনেয়ে পৰি থকা বিস্তৃত পতিত মাটিৰ অনায়াসে ঔষধি উদ্ভিদ ৰোপণ কৰিব পাৰি। বৰ্ধিত চাহিদা থকা বনৌষধিৰ ৰোপণে গ্ৰামাঞ্চলৰ লোকৰ আৰ্থিক উন্নতি সাধন কৰাই নহয়, তলত উল্লিখিত সমস্যাবোৰৰ সমিধানো দিয়ে।

১)আৰ্থিক লাভালাভৰ বাবে এনেয়ে পৰি থকা পতিত মাটিৰ ব্যৱহাৰ।

২)বৰ্ধিত নিবনুৱা সমস্যা কিছু পৰিমাণে লাঘৱ হ’ব।

৩)আয়ৰ এক উত্তম উৎস।

৪)বনৌষধি উদ্যোগৰ বাবে কেঁচামালৰ যোগান।

৫)পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰ্যৰ মাজত সন্তুলন(banalce) বজাই ৰখা।

৬)দ্বৈত কৃষি পদ্ধতি- বনৌষধি আৰু অন্যান্য শস্য, যেনে- মাকৈ, কণিধান আৰু শাক-পাচলিৰ খেতি একেলগে কৰা ইত্যাদি।

বনৌষধিৰ বৰ্ধিত চাহিদা -

বিশ্ব স্বাস্থ্য সংস্থাই সম্প্ৰতি বিশ্বত বনৌষধিৰ চাহিদা ১৪ বিলিয়ন মাৰ্কিন ডলাৰ বুলি ঠাৱৰ কৰিছে। আনহাতে বনৌষধিজনিত কেঁচামালৰ চাহিদা বৃদ্ধি পাইছে বছৰি শতকৰা ১৫ৰ পৰা ২৫ ভাগ। আকৌ এটা সমীক্ষাত বিশ্ব স্বাস্থ্য সংস্থাই ২০৫০ চনত বনৌষধিৰ চাহিদা ৫ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ হ’বগৈ বুলি নিৰ্ণয় কৰিছে। ঔষধযুক্ত গছৰ বাণিজ্যিক বাৰ্ষিক ব্যৱসায়ৰ পৰিমাণ প্ৰায় ১ বিলিয়ন মাৰ্কিন ডলাৰ। আন এটা সমীক্ষা অনুসৰি বিগত দুটা বিত্তীয় বৰ্সত(২০০১-২০০২ আৰু ২০০২-২০০৩) ভাৰতৰ আয়ুৰ্বেদিক সামগ্ৰীৰ উৎপাদন তিনিগুণলৈ বৃদ্ধি পায়।

বনৌষধি ক্ষেত্ৰত বিকাশৰ বাবে প্ৰয়োজনীয় অনুমোদনাৱলী -

বনৌষধি ক্ষেত্ৰৰ বিকাশৰ বাবে বনৌষধিৰ সংগ্ৰহ, মজুতকৰণ, বনৌষধি দ্ৰব্যৰ প্ৰস্তুতকৰণ আৰু বিপণনৰ মাজত সমন্বয় সাধন কৰিব লাগিব। বনৌষধি ক্ষেত্ৰখনৰ বিকাশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰাথমিক স্তৰটোৱে হ’ল বনৌষধিৰ প্ৰজাতি নিৰ্বাচন। প্ৰজাতি এটা ৰোপণ কৰিবলৈ হ’লে সি আৰ্থিকভাৱে উপযুক্ত হ’বই লাগিব। যিবোৰ প্ৰজাতি ইতিমধ্যে লুপ্ত হৈছে বা বিলুপ্তিৰ পথত তেনেকুৱা প্ৰজাতিহে ৰোপণৰ বাবে ল’ব লাগে। কিয়নো এনেকুৱা বনৌষধিৰ প্ৰজাতি অতি খৰচী, চাহিদা বেছি আৰু যোগান কম। যিবোৰ প্ৰজাতি ইতিমধ্যে লুপ্ত বা বিলুপ্তিৰ পথত তেনেকুৱা প্ৰজাতিহে ৰোপণৰ বাবে ল’ব লাগে। কিয়নো এনেকুৱা বনৌষধিৰ প্ৰজাতি অতি খৰচী, চাহিদা বেছি আৰু যোগান কম। যিবোৰ প্ৰজাতি হাবি-বননিত পৰ্যাপ্ত পৰিমাণে আৰু সহজতে সংগ্ৰহ কৰিব পাৰি তেনেবোৰ প্ৰজাতিৰ খেতি কৰিলে আৰ্থিকভাৱে ফলপ্ৰসূ নহ’ব। হাবিত সংখ্যাগতভাৱে কমকৈ পোৱা প্ৰজাতিবোৰৰ খেতিহে বিস্তৃত পৰিসৰত কৰা উচিত।

বনৌষধি ক্ষেত্ৰখনৰ বিকাশৰ বাবে দৰকাৰী কথাবোৰ হ’ল -

১)বনৌষধিৰ থলুৱা ব্যৱহাৰৰ ওপৰত দস্তাবেজ প্ৰস্তুত কৰা।

২)গুণাগুণ নিয়ন্ত্ৰণৰ বাবে কেঁচামালৰ প্ৰত্যায়িত কৰা।

৩)মূল্যৱান বনৌষধিবোৰৰ বাবে কৃষি প্ৰণালীৰ বিকাশ  আৰু উন্নীতকৰণ।

৪)শস্য চপোৱা আৰু প্ৰচেছিং পদ্ধতিৰ ওপৰত নিয়মীয়াকৈ গৱেষণা আৰু প্ৰশিক্ষণৰ আয়োজন কৰা।

৫)বিভিন্ন ৰোগৰ জীৱাণুৰ অনুসন্ধান কৰা।

৬)বনৌষধিৰ ফাৰ্ম আৰু বিপণনৰ ক্ষেত্ৰত সমূহীয়াভাৱে ব্যৱস্থা কৰা।

৭)স্থানীয় লোকৰ সহযোগত ভেষজ উদ্ভিদৰ অৱস্থা সম্বন্ধে পৰ্যবেক্ষণ আৰু মূল্যাংকন কৰা আৰু

৮)বিৰল প্ৰজাতিসমূহৰ বাসস্থানসমূহ সংৰক্ষণ কৰা ইত্যাদি।

বনৌষধিৰ সংৰক্ষণ কৌশল -

উত্তৰ-পূৰ্বাঞ্চলৰ হাবিৰ পৰা বহুতো বনৌষধিৰ প্ৰজাতি লুপ্ত হৈ গৈছে। সেয়েহে যিবোৰ গছ এতিয়াও লুপ্ত হোৱা নাই সেইবোৰ সংৰক্ষণৰ বাবে কৰ্মপন্থা, আঁচনি আৰু যুগুত কৰিব লাগিব। সংৰক্ষণৰ বাবে তলত উল্লেখ কৰা কৰ্ম আঁচনিসমূহ গ্ৰহণ কৰাটো নিতান্তই দৰকাৰী।

১)বনৌষধিৰ প্ৰজাতিৰ বৈচিত্ৰ্যৰে ভৰপূৰ অঞ্চলবোৰ চিনাক্ত কৰিব লাগিব। যিবোৰ অঞ্চল জিনগতভাৱে অৱক্ষয় হৈছে বা মাত্ৰাধিকভাৱে আহৰণ কৰা হৈছে আৰু যিবোৰ অঞ্চল প্ৰাকৃতিক বা মানৱসৃষ্ট দুৰ্যোগৰ প্ৰতি আসক্ত সেই অঞ্চলসমূহ চিনাক্ত কৰিব লাগিব। এই কামটো কৰিবলৈ হ’লে স্থানীয় মানুহৰ সহায় ল’ব লাগিব যাতে বনৌষধিৰ সম্পূৰ্ণ তালিকা আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে লিপিবদ্ধ কৰিব পৰা যায়।

২)বিৰল আৰু সংকটাপন্ন বনৌষধিৰ বীজ সংৰক্ষণৰ বাবে জিন বেংক আৰু উদ্ভিদ উদ্যান স্থাপন কৰিব লাগিব।

৩)নিৰ্বাচিত বনৌষধিসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্য চিনাক্ত আৰু মূল্যাংকন কৰিব লাগিব।

৪)বনৌষধিৰ মূল্য আৰু গুণাগুণৰ বিষয়ে সৰ্বসাধাৰণ লোকৰ মাজত সজাগতা আনিব লাগিব।

৫)বিলুপ্তি নোহোৱা বনৌষধিবোৰৰ সংৰক্ষণ, সংবৰ্ধন, প্ৰচাৰ আৰু বিস্তাৰণৰ বাবে কৰ্মশালা, প্ৰশিক্ষণ আদিৰ আয়োজন কৰিব লাগিব।

৬)বিজ্ঞানসন্মতভাৱে বিভিন্ন ভেষজ উদ্ভিদৰ খেতি, উদ্যোগ স্থাপনৰ বাবে সৰ্বসাধাৰণ লোকৰ মাজত জনপ্ৰিয় কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

বিলুপ্তপ্ৰায় বা সংকটাপন্ন বনৌষধিবোৰৰ সংৰক্ষণৰ বাবে বিভিন্ন গৱেষনামূলক অনুষ্ঠানবোৰ আগবাঢ়ি আহিব লাগিব। এইক্ষেত্ৰত যোৰহাটত থকা উত্তৰ-পূৰ্বাঞ্চল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা অনুষ্ঠান, চেন্ট্ৰেল ইনষ্টিটিউচন অৱ মেডিচিনেল এণ্ড এৰ’মেটিক প্লান্ট আৰু চেন্ট্ৰেল ড্ৰাগ ৰিচাৰ্ছ ইনষ্টিটিউচন আদি প্ৰতিষ্ঠানবোৰে দুষ্প্ৰাপ্য উদ্ভিদৰ সংৰক্ষণৰ বাবে প্ৰত্যক্ষ ভূমিকা ল’ব পাৰে।

সামৰণি -

উত্তৰ-পূৰ্বাঞ্চলত বহুতো পতিত মাটি আছে যিবোৰ বনৌষধিৰে ভৰপূৰ হৈ আছে। এইবোৰক লৈ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলে বনৌষধিৰ পুলিবাৰী স্থাপন তথা দৰব প্ৰস্তুতকৰণ উদ্যোগ স্থাপন কৰিব পাৰে। বনৌষধি ক্ষেত্ৰখনৰ বিকাশ নিৰ্ভৰ কৰে ঘাইকৈ কৃষকসকলৰ সজাগতা আৰু মনৰ ইচ্ছাশক্তিৰ ওপৰত। তদুপৰি চৰকাৰৰ সহায়-সহযোগ, বজাৰত পৰ্যাপ্ত সুবিধা আৰু বনৌষধিৰ সঠিক কৃষি প্ৰযুক্তিও উপলব্ধ ল’ব লাগিব। পৰিৱেশত ক’ব পাৰি যে এক সফল বনৌষধি উদ্যোগ স্থাপনে গ্ৰামাঞ্চলৰ বহুতো নিবনুৱা যুৱক-যুৱতীৰ বাবে নিয়োগৰ বাট মুকলি কৰিব, বিশ্বৰ সৰ্বত্ৰতে বাণিজ্যিক প্ৰসাৰ হ’ব আৰু লাখ লাখ মানুহৰ স্বাস্থ্যৰ উন্নতি সাধন হ’ব।

তলত ভাৰতৰ শীৰ্ষ ১০ বিধ ব্যৱসায় কৰা ঔষধি উদ্ভিদ, ৭ বিধ ব্যৱসায় কৰা সুগন্ধি উদ্ভিদ আৰু ৰোপণৰ বাবে অনুমোদিত বনৌষধিৰ নাম দিয়া হ’ল।

তালিকা ১: ভাৰতৰ শীৰ্ষ ১০ বিধ ব্যৱসায় কৰা ঔষধি উদ্ভিদ:

 

ক্ৰঃ নং

অসমীয়া নাম

বৈজ্ঞানিক নাম

১)

আমলখি

Emblica officinalis

২)

শতমূল

Asparagus racemesus

৩)

অশ্বগন্ধা

Withania somnifera

৪)

আশোক

Saraca asoka

৫)

বেল

Aegle marmelos

৬)

অৰ্জুন

Terminalia arjuna

৭)

বাহক

Adhatoda Vasica

৮)

পিপলি

Piper longum

৯)

ব্ৰাহ্মী

Bacopa monnieri

১০)

শিলিখা

Terminalia chebula

 

তালিকা ২: ভাৰতৰ শীৰ্ষ ৭ বিধ ব্যৱসায় কৰা সুগন্ধি উদ্ভিদ:

 

ক্ৰঃ নং

অসমীয়া নাম

বৈজ্ঞানিক নাম

১)

অগৰু

Aquilaria agallocha

২)

পাচাউলি

Pogostemon cablin

৩)

পদিনা

Mentha arvensis

৪)

সুগন্ধি বিৰিণা

Vetiveria zizanoides

৫)

চিত্ৰনলা

Cymbopogon winterianus

৬)

বগা চন্দন

Santalum album

৭)

সুগন্ধী মন্ত্ৰী

Homalomena aromatica

 

তালিকা ৩: ৰোপণৰ বাবে অনুমোদিত বনৌষধিৰ নাম(বন্ধনীৰ ভিতৰত গোত্ৰৰ নাম দিয়া হৈছে):

 

বনৌষধিৰ নাম(১)

স্থানীয় নাম(২)

ব্যৱহৃত অংশ(৩)

ব্যৱহাৰ বা ঔষধি গুণ(৪)

১)এজেলী মাৰমেলচ(ৰুতেচি)

বেল

পাত

পাতৰ ৰস খালে পানী লগা জ্বৰ প্ৰশমিত হয়

শিপা

ফল

শিপাৰ ছালৰ ৰস খালে বমি আৰু শৌচ বন্ধ হয়। কেঁচা বেল পুৰি শাহটো দৈৰ সৈতে মিহলাই খালে অৰ্শৰ তেজ পৰা বন্ধ হয়।

২)এন্দ্ৰোগ্ৰাফিচ পেনিকুলেতা(একানথেচি)

কালমেঘ

গা-গছ

এবিধ তিতাযুক্ত শক্তিবৰ্ধক বনৌষধ। ৰক্তাতিসাৰ, গ্ৰহণী, অজীৰ্ণ, পিণ্ডশূল আদি ৰোগৰ প্ৰশমনত শতমূলৰ ৰস ব্যৱহাৰ কৰা হয়।

৩)এছপাৰাগাছ ৰেচিম’ছাছ(লিলিয়েচি)

শতমূল

শিপা

এবিধ পুষ্টিদায়ক আৰু শক্তিবদ্ধক বনৌষধ। ৰক্তাতিসাৰ, গ্ৰহণী, অজীৰ্ণ, পিণ্ডশূল আদি ৰোগৰ প্ৰশমনত শতমূলৰ ৰস ব্যৱহাৰ কৰা হয়।

৪)এধোতোদা ভেচিকা

বাহক

পাত

পানী লগাত ইয়াক ব্যৱহাৰ কৰা হয়।

৫)এজাদিডেক্টা ইন্দিকা(মেলিয়েচি)

নিম

পাত

নিমগছৰ পাত গৰম পানীত উতলাই সেই দ্ৰৱণ পাচলি বলদ্বাৰক হিচাপে ব্যৱহাৰ কৰিলে হৃদৰোগৰ পৰা হাত সাৰিব পাৰি। ইয়াক সহজতে সমন্বিত কী-পতংগ পৰিচালনা আঁচনিত ব্যৱহাৰ কৰিব পাৰি।

৬)এক’ৰাছ কেলামাছ(এৰেছি)

বচ

পাত

বচৰ তেল বাতৰোগ আৰু মাংসপেশী প্ৰদানত ব্যৱহাৰ হয়।

৭)ব্ৰায়’ফাইলাম পিন্নেটাম

পাতেগজা

পাত

বৃক্কৰ অপসাৰণ কৰে।

৮)চিনাম’মাম তাম’লা(লৌৰেচি)

তেজপাত

পাত

এবিধ সুগন্ধিযুক্ত মছলা। পেটৰ অসুখ, উত্তেজক হিচাপে ব্যৱহৃত হয়। ইয়াৰ গুটিৰ তেল বাতবিষ আৰোগ্যৰ বাবে ব্যৱহৃত হয়।

৯)হলাৰহেনা এন্টিদিচেনন্ট্ৰিকা(এপ’চাইনেচি)

দুদখৰি

বাকলি

ক্ৰিমি নাশ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

১০)মাইমোচপছ ইলেংগি

বকুল

গা-গছ

দাতৰ বিষ আৰু পাইওৰিয়াত ব্যৱহৃত হয়।

১১)মৰিংগা অ’লিফেৰা(মোৰংগাচি)

চজিনা

পাত

ক্ৰিমিনাশক, কামোৎপাদক আৰু চকুৰ ৰোগত ব্যৱহাৰ কৰা হয়।

১২)মেচুৱা ফেৰি(অ’লিফেৰি)

নাহৰ

ফুল

তেজকোষ আৰু গ্ৰন্থিবোৰ সংকুচিত কৰাত সহায় কৰে।

১৩)মুৰাইয়া কিংগি

নৰসিংহ

পাত

তেজবৰ্ধক আৰু ছালৰ বিভিন্ন ৰোগৰ ব্যৱহাৰ কৰা হয়।

১৪)ওচিনাম চেংক্টাম(হেৰিয়েটি)

তুলসী

গা-গছ

তুলসীৰ ৰস নানা অসুখ, যেনে- কাণৰ অসুখ কটা ঘাঁ আদিত ব্যৱহাৰ কৰিলে আৰোগ্য হয়। পানীলগা জ্বৰ, এজমা আদি প্ৰশমিত কৰাত সহায় কৰে।

১৫)অৰ’ক্সিলাম ইন্দিকাম(বিপ্ল’নিয়েচি)

ভাতঘিলা

শিপা আৰু বাকলি

ইয়াৰ শিপা আৰু বাকলিৰ ৰস টনিক, যৌন উত্তেজনা প্ৰশমন আৰু জ্বৰ কমাবলৈ ব্যৱহাৰ কৰা হয়।

১৬)পেডেৰিয়া ফোয়েটিডা(ৰুবিয়েচি)

ভেদাইলতা

পাত

গ্ৰহণী ৰোগ আৰোগ্যৰ বাবে ব্যৱহৃত হয়।

১৭)তাৰমিনেলিয়া চেবুলা(কম্ৰিটেচি)

শিলিখা

গা-গছ

ই শক্তিদায়ক আৰু জমা হৈ থকা কফ গলাই বাহিৰ কৰাত সহায় কৰে।

১৮)টিনচপৰা কৰ্দিফলিয়া(মেনিচ পাৰ্মাচি)

শগুণিলতা

গা-গছ

গ্ৰহণী আদি ৰোগত শগুণিলতা গছৰ ৰস খালে ভাল ফল পোৱা যায়।

১৯)ভিতেক্স নেগুন্দা পচতিয়া(ভাৰবেনেচি)

পচতিয়া

গা-গছ

পেটৰ বিভিন্ন ৰোগ, যেনে- গ্ৰহণী, বদহজম আদি ৰোগত ইয়াৰ পাত ভাজি খালে সুফল পোৱা যায়। চুলিৰ বৰ্ধন আৰু দাঁতৰ বিষ আদি নিৰাময়তো ই অমৃতৰ সমান কাম কৰে। পচতিয়াৰ শুকান পাতৰ ধোঁৱা ল’লে মূৰৰ বিষ আৰু কাহৰ উপশম হয়।

২০)কেলামছ ৰতং(পালমি)

বেতগছ

বেতগজালি

বেতৰগাজ কেচুঁমুৰিয়া ৰোগত ব্যৱহাৰ কৰা হয়।

 

লেখক: পিংকুধৰ বৰ্মন

উৎস: আধুনিক কৃষিকথা(শস্য ব্যৱস্থাপনা)

2.97142857143
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top